অকপটতা

গোটেইটো জীৱনতে এহাশুধীয়া (sincere) হ’বা৷ মুখে এটা পেটে এটা হৈ চলিলেই তোমাৰ সৰ্বনাশ৷ তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱৰা৷ পোনতে, অৰ্থাৎ তুমি ধৰা নপৰালৈকে, দুই-এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও, পিছ্ত ধৰা পৰি থিতাতে তুমি মাটি হ’বা৷ তোমাক কোনেও বিশ্বাস নকৰা হ’ব; তাৰ বাহিৰেও তোমাৰ মনৰ অধোগতি হ’বই হ’ব, নিশ্চয় নিশ্চয়৷ বহুতে “Honesty is the best policy” অৰ্থাৎ নিষ্কপটতা সকলোতকৈ ভাল নীতি বুলি তাৰ আশ্ৰয় লৈ কাম কৰে৷ কিন্তু যদিও সেইটো ভাল তথাপি সি সদায় নিৰাপদ নহয়; কাৰণ policy বা নীতিৰ হিচাপত মাথোঁঁন নিষ্কপট হৈ চলিলে, এনেকুৱা অৱস্থা কেতিয়াবা তোমাৰ হ’ব যে সি কেতিয়াবা কোনো কামত খাপ নোখোৱা হ’লে কপটতা (dishonesty) অৱলম্বন কৰিবলৈ তোমাৰ মন যাব৷ আৰ্জব (uprightness) সত্য বস্তু, এই হিচাপত আৰ্জবৰ (honesty) আশ্ৰয় লোৱাটোহে উচিত৷ ঈশ্বৰৰ আগত তোমাৰ business policy অৰ্থাৎ ব্যৱসায়াত্মিকা কুট-বুদ্ধি গ্ৰাহ্য নহয়৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top