বিদ্যাধৰ বৰকাকতীৰ ফাকুৱা

সোমধৰ বৰকাকতী এজন প্ৰসিদ্ধ মানুহ আছিল৷ তেওঁক উপাসা নকৰোঁতা নগৰত কেওঁ নাছিল৷ তেওঁ দুকুৰি বছৰ মৌজদাৰী বিষয় কৰি বহুত ধন সম্পত্তিৰ অধিকাৰী হৈছিল৷ ধৰ্ম্মকৰ্ম্মতো তেওঁৰ অচলা মতি আছিল৷ ফাকুৱা, জন্মাষ্টমী, ৰাস আদি কৰি পূজা পাৰ্বণ তেওঁ এটাও বাকী নাৰাখিছিল৷ তদুপৰি বছৰে বছৰে ৰৈ বৈ যোৱাকৈ একোটা বৰসবাহ দিছিল, শেষ কালত তেওঁৰ অৱস্থা অলপ বেয়া হৈছিল, সঁচা, কিন্তু সেই বুলি বছৰেকীয়া ক্ৰিয়াকৰ্ম্ম এটিও এৰা নাছিল৷ 

 বৰকাকতী এতিয়া নাই৷ তেওঁ ঢুকাবৰ আজি তিনি বছৰ হ’ল৷ তেওঁৰ পুতেক বিদ্যাধৰ বৰকাকতীও বাপেকৰ নিচিনা ক্ৰিয়াবান লোক, বছৰে বছৰে বাপেকৰ নিচিনা ফাকুৱা কৰে, বৰসবাহ দিয়ে৷ বুঢ়াকাকতীৰ হাত অলপ টান আছিল, কিন্তু পুতেক তেনে নহয়৷ এওঁ ফাকুৱাত আৰু সবাহত মেলাহাতে খৰচ কৰে, সেই দেখি চুবুৰীয়াৰ মানত এওঁ এজন ঈশ্বৰ৷ 

 বিদ্যাধৰ বৰকাকতীৰ কোনো বিষয় নাছিল৷ বাপেক মৰিলত বাপেকৰ মৌজাখন লবলৈ বৰ চাহাবৰ ওচৰত দৰখাস্ত দিছিল, কিন্তু চাহাবে মৌজাখন নিদিলে৷ এতিয়া বাপেকৰ যি সাই সম্পত্তি আছে তাকে চলাই এওঁ প্ৰবৰ্ত্তন কৰে৷ এতিয়া মাঘৰ মাহ, জাৰো টান৷ ডেকা কাকতীয়ে, ৰাতি পুৱা চৰা ঘৰত জুইৰ ওচৰত ধঁপাত হুপি বহি আছে৷ ধনীৰাম সাতোলাও ওচৰত আছে৷ সি এডোখৰ খৰিত বহি জুই পুঁৱাইছে, আৰু কাকতীৰে সৈতে কিবা মেল পাতিছে৷ এনেতে জুইৰ গোন্ধ পাই ময়ো সেই খিনিত ওলালোঁগৈ৷ মোক দেখি কাকতীয়ে মাত লগালে, “কলৈ যা অ মনহৰি”৷ মই কলো ‘বপা ইয়ালৈকে আহিছোঁ৷ কালি ৰাতি মোৰ গৰুজনী নাহিল, এতিয়া পুৱা জানোচা ওলাইছে তাকে চাবলৈ আহিছিলোঁ৷ পাচে ওচৰতে হুমহুমীয়া জুই দেখি সোমালোঁ৷ ’ এই বুলি ছিলিমটো তুলি লৈ খোঁচাৰি ধঁপাত লগাবলৈ ধৰিলোঁ৷ 

 সাতোলাই কলে, ‘শুনিছেনে বপাদেও! মনহৰি ধপাত লগোৱাত বৰ পাকৈত, আহিয়েই পোনে ছিলিমটোহে লৈছে৷ এইবাৰ ফাকুৱাত ইয়াক ধঁপাত লগোৱা বাব দিব৷ কাকতীয়ে মূৰ দুপিয়াই ওঁ বুলি শলাগিলে, আৰু জুইত দোডোখৰ মান খৰি দি, মাত লগাই কলে, এৰা ই ধঁপাত লগালে বৰ জুতি হয়৷ সেই দেখি আহিলেই মই ধঁপাত লগাবলৈ পাচোঁ৷ আজি মই নোকোৱাকৈয়েই ধৰিছে৷ এই কথা কৈ সাতোলাক সুধিলে, ‘পাচে, তোমাৰ কথাটো মাজতে এৰিলা, পাচে সিহঁতে মোৰ কথা কি কলে? ’ সাতোলাই কাহ এটা মাৰি এতোলামান পকা খেকাৰ উলিয়াই ছাইত পুতিলে, আৰু ঘেৰঘুেৰাই মাত লগালে, “সিহঁতে আপোনাৰ কিটো কব? কিবা বেয়া কব পাৰেনে? ফাকুৱানো কাৰ ঘৰত ডাঙ্গৰ হয়? বৰুৱাৰ ঘৰত ঘট স্থাপনা কৰে, ফুকনৰ ঘৰতো তথৈবচ, ধুমধামেৰে যি হয় কেৱল আপোনাৰ ঘৰতহে৷ আপুনি এবাৰ ফাকুৱা নকৰক মাথোঁন, মূৰ দোঁৱাবলৈ ঠাই নাইকিয়া হব৷ সিহঁতে ইয়াকেহে কৈছিল৷ আপোনাক সিহঁতে মুখে ধৰে মানে প্ৰশংসিলে৷ কথাৰ মূৰতে মই ধপাত ছিলিম কাকতী বপাক দিলো, তেও ধোৱাখোৱা লৈ খাবলৈ ধৰিলে, আৰু কলে বুজিছা নে সাতোলা, মই ফাকুৱা এৰোঁহে বুলিছো, মই আৰু বলে নোৱাৰাত পৰিছো৷ এই কথা শুনি সাতোলাই চকুযোৰ ডাঙ্গৰকৈ মেলিলে আৰু কাকতীৰ ফালে চাই কলে “বপা দেও৷ ফাকুৱাটো আপুনি এৰোঁ বুলি কেনেকৈ এৰিব, পিতৃ- পুৰুষৰ ধৰ্ম্ম, তাক এৰিলে নো ভাল বুলিব কোনে? কাকতীয়ে কলে ‘এৰা৷ মই তাকো একোবাৰ ভাবোঁ৷ ধাৰে হওক ঋণে হওক, পিতাদেৱে পূজা ভাগ এৰা নাছিল৷ মইনো কেনেকৈ নকৰি থাকোঁ৷ আৰু সাতোলা! ঈশ্বৰৰো এফেৰি কৃপা আছে৷ সিবাৰ ৰূপৰ নাটনিত পৰি ‘শ্যামৰায়ক’ এনেই এটি সেৱা কৰি থব খুজিছিলো৷ পিছত ঈশ্বৰৰ ইচ্ছা, ঠিক সময়ৰ মূৰত ধনবৰে নিয়া ৰূপ কেই টকা দিলেহি, আৰু থানেশ্বৰ বৰুৱাক কওঁতে ৰূপ আঢ়ৈ কুৰি উলিয়াই দিলে৷ এওঁ বাঢ়ি নলও বুলিছে, মূল কেইটকা দিলেই হব৷ এই বাৰো সেই দৰে ঈশ্বৰে কেনেবাকৈ মিলাব৷ এই খিনিতে মই মাত লগালো, বপাদেও, ধাৰ কৰি আনিলেও ঈশ্বৰে মিলোৱা হয়নে? মোৰ এই কথা শুনি সাতোলা জিকজিকাই উঠিল৷ ইয়াৰ কথা এটা বেলেগ, ঈশ্বৰে নিদিয়াকৈ ই পায়! বুজিছে নে বপা দেও, আপুনি একো শঙ্কা নকৰিব৷ যদি তেওঁৰ ইচ্ছা হয় ফাকুৱা আপোনা আপুনি হব৷ 

 সাতোলোৰ কথা কেইষাৰ শুনি মোৰ গাত গোটেই জ্বৰ উঠা দি উঠিল৷ মই কথা সহিব নোৱাৰি আকৌ মাত লগালোঁ, এই দৰে ধাৰ কৰি কৰি ফাকুৱা কৰোঁতেই চাৰিঙ্গৰ পীতাম্বৰ কাকতী লাও লোৱা হল, এতিয়া তেওঁক কোনেও নোসোধে৷ মোৰ এই কথা কেইটা কাকতীৰ কাণত কাঁড় লগাদি লাগিল৷ তেওঁৰ নাকৰ আগ, কাণৰ আগ ৰঙ্গা পৰিল৷ তেওঁ মোৰ ফালে চকু পোন্দোৱাই, মুখ জোকাৰি জোকাৰি কলে, তই মোক চাৰিঙ্গৰ পীতাম্বৰ যেন দেখিছনে? তাৰ বাপেকে কাহানি কেইটা ফাকুৱা কৰিছিল অ? সি জানিবা ঠিকাদাৰ হৈ দুদিন মান ৰৰৈয়া হৈছিল, পাচে ওভতগোৰে নাচি ৰসাতললৈ গল৷ সিহঁতক সেই বোৰে শুজিব কেলৈ৷ ৰাজহংসক দেখি ঘন- চিৰিকাইও—এই খিনিতে সাতোলাই মাত লগালে, বাপাদেও! পীতাম্বৰনো কাকতী হল কাহানিৰ পৰা? চাৰিঙ্গৰ কুলধৰ কাকতীৰ ঘৰক মই জানো, পীতাম্বৰ হুনু তেওঁৰ একো বংশ নালাগে, তেনেহলেনো চাৰিঙ্গত আৰু কোন কাকতী আছে? ’এ৷ তুমি জনা নাইনে, সাতোলা! আজিকালি কাকতী কটকী বৰা বৰুৱা খিতাপ বজাৰত কিনিবলৈ পায়৷ ধন হলে তুমিও সাতোলা খিতাপ পেলাই দি বৰফুকন বৰবৰুৱা কিনি লব পাৰা৷ কাকতী আগেয়ে লেপেটা পাৰি বহি আছিল, পাচে কথাৰ বেগত উঠি বহিল, আৰু হাতৰ আঙ্গুলি জোকাৰি কবলৈ ধৰিলে, পীতাম্বৰে দুদিনমান ধনী বোলাইছিল নহয়, গুৰি-গছ নোহোৱা, জাঁজিত উটি অহা পীতাম্বৰ তেতিয়াৰ পৰা কাকতী হৈছে৷ সেই পীতাম্বৰে সৈতে ( মোৰ ফাললৈ চাই ) ই অজ্ঞানে মোক সমান পাতিছে নহয়৷ মই হাজাৰো দুখত পৰোঁ, মোক কাকতীৰ ঘৰৰ বুলি কোনে নকব, সাতোলাই হয়! হয়! বুলি শলাগিলে, আৰু কলে ‘বপাদেও, দুখত পৰিলে ডাঙ্গৰ মানুহ ভঙ্গা যায়নে? যি ডাঙ্গৰ, সি ডাঙ্গৰ৷ 

 মই কাকতীৰ ঘৰক ভালকৈ জানো৷ তেওঁলোকৰ তলি একেবাৰে উদং৷ বাপেকে মৌজাদাৰ হৈ যি অলপ ঘটিছিল পুতেকে আজি তিন বছৰে তাক ওৰসাং কৰিছে৷ এতিয়া তেওঁ কেৱল ধাৰতহে চলি আছে৷ তথাপি এই ধনীৰাম সাতোলাৰ নিচিনা হাই দি খোৱা ৰিং দি পলোৱা মানুহৰ উচতনিচত ধাৰৰ ওপৰত ধাৰ কৰি ফাকুৱা বৰসবাহ চলায়েই আছে৷ মই মাজে মাজে তেওঁক এই বিলাক ভাল মন্দ কৈ থাকোঁ, কিন্তু তেওঁ মোৰ কথালৈ কাণ নকৰে৷ তেওঁ মোক আদ্‌বলিয়া বুলি মোৰ কথা উৰাই দিয়ে৷ আজি ভালকৈ দু-আষাৰ মান শুনাম বুলি আকৌ মাত লগালোঁ, ’ৰূপাদেও, মই নাজিৰ দেউতাৰ মুখে শুনিলোঁ, আপোনাৰ ধাৰ বোলে তিনি হাজাৰ৷ ইমানবোৰ ধাৰণো আপুনি কেনেকৈ শুজিব খুজিছে? সিদিনা হুজুৰৰ টেকেলাই ঘৰৰ বয় বস্তু এটাইখিনি ৰাজলৈ উলিয়াইছিল, পাচে তীৰ্থেশ্বৰ গগৈৰ অনুগ্ৰহত জানিবা বহুখিনি নিলামত নুঠিল৷ সেই তো সেয়েই৷ ইফালে আকে তিনটা গোচৰ লাগিয়েই আছে, সেইসোপা ডিগ্ৰী হব লাগিলে আপোনাৰ গৃহস্থালি একেবাৰে পানী হব৷ তেওচোন আকৌ ধাৰ কৰি ফাকুৱা কৰিবলৈ ওলাইছে৷ ’

 মোৰ কথা শুনি কাকতী এইবাৰ একেবাৰে টিঙ্গিৰি তুলা যেন হল, আৰু চকু ৰঙ্গা কৰি মোৰ মুখৰ আগত সোঁ হাতৰ মুঠি জোকাৰি কবলৈ ধৰিলে, ‘তোৰ বৰ পীত বাঢ়ি গৈছে, তই আগতেই ইমানখিনি কথা শুনাৱ, তই মোৰ ওপৰত কিবা চৰদাৰ ওলাইছ নে কি? ( সাতোলাৰ ফাললৈ চাই ) ই মোৰ ঘৰতেই মোক অপমান কৰিলে৷ ই সদাই মোৰ বেয়াটোহে দেখে, বাটে ঘাটে যতে দেখে ততেই কেৱল মোৰ ধাৰৰ কথাহে উলিয়ায়৷ সিদিনা বৰুৱাৰে সৈতে ফুৰিবলৈ যাওঁতেও বাটত তেওঁৰ আগতেই ধাৰৰ কথা উলিয়াই ছিল৷ মই ই আদ্‌বলিয়া বুলি কথালৈ কাণ নকৰোঁ, কিন্তু ই মোক যতে ততে অপমান দিবলৈহে বিচাৰি ফুৰে৷ ’ সাতোলাই কলে ‘হয় তো, এনেবোৰ কথা ভাল নহয়৷ ধাৰ নালাগে কাৰ? ডাঙ্গৰ মানুহ হলেই দোপোন দুকড়া ধাৰ থাকে; সিয়ো এটা নিন্দাৰ কথানে? ইয়াৰ মুখ খনেই এনেকুৱা, ইয়াক ইয়ালৈ আহিব দিয়াই অযুগুত৷ এনেকুৱা মুখৰ যহত হে সিদিনা ফুকনৰ গতা খাই ওলাই আহিছে৷ ’

 মই ভালকৈ জানো ধনীৰাম সাতোলা ৰান্ধনী উচটাই জোল খোৱা মানুহ৷ সিয়েই কুবুদ্ধি দি দি কাকতীৰ পুৰণি ঘৰখন খাস্তাং কৰিলে৷ সি যেতিয়াই এই দৰে মাত লগালে, মোৰ একেবাৰে জঁক উঠিল৷ মই কলোঁ, ফুকনে মোক নগতিয়াব কেলেই, মই হিতবুদ্ধি দিওঁ নহয়৷ তেওঁৰ টেঁটুৰ গুৰিলৈকে ধাৰ, ধাৰত কোনোবা দিনা ঘৈণীয়েকৰ মেখেলা খনো বেচা যায় হে লাগে৷ তেও পাঁচদিনীয়া দেবী পূজা এৰিব পৰা নাই৷ পূজাত গান লাগে, থিয়েটৰ লাগে, ঢুলীয়া লাগে৷ ঘৈণীয়েকৰ খাৰু বন্ধুৱা থৈ পূজাটো পাতিলে, মই তাকে কওতে মোক গতিয়ায়, মই বলিয়া, মই গাধ, মই আৰু কি নহওঁ৷ এখেতো ফুকনৰ পিড়াতেই বহিছে৷ সিবাৰ থানেশ্বৰ বৰুৱাৰ পৰা ৰূপ ধাৰ কৰি ফাকুৱা কৰিলে, ইবাৰ আকৌ এজনৰ পৰা কেই কুড়ি মান ধাৰ কৰক, ইফালে টেকেলাই ক্ৰোকৰ ‘পৰণা’ লৈ নিতৌ আহে৷ মোৰ এই কথাত কাকতী জুই যেন হল, আৰু হঠাৎ কাৰে থাপ মাৰি মোৰ চুলিত ধৰিলে৷ ভাগ্যে যে আগদিনা চুলিবোৰ চুটিকৈ কাটিছিলো৷ মই উৰ্ফাল মাৰি এৰাই গৈ বাট ওলালোঁ, নাইবা সেই দিনাই আমাৰ ফালে পতং৷ কাকতীয়ে মোক ধৰিব নোৱাৰি এডোখৰ খৰি ফৰ্ম্মুটি মাৰি পঠিয়াইছিল, সিয়ো কিবা সুভাগ্যৰ গুণত মোৰ গা ঢুকি নাপালেহি৷ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top