ঢেঁকীশালৰ ওপৰত চমু অ‍লোকপাত- Dheki Shal

ঢেঁকীশালৰ ওপৰত চমু অ‍লোকপাত- Dheki Shal

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “ঢেঁকীশালৰ ওপৰত চমু অ‍লোকপাত- Dheki Shal” লিখনিটোৰ জৰিয়তে ঢেঁকী আৰু ঢেঁকীশালৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ঢেঁকী আৰু ঢেঁকীশালৰ বিষয়ে অধিক জানিবলৈ লিখনিটো শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

আজিৰ পৰা বহু বছৰ আগলৈ অসমীয়া মানুহৰ প্ৰতি ঘৰে ঘৰে ঢেঁকীশাল আছিল। প্ৰকৃততে ঢেঁকীশাল বুলিলে এখন খেৰৰ চালি বা ঘৰৰ পিৰালি আৰু মাটিৰে সুন্দৰকৈ মচি থোৱা এটি দৃশ্যই মনত দোলা দি যায়।

ঢেঁকী” অসমীয়া সংস্কৃতিৰ প্ৰতীক। অসমীয়া সংস্কৃতিৰ লগত ঢেঁকীৰ সম্পৰ্ক ওতঃপ্ৰোত । সাধাৰণতে চাউল, মচলা আদি গুৰি কৰাৰ চাহিদাতে ঢেঁকীৰ সৃষ্টি। ঢেঁকী পৰম্পৰাগতভাৱে অসমত অতীজৰে পৰা বৰ্তমানলৈ ব্যৱহাৰ হৈ আহিছে। ঢেঁকীৰ প্ৰচলন অকল যে অসমতে তেনে নহয়; ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্য পশ্চিমবংগ আৰু বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়। অসমীয়া সমাজৰ লোকবিশ্বাস আৰু আচাৰ আচৰণেৰে পৰিপুষ্ট বিহুৰ মাজতো ঢেঁকীশাল বহু পৰিমানে সজীৱ হৈ আছে।

ঢেঁকীশালৰ ওপৰত চমু অ‍লোকপাত- Dheki Shal

ঢেঁকীশালৰ- Dheki Shal

আগতে ধান, যৱ, ঘেঁহু ইত্যাদি খুন্দি চাউল, আটা, চিৰা উৎপাদন কৰিবলৈ ঢেঁকীৰ ব্যৱহাৰ ব্যাপক আছিল কিন্তু আধুনিক যুগত সেই কাম যন্ত্ৰৰ দ্বাৰা কৰা হয়। তথাপি অতীজৰে পৰা বৰ্তমান সময়লৈকে চাউল খুন্দি পিঠাগুৰি তৈয়াৰ কৰা কাৰ্যত ইয়াক ব্যৱহাৰ কৰি অহা হৈছে।

ঢেঁকীৰ অংশঃ-

ঢেঁকী সজাৰ বাবে আৱশ্যকীয় অংশ সমূহক বিভিন্ন নামেৰে জনা যায়। ঢেঁকীটো সাজিবলৈ এডাল পোন চিধা ছয় বা সাত হাতমান দীঘল কাঠ ব্যৱহাৰ কৰা হয়। অঞ্চলভেদে ঢেঁকীৰ আন আন অংশৰ নামবোৰ ভিন্ন ধৰণৰ হোৱা পৰিলক্ষিত হয়। তলত এই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-

ঢেঁকী থোৰা:-

প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকীথোৰা বোলা হয়। ঢেঁকী থোৰা সাধাৰণতে মজবুত কাঠৰে তৈয়াৰ কৰা হয়।

গুলচ বা শাম:-

ঢেঁকীৰ থোৰাৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে যাক গুলচ বুলি কোৱা হয়।

খুবলি:-

ঢেঁকীৰ থোৰা যিটো অংশত পেলাই বস্তুবোৰ গুৰি কৰা হয় তাক খুবলি বোলা হয়। সাধাৰণতে শিল এচটাত গাত খান্দি খুবলি প্ৰস্তুত কৰা হয়। খুৱলিৰ বাবে এটা ঘূৰণীয়া জীয়া শিল আৰু লুড়ীৰ বাবে সৰু বাঁহৰ প্ৰয়োজন।

ফিছা:-

ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হ’ল ফিছা।

মলুৱা মাৰি:-

ঢেঁকীৰ ফিছাৰ পৰা অলপ আঁতৰত এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক মলুৱা মাৰি বুলি কোৱা হয়।

কঁতৰা বা কাত্ৰা:-

মলুৱা মাৰিডাল দুয়োফালে দুডাল Y আকৃতিৰ সৰু কাঠৰ খুটাত লগাই ৰখা হয়, যাক কঁতৰা (নামনি অসমত কাত্ৰা) বোলা হয়।

বৰণি মাৰি বা লুড়ী:-

ঢেঁকীৰ মূল অংশ নহ’লেও গুৰি কৰি থকা অংশখিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বৰণি মাৰি বোলে।

খচৰা মাৰি:-

সান্দহ, চিৰা আদি গুৰি কৰোতে সেয়া খুবলিৰ ভিতৰতে খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক খচ্‌ৰা মাৰি বোলা হয়।

ঢেঁকী জৰী:-

ফিছাৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে।

সতিনী জৰী:-

ঢেঁকী দিওঁতে গৰাকীয়ে হাতেৰে টনা জৰী ডালক সতিনী জৰী বোলা হয়।

ঢেঁকী দাঙি ধৰা মাৰি:-

এজনে অকলে ঢেঁকীত কাম কৰি থাকিলে ঢেঁকীটো দাঙি ধৰিবলৈ এচটা কাঠৰ মাৰি বা এডাল বাঁহৰ ব্যৱহাৰ কৰে। যাক ঢেঁকী দাঙি ধৰা মাৰি বোলা হয়।

ঢেঁকীশালৰ উক্ত সঁজুলিবোৰ সাজিবলৈ আম, জাম, কঁঠাল, শাল, শিলিখা আদি টান গছৰ কাঠৰ প্ৰয়োজন। পুৰণি কালত ককা-আইতাহঁতে ঢেঁকীৰ বৰ্ণনা দিছিল এনেদৰে-

‘দীঘলীয়া দেহা তোৰ তাৰে লগ-ভাগ
কটৰা, খুৱলি, থোৰা দেখাতে শুৱাগ।
খুৱলিত শস্য ঢালি হেঁচিলে ফিচাত
ঢেং কুৰুৎ, ঢেং কুৰৎ উঠে তোৰ মাত॥’

ঢেঁকীৰ জোখ-মাখ:-

ঢেঁকীৰ দৈৰ্ঘ্য প্ৰায় ৭ ফুটৰ পৰা ৯ ফুট। ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট। শলখাডাল কঁটৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে (শলখাডাল ধৰি ৰখা সামগ্ৰী)। সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আখলশলা বুলিও কোৱা হয়। শলখাডাল ধৰি ৰখা কঁটৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ’লে ভাল।ঢেঁকীটোৰ মুৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি।থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট।থোৰাটোৰ খুবলিত সোমোৱা মুৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয়। গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি।গুলটোৰে য’ত ধান খুণ্ডে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশালিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মুৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। খুবলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়।

অসমীয়া সমাজত ঢেঁকীৰ সৈতে বিভিন্ন লোকাচাৰ জড়িত হৈ আছে। ঢেঁকীশাল লখিমীৰ বাসস্থান বুলি অসমীয়া লোক সমাজত অতীজৰে পৰা বিশ্বাস চলি আহিছে। নতুন কইনাই গৃহ-প্ৰৱেশ কৰোঁতে তেওঁক ঢেঁকীশাল দেখুওৱাৰ নিয়ম অসমীয়া সমাজৰ বহু ঠাইত আছে। অসমীয়া বিবাহ অনুষ্ঠানৰ লোকাচাৰ ‘গাঁঠিয়ন খুন্দা’-ত ঢেঁকী ব্যৱহৃত হয়।

অসমীয়া সমাজত বিবাহ অনুষ্ঠানত ঢেঁকীশালত বহু কেইগৰাকী আয়তীয়ে মিলি গীত- মাতেৰে চৌপাশৰ পৰিৱেশ মুখৰিত কৰি দৰা আৰু কইনা উভয় ঘৰতে সান্দহ খুন্দে আৰু সেই সান্দহ বিয়াৰ দিনা ৰাতি হোম পুৰাৰ পিছত দৰা – কইনাক খাবলৈ দিয়াৰ নিয়াম আছে।

মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনী গছ, ঘৰৰ খুঁটা আদিৰ লগতে ঢেঁকীতো ধানখেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ মাঘ-বন্ধা হিচাপে জনাজাত।

বতৰ খৰাং হ’লে কোনো এঘৰৰ পৰা সূৰুজমুখী ঢেঁকী (পূবা-পশ্চিমাকৈ পতা) ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি ওভোটাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি ভৱা হয়।

তোলনী বিয়া অনুষ্ঠানত কেঁচা-পিঠাৰ বাবে অকুমাৰী ছোৱালীয়ে পিঠাগুৰি খুন্দি দিয়াৰ নিয়ম আছে।

বিহুত, লখিমী বাৰ হিচাপে গণ্য কৰা বৃহস্পতিবাৰে, মৃতকৰ সকাম আদিত ঢেঁকীশাল মচি-কাচি পৰিষ্কাৰ কৰি ৰখা হয়।কোনো কোনো জনগোষ্ঠীৰ লোকে ঘৰত নতুনকৈ ঢেঁকীশাল স্থাপন কৰিলে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক নিমন্ত্ৰণ কৰি কল-পিঠা দিয়া অনুষ্ঠানৰ আয়োজন কৰে।

ঢেঁকীশালৰ ওপৰত চমু অ‍লোকপাত- Dheki Shal

লোক বিশ্বাসঃ-

অসমৰ লোকজীৱনত ঢেঁকী আৰু ঢেঁকীশাল সম্পৰ্কীয় বহু বিশ্বাস প্ৰচলিত হৈ আহিছে। এনে কিছুসংখ্যক লোকবিশ্বাসৰ অন্তৰালত যুক্তিবাদী চিন্তা নিহিত হৈ থকা যেন লাগিলেও অধিকাংশ বিশ্বাস সৰল জনজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰাই উদ্ভূত হোৱা। যেনে:- একে কাঠেৰে ঢেঁকী, থোৰা, গাঁৰিশালি, কটৰা, শলা আৰু ৰান্ধনীশালত ব্যৱহৃত হেতা, তলীয়া পাগমাৰি তৈয়াৰ কৰিলে গৃহস্থৰ পেটৰ অসুখ নহয়।

পৰম্পৰা অনুসৰি শিলিখা গছৰ কাঠেৰে ঢেঁকী তৈয়াৰ কৰা হয়। শিলিখা ঔষধি গুণসম্পন্ন বৃক্ষ হোৱা বাবে ইয়াৰে তৈয়াৰী আহিলাপাতি খাদ্য প্ৰস্তুতকৰণ কাৰ্যত ব্যৱহাৰ কৰিলে মানুহ ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা কম হয়। এয়া লোকজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা উদ্ভূত জ্ঞান।

ঢেঁকী সম্পৰ্কে প্ৰচলিত আন আন বিশ্বাসসমূহ হৈছে:-

  1. সন্ধিয়া আৰু ভাত খোৱাৰ ঢেঁকীত ধান বানিব নাপায়।
  2. ঢেঁকীত খুন্দি প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ কিছু অংশ ঢেঁকী দিয়াজনে খাব লাগে, নহ’লে গাৰ বিষ বা অন্য বেমাৰ ভুগিব লগা হয়।
  3. মঙলবাৰ আৰু শনিবাৰে ঢেঁকীশালত সান্দহ বা আখৈৰ খোলা নাপাতে।
  4. ঢেঁকীৰ কাম শেষ কৰি উঠাৰ পিছত ঢেঁকীত বহিব নালাগে তেনে কৰিলে ঢেঁকীৰ ভাগৰখিনি তাত বহাজনৰ দেহলৈ আহে।
  5. ঢেঁকীত বহিলে পথাৰৰ ৰোৱা পোকে খায় বুলিও বিশ্বাস আছে।
  6. একক পৰিয়ালত আৰু একে চৰুতে ৰন্ধা-বঢ়া কৰি খোৱা যৌথ পৰিয়ালত দুটা ঢেঁকী থাকিলে গৃহস্থৰ সমৃদ্ধি সাধন নহয় বুলি থকা বিশ্বাসে সৰল লোকমনৰ দূৰদৰ্শী চিন্তাকে নিৰ্দেশ কৰে।
  7. কুলাৰ বুকুত চালনী, খুবলীৰ বুকুত থোৰা, ঢেঁকীৰ লগত বাঢ়নী মাৰি নথ’লে মাকৰ বুকুত সন্তান নাথাকে জাতীয় স্পৰ্শকাতৰ বিশ্বাসৰ প্ৰচলনো আমাৰ সমাজত আছে।
  8. ভৰ দুপৰীয়া ঢেঁকী দিলে ঘৰৰ পৰা লক্ষ্মী গুচি যায়।
  9. বিহু, সংক্ৰান্তি, পূজা-পাতলত ঢেঁকীশাল মচাৰ নিয়ম আছে।
  10. প্ৰবাদ আছে, ঢেঁকীৰ শব্দ শুনিলে পুৰুষ কলা(কাণেৰে নুশুনা) হয়।
  11. সাত বিহুৰ ভিতৰত ৰাতিৰ সময়ৰ ঢেঁকীৰ ব্যৱহাৰ কৰিব নাপায়।
  12. অসমীয়া লোক-বিশ্বাসসমূহৰ ভিতৰত ঢেঁকী-নাঙল চুৰ কৰা প্ৰথা এটা অন্যতম। খৰাং বতৰত খেতিয়কসকলে এটোপাল বৰষুণৰ বাবে ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদ বিচাৰি গাঁৱৰ যি ঘৰত পূবা – পশ্চিমাকৈ ঢেঁকী থাকে (যাক ‘সূৰুয মুখী ঢেঁকী’ বোলা হয়), সেই ঢেঁকী চুৰ কৰি পথাৰ, নদীৰ পাৰৰ বালিত বা আন মুকলি ঠাইত ওপৰলৈ মূৰ কৰি থোৰাটো সূৰ্যৰ ফালে দি থিয়কৈ পুতি ৰাখে। প্ৰবাদ মতে, ঢেঁকীক ইন্দ্ৰ দেৱতাই দেখিব নোৱাৰে। সেয়েহে ঢেঁকীক মাৰিবলৈ ইন্দ্ৰই বজ্ৰ প্ৰয়োগ কৰে। এই বজ্ৰ মেঘৰ দ্বাৰা সৃষ্টি হয় আৰু আকাশত মেঘ আহিলেই বৰষুণ হয়। ইয়াক কিছুমান লোকে ঢেঁকী পোতা নাম দিয়ে।

গীত-মাতত ঢেঁকী:-

ঢেঁকীশাল মজবুতকৈ ঢেঁকী পাতিবলৈ পাকৈত পুৰুষৰ প্ৰয়োজন। ঢেঁকী পাতোতে হেৰফেৰ হ’লে বা কটৰা লৰক্- ফৰক্ হ’লে ঢেঁকী দিয়াত জুতি নুঠে। এইক্ষেত্ৰত পুৰুষসকলক ঠাট্টা কৰি নামনি অসমত কথিত ভাষাত এনেদৰে গায়-

“ঢেঁকী কৰে হেকাৰ কেকাৰ মৰুৱা বাৰি লৰে।
আহাৰ ঘৰৰ পাঁচটা মদ্দে ঢেঁকী পাত্পা নৰে॥”

ঢেঁকীক আলম হিচাপে লৈ অসমীয়া সমাজৰ ঘৰুৱা চিত্ৰ, নৈ-বিলৰ সৌন্দৰ্য্যৰ বৰ্ণনা আদি বিহুগীতত থাকে।

ঢেঁকীৰ লগত কুলা-চালনীৰ যি নিকট সম্পৰ্ক তাক লৈও গীত-মাত প্ৰচলিত হৈ আছে। যেনে:-

“চ‍াউল চালিবৰে সেৰেঙা চালনী
ধানে জাৰিবলৈ কুলা।”

অসমীয়া গ্ৰাম্য জীৱনত ঢেঁকীৰ ঘাইকৈ ব্যৱহাৰ হয় (বিয়াত) সান্দহ কুটিবলৈ। সেয়ে ইয়াৰ আদৰ বহু বেছি আৰু সেইবাবে গোৱা হয়-

“সীতাও সোণৰে ঢেঁকীতে
মই সান্দহ জুৰিলোঁ
অ’ হৰিহে……
ৰূপৰে লগালো থোৰাহে।
সীতাও থোৰাৰে মুখতে জুন্- জুনি লগলো
অ’ হৰিহে সঁফুৰা মুৱাৰে বিয়াহে॥”

ফকৰা যোজনা/পটন্তৰত ঢেঁকী:-

অসমীয়া সমাজত ঢেঁকী সম্পৰ্কীয় বহু প্ৰবচন, যোজনা-পটন্তৰৰ প্ৰচলন আছে। যেনে:

  1. ‘কাৰো ভাগ্যত হাতী ঘোঁৰা।
    কাৰো ভাগ্যত ঢেঁকীথোৰা।’
  2. ‘ঢেঁকীয়ে স্বৰ্গলৈ গ’লেও ধান বানে’,
  3. ‘মাকতকৈ জীয়েক কাজী,
    ঢেঁকীথোৰাৰে বটে পাঁজি’ আদি।

সাধুকথাটো ঢেঁকীৰ কথা বৰ্ণোৱা শুনিবলৈ পোৱা যায়। যেনে: লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ‘তেজীমলা’ সাধুটোত মাহীমাকে ঢেঁকীশালত তেজীমলাক ঢেঁকী দিবলৈ লগাই খুন্দি পেলোৱাৰ কথা পোৱা যায়। তাত পোৱা যায়-

“সাউদৰ জীয়েকৰ নাম তেজীমলা
মাহমাকে নিতৌ তাইক কৰি জ্বলা-কলা
ঢেঁকীত খুন্দি মাৰে পোতে মনে মনে।”

পুৰণি আখ্যান সমূহতো ঢেঁকীৰ গুণ-গান শুনিবলৈ পোৱা যায়। পুৰণি আখ্যানৰ মতে, ঢেঁকী তাহানিৰ মহাকাশ যান, তাৰ গতি অতি তীব্ৰ, সেই ঢেঁকীত উঠিয়ে শ্ৰী বিষ্ণুৰ পৰম ভক্ত তথা ভগৱান শ্ৰী ব্ৰহ্মদেৱৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদ মুনিয়ে চকুৰ পচাৰতে বিশ্ব- ব্ৰহ্মাণ্ডত ঘূৰি ইজনৰ কথা সিজনক লগাই ঘূৰি ফুৰে।

দিস্তান বা সাঁথৰৰ মাজতো ঢেঁকীৰ কথা পোৱা যায়। যেনে:-

‘এদঁতীয়া হাতী,
ধান খায় পাচি পাচি।’

ঢেঁকীশালৰ লগত নাৰী সমাজৰ সম্পৰ্ক:-

জকা, খৰাহী, প‍াচী, কুলা-চালনী, ৰইনা, তুঁহগুৰি, লুড়ী, বাঢ়নী, পীৰা আদি বিভিন্ন সামগ্ৰীৰে ঠাহ খাই থকা ঢেঁকীশালখন জীয়াৰী- বোৱাৰীৰ জিৰণিৰ ঠাই। একপ্ৰকাৰৰ ওচৰ-চুবুৰীয়া মহিলাসকলৰ ক্লাব। ঢেঁকীশালখনেই নাৰীসকলৰ নানান প্ৰকাৰৰ মুখ চুপতি মৰা, টেঙা খোৱা, মনৰ কথা আনৰ লগত আদান-প্ৰদান কৰা, আইনাম, বিয়ানাম, বিহুনাম আদি আওৰোৱা আদি কাৰ্যৰ থলী। আইনাম, বিয়ানামৰ দৰে অসমীয়া লোক সাহিত্যৰ সৃষ্টি হয়তো অনাখৰী নাৰীসকলৰ মুখত ঢেঁকীশালতেই হৈছিল। ঢেঁকী আছিল অতীজত নাৰীসমাজত শাৰীৰিক ব্যায়ামৰ আহিলা, সহজ অৰ্থত ঢেঁকীশালখনেই এক ব্যায়ামাগাৰ।

পূৰ্বতে অসমীয়া সমাজৰ কৃষিজীৱি পৰিয়ালত দৈনিক ব্যৱহৃত চাউল প্ৰতিদিনে গৃহিনীসকলে ঢেঁকীত ধান বানি উলিয়াই থোৱাৰ নিয়ম আছিল। বিহু বা বিয়া-বিবাহৰ সময়ত ঢেঁকীশালত নাৰীসকলৰ ব্যস্ততা বাঢ়ে। বিধে বিধে জা-জলপান খুন্দি তেওঁলোকে ৰান্ধনিশালৰ চাং-হেন্দালি ভৰাই থয়। ঘৰৰ সকলোকে নানা বিধৰ জা-জলপান যতনাই দিয়াৰ উপৰি তাৰে আলহী অতিথিৰ আপ্যায়নো কৰে।

কিছুবছৰ আগলৈকে ঢেঁকী সময় নিৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছিল। যি সময়ত গৃহিণীয়ে পুৱতি নিশা ঢেঁকীত ধান বন্ধাৰ সময়ত ঢেঁকীৰ শব্দত ঘৰৰ ছাত্ৰ-ছাত্ৰীসকলে টোপনিৰ পৰা সাৰ পাই কিতাপ পঢ়িছিল। ঢেঁকীৰ শব্দ যেন ঘড়ীৰ এলাৰ্ম হে আছিল।

অসমীয়া সমাজৰ বহু পৌৰাণিক, ঐতিহাসিক ঘটনাৰ লগত জড়িত ঢেঁকীশাল বিশ্বায়ণৰ যুগত লুপ্তপ্ৰায় হৈ গ’ল। পূৰ্বৰ দৰে ঢেঁকীৰ লগত জড়িত হোৱাতকৈ ধান কলৰ ব্যৱহাৰ যেন বেছি বাঢ়িল। নগৰ- চহৰত ঢেঁকী লুপ্ত হ’ল যদিও গ্ৰাম্য সমাজত ঢেঁকীৰ আদৰ এতিয়াও আছে। প্ৰায় প্ৰতিঘৰতে নাথাকিলেও প্ৰায়ভাগৰ ঘৰত ঢেঁকীৰ প্ৰলন দেখা যায়। গ্ৰাম্যাঞ্চলত বিহুৰ আগমণৰ লগে লগে ঢেঁকীত সান্দহ আৰু পিঠাগুৰি খুন্দিবলৈ উথপ্থপ লাগে।

ঢেঁকীৰ ব্যৱহাৰ গ্ৰাম্যসমাজত আছে যদিও এতিয়া যেন ই ক্ৰমে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিলুপ্তিৰ দিশে গতি কৰিছে। হয়তো ঢেঁকীৰ প্ৰচলন বন্ধ হোৱাৰ লগে লগে অসমীয়া সমাজৰ বহু সংস্কৃতিও লুপ্ত হৈ যাব।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top