ভূমিকা:
সুজলা-সুফলা শস্যশ্যামলা অসমভূমিৰ বুকুত যুগে যুগে জন্ম লাভ কৰিছে একো একোজন অনন্য পুৰুষে। তেনে মহান ব্যক্তিত্বসম্পন্ন পুৰুষসকলৰ মাজত প্ৰতিভাৰ স্যামন্তক মণি লুকাই থাকে। বর্তমান যুগতো এনে বহুজন সু-সন্তানৰ জন্ম হৈছে যাৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। জীৱনৰ খন্তেকীয়া সময়ছোৱাতে অসমীয়া ভাষাসাহিত্যক নতুনত্বৰ আলোকেৰে আলোকিত কৰা তেনে এজন ব্যক্তি হ’ল পণ্ডিত আনন্দৰাম বৰুৱা। অতি কম সময়ৰ এটি জীৱনত আনন্দৰাম বৰুৱাই অসমীয়া ভাষাসংস্কৃতিৰ জগত উজ্জ্বল মণি মুকুতাৰে খোদিত কৰি থৈ গ’ল।
আনন্দৰাম বৰুৱা-anundoram borooah
প্ৰতিভাৰ পৰিচয় খোজে খোজে:
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ মজিন্দাৰ বৰুৱাৰ বংশত ১৮৫০ চনত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱানী। কম বয়সতে আনন্দ ৰাম বৰুৱাই মাতৃক হেৰুৱাব লগা হয়। তেওঁ প্ৰাথমিক শিক্ষাৰ লগে লগে ঘৰতে এগৰাকী পণ্ডিতৰ অধীনত সংস্কৃত শিক্ষা লাভ কৰিছিল। এই ক্ষেত্ৰত আনন্দৰামে অতি কম সময়তে নিজৰ কৃতিত্বৰ পৰিচয় দিছিল।
১৮৬৪ চনত চৌধ্যবছৰীয়া আনন্দৰাম উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰীক্ষা অর্থাৎ, এট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজীয়া শিক্ষা লাভৰ বাবে তেওঁ কলকাতালৈ ৰাওনা হৈছিল। শিক্ষা জীৱনৰ প্ৰতিটো পদক্ষেপতে আনন্দৰাম বৰুৱাই সফলতাৰ উচ্চ শিখৰত পদার্পণ কৰিছিল। ১৮৬৬ চনত তেওঁ এফ এ পৰীক্ষাত বিশ্ববিদ্যালয়ত ষষ্ঠ স্থান অধিকাৰ কৰি গণিতত সৰ্ব্বোচ্চ নম্বৰেৰে ‘ডাফ স্কলাৰশ্বিপ’বৃত্তি লাভ কৰে। আনন্দ ৰাম বৰুৱাৰ আগতে কোনো অসমীয়া ছাত্ৰই বিশ্ববিদ্যালয়ৰ তেনে সন্মান লাভ কৰা নাছিল। প্ৰেছিডেন্সি কলেজৰ পৰা ১৮৬৯ চনত প্রথম শ্রেণীৰ তৃতীয় স্থান লাভ কৰি স্নাতক (বি এ) পৰীক্ষাত উত্তীৰ্ণ হয়।
তেওঁ অসমৰ প্রথম স্নাতক। উচ্চশিক্ষা লাভৰ উদ্দেশ্যে প্রতিযোগিতামূলক পৰীক্ষা দি ‘ষ্টেট স্কলাৰশ্বিপ’ আৰু ‘গিলক্রাইট স্কলাৰশ্বিপ’ লৈ আনন্দৰাম বৰুৱা ইংলেণ্ডলৈ যাত্ৰা কৰে। বিলাতত একেলগে তিনিটা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। একেলগে আৰু সুখ্যাতিৰে আনন্দৰামে আই চি এছ, বি এছ চি আৰু আইন পৰীক্ষাত উত্তীৰ্ণ হ’ল। তেওঁ অসমৰ প্ৰথম বেৰিষ্টাৰ আৰু আই চি এছ পৰাক্ষাত উত্তীৰ্ণ হোৱা লোক। উচ্চ শিক্ষাত বিৰল দৃষ্টান্ত দেখুৱাই তেওঁ ১৮৭২ চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে।
শিক্ষা গ্ৰহণৰ কালছোৱাত আনন্দ ৰাম বৰুৱাই অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পণ্ডিত মেক্স মূলাৰৰ সান্নিধ্য লাভ কৰিছিল। বিলাতৰ পৰা ঘূৰি অহাৰ পাছত আনন্দৰাম বৰুৱাই সহকাৰী উপায়ুক্তৰূপে নিযুক্তি লাভ কৰি শিৱসাগৰ জিলাত কৰ্মজীৱন আৰম্ভ কৰে। তাত কিছুদিন কাৰ্যনিবাহ কৰাৰ পাছত বংগলৈ বদলি হৈ যায় আৰু তাতেই জীৱনৰ বাকীছোৱা সময় পাৰ কৰে। কৰ্মজীৱনত আনন্দ ৰাম বৰুৱাই বহু জনহিতকৰ কার্য সম্পাদন কৰিছিল। বিদ্যালয় স্থাপন, পুখুৰী খন্দা, আলি-পদুলি বন্ধা, আদি কামত আগভাগ লৈছিল। তাৰ বহু নিদর্শন বংগত আজিও বিদ্যমান। সমাজৰ অৰ্থনৈতিকভাৱে দূর্দশাগ্রস্ত লোকসকলৰ কল্যাণৰ অৰ্থে তেওঁ বহু কাম কৰিছিল।
ভাষা-সাহিত্যলৈ অৱদান:
আনন্দ ৰাম বৰুৱাৰ জীৱনত মহত্ব প্ৰদান কৰা মুখ্য দিশটো হ’ল ভাষা-সাহিত্যৰ দিশত আগবঢ়োৱা তেওঁৰ অৱদান। প্রাচীন ভাৰতীয় ভাষা সংস্কৃতত তেওঁৰ অগাধ পাণ্ডিত্য আছিল। সেই পাণ্ডিত্যৰ পৰিচয় পোৱা যায় তিনিটা খণ্ডৰ ইংৰাজী-সংস্কৃত অভিধানখনৰ পৰা। এই সু-বৃহৎ অভিধানখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ লগত বৰুৱাৰ মৌলিক ৰচনা ক্রমে ‘হায়াৰ সংস্কৃত গ্রামাৰ’ আৰু ‘এনচিয়েন্ট জিঅ’গ্ৰাফী অব ইণ্ডিয়া’ নামে দুটা বৰ মূল্যবান সংযোজনা আছে।
মহাকবি ভৱভূতিৰ ‘মহাবীৰ চৰিত’ ৰ সম্পাদনা আৰু তাৰ লগতে সংযোগ কৰা মন্তব্য ‘জানকীৰাম ভাষ্য’ আনন্দৰাম বৰুৱাৰ অন্য এক উল্লেখযোগ্য অৱদান। ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান, সৰস্বতীৰ কণ্ঠাভৰণ। ধাতুবৃত্তিসাৰ, অমৰসিংহৰ নামলিংগানুশাসন (১ম, ২য়, ৩য় খণ্ড), ধাতুকোষ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ আঢ়ি আনন্দৰাম বৰুৱাৰ উল্লেখযোগ্য গ্রন্থ।
আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱনকালত কৰা এক সুবৃহৎ পৰিকল্পনাৰ কার্যৰূপ সম্পূৰ্ণকৈ দিব নোৱাৰিলে। ১৮৮১ চনত ‘এ কম্প্রিহেনচিভ গ্রামাৰ অব দা সংস্কৃত লেংগুৱেজ, ক্ৰিটিকেল, এনালিটিকেল এণ্ড হিষ্টৰিকেল’ নামৰ সংস্কৃত ব্যাকৰণৰ ১২ টা খণ্ডত প্ৰকাশ কৰিবলৈ লৈছিল। প্রথম খণ্ড ১৮৮২ চনত আৰু দ্বিতীয় খণ্ড ১৮৮৪ চনত প্ৰকাশ হয়।
এই বৃহৎ গ্রন্থখনিৰ কাম কৰি থকাৰ সময়ত তেওঁ দুবছৰ সময় চাকৰিৰ পৰা ছুটি লোৱাৰ লগতে দুবাৰ বিলাতলৈও গৈছিল। জামনিীত থকা সংস্কৃত পণ্ডিতসকলৰ লগত আলাপ-আলোচনা কৰি তথ্য সংগ্ৰহ আৰু জ্ঞান আহৰণ কৰি আহিছিলগৈ। অত্যাৱশ্যকীয় তথ্যসমূহ লিপিবদ্ধ কৰি আনি বৰুৱাদেৱৰ নিজস্ব ছপাখানাত কিতাপ প্রকাশ কৰি উলিয়াইছিল। ‘এ কমপেনিয়ন টু দা সংস্কৃত ৰিডিং ফৰ আণ্ডাৰ গ্রেজুৱেটছ অব দা কেলকাটা ইউনিভাৰছিটি’ নামৰ এম এ আৰু বি এ মহলাৰ বাবে আনন্দৰাম বৰুৱাই লিখি উলিওৱা গ্ৰন্থকেইখনো তেখেতৰ মূল্যৱান অৱদান।
অসম বা ভাৰতবাসীৰ বাবেই নহয় সমগ্র বিশ্ববাসীৰ বাবে অতি পৰিতাপৰ বিষয় হ’ল আনন্দৰাম বৰুৱাৰ ক্ষন্তেকীয়া জীৱনকাল। তেওঁ পৰিকল্পনা কৰা আৰু কাৰ্যৰূপ দিবলৈ লোৱা বৃহৎ গ্রন্থখনিৰ কাম সম্পূর্ণ নহল। এইখনৰ বাদেও আৰু ভালেকেইখন হাতে লিখা কিতাপ আৰু কেইবাখনো। কিতাপৰ আচনি তেওঁ কাৰ্যৰূপ দিবলৈ নাপালে। চমু জীৱনৰ পূর্ণৰূপ লাভ কৰাৰ সময়তে কালে তেওঁক হাত বাউল দি মাতিলে।
এটা বৃহৎ পুথিভঁৰাল আৰু জ্ঞান চৰ্চাৰ মাজত সোমাই থাকোতে আনন্দৰাম বৰুৱাই বিবাহিত জীৱনৰ প্ৰতি কোনোধৰণৰ আগ্ৰহ প্রকাশ নকৰিলে। অবিবাহিত আনন্দৰাম বৰুৱাই হয়তো অত্যধিক পৰিশ্ৰমৰ বাবেই কম বয়সতে পক্ষাঘাত ৰোগত ভুগিব লগা হয়। অসীম চেষ্টা আৰু চিকিৎসাই হাৰ মানিলে। শেষত ১৮৮৯ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে মাত্র উনছল্লিশ বছৰ বয়সত তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে।
সামৰণি:
অসাধাৰণ পাণ্ডিত্যৰ গৰাকী আনন্দৰাম বৰুৱাই দৃঢ় মনোবল আৰু আত্মবিশ্বাসৰ বলেৰে অগাধ পাণ্ডিত্যৰ পৰিচয় দি গ’ল। ‘আনন্দৰাম বৰুৱা অসমীয়াৰ আৰ্হি, পথ দেখুৱাওঁতা, নতুন আৰু পুৰণিৰ সামঞ্জস্য লগোৱাৰ জ্বলন্ত দৃষ্টান্ত’। তেও অসমীয়া জাতিক নিজৰ জীৱনৰ আদৰ্শৰে শিক্ষাৰ পথ দেখুৱালে। জ্ঞান আহৰণকে জীৱনৰ সাধনাৰূপে লৈ তেওঁ সংস্কৃত সাহিত্যৰ সাগৰ মথি অমৃতৰ সোৱাদ দি গ’ল।
আগাধ পাণ্ডিত্যসৰল জীৱন যাপন, দয়ালু আৰু নিৰহংকাৰী বৰুৱাৰ চৰিত্ৰ আছিল অতি আকর্ষণীয়। সংস্কৃত সাহিত্যৰ মাজত নিজকে ইমান বিলীন কৰি দিয়াৰ পাছতো আনন্দৰাম বৰুৱা আছিল এগৰাকী নিষ্ঠাবান চৰকাৰী চাকৰিয়াল আৰু সুপ্রশাসক। কিতাপকেই জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ সংগীৰুপে লৈ তেওঁ চমু জীৱনটো আতিবাহিত কৰিলে। আনন্দৰাম বৰুৱা অসমীয়া জাতিৰ বাবে নিশাৰ আকাশৰ উজ্জ্বল জ্যোতিষ্ক। কর্মৰে জীৱনটো মহিমামণ্ডিত কৰাৰ প্ৰয়াসী আনন্দৰাম বৰুৱাক সময়ৰ সোঁতে উটুৱাই নিব নোৱাৰে। তেওঁ চিৰ আদর্শনীয় ব্যক্তি।
(আশা কৰোঁ আপুনি “আনন্দৰাম বৰুৱা-anundoram borooah” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)