নিৰ্মলপ্ৰভা বৰদলৈ-nirmal prabha bordoloi

নিৰ্মলপ্ৰভা বৰদলৈ-nirmal prabha bordoloi

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “নিৰ্মলপ্ৰভা বৰদলৈ-nirmal prabha bordoloi” ৰচনা খনৰ জৰিয়তে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনৰ প্রতি স্মৰণীয় অৱদান আগবঢ়োৱা ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

কুৰি শতিকাৰ অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনৰ প্রতি স্মৰণীয় অৱদান আগবঢ়োৱা যিকেইটা আগশাৰীৰ নাম আছে তাৰ ভিতৰত অন্যতম ডঃ নিৰ্মলপ্ৰভা বৰদলৈ। আধুনিক অসমীয়া গীতি-সাহিত্যৰ অন্যতম বাটকটীয়া বৰদলৈ আছিল একেধাৰে কবি, শিশু সাহিত্যিক, নাট্যকাৰ, গদ্য লেখক, প্রাচ্যতত্ত্ব গৱেষক। অধ্যৱসায়, একাগ্রতা, সততা আৰু নিষ্ঠাৰ বলত তেওঁ সকলো বাধা-বিঘিনি নেওচি, জীৱনৰ ঘাত-প্রতিঘাত প্রত্যাহবান হাঁহি মুখে অতিক্ৰম কৰি অসমীয়া ভাষা-সাহিত্যৰ জগতখনলৈ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে।

নিৰ্মলপ্ৰভা বৰদলৈ-nirmal prabha bordoloi

নিৰ্মলপ্ৰভা বৰদলৈ-nirmal prabha bordoloi

নলিনীবালা দেৱীৰ পিছতে দ্বিতীয়গৰাকী মহিলা সভানেত্রী হিচাপে ১৯৯১ চনত দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কাৰ্যভাৰ গ্ৰহণ কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ পাঁচ দশকৰো অধিককালৰ সাহিত্য-সংস্কৃতি সাধনাই অসমীয়া জাতীয় জীৱনৰ এটা দিশ চহকী কৰিছে বুলিলেও বেছি কোৱা নহব। নিজৰ প্ৰতিভাৰ বলতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ বৰদলৈয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় অধ্যাপিকা পদতো নিযুক্ত হৈছিল।

১৯৩৩ চনৰ ২০ জুনত শিৱসাগৰৰ পুৰণা আমোলাপট্টিত এক সংস্কৃতিৱান পৰিয়ালত নিৰ্মলপ্ৰভাৰ জন্ম। পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাতৃ আছিল মুক্তাবালা বৰদলৈ। মাক-বৰমাকৰ মুখত শুনা গোসাঁই নাম, সাধুকথা আৰু নামঘৰত আয়তীসকলে গোৱা সুৰীয়া নামৰ অমিয়া ধ্বনিয়ে শৈশৱতেই নিৰ্মলপ্ৰভাৰ মনত খাঁজ কাটিছিল। প্ৰকৃতিৰ আহ্বানে সৰুৰে পৰা তেওঁক মোহিত কৰি এক সংবেদনশীল মনৰ অধিকাৰী কৰি তুলিছিল। নিৰ্মলপ্ৰভাই অন্তৰত দুখ পায় বাবেই দেউতাকে চিকাৰ কৰা এৰি এদিন নিৰামিষভোজী হৈ পৰিছিল। এনে ঘটনাই তেওঁৰ মনত প্ৰদান কৰিছিল আত্মসংযমৰ পাঠ আৰু স্থিতপ্ৰজ্ঞতা।

শিক্ষা জীৱন:

ডঃ বৰদলৈৰ পিতৃ আছিল এগৰাকী গুণী শিক্ষিত অধ্যয়নশীল ব্যক্তি। ঘৰতে দেউতাকৰ পৰা আখৰ চিনাকি হৈ নিৰ্মলপ্ৰভাই ঘৰৰ ওচৰৰ প্রাথমিক বিদ্যালয়ত প্রথম শ্ৰেণীত নামভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে প্ৰথম হৈ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল নিৰ্মলপ্ৰভা। এম ই স্কুলত পঢ়ি থাকোঁতেই ১৯৪৩ চনৰ ১৩ ডিচেম্বৰত তেওঁ বাল্য বিবাহত বহিব লগা হয় আৰু তেৰ বছৰ বয়সতে মাতৃত্বৰ গধুৰ বাজা ল’বলগীয়া হয়।

বৈবাহিক জীৱনৰ এক দুখজনক অধ্যায় পাৰ কৰিবলগীয়া হৈছিল কিশোৰীগৰাকীয়ে। ইয়াৰ পিছত পিতৃৰ সহযোগত মেট্ৰিকলৈকে ঘৰতে পঢ়িললগা হৈছিল। ১৯৪৮ চনত নিৰ্মলপ্ৰভাই প্রাইভেটকৈ মেট্ৰিক পৰীক্ষা দি ষ্টাৰ আৰু লেটাৰসহ প্রথম বিভাগত উত্তীৰ্ণ হয়। মেট্রিকত উত্তীৰ্ণ হৈ শিৱসাগৰ কলেজৰ পৰা ১৯৫০ চনত আই এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ সন্দিকৈ কলেজত নাম লগায়।

১৯৫২ চনত অসমীয়াত অনাৰ্চ লৈ প্রথম শ্রেণী প্রথম স্থান অধিকাৰ কবি বি এ পাছ কৰি ডঃ বাণীকান্ত কাকতিৰ পৰামৰ্শমতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়াত স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্তি কৰে। ১৯৫৫ চনত এম এ পাছ কৰে। ১৯৭২ চনত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ তত্ত্বাৱধানত ‘কবিতা আৰু প্রকৃতি’ শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। বৰদলৈৰ ছাত্রী জীৱনত দুগৰাকী মহিলা সন্দিকৈ কলেজৰ অধ্যক্ষা ৰাজাবালা দাস আৰু আমেৰিকান মহিলা মিছ বাৰ্নহামে বিশেষ প্রেৰণা যোগাইছিল। ডঃ বাণীকান্ত কাকতি, সূৰ্যকুমাৰ ভূঞা, অম্বিকাগিৰি ৰায়চৌধুৰী, নলিনীবালা দেৱী, ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা আদি বৰেণ্য ব্যক্তিৰ সান্নিধ্যত ছাত্রী জীৱনতে সাহিত্য আৰু সংস্কৃতিৰ জগতখনত সোমাই পৰিছিল নিৰ্মলপ্ৰভা বৰদলৈ।

কৰ্মজীৱন:

এম এ পৰীক্ষা দিয়াৰ পাছতে বিভিন্ন কামৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈলৈ নিমন্ত্রণ আহিছিল যদিও গুৱাহাটীতে থাকি স্থায়ী কাম এটা নোপোৱালৈকে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘অকণি-মেল, ‘মহিলা চ’ৰা’ আদি অনুষ্ঠান পৰিচালনা কৰি কৰ্মজীৱনৰ পাতনি মেলে। সমান্তৰালভাৱে কাকত-আলোচনীৰ কামতো জড়িত হৈ পৰে।

সেই সময়তে পৰিয়ালৰ সহযোগত গুৱাহাটীত ইষ্টাৰ্ণ প্ৰেছ নামেৰে এটা ছপাশাল খোলে। কম সময়ৰ ভিতৰতে ছপাশালটোৱে সুখ্যাতি লাভ কৰে। ১৯৫৮ চনত বি বৰুৱা কলেজত প্রবক্তাৰূপে যোগদান কৰি স্থায়ী চাকৰি জীৱন আৰম্ভ কৰে। ১৯৬৭ চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰি ১৯৯৩ চনত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ চাকৰি কালত বহু গৱেষক ছাত্ৰই তেওঁৰ তত্ত্বাৱধানত সাহিত্য-সংস্কৃতি বিষয়ক গৱেষণা কামত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শিশু সাহিত্যিক নিৰ্মলপ্ৰভা:

অসমীয়া শিশু-সাহিত্যলৈ নিৰ্মলপ্ৰভা বৰদলৈৰ অৰিহণা মনকৰিবলগীয়া। ‘নীলা বাইদেউ’ ছদ্মনামেৰে শিশুসকলৰ মাজত তেওঁ বিখ্যাত হৈ পৰিছিল। শিশুসকলৰ বাবে আলোচনীকাকতত লিখাৰ উপৰিও কবিতা, ওমলাগীত, সাধুকথা, নাটিকা, জীৱনী, অপেৰা বিষয়ক মুঠ সোতৰখন গ্ৰন্থৰে তেওঁ অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। জনপ্রিয় শিশু কবিতা চিলচিল চিলা বাগী চিলমিলা, খেল-ধেমালি বিষয়ক জনপ্রিয় শিশু উপন্যাস, কথা-সৰিৎ-সাগৰ, মন উৰণীয়া আদি অসমীয়া শিশু সাহিত্যৰ মাইলৰ খুঁটি স্বৰূপ।

গীতিকাৰ নিৰ্মলপ্ৰভা:

গীতিকাৰ হিচাপে ডঃ নিৰ্মলপ্ৰভা বৰদলৈ সর্বজনবিদিত। অসমত এনে গায়ক বা সুৰকাৰ কমেই পোৱা যাব যি তেওঁৰ গীত গোৱা নাই বা গীতত সুৰ দিয়া নাই। জয় হাজৰিকাৰ কণ্ঠত ডঃ বৰদলৈৰ গীতবোৰৰ ভালেমান ইতিমধ্যে অসমীয়া সংগীতত চিৰযুগমীয়া বুলি বিবেচিত হৈছে। তেওঁৰ ডেৰহাজাৰতকৈ অধিক গীত ৰেডিঅ’, চলচ্চিত্র, গ্রামোফোন, কেছেট আদিত সংৰক্ষিত হৈ সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ অসমীয়া গীতিকাৰৰূপে অসমীয়া সমাজত পৰিগণিত হৈছে। তেওঁৰ গীতৰ সংকলন তিনিখন – ‘সোণ বৰণী আই’ ‘সূৰুযমুখী’ আৰু ‘ফুলৰ এই মেলাৰে’।

কবি-ঔপন্যাসিক ডঃ বৰদলৈ:

পঞ্চাশৰ দশকৰ পিছৰ এগৰাকী শ্রেষ্ঠ কবি হিচাপেও ডঃ নিৰ্মলপ্ৰভা বৰদলৈ প্রতিষ্ঠিত। সাধাৰণ মানুহৰ দুখ, প্রাপ্তি-অপ্রাপ্তি, প্রেম-বিৰহ, আনন্দ-বিষাদ, নিসংগতা, গ্রাম্য জীৱনৰ প্রতিচ্ছবি তথা সাম্প্রতিক সময়ৰ চেতনাৰে তেওঁৰ কবিতাসমূহ সমৃদ্ধিশালী। ৰামধেনু যুগতে আত্মপ্ৰকাশ কৰা বৰদলৈৰ প্রথম কাব্যগ্রন্থ ‘বন ফৰিঙৰ ৰং’ ১৯৫৭ চনত প্রকাশ পায়। ‘সমীপেষু’ ‘দিনৰ পিছত দিন’ ‘অন্তৰংগ’, ‘সুদীর্ঘ দিন আৰু ঋতু’ আদি তেওঁৰ কাব্যগ্রন্থ। ‘সুদীর্ঘ দিন আৰু ঋতু’ ৰ বাবে ১৯৮৩ চনত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য প্রতিভাৰ বাবে তেওঁক ‘নাইটিঙ্গেল অব আছাম’-ও বোলা হয়। তেওঁৰ একমাত্ৰ উপন্যাস হ’ল ‘জলপদ্ম’। একমাত্র উপন্যাসখনৰ জৰিয়তেই তেওঁৰ অসামান্য প্ৰতিভাৰ উমান পোৱা যায়।

অন্যান্য সাহিত্য কৃতি:

কবি, গীতিকাৰ, শিশু সাহিত্যিক হিচাপে প্ৰসিদ্ধি লাভ কৰিলেও সাহিত্য সংস্কৃতিমূলক, প্রাচ্যতত্ত্ব গৱেষণামূলক, নাট্যকাৰ, অনুবাদ সাহিত্য, চুটি গল্প, ভ্রমণ কাহিনী, তথ্যচিত্র, আলোচনী সম্পাদনা, জীৱনীলেখ্য, আত্মজীৱনীমূলক গ্ৰন্থৰে নিৰ্মলপ্ৰভাৰ প্রভা চিৰদিন জ্যোতিষ্মান হৈ থাকিব। কথা কবিতা, কবিতা দেশী-বিদেশী, আধুনিক কবিতা, বৰগীতৰ কথা, গোপন সাধনা, ৰাতিসেৱা আদি কুৰিখনৰো ওপৰৰ মাতৃভাষাৰ বিদ্যায়তনিক আৰু সাহিত্য-সংস্কৃতিমূলক গ্রন্থৰে বৰদলৈয়ে অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ ‘দেৱী’, ‘শিৱ’ আৰু ‘সূর্য’ – এই তিনিখন প্ৰাচ্যতত্ত্ব গৱেষণামূলক গ্রন্থ অসমীয়া ভাষা-সাহিত্যৰ অমূল্য সম্পদ। ‘জীৱন-জীৱন বৰ অনুপম’ অসমীয়া আত্মজীৱনী সাহিত্যলৈ তেওঁৰ এক সাৰ্থক সংযোজন।

সামৰণি:

অসমীয়া সাহিত্যক নিজ অৱদানেৰে সমৃদ্ধিশালী কৰাত অকণো অৱহেলা নকৰা এইগৰাকী মহিয়সী নাৰীৰ ২০০৪ চনৰ ১ জুনত শাৰীৰিক অসুস্থতাত পৰলোক প্ৰাপ্তি ঘটে। বহুমুখী প্ৰতিভাৰ ভঁৰাল নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যুত অসমে এক উজ্বল ৰত্ন হেৰুৱালে যদিও আগবঢ়াই যোৱা অৱদানৰ বাবে অসম আৰু অসমীয়াৰ মাজত চিৰদিন জিলিকি থাকিব তেওঁৰ নাম।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top