অসমৰ গাঁৱলীয়া জীৱন

গাঁৱলীয়া

অসমৰ সৰহ সংখ্যক মানুহেই গাঁৱত বাস কৰে। প্ৰকৃততে অসমৰ গাঁৱলীয়া সমাজৰ ছবিখনেই অসমীয়া সমাজ জীৱনৰো ছবি। সাধাৰণতে একে গাঁৱতে ভিন ভিন জাতৰ লোকে বাস কৰে। অৱশ্যে প্রত্যেক জাতৰে বসতি অঞ্চল সুকীয়া। সেইদৰে গাঁওভেদে জীৱন-যাপনৰ প্ৰণালীও বেলেগ বেলেগ দেখা যায়।

অসমৰ প্ৰায়বোৰ গাঁৱৰে কোনো নির্দিষ্ট ভৌগোলিক সীমা দেখা নাযায়। সাধাৰণতে বহল ধাননি পথাৰ, নৈ নিজৰাপুখুৰী, হাবি-বননি, গছ আদিয়ে দুখন গাঁৱৰ মাজৰ সীমাৰেখা সৃষ্টি কৰে। এনে সীমাৰেখাৰ উপৰি অসমৰ গাঁওবোৰৰ একো একোটা সুকীয়া সুকীয়া নাম আছে, যাৰ দ্বাৰা গাঁওখনৰ স্থান বৈশিষ্ট (যেনে: বেঙেনাখোৱা, ঐতিহাসিক গুৰুত্ব (লাদৈগড়), স্থান মাহাত্ম্য (শিৱথান), প্রকৃতি পৰিচয় (আমগুৰি) কোন জাতিৰ ঘাই বসতি (বামুণ গাঁও), পৌৰাণিক ঐতিহ্য (নুমলীগড়) আদি বুজিব পাৰি।

জাতিপ্রথা আৰু বৃত্তি

অসমীয়া গাঁৱলীয়া জীৱনত জাতি প্রথা বৰ কটকটীয়া নহয় আৰু লগতে বিভিন্ন বৃত্তিয়াল জাতিবোৰো সিমান স্পষ্ট নহয়। এটা বেলেগ বৃত্তিৰ লোকেও আন এটা এটা বৃত্তি ধৰা দেখা যায়। তদুপৰি অসমীয়া গাঁৱৰ সমাজখনত বিভিন্ন জাতি-উপজাতিৰ মাজত উমৈহতীয়া খেল দেখা যায়। কোনো কোনো অঞ্চলত প্রত্যেক জাত-উপজাতৰে সুকীয়া খেল থাকে। গাঁৱৰ মুখিয়াল সকলেৰে গঠিত পঞ্চায়তে গাঁৱৰ সমস্যাবাদ, বিসম্বাদ, নীতি-নিয়মৰ বিচাৰ আৰু আলোচনা কৰে।

নামঘৰ আৰু গাঁৱলীয়া সমাজ

অসমীয়া গাঁৱলীয়া সমাজ ব্যৱস্থাত এক অনন্য আৰু বিশিষ্ট ভূমিকা পালন কৰা অনুষ্ঠান হ’ল নামঘৰ। সাধাৰণতে প্রত্যেক গাঁৱতে একোটিকৈ হলেও নামঘৰ থাকে। প্রধানতঃ ধৰ্মানুষ্ঠান হলেও গাঁৱৰ নানান সমস্যা, বাদবিবাদ, নীতিনিয়ম আলোচনা কৰিবৰ বাবেও গাঁৱৰ ৰাইজ নামঘৰত সমবেত হয়। অসমীয়া গাঁৱলীয়া জীৱনৰ শৃংখলাপূৰ্ণ বান্ধোনত নামঘৰৰ অৰিহণা অতুলনীয়। নামঘৰৰ দৰেই মুছলমানসকলৰ মছজিদেও অনুৰূপ ভূমিকা পালন কৰে।

গাঁৱলীয়া

অসমৰ গাঁৱলীয়া সমাজখনৰ ৰাইজৰ মাজত আত্মীয়তাৰ ভাৱ অতি প্রৱল। এখন গাঁৱৰ প্ৰতিজন লোকে ইজনে সিজনক অতি আপোনজনৰ দৰে ব্যৱহাৰ কৰে। উচ্চ জাতৰে হওক বা নীহ কুলৰেই হওক প্রত্যেকেই প্রত্যেকক সম্বন্ধ ধৰি মাতে। সেইদৰে বংশগত কোনো সম্পর্ক নাথাকিলেও ইজনে সিজনক ককাইদেউ খুৰা, মাহী, পেহী, খুৰী, দদাই, জেঠাই আদি বিভিন্ন আত্মিক সম্বন্ধ ধৰিহে মাতে। বিভিন্ন জাত-উপজাতৰ মাজত এই মধুৰ সম্বন্ধ যুগ যুগ ধৰি বংশানুক্রমে চলি আহিছে। সেইদৰে বিবিধ উছৱ-পার্বণ, বিয়া-বাৰু, সকাম-নিকাম, বিপদ-আপদতো গাঁৱৰ ইজনে সিজনক একে পৰিয়ালৰ মানুহৰ দৰেই সহায় কৰে। দৈনন্দিন জীৱনতো এই মধুৰ আত্মীয়তা অসমৰ গাঁৱলীয়া জীৱনৰ আন এটি অনুকৰণীয় বৈশিষ্ট্য।

আসমৰ বহু ঠাইত একেখন গাঁৱতে কেইবাটাও খেল বা জাতি বাস কৰি একো একোটা জাতি বা খেলে একোটা চুক বা চুবুৰিৰ সৃষ্টি কৰে (নগৰীয়া জীৱনৰ ‘পাৰা’ ইয়াৰে চহৰীয়া ৰূপ বুলিব পাৰি)। জাতি বা খেলৰ নাম অনুসৰিয়েই সেই বসতি অঞ্চলৰ সাধাৰণতে নামকৰণ হয়। যেনে: কলিতা চুক, ফুকন চুক আদি। সুকীয়া সুকীয়াকৈ বাস কৰিলেও ইটো খেল বা জাতিৰ লগত সিটো খেল বা জাতিৰ সম্পৰ্ক মধুৰ। বহু গাঁৱৰ এমূৰে হিন্দু আৰু আনমূৰে মুছলমানৰ বসতি অসমীয়াৰ সমাজ ব্যৱস্থাত নিহিত সাম্প্রদায়িক সম্প্রীতিৰ উৎকৃষ্ট উদাহৰণ। গাঁৱৰ এনে সম্প্রদায়বোৰৰ মাজতো পেহা, দদাই, পেহী, ককাই-আদি মধুৰ আৰু আত্মীয় সম্বোধনবোৰ প্রচলিত। দুখে দুখে এই দুই সম্প্ৰদায়ৰ লোকেই ইজনে সিজনক সহায় সহযোগ কৰে।

হাটবজাৰ

অসমৰ গাঁৱলীয়া জীৱনত বিশেষ ভূমিকা পালন কৰি অহা এটি আকৰ্ষণীয় অনুষ্ঠান হ’ল হাট-বজাৰ। কেইবাখনো গাঁৱৰ মাজত সাধাৰণতে সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিনত একোখন হাট বহে। অসমৰ গ্ৰাম্য অর্থনীতিত এই হাটবোৰে বিশেষ ভূমিকা পালন কৰি আহিছে। খাদ্য-সামগ্রী, খাদ্য-শস্য আৰু অন্যান্য দৈনন্দিন প্রয়োজনীয় বয়-বস্তুৰ উপৰি হাটবোৰত হাঁহ-পাৰ, কুকুৰা-গাহৰি, গৰু-ছাগলীৰো বেচা-কিনা হয়। কুমাৰ, কহাৰ, কমাৰ, কৈৱৰ্তসকলেও অনৰূপ উপায়ে নিত্য প্রয়োজনীয় সামগ্রী হাটৰ পৰা ক্ৰয় কৰে। কেতিয়াবা কোনো এক বিশেষ সামগ্ৰী কিনা-বেচাৰ বাবে কোনো হাটে প্রসিদ্ধি লাভ কৰে।

গাঁৱলীয়া

এই হাটবোৰে চুবুৰীয়া গাঁৱৰ ৰাইজৰ ইজনে সিজনক লগ পোৱাৰ আৰু কুশল বাতৰি বিনিময় কৰা, চা-চিনাকি হোৱা আৰু মিলা-প্ৰীতি সম্বন্ধ গঢ়ি তোলাতো সহায় কৰে; লগতে গাঁৱৰ বাহিৰৰ পৰা অহা কাপোৰ-কানি, মনোহাৰী সামগ্ৰী আদিৰ ব্যৱসায়ৰ জৰিয়তে গাঁৱৰ ৰাইজৰ লগত বৰ্হিজগতৰো সম্বন্ধ ঘটায়। এনেদৰে গাঁৱৰ অর্থনীতিত প্ৰভাৱ বিস্তাৰৰ লগতে হাটে অসমীয়া গাঁৱলীয়া জীৱন ব্যৱস্থাৰ সামাজিক, সাংস্কৃতিক যোগাযোগো স্থাপন আৰু সংৰক্ষণ কৰি আহিছে।

ভঁৰাল আৰু ঢেকীশাল অসমীয়া গাঁৱলীয়া জীৱনৰ আন একোটি বিশিষ্ট উপাদান। ঘৰৰ চোতালৰ এমূৰে চাংঘৰ কৰি সাধাৰণতে কেঁচাকৈ সজা ভঁৰালঘৰ অসমীয়াৰ বাবে পৰম শ্ৰদ্ধা আৰু পবিত্ৰতাৰ প্ৰতীক। খেতিপথাৰত উৎপাদিত সুমদায় শস্য ইয়াত সযতনে বছৰটোলৈ সংৰক্ষণ কৰা হয়। সেইদৰে ধান বনা, পিঠাগুৰি খুন্দা, চিৰা খুন্দা আদি কামত ব্যৱহৃত ঢেকীশালখনো অসমীয়াৰ ঘাইকৈ অসমীয়া নাৰীৰ বৰ আদৰৰ সম্পত্তি। ভঁৰাল আৰু ঢেকীশালৰ লগত অসমৰ গাঁৱলীয়া জীৱনত বহু লোকবিশ্বাস আৰু আচাৰ-অনুষ্ঠানো জৰিত হৈ আছে, যিবোৰে অসমীয়া গাঁৱলীয়া জীৱনক এক সুকীয়া ৰূপ আৰু মর্যাদা দান কৰিছে। ভঁৰাল আৰু ঢেকীশালৰ লগতে অসমীয়াৰ পথাৰ আৰু ৰান্ধনিঘৰটোও সমান আদৰৰ আৰু শ্ৰদ্ধাৰ।

গাঁৱলীয়া

অসমৰ গাঁৱলীয়া জীৱনত তামোল-পাণৰ বিশেষ প্রচলন আছে। প্রাত্যহিক জীৱনত তামোল-পাণ অবিহনে অসমীয়া গাঁৱলীয়া জীৱন অচল। দৈনন্দিন ব্যৱহাৰ উপৰি বিভিন্ন ধর্মানুষ্ঠান আৰু ক্রিয়া-কাণ্ডতো তামোল অপৰিহাৰ্য। ঘৰলৈ অতিথি আহিলে পোনতে তামোল এখনেৰেই অভ্যর্থনা জনোৱা হয়। অসমীয়া পুৰুষ-মহিলা, ডেকা-বুঢ়া কাৰো ক্ষেত্ৰতে তামোল খোৱাত সামাজিক বাধানিষেধ নাই। বাৰীত তামোল পাণ ৰোৱা অসমীয়া মানুহৰ ধৰা-বন্ধা ৰীতি। অসমীয়া সমাজৰ বিবিধ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক লোকাচাৰত তামোল-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মান্যজনৰ পৰা আশীর্বাদ বিচৰা, ৰাজহুৱা দায়-জগৰত মার্জনা বিচৰা, বন্ধুত্ব স্থাপন, প্রেম নিবেদন, বিবাহ বিচ্ছেদ, বিয়া-বাৰুৰ নিমন্ত্ৰণ আদি অলেখ কার্যত তামোল-পাণৰ এক বৈচিত্র্যপূর্ণ ভূমিকা আছে। উল্লেখযোগ্য যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বাহিৰে আন ক’তো কোমল তামোল অথবা কেঁচা তামোল খোৱা প্ৰথা নাই। তামোল গাঁতত পুতি পাছত ‘বঢ়া তামোল’ কৰি খোৱাৰ পদ্ধতিটোও অসমীয়াৰ নিজা।

অতিথিপৰায়ণ গাঁৱলীয়া সমাজ

কথা-বতৰাত অসমীয়া মার্জিত, ৰসিক আৰু যথেষ্ট কথকী আৰু কৌতুহলী। অসমীয়া মানুহ সৰল আৰু অতিথিপৰায়ণ বুলি এটা সুনাম আছে। সেইদৰে ধৰ্মৰ প্রতি অগাধ বিশ্বাস, আধুনিক চিকিৎসা বিদ্যাতকৈ বেজ-বেজালিত আস্থা আৰু অলপতে সন্তুষ্ট হোৱাটো অসমীয়া চৰিত্ৰৰ এক বিশেষত্ব। বহু পৰিমাণে এলেহুৱা বুলিও অসমীয়াৰ দুর্নাম আছে। এলেহুৱা আৰু কথকী হোৱা বাবে অসমীয়া গাঁৱলীয়া জীৱনত পৰচৰ্চাৰ প্রকোপো কিছু বেছি।

তদুপৰি অসমীয়াই যুক্তি-তর্কতকৈ প্ৰথা-পৰম্পৰাক অধিক গুৰুত্ব দিয়ে। বহুসংখ্যক লোক অনাখৰী হোৱা বাবে অসমীয়া গাঁৱলীয়া জীৱনত অন্ধ বিশ্বাসৰ মাত্রাও বেছি। সামাজিক ক্ষেত্ৰত অসমীয়া উদাৰ যদিও কোনো কোনো ক্ষেত্ৰত, বিশেষকৈ নাৰীৰ ক্ষেত্ৰত ৰক্ষণশীলতাৰ বহু বাধানিষেধ দেখা যায়। তদুপৰি বহুবোৰ সামাজিক বান্ধোনেও (বহু ক্ষেত্ৰত অপ্রয়োজনীয় আৰু অন্যায়) অসমীয়া নাৰীৰ মনৰ যথোচিত বিকাশত বাধা দি আহিছে। অসমীয়া মানুহ সাধাৰণতে উদাৰ চৰিত্ৰৰ আৰু ‘ভোগৰ মূল্যতকৈ ত্যাগৰ মূল্য বেছি’ নীতিত বিশ্বাসী।

সামৰণি

আধুনিক সভ্যতাৰ বতাহে স্পর্শ কৰাৰ লগে লগে অসমৰ গাঁৱলীয়া জীৱনলৈ বহু পৰিৱৰ্তন আহিছে। নগৰীয়া সভ্যতাৰ বোকোচাত উঠি অসমীয়া সমাজ জীৱন দ্রুতগতিত আগবাঢ়িছে আৰু ফলত অতীতৰ সহজ-সৰল গাঁৱলীয়া জীৱনৰ ছবিখন ক্ৰমশঃধূসৰ হৈ আহিছে লগে পৰিবৰ্তন আহিছে; লগে লগে জীৱন যাপন প্রণালীতো আমূল পৰিৱৰ্তন আহিছে। পূৰ্বৰ সহজ-সৰল আৰ্দশ গাঁও এখন অসমীয়া সমাজত আজি বিৰল। সামাজিক, সাংস্কৃতিক জগতত নানান পৰিৱৰ্তন, ক্রমবৰ্ধিত জনসংখ্যা আদিৰ বাবে গাঁৱৰ ৰাইজ চহৰমুখী হ’বলৈ লৈছে। ফলত গাঁৱৰ জীৱনতো চহৰৰ প্ৰভাৱ পৰিছে। এনেদৰেই কিছু গাঁৱলীয়া সংস্কাৰ, মূল্যবোধ আৰু কিছু পশ্চিমীয়া আধুনিক সভ্যতাৰ সংমিশ্ৰণত দ্রুতগতিত অসমৰ গাঁৱলীয়া সমাজৰ ব্যৱস্থালৈ এক পৰিৱৰ্তন আহিছে, যাৰ ফলত গাঁও-নগৰৰ পার্থক্য কমি আহিছে, আৰু লগে লগে অসমীয়া গাঁৱলীয়া জীৱনে বহু পৰিমাণে নিজস্বতা হেৰুৱাইছে।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top