বীৰবলৰ ঘৰলৈ এদিন এজন মানুহ আহিল। মানুহজন বীৰবলৰ চিনাকি। মানুহজনে বীৰবলক জনালে যে সি বৰ বিপদত পৰিছে। এহেজাৰ টকাৰ খুব দৰকাৰ। সেইবাবে সি বীৰবলৰ পৰা এহেজাৰ টকা ধাৰলৈ বিচাৰিলে। এমাহৰ পিছত টকাখিনি পৰিশােধ কৰিব বুলিও কথা দিলে। মানুহজনৰ অনুৰােধ ৰক্ষা কৰি বীৰবলে এহেজাৰ টকা ধাৰলৈ দিলে। টকাখিনি লৈ মানুহজন আনন্দমনেৰে গুচি গ’ল।
তাৰপিছত এমাহ সময় উকলি গ’ল। মানুহজনে টকা ওভটাই নিদিলে। বীৰবলে ভাবিলে, বােধহয় মানুহজনৰ অভাবৰ অন্ত পৰা নাই। সেয়ে টকাখিনি ঘূৰাই দিব পৰা নাই।
দুই মাহ পাৰ হ’ল। মানুহজনে টকা ঘূৰাই দিব বুলি বাট চাই থাকোতে তিনি মাহাে পাৰ হ’ল। ইফালে বীৰবলৰ টকাৰ প্রয়ােজন হ’ল। সেইবাবে এদিন বীৰবল গৈ সেই মানুহজনৰ ঘৰত উপস্থিত হ’ল। মানুহজন ঘৰতে আছিল। বীৰবলক বৰ আদৰ সাদৰ কৰি মানুহজনে ক’লে– “আপােনাৰ টকা মই পৰিশােধ কৰিব নােৱাৰি লাজ পাইছাে। আপােনাক মােৰ মুখ দেখুৱাবলৈ বেয়া পােৱা কাৰণেই ইমানদিন আপােনাৰ তালৈ যােৱা নাছিলাে। বেয়া নাপাব। অহা মাহত মই টকা ঘূৰাই দিমেই। আপুনি আহিব নালাগে। মই নিজে গৈ আপােনাক ঘৰতে দি আহিম।”
বীৰবলে কবলৈ একো বাট নাথাকিল। খালীহাতে ঘৰলৈ ফিৰি আহিল। তাৰপিছত আকৌ এমাহ দুমাহকৈ তিনিমাহ পাৰ হ’ল। মানুহজন আহি টকা পৰিশােধ নকৰাত বীৰবল নিজেই মানুহজনৰ ঘৰলৈ গ’ল। কিন্তু দুৱাৰত টোকৰ মাৰােতেই এজনী ছােৱালী ওলাই আহি ক’লে– “দেউতা ঘৰত নাই, বজাৰলৈ গৈছে। ঘূৰি আহােতে পলম হ’ব।”
সাতদিনমান পিছত বীৰবল আকৌ মানুহজনৰ ঘৰলৈ গ’ল। এইবাৰাে সেই ছােৱালীজনীয়ে একে কথাই ক’লে। বীৰবল আকৌ খালী হাতে ওভটি আহিব লগা হ’ল। বীৰবলে তেতিয়া বুজিলে যে মানুহজনে টকা ওভটাই দিয়াৰ কোনাে লক্ষণ নাই। কিন্তু এহেজাৰ টকা! আদায় নকৰাকৈ এৰি দিব নােৱাৰি। সেইবাবে বীৰবলে এটা বুদ্ধি কৰিলে।
এদিন বীৰবলে ভেশচন ধৰি হাতত এটা জ্বলন্ত লেম লৈ দিনৰ পােহৰত মানুহজনৰ ঘৰৰ সমুখত হেৰােৱা বস্তু বিচৰাৰ দৰে পথত কিবা বিচাৰিবলৈ ধৰিলে। অচিনাকি মানুহজনৰ অদ্ভুত কাণ্ড দেখি ঘৰৰ ভিতৰৰ পৰা ধৰুৱা মানুহজন ওলাই আহি সুধিলে- “হেৰি, তােমাৰ মূৰৰ কিবা গণ্ডগােল আছে নেকি? দিনৰ পােহৰত লেম জ্বলাই কি বিচাৰি ফুৰিছা?”
বীৰবলে উত্তৰ দিলে– “বিচৰা বস্তুটো পালাে।”
“কি বিচাৰিছিল আৰু পালে কি?”
“মই এজন মানুহ বিচাৰিছিলাে। মানুহজন বাহিৰৰ পৰা দেখাত অতি ভাল, সৎ। কিন্তু ভিতৰি অসৎ। কথাৰ কোনো মূল্য নাই। কথা দি কথা নাৰাখে। টকা ধাৰলৈ লৈ পৰিশােধ নকৰে। সেই মানুহজনক বিচাৰি পাই গলোঁ।”
“ক’তা, মানুহজন ক’ত? মােৰ বাহিৰে দেখােন ইয়াত এতিয়া কোনাে নাই।”
“আপুনিয়ে সেইজন মানুহ। মুখা পিন্ধা ভদ্ৰলোক। পৰিশোধ কৰাৰ মতলব নাই যেতিয়া ধাৰ লৈছিল কিয়? এতিয়াই মােৰ টকা মােক ওভটাই দিয়ক।”
ইতিমধ্যে ইটো সিটোকৈ মানুহ আহি জমা হ’ল। বীৰবলে সকলােকে ঘটনাটো বুজাই কৈ নকল বেশ খুলি পেলালে। বীৰবলক সকলােৱে চিনি পালে বাধ্য হৈ মানুহজনে বীৰবলক টকা ঘূৰাই দিলে।