মিং চুৰুং জালপং আৰু চেৰ চিং

মিং চুৰুং জালপং আৰু চেৰ চিং দুয়াে প্রথমতে বৰ বন্ধু আছিল। দুয়াে একেলগে কাম-বন, অহা-যােৱা আন কি খােৱা-লােৱাও কৰিছিল। সদায় বন্ধুভাৱ। কাৰো মনত অকণাে মলি নাই। কেৱল মিলা প্রীতি আৰু আনন্দ। দুয়ােৰে মাজত চেনেহৰ জৰীডালৰ বান্ধ টান হৈ পৰিছিল অযাচিতে, অজানিতে। দুয়াে সপােনৰ সৰগ ৰচিবলৈ ইচ্ছা কৰিলে। দুয়াে নলে গলে লগা। গাঁৱৰ ভিতৰত সিহঁতৰ সমান মিল কাৰো নাই। দুয়াে কামিলাও। 

মিং চুৰুং জালপঙৰ এজনী ৰূপহী ভনীয়েক আছিল। তাইৰ নাম থেলু আলুনে। থেলু আলুনে ককায়েকৰ অতি মৰমৰ, অতি চেনেহৰ, চকুৰ মণিৰ নিচিনা আছিল। তাই ককায়েকক সকলাে কামতে সহায় কৰিছিল। সদায় ককায়েকৰ লগত খেতি পথাৰলৈ (আৰা) যায়, আৰু ককায়েকৰ লগত আলু কচু আদি বােৱে। এয়ে সিহঁতৰ কাম। তাকে কৰি সিহঁতে ভাল পায়। 

কোনােবা এটা চমাংকান নাচত ৰূপহী থেলু আলুনে আৰু চেৰচিঙৰ মনৰ মিল হয়। দুয়াে দুয়ােকো ভাল পাবলৈ ধৰিলে। দুয়াে দুয়ােকে জীৱনৰ লগৰী হিচাপে ভাবি ললে। কথা দিলে দুয়াে দুয়ােকে। সিহঁতে কেতিয়াও এৰা-এৰি নহয়। এই কথা গম পাই থেলু আলুনেৰ ককায়েক মিং চুৰুং জালপঙৰ বৰ খং উঠিল। সি হঠাতে তাৰ বন্ধুৰ মৰম প্রীতি পাহৰি চেৰচিঙক এনে কামত প্রবৃত্ত হােৱা কাৰণে হুল চাঁচিবলৈ ধৰিলে। ইয়াতে চেৰচিঙেও দুখ পাই মিং চুৰুং জালপঙক বেয়া চকুৰে চাবলৈ ধৰিলে। এইখিনিতে সিহঁতৰ বহুদিনীয়া বন্ধুত্ব আৰু মৰমৰ ডােল ঢিলা হৈ পৰিল। ইটোৱে সিটোক শত্ৰু বুলি ধৰি দেখিব নােৱৰা হ’ল।

থেলু আলুনে গাভৰু ছােৱালী। ককায়েকে তাইক বিয়া দিবলৈ থিৰ কৰিলে। তেওঁ তাইলৈ আন এজন দৰা বিচাৰিলে। কিন্তু সেই বিয়াত তাই অমত হ’ল। তাই কেৱল চেৰচিঙকহে ভাল পায়। এই কথাত তাইৰ ককায়েকে বৰ বেয়া পালে। সেই কাৰণে সি আৰাত কাম-বন নকৰি মন মাৰি বহি থাকিবলৈ ধৰিলে। পিচত উপায় নেপাই তাৰ বৰ খং উঠিল। ককায়েকৰ খং উঠিলে থেলু আলুনেৰ সদায় ভয় লাগিছিল। গতিকে ককায়েকৰ খং দেখি তাই বৰ ভয় খালে আৰু উপায়ান্তৰ হৈ তাই সেই ৰাতিয়েই ঘৰৰপৰা পলাই গ’ল। গৈ বাটতে তাই এজনী কুকুৰা চৰাই দেখা পালে। ককুৰা চৰাইজনীয়ে তাইক সুধিলে, ‘কলৈ যােৱা আইটি? তেতিয়া তাকে শুনি তাই কলে, ‘ঘৰত মােৰ বিয়া পাতিছে। এই বিয়াত মােৰ মত নাই বুলি জানি ককায়ে খং কৰিছে। গতিকে মই উপায় নেপাই আশ্রয় বিচাৰি পলাই আহিছোঁ। কলৈ যাওঁ কব নােৱাৰোঁ। তাকে শুনি কুকুৰাজনীৰ পুতৌ জন্মিল আৰু নিজৰ ঘৰলৈ তাইক নিব খুজিলে। থেলু আলুনেও কুকুৰাজনীৰ পিচে পিচে খােজ ললে। দুয়াে গৈ গৈ পাহাৰৰ ওপৰত হাবিৰ মাজত কুকুৰাজনীৰ ঘৰ পালে। কুকুৰাজনীয়ে তাইৰ খােৱা-লােৱাৰ দিহা কৰি দিলে। পিচত শুবলৈ পাটী এখন পাৰি দিলে। খাই বৈ থেলু আলুনে পাটীত শুই পৰিল। শুই শুই তাই কুকুৰাজনীৰ লগত কথা পাতিলে। তাই জানিব পাৰিলে যে কুকুৰাজনীও আচলতে মানুহ; তায়াে তাইৰ দৰেই নিজৰ ভালপােৱা জনক নােপােৱাত বেজাৰেৰে ঘূৰি ফুৰি পিচত কুকুৰা চৰাই হৈ থাকিল। কথা পাতি থাকোতেই সিহঁতৰ টোপনি আহিল। 

কুকুৰাজনীয়ে নিজৰ আৰাত খেতি কৰে। তাতে তাইৰ ঘৰ, তাতে থাকে। ৰাতিপুৱা থেলু আলুনেই তাইক তাইৰ কামত সহায় কৰে। তেতিয়াৰ পৰা তায়াে কুকুৰাজনীৰ লগতে থাকিবলৈ ললে। এইদৰে দুয়ো সুখেৰে কাল কটাব ধৰিলে। তাত মানুহৰ কোনাে সাৰ-সুৰ নাই। কোনাে মানুহ তালৈ নেযায়। গতিকে সিহঁতে শান্তিতে দিন কটাবলৈ ধৰিলে। কুকুৰাজনী ৰাতি ৰাতি কৰবালৈ যায়। কিন্তু কলৈ যায় থেলু আলুনে গম নেপায়। 

চেৰ চিং আছিল চফল ডেকা। চেৰ চিং থকা গাঁৱতে মিং চুৰুং জালপঙৰো ঘৰ। ভনীয়েকৰ পলায়নত সি ৰাইজক জনাই দিলে যে তাৰ চেনেহৰ ভনীয়েকক যেয়ে বিচাৰি আনিব পাৰে তাৰে লগতে বিয়া দিব আৰু আনিব নােৱাৰাজনক ৰজাৰ হতুৱাই দণ্ড বিহাব। ভনীয়েকক আনি দিব পাৰিলে বিয়াতো দিবই, লগতে অনেক যৌতুকো দিব। কথাটো ৰাজ্যৰ সকলাে ঠাইতে বিয়পি পৰিল। সকলােৱে থেলু আলুনেৰ ৰূপৰ কথা জানে। বহুত ডেকাই তাইক পাবলৈ হেপাহাে কৰিছিল। গতিকে বহুতাে ডেকা তাইক বিচাৰি ওলাল। কিন্তু কোনেও থেলু আলুনেৰ সম্ভেদ নেপালে। পিছত এই কাৰ্যত চেৰ চিঙেও যােগ দিবলৈ ইচ্ছা কৰিলে। কিন্তু ক’ত বিচাৰি পায়? ইমানবােৰ ডেকাই যেতিয়া বিচাৰি উলিয়াব পৰা নাই সিনাে ক’ত পাৰিব। তথাপি সি এবাৰ চেষ্টা কৰি চাব। কিজানি পায়েই। সি এই কাৰ্যত আগবঢ়াত মিং চুৰুং জালপঙে ভাল নেপালে। তথাপি সি চেৰচিঙৰ চেষ্টাত আপত্তি নকৰিলে। সিও থেলু আলুনেক বিচাৰি গ’ল। 

চেৰচিঙে বাটতে এখন নদী পালে। পাৰ হবলৈ নাও নাই। কিহেৰে পাৰ হব, ভাবি গুণি থাকোতে এটা ঘঁৰিয়ালে আহি কলে, ‘মােক ৰং বং ৰজাৰ ঘৰৰ মন্দিৰৰপৰা ধুনীয়া সােণৰ মাদলীটো আনি দিলেহে পাৰ কৰি দিম।’ নৈখন পাৰ হ’লেহে ৰংবং ৰজাৰ দেশ পােৱা যায়। গতিকে ঘূৰি আহোঁতে মাদলীটো আনি দিব বুলি কোৱাত ঘঁৰিয়ালে তাক তাৰ পিঠিত তুলি পাৰ কৰি দিলে। 

ইয়াৰ পিচত বহু দূৰ যােৱাত, বাটতে শিয়াল এটাই লগ পাই সিহঁতক কলে, এইফালে যাব নােৱাৰ। মই ৰং বং ৰজাৰ পদূলি ৰখীয়া। কিন্তু এটা কথা মই বুজিছো, তােক মই যাবলৈ নিদিয়াটো ভুল হব। গতিকে কথা এটা কওঁ, যদিহে সাপৰ মণি এটা আনি মােক দিব পাৰ, তেনেহ’লে যাব পাৰ। পিছত চেৰ চিঙে শিয়ালক ৰজাৰ মন্দিৰৰ সােণৰ মাদলীটো আনি দিবলৈ খাটিলে। শিয়ালাে মান্তি হ’ল। ঘূৰি আহোঁতে তাক মণিটো দিব বুলি কৈ তাৰপৰা আগ বাঢ়িল। 

ইয়াৰ পিচত সি বহু দূৰ পালেগৈ। এনেকৈ গৈ থাকোতে বাটতে বেলি পৰিল। য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়। চেৰচিঙৰ বেলিকাও একে অৱস্থা। ইমান বাধা পাৰ হৈ অহাতো তাৰ বাধাৰ ওৰ নপৰিল। বাটতে প্রকাণ্ড ফেঁটী সাপ এটাই ফেঁট তুলি থকা দেখিলে। খাওঁ খাওঁ মূর্তি। সাপটোৱে তাক খুটিবলৈ আহিল। অলপ পিচতে সাপটোৱে থমকি ৰৈ খঙৰে কলে, ‘ইয়ালৈ কিয় আহিছ, দেখা নাই এইখন মােৰ ৰাজ্য? ইয়ালৈ কোনাে আহিব নােৱাৰে। অৱশ্যে কথা এটা দিয় যদি, তই মােৰ ৰাজ্যৰ মাজেদি যাব পাৰিবি। মােৰ সৰু ৰাজকোঁৱৰৰ টান নৰিয়া। গতিকে চেং পাহাৰত থকা কুকুৰাজনীৰ আৰাৰ পৰা ৰাজগন্ধা ফুল এপাহ আনি দিব লাগিব। আনি দিব পাৰিলে মােৰ চেনেহৰ মণি আৰু বহুতাে ধন-সােণ দিম। এই কথাত চেৰচিঙে আনি দিব বুলি কথা দিলে। তেতিয়া সাপে তাক বাট এৰি দিলে। 

সি তেতিয়াও ৰােৱা নাই—গৈ আছে, গৈ আছে। তথাপি কলৈ যাব, নিজেই কব নােৱাৰে, মাথোঁ গৈ আছে। কিমান নৈ কিমান হাবি-বন পাৰ হৈ গৈছে, তাৰ লেখ জোখ নাই। গৈ থাকোতে সি দূৰত এটা পাহাৰ দেখিবলৈ পালে। পাহাৰৰ ওপৰত কিবা এটা ঢিমিক ঢামাককৈ জ্বলি আছে। তাকে লক্ষ্য কৰি সি পাহাৰৰ ওচৰ চাপিল। পাহাৰৰ ওচৰ চাপি দেখিলে অটব্য অৰণ্য। চাকিৰ পােহৰ দেখি সি মানুহৰ ঘৰ থকা বুলি অনুমান কৰিলে। গতিকে সি সেইফালে যাবলৈ ধৰিলে। ইমান হাবি যে কুকুৰৰ মূৰ নােসােমােৱা হাবি। হাবিত সি বাট বিচাৰি অকলে ঘূৰ্মুটিয়াই ফুৰিছে। কিছুদূৰ গৈ সি এজনী কুকুৰা দেখিলে। তাৰ পিচত কুকুৰাজনীৰ লগত কথা-বতৰা পাতি তাইৰ লগতে তাইৰ ঘৰলৈ খােজ ললে। ঘৰ পাই কুকুৰা জনীয়ে তাক হাত-ভৰি ধুবলৈ পানী দিলে। পিচত খােৱাৰো দিহা কৰিলে। কুকুৰাজনী বৰ মৰমিয়াল। খােৱা বােৱাৰ পিচত সি লাহেকৈ কথা উলিয়ালে। আগৰপৰা গুৰিলৈকে সকলাে বৃত্তান্ত বিবৰি কলে। অৱশেষত সি তাইৰ আৰাত থকা ৰাজ-গন্ধা ফুল পাহ লাগে বুলিও কলে। তাকে শুনি কুকুৰাজনীয়ে কলে, ‘ফুল পাবি, কিন্তু তাৰ আগতে ফুল ফুলালৈ বাট চাব লাগিব। ই বৰষুণৰ বতৰতহে ফুলে।’ গতিকে সি ৰবলগীয়া হ’ল। বাৰিষা হােৱালৈকে সি কুকুৰাজনীৰ আৰাত থাকিল। 

কুকুৰাজনীৰ ঘৰত ৰূপহী থেলু আলুনেক দেখা পাই সি আনন্দিত হ’ল। সি থেলু আলুনেৰ আগত তাইৰ ককায়েকৰ সকলাে কথা ভাঙি কলে। তায়াে আপােনজনক ওচৰতে পাই বৰ ৰং পালে। পিচত সি তাইক তাৰ লগত আহিবলৈ খাটিলত তাই মান্তি হ’ল। লাহে লাহে দিন শেষ হৈ আহিলে। ফুল ফুলিবৰ হ’ল। ফুল ফুলিল। ফুল ফুলাৰ লগে লগে কুকুৰাজনীয়েও আগৰ ৰূপ সলাই ধুনীয়া এজনী দীপলিপ গাভৰু হ’ল। চেৰচিঙে ফুল ছিঙি ললে আৰু ৰূপহী থেলু আলুনে আৰু ইজনী গাভৰুক লগত লৈ তাৰপৰা উলটিল। 

সি আহি আহি সাপৰ দেশ পালে। তাত সি সাপটোক ফুল পাহ দিলে আৰু সাপে দিয়া সােণৰ মণি আৰু ধন সােণ লগত লৈ পুনৰ আগ বাঢ়িল। পিচত শিয়ালক লগ পাই মণিটো দি তাৰপৰা মাদলীটো লৈ আহিল। শেষত সিহঁতে আগৰ নৈখন পালেহি। সিহঁতক দেখি ঘঁৰিয়ালে ওলাই আহি মাত লগালে, ‘বােলাে মাদলীটো আনিছনে? চেৰ চিঙে কলে সিপাৰ হৈ সি মাদলীটো দিব। তাকে শুনি ঘঁৰিয়ালে সিহঁতক পাৰ কৰি দিলে। পাৰ হৈ নৈৰ পাৰত চেৰচিঙে ঘঁৰিয়ালক মাদলীটো দিয়াত সেই মাদলীৰ পৰশ পাই ঘঁৰিয়াল গুচি সিও মানুহ হ’ল। সিও আজি মুক্তি পালে। পিচত সুন্দৰ গাভৰু জনীয়ে স্বামী বুলি তাক সাৱটি ধৰিলে। সিহঁতো আগেয়ে দুয়াে দুয়ােকে ভাল পাইছিল। দেৱতাৰ শাপত সিহঁত ঘঁৰিয়াল আৰু কুকুৰাৰ ৰূপ ধৰি আছিল। এতিয়া মিলন হ’ল। 

এতিয়া চাৰিও আগ বাঢ়িল। আহি আহি সিহঁত গাঁৱত সােমাল। গাঁৱত খলকনি উঠিল। পিচত থেলু আলুনেৰ আৰু চেৰচিঙৰ বিয়া হৈ গল। দুয়াে বৰ সুখেৰে কাল যাপন কৰিলে। থেলু আলুনেৰ ককায়েক মিং চুৰুং জালপঙো সুখী হ’ল। সি তেতিয়া ভনীয়েকক আকৌ হিয়া উবুৰিয়াই মৰম চেনেহ কৰিবলৈ ধৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top