মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park

মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park” এই ৰচনাখনৰ জৰিয়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যৰ লগতে ইয়াৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচয়

প্রাকৃতিক পৰিবেশ সংৰক্ষণত অগ্রগণ্য আৰু বিশ্বৰ কেবাবিধ দুষ্প্রাপ্য বন্যপ্রাণীৰে সমৃদ্ধ মানাহ বনাঞ্চল আজি সমগ্র বিশ্বৰ ভিতৰত এখন লেখত ল’বলগীয়া ৰাষ্ট্ৰীয় উদ্যান। ভূটান পাহাৰৰ পাদদেশ চুমি প্রায় ২০ কিলােমিটাৰ দক্ষিণলৈ বিস্তৃত হৈ থকা বৈচিত্র্যপূর্ণ মানাহৰ প্রাকৃতিক সৌন্দর্যও অতুলনীয়। বৰপেটা জিলাৰ উত্তৰ-পূবে চেনাজোৰা নদীৰ পৰা উত্তৰ-পশ্চিমে সুখানজানলৈ বিস্তৃত এই উদ্যানৰ মাটিকালি প্রায় ৩৯১ বর্গ কিল’মিটাৰ।

১৯৮৭ চনত অসম চৰকাৰে মানাহ অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে আৰু এনেকৈয়ে মানাহে কাজিৰঙাৰ পিছতে অসমৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যানৰ মর্যাদা লাভ কৰে।

আপুৰুগীয়া বন-সম্পদ তথা বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত মানাহ বনাঞ্চলৰ অনুকূল প্রাকৃতিক পৰিবেশলৈ চাই বৃটিছ চৰকাৰে পােন-প্রথমে ১৯০৭ চনত মানাহ সংৰক্ষিত বনাঞ্চল গঠন কৰি তাত জধে-মধে চিকাৰ কৰা আৰু অৰণ্য ধংস কৰা নিষিদ্ধ কৰে।

প্রজেক্ট টাইগাৰ (manas national park)

কুৰি শতিকাৰ প্ৰথম ভাগত জনসংখ্যা বৃদ্ধিৰ লগতে খাৰ-বাৰুদৰ প্ৰচলন বঢ়াত অসমতাে বন-বননি আৰু বন্যপ্রাণী দ্রুত গতিত হ্রাস পাবলৈ ধৰে। সেয়েহে অৰণ্য সংৰক্ষণৰ কঠোৰ নীতি গ্রহণ কৰি বৃটিছ চৰকাৰে ১৯১৭ চনত মানাহক অভয়াৰণ্য বুলি ঘােষণা কৰে। স্বাধীনােত্তৰ কালত ১৯৬৯ চনত জাতীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বন আৰু বন্যপ্রাণী নীতি অনুসৰি অসমতাে সুকীয়া বন্যপ্রাণী সংমণ্ডল গঠন কৰি মানাহ অভয়াৰণ্যক উক্ত সংমণ্ডলৰ অধীনলৈ নিয়া হয়।

মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park

কিন্তু প্রাকৃতিক পৰিবেশ সংৰক্ষণৰ আৱশ্যকতা সম্বন্ধে সর্বসাধাৰণ ৰাইজৰ মাজত উপযুক্তভাৱে শিক্ষা বিস্তাৰ নােহােৱাত আৰু দ্বিতীয়তে অৰণ্য আৰু, বণ্যপ্রাণীৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত প্রশাসনিক যন্ত্র নিকা নােহােৱাত অসমৰ আন আন সংৰক্ষিত বনভূমিৰ লগতে মানাহৰো এসময়ত অস্তিত্ব বিপদাপন্ন হৈ পৰে। সৌভাগ্যবশতঃ ১৯৭৩ চনত ভাৰত চৰকাৰে ভাৰতৰ পৰা লুপ্ত হ’ব খােজা সুন্দৰদেহী ঢেকীয়াপতীয়া বাঘ সংৰক্ষণৰ বাবে ‘প্রজেক্ট টাইগাৰ’ অর্থাৎ ব্যাঘ্র যােজনাৰ কাম হাতত লৈ মানাহ অভয়াৰণ্যকে ধৰি ভাৰতৰ এঘাৰখন সংৰক্ষিত বনাঞ্চল উক্ত আঁচনিত সামৰি লয়। বাঘ-সংৰক্ষণৰ স্বাৰ্থত মানাহ অভয়াৰণ্যৰ নিৰাপত্তাৰ বাবে যিখিনি ব্যৱস্থা গ্ৰহণ কৰা হয়, তাৰ ফলতে মানাহ অভয়াৰণ্যই পূনৰ নতুন জীৱন লাভ কৰে।

অৱস্থিতি

মানাহ অভয়াৰণ্যক অন্তঃস্থল হিছাপে লৈ পূবে দৰং জিলাৰ ধনশিৰী আৰু পশ্চিমে অসম-বঙ্গৰ সীমাত অৱস্থিত সােণকোষ নদীলৈকে বিস্তৃত মুঠ ২৮৩৭ বৰ্গ কিলোমিটাৰ অৰন্য সামৰি বাঘ সংৰক্ষিত বনাঞ্চলৰ ‘বাফাৰ জন’ বা নিদান ভূমি গঠন কৰা হয়। ১৯৭৪ চনত মানাহত থকা আঢ়ৈ কুৰি বাঘৰ সংখ্যা বাঢ়ি পােন্ধৰ বছৰৰ ভিতৰত শতাধিক হয়গৈ। তেনেকৈ ১৯৮১ চনত হােৱা গণনা অনুসৰি মানাহ অভয়াৰণ্যত হাতীৰ সংখ্যা ৮৩৪ টা হয়হি। একেদৰেই এই সময়ছোৱাত মানাহত অন্যান্য আপুৰুগীয়া জীৱ-জন্তুৰ সংখ্যাও বদ্ধি পায়।

জীৱ-জন্তু

সােণালী হনুমান বান্দৰ, নল-গাহৰি বা ঠাকুৰি বৰা, খাগৰি কটা পহু, উলু মৰা আদি কেবাবিধাে বন্যপ্রাণী মানাহৰ বাহিৰে পৃথিৱীৰ ক’তােৱেই নাই। বিশ্বৰ যিবােৰ আপুৰুগীয়া বন্যপ্রাণী লুপ্ত হােৱাৰ আশংকাই দেখা দিছে, সেইবােৰ বন্যপ্রাণীক বিশ্ব বন্যপ্রাণী সংস্থাই প্রথম অনুসুচীভুক্ত কৰি সিবােৰৰ সংৰক্ষণ আৰু বংশ-বৃদ্ধিত গুৰুত্ব দিছে।

মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park

আনকি সেইবােৰ বন্যপ্রাণীৰ দেহৰ কোনাে অংগৰ বেচা-কিনাও নিষিদ্ধ কৰা হৈছে। সুখৰ কথা এয়ে যে তেনেকুৱা আপুৰুগীয়া কেবাবিধাে বন্যপ্রাণী মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছে। সেইবােৰৰ ভিতৰত বাঘ, ভাৰতীয় জাতৰ হাতী, সোণালী হনুমান বান্দৰ, মেঘবর্ণ ফুটুকী বাঘ, কুৱাং কুকুৰ (বনৰীয়া কুকুৰ), ভালুক, এটা খৰ্গৰ ডাঙৰ জাতৰ গাঁড়, এছীয় জাতৰ ম’হ, টুপীধাৰী হনুমান বান্দৰ, দল হৰিণ, নল গাহৰি, বন-ৰৌ, কেৰ্কেটুৱা, খাগৰি কটা পহু, আদি উল্লেখযােগ্য।

প্ৰকৃতিৰ ৰম্যভূমি মানাহত বছৰৰ ঋতুভেদে ভিন-ভিন চৰাই-চিৰিকতিৰ সমাবেশ ঘটে। প্ৰব্ৰজনকাৰী চৰাইৰ উপৰিও মানাহৰ স্থায়ী চৰাইৰ লেখ দিয়া টান। বিভাগীয় ভাৱে চলােৱা সমীক্ষা মতে মানাহত তিনিশবিধ চৰাই চিনাক্ত কৰিব পৰা গৈছে। খৰালি মাহত প্ৰব্ৰজনকাৰী বহু চৰাইক মানাহৰ মাছ, ফুল আৰু নিৰাপদ প্রাকৃতিক পৰিবেশে আকর্ষণ কৰি আনে।

মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park

ভেলা, ঘােগ, চাকৈ চকোৱা, বিভিন্ন জাতৰ বগলী, হাড়গিলা, হাঁহ, চিলা, মাছ-ৰােকা আদি মাছ খকুৱা চৰাই মানাহৰ নৈ-নলা, জান-জুৰি, খাল-বিলত বছৰৰ বাৰ মাহেই দেখিবলৈ পােৱা যায়। ধনেশ নামৰ দুষ্প্ৰাপ্য চৰাইবিধ মানাহৰ স্থায়ী বাসিন্দা। মনােৰম ম’ৰা চৰাই মানাহৰ সৰ্বত্ৰতে দেখিবলৈ পােৱা যায়। ভাটৌ, মইনা, মৌপিয়া, বুলবুল, কুলি কপৌ, কেতেকী আদি ফুল-প্রিয় বিভিন্ন জাতৰ সৰু-ডাঙৰ চৰাই মানাহত সহজে দৃষ্টিগােচৰ হয়।

বৰশী বােৱাত চখ থকা লােকৰ বাবে মানাহ ভূ-স্বর্গ। নির্ধাৰিত ৰাজহৰ বিনিময়ত মানাহ, বেকী, হাকুৱাত পর্যটকক বৰশী বাবলৈ দিয়া হয়। দুষ্প্রাপ্য জঙাতৰা মাছ মানাহৰ অন্যতম সম্পদ।

গছ-গছনি

পলাশ, মদাৰ, আৰু শিমলু ফুল ফুলা বতৰত বিশেষকৈ নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ মানাহ বনৰ তেজৰঙা ৰঙেৰে ৰাঙলী হৈ পৰা দৃশ্য মনােমােহা হৈ পৰে। আকৌ বসন্তক আদৰিবলৈ ফেব্ৰুৱাৰী মাহৰ পৰা বিভিন্ন জাতৰ কপৌফুল ফুলি মানাহক জাতিষ্কাৰ কৰি তােলে।

উত্তৰে পাহাৰীয়া ডাঠ কাঠনি, নামনিৰ সমতলৰ গছ-গছনি আৰু ঘাঁহনিয়ে জাত-ভেদে বিভিন্ন বন্যপ্রাণীক, যেনেদৰে মুক্তভাৱে বসবাস তথা বিচৰণ কৰিবলৈ সুযোেগ দিছে, তেনেদৰে তাৰ অৰণ্যভুমিয়ে নিজকো মুল্যবান গছ-গছনিৰে সমৃদ্ধ কৰি ৰাখিছে। বিশ্বৰ দুষ্প্ৰাপ্য খয়ৰ গছৰ উপৰিও বনচোম, তিতাচঁপা, শিমলু, গমাৰী, শিশু (চিচু) আদি মুল্যবান গছে মানাহক সমৃদ্ধিশালী কৰি ৰাখিছে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বজনীন নীতি অনুসৰি এই ৰাষ্ট্ৰীয় উদ্যানতাে তৃণ-তৰু কাটিবলৈ দিয়াৰ নিয়ম নাই।

ব্যৱস্থা

মানাহৰ অভ্যন্তৰত ভূটান পাহাৰৰ যি শিলাময় অঞ্চলেৰে মানাহ নদী প্রবল বেগে হোঁ-হোঁৱাই নামি আহি বেকী আৰু হাকুৱা নদীৰ ৰূপ লৈ নামনিৰ ফালে ধাবিত হৈছে, অতুলনীয় প্রাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ সেই ঠাইত অসম চৰকাৰ আৰু ভূটান চৰকাৰৰ পর্যটক নিবাস অৱস্থিত। মানাহৰ প্ৰৱেশদ্বাৰ বাঁহবাৰীৰ পৰা মঠৰগুৰিলৈ দূৰত্ব কুৰি কিল’মিটাৰ। বৰপেটা-ৰােড ৰেলষ্টেচন হৈ বৰপেটা চহৰলৈ আৰু গুৱাহাটীলৈ দূৰত্ব ক্রমে ৫৬ আৰু ১৭৬ কিল’মিটাৰ।

বর্তমান মানাহত দেশ-বিদেশৰ পৰ্যটকৰ সমাগম বৃদ্ধি পােৱাত ভাৰত চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমে বাঁহবাৰীত এটা পৰ্যটকৰ নিবাস সজাইছে। মানাহত বছৰৰ বাৰ মাহে বনৰীয়া জীৱজন্তু চাব পাৰি যদিও দর্শনাথী তথা পৰ্যটকৰ বাবে অক্টোবৰ মাহৰপৰা এপ্রিল মাহলৈ খৰালিৰ কালছােৱাই সকলাে দিশৰপৰা উত্তম সময়। হাতীৰ পিঠিত উঠি আৰু নাৱেৰে ভ্ৰমণ কৰি অৰণ্যৰ শােভা আৰু জীৱ-জন্তু চাবৰ বাবে মানাহৰ মঠৰগুৰিত বিশেষ ব্যৱস্থা ৰখা হৈছে।

সামৰণি

বুদ্ধিৰ বিকাশ, জ্ঞানৰ উদয়, শাৰীৰিক পুষ্টি সাধন আৰু মানসিক শান্তি লাভৰ ক্ষেত্ৰত অৰণ্যই তাহানিৰ ঋষি-মুনিৰ দিনৰ পৰাই মানৱ জীৱনলৈ অপৰিসীম অৰিহণা যােগাই আহিছে। সেয়েহে মানুহৰ কল্যাণৰ বাবে সৃষ্টি কৰা ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষা কৰাটো প্রতিজন নাগৰিকৰে কর্তব্য আৰু দায়িত্ব বুলি জ্ঞান কৰা উচিত।

(আশা কৰোঁ আপুনি “মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মানাহ ৰাষ্ট্ৰীয় উদ্যান-manas national park” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top