মিছালি

       মানুহে সঁচাতকৈ যে মিছা বেচি ভাল পায় ই ধুৰুৱ কথা, নাইবা পৃথিৱীত উপন্যাস বা উপকথাৰ ইমান প্ৰচলন নহ’লহেঁতেন। কিন্তু মিছা কথা নানা বিধৰ আছে আৰু প্ৰত্যেক বিধৰ অভিপ্ৰায় বেলেগ বেলেগ। কোনো মিছা মানুহক ছলিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক বঞ্চিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক হঁহুৱাবৰ অভিপ্ৰায়ে কোৱা হয়। এই সকলো বিধৰ মিছা গৰ্হিত বা দোষণীয় মিছা বুলিব নোৱাৰি। যি মিছাৰ অভিপ্ৰায় বেয়া সেই মিছাহে দোষণীয়। মানুহৰ মনোৰঞ্জন কৰিবলৈ যি মিছা কোৱা হয় তাক দোষণীয় মিছা বোলা যুগুত নহয়, ই মিছালিৰ এটা সজ ব্যৱহাৰ মাথোন। পণ্ডিতবিলাকে নিজৰ কল্পনাত নানা ৰকম ঘটনা গঢ়ি লৈ সেইবোৰক বুদ্ধি কৌশলেৰে ভালকৈ সজাই সুৱলা উপকথা ৰচনা কৰে, আৰু মানুহে সেই উপকথা শুনি বা পঢ়ি মনত তৃপ্তি পায়। এই তৃপ্তি বা এই উপকথা কোনোটোক বেয়া বুলিব নোৱাৰি, আৰু এনেকুৱা উপকথা ৰচোঁতাবিলাককো মিছলীয়া বুলি নিন্দিব নোৱাৰি। এই উপকথাৰ অভিপ্ৰায় সজ, এতেকে তাত মিছা কথাবোৰো সজ মিছা।

       তৃপ্তিকৰ উপকথা ৰচিবলৈ বৰ টান। বিদ্যা বুদ্ধি নথকা মানুহে উপকথা ৰচিলে সি সুৱলা হৈ নুঠে। বুদ্ধিমন্ত মানুহেহে ভাল উপকথা ৰচিব পাৰে। পণ্ডিত মানুহৰ উপকথা আচল সঁচা কথা যেন বোধ হয়। আন আন বিধৰ মিছা কথাবোৰো উপকথা, তাকো বুদ্ধি নহলে মানুহে ভালকৈ গঢ় লগাই কব নোৱাৰে। এতেকে দেখা যায় যে মিছালি এবিধ শিক্ষাৰ ফল। অলপ শিক্ষা বা বিপৰ্য্যয় শিক্ষাৰ পৰা মানুহ মিছলীয়া হয়। সমূলি শিক্ষা নোপোৱা মানুহে মিছা কথা কব নাজানে। অশিক্ষিত অঁকা ডফলাই গঢ় লগাই মিছাই কথা কব নোৱাৰে, কিন্তু সঁচা কথা কবলৈ শিক্ষাৰ বৰ প্ৰয়োজন নহয়। ইয়াৰ কাৰণ এই যে সঁচা কথা সদায় দেখা শুনা কথা, তাত নুতুন কোনো কথা যোগ দিব নালাগে বা তাৰ পৰা কোনো কথা বাদ দিবও নালাগে। এই দেখি ভেবা ভোদায়ো সঁচা কথা আঁৰ নলগাকৈ ক’ব পাৰে।

       মিছা কথাৰ ঘাই হেতু অপকৰ্ম্ম। কুপ্ৰবৃত্তিৰ দণ্ডিত মানুহে অপকৰ্ম্ম কৰে, ‘কিন্ত অপকৰ্ম্ম কৰিলে সমাজত অখ্যাতি হয় আৰু কেতিয়াবা ৰাজঘৰীয়া জগৰতো পৰিব লাগে। এই দেখি মানুহে মিছা কৈ অপকৰ্ম্ম ঢাকে। অপকৰ্ম্ম মানুহৰ চৰিত্ৰৰ ছিদ্ৰ তাক মিছা কথাৰে সোপা নিদিলে চৰিত্ৰ ওলাই পৰে। মিছা কথা অপকৰ্ম্মৰ ঢাকনী, যাৰ অপকৰ্ম্ম সংখ্যা সৰহ তাৰ মিছা ক’বৰ হেতু সৰহ। এতেকে মিছা কথা এৰিব লাগিলে অপকৰ্ম্মৰ পৰা আঁতৰত থাকি গুপ্ত কথাৰ মূৰ মৰা উচিত।

       মিছা কথাৰ প্ৰায় সকলো বিধেই গৰ্হিত, তাৰ ভিতৰত আন মানুহক বিপদত পেলাবলৈ যি মিছা কোৱা হয় সি আওগৰ্হিত; এই বিধৰ মিছাই মানুহক অনুক্ৰমে পশুৰ শ্ৰেণীলৈ নিয়ে। ঘটনাৰ মেৰত পৰি এদিন এটা মিছা কথা কোৱা বেলেগ কথা, এই বিধ মিছলীয়াৰ পুনৰ সংস্কাৰ হয়। কিন্তু যি আন লোকক বিপদত পেলাই ৰং চাবলৈ মিছা কথা কয়, তাৰ পুনৰ সংস্কাৰ নাই, তাৰ মন মিছাৰ গৰলে একেবাৰে জিনি পেলায়। চৰিত্ৰ ভাল কৰিব লাগিলে এনেকুৱা মিছাৰ পৰা দূৰতে বিদূৰ হোৱা উচিত। অপকৰ্ম্ম ঢাকিবলৈ কোৱা মিছা কথাৰ শেষ আছে, কাৰণ অপকৰ্ম্ম কৰিবলৈ এৰিলে তেনে মিছাৰ প্ৰয়োজন নোহোৱা হয়, কিন্তু ছলাহী মিছাৰ শেষ নাই। মাছৰ কণী হাজাৰ হাজাৰ, মিছাৰ কণী অলেখ। এনেকুৱা মিছাই পোৱালী পাৰে, ইয়াৰ এটা মুখৰ পৰা ওলালে শটাই পাচ ধৰে। এই বিধৰ মিছা এৰোঁ বুলি এৰিবলৈ টান, কিয়নো মিছা কথা কৈ অনেক বিপদত পেলালে আন জনৰ মনত খং উঠে, আৰু সি তাৰ পোটক তুলিবলৈ চেষ্টা কৰে, ফলত গৈ এটা সংগ্ৰাম উপস্থিত হয়। সেই সংগ্ৰামত আদিৰ মিছা ঠিক ৰাখিবলৈ অসংখ্য নতুন মিছা স্ৰজিব লগীয়া হয়। মিছা কথাৰ ঠেং চুটি, তাক আন মিছাৰে ঢোকা নিদিলে ৰব নোৱাৰে। মিছাইহে মিছাৰ বল।

       কেতিয়াবা কেতিয়া মিছা ভাব এটাকো সঁচা কথাৰে প্ৰকাশ কৰিব পাৰি। বহুতে সত্যবাদী বোলাবলৈ এই বুদ্ধি কৰে। কিন্তু ইয়াৰ পৰা সত্য ৰক্ষা নপৰে। যাৰ আগত কথা কোৱা যায় তাৰ বিশ্বাসেই কথাটোৰ সঁচা মিছাৰ প্ৰমাণ। তোমাৰ বৰ্ণনাৰ পৰা যদি সি আচল কথাটো বুজে, তেনেহলে তুমি তাক সঁচা কথা কৈছা, যদি মিছা কথা এটা সচাঁ বুলি বুজি যায়, তেনেহলে,তুমি মিছা কথা কৈছা তোমাৰ কথা কেইআষাৰ সঁচা হ’ব পাৰে, কিন্তু সেই বুলি তোমাক সত্যবাদী বুলিব নোৱাৰি। অশ্বত্থামা হত-ইতি-গজ কাহিনী সকলোৱে জানে। এই বাক্যৰ কথা কেই আষাৰ সঁচা, কিন্তু ভাবটো মিছা। ফট্‌ফটীয়া মিছা ক’লে চৰিত্ৰৰ ওপৰত যি ফল ফলে, এইদৰে চাঁচৰি কোবাই মিছা ক’লেও সেই ফল ফলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top