সম্রাট আকবৰ আছিল মহান। তেওঁৰ ৰাজ্যত সাধাৰণ দুখীয়া প্ৰজাসকলেও সুখ শান্তিৰে থকাটো তেওঁ কামনা কৰিছিল। মন্ত্রী আৰু চোৰাংচোৱা সকলে দিয়া খবৰকে তেওঁ সদায় সঁচা বুলি মানিবলৈ টান পাইছিল। সেইবাবে প্ৰজাসকলৰ সুখ-দুখৰ কথা জানিবলৈ তেওঁ প্রায়ে ৰাজ্যত অকলশৰে ভেশচন কৰি ঘূৰি ফুৰিছিল। আকবৰে ৰজা হৈ ৰাজ্যত এইদৰে অকলশৰে ঘূৰি ফুৰা কথাটো বীৰবলে মুঠেই ভাল পােৱা নাছিল। সেইবাবে আকবৰক সেইদৰে ফুৰিবলৈ বীৰবলে প্রায়ে মানা কৰিছিল। বীৰবলে কৈছিল যে সেইদৰে ফুৰিলে সম্রাট কেতিয়াবা বিপদত পৰিব পাৰে। কিন্তু বীৰবলৰ কথাত আকবৰে কোনােদিনে গুৰুত্ব দিয়া নাছিল। প্ৰায়ে ভেশচন ধৰি ৰাজ্যত ঘূৰি ফুৰিছিল।
এদিনৰ কথা, আকবৰে ভেশচন কৰি অকলশৰে এটা পথেৰে গৈ আছিল। কিছু সময় পথ অতিক্রম কৰাৰ পিছত আকবৰৰ ধাৰণা হ’ল কোনােবাই যেন তেওঁক অনুসৰণ কৰিছে। পাছলৈ ঘূৰি চাই দেখে সঁচাকৈয়ে এজন মানুহ তেওঁৰ পাছে পাছে আহি আছে। মানুহজনৰ মুখত দাড়ি-গােফ। মূৰত এটা টুপি। গাত এটা দীঘল হলৌ চোলা । আকবৰ মানুহজনক দেখি থমকি ৰ’ল। অচিনাকী মানুহজনো সেই ঠাইতে থমকি ৰ’ল। আকবৰ তেতিয়া সেই মানুহজনৰ ওচৰলৈ গৈ ধমকিৰ সুৰত সুধিলে – “তুমি মােৰ পাছে পাছে আহি আছা কিয়? তােমাৰ নাম কি? ক’ত থাকা ? কি কৰা ?”
অচিনাকী মানুহজনে উত্তৰ দিলে –“হেৰি মহাশয়, এই পথত আপুনিয়ে খােজকাঢ়ি যােৱা নাই। আপােনাৰ আগত কোনােবা খােজ কাঢ়ি গৈ আছে। আপােনাৰ পাছত মই, সেয়ে আপুনি আমাৰ দুয়ােৰে মাজত। মই যদি আপােনাৰ পাছে পাছে গৈছোঁ, আপুনি আপােনাৰ আগত এই বাটেৰে যােৱাজনৰ পাছে পাছে গৈ আছে। আৰু মােৰ নাম জানিব খুজিছে? মােৰ নাম এলেহুৱা। মই কোনাে কাম নকৰোঁ। বাটে বাটে ঘূৰি ফুৰোঁ। কোনােবাই কিবা দিলে খাওঁ। নিদিলে উপবাসে থাকোঁ। এইখন দেশত থাকিবলৈ বহুতৰে ঘৰ নাই, মই সেইসকলৰ মাজৰে এজন। আপােনাৰ গােটেই কেইটা প্রশ্নৰ উত্তৰ দিয়া হ’লনে মহাশয় ?”
মানুহজনৰ কথা কোৱাৰ ধৰণ দেখি আকবৰৰ ভীষণ খং উঠিল। চকু পকাই সুধিলে— “মই কোন তুমি জানানে?”
“কোন আৰু হ’ব? এই দেশৰ মােৰ দৰেই এজন নাগৰিক হ’ব।”– মানুহজনে নির্ভয়ে উত্তৰ দিলে।
আকবৰে ক’লে– “নহয়। মই সম্রাট আকবৰ। এতিয়াই মই তােমাক উদ্ধতালিৰ উচিত শিক্ষা দিব পাৰোঁ।”
মানুহজনে হাঁহি হাঁহি ক’লে– “হয় নেকি? অলপ আগতে আপােনাৰ দৰে অন্য মানুহ এজনেও নিজকে বাদছাহ আকবৰ বুলি চিনাকি দিছিল। কিন্তু প্রমাণ দেখুৱাব নােৱাৰিলে। ঠিক আছে, আপুনি যে বাদছাহ তাৰ প্রমাণ কি?”
আকবৰে তেতিয়া জেপৰ পৰা বাদছাহী মােহৰ উলিয়াই মানুহজনক দেখুৱালে। মানুহজনে হঠাৎ অতি কৌশলেৰে আকবৰৰ হাতৰ পৰা মােহৰটো কাঢ়ি দিলে দৌৰ।
আকবৰে ‘চোৰ’, ‘চোৰ” বুলি চিঞৰিবলৈ ধৰিলে। চিঞৰ শুনি আশে পাশে থকা মানুহবােৰ দৌৰি আহিল আৰু মানুহজনক ধৰি পেলালে। মানুহজনে তেতিয়া খং কৰি সকলােকে সুধিলে – “মােক এইদৰে ধৰিছে কিয়? মােৰ দোষ কি?”
আকবৰে ক’লে– “মই বাদছাহ আকবৰ, ভেশচন ধৰি মই আপােনালােকৰ সুখ-দুখ চাবলৈ আহি থাকোঁতে এই মানুহজনে-”
আকবৰক কথা শেষ কৰিব নিদি মানুহজনে ক’লে– “মিছা কথা। আকবৰ বাদছাহ মই। এয়া মােৰ বাদছাহী মােহৰ চাওক।” এইবুলি বাদছাহী মােহৰ দেখুৱাত মানুহবােৰে তাকে আকবৰ বাদছাহ বুলি মানি ললে, চালাম জনালে আৰু প্রকৃত আকবৰক মাৰিবলৈ উদ্যত হ’ল।
তেতিয়া মানুহজনে ক’লে- “নাই, নাই, কোনেও একো অপকাৰ নকৰিব। মই এওঁক মাফ কৰি দিলাে। যােৱা, তুমি এতিয়াই ঘৰলৈ যােৱা। আগলৈ কেতিয়াও মিছা কথা নকবা। নিজকে আকবৰ বাদছাহ বুলি চিনাকি দি বাহাদুৰী কৰি ঘূৰি নুফুৰিবা।”
আকবৰ বুৰ্বক হৈ গ’ল। মনত বৰ দুখ লাগিল। ভাবিলে, বীৰবলৰ কথা নুশুনাৰ বাবেই আজি এই দশা হ’ল। তাকে ভাবি ৰাজপ্রসাদৰ ফালে আগবাঢ়িল।
পিছদিনা বীৰবলে আকবৰক বাদছাহী মােহৰ ওভটাই দি ক’লে– “জাহাপনা, আপােনাক অপমান কৰাৰ শাস্তি মােক দিব পাৰে। মােৰ অনুৰােধ, আজিৰ পৰা অকলে এইদৰে ঘূৰি নুফুৰিব। বিপদ হ’ব পাৰে।”
আকবৰে তেতিয়াহে বুজিব পাৰিলে পথত লগ পােৱা মানুহজন কোন আছিল।
সেই ঘটনাৰ পিছত আকবৰ সাৱধান হ’ল। কোনােদিনে আৰু অকলে ঘূৰি নুফুৰা হ’ল।