ওখ-আদৰ্শ

চৰিত্ৰ-মন্দিৰৰ আন এটা উপাদান ওখ-আদৰ্শ৷ ওখ-আদৰ্শ মনত লৈ সংসাৰত বাট বুলিলে তুমিও ওখ হ’বা৷ ক্ষুদ্ৰ আদৰ্শ বা আদৰ্শ বিহীন হৈ চলিলে তোমাৰ উন্নতি মৰুভূমিত পানী বিচৰাৰ নিচিনা৷ উন্নত হ’ব নোৱাৰিলে নিশ্চয় অধঃপাত, কাৰণ সংসাৰত একে ঠাইতে থাকিব কোনেও কেতিয়াও নোৱাৰে৷ হয় তুমি আগবাঢ়িব লাগিব, নহয় পিছপৰি যাবলৈ বাধ্য হ’বা৷ ডাঙৰ ভাব, ওখ-চিন্তা, ওখ-আৰ্হি লৈ বাট বুলা, ভয় নকৰিবা, তুমি দিনক দিনে উন্নতিৰ বাটত নিশ্চয় আগুৱাবা৷ ওখ-আদৰ্শ, ওখ-চিন্তা মানে শূন্যত অট্টালিকা নিৰ্মাণ নহয়৷ সম্পূৰ্ণক আগত ৰাখি চলিলে লাহে লাহে সম্পূৰ্ণৰ অংশবিলাক তোমাৰ ক্ষমতাৰ আয়ত্তাধীন হ’ব৷ সুন্দৰক আৰাধনা কৰা, তুমিও সুন্দৰ হ’বৰ ফালে যাবা৷ ঈশ্বৰ সত্যম শিৱম সুন্দৰম৷ এই বাটে আগবঢ়া, তুমিও সৌন্দৰ্য, সুমঙ্গল আৰু সত্যৰ অধিকাৰী হ’বা, তুমি ঈশ্বৰৰ অংশ জীৱ, ভয় কি? তুমি দিনৌ এইকেইটা মন্ত্ৰ মাতিবা-

  1. মই অসত আৰু অমঙ্গলৰ প্ৰতিৰোধ কৰিম৷
  2. মই মঙ্গলকাৰ্য কৰি নিজক মঙ্গলময় কৰি গঢ়িম৷
  3. মই সকলো তন্ন-তন্নকৈ পৰ্যবেক্ষণ কৰিম৷
  4. মই সকলো কাৰ্য ফঁহিয়াই তাৰ ভাল-বেয়া উলিয়াম৷
  5. মই কৰ্তব্য-কাৰ্য যথাসাধ্য ভালকৈ কৰিম৷
  6. মই মিতব্যয় কৰিম৷
  7. মোৰ মনক আনন্দময় কৰি ৰাখিম৷
  8. মই বন্ধুৰ সমাদৰ কৰি বন্ধুতা বৃদ্ধি কৰিম৷
  9. মই পৰোপকাৰ মোৰ ব্ৰত কৰি ল’ম৷
  10. মই মোৰ আগত ওখ-আদৰ্শ ৰাখিম৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top