উৎসাহ

দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান কাম উজু কৰে, আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে। উৎসাহ হেঁপাহৰ পৰা ওপজে হেঁপাহৰ দণ্ডিত মানুহে দুৰ্ঘোৰ সঙ্কটক ইতিকিং কৰি সহস্ৰ বিপদ হেলাৰঙ্গে তৰিব পাৰে। বাঘ, মহ, হাতী, গঁড় একোৱে হেঁপেহুৱাৰ বাট ভেঁটিব নোৱাৰে তাৰ উৎসাহৰ অমূৰ্ত্তক সোঁতত হিমালয়ৰ নিচিনা বাধাও তৃণ যেন হৈ উটি যায়। হেঁপাহত উৎসাহ জন্মে, উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।

 উৎসাহ হেঁপাহৰ পৰা জন্মিলেও,তাক শকত কৰিবলৈ অন্য আহিলা লাগে, সেই আহিলা আশা। আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ’লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়। আশাৰ কম বেচি অনুসৰি উৎসাহ কম বেচি হয়, অৰ্থাৎ আশা যিমান বাঢ়ে উৎসাহো সিমান বাঢ়ি যায়, আৰু আশা কমিলেই উৎসাহো কমে। যি কৰ্ম্ম সিদ্ধি হ’বৰ সমূলে আশা নাই,তাক কৰিবলৈ মানুহৰ মন কেতিয়াও নুধায়।

 আগত যি হেঁপাহৰ কথা কোৱা হৈছে সি কৰ্ম্মফলৰ হেঁপাহ, অ্ৰথাৎ এটা কাম কৰি তাৰ ফল লাভ কৰিবলৈ মনত যি অভিলাষ ওপজে তাকে হেপাহ বোলা হৈছে। আচলতে উৎসাহৰ গৰাকী কৰ্ম্মফল। যি কৰ্ম্মৰ ফল পাবলৈ মনত বৰ অভিলাষ জন্মে, সেই কৰ্ম্ম কৰিবলৈ উৎসাহো জন্মে। যাৰ মাছৰ নিমিত্তে বৰ অভিলাষ সি জাল পতা, পানী সিচাঁ, বা উজাগৰে থকা আদি মাছ ধৰিবলৈ যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম বৰ উৎসাহেৰে আৰু উলাহেৰে কৰে। যাৰ মাছলৈ অভিলাষ নাই তেনেবোৰ কামত তাৰ উৎসাহো নাই। এতেকে কৰ্ম্মত হাত দিবৰ আগেয়ে তাৰ ফললৈ হেঁপাহ হ’ব লাগে।

 হেঁপাহ জন্মাবৰ ঘাই উপায় ফলৰ চিন্তা। ফল লাভ হ’লে যি সুখ বা সুচল হ’ব তাৰ বিষয়ে মনত চিন্তা কৰিলে ফললৈ হেঁপাহ জন্মে। পৰীক্ষা দিবলৈ ওলোৱা ছাত্ৰবিলাকত ইয়াৰ প্ৰমাণ পোৱা যায়। পৰীক্ষাত উঠিলে মানুহে কেনে প্ৰশংসা কৰিব, জীৱনত কিমান সুবিধা হ’ব ইত্যাদি পৰীক্ষাত উঠাৰ ফলবিলাক মনত পাগুলিবলৈ ধৰিলে সিহঁতলৈ হেঁপাহ হয়, আৰু সেই হেঁপাহৰ গুণত পঢ়িবলৈ মন যায়। কোনো কোনো মানুহক দেখা যায়, সিহঁতে বৰ টান কামো উৎসাহেৰে কৰে, হাজাৰ খোঁচৰ হ’লেও তাত সিহঁতৰ আমনি নালাগে। ইয়াৰ আচল কাৰণ এই যে সেই কামটোৰ ফললৈ সিহঁতৰ বৰ চকু থাকে, কামটো সিদ্ধ হ’লে যি ফল হ’ব তাক সিহঁতে দিনে নিশায় মনত আলচে। এক তৰপ মানুহে এই কথা উলাই কৰে, আৰু কয় ফললৈ বাঞ্ছা নকৰি কৰ্ত্তব্য বিবেচনাৰ পৰাহে কাম কৰা উচিত। আমাৰ বিবেচনাত এনে কথা অসম্ভৱ। ফললৈ চকু নাথাকিলে কোনো কামতে উৎসাহ নহয়,আৰু উৎসাহ নহ’লে কাম সুসিদ্ধ নহয় বুলি আগে কোৱা হৈছে। ফল লাভ কৰাই কামৰ উদ্দেশ্য,সেই ফলৰ আশা মনৰ পৰা আঁতৰত থৈ কাম সাধিব খুজিলে জ্বাল নুমাই দি চাউল সিজাবলৈ চেষ্টা কৰা যেন হয়। ‘নিস্বাৰ্থ কাম’ এটা কবৰ কথা মাথোন, তাত একো সাৰুৱা যুক্তি নাই। কোনো এবিধ স্বাৰ্থ নাথাকিলে মানুহে কামত হাত নিদিয়ে। ধন, মান, যশস্যা, ক্ষমতা বা আনন্দ এইবিলাকৰ এটা নহয় এটালৈ চকু ৰাখিহে মানুহে কাম আৰম্ভ কৰে। দৰিদ্ৰক দান দিয়া উৰি-আপ্ৰাণীক সহায় কৰা ইত্যাদি কেতবোৰ কামত কৰোঁতাৰ একো স্বাৰ্থ নোহোৱা যেন দেখা যায়, কিন্তু দকৈ গমি চালে সেইবোৰতো স্বাৰ্থৰ ছাট ওলাব। দৰিদ্ৰক দান দিলে মনত আনন্দ জন্মে আৰু সমাজত যশস্যা বাঢ়ে, এই আনন্দ বা যশস্যাই দাতাৰ উৎসাহৰ কাৰণ হয়। দানৰ পাৰত্ৰিক ফল আমাৰ আলোচনাৰ বিষয় নহয়।

 ওপৰত কোৱা কথাৰ পৰা ঠাৱৰকৈ বুজা যায় যে কামে পতি কৰোতাৰ এটা স্বাৰ্থ থাকে, সেই স্বাৰ্থলৈ উগ্ৰ দৃষ্টি ৰাখি কাম কৰা যুগুত। স্বাৰ্থ কথা আষাৰত অলপ নিন্দাৰ ভাব আছে, স্বাৰ্থ নুবুলি অভিপ্ৰায় বুলিলে তেনে ভাৱ নাথাকিলহেঁতেন, কিন্তু অভিপ্ৰায় কথা আষাৰে আমাৰ মনৰ ভাবটো ষোলকলায় প্ৰকাশ নকৰে, সেই দেখি অভিপ্ৰযাৰ থলত স্বাৰ্থ ব্যৱহাৰ কৰা হৈছে, ইয়াত স্বাৰ্থ শব্দটো আপোনপেটাৰ ভাবত নধৰি অভিপ্ৰায়ৰ ভাবত ধৰিব লাগিব।

 মানুহে স্বভাৱতে উৎসাহী মানুহৰ পাচ ধৰে, উৎসাহীক নায়ক বৰণ কৰিবলৈ আৰু তাৰ কথা মতে চলিবলৈ লাজ নকৰে। এই নিমিত্তে উৎসাহী মানুহ সমাজত মুখিয়াল হয়। কোনো কাম বহুতে গোট খাই কৰিলেও যশস্যা উৎসাহী জনৰহে হয়, আৰু কামত ধন থাকিলে তাৰো ডাঙৰ ভাগ উৎসাহীয়ে পায়। উৎসাহে পৰিশ্ৰমৰ দুখ কমা, আৰু অলপীয়া বিদ্যা বুদ্ধিকো ফলদায়ক কৰে। উৎসাহ সংক্ৰামক, এজনৰ উৎসাহে আন এজন সোঁচৰে। সেই দেখি উৎসাহী মানুহে নিজৰ কামত আনৰ সহায় পায়। নিজে উৎসাহেৰে কামত লাগিলে চাঁওতা বিলাকেও তাত হাত নিদি থাকিব নোৱাৰে। পঢ়াত ল’ৰাৰ উৎসাহ দেখিলে তাক পঢ়াবলৈ মন যায় আৰু এটাই উৎসাহেৰে পঢি়লে আন এটা পুথি লৈ বহে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top