ভূমিকা:
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়। সৰুৰে পৰাই কাকত-আলোচনীৰ পাতত সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ আৰু তেওঁৰ সৃষ্টিশীলতাৰ বিষয়ে পঢ়ি আহিছিলোঁ। সেয়ে স্বাভাৱিকতে তেওঁৰ চলচ্চিত্ৰৰ বিষয় সম্বন্ধে মনত এক অনুসন্ধিৎসা আছিল। পঢ়া-শুনাৰ মাজতে সময় উলিয়াই দুই-এখন নির্বাচিত চলচ্চিত্র চোৱাৰ অভ্যাস থকাৰ বাবেই সুবিধা পালে সত্যজিৎ ৰায়ৰ ছবি চোৱাৰ বাসনা এটা আছিল। এনে সুবিধা এটা আহিল আমাৰ স্থানীয় চিনে ক্লাবৰ উদ্যোগত অনুষ্ঠিত এক চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি। মহোৎসৱটিত ৰায়ৰ তিনিখন চলচ্চিত্র প্রদর্শন কৰিব বুলি খবৰ পাই নির্দিষ্ট সময়ত তিনিওখন চলচ্চিত্র উপভোগ কৰিলোগৈ। তিনিখন চলচ্চিত্ৰৰ ভিতৰত যিখন ছবিয়ে মোৰ মন-প্ৰাণ হৰি নিলে সেইখন হ’ল ‘পথেৰ পাচালী’। মই বৰ্তমানলৈ যি কেইখন ছবি উপভোগ কৰিছো সেইবোৰৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ আৰু প্রিয় স্থান অধিকাৰ কৰিলে। অনুভৱ, হ’ল সত্যজিৎ ৰায় আৰু ‘পথেৰ পাচালী’ ৰ বিষয়ে ইতিমধ্যে যি পঢ়িছো প্রকৃততে তাতকৈ সেয়া যেন বহু উৰ্ধত।
বিখ্যাত বাংলা ঔপন্যাসিক বিভূতি ভূষণ বন্দোপাধ্যায়ৰ ‘পথেৰ পাচালি’ নামৰ উপন্যাসখনৰ আধাৰত সত্যজিৎৰায়ে ছবিখন নিৰ্মাণ কৰিছিল। এই অমৰ বাংলা উপন্যাসখন ত্রিশৰ দশকতে এখন আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। লেখকগৰাকীক আলোচনীখনে জনাইছিল, পাঠকে আপত্তি তুলিলেই তেওঁলোকে উপন্যাসখন প্রকাশ বন্ধ কৰি দিব। কিন্তু প্ৰকাশৰ লগে লগে উপন্যাসখনে লাভ কৰিলে পাঠকৰ অভাৱনীয় সমাদৰ। সত্যজিৎ ৰায়ৰ হাতত উপন্যাসখন হৈ পৰিল এক ইতিহাস। সত্যজিৎ ৰায় আছিল মানৱতাবাদে উদৃদ্ধ কৰা এজন যুৱক। গতিকে এটা মন পচন্দ কাহিনীৰ সন্ধানত থাকোঁতেই ‘পথেৰ পাচালি’ উপন্যাসখনৰ গভীৰ মানৱীয় আবেদন আৰু চলচ্চিত্ৰ নির্মাণৰ বাবে উপন্যাসখনত থকা সুবিধাৰ বাবে সত্যজিৎ ৰায়ে উপন্যাসখনৰ কাহিনীটো নিৰ্বাচন কৰিলে।
চলচ্চিত্ৰখনৰ কাহিনীভাগ:
‘পথেৰ পাচালী’ ৰ কাহিনীভাগ পশ্চিম বংগৰ নিশিন্দিপুৰৰ দৰিদ্ৰ ব্রাহ্মণ হৰিহৰৰ। ঘটনাৰ কাল ১৯১০-২০ চন। হৰিহৰৰ সংসাৰত পত্নী সর্বজয়া, কন্যা দুৰ্গা আৰু দূৰ সম্পৰ্কীয় ভগ্নী ইন্দিৰ ঠাকৰুণ। কণমানি দুর্গাই চুবুৰীয়াৰ ঘৰৰ বিশাল বাৰীৰ পৰা ফল চুৰ কৰোঁতে মাক সর্বজয়াই চুবুৰীয়াৰ গালি শুনিবলগীয়া হয়। সর্বজয়াই উৰহৰ খং ভগা ঢাৰিত কোবোৱাৰ দৰে পেহীয়েক ঠাকৰুণক গালি পাৰে যে তাইয়ে মৰম কৰি কৰি দুৰ্গাক লাই দিছে। ইফালে অভাৱ-অনাটনে সর্বজয়াক প্ৰায়ে খিংখিঙিয়া স্বভাৱৰ কৰি পেলায়। ইন্দিৰ ঠাকৰুণে সর্বজয়াৰ কথাত ঠেঁহ পাতি মাজে মাজে এখন ফটা কথা আৰু ঘটি এটা লৈ ঘৰৰ পৰা ওলাই যায়, কিছুদিন বাহিৰত থাকি আকৌ উভতি আহে। হৰিহৰে যাত্রাপার্টিৰ পালা লিখে আৰু বিখ্যাত হৈ পৰাৰ সপোন দেখে। এনেতে তেওঁলোকৰ সংসাৰলৈ আহে এটি পুত্র সন্তান- অপু। হৰিহৰে এঠাইত চাকৰি পায়। এনেদৰেই চলি। থাকে তেওঁলোকৰ সংসাৰ। অপু ডাঙৰ হয়, বায়েক দুর্গাৰ সৈতে দৌৰা-ঢপৰা কৰি উমলি থাকে। বৃদ্ধা হৈ পৰা ইন্দিৰ ঠাকুৰণৰ মুখত সাধু শুনি শুনি দুয়ো টোপনিৰ কোলাত পৰে। বায়েকৰ সৈতে খেলি থাকোতেই অপুৰ জীৱনত প্ৰথম ৰে’লগাড়ী দৰ্শন হয়। মাজতে হৰিহৰ পুনৰ উপাৰ্জনহীন হৈ পৰাত সংসাৰখন অচলাৱস্থাত পৰে। হৰিহৰ কামৰ সন্ধানত বিষ্ণুপুৰলৈ যায়। চাৰিমাহ নিৰুদ্দেশ হৈ থাকে। পেহীয়েক ইন্দিৰ ঠাকৰুণৰ ঘৰৰ পৰা ওলাই যোৱা, উভতি অহা চলি থাকে। এবাৰ ওলাই গৈ ঘুৰি আহোঁতে সর্বজয়াই আশ্ৰয় দিবলৈ অস্বীকাৰ কৰে। বৃদ্ধা ঠাকৰুণ ওলাই যায়। অপু-দুর্গাই খেলি থাকোতে বনৰ মাজত আঁঠুত মুখ ওঁজি মৰি থকা অৱস্থাত পায়। তাৰ পিছত বৰষুণত তিতি দুৰ্গাৰ নিউমোনিয়াত মৃত্যু হয়। কিন্তু ধন উপাৰ্জন কৰি হৰিহৰ পুনৰ ঘৰলৈ উভতি আহিল। অৱশেষত পত্নী আৰু পুত্ৰক লৈ হৰিহৰ বাৰানসীলৈ যাত্ৰা কৰিলে। এয়াই চলচ্চিত্ৰখনৰ কাহিনী। অতি সহজ-সৰল কাহিনী হ’লেও সত্যজিৎ ৰায়ে কাহিনীটোক এক জীৱন্ত কবিতাৰ ৰূপ দিছে চলচ্চিত্ৰৰ মাধ্যমত। সহজ-সৰল কাহিনী কথন। নাচ-গান নাথাকিলেও কোনো সময়তেই আমনিবোধ নহয়। ছবিখন চাই উঠা ৰ পাছত মন-প্ৰাণ ভৰি উঠে। ছবিখন হৈ উঠে নিজস্ব চেতনা আৰু অস্তিত্বৰ অঙ্গ। ছবিখন চাই মোৰ ইমানেই ভাল লাগে যে এতিয়ালৈকে মই মুঠ তিনিবাৰ চাইছো।
মূল উপন্যাসখন:
বিভূতিভূষণৰ মূল পথেৰ পাচালীখন এখন সুবিশাল উপন্যাস। মুঠ পয়ত্ৰিশটা খণ্ড আছে। একেদৰে চৰিত্ৰও আছে অসংখ্য। ইয়াৰ পৰাই সত্যজিৎ ৰায়ে চিত্ৰনাট্য ৰচনা কৰিছে। উপন্যাসখনৰ সকলো কাহিনী, উপ-কাহিনী আৰু চৰিত্ৰ চলচ্চিত্ৰখনত সত্যজিৎ ৰায়ে লোৱা নাই। ভাৰতত ইয়াৰ আগতেও উপন্যাসৰ পৰা চলচ্চিত্র নির্মাণ হৈছে যদিও ঔপন্যাসিকৰ প্ৰভাৱৰ পৰা পৰিচালক মুক্ত নাছিল। কিন্তু সত্যজিৎ ৰায়ে একেবাৰে মুক্তভাৱে মূল কাহিনীৰ কোনো বিকৃত নকৰাকৈ সার্থকভাৱে উপন্যাসখন দৃশ্যমাধ্যমত তুলি ধৰিবলৈ সক্ষম হৈছে।
চলচ্চিত্ৰখনৰ মোৰ প্ৰিয় দৃশ্য:
চলচ্চিত্ৰখনৰ গোটেইখনেই প্রিয় যদিও দুটা দৃশ্যই মোক অতি আকৰ্ষণ কৰিলে। অপুৱে জীৱনত প্ৰথম ৰেল দেখা অংশ। অপু-দুর্গা এজন মিঠাইৱালাৰ পিছে পিছে দৌৰা দৃশ্য আৰু ইন্দিৰ ঠাকৰুণৰ মৃত্যুৰ হৃদয় বিদাৰক দৃশ্য।
চলচ্চিত্ৰখনৰ সফলতা:
চলচ্চিত্ৰখনৰ শিল্পী নির্বাচনত সত্যজিৎ ৰায়ৰ দক্ষতা আৰু পৰিচালক হিচাপে অতি সৰু সৰু কথাতে মননশীলতাৰ বাবে ‘পথেৰ পাচালী’ আজিও বিখ্যাত হৈ থকাৰ মূল কাৰণ বুলি মোৰ ধাৰণা। বিশ্ববিখ্যাত চেতাৰবাদক পণ্ডিত ৰবি শংকৰে সংগীত পৰিচালনা কৰা ‘পথেৰ পাচালি’ ১৯৫৫ চনত মুক্তি লাভৰ পাছতে ভাৰতীয় চলচ্চিত্র জগতত এই বছৰটো মাইলৰ খুটি স্বৰূপ হৈ ৰ’ল। অতি আর্থিক সংকটৰ মাজেৰে সত্যজিৎৰায়ে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল বুলি পিছত জানিব পাৰি তেওঁৰ চিনেমা নির্মাণৰ বাবে থকা দুৰ্ব্বাৰ হেঁপাহৰ প্ৰতি মনতে সন্মান জাগিছিল মোৰ। ‘পথেৰ পাচালি’ য়ে দেশে-বিদেশে সমাদৰ লাভ কৰি ভালেমান বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৫ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰিছিল ‘পথেৰ পাচালি’য়ে। তাৰ উপৰি বিদেশৰ ১৮ টাতকৈও অধিক সন্মানীয় বঁটা লাভ কৰিছিল। এক কথাত ক’বলৈ গৈ ‘পথেৰ পাচালি’ চাবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়। নহ’লে মই এখন মানৱতাবোধৰ শ্ৰেষ্ঠ ছবি চোৱাৰ পৰা বঞ্চিত হৈ থাকিলোহেঁতেন। এইখনৰ পাছতো মই ভালেমান ভাল চলচ্চিত্র উপভোগ কৰিছো যদিও ‘পথেৰ পাচালি’য়ে মোৰ প্রিয় চলচ্চিত্ৰৰ ঠাই অধিকাৰ কৰি থাকিব।