এটা ভয়াৱহ সমস্যা-শব্দ প্ৰদূষণ

সূচনাঃ
প্রাণীজগত পৰিৱেশ নিৰ্ভৰশীল। পৰিৱেশক বাদ দি প্রাণী জগত চলিব নােৱাৰে। মানব জীৱনো পৰিৱেশতন্ত্ৰৰ অধীন। সেয়ে মানৱ জীৱনৰ সুখ-শান্তি, আনন্দ আৰু জীৱনৰেখাৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। মানুহে জন্মৰ লগে লগে মৃত্যুৰ পৰােৱানাও লগত লৈ আহে। হলেও, মৃত্যু অনিবার্য বুলি জানিও প্রত্যেক লােকেই এটা সবল, সুস্থ, দেহ মনৰ অধিকাৰী হ’বলৈ আৰু এই পৃথিৱীত সুখ-শান্তিৰে দীঘলীয়া জীৱন যাপন কৰিবলৈ বাঞ্ছা কৰে। কিন্তু সাম্প্রতিক বিশ্বত মানুহ এই দীর্ঘ জীৱন-যাপন কৰাৰ আকাংক্ষাৰ প্রতিবন্ধক ৰূপে যি এটা গুৰুত্বপূর্ণ সমস্যাই মূৰ দাঙি উঠিছে, সেই সমস্যাটোৰ নামেই হৈছে প্ৰদূষণ। এই প্রদূষণ কেবা প্ৰকাৰৰাে, যেনেঃ শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, জল প্ৰদূষণ ইত্যাদি। শব্দ-প্ৰদূষণৰ সৈতে ভাৰতৰ লেখীয়া কম শিক্ষিত হাৰৰ দেশ এখনৰ সমস্ত জনগণ পৰিচিত নহয়। অথচ আধুনিক বিশ্ববাসীৰ বাবে এই শব্দ প্রদষুণৰ সমস্যাটোও আন আন প্ৰদূষণৰ লেখীয়াকৈ সমানেই অতিশয় গুৰুত্বপূৰ্ণ সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যাটোৱে যেন দৈত্যৰূপ ধাৰণ কৰি সমগ্র বিশ্বকে খেদি ফুৰিব ধৰিছে। সমগ্র বিশ্বই এতিয়া, এই দৈত্যটোৰ গৰাহত পৰি ককবকাই ফুৰিব ধৰিছে। উন্নত দেশসমূহৰ শিক্ষিত, সচেতন জনগণৰ সজাগতাত ইতিমধ্যে সেইবোৰ দেশত শব্দ-প্ৰদূষণৰ পৰা হাত সাৰিবৰ বাবে প্ৰতিৰােধ ব্যৱস্থাও গঢ় লৈ উঠিছে। কিন্তু আর্থিকভাবে অত্যন্ত দুর্বল দেশবােৰত যিহেতু শিক্ষিত লোকৰ হাৰ কম সেইবাবে শব্দ প্ৰদূষণ সম্পর্কে জনগণৰ মাজত চেতনাও কম। ফলত এইবােৰ দেশত শদ প্ৰদূষণৰ বিৰুদ্ধে প্রতিৰােধ ব্যৱস্থা গঢ়ি উঠা দূৰৰ কথা, এইবােৰ দেশৰ জনগণ সমস্যাটো সম্পর্কেও ভালদৰে জ্ঞাত নহয়। ফলত শব্দ-প্ৰদূষণৰ ভয়াবহতা এইবােৰ দেশত সর্বাধিক ৰূপত বিৰাজমান।
কাৰণঃ
ৰূপ বৈচিত্র্যময় বিনন্দীয়া জগৎখন সর্বদা বাকময়। বৈচিত্র্যময় প্রাণী জগতৰ মানুহ, জীৱ-জন্তু, কীট-পতংগ, চৰাই-চিৰিকটিৰ কলৰৱেৰে জগৎখন অহৰহ মুখৰিত। এইকলৰৱ প্ৰকৃতিৰ দানস্বৰূপ হেতু স্বাভাৱিক ক’লৰৱ। সেয়ে এনে কলৰৱে কদাপি মনত বিৰক্তি নজন্মায়, বৰং এনে কলৰৱে শান্তিৰ বন্যাহে নমাই আনে। গতিকে এনে কলৰৱ বা শব্দ ধ্বনিয়ে জগৎবাসীৰ বাবে কোনাে সমস্যাৰ সৃষ্টি কৰা নাছিল। ১৮শ শতিকালৈকে এই ব্যৱস্থা চলি থকাৰ ফলত মানুহ আৰু প্ৰকৃতিৰ মাজতাে কোনাে ধৰণৰ বিৰােধে দেখা দিয়া নাছিল। কিন্তু উনৈশ শ শতিকাৰ পৰা এহাতে জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিলে, অন্যহাতে বিজ্ঞানৰ ন-ন আৱিষ্কাৰে মানুহৰ জীৱন-যাত্ৰাৰ মানদণ্ডও সলনি কৰি পেলালে। মানুহৰ প্রাকৃতিক সম্পদ আহৰণৰ মাত্রও বাঢ়িল। ক্রমাগতভাৱে বর্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ অধিক মাত্ৰাত স্বাভাৱিক প্রাকৃতিক ভূমি আবাদ হ’বলৈ ধৰিলে। মানুহে যধে-মধে প্রাকৃতিক সম্পদ সমূহ আহৰণ কৰি নিজৰ ভােগ-বিলাসত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাত প্রাকৃতিক পৰিৱেশে ভাৰসাম্য হেৰুৱাবলৈ ধৰিলে। প্রচণ্ড শব্দেৰে পর্বতে-পাহাৰে শিলৰ বুকু চিৰাচিৰ কৰি মানুহে অট্টালিকা, ৰাস্তা-ঘাট, ৰেলবাট, বিমান বন্দৰ আদি সাজিবলৈ ধৰিলে। গতিকে ক্রমশঃ প্রকৃতি আৰু পৰিৱেশৰ ভাৰসাম্যতা নােহােৱা হৈ আহিল। ইয়াৰ ফলতে কেউবিধৰ প্ৰদূষণে মানৱ-জীৱনকে ধৰি সমস্ত প্রাণীজগতক অক্টোপাছৰ দৰে এনেদৰে মেৰাই ধৰিলে যাৰ হাতােৰাৰ পৰা মানৱ জাতিসহ সমস্ত প্রাণী জগৎ মুক্ত হােৱাৰ আশা দিনে দিনে কমি আহিবলৈ ধৰিলে। গতিকে, মানৱ জাতিয়ে হ’ল সমস্ত প্রাকৃতিক পৰিৱেশ বিনষ্টৰ মূল হােতা। এনেবােৰ ঘটনা জুকিয়াই চাই সভ্যতাৰ সর্বোচ্চ শিখৰত আৰােহণ কৰিবলৈ অগ্ৰসৰ হােৱা মানৱ জাতিয়ে জীৱন ধাৰণৰ মানদণ্ড অধিক উন্নত, আৰামদায়ক কৰিবলৈ অহৰহ চলােৱা প্রচেষ্টা, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই যােগান ধৰা বিভিন্ন প্রকাৰৰ তীব্র কোলাহল সৃষ্টিকাৰী কল-কাৰখানা, মটৰ-গাড়ী, ৰেলগাড়ী, মাইক, বােমা-বাৰুদ, বিভিন্ন প্রকাৰৰ বিমান আদিৰ লগতে বর্ধিত জনসংখ্যাও শব্দ প্ৰদূষণৰ মূল কাৰণ।
শব্দ প্ৰদূষণঃ
যানবাহনৰ কোলাহল, কলকাৰখানাৰ শব্দ, বােমা-বাৰুদৰ শব্দ, মানুহৰ চিঞৰ-বাখৰ আদিয়ে শব্দ প্ৰদূষণৰ ঘাই উৎস। এইবােৰৰ পৰা নিৰ্গত হােৱা শব্দই যেতিয়া আমাৰ কৰ্ণ গহ্বৰৰ সহ্যৰ সীমা অতিক্রম কৰে তেতিয়া তাক শব্দ প্ৰদূষণ বুলি অভিহিত কৰা হয়। শব্দ জোখৰ এককৰ নাম হল ‘ডেচিবল’ (Decibel)। শব্দ এক ডেচিবলৰ পৰা ৭০ ডেচিবেলৰ ভিতৰত হ’লে ইক্ষতিকাৰক নহয়। কিন্তু শব্দই ১২০ ডেচিবেলৰ সীমা অতিক্রম কৰিলে ই ক্ষতিকাৰক হয়। আকস্মিকভাৱে এদিন বা মাজে সময়ে বিকট শব্দ শুনিলে বিশেষ ক্ষতি নহয় যদিও প্রতিদিনে সহ্যৰ সীমা অতিক্রম কৰা কোলাহল শুনি থাকিলে এইবােৰ ভয়াৱহ ধৰণৰ ক্ষতিকাৰক হৈ উঠিব পাৰে। সাধাৰণতে জনবহুল যান-বাহন চলাচল কৰা নগৰৰ শব্দ ৯০ ডেচিবেল, কল-কাৰখানাৰ শব্দ ১০০ ডেচিবেল, ৰেল ইঞ্জিনৰ শব্দ ১৩০ ডেচিবেল, বজ্ৰপাতৰ শব্দ ১৪০ ডেচিবেল আৰু জেট বিমানৰ শব্দ ১৫০ ডেচিবেল বুলি হিচাপ কৰা হয়।
প্রতিক্রিয়াঃ
শব্দ-প্রদুষণে মানুহৰ স্নায়ু, মস্তিষ্ক আৰু হৃদপিণ্ডত প্রচণ্ড প্রতিক্রিয়া সৃষ্টি কৰে। শব্দই মস্তিষ্ক কোষক উত্তেজিত কৰে। এই উত্তেজনাৰ ফলত হৃদযন্ত্ৰৰ ক্রিয়া হঠাৎ বন্ধ হৈ যাব পাৰে। সকলো প্ৰকাৰৰ শব্দই কাণৰ ভিতৰেদি মস্তিষ্ক পায়গৈ। প্ৰতিটো শব্দই মস্তিষ্কত উত্তেজনা আনে আৰু তাৰপৰা নিউৰো হর্মোন নিৰ্গত হ’বলৈ ধৰে। এই নিউৰো হর্মোন হ’ল এড্রেনালিন আৰু এই এড্রেনালিন পিটুইটাৰী গ্লেণ্ডৰ জৰিয়তে আমাৰ তেজৰ সৈতে মিহলি হৈ পৰে। এই এড্ৰেনালিন আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় যদিও ই অতিমাত্ৰাত নির্গত হলে ক্ষতিকাৰক হৈ উঠে। হঠাৎ হােৱা শব্দত আমি চক খালেই হর্মোন নির্গত হয় আৰু ক্রমাগতভাৱে হর্মোন নির্গত হৈ থাকিলে বিপদে দেখা দিয়ে। উদাহৰণস্বৰূপে অনবৰত মাইকৰ শব্দ শুনি থাকিলে কাণ বধিৰ হ’ব পাৰে আৰু মানসিক ভাৰসাম্য ৰক্ষাত বেমেজালিয়ে দেখা দিব পাৰে। হাৰ্টৰ ৰােগীৰ পক্ষেও এনে শব্দ ভীষণ ক্ষতিকাৰক। মাইক, বােমা, আতচবাজি আদিৰ শব্দই ৰক্তচাপ বঢ়ায়। অধিক মাত্ৰাত হােৱা শব্দই সাধাৰণতে আমাৰ মনত বিৰক্তি জন্মােৱা আৰু মানসিক উদ্বেগ বৃদ্ধি কৰাৰ প্ৰমাণ আমি ৰেল-ষ্টেচন, বজাৰ, মেল-মিটিং আদিত অনুভৱ কৰিব পাৰাে। যিকোনাে জনসমাৱেশৰ সন্মুখীন হােৱাৰ লগে লগে আমাৰ মানসিক উদ্বেগ বৃদ্ধি হয়। বৈজ্ঞানিক হিচাপ মতে, ১ ছেকেণ্ড ১৩৫ ডেচিবেল, দিনে প্রতি ৪ ঘণ্টা ৯৭ ডেচিবেল, ৪ ঘণ্টা ৯০ ডেচিবেল শব্দ শুনি থাকিব লগা হ’লে মানুহৰ কৰ্ণগহ্বৰ বধিৰ হৈ যাব পাৰে। থােৰতে ক’বলৈ হ’লে শব্দ প্ৰদূষণ আমাৰ বাবে অতি ক্ষতিকাৰক আৰু ইয়াৰ ফলত মানুহৰ স্নায়ুৰােগ, মানসিক ৰােগ, অনিদ্রা, হৃদ্‌ৰােগ আদি হ’ব পাৰে।
প্ৰতিৰােধঃ
অনুন্নত দেশৰ লােক শব্দ-প্ৰদূষণ সম্পর্কে প্রায় অজ্ঞ। জনমানসত শব্দ-প্রদূষণ সম্পর্কে চেতনাই নাই। গতিকে, এনে দেশসমূহত শব্দ প্ৰদূষণ সম্পর্কে জনগণক সচেতন কৰি তােলা আৱশ্যক। জনগণে যাতে অনর্থক কোলাহলৰ সৃষ্টি নকৰে তাৰ বাবে প্রত্যেকেই সজাগ হােৱা উচিত। গাড়ী-মটৰ, ৰেলগাড়ী আদিয়ে বৃহৎ চহৰ অঞ্চলত তীব্র শব্দ সৃষ্টিকাৰী হর্ণ বজাই শব্দ প্ৰদূষণ ঘটায়। এইবােৰ নিয়ন্ত্রণ কৰিব লাগিব। বিশেষকৈ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসালয়ৰ কাষত বিকট শব্দ সৃষ্টিকাৰী হর্ণ বজোৱা সম্পূর্ণৰূপে নিষিদ্ধ কৰিব লাগে। গছ-গছনি শব্দৰােধক। সেয়ে অত্যধিক কোলাহলপূর্ণ অঞ্চলত অধিক মাত্রাত গছ-গছনি ৰােপণ কৰিব লাগে। শিল্পাঞ্চলৰ কল-কাৰখানাত অত্যধিক শব্দৰ সৃষ্টি হয়। সেয়ে শিল্পাঞ্চলৰ পৰা লােক-বসতিৰ স্থান আঁতৰত হ’ব লাগে। কল-কাৰখানাসমূহে অত্যধিক শব্দৰ হাত সাৰিবলৈ শব্দ-নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। কাৰখানাত কাম কৰা বনুৱাসকলৰ বাবে তেওঁলােকৰ কাণত বিকট শব্দ সােমাব নােৱৰা প্ৰতিৰােধক ব্যৱস্থা থাকিব লাগে। মাইক, বােমা-বাৰুদৰ ব্যৱহাৰ কমাব লাগে। উৎসৱ-পার্বণ আদিত যাতে বােমা, মাইক আদিয়ে অনর্থক কোলাহলৰ সৃষ্টি নকৰে তাৰ প্রতি প্রতিজন নাগৰিক সচেষ্ট হব লাগে। শব্দ প্ৰদূষণ সম্পর্কে সংশ্লিষ্ট চৰকাৰসমূহে ফলপ্রসূ আইনী বিধি গ্রহণ কৰি বাস্তৱ ক্ষেত্ৰত আইনৰ ধাৰাসমূহ প্রয়ােগ কৰিব লাগে।
সামৰণিঃ
জনগণ, চৰকাৰ, প্রশাসন সকলােৱে একে সময়তে শব্দ প্ৰদূষণ সম্পর্কে সচেতন নহ’লে মানৱ জাতি কোনাে মতে ইয়াৰ কৰাল গ্রাসৰ পৰা হাত সৰা সম্ভৱপৰ নহয়। চৰকাৰে শব্দ প্ৰদূষণ সম্পর্কে আইন ৰচনা কৰিলেও সেই আইন যদিহে আন্তৰিকতাৰে প্ৰয়ােগ কৰা নহয় তেনেহ’লে আইন কৰিও শব্দ প্ৰদূষণ ৰােধ কৰিব পৰা নাযায়। আনহাতে, জনগণক শব্দ-প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি সম্পর্কে যথােচিত শিক্ষিত কৰি তুলিব নােৱাৰিলে কেৱল আইন গ্রহণ কৰিয়ে এইসমস্যা সমাধান কৰিব নােৱাৰি। গতিকে শব্দ প্ৰদূষণ সম্পর্কে জনগণক শিক্ষিত কৰি তােলাটো আটাইতকৈ দৰকাৰী কথা। জনগণ এই সম্পর্কে সচেতন হ’লে এই সমস্যা ভালেখিনি লাঘৱ হ’ব। উৎসৱ-পাৰ্বণত মাইক বজোৱা, বােমা বাজি পােৰা আদিৰ ওপৰত হয় নিষেধাজ্ঞা জাৰি কৰিব লাগে অথবা এইবােৰ কঢ়া ধৰণে নিয়ন্ত্রণলৈ আনিব লাগে। মানুহ বা প্রাণী জগত যিহেতু পৰিৱেশত নিৰ্ভৰশীল পৰিবেশ সুস্থ ৰখাৰ প্ৰতি সকলােৱে চকু দিয়া উচিত। ৰাইজ আৰু চৰকাৰৰ মিলিত প্রচেষ্টাই শব্দ প্ৰদূষণৰ উপশম ঘটাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top