বিজ্ঞাপন আৰু আধুনিক জীৱন

বিজ্ঞাপন

বিজ্ঞাপনৰ (advertisement) অভিধানিক অর্থ হ’ল জাননী। অৱশ্যে এই জাননী কোনো তত্ত্ব বা তথ্যৰ পৰিচিতি নহয়, কোনো ঘটনাৰ বিৱৰণ নহয়, কোনো ঐতিহ্য আৰু সংস্কৃতিৰ ইতিকথা নহয়, ই হ’ল মূলতঃ ব্যৱসায়িক স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি পণ্য সামগ্ৰীক গ্ৰাহকৰ দৃষ্টিগোচৰ কৰা। ভোগ্যপণ্যসমৃদ্ধ আধুনিক জীৱন-যাত্ৰাত বিজ্ঞাপনৰ বিশিষ্ট ভূমিকা আছে। Advertisement আধুনিক বাণিজ্যৰ প্ৰসাধন। বিজ্ঞাপনে বাণিজ্যিক-পণ্যক সুশোভন, শিল্পসন্মত ৰূপ প্ৰদান কৰি গ্ৰাহক-ক্ৰেতাৰ বাবে আকর্ষণীয় কৰি তোলে। অতীজত বেপাৰ-বাণিজ্য আছিল সীমিত, সহজ আৰু জটিলতাযুক্ত। আধুনিক কালত বাণিজ্যই সেই সংকীর্ণ পৰিধি চেৰাই বিশ্বজুৰি প্ৰসাৰিত হৈ পৰিছে। ফলত, ব্যৱসায়-বাণিজ্যত আৰম্ভ হৈছে ৰূদ্ধশ্বাস প্রতিযোগিতা। পণ্যৰ গুণগত মানৰ প্ৰচাৰৰ জৰিয়তে এই প্রতিযোগিতাত জয়লাভৰ বাবে ব্যৱসায়ীসকলে অস্ত্ৰ হিচাপে লৈছে Advertisement ক।

তীব্র প্রতিযোগিতা আধুনিক ব্যৱসায়-বাণিজ্যৰ বিশেষ চৰিত্ৰ। প্ৰতিজন ব্যৱসায়ীয়ে বিচাৰে বাণিজ্য জগতত তেওঁৰ একাধিপত্য প্রতিষ্ঠা হওক, লাভৰ পৰিমাণ বৃদ্ধি হওক। Advertisement ব্যৱসায়ীসকলৰ সফলতাৰ অস্ত্র। ব্যৱসায়-বাণিজ্যৰ জগতখনত Advertisement ৰ মূল কাম দুবিধঃ ১. পণ্যৰ উপযোগিতা প্ৰচাৰ কৰি তাৰ চাহিদা বৃদ্ধি কৰা; ২. গ্রাহকৰ ওচৰত পণ্যৰ অস্তিত্ব আৰু শ্ৰেষ্ঠত্ব উপস্থাপন। অর্থাৎ, বিজ্ঞাপনৰ ঘাই কাম হ’ল চাহিদা সৃষ্টি আৰু চাহিদা-বৃদ্ধি। শিল্পৰ প্রতি মানুহৰ সহজাত আকৰ্ষণৰ বাবেই মানুহৰ মন বিশেষ বিশেষ পণ্যৰ শৈল্পিক আবেদনত মুগ্ধ হয় আৰু তাৰ জাকজমকীয় প্রচাৰৰ প্ৰতি আকৃষ্ট হৈ পৰে। সেই সুযোগতে ব্যৱসায়ীসকলে প্রতিযোগিতাত জয়লাভ কৰে আৰু লাভৰ অংক বাঢ়িবলৈ ধৰে।

বিজ্ঞাপন

ক্রেতা-বিক্রেতাৰ সংযোগ স্থাপন

বর্তমান বাণিজ্য-জগতত Advertisement ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিজ্ঞানৰ ন ন পৰীক্ষা-নিৰীক্ষাৰ ফলত ন ন পণ্যৰ আৱির্ভাৱ আৰু পূৰণা পণ্যৰ ন-ৰূপায়ণ সম্ভৱ হৈছে। সেই সংবাদ গ্ৰাহক-ক্রেতাৰ অৱগত কৰোৱাৰ দায়িত্ব গ্ৰহণ কৰিছে বিজ্ঞাপনে। শিল্প-সুষমাৰ সহায়ত বিজ্ঞাপনে মানুহৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে মন আৰু সিদ্ধান্তক প্ৰভাৱিত কৰে। ক্রেতা-বিক্রেতাৰ মাজৰ দূৰত্ব কমাই আনি বিজ্ঞাপনে স্থাপন কৰে সংযোগৰ সেতু। সেইদৰে ন ন পণ্যৰ সংবাদ আৰু তাৰ গুণ-গৰিমা প্ৰচাৰ কৰি বিজ্ঞাপনে মানুহৰ ৰুচি আৰু জীৱন-ধাৰণৰ মান উন্নত কৰি তোলে।

বিজ্ঞাপন

বিজ্ঞাপনৰ ৰূপ-বৈচিত্র্য

আদিতে Advertisement আছিল মৌখিক। তাৰ পাছত নিত্য-নতুন বৈজ্ঞানিক আবিষ্কাৰে Advertisement ৰ জগতখনলৈও বৈচিত্র্য আনিলে। ছপাশালৰ আৱিৰ্ভাৱৰ লগে লগে চৌপাশে বিয়পি পৰিল ইস্তাহাৰ, প্ৰচাৰ-পত্ৰ, প্ৰচাৰ-পুস্তিকা। তাৰ পাছত আহিল ছাইন বোৰ্ড আৰু লাউড স্পীকাৰ, ক্ৰমে চলচ্চিত্ৰ আৰু প্ৰদৰ্শনীৰ ফাঁকে ফাঁকে শ্লাইড আদিৰ জৰিয়তে Advertisement প্রচাৰৰ ব্যৱস্থা ওলাল। তাৰ পাছত আহিল সংবাদপত্র, আলোচনী আদিত বিজ্ঞাপন প্ৰকাশৰ পৰম্পৰা। আধুনিক কালত উল্লিখিত মাধ্যমবোৰৰ লগতে নতুন মাধ্যমৰূপে সক্রিয় ভূমিকা লৈছে টেলিভিছন আৰু ৰেডিঅ’ই। একেদৰে সভা-সমিতি, খেল-পথাৰ, গীত নৃত্যৰ অনুষ্ঠান আদিত পণ্যৰ নমুনা আৰু নানা আকর্ষণীয় উপহাৰ বিলি কৰি Advertisement কৰা হয়।

বিজ্ঞাপন

এনেদৰে Advertisement যেন আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। দৈনন্দিন জীৱনৰ নানান সামগ্ৰী কিনাৰ সময়ত মানুহ Advertisement ৰ দ্বাৰা প্ৰভাৱিত হৈছে। টেলিভিছন, ফ্ৰীজ আদিৰ উপৰি চাবোন, টুথপেষ্ট, ৰন্ধা-বঢ়াত ব্যৱহৃত মচলা, কাপোৰ কানি, ব্লেড, ছেভিং ক্ৰীম, পাউদাৰ, চুলিত ঘহা তেল, শিশু খাদ্য আদি দৈনন্দিন ব্যৱহার্য অলেখ সামগ্ৰীৰ বিজ্ঞাপন সর্বত্র আৰু সৰ্বক্ষণ আমাৰ চকুত পৰে। এই Advertisement বোৰে যাতে আমাৰ মনত স্থায়ী প্রভাৱ পেলাব পাৰে, তাৰ বাবে ব্যৱসায়িক গোষ্ঠীবোৰে নানা উপায় অৱলম্বন কৰে। যেনেঃ টেলিভিছনত একেই পণ্যৰ Advertisement বাৰে বাৰে দেখুওৱা হৈছে, বাতৰিকাকততো তাৰ Advertisement পাছদিনা প্রকাশ কৰা হৈছে।

গাড়ী-মটৰ-ৰে’ল, বাছষ্টেণ্ড, বাট-পথৰ কাষৰ হর্ডিঙ সকলোতে আজি বিজ্ঞাপনে আৱৰি ধৰিছে। সাধাৰণ মানুহ এইবোৰ Advertisement ৰ দ্বাৰা ইমানেই প্রভাৱিত হবলৈ ধৰিছে যে, যিমান ভাল সামগ্ৰীয়েই নহওক কিয়, Advertisement ত তাক নেদেখিলে তেনে সামগ্রী কিনিবলৈ মানুহে ইতস্ততঃ কৰে বা নিকিনে। আনহাতে বাতৰিকাকত, আলোচনী বা টেলিভিছনত পণ্য এবিধৰ Advertisement বাৰে বাৰে দেখাৰ ফলত মানুহে ভাল-বেয়া বিচাৰ নকৰি সেইবিধ সামগ্রী কিনিবলৈ উৎসাহী হয়। বিজ্ঞাপনে মানুহৰ দৈনন্দিন জীৱনত এনে অনেক পণ্যৰ চাহিদা সৃষ্টি কৰে যাৰ হয়তো কোনো প্রয়োজন নাই বা প্রয়োজন নিচেই সামান্য। বহু পণ্যৰ লগত ঘোষণা কৰা বিনামূলীয়া উপহাৰৰ আকৰ্ষণত বা লটাৰীৰ লোভতো মানুহে অপ্রয়োজনীয় হলেও নানা সামগ্ৰী কিনে। এনেদৰে বিজ্ঞাপনে মানুহৰ জীৱনক এনেদৰে প্ৰভাৱিত কৰিছে। মানুহৰ বাবে ইয়াৰ মায়াবী আকৰ্ষণৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়।

সামৰণি

কোনো সামগ্ৰীৰ উৎপন্ন কৰোতে অথবা বিক্ৰেতাৰ বাবে Advertisement অপৰিহাৰ্য।কোনো পণ্য বিক্ৰীৰ বাবেও Advertisement প্রয়োজনীয়। বিজ্ঞাপনৰ জৰিয়তে, মানুহে কোনো পণ্য সম্পর্কে জানিব পাৰে, সেই জনোৱাৰ দায়িত্ব উৎপাদন কৰোতা বা বিক্রেতাৰ। Advertisement ৰ জৰিয়তে গ্রাহকে কোনো পণ্যৰ অস্তিত্ব সম্পর্কে জানিব পাৰে। তাৰ গুণাগুণ সম্পর্কেও অৱগত হয়; পণ্যবিধৰ দৈনন্দিন জীৱনত কিমান প্রয়োজন সেই সম্পর্কে বুজাতো গ্রাহকক বিজ্ঞাপনে সহায় কৰে। আনহাতে, একেবিধ পণ্যৰ বিভিন্ন কোম্পানীৰ নানা Advertisement ৰ পৰা গ্ৰাহকে বুজিব পাৰে কোনবিধ সামগ্ৰী ভাল বা বেছি ভাল।

বিজ্ঞাপন

Advertisement ৰ অৱশ্যে কেতবোৰ ক্ষতিকাৰক দিশো আছে। কেতবোৰ Advertisement ৰ অশ্লীল তথা কুৰুচিপূর্ণ চিত্ৰায়ণ আৰু বাক্য বিন্যাসে তৰল মনক প্ৰভাৱিত কৰে। তথাপি আধুনিক জীৱনৰ পৰা Advertisement ক বাদ দিয়া অসম্ভৱ। অৱশ্যে Advertisement ৰ চাতুৰী সম্পর্কে, অতিৰঞ্জন সম্পর্কে গ্রাহকসকল সতৰ্ক হৈ থাকিব লাগিব। কাৰণ Advertisement ৰ ভাষাত সকলো সামগ্ৰীয়েই ভাল, সেইবোৰৰ গুণৰ শেষ নাই, কিন্তু বাস্তৱত বহুক্ষেত্ৰত তাৰ বিপৰীতহে দেখা যায়।

(আশা কৰোঁ আপুনি  ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top