অসমৰ এটা জনজাতি: মিছিং

মিছিং

বৃহত্তৰ অসমীয়া জাতি বিভিন্ন জনগোষ্ঠীৰে গঠিত। অসমৰ পাহাৰে-ভৈয়ামে থকা নানান জনগোষ্ঠীয় উপাদানেৰে অসমীয়া জাতি গঠন হৈছে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ এটা উল্লেখযোগ্য জনগোষ্ঠী হ’ল মিছিং। অসমৰ ভৈয়াম অঞ্চলৰ নৈৰ পাৰে পাৰে শদিয়াৰ পৰা তেজপুৰলৈকে মিছিং জনজাতিৰ লোকসকল বিয়পি আছে। সোৱনশিৰি আৰু ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে অধিকাংশ মি_ছিং লোকৰ বসতি যদিও অন্যান্য সৰুসুৰা নৈৰ পাৰে পাৰেও এওঁলোক বাস কৰা দেখা যায়।

মিছিংসকলৰ ইতিহাস

মিছিং

মিছিংসকল উত্তৰ-পূব পাহাৰৰ পৰা ভৈয়ামত বাস কৰিবলৈ অহা বুলি জনা যায়। অসমত চুতীয়া ৰাজত্বৰ আৰম্ভণীৰ সময়ছোৱাত তেওঁলোকে ভৈয়ামত বাস কৰিবলৈ আৰম্ভ কৰে। মিছিং শব্দৰ অৰ্থ হ’ল ‘ভালমানুহ’। “মি’ মানে মানুহ আৰু ছিং ” মানে বগা বা ভাল। তেওঁলোকে চন্দ্ৰ আৰু সূৰ্যৰ বংশধৰ বুলি চিনাকি দিয়ে। আহোমসকলৰ দৰেই মিছিংসকলেও নিজকে স্বর্গৰ পৰা জখলাইদি নামি অহা বুলি বিশ্বাস কৰে।

সমাজ জীৱন

অন্যান্য জনগোষ্ঠীৰ দৰেই মিছিং সকলো কেইবাটাও গোট বা খেলত বিভক্ত। প্ৰধানকৈ তেওঁলোকক আঠোটা খেলত ভগাব পাৰি। এইবিলাক হ’ল ছায়াং বা ছায়েঙ্গৰ, অয়ান বা আয়েঙ্গীয়া, মায়িং বা মালেংগীয়া, দেলো, তায়ে তায়ে, পাগৰ, দামুক আৰু চামুগুৰীয়া। বাসস্থান অনুসৰিও কিছুমান খেলৰ নাম হৈছে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে বাস কৰাসকলক দেলো বোলা হয়। সেইদৰে ময়িং নামে ঠাইত কাম কৰাসকলৰ পৰা মায়িং বা মায়েংগিয়া খেলৰ উৎপত্তি হ’ল। প্ৰত্যেকটো খেলতে বেলেগ বেলেগ গোত্র আছে। অৱশ্যে একে গোত্ৰৰ মানুহ বেলেগ বেলেগ খেলত থাকিব পাৰে।

মিছিং

মি_ছিং সমাজত বহু গোত্র আছে। একোটা গোত্ৰত পায়েং, পেও, দলে আদি বহু জাত আছে। সেইবিলাকৰ সংখ্যাও বহুত। একে গোত্ৰৰ মানুহে ইজনে সিজনক ভাইককাই বুলি মানে। একে গোত্ৰৰ ভিতৰত বিয়া হ’ব নোৱাৰে। অৱশ্যে পলুৱাই নিও মি_ছিংসকলৰ মাজত বিয়া পতাৰ উদাহৰণ আছে। আন জাতিসম্প্ৰদায়ৰ দৰে এওঁলোকৰ মাজতো জোৰোণ পিন্ধাই ছোৱালী অনাৰ নিয়ম প্রচলিত। ভাৰতৰ আন সম্প্ৰদায়ৰ দৰে তেওঁলোকৰ সমাজতো কিছুমান জনবিশ্বাস প্ৰচলিত। স্বভাৱতে শান্ত প্রকৃতিৰ এই জাতিৰ মাজত উচ্চ-নীচৰ প্ৰভেদ নাই। সকলোৱে একেলগে খোৱা-লোৱা কৰিব পাৰে।

মিছিংসকলৰ শাৰীৰিক গঠন মংগোলীয় গঢ়ৰ, বৰ ওখ নাইবা চাপৰ নহয়। বৰণ প্ৰায় বগা। নাক চুটি, সৰু আৰু গাল উঠঙা হয়। মি_ছিংসকল প্রধানতঃ নৈৰ পাৰতে বাস কৰে। বানপানীৰ পৰা ৰক্ষা পৰিবৰ বাবে এওঁলোক চাংঘৰ সাজি বাস কৰে। এওঁলোকৰ একেটা ঘৰতে বহু পৰিয়াল একেলগে থাকে। ঘৰৰ মুৰব্বীজনেই ঘৰখনৰ পৰামৰ্শদাতা। তেওঁৰ দিহা-পৰামৰ্শমতে ঘৰখন চলে।

মিছিং সমাজত বয়োবৃদ্ধসকলৰ স্থান অতি সন্মানজনক। ঘৰখনৰ দৰে মি_ছিং গাঁওবোৰো গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ মতেই চলে। গাঁৱত হাই-কাজিয়া লাগিলেও বয়সস্থসকলেই মেল পাতি বিচাৰ কৰে। মিছিংসকল বৰ পৰিশ্ৰমী জাতি। পুৰুষ আৰু মহিলা উভয়েই পৰিশ্রম কৰে। মহিলাসকলে পিন্ধা কাপোৰ, পুৰুষৰ পোচাকো তাঁতত বৈ কাটি উলিয়ায়। তাঁতশিল্পত এওঁলোক অতি নিপুণ। ক’লা, ৰঙা ৰঙৰ নানা তৰহৰ চানেকীৰে ফুল বাছি বৈ লোৱা এওঁলোকৰ পিন্ধা কাপোৰ অতি শুৱনি। পুৰুষসকলে খেতি-বাতি কৰি উপাৰ্জন কৰে। গাহৰি পালনো এওঁলোকৰ উপাৰ্জনৰ আন এক অৱলম্বন।

ধর্মীয় উৎসৱ-পার্বন

মিছিং

মি_ছিংসকল ঘাইকৈ হিন্দু ধর্মাবলম্বী। অসমীয়াৰ দৰেই তেওঁলোকে বছৰৰ তিনিওটা বিহুপালন কৰে। তদুপৰি তেওঁলোকৰ নিজৰ উৎসৱ আছে। এওঁলোকৰ এটা অতি জনপ্রিয় উৎসৱ হ’ল আলি-আই-লৃগাং। এই উৎসৱক শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণী উৎসৱ বুলিও কোৱা হয়। মিছিংসকলৰ আন এক উৎসৱ হল নৰাছিগা বিহু বা প-ৰাগ। আহিনমহীয়া আহুধান চপোৱাৰ পাছত এই বিহু পতা হয়। মি_ছিংসকলৰ কেইবাজনো উপাস্য দেৱ-দেৱী আছে। নিজকে সূৰ্য আৰু চন্দ্ৰৰ বংশধৰ বুলি কোৱাৰ বাবে যিকোনো উৎসৱতে এওঁলোকে চন্দ্ৰ-সূৰ্যক স্মৰণ কৰে। তদুপৰি প্ৰতিবছৰে ‘দবুৰ’ নামে এক পূজা পাতে। এই পূজা নাপাতিলে গাঁওত অপায়-অমংগল হয় বুলি বিশ্বাস প্ৰচলিত। পূজাসেৱাত দেৱ-দেৱীৰ নামত আপং উৎসৰ্গা কৰাতো তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা।

মি_ছিংসকলৰ লিখিত লিপি নাই। নিজস্ব মৌখিক সাহিত্য আছে। এই ভাষাতে মিছিংসকলে তেওঁলোকৰ গীত-মাত ৰচনা কৰে। ইটো খেলৰ লগত সিটো খেলৰ ভাষাৰ সামান্য অমিল হলেও ইটো খেলে সিটো খেলৰ লগত এই ভাষাতেই কথা পাতিব পাৰে। অন্যান্য সম্প্ৰদায়ৰ লোকৰ লগত তেওঁলোকে অসমীয়া ভাষাতেই ভাৱৰ আদান-প্ৰদান কৰে।

সামৰণি

নিজৰ ৰীতি-নীতি, উৎসৱ-পাৰ্বন, সংস্কৃতিৰে বৃহত্তৰ অসমীয়া জাতি গঠনত মি_ছিং সম্প্রদায়ে প্রভূত অৰিহণা যোগাইছে। সম্প্রতি এওঁলোকৰ জীৱনত সমাজ অজনজাতীয় প্ৰভাৱ পৰিছে। ঠাই বিশেষে মিছিংসকলৰ লগত অজনজাতীয় লোকৰ কোনো পার্থক্যই দেখা নাযায়।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top