নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese” ৰচনা খনৰ জৰিয়তে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কবি, স্থপতিবিদ, নৃত্যবিদ, চলচ্চিত্র নির্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।
পৰিচয়:
সুন্দৰৰ আৰধনা জীৱনৰ ব্ৰত- সত্য-শিৱ-সুন্দৰৰ আৰাধনাৰে পৃথিৱীখন নতুন ৰূপত সজাই তুলিবপৰা এক বিৰল ব্যক্তিত্ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিৰ জেউতিয়ে অসম মাতৃক উজলাই তুলি বাৰে-ৰহণীয়া সাহিত্য-সংস্কৃতিৰ মণিকোঠা মেটমৰা কৰি থৈ গ’ল।
জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কবি, স্থপতিবিদ, নৃত্যবিদ, চলচ্চিত্র নির্মাতাৰ উপৰিও বিপ্লবী বীৰৰ জলন্ত প্রতীক। মাত্র আঠছল্লিশ বছৰীয়া জীৱনকালত সাহিত্য-সংস্কৃতিৰ কোঠালীয়ে কোঠালিয়ে প্রবেশ কৰা ব্যক্তিত্ব অসমতে কিয় পৃথিৱীৰ বুৰঞ্জীতে বিৰল। অসমীয়া জাতীয় জীৱনৰ সংকটকালত উদ্ধাৰৰ নিমিত্তে জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। তেনে এক আদৰ্শেৰে দ্বিতীয়বাৰৰ বাবে অসমত জন্ম লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।
জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese
জন্ম আৰু শিক্ষা:
১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ মাদাৰীহাট মৌজাৰ তামুলপুৰ চাহ- বাগিচাত জ্যোতিপ্ৰসাদৰ জন্ম হৈছিল। দেউতাক পৰমানন্দ আগৰৱালা আৰু মাক কিৰণময়ী। তেওঁলোকৰ আদিপুৰুষ ৰাজস্থানৰ পৰা আহি অসমত স্থায়ীভাৱে বসতি কৰি অসমীয়া জন-জীৱনৰ মাজত মিলি যায়। সেই বংশৰে হৰিবিলাস আগৰৱালাই প্রথমে কীৰ্ত্তন, দশম, নামঘোষা আদি পুথি ছপা আকাৰত প্ৰকাশ কৰিছিল।
অসমীয়া ভাষা-সাহিত্যৰ অন্যতম উজ্জ্বল নক্ষত্ৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্মও এই পৰিয়ালতে। সেয়েহে জ্যোতিয়ে শৈশৱৰে পৰা এনে এটা পৰিৱেশ পাইছিল, যি তেওঁক জীৱন গঢ়াৰ প্রথম ভেটি নিৰ্মাণ কৰি দিছিল। এটি সংস্কৃতিবান পৰিয়াল, সুন্দৰ বেহেলা বজোৱা দেউতাক, সুৱদী কণ্ঠেৰে আইনাম, বিয়ানাম, নিচুকণি গীতগোৱা মাকৰ কোলাত উঠি জ্যোতিপ্ৰসাদ ডাঙৰ হৈছিল। প্ৰথমে তেজপুৰত আৰু পিছত ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পুনৰ তেজপুৰলৈ গৈ ১৯২১ চনত তাৰ জাতীয় বিদ্যাপীঠৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese
কলা আৰু স্বাধীনতাৰ পূজাৰী জ্যোতি:
১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে জ্যোতিপ্ৰসাদ বিলাতলৈ যায়। এডিনবৰা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও সেই পাঠ্যক্ৰমত তেওঁৰ মন নবহিল। সদায় কলা-সংস্কৃতিৰ ফালে মন উন্মুখ হৈ থকা জ্যোতিপ্ৰসাদ এইবাৰ সম্পূৰ্ণৰূপে সংস্কৃতিৰ পথাৰত নামি পৰিল। অসমীয়া সাংস্কৃতিক জগতৰ প্ৰতিও কিবা এটা কৰাৰ পণ লৈছিল তেওঁ। সেয়ে লণ্ডনত তেওঁ চলচিত্ৰৰ বিষয়ে অধ্যয়ন কৰি জাৰ্মানীলৈ যায়। হিমাংশু ৰায়ৰ তত্বাৱধানত চলচ্চিত্র নির্মাণৰ কাম শিকি ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহে।
সেই সময়ত অসমত স্বাধীনতা আন্দোলন ভৰপক। মহাত্মা গান্ধীৰ বাণীৰে উদ্বুদ্ধ হৈ সকলোৱে আন্দোলনত জপিয়াই পৰিছিল। জ্যোতিপ্ৰসাদৰ অন্তৰতো দেশ প্রেমৰ অগণি জ্বলি উঠিল। তেওঁ আন্দোলনত নামি দেশ উদ্ধাৰৰ বাবে নিজকে নিয়োজিত কৰিলে। তেজোদীপ্ত বস্তৃতা, বিল্পবীসুৰৰ গীত আৰু কবিতাৰে জ্যোতিপ্ৰসাদে অসমীয়া মানুহৰ অন্তৰত দেশপ্রেমৰ ভাব তীব্ৰ কৰি তুলিলে।
বিপ্লৱী ডেকা-গাভৰুক একত্ৰিত কৰি জ্যোতিপ্ৰসাদে সুৰ বাহিনী গঠন কৰি দেশপ্রেমৰ গীতেৰে অসমীয়া জনগণৰ হৃদয় স্পৰ্শ কৰিছিল। জ্যোতিপ্ৰসাদৰ বিপ্লৱী সত্বাক দমন কৰিবলৈ চৰকাৰী পক্ষ উঠি-পৰি লাগিল। বহু চেষ্টাৰ অন্তত আত্মগোপন কৰি থকা জ্যোতিপ্ৰসাদ ১৯৩২ চনত গ্ৰেপ্তাৰ হয়। বন্দী অৱস্থাত অসুস্থ হৈ পৰা জ্যোতিক চৰকাৰে সুবিধা দিছিল, আন্দোলন নকৰাৰ লিখিত প্রতিশ্রুতিৰ বিনিময়ত মুক্তি প্রদান। কিন্তু জ্যোতিয়ে ইয়াক প্ৰত্যাখ্যান কৰে।
১৯৩৬ চনত জ্যোতিপ্ৰসাদ দেৱযানী নামৰ এগৰাকী গুণৱতী কন্যাৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। তাৰ মাজতে সাহিত্য-সংস্কৃতিৰ অবিৰাম চৰ্চা চলি থাকিল। ১৯৪২-ৰ স্বাধীনতা আন্দোলনৰ চৰম পৰ্যায়ত জ্যোতিপ্ৰসাদে নিজৰ জীৱন বিপন্ন কৰি আন্দোলনত আগভাগ লৈছিল।
বুকুৰ তেজেৰে ভাৰতমাতৃৰ চৰণ ধুৱাই যাব খোজা জ্যোতিপ্ৰসাদৰ কলমেৰে লিখা গীত আৰু কবিতা জনপ্রিয় হৈ পৰিছিল। ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদৰ যি কৃতিত্ব তাৰ সমপৰ্যায়ৰ তেওঁৰ সাংস্কৃতিক আৰু সাহিত্যিক জীৱন। অসমৰ নৃত্যগীত, নাট আৰু কাব্যত, অসমীয়া সাংস্কৃতিক জীৱনত অভিনৱত্ব আনি দিয়া জ্যোতিপ্ৰসাদ আগৰৱালা এজন অনন্য নাট্যকাৰ। অতি কম বয়সতে এটি ঐতিহাসিক প্রেমকাহিনী লৈ ৰচনা কৰা ‘শোণিতকুৱৰী’ নাটকখন অসমীয়া নাট্য সাহিত্যৰ ভিতৰতে এখন শ্ৰেষ্ঠ নাটক।
সকলোৰে পৰিচিত এটা পৌৰাণিক কাহিনীত নাট্যকাৰে এনে নতুনত্ব আনি দিলে, যাৰ বাবে দর্শকপাঠক সকলোৰে বাবে সুকীয়া ৰসবোধৰ সৃষ্টি হ’ল। জ্যোতিপ্ৰসাদৰ আন এখনি অনবদ্য নাটক ‘কাৰেঙৰ লিগিৰী’। অসমীয়া নাটকত ট্ৰেজেডীৰ গভীৰতাত প্রেম-প্ৰণয়ৰ সংঘাত, জীৱন-যৌৱনৰ দার্শনিক ভাব উপলব্ধিৰ মহত্ব দেখুৱাবলৈ জ্যোতিপ্ৰসাদৰহে সামর্থ আছিল। নাটকীয় ব্যঞ্জনাৰে চিত্ৰ-বিচিত্ৰ অংকন কৰি অসমীয়া নাটকত বিচিত্ৰতা আনিবলৈ সক্ষম হোৱা জ্যোতিপ্ৰসাদৰ অন্য এখন নাটক ‘ৰূপালীম’। ‘ৰূপালীম’ৰ পাছত ৰচনা কৰিছিল ‘লভিতা’।
সৱল নাৰী চৰিত্রত জ্যোতিপ্ৰসাদে এনে সংলাপ প্ৰদান কৰিছে যি মানৱ হৃদয়ত সুকীয়া ৰক্তৰ স্রোত প্ৰদান কৰিব। এই নাটকখনৰ গঠন ৰীতিত অভিনৱত্ব আছে। নৃত্য আৰু গীতপ্রধান অন্য এখন জ্যোতিপ্ৰসাদৰ নাটক হ’ল ‘নিমাতী কইনা’। অসমীয়া শিল্প ভাস্কৰ্যৰ স্বৰূপ প্রতিফলিত হোৱা নাটক ‘খনিকৰ’ ৰ লগতে শিশুৰ উপযোগী ‘সোণপখিলী’ তেওঁ ৰচনা কৰিছিল। ‘সুন্দৰ কোৱৰ’ আৰু ‘কনকলতা’ দুখন অসম্পূর্ণ নাটক।
জ্যোতিপ্ৰসাদৰ অজস্র কবিতা আৰু গীত অসমীয়া ভাষা-সাহিত্যৰ বাবে অনবদ্য উপহাৰ। ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ ত এইবোৰ সন্নিৱিষ্ট কৰা হৈছে। জ্যোতিপ্ৰসাদৰ গীতৰ সুৰ অসমীয়াৰ অতি আপোন। হিয়াৰ আমঠু মঠি লোকগীতৰ মনপৰশা সুৰেৰে মনপ্ৰাণ চুই যোৱা জ্যোতি সংগীত চিৰদিনৰ বাবে অসমীয়াৰ বাবে আপোন হৈ ৰ’ব। ‘লুইতৰে পানী যাবি অ’ বই’, ‘সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া’, ‘আমাৰ সখি আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই’, গীতবোৰে জ্যোতিপ্ৰসাদৰ নাটকৰ মাজত ৰূপত ৰহণ সানিছে। তেওঁৰ ৰচনাৱালীত ৩৫৯ টা গীত সন্নিৱিষ্ট কৰা হৈছে যদিও বহুসংখ্যক গীত আত্মগোপনৰ সময়ত হেৰোৱা বুলিও সন্দেহ হয়।
‘মা মই সপোনত দেখিলো এটি ভূতৰ পোৱালি’ ৰ দৰে বহু শিশু উপযোগী কবিতা তেওঁ ৰচনা কৰিছিল। কুম্পু সপোন তাৰ অন্যতম। ‘জ্যোতি ৰামায়ণো’ ৰসপূর্ণ ৰচনা। বক্তৃতাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আছিল উচ্চল জলপ্রপাত। ‘শিল্পীৰ পৃথিৱী’, ‘নতুন দিনৰ কৃষ্টি’, ‘অসমীয়া সংস্কৃতি’, ‘পোহৰলৈ’ ইত্যাদি জ্যোতিপ্ৰসাদৰ তথ্যগধুৰ সুদীর্ঘ প্রবন্ধ। চুটিগল্পৰ জগতখনলৈও জ্যোতিপ্ৰসাদৰ অৱদান নথকা নহয়। সাহিত্যৰ কোঠালীয়ে কোঠালিয়ে বিচৰণ কৰা জ্যোতিয়ে সোণতৰা, বগীতৰা, যুঁজাৰু, সোণটিৰ অভিমান ইত্যাদি মন পৰশা গল্প লিখি থৈ গৈছে। উপন্যাস লিখাৰ বাবেও তেওঁ কলম তুলি লৈছিল। ‘আমাৰ গাঁও’ নামৰ উপন্যাসখন অসম্পূর্ণ হৈ ৰ’ল। ইমানতেই শেষ নহয়। মহাত্মা গান্ধীৰ জীৱন সোঁৱৰণ, বেজৰুৱাৰ প্রতিভা, চন্দ্ৰকুমাৰ আগৰৱালা ইত্যাদি জীৱনভিত্তিক ৰচনাও জ্যোতিপ্ৰসাদৰ কলমেৰে নিৰ্গত হৈছিল।
জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese
জ্যোৰ্তিময় জীৱন নাট:
জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনটো আছিল প্ৰতিভাৰ আকৰ। বিদেশত থকা সময়ত তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় জ্ঞানৰ ভিত্তিত প্ৰথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ নির্মাণ কৰিলে। ১৯৩৪-৩৫ চনতে বহু কষ্টেৰে ‘ষ্টুডিঅ’ প্রতিষ্ঠা কৰি ‘জয়মতী’ক সজাই তুলিলে। ১৯৩৭ চনত ‘জোনাকী’ নামৰ চিনেমা হলো প্রতিষ্ঠা কৰে। এই পদক্ষেপেই অসমীয়া চলচ্চিত্ৰক আজিৰ ৰূপ দিছেহি। তাৰ পিছত দ্বিতীয়খন চলচ্চিত্র ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰে ১৯৩৯ চনত। তেজপুৰৰ বাণ ৰংগমঞ্চ সেই যুগৰ অভিনয়ৰ কেন্দ্ৰস্থল আছিল। ১৯৪০ চনত জ্যোতিপ্ৰসাদৰ উদ্যোগত তেজপুৰ সংগীত বিদ্যালয়ৰ আৰম্ভণি হয়। অসমীয়া বাতৰিকাকত ‘অসমীয়া’ৰ সম্পাদনাৰ কামো তেওঁ কৰিছিল।জ্যোতিপ্ৰসাদ অসমীয়া জাতিৰ বাবে দেৱদূত হৈ আহিছিল। গ্ৰীচ ৰজা মীডাচৰ স্পৰ্শত সকলো বস্তুৱে সোণলৈ পৰিৱৰ্তিত হোৱাৰ দৰে জ্যোতিপ্ৰভাই অসমীয়া ভাষা-সংস্কৃতি সোণবৰণীয়া কৰি থৈ গ’ল।
জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese
সামৰণি:
অতি কম বয়সীয়া এটা জীৱন। ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৪৮ বছৰ বয়সত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। অসমীয়া জাতিয়ে তেওঁক ‘ৰূপকোঁৱৰ’ আখ্যা দিলে। সুন্দৰৰ জয়গান গোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ লক্ষ্য আছিল অসুন্দৰক আতৰ কৰি পৃথিৱীক সজাই তোলা। এই শিল্পী মন, শিল্পী প্ৰাণে আজিও অসমীয়াক জাকত-জিলিকা কৰি ৰাখিছে।
(আশা কৰোঁ আপুনি “জ্যোতিপ্ৰসাদ আগৰৱালা-jyoti prasad agarwala essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)