ধনৰ ব্যৱহাৰ

 ধনৰ সকাম আৰু উপাৰ্জ্জনৰ বিষয়ে আগত আলোচনা কৰা হৈছে, কিন্তু তাৰ ব্যৱহাৰৰ বিষয়ে কোনো কথা কোৱা হোৱা নাই। ধন উচিত ৰূপে ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল ফলাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্‌কিনা বা কৃপণ বোলে। কৃপণক নিধনী বুলিলে অযুগুত নহয়। চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ তেনে মানুহৰ সেই দুই চভিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোতে ধনৰ কাৰ্য্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, লৰাই ওমলা খোলাকটি।

 ধনৰ দুইৰকম ব্যৱহাৰ হ’ব পাৰে, প্ৰথম ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী, ঘোঁৰা, গাড়ী, দোলা, বান্দী, বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্ব্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। কৃপণৰ ধন এই কাৰ্য্যবোৰৰ কোনোটোত নালাগে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্ত্তোৱা, এই দুইত বাজে আন কামত ধন ভঙ্গা কৃপণক ধৰ্ম নহয়। তাৰ বিবেচনাত উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোন। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে সি অত্যাচাৰ কৰা যেন বোধ কৰে। উৎসৱত ধন ভাঙ্গিলে তাৰ বিবেচনাত উদ্ভণ্ডালি কৰা বা ওভতগোৰে নচা হয়। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। সি নিজে যেনে খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে তাৰ ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই যি কৃপণৰ ভাতলৈ আশা কৰে, তাৰ জীৱন কুকুৰ জীৱন।

 কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। কোনো মানুহে ডাঙ্গৰ সকাম পাতি সৰহকৈ ধন ভাঙ্গিবলৈ ওলালে, সি তাত বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে, এটা মিছা কথা উলিয়াই তাৰ কুচ্ছা ৰটনা কৰে। এই শ্ৰেণী কৃপণৰ সজ অসজ দুয়ো বিধ বৃত্তিৰ বল কমি যায়, কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে সজ অসজ কোনো বৃত্তিকে চৰিতাৰ্থ কৰিব নোৱাৰি। দয়া বৃত্তি ফলাব লাগিলেও অলপ ধন লাগে, আৰু অহঙ্কাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে।

 কৃপণ আৰু এক শ্ৰেণীৰ আছে। সিহঁতৰ সজ বৃত্তিবোৰৰ তেজ কমি গ’লেও অসজ বৃত্তিবোৰ প্ৰবল থাকে, আৰু সেই অসজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁত বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে, নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচ খন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়। লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খাই আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাঙ্কোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থাৰ কথা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত ডাঙ্কোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নৰয়। ঘৰত খাৰণিৰে ভাত খাই বাজত ঘিঁউৰ ব্যাখ্যা কৰা মানুহ পৃথিৱীত বহুত আছে। সিহঁতৰ বাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল কুন্ধচ। বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ এই ফঁকৰাটো যদিও মানুহে অকল ভৰকাল দৰিদ্ৰত খটায়, ই কৃপণতো ভালকৈ খাটে। ফুল বচা চৰাঘৰ, স্বৰগ দেখা বৰ ঘৰ, এনেকুৱা গৃহস্থালি বহুত কৃপণৰ দেখা যায়। ই কৃপণালিৰ ঢাকন। এই শ্ৰেণীৰ কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক পালং, ভগা কাঁহীক মাইহাং আৰু ফটা কঁথাক নিহালী বুলিহে ব্যাখ্যা কৰে।

 কিহৰ পৰা মানুহৰ কৃপণালি জন্মে তাক ঠাৱৰকৈ কোৱা টান। কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালকৈ গমি চালে দেখা যায় যে সিহঁতৰ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমান সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে। এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে সিহঁতৰ অভিপ্ৰায় সিদ্ধ হ’ব ক’ব নোৱাৰে, গতিকে সিহঁতৰ গোটেইটো জীৱন কৃপণালি কৰি ধন গোটাওঁতেই যায়। আৰু এক শ্ৰেণীৰ কৃপণ আছে, সিহঁতে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, আন একো সিহঁতৰ অভিপ্ৰায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমান বাঢ়ে। সিহঁতৰ নামত ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ। ধনৰ নামত সিহঁত উদ্বাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। ল’ৰা-ছোৱালী বা আন কোনো পৰিয়াল নোহোৱা মানুহৰ পক্ষে কৃপণালি কৰি ধন সাঁচিবৰ কোনো কাৰণ দেখা নাযায়, কিন্তু তেনেকুৱা মানুহৰ ভিতৰত কৃপণৰ সংখ্যা সৰহ। ৰজাৰ আক্ৰোহ আৰু বজাৰ আক্ৰোহ সমান, এটা বচন আছে। ৰজাই আক্ৰোহ কৰি ধন সাঁচে প্ৰজাৰ অৰ্থে খৰচ কৰিবলৈ, কিন্তু বজাই আক্ৰোহ কৰি ধন সাঁচে চাই থাকিবলৈ। এই বিলাক কৃপণৰ বাদে আৰু এক শ্ৰেণীৰ কৃপণ আছে। ইঁহতে কোনো এটা সঙ্কল্প কৰি থোৱা ডাঙ্গৰ কামত খৰচ কৰিবলৈ কট্‌কিনালি কৰি ধন গোটায় আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। আচল মতে ইহঁতক কৃপণ বুলিব নোৱাৰি। খৰচত হাত টান হ’লে মানুহক কট্‌কিনা বা কৃপণ বোলে। ইহঁতৰ হাত টান নহয়, কেৱল আগলৈ খৰচ কৰিবৰ মনেৰে সঞ্চয় কালত কট্‌কিনালি কৰে।

 খৰচৰ হাত টান হ’লে যেনেকৈ কৃপণ নাম পায়, ওচ মোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলেও ধুঁৱাখুলীয়া নাম পায়। কৃপণ হোৱা যেনে নিন্দাৰ কথা, ধুঁৱাখুলীয়া হোৱাও তেনে নিন্দাৰ কথা। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধুঁৱাখুলীয়াইও ধনৰ উচিত ব্যৱহাৰ নাজানে। এজন কেৱল সঞ্চয় কৰাত উত্ৰাৱল, এজন ক্ষয়ঙ্কাৰ কৰাত উত্ৰাৱল। খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা এটা বিষম আহুকাল, তাক খৰচ কৰি অন্ত নকৰে মানে তাৰ মনত সন্তোষ নাই। খৰচৰ কোনো সকাম নাথাকিলেও সি এটা সকাম গঢ়ি লয়। এনে বিধৰ মানুহ এদিন ধনী আৰু এদিন দৰিদ্ৰ হয়, এদিন নানা ভোগ উপভোগ কৰে, এদিন লোণে ভাতে পেট ভৰায়, এদিন লোকক বৰ ভোজ দিয়ে, এদিন লোকৰ দুৱাৰত নিজে আঁচল পাতে। খৰচী মানুহে ধন গোট কৰি কোনো ডাঙৰ কাম দূৰৈৰ কথা নিজে বিপদত তৰিবলৈ তাৰ সমৰ্থ নাইকীয়া হয়। খৰচী মানুহে তাৰ অভাৱৰ উমান নাপায়, সেই দেখি সি সকামত কৈ সৰহ বস্তু আসাদন কৰে, অৰ্থাত এসেৰৰ সকামত দহ সেৰ কিনি একড়াৰ ঠাইত এপোন খৰচ কৰে। ইহঁতে ভৱিষ্যৎ নাভাবে, এশ বাৰ ধনৰ নাটনিত পৰি কক্‌বকাই ফুৰিলেও শিকনি নলয়। ইহঁত আমঠ, ইহঁতৰ স্বভাৱ শুধৰণিৰ বাজ।

 কৃপণালিৰ কাৰণ যেনে ঠাৱৰকৈ ক’ব নোৱাৰি, ধুঁৱাখুলীয়ালিৰো কাৰণ তেনে ঠাৱৰকৈ ক’ব নোৱাৰি। ভালকৈ গমি চালে ইয়াক দেখা যায় যে কেৱল খিতাপ দেখুৱাবলৈহে মানুহ ধুঁৱাখুলীয়া হয়। কিন্তু জনা বুজা মানুহে ধুঁৱাখুলীয়ালিক খিতাপ বুলি নধৰে কেৱল চহা দুখীয়া তৰপৰ মানুহে তাক খিতাপ কৰা বোলে। অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে, আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিৱেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে, ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্ব্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নিৰ্ব্বোধ তাত এক ধনিষ্টাও সন্দেহ নাই।

 ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান, এই কথা নিৰন্তৰে কয় আৰু কথা আষাৰত যে সাৰ নাই, এনেও নহয়। জগতৰ সকলো মানুহে ধন আৰ্জে, কিন্তু দুই চাৰি জনহে ধনৱন্ত হয়। বহুতে বিবেচনা কৰে যে যাৰ সৰহ আৰ্জ্জন তাৰ পক্ষে ধনৱন্ত হোৱা টান নহয়। কিন্তু পৃথিৱীত দৃষ্টান্তলৈ চালে এই কথাৰ মিছা ধৰা পৰে। উপাৰ্জ্জন কৰিও অন্তত ঋণৰ বোজা মুৰত লৈ প্ৰাণ এৰা মানুহ জগতত বহুত আছে। এতেকে অৰ্জ্জনৰ কম বেচিত মানুহে ছহকী বা দুখীয়া নহয়, ধনৰ সজ বা অসজ ব্যৱহাৰৰ পৰাহে হয়।

 আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মুল মন্ত্ৰ। আয়ৰ জোখেই খৰচৰ জোখ হোবা উচিত। আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ পূৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাঁই সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জ্জন আৰু অলপ আৰ্জ্জন দুয়োতে খাটে।

 সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয় টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত, আনৰ নিন্দা ভয় কৰি আয় কমি গ’লেও খৰচ অটুট ৰখা অযুগুত। খৰচ সমন্ধে কেতিয়াও চকুলাজ ৰখা উচিত নহয়। তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জনা আনে নাজানে এতেকে নজনা মানুহৰ কথাত উতলা হৈ ভৰক ৰাখি থকা অনুচিত। দুখীয়া মানুহ ধনৱন্ত হ’লে, সি যেন ভৰক দেখুৱাবলৈ লাজ নকৰে, সেইদৰে ধনৱন্ত মানুহেও দুখৰ দিনত ভৰক এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানুহে সিহঁতৰ ভিতৰুৱা অবস্থা ঢাকিবলৈ বাজৰ ভৰক সমানে ৰাখে, এই কথা অযুগুত। নিজৰ বেয়া অৱস্থা ৰিঙ্গিয়াই কৈ ফুৰা উচিত নহলেও তাক জোৰা তাপলি দি উপৰুৱা ঢাকনিৰে ঢাকি থোৱাও উচিত নহয়। ধনী মানুহ দুখত পৰিলে তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে, সি পুতৌ নাপায়। এতেকে অৱস্থা হীন হ’লে বাজৰ ভৰক বাজৰ চাক-চিকুণালি এৰি দি খৰচ কমোৱা উচিত। ইয়াকে কৰিব নোৱাৰি বহুত মানুহ অথাই বিপদত পৰে। খৰচ কমাব বুদ্ধি দিলে এই বিলাক মানুহে কয় যে আগৰ চলন সিহঁতৰ স্বভাৱত বহি গৈছে তাক এৰিব নোৱাৰে। ইহঁত দুৰৱস্থাত পৰিলেও খাবলৈ ভাল বস্তু পিন্ধিবলৈ ভাল কাপোৰ বিচাৰে, দোলা-দুৰ্গোৎসৱ আদি যি বাপতীয়া বাৰ্ষিক থাকে তাকো আগৰ আড়ম্বৰেৰে চলায়। বৰ সবাহ, বৰভজ, দৌল-দুৰ্গোৎসৱ আদি বাৰ্ষিকে কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নোৱাৰি। এই বিলাক মানুহে জনা উচিত যে উৎসৱ আড়ম্বৰ আঢ্যৱন্ত বস্তু, দৰিদ্ৰক সি কেতিয়াও নুশুজে।

 আৰ্জ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায় আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্য্যদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ কাজ মাংস ক্ষয় কৰে, ঋণ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ’লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্‌গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়। এনেকুৱা ঋণ – ব্যাধি পৰাপক্ষত চপাই ল’ব নালাগে।

 ঋণে মানুহক খৰচী কৰে, কাৰণ দুখৰ ধন খৰচ কৰোঁতে মনত যেনে চিন্তা হয়, ঋণৰ ধন খৰচ কৰোঁতে তেনে চিন্তা নহয়। ধন আৰ্জ্জনৰ বহুত দুখ আৰু সেই দুখ আৰ্জ্জোতাৰ মনত সদায় থাকে, খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে গতিকে দুখৰ ধনৰ অবাবত একড়া গ’লেও মন চেংচেঙ্গায়। কিন্তু ঋণ কৰি গোটোৱা ধন তেনে নহয়, সেইদৰে ধন গোটাওঁতে একো কষ্ট নাই, এনেকুৱা ধন বাটত পোৱা ধনৰ নিচিনা, এতেকে তাৰ দোপোণ ছকড়া অথলত গ’লেও মনত চেঙ্গা নালাগে। ধাৰ কৰি অনা ধন মানুহে ওৱাদানিকৈ খৰচ কৰে। এতেকে যি সদায় ধাৰত তলা সি অচিৰে ধুঁৱাখুলীয়া হয়।

 ধাৰ কৰি ধন আনি হাতত লৈ খৰচা কৰা জহতহ, কিন্তু দোকানৰ উঠনা খোৱা বৰ ধ্বংসীয়া কথা। সি নামত যেনে উঠনা কামতো তেনে উঠনা অৰ্থাৎ সি কেৱল উঠিহে যায় নামিব নাজানে।এনেকুৱা ব্যৱস্থাই গৃহস্থালি খাস্তাং কৰে। হাতত লৈ ধন ভাঙ্গিলে ভগনৰ পৰিমাণ চকুৰে দেখা যায় আৰু সৰহ ভগন হ’লে মন বেয়া লাগে। কিন্তু উঠানৰ ভগন চকুৰে নেদেখি, সি কেৱল দোকানীৰ কাকততহে থাকে সেই দেখি উঠনাত বহুত গ’লেও মন নেচেঙ্গায়। বিশেষত নগদ ধনৰে কিনিব লাগিলে মানুহে সৰু অভাৱলৈ মন নকৰে, তেনেকুৱা বহুত অভাৱ আওকান কৰি সংসাৰ চলায়। কিন্তু উঠানত চলা মানুহে এটা অভাৱো সহিব নোখোজে। এটা সামান্য বস্তুৰ নাটনি হ’লেই সিহঁত অস্থিৰ হয়, আৰু তৎক্ষণাৎ তাক কাঁলিয়নে পূৰণ কৰে।

 ধাৰ কৰি ধন গোটাবলৈ বৰ উজু, সেই দেখি অলপ কিহবাৰ নাটনি পৰিলেই মানুহে ধাৰলৈ মন মেলে। ই বৰ অযুগুত কথা। ধাৰ নিজেই এটা আপদ। সামান্য নাটনিত তালৈ, হাত মেলা উচিত নহয়। ডাঙ্গৰ আপদত তৰিবলৈ কেতিয়াবা ধাৰ কৰিবৰ সকাম হয়। কিন্তু তেতিয়াও শুজিবৰ উপায় কৰিবে ধাৰ কৰা উচিত। শুজিবৰ উপায় নথকাতো ধাৰ কৰিলে মানুহক ছল কৰা হয়।

 আয় কমাৰ লগা লগে খৰচ কমাই আনিলে ধাৰ কৰিবৰ সকাম নহয়, এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু ভৱিষ্যৎ গুণা মানুহে সেই নিয়মত চলে। কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নাপায়, সিহঁতে নকমাব লগীয়া খৰচ কমায়, কমাব লগীয়া খৰচ নকমায়, ফলত বহুত চেষ্টা কৰিও মুঠে খৰচ কমাব নোৱাৰে। খৰচ কমাব লাগিলে এদিনীয়া ডাঙৰ খৰচত হাত নিদি প্ৰথমতে নিতৌ কৰা সৰু সৰু খৰচত হাত দিয়া উচিত। এদিন এটা ডাঙ্গৰ খৰচ কৰিলে মানুহ দুখত নপৰে, কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে অনুক্ৰমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচৰ চোৰাং গতি, সি বেগতে চকুত নপৰে কিন্তু বছেৰেকৰ খুচুৰীয়া খৰচ গোট কৰিলে ডাঙৰ খৰচতকৈ ডাঙৰ হয়। বেজীৰ জলঙ্গা মনে, কুঠাৰৰ জলঙ্গা নমনে এই বচনটো সকলো ঠাইতে চলিত আছে। এটকাৰ পাচ এৰি একড়ালৈ হামৰাও কাঢ়িলে মানুহে এই পটন্তৰ দিয়ে। কিন্তু দৰাচল পক্ষত এদিনীয়া এটকা এৰি খুচৰীয়া খৰচৰ একড়াতো বৰকৈ চকু ৰখা উচিত। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। হাতী, ঘোঁৰা, বন্দী, বেটী দুৰৱস্থাত পৰা মানুহৰ পক্ষে নহয়। দুৰ্দিনত দান দক্ষিণাও অযুগুত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top