সাহিত্য পাঠৰ প্ৰয়ােজনীয়তা

সাহিত্য এনে এবিধ সৃষ্টিকৰ্ম যে ই বিজ্ঞান, দর্শন, ইতিহাস, সমাজ বিজ্ঞান, অর্থনীতি ইত্যাদি জ্ঞানৰ বিভিন্ন বিভাগৰ পৰা তাৰ সমল আহৰণ কৰে। জ্ঞানৰ আন আন বিভাগবােৰ তত্ত্বমূলক, আৰু প্রধানকৈ সেইবােৰ যুক্তিৰ আধাৰত প্রতিষ্ঠিত। সাহিত্যত কিন্তু যুক্তিৰ জৰিয়তে লাভ কৰা জ্ঞানক কল্পনা আৰু আবেগ-অনুভূতিৰ সৈতে যুক্ত কৰা হয়। প্রত্যেক মানুহৰে অন্তৰত আবেগ-অনুভূতি কিছু নহয় কিছু পৰিমাণে আছেই। সেই কাৰণতে সাহিত্য ভাল নােপােৱা মানুহ একো জনেও গান শুনি বা চিনেমা চাই আনন্দ পায়। সাহিত্যৰ বিশেষ সাফল্য এইখিনিতে যে ই মানুহৰ সহজাত কল্পনাৰ আৰু আবেগ-অনুভূতিবােৰ সুন্দৰতম আৰ মহত্তম ৰূপত প্রকাশ কৰে।

মানৱ চৰিত্ৰ বা মানৱ মন অতি জটিল। নানান প্রকৃতিৰ আশা-আকাংক্ষা, ক্রোধ-হতাশা, দুখ-বেদনা, তৃপ্তি-আনন্দ প্রতিজন মানুহৰ বুকুত থুপ খাই থাকে। মানুহৰ মনত দেৱতাৰ দৰে মহত্ত্ব আৰু ৰাক্ষসৰ দৰে জঘন্যতা—দুয়ােটাই আচৰিত ধৰণে ক্রিয়া কৰি থাকে। সেইবাবেই, মানুহ হৈ জন্ম লাভৰ অৰ্থনাে কি, বা জীৱনৰ অৰ্থনো কি, সেই কথা জানিবলৈ মানুহ আকুল। এইবােৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰে সাহিত্যই। কাৰণ কল্পনা আৰু স্বজ্ঞাৰ (Intuition) যােগেদিহে এইবােৰ প্ৰশ্নৰ উত্তৰ পূৰাকৈ পাব পাৰি। ধর্ময়ো অৱশ্যে মানুহনাে কোন পথে যাব লাগে বা জীৱনৰ নাে আচল অৰ্থ কি এনেবােৰ বিষয়ত মানুহক গভীৰ জ্ঞান দিয়ে। কিন্তু ধর্মশাস্ত্ৰৰ ৰচনাৰাজিতকৈ সাহিত্য চিত্রায়ন বেছি মুকলিমুৰীয়া, বেছি সহনশীল আৰু অনেক বেছি সুবিস্তৃত। সাহিত্যই নৈতিকতাৰ প্রয়ােজনীয়তাক অস্বীকাৰ নকৰে। কিন্তু সফল আৰ সুন্দৰ জীৱন-যাপনৰ বাবে মানুহে যে কত ধৰণৰ পৰিস্থিতি, কত ধৰণৰ জটিল বিপর্যয়ৰ মাজেৰে যাব লগা হয়, সেই কথা পুঙ্খানুপূংখাকৈ সাহিত্যইহে চিত্রায়িত কৰে। কোন কাহানিতে সাহিত্য সৃষ্টি হােৱাৰ দিনাৰে পৰা এই বিলাক কথা মানুহে জানিবলৈ সাধনা কৰি আহিছে। মানৱ সভ্যতাৰ গৌৰৱ আৰু জ্যোতি এনে সাধনাই উজলাই তুলিছে। ভাষাক প্ৰাণৱন্ত, ঐশ্বর্যময় আৰু মহিমামণ্ডিত কৰি তুলিব পাৰে কেৱল সাহিত্যইহে। একো একোটা ভাষাৰ খ্যাতি আৰু গৌৰৱ নিৰ্ভৰ কৰে সেই ভাষাৰ মহৎ সাহিত্যিকসকলৰ ওপৰত। কালিদাসৰ ৰচনাৱলীয়ে সংস্কৃত ভাষাৰ আৰু শেক্সপীয়েৰৰ ৰচনাৱলীয়ে ইংৰাজী ভাষাৰ জেউতি চৰাই তুলিছে। সাহিত্য পাঠৰ যােগেদি একোজন মানুহে নিজ মাতৃভাষাটোক আৰু অন্যান্য চহকী ভাষাবােৰক ভাল পাবলৈ শিকে। সাহিত্যই বিশ্ব মানৱৰ মনত ভ্রাতৃত্ববােধ গভীৰতৰ কৰি তােলে। সাহিত্যই তাপিত অন্তৰ শাঁত কৰে। সাহিত্য আৰু কলা-সংস্কৃতিয়ে মানুহক ব্যক্তিগত স্বৰ্থপৰতা আৰু ব্যক্তিগত হতাশাৰ পৰা মুক্তি পােৱাৰ পথ-সংকেত দেখুৱায়। সেয়েহে সাহিত্য সভ্যতাৰ অপৰিহাৰ্য অংগ। সাহিত্য সমাজৰ দাপােন। সমাজৰ ৰূপ সাহিত্যিকে বিভিন্ন ধৰণেৰে দেখুৱায়। মানুহ একোজনৰ তেওঁ বাস কৰা সমাজখনৰ সৈতে যে সম্পর্ক কিমান গভীৰ, সাহিত্যই সেই কথা আমাক প্ৰত্যয়জনকভাৱে জনায়। পৃথিৱীৰ বিভিন্ন দেশৰ, বিভিন্ন সমাজবােৰৰ বিষয়ে সাহিত্যই আমাক জ্ঞান দিয়ে। লগতে এনে বিভিন্নতা থাকিলেও যে মূলতঃ সকলো মানুহ একে, সেই কথাও সাহিত্যই যুগে যুগে আমাক জনাই আহিছে।

ভাৰতীয় নন্দন-তত্ত্ব অনুসৰি ন প্ৰকাৰৰ ৰস সৃষ্টি কৰাটো সাহিত্যৰ প্ৰধান গুণ। এই ৰসবােধে পাঠকৰ মনত ওখ খাপৰ আৰু সুক্ষ্ম ধৰণৰ আনন্দৰ জন্ম দিয়ে। এনে আনন্দই মানুহক সংস্কৃত, মার্জিত আৰু সুৰুচি সম্পন্ন কৰি তােলে। লগতে ই মানুহৰ মনত সৌন্দর্যৰ চেতনা জাগ্রত কৰি তোলে। এই কাৰণতে ক’ব পৰা যায় যে, সাহিত্যই একেলগে মানুহক মহৎ হ’বলৈ আৰু সুন্দৰৰ সাধক হ’বলৈ শিকায়। সুন্দৰৰ সাধনাই জীৱনক ভাল পাবৰ বাবে আমাক উদ্গনি দিয়ে। কলাৰ লক্ষ্য সুন্দৰৰ সাধনা আৰু সাহিত্য এবিধ বিশেষ ধৰণৰ কলা। ইংগিতময়তাৰ যােগেদি কলাই মানুহৰ মনলৈ বৈচিত্র্যময় অনুভূতিবােৰ আনে।

আজিৰ বিজ্ঞানৰ যুগত সাহিত্যৰ প্রয়ােজনীয়তা কমি আহিছে বুলি কোনােবাই যদি কয়, তেন্তে সি তেনেই তৰাং যুক্তি হ’ব। কাৰণ বিজ্ঞানে মানুহক খুব ক্ষমতাশালী কৰি তুলিব পাৰিছে যদিও মানুহৰ মূল চাৰিত্রিক বৈশিষ্ট্যবােৰ বেলেগ কৰি দিব পৰা নাই। আজিও মানুহৰ জীৱন হাঁহি আৰু কান্দোনৰ বিচিত্র সমাহাৰ। সেই কাৰণতে মানুহে মহাভাৰত, ৰামায়ণ, ইলিয়াদ, অ’ডিছি, ডিভাইন কমেডি, কিং লিয়েৰ প্ৰমুখ্যে শাশ্বত সাহিত্য-কৃতিবােৰক দিক্ নির্ণায়ক নক্ষত্রৰূপে গণ্য কৰে। কুৰি শতিকাৰ শ্ৰেষ্ঠতম বৈজ্ঞানিকসকলেও মহৎ সাহিত্যিকসকলক প্রকৃত অৰ্থত দ্ৰষ্টা বুলি গণ্য কৰি সন্মান কৰি আহিছে। বিজ্ঞান আৰু সাহিত্যৰ মাজত যে এডাল অভগন সােণালী সাঁকো আছে, সেই কথা শ্রেষ্ঠতম বিজ্ঞানবিদসকলে উপলব্ধি কৰে। জীৱনক পূৰ্ণৰূপত জানিবলৈ সাহিত্য আৰু বিজ্ঞান দয়ােটাৰে প্রয়োজন। সমাজ এখনে ধাৰণ কৰি ৰখা প্রমূল্যসমূহ বিজ্ঞানে অকলশৰীয়াকৈ যােগান ধৰিব নােৱাৰে। সাহিত্যৰ প্রয়ােজন ইয়াৰ বাবে অপৰিহার্য। কাৰণ মানুহৰ মনৰ খবৰ সাহিত্যিকৰ সমান কোনেও নাজানে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top