নেতাজী সুভাষচন্দ্র

সূচনাঃ
মহা মহা মানৱৰ, মহা মহা বীৰ বীৰাংগনাৰ মৃত্যুঞ্জয়ী কীর্তি-কাহিনীৰে গৌৰৱৰঞ্জিত ভাৰতৰ দুশ বছৰীয়া পৰাধীনতাৰ গ্লানি দূৰ কৰিবলৈ, শৃঙ্খলিত দেশ-মাতৃকাৰ কালিমাৰ জিঞ্জিৰি ছিন্ন কৰি, সাম্রাজ্যবাদৰ কলংকিত অধ্যায়ৰ মূলােচ্ছেদ কৰিবলৈ, যিসকল বীৰ বীৰাংগনাই দুর্দম শক্তিৰে, প্ৰসাৰিত বদ্ধ-মুষ্ঠিৰে দুৰ্ধৰ্ষ সংগ্ৰামত অৱতীৰ্ণ হৈছিল, সেই সকলৰে এজন ৰণ-দুর্মদ বীৰ সুভাষচন্দ্র বসু, যাৰ জীৱনৰ বৈচিত্রময় কাহিনীৰ আজিও অন্ত পৰা নাই। বিপ্লৱৰ এটি উদ্দীপ্ত স্ফুলিংগ, দুঃসাহসিক প্রেৰণাৰ জীৱন্ত উৎস, দুর্দমনীয় স্বাধীনতা পিয়াসী অগ্নি স্নানকাৰী, দুর্নিবাৰ সাহসৰ জ্বলন্ত প্রতিমূৰ্ত্তি সুভাষচন্দ্র এটা যুগান্তকাৰী নাম, যাৰ স্বাধীনতা সংগ্ৰামৰ বিস্ময়কৰ কাহিনী লিখা আছে “আজাদ হিন্দ ফৌজ”ৰ ইতিহাসত কেঁচা তেজেৰে ৰঞ্জিত হৈ।
জন্ম আৰু বংশ পৰিচয়ঃ
১৮৯৭ চনৰ ২৩ জানুৱাৰী। সেইদিনা কোনােবা এক মাহেন্দ্রক্ষণত বিপ্লৱৰ আগ জাননী দি এটি অগ্নি-শিশুৱে ধৰাৰ বুকুত থিতাপি লৈছিলহি। হয়তাে সুন্দৰ পৃথিৱীৰ ৰঙৰ বৈচিত্র্যই তেওঁৰ প্ৰথম দৃষ্টিত বিপ্লৱৰ জিলিঙনিকে সেইদিনা জিলমিলাই তুলিছিল। উৰিষ্যাৰ কটক চহৰত সেইদিনা বিখ্যাত চৰকাৰী উকীল জানকীনাথ বসু আৰু পত্নী প্রভাৱতী দেৱীৰ অন্তৰত এটি দেৱােপম শিশুৰ কলকণ্ঠৰ মাধুৰিমাই অসীম আনন্দৰ স্রোতস্বিনী বােৱাই দিছিল, আৰু হয়তাে দেৱ-দুন্দুভি বাজি উঠিছিল তেওঁলােকৰ স্থায়ী নিবাস বংগদেশৰ চব্বিশ পৰগণাৰ কোদালিয়াত। তেওঁৰ জন্মৰ ক্ষণতে হয়তাে দেশ-মাতৃকাৰ পূজাৰ মন্দিৰত বাজি উঠিছিল স্বাধীনতাৰ দুৰ্বাৰ আকাংক্ষাৰ শঙ্খ, ঘণ্টা, মৃদংগৰ সংমিশ্ৰত সুৰ সমলয়। তাৰ ছন্দে ছন্দে প্ৰসাৰিত হৈছিল, শিশুটিৰ মুষ্টিৱদ্ধ দুই হাত। বিপ্লৱক শিৰত লৈ পৃথিৱীলৈ অহা এই শিশুটিয়েই সুভাষচন্দ্র।
শিক্ষা আৰু ছাত্র-জীৱনঃ
কটক চহৰৰ মিছনেৰী স্কুলতেই সুভাষে প্রথম শিক্ষা লাভ কৰে। তীক্ষ্ণ প্রতিভাসম্পন্ন সুভাষে “ৰেভেঞ্চ” কলেজিয়েট স্কুলৰপৰা ১৯১৩ চনত পাটনা বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পাছত কলকাতালৈ আহি প্রেছিডেন্সী কলেজত ভৰ্ত্তি হয়। সেই সময়তে শ্ৰীৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ প্রেৰণাত সংসাৰৰ মায়া-মােহ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপনৰ অভিলাষেৰে হিমালয়লৈ গৈ গভীৰ আত্ম-সাধনাত ব্ৰতী হয়। উপযুক্ত গুৰুৰ সন্ধানত তেওঁ কিছুদিন ভাৰতৰ নানা তীর্থ ভ্রমণ কৰে। কিন্তু মুক্তি-পথৰ সন্ধান থাকিল বহুত দূৰত। সেয়েহে তেওঁ ফিৰি আহি পুনৰ প্ৰেছিডেন্সি কলেজত ভৰ্ত্তি হ’লহি। ক’বলৈ গ’লে এই প্রেছিডেন্সি কলেজেই তেওঁৰ অন্তৰত থূপ খাই থকা দেশাত্মবোধ আৰু বিপ্লৱী ভাৱধাৰাৰ আগ্নেয়গিৰিটো উদ্গীৰণত বৰঙণি যােগায়। এদিনাখন ইংৰাজ অধ্যাপক ওটেনে পাঠদানৰ সময়ত ভাৰতীয়সকলৰ প্রতি তীব্র বাক্যবাণ প্রয়ােগ কৰি অসন্মানজনক মন্তব্য প্রকাশ কৰিছিল। তাৰ প্ৰতিবাদত সুভাষৰ অন্তৰাত্মা বিদ্রোহী হৈ উঠিল। পৰাধীনতাৰ গ্লানিত তেওঁ মর্মাহত হল। তীব্র দেশাত্মবােধ জাগ্রত হৈ উঠিল তেওঁৰ অন্তৰত। তেওঁ মিঃ ওটেন চাহাবক উপযুক্ত জবাব দিয়াৰ লগতে প্ৰহাৰ কৰে; ফলস্বৰূপে সুভাষ প্রেছিডেন্সি কলেজৰপৰা বহিষ্কৃত হয়। পাছত বংগৰ “বাঘ” নামে খ্যাত ছাৰ আশুতােষ মুখােপাধ্যায়ৰ প্ৰচেষ্টাত স্কটিছ চার্চ কলেজত ভৰ্ত্তি হয়। তাৰপৰাই ১৯১৯ চনত দর্শন শাস্ত্ৰত অনার্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ এম. এ. পঢ়ে। অলপ দিনৰ পাছতে চিভিল ছাৰ্ভিছ পৰীক্ষাৰ বাবে তেওঁ ইংলণ্ডলৈ যাত্ৰা কৰে। ১৯২০ চনত আই. চি. এছ পৰীক্ষাত চতুর্থ স্থান লাভ কৰি সগৌৰৱে স্বদেশলৈ প্রত্যাৱর্তন কৰে। ইংলণ্ডত থকা কালতেই তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰপৰা দর্শনত “ট্রাইপ্রেছ” ডিগ্রী অর্জন কৰে।
জাতীয় আন্দোলনত যােগদানঃ
তেওঁ বিলাতত থকাৰ সময়তে ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযােগ আন্দোলনৰ প্ৰৱল জোৱাৰ উঠে। সেই জোৱাৰৰ অবাৰিত স্রোতে সুভাষৰ স্বাধীনতা প্রয়াসী মন-দিগন্তত হাজাৰ উৰ্মিৰ খলকনি তােলে। ১৯২১ চনত তেওঁ বিলাতৰপৰা ঘূৰি আহে। লগে লগে তেওঁলৈ আহে চৰকাৰী উচ্চ পদৰ উপঢৌকন। কিন্তু সকলােকে আচৰিত কৰি সুভাষে আই. চি. এছ. ডিগ্ৰী পৰিত্যাগ কৰি মুক্তি সংগ্ৰামত জঁপিয়াই পৰিল। আৰম্ভ হ’ল তেওঁৰ  ৰােমাঞ্চকৰ ৰাজনৈতিক জীৱন। গান্ধীজীৰ পৰামর্শক্রমে দেশবন্ধু চিত্তৰঞ্জন দাশৰ শিষ্যত্ব গ্রহণ কৰি দেশ-সেৱাৰ কঠোৰ অথচ সুবিমল দীক্ষাত দীক্ষিত হ’ল। সুভাষৰ অমােঘ কর্ম শক্তি আৰু একান্ত আন্তৰিকতাত দেশবন্ধু মুগ্ধ হ’ল। দেশবন্ধুৰ পৰামর্শক্রমে সুভাষে জাতীয় শিক্ষালয়ৰ অধ্যক্ষ পদ গ্রহণ কৰে। লগে লগে কংগ্ৰেছ কমিটীৰ প্ৰচাৰ সচিবৰ পদতাে তেওঁ অধিষ্ঠিত হ’ল। ইংলণ্ডৰ যুৱৰাজৰ ভাৰত আগমনত পূর্ণ হৰতালৰ আহ্বায়কৰূপে ১৯২১ চনৰ শেষ ভাগত সুভাষচন্দ্ৰ আৰু দেশবন্ধু দুয়াে কাৰাবৰণ কৰিব লগা হয়।
বিভিন্ন ঘটনা, কাৰাবৰণ, মেয়ৰ পদত অধিষ্ঠিতঃ
বন্দীশালৰপৰা মুক্তিলাভ কৰাৰ পাছতে তেওঁ বংগীয় প্রাদেশিক কংগ্ৰেছ কমিটীৰ সম্পাদক পদত নিযুক্ত হয়। এই সময়ত উত্তৰবংগত দেখা দিয়া প্রলয়ংকৰী বানপানীৰ সময়ৰ দুর্যোগত আক্রান্তসকলৰ সেৱাত যি গৌৰৱময় ভূমিকা গ্রহণ কৰিছিল, সি আজিও প্রতিজন বঙালীৰ হিয়া দাপােণত জীৱন্ত হৈ জিলিকি আছে। ১৯২৩ চনত তেওঁ বিখ্যাত জাতীয়তাবাদী পত্রিকা “ফৰৱাৰ্ড”ৰ সহকাৰী সম্পাদক পদত নিযুক্ত হৈ দক্ষতাৰ পৰিচয় দিয়ে। ১৯২৪ চনত তেওঁ কলিকতা কৰ্পোৰেচনৰ মেয়ৰ নির্বাচিত হয়। কিন্তু স্বাধীনচিতিয়া, দুর্ধর্ষ সংগ্রামী সুভাষক ইংৰাজে শান্তিৰে কার্যনির্বাহ কৰিবলৈ নিদিলে। সেই বছৰেই তেওঁক প্রথমে অন্তৰীণ কৰি ৰাখি পাছত গ্রেপ্তাৰ কৰে। তিনিবছৰকাল তেওঁ কাৰাবৰণ কৰিব লগা হয়। ১৯২৭ চনত তেওঁ মুক্তি লাভ কৰে। কিন্তু সাম্রাজ্যবাদী, শােষণকাৰী ইংৰাজৰ চকুত সুভাষ আছিল দুৰন্ত বিপ্লৱী সিংহ, যাৰ মুক্ত অৱস্থাই দেশত বিদ্ৰোহৰ আৰু বিপ্লৱৰ অগ্নি জ্বলাই তােলে। সেয়েহে তেওঁক পুনৰ বন্দী কৰা হয়। তেওঁ বন্দীশালাত থকা অৱস্থাতে পুনৰ কলিকতা কর্পোৰেচনাৰ মেয়ৰ নির্বাচিত হয়।
পনঃ পুনঃ আৰু দীর্ঘ দিন ধৰি কাৰাবৰণ কৰিব লগা হােৱাত তেওঁৰ স্বাস্থ্য ভাগি পৰে। ভগ্নস্বাস্থ ঘূৰাই পােৱাৰ আশাৰে তেওঁ ইউৰােপলৈ যায়। এই সময়তে তেওঁৰ পিতৃবিয়ােগ ঘটে।
স্বাস্থ্য ঘূৰাই পােৱাৰ পাছত তেওঁ স্বদেশলৈ ঘূৰি আহে; কিন্তু লগে লগে তেওঁ অন্তৰীণ হয়। তাৰ পাছত তেওঁ পুনৰ ইউৰােপলৈ যায় আৰু ১৯৩৬ চনত ঘূৰি আহে; অন্তৰীণ হৈ ১৯৩৭ চনত তেওঁ মুক্তি পায়।
কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছ ত্যাগ ফৰৱার্ড ব্লক গঠনঃ
১৯৩৯ চনত তেওঁ হৰিপুৰা কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। ১৯৪০ চনত পুনৰবাৰ তেওঁ ত্রিপুৰী কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। সেই সময়তে কংগ্ৰেছৰ উগ্রপন্থী আৰু নৰমপন্থীসকলৰ ভিতৰত মতভেদ তীব্রতৰ হৈ উঠে। সুভাষ আছিল উগ্রপন্থীসকলৰ নায়ক। দুই দলৰ মাজৰ সংঘাত এসময়ত চৰম সীমাত উপনীত হােৱাত সশস্ত্র সংগ্রামত বিশ্বাসী সুভাষচন্দ্রই কংগ্ৰেছ ত্যাগ কৰি উগ্ৰ ৰাজনৈতিক মতাৱলম্বী ‘ফৰৱার্ড ব্লক’ দল গঠন কৰে আৰু স্বাধীনতাকামী জনগণৰ সন্মুখত অপােচবিহীন এক বৈপ্লৱিক কার্যসূচী দাঙি ধৰে।
ইতিমধ্যে সমগ্র বিশ্বজুৰি ৰক্তপিপাসু, ৰণােন্মাদ জাতিসমূহৰ মাজত ৰণ ডংকা বাজি উঠিল, দেশে দেশে মহাযুদ্ধৰ সর্ব ধ্বংসী দাবানল জ্বলি উঠিল। সুভাষচন্দ্রই এই সুযােগ এৰি নিদি ভাৰতৰ স্বাধীনতা সংগ্রামক প্রকৃত সংগ্ৰামত পৰিণত কৰাৰ প্ৰচেষ্টাত অগ্ৰসৰ হ’ল।
নিৰুদ্দেশ, আজাদ হিন্দ ফৌজ গঠনঃ
বিপ্লৱৰ এই প্রদীপ্ত জুইকুৰা বাহিৰত থকাটো ইংৰাজ চৰকাৰৰ বাবে বিপদজনক। গতিকেই তেওঁক আটক কৰা হ’ল। কিন্তু ভগ্ন স্বাস্থ্যৰ বাবে তেওঁক নিজ ঘৰতে অন্তৰীণ কৰা হ’ল। ১৯৪১ চনৰ ২৬ জানুৱাৰী তাৰিখে বাতৰি প্ৰচাৰিত হ’ল সুভাষচন্দ্ৰ নিৰুদ্দেশ। কটকটীয়া পুলিচ পহৰাৰ চকুত ধূলি দি সুভাষে “উদ্দেশ্য সাধন, কিম্বা শৰীৰ পতন” মন্ত্র জপ কৰি ছদ্মবেশেৰে প্রথমে কাবুল, তাৰপৰা বার্লিন আৰু শেষত ছিংগাপুৰত উপস্থিত হ’লগৈ। ছিংগাপুৰত বিপ্লৱী ৰাসবিহাৰী বসুৰ নেতৃত্বত গঠিত হৈছিল মুক্তি বাহিনী- আজাদহিন্দ্ ফৌজ। সেইদিনা পৃথিৱীৰ পূৱ প্ৰান্তত সিঁচৰতি হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় জোৱান ছিংগাপুৰত সমবেত হ’ব। প্রত্যেকৰে প্ৰাণত অভূতপূর্ব উচ্ছ্বাস। উদ্দাত্ত কণ্ঠেৰে সুভাষে ঘােষণা কৰিলে “Give me blood; I promise you freedom.” হাজাৰ হাজাৰ ভাৰতীয় জোৱানে মাতৃভূমিৰ বাবে জীৱন উছৰ্গা কৰিবলৈ “ৰক্তলেখা” দি আগবাঢ়ি আহিল। সুভাষ হ’ল আজা-হিন্দ ফৌজৰ সর্বাধিনায়ক সকলােৰে প্রিয় নেতাজী। আৰম্ভ হ’ল স্বাধীনতা সংগ্রামৰ এক গৌৰৱােজ্জ্বল অধ্যায়। আজাদ্-হিন্দ্ চৰকাৰ গঠিত হ’ল। ন-খন স্বাধীন ৰাষ্ট্ৰই আজাদহিন্দ্ চৰকাৰক স্বীকৃতি প্রদান কৰিলে।
বিজয় যাত্ৰা আৰম্ভঃ
১৯৪৩ চনত জাপানৰ সাহায্য লৈ আজাদহিন্দ্ বাহিনীয়ে ইংলণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে। ব্রহ্মদেশ আৰু ভাৰতৰ দুৰ্গম গিৰিপ্ৰান্তৰ অতিক্ৰম কৰি আজাদহিন্দ বাহিনী দুর্দাম গতিৰে আগবাঢ়ি আহি ইম্ফল আৰু কোহিমা দখল কৰিলেহি। পর্বতে-কন্দৰে ধ্বনিত, প্রতিধ্বনিত হ’ল- জয়হিন্দ্। ১৯৪৫ চনৰ ১৮ মার্চত, ভাৰতভূমিৰ পূব প্ৰান্তত স্বাধীন ভাৰতৰ ত্ৰিৰংগ ৰঞ্জিত পতাকা উত্তোলিত হ’ল। নেতাজীয়ে দেশবাসীক আহ্বান জনালে— “দিল্লী চলাে।” দিল্লী যাত্ৰা আৰম্ভ হ’ল। কিন্তু হায় নিয়তি!
নিয়তিৰ জয়ঃ
মানুহৰ বিপুল বীর্য সত্ত্বেও নিয়তিৰে জয় হ’ল। জাপানে প্রতিশ্রুতি মতে সাহায্য নিদিলে। ফলত হাজাৰ হাজাৰ জোৱানে দুর্গম গিৰিপ্ৰান্তৰত অনাহাৰে, অনিদ্রাই প্রাণ বিসর্জন দিলে। ইংৰাজে ব্ৰহ্মদেশলৈকে পুনৰ দখল কৰিলে। আজাদহিন্দ্ ফৌজৰ পতন ঘটিল। পৰাজয়ৰ দুঃসহ বেদনা আৰু গ্লানি শিৰত লৈ নেতাজীয়ে বিমানেৰে জাপানলৈ যাত্রা কৰিলে। বাতৰি প্ৰচাৰিত হ’ল– জাপানৰ তাইহুকু বিমান দুর্ঘটনাত নেতাজীৰ মৃত্যু ঘটিল।
সামৰণিঃ
কিন্তু প্রকৃততে নেতাজীৰ শেষ দশা কি হ’ল, সি আজিও বিবাদমান বিষয় হৈয়ে ৰ’ল। ইংৰাজৰ চকুত কুইজলিং (Quisling) মৰণ বিজয়ী, বিপ্লৱৰ স্ফুলিংগ, উগ্র স্বাধীনতা-প্রয়াসী নেতাজীৰ স্বাধীনতা আন্দোলনৰ ভূমিকা ভাৰতৰ প্ৰতিজন দেশপ্রেমী লােকৰ হৃদয়-ফলিকাত গৌৰৱমণ্ডিত হৈ জিলিকি আছে। প্ৰেৰণাৰ মহান উৎস, নির্ভীকতাৰ জীৱন্ত প্রতীক প্রগতিশীলতাৰ মূর্তিমান চানেকি নেতাজীৰ মহান আদর্শই যুগে যুগে ভাৰতবাসীক স্বাধীনতা, শান্তি প্রগতিৰ অনির্বচনীয় জ্যোতিৰ পথ প্রদর্শন কৰক। ভাৰতৰ স্বাধীনতা যুগমীয়াকৈ ৰাখিবলৈ আমাৰ দুবাহুত তেওঁৰ দুৰ্বাৰ শক্তিৰ একণিকাৰ পুষ্প বৰিষণ হওক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top