পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অসম- Panchayati raj system in assam

Panchayati raj system in assam
পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অসম- Panchayati raj system in assam:-

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অসম- Panchayati raj system in assam” ৰচনাখনৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা:

সদস্যত সম্প্রতি ভাৰতত তিনি প্রকাৰৰ প্রশাসন ব্যৱস্থা আছে – কেন্দ্রীয় প্রশাসন,ৰাজ্যিক প্রশাসন আৰু স্থানীয় প্রশাসন। ১৯৯২ চনত ভাৰতীয় সংবিধানৰ ৭৩ নং সংশোধনীযোগে স্থানীয় প্রশাসনৰ প্ৰতিভূ পঞ্চায়তীৰাজ অনুষ্ঠানসমূহলৈ সাংবিধানিক মর্যাদা আগবঢ়োৱা হৈছিল।

১৯৯৩ চনৰ ২৪ এপ্রিলৰ পৰা কাৰ্যকৰী হোৱা এই ৭৩ নং সংশোধনীৰ বৈশিষ্ট কেতবোৰ হৈছে –

  • ২০ লাখ বা ততোধিক জনবসতিপূর্ণ প্ৰতিখন ৰাজ্যতেই তিনি খলপীয়া পঞ্চায়তীৰাজ অনুষ্ঠান প্ৰৱৰ্তন কৰা
  • প্রতি পাঁচ বছৰৰ মূৰে মূৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা
  • অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা মহিলাৰ বাবে পঞ্চায়তত প্ৰাৰ্থীৰ আসন সংৰক্ষিত কৰা,
  • পঞ্চায়তবোৰৰ বিত্তীয় ক্ষমতা সম্পর্কে পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্যিক বিত্ত পৰিষদসমূহক নিয়োগ কৰা
  • জিলা ভিত্তিত উন্নয়নৰ পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে জিলা পৰিকল্পনা সমিতি গঠন কৰি দিয়া ইত্যাদি।

পঞ্চায়তীৰাজ অনুষ্ঠানৰ ক্ষমতা তথা কাৰ্যাৱলী:

Panchayati raj system in assam

Panchayati raj system in assam

সংবিধানৰ ৭৩ নং এই সংশোধনীতেই পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ ক্ষমতা তথা কাৰ্যাৱলীসমূহৰো স্পষ্ট উল্লেখ আছে। সেইমতে, অর্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ লগত জড়িত বিষয়ক লৈ পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে পৰিকল্পনা প্রস্তুত কৰিব লাগে।

সংবিধানৰ ১১ নং অনুসূচিত এনে ২৯ টা বিষয় সন্নিবিষ্ট কৰা আছে, যিবোৰ আর্থিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ সৈতে জড়িত আৰু এই বিষয়কেইটা পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ গণ্ডীৰ ভিতৰলৈ অনা হৈছে। এই ২৯ টা বিষয়ৰ সৈতে আঁচনিসমূহ ৰূপায়ণ কৰা, প্রয়োজন অনুসৰি কৰ-কাটল, শুল্ক আদি সংগ্ৰহ কৰাৰ বিধানো এই সংশোধনীত ৰখা হৈছে।

ৰাজ্য চৰকাৰসমূহক প্রয়োজনবোধ কৰিলে এই ২৯ টা বিষয়ৰ বাহিৰেও অন্যান্য বিষয় পঞ্চায়তীৰাজ অনুষ্ঠানৰ তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অর্থাৎ, পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে পৰিকল্পনা প্রস্তুত কৰাৰ লগতে আঁচনি ৰূপায়ণ তথা নিজাকৈ সম্পদ (বিত্ত) আহৰণৰ ক্ষমতাও পাইছে। ভাৰতৰ স্থানীয় প্ৰশাসনীয় ব্যৱস্থাৰ ই এক সবল পদক্ষেপ।

মন কৰিবলগীয়া যে স্বাধীন গ্রাম্য প্রশাসন আছিল মহাত্মা গান্ধীৰ ভাবধাৰাৰে সমৃদ্ধ এক বিষয়। ৭৩ তম সংশোধনীৰ পূর্বেও ভাৰতত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে ঠায়ে ঠায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিল। স্বাধীনতা লাভৰ পিছৰে পৰাই আন বহু ৰাজ্যৰ দৰে অসমেও পঞ্চায়তী শাসন প্ৰৱৰ্তনৰ ব্যৱস্থা লৈছিল। ১৯৪৮ চনত অসমৰ প্ৰথমখন গ্রাম্য পঞ্চায়ত আইন গ্ৰহণ কৰা হৈছিল। ১৯৫৯ চনত এই আইন সংশোধন কৰি পঞ্চায়তক অধিক ক্ষমতাশালী কৰাৰ ব্যৱস্থা লৈছিল।

পুনৰ, ১৯৭২ চনত গ্ৰহণ কৰা হৈছিল অসম পঞ্চায়তীৰাজ আইন। এই আইনযোগে অসমত দুই তৰপীয়া পঞ্চায়তব্যৱস্থাৰ প্ৰবৰ্তন কৰা হৈছিল। ১৯৮৬ চনত গ্ৰহণ কৰা অসম পঞ্চায়তীৰাজ আইন মতে তিনি তৰপীয়া ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ লোৱা হৈছিল আৰু ইয়াকেই অসমত ‘পৰিকল্পনাৰ বিকেন্দ্রীকৰণ’ আখ্যা দিয়া হৈছিল। এই তিনি তৰপীয়া ব্যৱস্থা মতে অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত থাকিব গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ।

ইয়াৰ পিছতে আহিল ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনী যিটোৰ দ্বাৰা আটাইবোৰ ৰাজ্যতেই একে ধৰণৰ পঞ্চায়তীৰাজ অনুষ্ঠান স্থাপন তথা অন্যান্য কাম কাজবোৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হল। সেইমতে অসমতো অসম পঞ্চায়ত আইন, ১৯৯৪ গ্ৰহণ কৰা হ’ল। এই শেহতীয়া পঞ্চায়ত আইন মতে অসমত এতিয়াও তিনি খলপীয়া পঞ্চায়তীৰাজ অনুষ্ঠানেই আছে। সেইকেইটা হ’ল- গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।

এই নতুন ব্যৱস্থা মতে গাঁও পঞ্চায়তৰ অধীনত গাওসভা থাকিব লাগে। আকৌ পৰিকল্পনা সম্পৰ্কীয় কাম-কাজৰ বাবে থাকিব লাগে ‘জিলা পৰিকল্পনা সমিতি’। প্ৰতিখন জিলাতে চৰকাৰে এনে সমিতি গঠন কৰি দিব লাগে।

এই সমিতিৰ বৈঠকত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, নগৰ কমিটী, পৌৰ সভা আৰু পৌৰ নিগমসমূহে প্রস্তুত কৰি উলিওৱা পৰিকল্পনাসমূহ একত্ৰিত কৰি ৰাজ্যখনৰ সামগ্রিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰি উলিয়াব লাগে। এই জিলা সমিতিখনে জিলা পৰ্যায়ত স্থানীয় প্রশাসনৰ সমন্বয়ৰক্ষীৰ ভূমিকা পালন কৰিব লাগে।

একেদৰে ‘গাঁওসভা’বোৰৰ ওপৰতো দায়িত্ব ন্যস্ত কৰা হৈছে। কেন্দ্রীয় তথা ৰাজ্যিক চৰকাৰে গ্ৰাম্য উন্নয়নৰ অৰ্থে লোৱা আঁচনিবোৰৰ গ্রামীণ হিতাধিকাৰীক চিনাক্ত কৰাৰ দায়িত্ব গাওসভাৰ। তৃণমূল পৰ্যায়ত গাঁওবাসীৰ আর্থ-সামাজিক সমস্যাবোৰো গাঁওসভাতেই উখাপিত হ’ব লাগে। এবছৰত কমেও চাৰিখন বৈঠক গাঁওসভাসমূহৰ হ’ব লাগে। প্ৰকৃততে, সক্রিয় গাওসভাৰ স্থিতিয়ে দেশৰ পৰিকল্পনা তথা উন্নয়ন প্রক্ৰিয়াত তৃণমূল পৰ্যায়ৰ লোকৰ যোগদান তথা সক্রিয় সহযোগিতাৰ কথাকে বুজায়।

Panchayati raj system in assam

সদস্য নিৰ্বাচন:

এতিয়া গণতান্ত্রিক পদ্ধতিৰে গাঁও পঞ্চায়তৰ সদস্যসকলক নির্বাচিত কৰা হয়। প্রতি দুমাহৰ ভিতৰত অন্ততঃ এখনকৈ সভা গাঁও পঞ্চায়তে অনুষ্ঠিত কৰিব লাগে। প্রতিখন গাঁও পঞ্চায়তৰ কাম সুচাৰুৰূপে চলাবৰ বাবে তিনিখন সমিতি (উন্নয়ন সমিতি, সামাজিক ন্যায় সমিতি, সামাজিক কল্যাণ সমিতি) থাকিব লাগে।

পঞ্চায়তসমূহে নিজৰ এলেকাৰ বাবে উন্নয়নমূলক কামৰ বাৰ্ষিক পৰিকল্পনা প্রস্তুত কৰিব লাগে। বার্ষিক বাজেট প্রস্তুত কৰিব লাগে, দুৰ্যোগৰ সময়ত সাহায্য প্রদানৰ ব্যৱস্থা কৰিব লাগে, গাও এলেকাৰ যিকোনো পৰিসংখ্যা মজুত ৰাখিব লাগে আৰু সামূহিক কল্যাণৰ কামত স্বেচ্ছামূলক বৰঙণি আগবঢ়াব লাগে।

গাঁওসমূহৰ কৃষিখণ্ডৰ উন্নয়ন, মীনপালন, চৰণীয়া পথাৰ আৰু ছন পৰি থকা মাটিৰ ব্যৱস্থা, খৰি বা ইন্ধন যোগান ধৰিব পৰা গছপুলি ৰোপণ, গ্রাম্যপথ নির্মাণ, চৰকাৰী কাৰ্যসূচী ৰূপায়ণত অংশগ্রহণ, সামূহিক সম্পদৰ সংৰক্ষণ ইত্যাদি অনেক কাম গাঁও পঞ্চায়তৰ হাতত অৰ্পণ কৰা হৈছে। সংবিধান মতে প্ৰতিটো উন্নয়ন খণ্ডৰ বাবে একোটাকৈ আঞ্চলিক পঞ্চায়ত থাকিব লাগে।

আঞ্চলিক উন্নয়নৰ বাবে বার্ষিক পৰিকল্পনা, বার্ষিক বাজেট প্রস্তুত কৰাৰ উপৰি আঞ্চলিক পঞ্চায়তে নির্ধাৰিত ব্যয় সাপেক্ষৰ কৃষি প্রকল্প চিনাক্ত কৰিব লাগে আৰু ৰূপায়ণৰ কামত সহযোগ আগবঢ়াব লাগে। বীজ ফার্ম, উদ্যান শস্যৰ নাৰ্ছাৰী, কৃষক প্রশিক্ষণ, কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ নিৰীক্ষণ, ক্ষুদ্র তথা খাদী আৰু গ্ৰামোদ্যোগৰ শিল্পীৰ প্রশিক্ষণ, প্রাথমিক স্কুলৰ গৃহ নিৰ্মাণ, স্বাস্থ্য আঁচনি ৰূপায়ণত সহযোগ ইত্যাদি কামবোৰো কৰিব লাগে।

এইবোৰৰ ওপৰত থকা জিলা পৰিষদসমূহ সংবিধান মতে প্ৰতিখন জিলাতে একোখনকৈ থাকিব লাগে। জিলা পৰিষদে গাঁও উন্নয়নৰ সৈতে জড়িত কামসমূহ বৃহৎ পৰিসৰত আৰু অধিক কর্তৃত্বৰে সম্পন্ন কৰিব পাৰে।

গাঁও উন্নয়নৰ সৈতে জড়িত সকলো প্রশিক্ষণ জিলা পৰ্যায়ত অনুষ্ঠিত কৰা, ক্ষুদ্র জলসিঞ্চনৰ নিৰ্মাণ তথা চোৱা-চিতা কৰা, ভূমি উন্নয়ন সম্পৰ্কীয় কাম -কাজ কৰা, বনানীকৰণ তথা বন উন্নয়নমূলক কাম কৰা, পথ নিৰ্মাণ-স্কুলঘৰ নিৰ্মাণ কৰা, সমাজ কল্যাণমূলক অনুষ্ঠান স্থাপন তথা পৰিচালনা কৰা, বৃদ্ধ-বিধৱা বিকলাংগৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা, অনুসূচিত জাতি-জনজাতিৰ বাবে উন্নয়নমূলক কাম সম্পন্ন কৰা ইত্যাদি বহু কাম জিলা পৰিষদে সম্পূৰ্ণ কৰিব লাগে।

Panchayati raj system in assam

সামৰণি:

২০০৩ চনৰ তথ্য মতে অসমত ২০ খন জিলা পৰিষদ, ২১৯ টা উন্নয়ন খণ্ডত ২০৩ খন আঞ্চলিক পঞ্চায়ত আৰু ২,৪৮৯ খন গাঁও পঞ্চায়ত আছে। মন কৰিবলগীয়া যে সংবিধান সংশোধনীৰ পিছত নতুনকৈ আইন গ্রহণ কৰা সত্ত্বেও ২০০১ চনতহে অসমত পঞ্চায়ত নির্বাচন পতা হৈছিল।

এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে আইনগত ব্যৱস্থা গ্ৰহণ কৰিলেও অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থা অতি চালুকীয়া অৱস্থাতেই আছে। সবাতোকৈ চালুকীয়া অৱস্থাত আছে অসমৰ গাঁওসভাসমূহ। অসমত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে নিৰ্ধাৰিত ধনৰ বিতৰণ সঠিক হোৱা নাই, ৰাজ্যিক বাজেটত পঞ্চায়তীৰাজ অনুষ্ঠানৰ বাবে সুকীয়াকৈ ধন আবণ্টন কৰা হোৱা নাই, পঞ্চায়তীৰাজ প্রশাসনৰ বাবে নির্বাচিত প্রতিনিধিসকলৰ কোনো প্রশিক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই।

তদুপৰি জিলা পৰিকল্পনা সমিতিয়েও সঠিকভাৱে কামত অগ্ৰসৰ হোৱা নাই। প্ৰকৃততে, ভালদৰে নিৰীক্ষণ কৰিলে অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত আৰু বহু দুর্বলতা ওলাই পৰিব। পঞ্চায়তীৰাজ ব্যৱস্থাত বহু দূৰলৈ সফলতা অর্জন কৰা ৰাজ্যসমূহ, যেনে গুজৰাট, কর্ণাটক, তামিলনাডু, ৰাজস্থান, পশ্চিমবংগ আদিৰ আৰ্হি সৰোগত কৰি অসমেও নিজৰ স্থিতি মজবুত কৰা উচিত  কিয়নো বৰ্তমানৰ আর্থ-সামাজিক ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত, বিশেষকৈ সাম্প্রতিক গোলকীয়কৰণৰ দিনত তৃণমূল পৰ্যায়ৰ এই অনুষ্ঠানবোৰৰ ভূমিকা সবল কৰি গঢ়ি তুলিব পাৰিলেহে অসমৰ দুৰ্বল গাওবোৰ সবল আৰু সক্রিয় হৈ উঠিব।

ইতিমধ্যে সংবিধানত উল্লেখ কৰা বিধি অনুসৰিয়েই অসম চৰকাৰেও অসম বিত্ত আয়োগ গঠন কৰিছে। এই আয়োগে অন্যান্য দিশৰ লগতে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ বিত্তীয় দিশ সুস্থ আৰু সবল কৰাৰ বাবে পৰামৰ্শ আগবঢ়াই ৰাজ্য চৰকাৰলৈ প্রতিবেদন আগবঢ়াব। অসমৰ পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ নতুন যাত্ৰা হ’ব বুলি আশা কৰিব পৰা যায়।

Panchayati raj system in assam

(আশা কৰোঁ আপুনি “পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অসম- Panchayati raj system in assam” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  “পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অসম- Panchayati raj system in assam” পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top