গঠন-শক্তি

প্ৰতিৰোধ-শক্তি যেনেকৈ বাহিৰৰ আততায়ীৰ পৰা চৰিত্ৰ-মন্দিৰ ৰক্ষাৰ নিমিত্তে আৱশ্যকীয়, ভিতৰৰ মন্দিৰত সেইদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি তাক সজীৱ-সবল কৰি ৰাখিবলৈ constructiveness নিৰ্মাণ বা গঠন-শক্তি আৱশ্যক৷ বাহিৰৰ বিপৰীত ধৰ্মাৱলম্বী পদাৰ্থ ভিতৰলৈ সোমাব নিদিয়াকৈ জানিবা ভিতৰখন ৰাখিলা, কিন্তু সিতো খালি নাথাকে, nature abhors a vacuum অৰ্থাৎ প্ৰকৃতিত অৰ্থাৎ সৃষ্টিত কোনো ঠাই খালি থকা নিয়ম নাই৷ তুমি যদি তোমাৰ মাল-গুদামত বাহিৰৰ বস্তু নুসুমুৱাই তাক খালি কৰি পেলাই থোৱা, তেন্তে ভিতৰত সি ভেঁকুৰা লাগি পচা গোন্ধ-ভাপ আৰু কাঠফুলা জেকনিৰে লাহে লাহে পুৰ হৈ উঠিব, সেইদেখি তাক ভাল, সজ বস্তুৰে পুৰাব লাগিব৷ সজ-চিন্তা, সজ-স্বভাৱ, সজ-কাৰ্যৰ সমল প্ৰস্তুত কৰি সেইবাবে তোমাৰ চৰিত্ৰ-মন্দিৰৰ ভিতৰখন পুৰাই থ’বা৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top