এলবাৰ্ট আইনষ্টাইন-Albert Einstein

এলবাৰ্ট আইনষ্টাইন-Albert Einstein

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “এলবাৰ্ট আইনষ্টাইন-Albert Einstein” ৰচনা খনৰ জৰিয়তে এলবাৰ্ট আইনষ্টাইনৰ জীৱন আৰু কীৰ্তিৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

এলবাৰ্ট আইনষ্টাইন ইহুদীবংশীয় বিশ্ববিশ্ৰুত জার্মান পদার্থ বিজ্ঞানী আৰু গণিতজ্ঞ। ১৮৭৯ চনৰ ১৪ মাৰ্চত জাৰ্মানীৰ উলম্ (Ulm) নামৰ সৰু চহৰ এখনৰ মধ্যবিত্ত পৰিয়াল এটাত তেওঁৰ জন্ম। পিতৃ হাৰমেন আইনষ্টাইন আছিল বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ এজন ব্যৱসায়ী। তেওঁৰ দেউতাকৰ এখন ৰাসায়নিক পদাৰ্থ আৰু বৈদ্যুতিক যন্ত্ৰ-পাতিৰ দোকান আছিল। এই দোকানখনৰ পৰাই আইনষ্টাইনে বিজ্ঞানৰ বিষয়ে জনাত বহু সুবিধা পাইছিল। তেওঁৰ মাকৰ সংগীতত বৰ ৰাপ আছিল আৰু ঘৰতো প্ৰায়ে মজলিচ বহিছিল। চাৰিওকালৰ এনে পৰিবেশৰ ফলত আইনষ্টাইনৰ মন সংগীতৰ ফালে ঢাল খায়।

এলবাৰ্ট আইনষ্টাইন-Albert Einstein

এলবাৰ্ট আইনষ্টাইন-Albert Einstein

আইনষ্টাইনৰ বয়স এবছৰমান হওঁতেই তেওঁলোকৰ পৰিয়ালটি মিউনিখলৈ উঠি আহে আৰু তাতেই এলবাৰ্টৰ পঢ়াশলীয়া জীৱনৰ আৰম্ভ হয়। সৰুৰে পৰাই এলবাৰ্টে পঢ়া শুনাত বিশেষ ভাল ফল দেখুৱাব পৰা নাছিল। অৱশ্যে বিজ্ঞান বিষয়ত তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল আৰু সমসাময়িকভাৱে গণিত বিষয়টোৱেও তেওঁক গভীৰভাৱে আকৃষ্ট কৰিছিল। ছাত্ৰ জীৱনত আইনষ্টাইন নিৰস আৰু সাধাৰণতে প্ৰায়ভাগ ছাত্রই বেয়া পোৱা ইউক্লিডিয় জ্যামিতিৰ প্ৰতি অধিক আকৰ্ষিত হৈছিল। সৰুতে বেছিভাগ সময় তেওঁ এই বিষয়ৰ কিতাপ পঢ়িয়েই কটাইছিল। সমান্তৰালভাৱে তেওঁ কলন গণিত আৰু বিশ্লেষণাত্মক জ্যামিতিৰো অধ্যয়ন কৰিছিল।

১৮৯৪ চনত হাৰমেন আইনষ্টাইন সপৰিয়ালে মিলানলৈ আহে। প্ৰথম অৱস্থাত পঢ়াশুনাৰ সুবিধাৰবাবে বাপেকে আইনষ্টাইনক মিউনিখতে থৈ গৈছিল যদিও আইনষ্টাইনে শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে মিলানলৈ গুচি আহে। ইয়াৰ পাছত তেওঁ পদাৰ্থ বিজ্ঞান পঢ়িবৰ বাবে ১৮৯৫ চনত জুৰিখৰ ‘ছুইছ ফেডাৰেল ইনষ্টিটিউট অব টেকন’লজি’ত নাম লগায়। ইয়াৰ পৰাই ১৯০১ চনত তেওঁ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰে।

চাকৰিৰ মাজতে গৱেষণা:

জুৰিখতে তেওঁ সহপাঠিনীৰূপে লগ পায় মিলেভা মেৰিৎছক। প্ৰথম অৱস্থাত সহপাঠীৰ সম্পর্ক পাছলৈ এক ঘনিষ্ঠ সম্পর্কলৈ পৰিণত হয় আৰু ১৯০৩ চনত আইনষ্টাইনে মিলেভাক বিয়া কৰায়। বিয়া কৰোৱাৰ পাছত সংসাৰ চলাবলৈ তেওঁক অর্থৰ প্রয়োজন হয়। ইতিমধ্যে হাৰমেন আইনষ্টাইনৰ মৃত্যু হৈছিল আৰু তেওঁ পৰিয়ালটোৰ বাবে বিশেষ টকা-পইচা ৰাখি থৈ যাব পৰা নাছিল। ফলত স্বাভাৱিকতে আইনষ্টাইনৰ পৰিয়ালত আর্থিক দুৰৱস্থাই দেখা দিছিল।

কিছুদিনৰ পাছত আইনষ্টাইনে এজন বন্ধুৰ সহায়ত বাৰ্ণ চহৰৰ ছুইছ পেটেণ্ট অফিচত এটা কেৰাণীৰ চাকৰি যোগাৰ কৰে। ইয়াত থাকোতেই আইনষ্টাইনে আজৰি পৰত পদার্থ বিজ্ঞানৰ মৌলিক বিষয়বোৰক লৈ গভীৰ চিন্তা আৰু অধ্যয়ন কৰিছিল। ১৯০৫ চনত জাৰ্মানীৰ পৰা প্রকাশিত ‘এনালেন দেৰ ফিজিক’ নামৰ জার্মান ভাষাৰ পত্ৰিকাখনত আইনষ্টাইনৰ তিনিখন গৱেষণাপত্র প্রকাশ হয়। গৱেষণাপত্ৰ কেইখন আছিল ১. ‘কণাৰ ব্ৰাউনীয় গতিবিধি’ (Brownian Motion) সম্পর্কীয়, ২. ‘গতি কৰি থকা অৱস্থাত পদাৰ্থৰ বিদ্যুৎ গতি’ (On the Electrodynamics of Moving Bodies) আৰু ৩. ‘পোহৰৰ উৎপত্তি আৰু ৰূপান্তৰ’ সম্পর্কীয়। এই গবেষণাপত্ৰ কেইখনে সেই সময়ৰ পদাৰ্থবিদসকলৰ চিন্তাভাৱনাক ওলট-পালট কৰি পেলাইছিল। গরেষণাপত্ৰ কেইখনৰ প্ৰথমখনৰ বাবে জুৰিখ বিশ্ববিদ্যালয়ে আইনষ্টাইনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

এলবাৰ্ট আইনষ্টাইন-Albert Einstein

এলবাৰ্ট আইনষ্টাইন-Albert Einstein

১৯০৫ চনত আইনষ্টাইনে তেওঁৰ প্ৰসিদ্ধ আপেক্ষিকতাবাদৰ তত্ব (Theory of Relativity) প্রকাশ কৰে। এই তত্ত্বই মানুহৰ মনত সময়, স্থান আৰু পদার্থ সম্পর্কে নতুন চিন্তাৰ সূচনা কৰিলে। এই তত্ত্বৰ পৰাই জনা গ’ল যে ‘ভৰ’ হ’ল ‘শক্তি’ ৰ সঞ্চিত ৰূপ। ভৰক ৰূপান্তৰ কৰিলে যি বিপুল পৰিমাণৰ শক্তি পোৱা যায়, তাক বুজাবলৈ আইনষ্টাইনে নিৰূপণ কৰিলে তেওঁৰ বিখ্যাত সূত্র E = mc2 অর্থাৎ, শক্তি = ভৰ x পোহৰৰ গতিবেগ2।

উন্নতিৰ জখলাত মহান বিজ্ঞানী:

আইনষ্টাইনে তেওৰ আপেক্ষিকতাবাদৰ তত্বত দেখুৱালে যে, পদার্থৰ ভৰ তাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে। কোনো পদাৰ্থৰ ওপৰত বাহ্যিকভাৱে প্ৰয়োগ কৰা বলৰ পৰিমাণ বঢ়াই যিমানেই সেই পদাৰ্থৰ গতিবেগ বঢ়োৱা হব, সিমানেই সি বাহ্যিক বলক বাধা প্ৰদান কৰি থাকিব, যাৰ ফলত পদার্থৰ ত্বৰণৰ মান কমি আহিব। পদার্থটিৰ বেগ যিমানেই পোহৰৰ বেগৰ কাষ চাপিব, তাৰ ভৰো বাঢ়ি বাঢ়ি এসময়ত অসীম আকাৰ লব। এনে এটা অৱস্থাত পদার্থটিৰ ক্ষেত্ৰত পোহৰৰ বেগক অতিক্ৰম কৰা সম্ভৱ নহয়।

ইয়াৰ পৰা আইনষ্টাইন এনে এক সিদ্ধান্তলৈ আহিল- শক্তিৰ ভৰ আছে, অথবা ভৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। ভৰ আৰু শক্তিৰ গাণিতিক সম্পর্ক বুজাবলৈ গৈ আইনষ্টাইনে দেখুৱালে যে, প্রতি গ্রাম পদার্থক সম্পূৰ্ণকৈ ৰূপান্তৰিত কৰিব পাৰিলে পোহৰৰ গতিবেগৰ বৰ্গ পৰিমাণৰ শক্তি পোৱা সম্ভৱ। ইয়েই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ মূল কথা। এই তত্ত্বৰ সহায়তেই আইনষ্টাইনে দেখুৱালে যে পদাৰ্থৰ পৰমাণুত বিপুল পৰিমাণৰ শক্তি নিহত হৈ থাকে।

ইয়াৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী কালত এটম বোমা নিৰ্মাণ কৰা হয়। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ বিজ্ঞানীমহলত হৈ-চৈ লাগি পৰিল। এই তত্ত্বই গণিত, পদার্থবিদ্যা আৰু ৰসায়ন বিদ্যাৰ মূল ব্যাখ্যাটোকে সলনি কৰি দিলে। লগে লগে আইনষ্টাইনৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিল। প্ৰাগ, জুৰিখ, বার্লিন আদি বহুকেইখন বিশ্ববিদ্যালয়ে তেওঁক অধ্যাপকৰ পদ যাচিলে। ১৯১২ চনত তেওঁ বাৰ্লিনৰ ‘কাইজাৰ ৱীলহেম ইনষ্টিটিউটৰ’ অধ্যাপকৰ পদ গ্ৰহণ কৰে।

বার্লিনত থকা সময়ত তেওঁ বিভিন্ন ধৰণৰ গৱেষণা বিশেষকৈ, কোৱান্টাম তত্ব (Quantam Theory) বিষয়ে গৱেষণা কৰে। কোৱান্টাম তত্বৰ সফল প্রয়োগ কৰিয়েই তেওঁ আৱিষ্কাৰ কৰে আলোক বিদ্যুৎ প্ৰভাৱৰ (Photoelectric Effect) সূত্র। আলোক বিদ্যুৎ প্রভাৱৰ সূত্ৰ আৱিষ্কাৰৰ বাবে ১৯২১ চনত আইনষ্টাইনে লাভ কবে পদার্থ বিজ্ঞানৰ নোবেল বঁটা।

ইতিমধ্যে হিটলাৰ জাৰ্মানীৰ সর্বাধিনায়ক হৈ পৰে। হিটলাৰৰ অত্যাচাৰত ১৯৩৩ চনত আইনষ্টাইনে বার্লিন ত্যাগ কৰিবলগীয়া হয়। বার্লিন ত্যাগ কৰি ফ্ৰান্স, বেলজিয়াম, ইংলেও আদিত কিছুদিন থকাৰ পাছত তেওঁ আমেৰিকাত নিগাজিকৈ থাবিবলৈ লয়। আমেৰিকাত তেওঁ প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে যোগদান কৰে। পাছলৈ আইনষ্টাইন সেই বিশ্ববিদ্যালয়ৰে আচার্য হয়গৈ। ১৯৫৪ চনত তেওঁ ইয়াৰ পৰা অৱসৰ লয়। জীৱনৰ শেষ সময়লৈকে আইনষ্টাইন প্রিন্সটনতে আছিল।

ইহুদীসকলৰ শ্ৰেষ্ঠ ব্যক্তি:

ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেইম ৱাইজমেনৰ মৃত্যুৰ পাছত ইহুদীসকলৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে আইনষ্টাইনলৈ ইজৰাইলৰ ৰাষ্ট্রপতিৰ পদ আগঢ়োৱা হৈছিল। অৱশ্যে আইনষ্টাইনে এই প্রস্তাৱ প্ৰত্যাখ্যান কৰে। জীৱনৰ শেষৰ ফালে আইনষ্টাইনে কোৱান্টাম সূত্ৰ আৰু আপেক্ষিকতবাদৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে গৱেষণা আৰম্ভ কৰিছিল। কিন্তু এই গৱেষণা সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁ প্লীহাৰ ৰোগত আক্ৰান্ত হয় আৰু সেই ৰোগতে ১৯৫৫ চনৰ ১৮ এপ্রিলত আইনষ্টাইনৰ মৃত্যু হয়।

সামৰণি:

আইনষ্টাইনে জাকজমকতা একেবাৰে ভাল নাপাইছিল। তেওঁৰ নাম আৰু যশ সম্বন্ধে একেবাৰে উদাসীন আছিল। ইহুদীসকলৰ কাৰণে এখন স্বাধীন ৰাজ্য স্থাপন কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। এইজনেই আছিল আইনষ্টাইন,– যিজনে গোটেই জীৱন মানৱ আৰু বিজ্ঞান জগতৰ কাৰণে নিজৰ জীৱন আহুতি দিলে। তেওঁৰ দৃঢ়তা, ধৈর্য, অধ্যৱসায় আদি গুণ অনুকৰণীয়। তেওঁৰ চানেকীয়ে মানুহক যুগে যুগে অনুপ্রাণিত কৰিব। আইনষ্টাইনে মৃত্যুকো জয় কৰিলে, তেওঁ অমৰ হৈ ৰ’ল।

(আশা কৰোঁ আপুনি “এলবাৰ্ট আইনষ্টাইন-Albert Einstein” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top