প্ৰথম দৰ্শনত ওপজা প্ৰেম

সিদিনা বান্ধ গিৰীন্দ্ৰ বৰা ফোপাই-জোপাই আহি মোৰ আগত উপস্থিত৷ মানুহটোৰ গতিটো দেখি মই ভয় খাই গ’লোঁ; বোলোঁ কি হ’ল? এওঁ কৰবাত ভৰা নাও বুৰাই আহিল নেকি, নাইবা বাটত বনৰীয়া ম’হ কি গঁড়ৰ খেদা খাই আহিল? মই তেওঁক আস্তবেস্ত কৰি কি হৈছে বুলি সুধিলত, বান্ধই তিনটা কি চাইটা দীঘল উশাহ সলাই লৈ মোক চকুৰ ঠাৰেৰে আঁতৰলৈ নিৰলাকৈ মাতি নি তলত লেখাদৰে ক’বলৈ ধৰিলে৷ 

“বান্ধ মই বৰ মস্কিল এটাত পৰিহে তোমাৰ গুৰিলৈ আহিছোঁ৷ মোক কি হয় এটা বুদ্ধি-ভাগ দি ৰাখাঁ৷ নতুবা মই বিপাঙে মৰিলোঁ৷ মোৰ গঢ়টো তুমি জানাই; সৰুৰে পৰা কেৱল কবিতা, নাটক, নভেল, ছাই আৰু ভষ্ম, মাথা আৰু মুণ্ড কৰিয়েই গ’লোঁ৷ কবিতাৰ ৰস পিবলৈ পালে আৰু নাটক নভেলৰ সোৱাদ জিভাত লাগিলে বিশ্ব ব্ৰহ্মাণ্ড গোটেইখনলৈকে পিঠি দিওঁ৷ নাটক পঢ়ি তাৰ নায়ক হ’বলৈ হেঁপাহ লাগে; কবিতা পঢ়ি হাঁ-হুমুনিয়াহ কাঢ়ি একাকাৰ কৰোঁ৷ সৰ্বনশীয়া নাটক নভেল পঢ়িয়েই, প্ৰথম দৰ্শনত ওপজা প্ৰেমত মোৰ থাউনি নোপোৱা বিশ্বাস জন্মিছিল৷ 

কিন্তু কবিতা নাটক নভেলেতো আৰু মানুহক পেটৰ চিন্তাৰ পৰা তৰাব নোৱাৰে৷ তুমি জানাই, দেউতা ঢুকাবৰ পৰা গোলমলীয়া সংসাৰৰ গোলমলীয়া গধুৰ ভাৰ মোৰ মূৰত পৰিল৷ কি কৰোঁ নিৰুপায়, কবিতা নাটকৰ কিতাপবিলাক হেচুকি আঁতৰাই কাষৰীয়াকৈ থৈ ঘৰ সংসাৰৰ কাম হাতত ল’লোঁ৷ খেতি-পথাৰ গৰু-গাই ইত্যাদিত হাত নিদিলে সোঁ হাতৰ ব্যাপাৰ নচলাত পৰিল যে৷ গতিকে, কবিতা থাককে বা যাওক, অগত্যা পুহমহীয়া পথাৰৰ ধান দোৱাৰ তত্ত্বাৱধানৰে পৰা বজাৰৰ লোণ তেল আৰু খৰিৰ খবৰ খবৰত ধৰিলোঁ৷ 

সিদিনা অলপতে আমাৰ পথাৰত ধান দোৱা চাবলৈ গৈছিলোঁ৷ দেখিলোঁ, সাতজনী দাউনীয়ে বুকুত মেখেলাৰ মেঠনি মাৰি আৰু ৰিহাখন ক’কালত বান্ধি ধান দাব লাগিছে৷ সিহঁতৰ ভিতৰৰে এজনী দাউনী ১৮/১৯ বছৰীয়া ডেকেৰী ছোৱালী৷ তাইৰ হাত দুটা লোহোৱা-লোহাৰ৷ তাই মেখেলাখন উজাই পিন্ধা বাবে আঁঠুলৈকে ভৰিৰ যিডোখৰ ওলাই পৰিছিল, সেই ডোখৰ দেখিলেই বুজিব পাৰি যে তাই এজনী ডাফলী তিৰুতা৷ তাইৰ আঙুলিবোৰ যেন একো সেৰা পাঁজিহে; তপিনা দুটা মঙহৰ ভৰত থৰথৰ কৰে কঁপিছে, আৰু বৰলৰ নিচিনা সৰু কঁকালটিৰো বুকুৰ ভৰত সেই অৱস্থা হৈছে৷ মইনো তোমাক কি কম বান্ধ, বেচেৰীৰ গাল দুখনি যেন দুটি পকা আমোলন টেঙাহে, আৰু কপালখনি যে জাতি-চন্দন পিহা নিজম পটাখনিহে৷ খোপাটো মূৰটোৰে সৈতে জোখত কিজানি সমানেই হ’ব, আৰু চকু দুটা মাৰাত্মক বিধৰ৷ ৰ’দত বপুৰীৰ মুখখন পকি পৰি, কি কম, সেন্দূৰীয়া আমটি যেন হৈছিল দেখিলেই আঃ”-

কথাষাৰ তেওঁ শেহ নৌকৰোঁতেই মই মাত লগাই এই বুলি শেহ কৰিলোঁ, “দেখিলেই ঢোৰা কাউৰীটো হৈ উৰি গৈ খুটিয়াই দিবৰ মন যায়৷ ” তেওঁৰ কথাষাৰৰ মই কৰা পাদপূৰণটো তেওঁ “নাপছন্দ” কৰি ক’বলৈ ধৰিলে-

“ধেমালি নকৰিবা বান্ধ, এইবিলাক ধেমালিৰ কথা নহয়৷ যাওক সেই কথা৷ মোৰ ফালে তাই কেৰাহিকৈ মাথোঁন এবাৰ চাইছিল৷ সেই বাবে আমাৰ দুয়োৰো চাৰি চকুৰ মিলন ঘটিল৷ বান্ধ, তোমাৰ আগত মই মিছা নকওঁ, পকা জলা মৰিচটোত হঠাত্ কামোৰ মাৰি দিলে যেনেকৈ মুখখন কাণে সৈতে জনজনাই যায়, সেইদৰে সেই দৃষ্টিত মোৰ গা গোটেইটো জনজনাই গ’ল৷ আৰু গাৰ নোমবোৰ শিয়ঁৰি উঠিল৷ বতাহত পতাকা চটচটাই উৰি কঁপাৰ দৰে মোৰ মনটো কঁপিবলৈ ধৰিলে৷ তথাপি তেতিয়াও মোৰ মনৰ ঘাই শিপাডাল একেবাৰেই উভাল খোৱা নাছিল৷ কিন্তু এনেতে হঠাত্ এটা ঘটনা ঘটি তাক শেষ কৰিলে৷ সেই ঘটনাটো এই৷ মই দাউনীহঁতে ধান দোৱা চাই থাকোঁতেই হঠাত্ কৰবাৰ পৰা এটা গলধন ধৰা ম’হে আন এটা গলধনীয়া ম’হক খুচিবলৈ ঢাপলি মেলি টেঁটাই খেদি লৈ অহা দেখিলোঁ৷ চাওঁতে চাওঁতে ম’হ দুটা দাউনীহঁতৰ কাষ পালেহি৷ দাউনীহঁতে ভয়ত দিহাদিহি পলাল! মই ল’ৰ মাৰি গৈ আলিৰ কাষৰৰ এজোপা গছত উঠিলোঁগৈ৷ কিন্তু দেখি আচৰিত মানিলোঁ যে ওপৰত উল্লেখ কৰা দাউনীজনী লগৰীয়াহঁতৰ সৈতে পলোৱা দূৰৈত থাওক, তাই হাতৰ কাঁচীখন দাঙি লৈ ঢাপলি মেলি খেদি অহা ম’হ দুটাৰ ফালে অকলৈ চোঁচা ল’লে৷ ব্যাপাৰটো দেখি গছৰ ওপৰতে মোৰ হাত-ভৰিবোৰ ঠকঠক কৰে কঁপিবলৈ ধৰিলে৷ কিন্তু সাহৰ কি ভয়ানক বল, যুঁজাৰু ম’হ দুটাই ভূতৰ ওপৰত দানহ ওলোৱা দেখি ভয় খাই এফলীয়া কাটি দুয়ো দুফালে আঁতৰি গুচি গ’ল, আৰু সিহঁতৰ খং আৰু যুঁজৰ প্ৰবৃত্তিও পানী ঢলা জুই য়েন হৈ তেতিয়াই নুমাই গ’ল৷ 

ইয়াৰ পিছত মই গছৰ পৰা নামি মাটিত থিয় হ’লোঁ; কিন্তু মোৰ মূৰটো অলপ আচন্দ্ৰাই কৰা যেন, মনটো এফেৰা মান অথিৰ-অবিৰ হোৱা যেন আৰু হাত-ভৰিবোৰ যত্কিঞ্চিত্ থৰক-বৰক্ কৰা যেন পালোঁ৷ অৱশ্যে তোমাক কোৱা আৱশ্যক যে এইবোৰ ভয়ত নহয়; এটা অপৰূপ ভাবে মোৰ মনত ঠাই লৈহে মোক এনে কৰিছিল৷ গতি বিষম বুজি মই তাত নাথাকি লাহে লাহে ঘৰলৈ গুচি আহিলোঁ৷ ঘৰ পায়েই মই তিনি চলু পানী মোৰ মূৰত থপিয়াই দি অলপ থিৰ হ’লোঁ৷ কিন্তু হ’লে কি হ’ব? মোৰ গাত জ্বৰ উঠিল৷ অৱশ্যে সেই জ্বৰ আমাৰ চিনাকি সস্তা জ্বৰ নহয়, সি আপুৰুগীয়া আটকীয়া জ্বৰ৷ খোলাখুলিকৈ কৈ দিয়াই ভাল যে, মোৰ গাত প্ৰেম-জ্বৰৰ লক্ষণবোৰে সম্পূৰ্ণৰূপে দেখা দিলে৷ সেইবিলাক বৰ্ণনা কৰি মিছাতে, বান্ধ, মই তোমাৰ সময় নষ্ট নকৰোঁ৷ কথাতেতকয়, কাৰ জ্বৰত কোনে পিয়ে পানী, কাৰ ভাগিনী মৈলে কাৰ হয় হানি৷ মোৰ জ্বৰৰ ফালাফল মইহে অকলৈ ভোগ কৰিব পাওঁ, লোকক তাৰ ভাগী কৰিবলৈ যাব নাপাওঁঁ৷ মুঠতে তোমাক ইয়াকে কওঁ, যে দিনদেকৰ নিমিত্তে আহাৰ নিদ্ৰাৰ সৈতে মোৰ সম্বন্ধ গুচিল৷ গাৰপৰা সেই প্ৰেম-জ্বৰ নে ডোমজ্বৰটো মই কোনোমতে খেদাব নোৱাৰা হ’লোঁ, থাকি থাকি সি উক দি উঠে৷ অনেক ভাবি চিন্তি চোকা দৰবৰ দিহা কৰাটোকেই উচিত যেন বিবেচনা কৰিলোঁ; নতুবা ভয় হ’ল, পাছে সি জ্বৰ গৈ কেনেবাকৈ জীৰ্ণ জ্বৰত পৰিণত হয় গৈ৷ মোৰ মনত পৰিল, লঙ্কাখন পুৰি অঁতাইয়ো হনুমন্তৰ নেজৰ জুই নুনুমুৱা হলত হনুমন্তই বিবুধি হোৱা? নেজৰ অগনি মুখে নুমুৱা৷ ময়ো এতিয়া এই অদ্ভুত জ্বৰৰ অদ্ভুত অগনিৰ পোৰণতি বিবুধি হৈ পৰি মনত বুধি সুধিলোঁ৷ মেও সীতাৰ দৰে ক’লে নেজৰ অগনি মুখে নুমুৱা, অৰ্থাত্ তুমি সেই ছোৱালীজনীকে বিয়া কৰোৱা৷ বাঃ ৰে মন! বেছ বুদ্ধিতো! মোৰ মনত ইমান পৰ খেলোৱা নাছিল কিয়৷ এই বুলি মই মোৰ মনক তাৰিফ কৰি বুধি শুনি সেইদিনাৰ সেই দান দাউনী মহিষমৰ্দিনী ছোৱালীজনীৰ ভু-ভা ল’বলৈ এজনক ৰিপুৱা ধৰিলোঁ৷ বাতৰি পালোঁ, ছোৱালীজনী আবিয়ৈ, কিন্তু জাতত আহোমনী! কি সৰ্বনাশ! মই শূদিৰৰ ঘৰৰ ল’ৰা৷ আমাৰ দুয়োৰো মাজত জাতৰ খাৱৈটো ইমান বহল, যে সহজে জঁপিয়াই তাক পাৰ হ’ব নোৱাৰি৷ কিন্তু ভাবিলোঁ, হনুমন্তই ভাৰতবৰ্ষ আৰু লঙ্কাৰ মাজত বহল প্ৰণালীটো জঁপিয়াই পাৰ হ’বলৈ সাহ নকৰাহেঁতেন পাৰ হ’ব নোৱাৰিলেহেঁতেন আৰু সীতাৰ উদ্ধাৰো নহ’লহেঁতেন৷ এতিয়াও যদি মই এই জাতৰ বহল খাৱৈটো সাহ কৰি যথাশক্তি জঁপিয়াই পাৰ হ’ব নোৱাৰোঁ, তেন্তে মোৰ সেই মনোমোহিনী ধান-দাউনীৰো উদ্ধাৰ অসম্ভৱ৷ এইদৰে বাবি মোৰ মনত মহা তোলপাৰ লাগি পৰিল৷ লুকুৱাৰ সকাম কি, মুঠতে খুলি ক’লেই হ’ব যে সেই মূৰ্হুত্বৰে পৰা মোৰ জাতৰে সৈতে প্ৰেমৰ তয়াময়া ৰণ লাগিল৷ শেহত জাত হাৰিল, প্ৰেম জিকিল৷ প্ৰেমে মোৰ কাণত ফুচফুচাই ক’লে, যে আপুনি মনত একো খুকুৰি নাৰাখিব, আগুৱাই যাওক, আগুৱাই যাওক৷ স্বৰূপতে ক’বলৈ গ’লে মোৰ জাত কুল একো নাই, মই প্ৰেম, মই পৰমহংস৷ জাতকুলৰ মই কোনো এলেকা নাৰাখোঁ৷ মই প্ৰেম, মই স্বাধীন, কাৰো ঘৰত মই কৰ নোশোধাওঁ৷ সেই কথা শুনি মই উত্তৰ দিলোঁ, বেছ কথা যব মিঞা বিবি ৰাজী৷ তব্ ক্যা কৰে চহৰকা কাজী৷ মই বিয়া কৰাম৷ প্ৰেমে ছপ্লিমেণ্ট (Supplement)পৰিশিষ্ট স্বৰূপে, মোক আৰু এইকেষাৰ কথা ক’লে যে ডাঙৰ মানুহে, সৰু মানুহে, ওখ কুল নীহ কুল চহকী আৰু ভিকহু, মানুহে বা সমাজে দিয়া এইবোৰ চকোৱাৰ বেৰ মই মানিবলৈ বাধ্য নহওঁ৷ সকলোকে একেজনা ঈশ্বৰে সৃজন কৰিছে, সকলো তেওঁৰ চকুত সমান আৰু আমি সকলোবোৰ ভাই ককাই৷ মই ভাবিলোঁ, বাস্তবিক পক্ষত এই কাৰ্য্য কৰি মই মোৰ নৈতিক বলৰহে চিনাকি দিম৷ সমাজে মোক এঘৰীয়া কৰে যদি কৰিব, মই সজ বুলি যি কাম বুজিছো সেই কাম কৰিমেই৷ এইদৰে ভাবি মই ছোৱালীৰ বাপেকৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিলোঁ৷ সিহঁত দুখীয়া সৰু মানুহ, মই চহকী ডাঙৰ মানুহ, প্ৰস্তাৱটো শুনি বাপেকে ভয় খাই উত্তৰ দিলে, ডাঙৰীয়া বোপাই আমি দুখীয়া মানুহৰ সৈতে ধেমালি কৰিছে কেলৈ? আমি দেখোন তেখেতৰ ওচৰত কোনো অপৰাধ কৰা মনত নপৰে৷ এই উত্তৰ পাই মই আকৌ ভালকৈ সিহঁতে পতিয়ন কৰিব পৰাকৈ কৈ পঠিয়ালোঁ যে কৰাব খুজিছোঁ৷ মোৰ কথা এইষাৰ সঁচা যেন পাই ছোৱালীৰ বাপেকে উৰুলীকৃত হৈ সেই প্ৰস্তাৱত সন্মত হৈ উত্তৰ দি পঠিয়ালে৷ ডাঙৰ মানুহ জোঁৱাই পাব, জীয়েক ডাঙৰ মানুহৰ ঘৈণী হ’ব, সুখে থাকিব, লগতে সিহঁতৰো অৱস্থা আৰু মান বাঢ়িব, ইয়াতকৈ আৰু গৌৰৱৰ কথা সিহঁতৰ কি হ’ব পাৰে? 

মই কিন্তু মোৰ বঙহ পৰিয়াল মিতিৰ কুটুম কাকো এই কথাৰ শুংসূত্ৰ দিয়া নাছিলোঁ, কাৰণ এই কথা তেওঁলোকৰ আগত প্ৰকাশ কৰা মানে বৰলৰ বাহত জুই লগাই দিয়া৷ কাৰ্য্য সাধন হৈ গ’লে তেহেলৈ যি হয় হ’ব, কিন্তু হোৱাৰ আগেয়ে তাত বিঘিনি জন্মাবলৈ লোকক চেলু দিয়াটো উচিত নহয়৷ তলে তলে মই মোৰ ভাবী শহুৰৰ ঘৰলৈ অহা-যোৱা কৰিবলৈ ধৰিলোঁ৷ মই নতুন প্ৰণালীত শিক্ষিত ডেকা৷ আগৰ দিনীয়া পুৰণি মামৰে খোৱা প্ৰণালী আৰু লাজ কাটি কৰি থৈ, ছোৱালীৰে সৈতে দেখা শুনা কৰি কথা বাৰ্তা কৈ ভালকৈ চিনাকি হ’লো; অৰ্থাত্ ইংৰাজী ভাষাত কৰ্টছিপ (Courtship) বোলে, তাকে কৰিবলৈ ধৰিলোঁ৷ মোৰ ব্যৱহাৰত সিহঁত আপ্যায়িত হৈ হাতেৰে স্বৰ্গ ঢুক পালে৷ 

কৰ্টছিপ চলি থাকোঁতে পৰশুই দেওবাৰে বিনা মেঘে বজ্ৰাঘাত হ’ল৷ কথাই কথাই তাই মোক মৰম লগাই এবাৰ সুধিলে, হেৰি! কিয়নো মোৰ ওপৰত আপোনাৰ ইমানটো মৰম সোমাল কওকচোন? মই সেই ম’হৰ ঘটনাৰ উল্লেখ কৰিলোঁ৷ মোৰ সেই কথা শুনি তাইৰ মুখখন কেঁহেৰাজ বটা যেন হৈ ক’লা পৰি গ’ল৷ সেই কথা শুনি হঠাত্ তাই কিয় সেইদৰে বৰণ সলালে বুজিব নোৱাৰিলোঁ৷ সেই দিনা তাৰ কাৰণ জানিবলৈ মই কোনো চেষ্টা নকৰি ঘৰলৈ গুচি আহিলোঁ৷ কিন্তু পিছত পাকে-প্ৰকাৰে উৱাদিহ লৈ জানিব পাৰিলোঁ যে মই গুৰিতে ভুল কৰিছোঁ৷ ম’হৰ ঘটনাত সাহ দেখুৱা সেই সুন্দৰী ছোৱালীজনী এইজনী নহয়৷ এইজনী তাইৰে লগৰীয়া সাতজনী দাউনীৰ ভিতৰৰ আন এজনী ছোৱালী৷ যিজন মানুহ ৰিপুৱা ধৰি সেই ছোৱলীৰ ভু ল’বলৈ আৰু বিায়ৰ প্ৰস্তাৱ কৰি পঠিয়াইছিলোঁ, সেইজন মানুহে ভুল কৰি আচলজনী ছোৱালীৰ বাপেকৰ আগত সেই প্ৰস্তাৱ নকৰি এইজনীৰ বাপেকৰ আগত কৰিলে৷ কিন্তু এতিয়া ঘটনাটো অনেক আগবাঢ়িল আৰু গুৰুতৰ হৈ উঠিল৷ মোৰ প্ৰথম দৰ্শনত জন্মা প্ৰেমৰ গছজোপাৰ গুৰি একেবাৰেই উভালি পৰি সি কাটি হৈ পৰিল! মই কৰো কি এতিয়া? মোৰ তুমি এটা বুদ্ধি দিয়া! ”

কথাবিলাক বান্ধব, কিন্তু গোঁফকোছা মোৰ নিজৰ, সেইদেখি তেওঁৰ কথাৰ ওৰ পৰিলত মই মোৰ গোঁফত তাও দি গহীনকৈ উত্তৰ দিলোঁ-“নোৱাৰোঁ দিব৷ ” মোৰ উত্তৰ শুনি বান্ধ বৰাই চকু ঢুলঢুলীয়াকৈ, মোৰ ওচৰৰ পৰা গুচি গ’ল৷ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top