উত্তৰ-পূৰ্বাঞ্চলৰ বসন্ত উৎসৱ

ভূমিকা:
অসম তথা অসমৰ চুবুৰীয়া ৰাজ্যকেইখন (যাক আমি সাতভনী বুলি কওঁ) বাবেৰহণীয়া সংস্কৃতিৰ এক বর্ণাঢ্য চ’ৰাঘৰ। বছৰৰ বিভিন্ন উপলক্ষ্যত অঞ্চলটোৰ জনগণে বিভিন্ন জনমুখী উৎসৱ পালন কৰে। অসম তথা ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পালন কৰা বসন্ত উৎসৱ ঘাইকৈ কৃষিমুখী। এনে বসন্ত উৎসৱৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহু অন্যতম। এই বসন্ত উৎসৱৰ লগত অসমৰ উজনি-নামনি, পৰ্বত-ভৈয়াম, সকলো অঞ্চলৰ ধৰ্ম, বৰ্ণ নির্বিশেষে সকলো লোকৰ সম্বন্ধ নিবিড়।

বসন্ততে আয়োজিত বিভিন্ন উৎসৱ:
বসন্তকালত পালন কৰা হয় বাবে বহাগ বিহু আৰু ইয়াৰ সমগোত্রীয় সমূহ উৎসৱক বসন্তউৎসৱ নামেৰে সামূহিকভাৱে সামৰা হয়। বসন্তকালত এই অঞ্চলত দেখিবলৈ পোৱাৰ দৰে ফুলে-পাতে জাতিষ্কাৰ ৰূপ, কুলি-সখীয়তী আদি চৰাইৰ সুমধুৰ সুৰ, এনে মনোমোহা পৰিবেশ ভাৰতৰ আন ঠাইত দেখিবলৈ পোৱা নাযায়। প্ৰকৃতিৰ এই মনোমোহা ৰূপত মুগ্ধ হৈ এই অঞ্চলৰ লোকে উলহ-মালহেৰে বনন্ত উৎসৱ পালন কৰে। আগতে অৱশ্যে কোনো নির্ধাৰিত দিনত বিহু আদিৰ দৰে বসন্ত উৎসৱ পালন কৰা হোৱা নাছিল।

নামনি অসমৰ গোৱলালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বুলি কয়। উজনি অসমত গৰুবিহুৰ পৰা সাতদিনজুৰি সাতবিহু পালন কৰাৰ দৰে গোৱালপাৰাতো গৰুবিহুৰ পৰা সাতদিনলৈ সাতবিহু বা সাত ‘বিষুৱা’ পালন কৰা হয়। গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বগৰীবাৰীৰ শ্ৰীশ্ৰী মহামায়া ধামত ব’হাগৰ এক তাৰিখৰ পৰা সাত বিষুৱা উৎসৱ পূজা-পাতল, মেলা আদিৰে পালন কৰা হয়।

অসমৰ স্থান আৰু সম্প্রদায় বিশেষে বিহু তথা বসন্ত উৎসৱ পালনৰ সামান্য পার্থক্য দেখা যায়। তিৱাসকলে ব’হাগৰ প্ৰথম বুধবাৰৰ পৰা এই উৎসৱ আৰম্ভ কৰে। আনহাতে পৰ্বতৰ নামনি অঞ্চলৰ তিৱাসকলে ব’হাগৰ শেষৰফালে বিহু পাতে। এওঁলোকৰ বিহুতো মাহ, হালধি, বেঙেনা-থেকেৰাৰ ব্যৱহাৰ আৰু সৰুৱে ডাঙৰক সেৱা কৰাৰ নিয়মৰ উপৰি নৃত্য-গীতেৰে হুচৰি গোৱাৰ প্ৰথাও আছে। তিৱাসকলৰ ‘ছগ্রা-মি-ছৱা’ আমাৰ বিহুৰ দৰেই প্ৰেম আৰু যৌৱনৰ উৎসৱ। সমূহীয়া নৃত্যগীতৰ মাজেৰে এই উৎসৱ পালিত হয়। এই উৎসৱত তিৱা ডেকা-গাভৰুৱে মনৰ হা-হুতাশ প্রকাশ কৰে মুক্তভাৱে। ‘ছগ্রা-মি-ছৱা’ এসপ্তাহ ধৰি চলে। সেই সময়ছোৱাত তিৱাসকলে তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা ফা-মহাদেউক উদ্দেশ্য কৰি আগেয়ে কোনেও ননচা সাতোটা নৃত্য কৰে। উৎসৱৰ শেষৰ দিনা পুৰোহিতে নতুন নৃত্যৰে উৎসৱৰ সামৰণি মাৰে।

বিহু মিচিংসকলৰো প্রিয় উৎসৱ যদিও তেওঁলোকৰ বসন্ত উৎসৱ আলি-আই-লৃগাংহে। আহুধান সিচিবৰ বাবে তেওঁলোকে এই উৎসৱ পাতে; বৰকাঁহ বজাই মেঘ দেৱতাক মাতে, ঢোল, পেপা, গগণা লৈ ৰং-ধেমালি কৰে। এই উৎসৱত ঘৰে ঘৰে বিহু মৰাৰ আনন্দমুখৰ পৰিৱেশত গোৱা গীতবোৰ লৃগাং নিঃতম বুলি কোৱা হয়। এই গীতবোৰৰ মাজেদি আলি-আই-লৃগাঙৰ তাৎপর্য বিবিধ ধৰণে বৰ্ণনা কৰা হয়। গাঁৱৰ ডেকা-গাভৰু, ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী আটায়ে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ হাতত ঢোল, তাল, পেপা, গগণা, টকা আদি বিবিধ বাদ্যযন্ত্ৰ লৈ লৃগাং নিঃতমৰ সুৰে সুৰে গুমৰাগ নৃত্যৰ ছন্দেৰে মুখৰিত কৰি তোলে।

দেউৰীসকলে ঠিক চ’তৰ সংক্ৰান্তিৰ দিনাই বিহু আৰম্ভ নকৰে। বিহুৰ পিছৰ বুধবাৰৰ পৰাহে আৰম্ভ কৰে। তেওঁলোকৰ বাবে বুধবাৰেই আটাইতকৈ পৱিত্ৰ বাৰ। ব’হাগ বিহু বা ‘ব’হাগীয় বিচু’ দেউৰীসকলৰ প্রধান জাতীয় উৎসৱ। দেউৰী সমাজত বিহুৰ সমাদৰ আৰু বিহু পতাৰ পয়োভৰ বিশেষ মন কৰিবলগীয়া। বিহুত গোসাঁনী-শালত তেওঁলোকৰ
উপাস্য দেৱতা ‘কুন্দিমামা’, অর্থাৎ, হৰ-গৌৰীক পূজাপাতল দিয়া নিয়ম। এওঁলোকৰ বিহু পতা নিয়ম কিছু সুকীয়া, ডেকাসকলৰ বিহু আৰু গাভৰুসকলৰ বিহু একে নহয়, পৃথক পৃথক। বয়সীয়া পুৰুষ আৰু মহিলাৰ বিহুও সুকীয়া। সকলোৱে মিলিজুলি একেলগে বিহুতলীত নানাচে। একেদৰে হুচৰি গোৱাৰ ব্যৱস্থাও বিশেষত্বপূর্ণ।এখন গাঁৱৰ মানুহ আন এখন গাঁৱলৈ গৈ হুচৰি গোৱাত বাধা-নিষেধ আছে। ডেকাসকলৰ বিহুতলী বা বিহু খোলাত তেওঁলোক ঢোল, টকা, পেপা, গগণা আদি লৈ গীত গায় আৰু নাচেও। সেইদৰে গাভৰু বিহু খোলাত গাভৰুৱে নাচে, গীতো গায়। এই গীতবোৰে জাতীয় ঐতিহ্যৰ উপৰি সদা পৰিচিত সমাজখনৰ বিবিধ চিত্ৰৰ সুন্দৰ আভাস দিয়ে।

ৰাভাসকলেও বৰ সমাৰোহেৰে তেওঁলোকৰ ‘বৈশাখ, দোমাহী’ পালন কৰে। ৰাভা ডেকা-গাভৰুৱেও তেওঁলোকৰ জাতীয় বাদ্যযন্ত্র, কাৰা, গমনে, খাম, ব্রাংছি আদিৰ সহযোগত নাচে আৰু গায়। ডিমাছাসকলে বিহুক ‘বুচু’ বোলে। তেওঁলোকেও বিহুত নানা বাদ্যযন্ত্ৰ বজাই নাচে।

সোণোৱাল কছাৰী সম্প্রদায়ে বৰ উলহ-মালহেৰে বিহু পালন কৰে। এওঁলোকে বিহুত হাইদাং গীত, হিলালী গীত গায়। হুঁচৰি গাওঁতে ব্যৱহাৰ কৰা বাঁহৰ টকাটো এই সোণোৱাল-কছাৰী সম্প্ৰদায়ৰে বৰঙণি।

অসম বুৰঞ্জীৰ এটা প্রসিদ্ধ সম্প্রদায় মৰাণসকলৰো ঘাই উৎসৱ বিহু। তেওঁলোকেও বহাগ মাহৰ কোনো এটা বিশেষ বুধবাৰৰ পৰাহে বিহু পালন কৰে। মৰাণসকলে প্রতি বছৰে বিহুত হুঁচৰি নাগায়। তিনি-চাৰি বছৰৰ মূৰে মূৰেহে এটা বিহুত হুঁচৰি গোৱাৰ দিন স্থিৰ কৰি লয়।

গোৱালপাৰাৰ হাজংসকলেও ব’হাগ বিহু উলাহেৰে পালন কৰে। তেওঁলোকে এই বিহুক ‘লেৱাটনা বিহু’ বোলে। পশ্চিম অসমৰ কথিত ভাষাত ‘লেৱা’ মানে লতা। এডাল লতাৰ এমূৰে ডেকা আৰু এমূৰে গাভৰুৱে ধৰি টনাটনি কৰি গীত গাই বিহুত নাচে। কোনো অঞ্চলত এই বিহুক ‘বিষুৱা’ বুলিও কোৱা হয়।

অ-জনজাতিৰ সৈতে মিলিপৰা উৎসৱৰ আনন্দ:
বড়ো-কছাৰীসকলৰ সমাজতো অ-জনজাতীয় অসমীয়া সমাজৰ দৰেই বিহুৰ বিশেষ সমাদৰ দেখা যায়। তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু আৰু মাঘ বিহু তেওঁলোকে উলহ-মালহেৰে পালন কৰে। বড়োসকলে বহাগ বিহুক ‘বাইছাগু’ বোলে। বাইছাগু উৎসৱত বড়ো-কছাৰী ডেকা-গাভৰুৱে বাইছাগু-মেথায়, অর্থাৎ বিহুগীত গায়। তেওঁলোকৰ মাজত হুঁচৰিৰ দৰে ‘মাগন’ প্রথা আছে। গৰু বিহুৰ দিনা পুৱাই তেওঁলোকে গৰু, ম’হক গা ধুৱাবলৈ নিয়াৰ আগতে ধান খাবলৈ দিয়ে। দ্বিতীয় দিনা বড়োসকলে তেওঁলোকৰ উপাস্য দেৱতা ‘বাথৌ’ বা মহাদেৱক পূজা কৰে আৰু বাঁহী বজাই নতুন বছৰক আদৰণি জনায়। পূৰ্বৰে পৰা প্রচলিত প্রথা অনুসৰি বড়োসকলে বিহুত কড়ি খেলে। অসমৰ মঙলদৈ অঞ্চলত বিহুত বৈশাখী দৌল উৎসৱ পালন কৰা হয়।

অৰুণাচলৰ মনপা, চেৰডুকপেন আদি বৌদ্ধ জনজাতিসকলে বসন্তকালত বুদ্ধৰ জন্মদিন বৌদ্ধ পূর্ণিমা শ্ৰদ্ধাৰে পালন কৰে। খামতি আৰু চিংফৌসকলেও তেনে উৎসৱৰ আয়োজন কৰে। খামতিসকলে এই উৎসৱত জন্তুৰ মুখৰ আকৃতিৰ মুখা আদি ব্যৱহাৰ কৰি নাচ-গানেৰে ৰং-ৰহইচ কৰে। আদিসকলেও এপ্রিল মাহৰ প্ৰথম ভাগত ভৈয়ামৰ ব’হাগ বিহুৰ দৰেই মপিন উৎসৱ পাতে।

ভৈয়ামত বাস কৰা বৌদ্ধসকলেও বিহুৰ দৰেই এক বসন্তউৎসৱৰ আয়োজন কৰে। এই উৎসৱক তেওঁলোকে পয়চাংকেন বোলে। এই উৎসৱতে বুদ্ধদেৱৰ মূৰ্ত্তিক গা ধুৱায়। ইয়াৰ পিছতে পিতৃ-মাতৃ আৰু গুৰুজনৰ গাত পানী ঢালি গা ধুৱায় আৰু শেষত বন্ধু-বান্ধৱৰ গাত পানী ঢালি ‘পানী বিহু’ পাতি ৰং কৰে। সকলো বৌদ্ধ দেশতে এই প্রথা প্রচলিত।

আমাৰ ‘সাতভনী’ৰে এগৰাকী মণিপুৰৰ মণিপুৰী সকলে নৃত্যগীত প্রধান ‘চইৰওৱা’ উৎসৱেৰে নতুন বছৰক আদৰণি জনায়।

নগাসকলৰ বিভিন্ন জাতি, উপজাতিৰ মাজতো বসন্ত উৎসৱৰ প্ৰচলন আছে। ‘মাৱাটছু’, ‘চুংৰেম’ আৰু ‘ছিচো’ নগাসকলৰ তিনিটা উল্লেখযোগ্য উৎসৱ। ইয়াৰে শেষৰটো প্রকৃততে বসন্ত উৎসৱ যদিও ইয়াৰ উদ্দেশ্য কৃষিধর্মী।

মিজোসকলৰ প্ৰধান বসন্ত উৎসৱটিৰ নাম ‘ছাৱাছাৰকুট’ নৃত্য প্রধান এই উৎসৱত গোটেই মিজোৰাম উৰুলিকৃত হৈ পৰে।

ত্ৰিপুৰীসকলেও আমাৰ ৰঙালী বিহুৰ দৰেই এক উৎসৱৰ আয়োজন কৰে। এই উৎসৱৰ সাদিনৰ দিনা আয়োজিত বিশেষ উৎসৱক ‘গৰিকা পূজা’ বোলে।

সামৰণি:
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন বহু জাতি-জনজাতিয়েও বিহুৰ সমসাময়িকভাবে নিজ নিজ বসন্ত উৎসৱ উলহ-মালহেৰে পালন কৰে। অসমৰে পৰ্বত-ভৈয়াম সকলোতে নতুন বছৰক নৃত্যগীতেৰে স্বাগতম জনোৱা হয়। এই উৎসৱসমূহে জনজীৱনৰ জীৱন-যাত্রা আৰু জীৱন-দর্শন স্বৰূপাৰ্থত বহন কৰি আহিছে। উৎসৱসমূহৰ লগত সাঙোৰ খাই থকা নৃত্য গীতসমূহতো অপৰূপ প্ৰকৃতিৰ ছবি, জনগণৰ জীৱনৰ কল্পনা, উপলদ্ধি আৰু হৃদয়ৰ বতৰা তথা সমগ্র সংস্কৃতিৰ ৰং আৰু সুৰভিৰে সুবাসিত হৈ আছে। সেইদৰে ইয়াৰ নৃত্যত ৰূপায়িত হৈছে আদিম বিশ্বাসৰ ৰূপ আৰু জীৱন ছন্দ। আৰু এনেদৰেই এই উৎসৱসমূহে পৰ্বত-ভৈয়ামৰ সংস্কৃতিৰ এক অপৰূপ সমন্বয় সাধন কৰি আছে আৰু কৰি থাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top