আঁদ্রে মেৰি এম্পিয়েৰ

ওঠৰ শতিকাটো ফৰাচী লােকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ যুগ। বিশ্ব ইতিহাসৰ বহুখিনি পাত জুৰি ৰখা বিখ্যাত “ফৰাচী বিপ্লৱৰ” সূচনা হৈছিল এই শতিকাটোৰেই শেষৰ ফালে। এই বিপ্লৱৰ ঠিক আগৰ ফৰাচী সমাজখন আছিল হুলস্থুলীয়া, অশান্তিময় আৰু অস্থিৰতাৰ সমাজ। কিন্তু এনে এটা পৰিৱেশৰ মাজতাে ফৰাচী দেশে কেইবাগৰাকীও বিজ্ঞান-ৰত্নৰ জন্ম দিবলৈ সমৰ্থ হৈছিল। ফৰাচী বিপ্লৱৰ ঠিক আগে আগে জন্ম লােৱা আন এজন সুবিখ্যাত ফৰাচী বিজ্ঞানী হ’ল আঁদ্রে মেৰি এম্পিয়েৰ।

১৭৭৫ চনৰ বিশ জানুৱাৰীৰ দিনা ফ্রান্সৰ লিয়ঞ্চ চহৰৰ উপকণ্ঠ এটাত এম্পিয়েৰৰ জন্ম হয়। লিয়ঞ্চ সেই সময়ত ফ্ৰান্সৰ এটা বিখ্যাত ব্যৱসায় কেন্দ্ৰ আছিল, আৰু এম্পিয়েৰৰ দেউতাকে তাত ডাঙৰ ব্যৱসায় কৰিছিল। এম্পিয়েৰ দেউতাকৰ অতি মৰমৰ পুত্র আছিল; আনহাতে এম্পিয়েৰেও দেউতাকৰ সান্নিধ্য খুব ভাল পাইছিল। এম্পিয়েৰৰ মেধা শক্তিৰ পৰিচয় পােৱা গৈছিল সৰু কালৰ পৰাই। তেওঁৰ স্মৃতিশক্তি আছিল অত্যন্ত প্ৰখৰ, আৰু যিকোনাে বিষয়কে তপৰাই আয়ত্ত কৰিব পৰা তেওঁৰ ক্ষমতা আছিল অদ্ভুত। দেউতাকে অতি সৰুতেই তেওঁক গ্রীক আৰু | লেটিনৰ শিক্ষা দিয়ে। তেওঁ অতি সােনকালে দুয়ােটা ভাষা সুন্দৰকৈ আয়ত্ত কৰি পেলালে। কিন্তু এম্পিয়েৰৰ বিশেষ বুৎপত্তি দেখা গৈছিল গণিতশাস্ত্ৰতহে। বাৰ বছৰ নৌহওঁতেই স্কুলীয়া বীজগণিতৰো যিকোনাে সমস্যাকে তেওঁ সমাধান কৰিব পাৰিছিল। ওঠৰ বছৰ বয়সত এম্পিয়েৰৰ জীৱনলৈ এটা দুর্ভাগ্য আহে। সেই সময়ত ফৰাচী বিপ্লৱে চূড়ান্ত সীমা পাইছিলগৈ। ৰজাঘৰৰ ফালৰ লােক বুলি এম্পিয়েৰৰ দেউতাকক বিপ্লৱীসকলে বহুদিনপৰাই সন্দেহ কৰি আছিল। অৱশেষত ১৭৯৩ চনত বিপ্লৱীসকলে তেওঁৰ দেউতাকক গিলটিনত দি হত্যা কৰে। মৰমৰ দেউতাকৰ এনে নিষ্ঠুৰ হত্যাত এম্পিয়েৰৰ কুলমীয়া মন একেবাৰে ভাঙি গ’ল, মানসিক অশান্তিয়ে তেওঁৰ মন ভাৰাক্ৰান্ত কৰি তুলিলে। এনে মানসিক অৱস্থাৰপৰা উদ্ধাৰ পাবলৈ তেওঁৰ ভালেমান দিন লাগিছিল আৰু এই সময়ছােৱাৰ ভিতৰত তেওঁ কোনাে কিতাপ-পত্রকে স্পর্শ কৰা নাছিল। এনেতে তেওঁ এদিন বিখ্যাত ফৰাচী সাহিত্যিক ৰুছ’ই লিখা উদ্ভিদ বিদ্যাৰ এখন কিতাপ পায়। কিতাপখনৰ ৰচনা পদ্ধতিত তেওঁ ইমান মুগ্ধ হ’ল যে তেওঁ নিজেও সাময়িকভাৱে সাহিত্য ৰচনাত হাত দিলে। তেওঁ প্ৰথমতে গদ্য আৰু পিছলৈ কবিতা লিখা আৰম্ভ কৰিলে। অৱশ্যে তেওঁৰ এই অভ্যাস বেছিদিন নাথাকিল। তেওঁৰ কবিতাত লাহে লাহে গণিতীয় প্রতীক ওলাবলৈ ধৰাত তেওঁ সাহিত্য চর্চা বাদ দি গণিত আৰু বিজ্ঞান চর্চালৈ পুনৰ উভতি গ’ল।

ফৰাচী বিপ্লৱৰ সময়ত এম্পিয়েৰৰ দেউতাকৰ সকলাে সা-সম্পত্তি ধ্বংস হৈছিল। গতিকে পঢ়াশুনাৰ বাবে এম্পিয়েৰৰ আর্থিক সম্বল বিশেষ নাছিল; ঘৰুৱা শিক্ষকতা আদি কৰিহে তেওঁ পঢ়া-শুনাৰ খৰচ উলিয়াব লগাত পৰিছিল। জীৱনৰ এনে এটা সঙ্কটপূর্ণ অৱস্থাত জুলি কেৰন নামে এজনী ছােৱালীৰ লগত তেওঁৰ পৰিচয় হয় আৰু ১৭৯৯ চনত তেওঁ ছােৱালীজনীক বিয়া কৰায়। তেওঁলােকৰ দাম্পত্য জীৱন সুখৰ আছিল। কিন্তু এম্পিয়েৰে এই সুখ বেছিদিন ভােগ কৰিবলৈ নেপালে। বিয়াৰ পাঁচবছৰৰ পিছত মাত্ৰ এটা পুত্র সন্তান জন্ম দিয়াৰ পিছতে তেওঁৰ প্রিয়তমা পত্নীগৰাকীৰ মৃত্যু হয়। দেউতাকৰ দৰে পত্নীৰ মৃত্যুৱেও এম্পিয়েৰৰ মনত গভীৰ সাঁচ বহুৱাইছিল। সৌভাগ্যৰ কথা যে তেওঁৰ একমাত্র সন্তান জাঁ-জেকচে এসময়ত ফৰাচী দেশৰ শক্তিমান লেখক আৰু বুৰঞ্জীবিদ হিচাপে পৰিগণিত হৈ দেউতাকৰ ভগ্ন মনত আনন্দ দিব পাৰিছিল।

এম্পিয়েৰে শিক্ষক জীৱন আৰম্ভ কৰিছিল ফ্রান্সৰ বুর্গ নামে চহৰৰ স্কুল এখনত। ইয়াত কাম কৰি থকা সময়তেই ১৮০২ চনত তেওঁৰ জীৱনৰ প্ৰথম গৱেষণা-নিবন্ধটো লিখি উলিয়ায়। ‘সম্ভাৱনা তত্ত্ব’ৰ বিষয়ে লিখা এই নিবন্ধটোৱে আন যিয়েই নকৰক, ই তেওঁক নিজৰ জন্মস্থান নিয়ন্সৰ স্কুলখনত এটা শিক্ষকৰ কাম পােৱাত সহায় কৰিলে। কিন্তু স্কুলত তেওঁৰ বেছিদিন থকা নহ’ল। সেই সময়ৰ ফৰাচী শাসনকর্তা নেপােলিয়নে গুণী লােকসকলক সমাদৰ কৰিব জানিছিল। এম্পিয়েৰৰ বৈজ্ঞানিক প্রতিভাৰ কথা গম পাই তেওঁ এম্পিয়েৰক পেৰিচৰ ‘ইকল পলিটেকনিক’ বােলা বিখ্যাত অনুষ্ঠানটোত এটা কাম দিবলৈ অনুষ্ঠান কর্তৃপক্ষক নির্দেশ দিলে। ফলত ১৮০৯ চনত গণিত আৰু পদার্থবিজ্ঞানৰ অধ্যাপক ৰূপে তেওঁ ইকল পলিটেকনিকত যােগদান কৰিলেগৈ। জীৱনৰ বাকী সমস্তকাল তেওঁ ইয়াতেই কটাইছিল।

সেই সময়ত য়ুৰােপত বিদ্যুৎ আৰু চুম্বকত্বৰ যথেষ্ট চর্চা হৈছিল। গেলভানি আৰু ভল্টাৰ কার্যাৱলীত অনুপ্রাণিত হৈ য়ুৰােপৰ এদল বিজ্ঞানীয়ে পদার্থবিজ্ঞানৰ এই শাখাটোৰ বিষয়ে দকৈ গৱেষণা কৰিবলৈ লাগি গৈছিল আৰু ইয়াৰ ফলস্বৰূপে বিদ্যুৎ বিজ্ঞান ন ন তথ্য সম্ভাৰেৰে উপচি পৰিছিল। বিদ্যুৎ আৰু চুম্বকত্বক বহু দিনলৈকে প্ৰকৃতিৰ দুটা সম্পূর্ণ বেলেগ বেলেগ পৰিঘটনা বুলিয়েই ভাবি অহা হৈছিল। বিদ্যুৎ আৰু চুম্বকত্বৰ মাজত যে ঘনিষ্ঠ সম্পর্ক আছে, তাক পােন প্ৰথমবাৰৰ বাবে আঙুলিয়াই দেখুৱালে হান্স ক্রিষ্টিয়ান অ’ৱাৰ্ষ্টৈড নামে ডেনমার্কৰ এজন স্কুল শিক্ষকে। এটা বৃত্তাকাৰ কুণ্ডলীৰ মাজত এডাল চুম্বকশলা লৈ কুণ্ডলীটোৰ মাজেদি বিদ্যুৎ পঠিয়াই দি তেওঁ দেখা পাইছিল যে তেনে কৰিলে চুম্বকশলাডালে দিশ সলনি কৰে। বিদ্যুৎ আৰু চুম্বকত্বৰ মাজত যে সম্পর্ক আছে, ইয়েই তাৰ প্ৰথম পৰীক্ষামূলক প্রমাণ। ১৮২০ চনৰ এঘাৰ ছেপ্তেম্বৰৰ দিনা পেৰিচৰ ‘একাডেমী ডেচ ছায়েন্স’ নামৰ সন্থাটোৰ আগত অ’ৱাৰ্ষ্টৈডে তেওঁৰ এই সম্পৰ্কীয় নিবন্ধটো পঢ়ি শুনাইছিল। ইয়াৰ শ্ৰোতাসকলৰ মাজত আছিল এম্পিয়েৰো এজন। দুকুৰি পাঁচ বছৰীয়া এম্পিয়েৰে এই নিবন্ধটোত এজন কুৰি বছৰীয়া ডেকাৰ দৰে কৌতূহল দেখুৱালে। তেওঁ ঘৰলৈ গৈ অ’ৱাৰ্ষ্টৈডৰ পৰীক্ষাটো পুনৰ ভালদৰে কৰি চালে, আৰু বিদ্যুৎ আৰু চুম্বকত্বৰ মাজত থকা সম্পৰ্কটোক গাণিতিক ৰূপ দিব পাৰি নে নােৱাৰি, সেই বিষয়ে দিনে ৰাতিয়ে অনুসন্ধান কৰিবলৈ লাগি গ’ল। তাৰ ফলস্বৰূপে অ’ৱাৰ্ষ্টৈডে তেওঁৰ নিবন্ধটো পঢ়ি শুনােৱাৰ ঠিক এসপ্তাহৰ পিছতে ১৮২০ চনৰ ওঠৰ ছেপ্টেম্বৰৰ দিনা এম্পিয়েৰে নিজাকৈ এটা দীঘলীয়া গৱেষণা নিবন্ধ লিখি আনি “একাডেমী ডেচ ছায়েন্স”ত পঢ়ি শুনালে। এই নিবন্ধটো আছিল অ’ৱাৰ্ষ্টৈডৰটোতকৈ বহুগুণে গভীৰ, ইয়াত বিদ্যুৎ আৰু চুম্বকত্বৰ বিশদ গণিতীয় বিশ্লেষণ আছিল। বহুতাে কথাই ইয়াত আলােচনা কৰা হৈছিল। বিদ্যুৎ বিজ্ঞানৰ সু-প্রসিদ্ধ ‘এম্পিয়েৰৰ নিয়ম’টো তেওঁ ইয়াতেই প্রথমে উল্লেখ কৰে। এম্পিয়েৰৰ এই নিয়মৰ দ্বাৰা বিদ্যুৎ-প্রবাহ আৰু চৌম্বক গতিৰ দিশ নির্ণয় কৰিব পাৰি। তদুপৰি দুটা বিদ্যুৎকণাৰ আকর্ষণ বা বিকর্ষণৰ নিচিনাকৈ বিদ্যুৎপ্রবাহৰাে যে আকর্ষণ আৰু বিকর্ষণ আছে, সেই কথাও তেওঁ ইয়াত প্রথমে উল্লেখ কৰিছিল। অকল উল্লেখ কৰাই নহয়, বিদ্যুৎপ্রবাহৰ মাজত আকর্ষণ বা বিকর্ষণ বল কিমান হ’ব তাকো তেওঁ গণনা কৰি উলিয়াইছিল। এই গণনা ডেৰশ বছৰৰ আগতে যিমান শুদ্ধ আছিল, আজিও সি সিমানেই শুদ্ধ। নিঃসন্দেহে এম্পিয়েৰৰ এই নিবন্ধটো তেওঁৰ অসাধাৰণ মনীষাৰ স্বাক্ষৰ। এটা নতুন আৱিষ্কাৰ ইমান কম সময়ৰ ভিতৰতে আয়ত্ত কৰি তাৰ ওপৰত নতুন আলােকসম্পাত কৰা এনে দ্বিতীয় উদাহৰণ বিজ্ঞানৰ ইতিহাসত বিৰল।

পােন তাঁৰৰ মাজেদি নগৈ বিস্তৃত কুণ্ডলী বা চলেনয়ডৰ (Solenoid) মাজেদি বিদ্যুৎ প্রবাহিত হলে তাত বিদ্যুতৰ প্রতিক্রিয়া কেনে হ’ব, সেই কথাও এম্পিয়েৰে বিতংকৈ আলােচনা কৰিছিল। আৰাগ’ নামে এজন ফৰাচী বিজ্ঞানীৰ সহযােগিতাত তেওঁ বিদ্যুৎৰ সহায়েৰে লােহাক স্থায়ী চুম্বকত পৰিণত কৰিবলৈ সক্ষম হৈছিল। বিদ্যুৎ চুম্বক তৈয়াৰ কৰা পদ্ধতিৰ আৱিষ্কাৰক হােৱাৰ সন্মানো তেওঁ অলপৰ বাবেহে হেৰুৱাইছিল। ১৮২৩ চনত তেওঁ বিদ্যুৎ আৰু চুম্বকত্বৰ এটা গণিতীয় তত্ত্বও প্রকাশ কৰিছিল। সম্পূর্ণ শুদ্ধ নহ’লেও এই তত্ত্বটো বহুতাে বিষয়ত পৰৱর্তী তত্ত্ববিলাকৰ বাটকটীয়া আছিল। (পিছলৈ ব্রিটিছ বিজ্ঞানী মেক্সৱেলেহে বিদ্যুৎ চুম্বকত্বৰ প্ৰকৃত তত্ত্ব আগবঢ়ায়।) বিদ্যুৎ বিজ্ঞানেই এম্পিয়েৰৰ গৱেষণাৰ মুখ্য বিষয় হলেও তেওঁ বিজ্ঞানৰ প্রায় সকলাে শাখাতেই হাত দিছিল বুলিব লাগে। পােহৰবিজ্ঞান, আনৱিক তত্ত্ব, শৰীৰ বিজ্ঞান, ভূ-তত্ত্ব, মনস্তত্ত্ব আদি এশ-এবুৰি বিষয়ত তেওঁ নিজৰ মেধাশক্তি প্রয়ােগ কৰিছিল। গণিতশাস্ত্র তেওঁৰ অতি প্রিয় বিষয় আছিল। অৱকলন, অনুকলন আদি বিশুদ্ধ গণিতৰ কেইবাটাও শাখাত তেওঁ কিছু কিছু মৌলিক অৱদান দি থৈ গৈছে। উল্লেখযােগ্য যে গাণিতিক মেধাৰ বাবেই তেওঁ ‘ফ্রেন্স একাডেমী অফ আর্ট এণ্ড ছায়েন্স’ বােলা সংস্থাটোৰ সভ্য নির্বাচিত হৈছিল। বিদ্যুৎ গতিবিজ্ঞান নামৰ শাখাটোৰ জনক বুলি এম্পিয়েৰক সন্মানো জনােৱা হয়। বিদ্যুৎ চুম্বকীয় তত্ত্বৰ আৱিষ্কর্তা মেক্সৱেলে তেওঁক ‘বিদ্যুৎ বিজ্ঞানৰ নিউটন’ আখ্যা দিছিল। এই আখ্যা অকণাে অতিৰঞ্জিত নহয়। এম্পিয়েৰৰ সন্মানার্থে আজিকালি চলবিদ্যুতৰ ব্যৱহাৰিক এককটোৰ নাম ৰখা হৈছে ‘এম্পিয়েৰ আৰু বিদ্যুৎ জোখা যন্ত্রৰ নাম ৰখা হৈছে “এম্পিয়েৰ মিটাৰ”, চমুকৈ ‘এমিটাৰ’। ১৮৩৬ চনৰ দহ জুনৰ দিনা মার্চেইল নামে ঠাইত এই বিজ্ঞানীগৰাকীৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top