প্ৰথম আধ্যা
কটীয়া মোমাই চৰকাৰী মোমাই৷ সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে৷ বগৰিগুটি এটাৰ সমান ঘুট্মুট্ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমুৱাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা৷ তেওঁৰ বয়স কিমান আমি ক’ব নোৱাৰোঁ, আৰু কোনে কব পাৰে তাকো কব নোৱাৰোঁ৷ আমি তেওঁক সদায় একে চিন একে ছাবেই দেখিছোঁ, এই মাত্ৰ৷ এটা উপমা দিওঁ৷ তোমাৰ সেই জগন্নথীয়া পকা ৰঙালাওটো বৰচাঙত তুলি তেনে থৈছা তেনে আছে; আমাৰ এই কটীয়া মোমাইটিও এই পৃথিৱীৰূপ বৰচাঙত, বিধতাই তুলি থোৱা ভাৱেই গৰ্গৰিয়া দি পৰি আছে৷ সৰিয়হৰ ডুলিৰ বাওৰ মাজত সোমোৱা সৰিয়হটো ভালেমান কাললৈকো তাতে ৰৈ যায়, জাৰিলে জোকাৰিলে নোলায়, আৰু সতকাই লোকৰ চকুতো নপৰে৷ এই সংসাৰ-ডুলিৰ বাওৰ মাজত আমাৰ মোমাইকণো, সেই দৰে বিধতাৰ চকুত নপৰাকৈ ৰৈ গৈছে৷ মোমাই বৰ টক্টকীয়া; এলাহ কাক বোলে তেওঁ ভুকে নেপায়৷ দহ মাইল পোন্ধৰ মাইল বাটক তেওঁ বাট যেনকে নেদেখে৷ সমান বাটত ৰথৰ ঘিলা ঘূৰাদি তেওঁ ঘূৰি গৈ থাকে৷ তেওঁৰ ঘৰ যিখন গাঁৱত তাৰ পৰা জিলালৈ পোন্ধৰ মাইলৰ ওপৰ হব৷ তেওঁৰ হেনো সেই ফেৰা বাট বুলনিঘৰৰপৰা বৰঘৰলৈ অহা যেনহে লাগে৷ ইয়াতেই বুজিবা৷ দুদিনে চাইদিনে মোমাই জিলালৈ আহি আহি থাকে৷ মোমাই আহিলে আমাৰ বৰ ৰং হয়৷ আমি বাহ-ল’ৰাই বেঢ়ি ধৰি “মোমাই আমালৈ কি আনিছা? “ “মোমাই অমুক, মোমাই তমুক, “ ইত্যাদি কথাৰে তেওঁক নথৈ আমনি কৰোঁ৷ মোমায়ে কিন্তু সেইবোৰত আমনি নাপায়৷ তেওঁ বৰৰ এঠাৰ আঙঠি; ল’ৰা, ডেকা, বুঢ়া সকলোৱে আঙুলিত কাপ খাই যায়৷
কুহ্কুহীয়া জাৰ৷ এদিন পুহমহীয়া গধূলি মোমাই জুহালৰ ওচৰত ডুখৰিপীৰা পাৰি বহিছে; তেওঁৰ সৈন্যসামন্ত সভাসদ পাৰিষদ আমি ল’ৰাবোৰো সেই জুহালৰ চাৰিওপিনে একোডোখৰ তেনে ডুখৰি পীৰা পাৰি বহিছোঁ৷ মোমায়ে হাচটি মেলি বাঁহৰ চুঙাৰ টেমাটোৰ ভিতৰৰপৰা এটা ভেকুৰী গুটিৰ সমান মেচ্ মেচ্ কৰে কলা কানি উলিয়াই কোঁট-কৰে গিলি, তামোলছালিত কটাৰী বহুৱাইছে৷ এনেতে আমি গহীনকৈ মাত লগালোঁ- “মোমাই, এটা সাধু-“ গোটেই কথাষাৰ আমাৰ মুখৰপৰা ওলাবলৈ নৌপাওঁতেই লগে লগে মোমাইৰ মুখৰপৰা এনে এটা ডাঙৰ ভেকাহীয়ে ঢেৰেকনি মাৰিলে যে, একে ভেকাহীতেই আমি বালক-মণ্ডলী, নিয়াৰিৰ ওপৰত থকা ৰঙা লোৰপৰা হাতুৰিৰ মাৰত ফিৰিঙতি ওফৰাদি ওফৰি পৰিলো৷ কিন্তু মোমাইৰ গঢ়-গতি আমাৰ জনা আছে, প্ৰথম খুন্দাত খোপনি ৰখাব পাৰিলে, আৰু তুমি ৰৈ গলা৷ গতিকে চকু চাওঁতেই আমি গিৰ্জনি মাৰি হাঁহি, আকৌ বেৰি ধৰি “সাধুকথা“ “সাধুকথা“ কৰি চিঞৰিবলৈ ধৰিলোঁ৷ অলপমান টলকা মাৰি থাকি মোমায়ে মাত লগালে, “তহঁত বৰ দুষ্ট ল’ৰা বুজিছনে? কি সাধু শুনিবি? “
আমি আহ্লাদত গদ্গদ্ হৈ ক’লো- “মোমাই তোমাৰ যিহকে কবৰ মন যায়৷ “
মোমাই: “এটাই মোৰ আঙুলিকেইটা ফুটাই দে৷ “
মোমায়ে এই কথা কোৱা মাত্ৰকেই আমি এটাইমখাই একেবেলিয়েই আঙুলি ফুটাবলৈ ওলালোঁ৷ আমাৰ ভিতৰৰ সুযোগ্য দুজন সেই কাৰ্য্যত মনোনীত হ’ল; আৰু নিমিষতে, এদাৰ ঠেঙুলি ভাঙোতে উঠাদি উঠা ফুট্ফুট্ শব্দ কাণ জুৰাই মোমাইৰ আঙুলিৰ গাঁথিৰপৰা উঠিবলৈ ধৰিলে৷
মোমায়ে সাধু আৰম্ভ কৰিলে: –
“মই যি সাধু ক’ব খুজিছোঁ, তাৰ নাম, ’যেনে চোৰ, তেনে টাঙোন৷ ’ সেই তাৰ নামটো কি? আঃ কুলক্ষণীয়াটোৰ নামটোৱেই মনত নপৰে৷ সেই- সেই-আঃ- সেই গৰিহাখোৱাৰ নাম কি? “
আমি: “কাৰ নাম মোমাই? “
“তাৰ৷ বোলো, সেই তাৰ নামটোৱেই মনত নপৰা হৈছে৷ মুখত গুটিসাঁচেৰে এচকু কণা, সেই আমতলত ঘৰ যাৰ৷ বোলো, সেই আমাৰ গাঁৱৰ মোলোকা বহুৱাৰ পুতেক, ৰুদ্ ৰুদ্ ৰুদাই- ঠিক মনত পৰিছে৷ মোলোকা বহুৱাৰ পুতেক ৰুদ্ৰামে, আজি এবছৰ হ’ল, ভকলুৰ ছোৱালীজনী বিয়া কৰাই আনিছে৷ তাইৰ দুখ (আহা! বপুৰী তাই পৰজনমত কি পাপ কৰিছিল! ) কুলায়-পাচিয়ে নধৰে৷ বপুৰী বৰ বিতোপন ছোৱালী৷ সি দুৰাচাৰ৷ পুৱা-গধূলি নিতৌ সি তাইক ঢেকিথোৰাৰে মৰিয়ায়৷ মাৰ খাই খাই তাই ঘুগুলাপছলা৷ দোষত? নহয়, নহয়, মোৰ কুটুম, বিনাদোষত, বিনাদোষত৷ কোনো জগৰ নাই তথাপি সি তাইক মাৰে৷ মিছাকৈয়ে দায় খুচৰি উলিয়াই সি তাইক কিলায়৷ ন দোষ নেপালে পুৰণি দায় খুচৰি উলিয়াই লৈ সি তাইক খুন্দে৷ বেছেৰীয়ে পিঠি পাতি দি সহি থাকে৷ দিলৌ ইমান মাৰ-কিল খায়, তথাপি বেছেৰীয়ে গিৰিয়েকক সুখে-সন্তোষে ৰাখিবলৈ মৰিমুজি যতন কৰে৷ তাইক মৰাটো কুলাধমৰ নিত্যকৰ্ম৷ নহলে তাৰ হাত খজুৱায়; সুখ নেলাগে, সুত নেলাগে৷ নহ’লে পাপীক পোকে কামোৰে৷ পাষণ্ড! নৰাধম! তাই কন্দা-কটা কৰিলে কিলৰ জাউৰি আৰু বাঢ়ে৷ সেই মাৰকিলৰ কথা যদি কেনেবাকৈ তাই লোকক কলে বা চিঞৰ-বাখৰ, কান্দোন কাটোন লোকে শুনিবলৈ পালে, তেন্তে মাৰ-কিলৰ জাউৰি সেইদিনা নথৈ বাঢ়ে৷ ওচৰচুবুৰীয়াই মাৰকিলত হকা-বধা কৰিলে তাৰ হোৰ ঘৈণীয়েকৰ পিঠিত দুগুণ উঠে৷ ইফালে পাঁজীৰ, লোকে শুনিলে লাজটোও আছে! নিলাজ! নিধক! নিলাজৰ আকৌ লাজ, কেকোৰাৰ আকৌ মূৰ! তোম ডেম ফুল পাজী! তোমাৰা লাজ হ্যায়? তোমাৰা চৰম হ্যায় নন্চন্! ইষ্টপিট! “
আমি: “মোমাই, কাক ইমানবোৰ গালি পাৰিছা? “
“সেই তোক৷ সেই ঘৈণীয়েকৰ মঙহ-খোৱাক৷ ৰুদাই নে কি সেইটোক৷ উস্! এদিন নহয়, দুদিন নহয়, মাহেক নহয়, পষেক নহয়, গোতেই বছৰটো সি তাইক খুন্দিছে বিয়া কৰি আনিবৰ দিনচেৰেকৰ পিছৰদিনাই বুলিব লাগে, পাপীয়ে তাইক কলাগুটিবাদ্যং কৰিব লাগিছে৷ এনে কথা ক’ত শুনিছা! গাঁৱৰ মানুহে পোনতে হকাবধা কৰিছিল৷ পাছে এৰি দিলে, তোৰ যি মন যায় কৰ বুলি৷ তাইক কুটি বাছি খা বুলি৷ কিয়নো, তাৰ ফল বিপৰীত হয় দেখি৷ লোকে হকাবধা কৰিলে তাইৰ পিঠিৰ কিলৰ জাউৰি বাঢ়ে, আৰু হকাবধা কৰাসকলৰ বঁটা গালি-শপনি হয়৷
“দৈ কলঙনী বাই দৈকলঙীয়া গাঁৱৰ নাম-জ্বলা মাছৰ পোহাৰী৷ বৰ বুধিয়ক৷ তহঁতে তাইক দেখা নাই হবলা? তাই দেখিবলগীয়া তিৰুতা; জিলালৈ মাজে-সময়ে আহে৷ এদিন তহঁতক দেখুৱাম৷ দৈকলঙীয়া গাঁও, ওচৰৰে গাঁও৷ এদিন মাছ বেচিবলৈ আহি দৈকলঙীয়ানী ৰুদাইৰ ঘৰত উপস্থিত৷ ৰুদাই ঘৰত নাস্তি৷ ঘৈণীয়েকে চোতালতে বহি চকুৰ লো টুকিব লাগিছে৷ দৈকলঙীয়ানীয়ে মাত লগালে- “খাবলইত ভাল মাছ আছে, লবি নে আই? কি হল আই হে কিয় কান্দিছ? “
ৰুদাইৰ ঘৈণীয়েক: “মছ নালাগে৷ একো হোৱা নাই- মোৰ আকৌ কি হ’ব দেও হে! “
দ, ক, : “এনে কথা কিয় কৱ মোৰ আই হে, একো নোহোৱাকৈ মানুহে কান্দে? কি হৈছে মোৰ আই ক? “
গিৰিয়েকৰ কিল মাৰৰ সকলো কথা দৈকলঙীয়ানীয়ে তাইৰ পৰা উলিয়াই লৈ দুখ পতিয়াই কলে:
’আই, শুন, আজি মইয় গধূলিকৈ এবাৰ আহিম, আহি তোক মইন যিহকে কওঁ তাকে যদি কৰ তোৰ গিৰিয়েৰে নিশ্চয় তোক আৰু নমৰা হ’ব৷ ’ “বাৰু বাই তুমি আহিবা গধূলিকৈ; মোক যিহকে কৰিবলৈ কোৱা তাকে কৰিম“- এই বুলি ৰুদাইৰ ঘৈণীয়েকে দৈকলঙীয়ানীক কৈ বিদায় দিলে৷ “
এই খিনিতে দেখোন আমাৰ কটীয়া মোমায়ে মৌনতাৱলম্বন কৰিলে৷ আমি কাৰণ বিচাৰি মোমাইৰ মুখৰ ফালে নিৰীক্ষণ কৰি পালো তেওঁৰ চকু মুদখোৱা আৰু মূৰে বৰশী বোৱা৷ আমি মাত লগালো, “মোমাই দেখোন তুমি থিতাতে চেঙেলি টোপাবলৈ লাগিলা? তাৰ পিছত“ মোমায়ে লাহেকৈ চকু দুটা মেলি উত্তৰ দিলে, “কিহৰ পিছত? “
আমি: “দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত? “
মোমাই: “কটীয়া মোমায়েৰে চেলেঙি টোপাবলৈ লাগিল৷ “
আমি: “তাৰ পিছত? “
মোমাই: “চেঙেলি এটা ধৰা পৰিছিল৷ “
আমি: “তাৰ পিছত? “
মোমাই: “তহঁতৰ কেপ্কেপনিত থাকিব নোৱাৰি এতিয়াই হাতৰপৰা সুলকি গ’ল৷ “
আমি: “যোৱা মোমাই, তুমি কি ধেমালি কৰিবলৈ লাগিলা? দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত কি হল কোৱা? “
মোমাই: “কি হব আৰু; আধ্যা পৰিল৷ “
আমি: “আৰু আধ্যা পৰিল পৰক, আকৌ নকৈ একাধ্যা আৰম্ভ কৰাঁ মোমাই, নহ’লে আমি নেৰোঁ; বোলো কেতিয়াও নেৰোঁ৷ “
মোমাই: “নেৰ যদি কৰিলো আৰম্ভ এই৷ “
দ্বিতীয় আধ্যা
গৰু-গাই ঘৰ চাপিল; সন্ধ্যা লাগিল; লাগি ভাগিল; ভাগি এন্ধাৰ হ’ল; আৰু ৰুদাইৰ ঘৰৰ পাছচোতালত দৈকলঙীয়ানীৰ মাত শুনা গ’ল-“অ আইটী! “ মাত শুনি ৰুদাইৰ ঘৈণীয়েকে ওলাই আহিল৷ তাৰ পিছত দৈকলঙীয়ানীয়ে তাইৰ হাতত এটা বস্তু দি, কাণে কাণে অলপমান বেলি ফুচ্ফুচাই কিবা বুধি দি, গুচি গ’ল৷
আমাৰ মোমাই ডোখৰে আকৌ টলকা মাৰিলে৷ আৰু এই দোক্মোকালিতে চেলু পাই তেওঁৰ নাকে ওপৰাউপৰি দুবাৰ মাতিও ললে৷
আমি-“মোমাই মোমাই! তুমি আকৌ কি টোপনিয়াবলৈ লাগিলা? যোৱাঁ! তাৰ পিছত কি হল কোৱাঁ? মোমাই! মোমাই!
মোমাই-“কি হ’ল? “
আমি-“তাৰ পিছত? “
মোমাই-“কিহৰ পিছত? “
আমি-“দৈকলঙীয়ানী যোৱাৰ পিছত? “
মোমাই-“দৈকলঙীয়ানী যোৱাৰ পিছত কি হল কলো নহয়! “
আমি-“কেতিয়া ক’লা? “
মোমাই-“এতিয়াই৷“
আমি: “যোৱা মোমাই, টোপনিৰ জালত তুমি কি কৈছা একো ঠিক নাই৷ একো নোকোৱাকৈয়ে বুলিছা কলো৷ “
মোমাই-“তহঁত নিতান্ত বুধি-নাইকিয়া লৰা বুজিছনে৷ দৈকলঙীয়ানী যোৱা কথা কোৱাৰ পাছত মইৈ কি কৰিছিলো? “
আমি-“তুমি নাক ডকাই টোপনিয়াইছিলা৷ “
মোমাই-“তেন্তে? বুজিব নোৱাৰিলি? দৈকলঙীয়ানী যোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েক দুয়ো খাই শুই থাকি৷ আৰু এইখিনিতে এই আধ্যা পৰিল৷ “
আমি-“পৰিল পৰক, আকৌ নতুন আধ্যা উঠক৷ “
মোমাই-“মোৰ মুখৰ তামোলখন ভালকৈ পাগুলি নললে নুঠে৷ “
চূন-ধপাত ডেৱাছালিৰে পাগ-লগা তামোলখন ভালকৈ পাগুলি, সাধু-কথাটোৰ ঘিলা চাইটাত ভালকৈ তেল সানি লৈ মোমায়ে দুনাই লেজু ধৰি ঘৰ্ঘৰকৈ সাধুটো টানি লৈ যাবলৈ ধৰিলে৷
“ল’ৰাহঁত, এই পালোহি৷ “
তৃতীয় আধ্যা
পিছ দিনা হালোৱাতলিৰপৰা সোনকালে হাল মেলি ঘৰলৈ উভতি আহি ৰুদ্ৰামে ঘৈণীয়েকক মাত লগালে “ঐ অ’! বোলো শুনিছনে হয়? বেগাই আহ! “
ঘৈণীয়েক-“শুনিছোঁ! কি হল? আজি দেখোন ইমান সোনকালে হাল মেলি আহিলা? সেইটো ৰৌ মাছ ক’ত পালা? “
ৰুদ্ৰাম-“সেই উৰিআম জোপাৰ তলত হাল বাওঁতে নাঙলৰ ফালত এই ৰৌ মাছটো উঠিল৷ কেকেকৈ মাটিৰ তলত ৰৌ মাছটো ওলাল গৈ কব নোৱাৰোঁ৷ চাচোন, ডক্ডক্ কৰে জীয়া মাছটো৷ কাকো নকবি৷ ওচৰচুবুৰীয়াই গম পালেই ভাগ বিচাৰি ওলাবহি৷ হোঁ, লৈ যা, ভালকৈ টেঙা দি এখন আঞ্জা ৰান্ধ৷ খুটুৰাচেৰেক ভাজিবিও৷ মূৰটোৰে সৈতে অলপ মাছ গধূলি সাজলৈকো থবি৷ থাকে যদি দুখুটুৰামান কাইলৈকো থলে ভালেই৷ ভালেই কি, কাইলৈকো থবই লাগিব৷
ঘৈণীয়েকে আনন্দ প্ৰকাশ কৰি লাহেকৈ উঠি মাছটো লৈ ভিতৰলৈ গ’ল৷
আমাৰ কটীয়া মোমায়ে আকৌ টলকা মাৰিলে৷ আমি মাত লগালো, “মোমাই ৰলা কেলৈ? আকৌ টোপনিয়াইছা নে কি? নোটোপনিয়াবা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁহঁক, বেগাই কৈ অন্ত কৰি পেলালে তোমাক আৰু দিগ্দাৰি নকৰোঁ৷ “
মোমাই-“তহঁত বৰ উতনুৱা লৰা বুজিছনে৷ ততকে নিদিয়৷ হুতাইতাই৷ এই আধ্যা পৰিল দেখি ৰৈছোঁ৷ এতিয়া পালোহি৷ “
চতুৰ্থ আধ্যা
এই আধ্যাৰ আদিতে ৰুদাইৰ ঘৈণীয়েকে, “ৰাইজ চোৱাহঁত ঔ! মোক বিনাদোষত এই দিন-দুপৰত মাৰি ঘুগুলাপছলা কৰিলে৷ হে ৰজাৰ শৰণ! ৰাইজ আহাহঁক ঐ! কিলত মোৰ হাড় মূৰ ভাগি গুৰি হ’ল৷ “ এইবুলি চিঞৰত গছৰ পাত সৰাইছে৷ আৰু “নিচিঞৰিবি মোৰ ৰৌ মাছটো নেৰান্ধি কি কৰিলি ক, তোক মইব আজি ডোখৰ ডোখৰকৈ কাটিম“ এই বুলি ৰুদায়ে ঘৈণীয়েকৰ পিঠিত হাত ভৰি সমানে চলাবলৈ ধৰিছে৷
কিলৰ জাউৰি আৰু চিঞৰ-বাখৰ আন দিনতকৈ বেছি হোৱা শুনি চাৰিওফালৰ মানুহ বাধ্য হৈ চাপি আহিল৷ “ৰ, ৰ, কিয় ইমানকৈ তাইক মাৰিছ? নেমাৰিবি“ বুলি ৰুদ্ৰামৰ ওপৰত ৰাইজৰ হুকুম পৰিল৷
ৰুদাই-“কিয় নেমাৰিম? এইক আজি কাটি ডোখৰ ডোখৰকৈ শিয়াম-কুকুৰক দিম৷ এই মোৰ ৰৌ মাছটো কি কৰিলে? “
ৰাইজ-“হেৰ কি ৰৌ মাছ অ’? “
ৰু, ঘৈণীয়েক-“কি ৰৌ মাছ, দেউতাসকল আপোনাসকলে তেওঁক শোধকচোন? “
ৰুদাই-“কি ৰৌ মাছ! চুৰুনী, কি ৰৌ মাছ! মইঁ আজি ৰাতিপুৱাই সেই উৰিআমৰ তলত হাল বাওঁতে পোৱা ৰৌ মাছটো, তোক যে ৰান্ধিবলৈ দিছিলো? এতিয়া কি ৰৌ মাছ বুলি আসৈ মাতিছে৷ “
ৰাইজ-“হাল বাওঁতে কেনেকৈ ৰৌ মাছ পালি হেৰ ৰুদাই? “
ৰুদাই-“হাল বাওঁতে মাটিৰ ভিতৰৰপৰা নাঙলৰ ফালত উঠিছিল৷ “
ৰু, ঘৈণীয়েক- “শুনিলে দেউতাসকল, ৰাইজ, শুনিলে এতিয়া? এনে অদ্ভুত কথা শুনিলে? শুকান মাটিৰ তলত কৰবাত ৰৌ মাছ থকাটো আপোনালোকে শুনিছে নে দেউতাসকল, মইক আপোনাসকলৰ চৰণত দান্তে তৃণ ধৰি চুলি চিঙি কাতৰ কৰি শুধিছোঁ? দেউতাসকল, এওঁৰ মূৰৰ ঘিঁউ বেয়া হৈছে, নহলে এনে নাভূতনাশ্ৰুত কথা কৈ কিয় মোক এনেদৰে চোৰ-কিলোৱা দিব? “
“ঠিক, ঠিক, ই বলিয়া৷ ইয়াক বান্ধ; নহলে ই মানুহদুনুহ মাৰিব৷ “ এই বুলি ৰাইজে ৰুদাইক ভালকৈ হাতে-ভৰিয়ে বান্ধি এন্ধাৰ ঘৰ এখোটালিত পেলাই থৈ দিহাদিহি গুচি গ’ল৷
আমি-“মোমাই তাৰ পিছত? “
মোমাই-“তাৰ পিছত আৰু কি, সি বলিয়া সাব্যস্ত হ’ল, আৰু গৰুৰ পঘা আৰু হাতীৰ ফইত বান্ধ খালে৷ আৰু এই আধ্যা পৰি গ’ল৷ “
আমি-“নাই পৰা আধ্যা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁ, আৰু তাৰ পিছত কি হ’ল কোৱা? “
মোমাই-“নাই পৰা কিয়? পৰিল, পৰি আকৌ একাধ্যা উঠিল, যাৰ নাম-
পঞ্চম আধ্যা
এই আধ্যাত ৰুদাইৰ ঘৈণীয়েকে বান্ধ খাই পৰি থকা গিৰিয়েকক অকলৈ পাই, ওচৰ চাপি আহি কাণৰ কাষত লাহেকৈ মাত লগাইছে-“কেনে? মোক নিতৌ মাৰিবানে? আজিৰ পৰা যদি মোক আৰু নামাৰো বুলি সৈ কাঢ়া, তেন্তে, এতিয়াই মইম ৰাইজক কৈ তোমাক মুকলি কৰাই দিয়াম৷ আৰু যদিহে সৈ নেকাঢ়া তেন্তে সদাই এই বলিয়াৰ বান্ধত পৰি থাকিব লাগিব৷ মাছটো তেও ময়েহে ৰাতি নৌ পুৱাওঁতেই হালোৱাতলিত পুতি থৈ আহিছিলো৷ “
ৰুদাই-“ময়ো তোৰ আগত সৈ কাঢ়িছো, গুৰুঘৰৰ শপত খাই কৈছোঁ, আজিৰপৰা তোক কেতিয়াও নামাৰো৷ মোৰ দোষ তইত ক্ষমা কৰ৷ মোক মুকলি কৰি দে৷ “
“ইয়াৰ পিছত, নানা দৰবজাতি দি ভাল কৰিছো বুলি ৰাইজক বুজাই ৰুদাইৰ ঘৈণীয়েকে গিৰিয়েকক মোকলাই দিয়ালে৷ তহঁতৰ কটীয়া মোমায়েৰৰ গাৰ কানি-কাপোৰ সোপাই ক’লা হ’ল দেখি তেওঁ টুকটুককৰে নগৰলৈ গুচি আহিল৷ “