ইণ্টাৰনেট

ভূামকা:
ইন্টাৰনেট’ শব্দটো আমাৰ বাবে নতুন। সর্বসাধাৰণৰ সকলোৱে ইয়াক এতিয়াও ব্যৱহাৰ কৰিব পৰা হোৱা নাই। কুৰি শতিকাৰ মাজভাগতে ইন্টাৰনেটৰ সূচনা হয়। ১৯৫৭ চনতে ছোভিয়েট ৰাছিয়াই যোগাযোগ ব্যৱস্থাত এই অভিনৱ মাধ্যমটিৰ বিষয়ে চিন্তাচৰ্চা আৰম্ভ কৰে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰতহে ইয়াৰ পৰিপূৰ্ণ বিকাশ হয়। সত্তৰৰ দশকৰ আৰম্ভণীৰ সময়ছোৱাত দৰাচলতে আজিকালিৰ ইন্টাৰনেটৰ বীজ ৰোপণ হয়। ক্রমে বহু মানুহৰ বুদ্ধি, পৰিশ্ৰম আৰু প্ৰযুক্তি কৌশলে এই ব্যাপক ব্যৱস্থাক সমৃদ্ধ কৰি আজিৰ স্তৰত উপনীত কৰাইছেহি।

ইন্টৰনেটৰ পৰিচয়: 
যোগাযোগ ব্যৱস্থাৰ সাম্প্রতিক বিস্ময় ইণ্টাৰনেটনো কি তাৰ সাধাৰণ সংজ্ঞা সহজ নহয়। ধৰাহওক, কোনো এটা এলেকাত পাঁচজন টেলিফোন গ্রাহক আছে। স্বাভাৱিকতে তেওঁলোক প্রত্যেকৰে একোটা নিজস্ব টেলিফোন নম্বৰো আছে। এইনম্বৰটোক আমি গ্রাহক সংকেত সংখ্যা বা ‘ছাবস্ক্রাইবাৰছ কোড নাম্বাৰ’ (Subscribers Code Number) বুলিব পাৰো। এই নম্বৰৰ সহায়ত পাঁচজন গ্রাহকে পৰস্পৰৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ এই টেলিযোগাযোগ ব্যৱস্থাৰ সহজ গাঁথনিটোক কোৱা হয় টেলিফোন নেটৱৰ্ক। এইবাৰ ধৰাহওক, এই পাঁচজন টেলিফোন গ্রাহক পাঁচটা বিষয়ত বিশেষজ্ঞ, এনেক্ষেত্ৰত আমি যিখন কাল্পনিক টেলিফোন ডাইৰেক্টৰি (য’ত টেলিফোন নম্বৰবোৰ লিখা থাকে) পাম, তাত উক্ত পাঁচজন গ্রাহকৰ নামঠিকনা-টেলিফোন নম্বৰৰ কাষতে লিখিব পৰা যাব তেওঁলোকৰ নিৰ্দিষ্ট বিষয়টোৰ নাম। এতিয়া কোনো তথ্যৰ প্ৰয়োজন হ’লে ডাইৰেক্টৰি চাই সেই নির্দিষ্ট নম্বৰত টেলিফোন কৰিলেই সংশ্লিষ্ট বিষয়টো সম্পৰ্কত তথ্য বিচাৰি পোৱা যাব। অর্থাৎ, এই পাঁচজন গ্ৰাহকৰ পৰস্পৰে পৰস্পৰক ফোন কৰি প্রয়োজন অনুসৰি তথ্যৰ আদান-প্ৰদান কৰিব পাৰে। তথ্যৰ এই আদান-প্রদান অধিক ব্যাপক কৰি তোলাৰ বাবে উক্ত টেলিফোন নেটৱৰ্কক আৰু আন কেইবাটাও একেধৰণৰ টেলিফোন নেটৱৰ্কৰ লগত সংযোগ কৰিব পাৰি। ইয়াৰ ফলত নতুন কিবা বিষয়ৰ তথ্যৰ প্রয়োজন হ’লে প্রথম নেটৱর্কৰ গ্ৰাহক এজনে আন নেটৱৰ্কৰ কোনোবা এজনক ফোন কৰি সেই তথ্য সংগ্ৰহ কৰি তাক ‘ৰিলে’ কৰি নিজৰ এলেকাৰ দ্বিতীয় কোনো এজন গ্ৰাহকক জনাই দিব পাৰে। এই ব্যৱস্থাৰ মাধ্যমত তথ্য আদান-প্রদান নিতান্ত্য অবাস্তৱ নহলেও ইয়াক বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰি তোলা প্রায় অসম্ভৱ। কাৰণ এই ব্যৱস্থাত তথ্যৰ আদান-প্রদান প্রক্রিয়াটো দীঘলীয়া। তদুপৰি টেলিফোনত ৰেকৰ্ড কৰি ৰখাটো অসুবিধাজনক। ইয়াৰ উপৰি খৰচৰ কথাটো আছেই।

এইবোৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ কথাটো অলপ বেলেগ ধৰণেৰে ভাবিব পাৰি। টেলিফোন নেটৱৰ্কৰ আটাইকেইটা টেলিফোন অতৰাই যদি আমি তাৰ ঠাইত কম্পিউটাৰ বহুৱাই দিও তেতিয়া হ’লে সামান্য কাৰিকৰীগত সালসলনি ঘটায়েই আমি পাম এক কম্পিউটাৰ নেটৱৰ্ক।

তথ্য আৰু যোগাযোগৰ মাধ্যম:
কম্পিউটাৰত তথ্যৰ আদান-প্ৰদানৰ কামটো অতি দ্রুততাৰে হয়। তদুপৰি সেইবোৰ তথ্য খুব সহজে সঞ্চয় কৰি ৰাখিব পাৰি আৰু প্ৰয়োজনমতে তাক ছপা কৰিও ল’ব পাৰিব। এনে এটি কম্পিউটাৰ নেটৱৰ্কক যদি আৰু অসংখ্য কম্পিউটাৰ নেটৱৰ্কৰ লগত সাঙুৰি দিয়া হয়, তেনেহ’লে সকলো কম্পিউটাৰৰ সন্মিলিত তথ্যভাণ্ডাৰ হ’ব অতি বিশাল। অথচ ইয়াৰ সহায়ত তথ্য সংগ্রহৰ কামো হব পূৰ্বতকৈও দ্রুততৰ আৰু সহজ। এই জটিল কম্পিউটাৰ নেটৱৰ্কটোকে আমি ক’ব পাৰো ‘নেটৱৰ্ক অব নেটৱৰ্ক’ অথবা সংক্ষেপে ‘ইণ্টাৰনেট’। এই নামটোৰ আৰু সংক্ষিপ্ত তথা প্রচলিত ৰূপ হ’ল ‘নেট’।

সৰু-ডাঙৰ নানা ধৰণৰ কম্পিউটাৰ পৰস্পৰৰ লগত এইদৰে যুক্ত হৈ সম্প্রতি যি জটিল নেটৱৰ্কৰ সৃষ্টি হৈছে সি মকৰাজালৰ দৰে সমগ্ৰ পৃথিৱীকে ছানি পেলাইছে। ডাক ব্যৱস্থাৰ দৰেই ইন্টাৰনেট যোগাযোগ ব্যৱস্থা আজি বহু মানুহৰ দৈনন্দিন জীৱনত সোমাই পৰিছে।

ইন্টাৰনেটৰ পৰিচয় স্পষ্টভাৱে চিহ্নিত কৰাটো টান। আমি পোষ্টকার্ড বা লেফাফাকে ডাক ব্যৱস্থা বুলি ক’ব নোৱাৰো, বা পিয়ন বা ডাকঘৰ বুলিলেও ডাক ব্যৱস্থাক নুবুজায়। অথচ এই সকলোৱেই ডাক ব্যৱস্থাৰ অংগ। এইবোৰৰ কোনোটোকে বাদ দি ডাক ব্যৱস্থা সম্পূর্ণ হ’ব নোৱাৰে।

এইবাৰ ধৰা হওক এখন চহৰৰ কথা। চহৰৰ ঘৰ-বাৰী, যান-বাহন, জনসাধাৰণ, নদ-নদী, গছ-গছনি এই সকলোৱে চহৰৰ অংগ। অথচ ইয়াৰ কোনোটোৱেই ‘চহৰ’ নহয়। এই সকলো মিলি যি অঞ্চলটিক বিশিষ্ট কৰি তুলিছে তাৰেই পৰিচয় হৈছে চহৰ।

ইণ্টাৰনেটো ঠিক তেনে। ই কোনো যন্ত্ৰ নহয়, কম্পিউটাৰো নহয়, কম্পিউটাৰ প্রগ্রেম বা হার্ডৱেৰ, ছফটৱেৰো নহয়। অথচ এই সকলো মিলি তৈয়াৰ হোৱা তথ্য আদান প্রদানৰ এক শক্তিশালী ব্যৱস্থা।
বর্তমানে পৃথিৱীৰ প্ৰায় তিনি কোটিৰো অধিক মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে।

অহা কেইবছৰৰ ভিতৰত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ১০ কোটিৰো অধিক হ’ব বুলি আশা কৰা হৈছে। ইন্টাৰনেটৰ যোগেদি প্রতিদিনে যি ধৰণৰ তথ্যৰ আদান-প্রদান হয়, তাৰ কেইটিমান হ’ল- চিঠি-পত্ৰৰ আদান-প্রদান, পৃথিৱীৰ নানা প্ৰান্তৰ পৰা খবৰ সংগ্ৰহ, বৈজ্ঞানিক গৱেষণা পত্ৰৰ অধ্যয়ন আৰু প্ৰয়োজন অনুসৰি সেয়া সংগ্ৰহ কৰা, আলোচনা, ইন্টাৰনেট বন্ধুৰ (পত্ৰবন্ধুত্বৰ ইন্টাৰনেট সংস্কৰণ, সংক্ষেপে ‘নেটফ্রেণ্ড ) সৈতে আড্ডা, কম্পিউটাৰ গেমছ খেলা, অন্যান্য বিনোদনত অংশ লোৱা, পঢ়া-শুনা সম্পৰ্কীয় তথ্য সংগ্রহ আদি।

ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ হ’লে নানা ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰেম চলাবলগীয়া হয়। অৱশ্যে ব্যৱহাৰকাৰীয়ে কি প্রগ্রেম চলাব সেয়া নির্ভৰ কৰে ব্যৱহাৰকাৰীৰ প্রয়োজনৰ ধৰণৰ ওপৰত। পৃথিৱীৰ নানা প্রান্তৰ অসংখ্য ব্যৱহাৰকাৰীয়ে একেলগে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে।

এনেবোৰ কাৰণতে আজি ‘ইন্টাৰনেট’ বুলিলে কেৱল ‘ইন্টাৰকানেক্টেড কম্পিউটাৰ নেটৱৰ্ক’ কে নুবুজায়। ইয়াৰ লগতে সংযুক্ত হৈ থাকে অসংখ্য ব্যৱহাৰকাৰী, তথ্যসংগ্ৰহৰ বিভিন্ন কম্পিউটাৰ প্ৰগ্ৰেম আৰু সুবিশাল তথ্য ভাণ্ডাৰ।

সামৰণি:
ইন্টাৰনেট অৱশ্যে এতিয়া সৰ্বসাধাৰণৰ বাবে সহজ আৰু সুলভ হৈ উঠিছে। মোবাইল প্ৰযুক্তিৰ বিকাশে ইয়াক আৰু অধিক সহজলভ্য কৰি তুলিছে। সময়ৰ লগে লগে এই প্ৰযুক্তি আৰু অধিক বিকশিত হৈ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন বিষয় সহজ কৰি তুলিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top