মাউৰাৰ কাহিনী

মাউৰা

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা “মাউৰাৰ কাহিনী” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

এখন দেশত এটা মাউৰা ল’ৰা আছিল। তাৰ দুখ-কষ্টৰ কোনাে সীমা আছিল। দেশৰ সকলােৱে তাক জাংৰেছ’ (মাউৰা) বুলি অৱহেলাৰ চকুৰে চাইছিল। তাৰ দুখৰ কথা সুঁৱৰি বাঁহী বজাই বজাই সি ঘূৰি ফুৰে।

ৰাক্ষসীৰ চলনা

এদিনাখন জাংৰেছই পুৰণি টঙিৰ ওপৰত অকলশৰে বহি বাহী বজাই আছিল। এনেতে ক’ৰবাৰপৰা ৰাক্ষসী এজনী আহি অকলশৰীয়া জাংৰেছক দেখা পাই এজনী কাৰবি নাৰীৰ ৰূপ ল’লে আৰু ওচৰলৈ গৈ মাত লগালে, “আই-ঐ দেহি, তই ইমান সুন্দৰ বাঁহী বজাব জান। তােৰ নাম কি, মােক কবিনে সােণ?”
“মােৰ নাম জাংৰেছ’। মােৰ কোনাে নাই।”—সি লাহেকৈ উত্তৰ দিলে।

মাউৰা

ৰাক্ষসীয়ে তাৰ কাষত বহি ল’লে আৰু মাউৰা বুলি গম পাই নানা ছলাহী কথাৰে তাক বুজাই-মেলি তাইৰ ঘৰলৈকে তাক লৈ গ’ল।

ৰাক্ষসীয়ে নিজৰ স্বৰূপটো লুকাবলৈ পাৰেমানে চেষ্টা কৰিছিল যদিও জাংৰেছ’ৰ চকুত তাই ধূলি মাৰিব নােৱাৰিলে। সি অজলাৰ ভাও জুৰি তাইৰ আলেখ-লেখ চাই থাকিল।

এদিনাখন ৰাতি টোপনি যােৱাৰ ছলেৰে বেৰৰ জলঙাইদি জাংৰেছ’ই ৰাক্ষসীৰ আচল ৰূপ দেখা পালে। তাইৰ ভয়লগা ৰূপ দেখা পাই তাৰ জীউ উৰি যােৱা যেন হ’ল আৰু তাইৰ হাতৰ পৰা কেনেকৈ পলাই সাৰিব পাৰি তাৰে চিন্তা কৰিবলৈ ধৰিলে।

জাংৰেছ’ৰ (মাউৰা) পলায়ন

পিছদিনাখন পুৱা ঘাটলৈ যােৱাৰ ছলেৰে সি নৈৰ সিপাৰ হ’বলৈ চেষ্টা কৰিলে। কিন্তু নৈখন ফেনে-ফোটোকাৰে বাঢ়ি অহা দেখি সি চিন্তিত হল। এনেতে এডােখৰ কাঠ পানীত উটি অহা দেখা পাই সি নৈত জাপ দিলে আৰু কাঠডােখৰৰ সহায়ত নৈখন পাৰ হ’ল।

মাউৰা

জাংৰেছ’ই পলােৱাৰ কথা ৰাক্ষসীয়ে কেনেবাকৈ গম পালে আৰু তাক বিচাৰি নৈৰ ঘাটৰ ফালে চোঁচা ল’লে। তাই কোনােমতে নৈখন পাৰ হৈ চাৰিওফালে তাক বিচাৰিবলৈ ধৰিলে। ‘ৰক্ষা পালাে’ বুলি ভাবি জাংৰেছ’ই পুৰণি মা (খেতি ৰখা দুচলীয়া মাটিত সজা ঘৰ)ত বহি বাঁহী বজাই আছিল। ৰাক্ষসীয়ে তাক বিচাৰি অহাৰ কথা সি ভাবিবেক পৰা নাছিল। তাই হাততসাৰে ভৰিতসাৰে গৈ জাংৰেছ’ক ধৰিলে আৰু মােনাত ভৰাই দাঙি ঘৰলৈ বুলি লৈ আহিল।

বাটত আহি থাকোতে ৰাক্ষসীৰ বাহিৰ ফুৰিবৰ মন গ’ল। জাংৰেছ’ই দেখে বুলি তাই কিছু আঁতৰি গ’ল। এনেতে জাংৰেছই “তােমাক দেখা পাইছো” বুলি চিঞৰি দিয়াত তাই আৰু কিছু দূৰ আঁতৰি গ’ল। এইদৰে সি বুদ্ধি কৰি ৰাক্ষসীৰ চকুৰ আঁৰ নােহােৱালৈকে দেখা পাইছোঁ বুলি কৈ তাইক আঁতৰাই পঠিয়ালে। ইতিমধ্যে জাংৰেছই মােনাৰ পৰা ওলাই এডােখৰ তাৰ সমান ওজনৰ শিল আৰু কিছু কাঁইট ভৰাই সি আগৰ দৰে মােনাটো বান্ধি পুনৰ পলাই গ’ল।

ৰাক্ষসীজনী ঘূৰি আহি মােনাটো দাঙি লৈ ঘৰমুৱা হ’ল। ইফালে জোকাৰণি খাই তাইৰ পিঠিত কাইটে বিন্ধিবলৈ ধৰিলে। জাংৰেছ’ই চিকুট মাৰিছে বুলি ভাবি তাই ক’লে, “অঁকৰা ল’ৰা। চিকুট মাৰিছে। ঘৰলৈ গৈ তোৰ মঙহেৰে বৰভােজ পাতিমগৈ।”

ঘৰলৈ গৈ দেখে যে জাংৰেছ’ নাই। তাইৰ ভীষণ খং উঠিল আৰু জাংৰেছক বিচাৰি গ’ল। এইবাৰ তাক পুৰণি টঙিত দেখা পালে আৰু হাতে ভৰিয়ে বান্ধি লৈ আহিল। পিছদিনা জাংৰেছৰ মঙহেৰে ভােজ পাতিবলৈ থিৰাং কৰি তাক ঘৰৰ খুটাত নিশাটোৰ কাৰণে বান্ধি থলে।

মাউৰা

পিছদিনাখন পুৱাই ৰাক্ষসীক এটি মিঠা হাঁহিৰে জাংৰেছই সম্ভাষণ জনালে। ছ’ইক গছৰ এঠাৰে তাৰ দুয়ােপাৰি দাঁত বােলাই ক’লা কৰি থৈছিল। তাৰ সুন্দৰ দুপাৰি দাঁত দেখা পাই ৰাক্ষসীৰ লােভ লাগিল। তাই মূল উদ্দেশ্যৰ কথা পাহৰি জাংৰেছক ক’লে, “হে জাংৰেছ’, তােমাৰ দাঁত কিহেৰে ইমান ধুনীয়া কৰিছা?”

“অতি সহজ খুড়ীদেউ!”— জাংৰেছই কলে। “আপােনাৰ দাঁত দুপাৰি দেখাত সঁচাকৈয়ে আপচু হৈছে। মােৰ দৰে কৰিব বিচাৰে যদি আপােনাক উপায় দিব পাৰে।” “এৰাহে জাংৰেছ”, তােমাৰ দাঁতৰ দৰে মােৰ দাতবােৰ ল’ব খােজো।” তাই ক’লে।

জাংৰেছই ভাবিলে এইটোৱে সােণালী সুযােগ। ৰাক্ষসীক মাৰি শেষ কৰাৰ বাহিৰে অন্য উপায় নাই। এই বুলি ভাবি সি এইদৰে ৰাক্ষসীক দাঁত ক’লা কৰাৰ উপায় দিলে—“অতি সহজ খুৰীদেউ, আপুনি প্ৰথমতে এচৰু পানী উতলাই আনক।”

জাংৰেছ’ৰ বুদ্ধি

ৰাক্ষসীয়ে দাঁত ক’লা কৰাৰ আনন্দত আপােনপাহৰা হ’ল আৰু জাংৰেছ’ৰ কথামতে এচৰু পানী উতলাই আনিলে। জাংৰেছ’ ৰ কথামতেই তাই তাক বন্ধন-মুক্ত কৰি দিলে আৰু নিজেই মােনাৰ ভিতৰত সােমাই পৰিল। সি আঁ কৰিবলৈ কোৱাত তাই মুখখন মেলি আঁ কৰাৰ লগে লগে উতলা এচৰু পানী মুখত ঢালি দি সি সেই ৰাক্ষসীক মাৰি পেলালে। ৰাক্ষসীৰ মৃতদেহটো বান্ধি-কুন্ধি নৈত পেলাই দি জাংৰেছই আনন্দমনেৰে বাঁহী বজাই বজাই তাৰ পুৰণি টঙিৰফালে খােজ ল’লে।

অকলশৰীয়া জাংৰেছই বাঁহী বজাই দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে। এইদৰে ঘূৰি ফুৰোঁতে এদিন সি ৰাজকুঁৱৰীয়ে পানী অনা ঘাট পালেগৈ। সি ঘাটৰ কাষত থকা জুপুৰী এটাৰ ছাঁত বহি আপােনমনে বাঁহী বজাই আছিল। এনে সময়তে এহাতে সােণৰ আৰু এহাতে ৰূপৰ কলহ লৈ ৰাজকুঁৱৰীয়ে বাঁহীৰ মধুৰ ধ্বনি শুনিবলৈ পালে। বাঁহীৰ সুৰত তাই আপােন পাহৰা হ’ল আৰু কলহৰ পানী ভৰাই কিবা ভাবি ভাবি ৰাজকাৰেঙলৈ উভতিল।

ৰাজকাৰেং পাই ৰাজকুঁৱৰীয়ে কান্দিবলৈ ধৰিলে। জীয়েকৰ এনে দশা দেখি ৰজা চিন্তিত হ’ল আৰু কিবা দেও-ভুতে পাইছে নে কি ভাবি পুৰােহিতৰ হতুৱাই মঙল চোৱাই পূজা-পাতল কৰালে। কিন্তু কোনাে ফল নধৰিল; বৰং ৰাজকুঁৱৰীৰ কান্দোন দিনক দিনে বেছি হ’বলৈহে ধৰিলে। ৰজাই উপায় নাপাই অনুসন্ধান কৰিবলৈ ধৰিলে। কিছু দিন অনুসন্ধান কৰাৰ অন্তত ৰাজকুঁৱৰীৰ অন্তৰৰ বেদনা ৰজাই গম পালে।

ৰাজকুঁৱৰীৰ সয়ম্বৰ

এদিনাখন ৰজাই ৰাজকুঁৱৰীৰ সয়ম্বৰৰ আয়ােজন কৰিলে। চাৰিওফালৰ পৰা ৰাজকোৱৰৰ উপৰি অনেক লােক আহি সভাঘৰ ভৰি পৰিল। যথা সময়ত ৰাজকুঁৱৰী কাৰেঙৰ পৰা ওলাই আহিল আৰু ৰাজসভাত জাংৰেছ’ ক দেখা নাপাই কান্দি কান্দি ভিতৰলৈ সােমাই গ’ল। ৰজা বিবুদ্ধিত পৰিল।

অৱশেষত ৰজাই প্রশ্ন কৰিলে, “এই দেশৰ যিমানবােৰ কণা, খােৰা, কুঁজা আছাঁহক, সকলো আহিছানে?” সভাকক্ষৰ পৰা ‘মহাৰাজ, আহিছোঁ’, বুলি উত্তৰ আহিল। “তেনেহ’লে কোন নহাকৈ থাকিল, ক’ব পাৰাহঁক নে?” ৰজাই প্রশ্ন কৰিলে। সভাকক্ষৰ পৰা এজনে মাত লগালে, “মহাৰাজ, জাংৰেছ’ৰ বাহিৰে সম্ভৱ নহাকৈ কোনাে থকা নাই।”

ইয়াকে শুনি ৰজাই এজন কটকীক জাংৰেছ’ৰ কাষলৈ পঠিয়ালে। কটকীৰ হাতত জাংৰেছ’ৰ কাৰণে লাগতিয়াল কাপোৰ-কানিও দি পঠালে। জাংৰেছ’ক বিচাৰি বিচাৰি এটি টঙিত বহি বাঁহী বজাই থকা অৱস্থাত কটকীয়ে গৈ পালে। তাৰ আগমনৰ কাৰণ জাংৰেছ’ক সদৰী কৰাত সি যাবলৈ অমান্তি হল। উপাই নাপাই সি জাংৰেছ’ক পিন্ধাই-উৰাই বলেৰে ধৰি লৈ গ’ল। জাংৰেছ’ সভাকক্ষ পােৱাৰ লগে লগে ৰাজকুঁৱৰী কাৰেঙৰ পৰা ওলাই আহিল আৰু জাংৰেছক স্বামী বৰণ কৰিলে। তাৰ পাছত অজান ঠাইলৈ ৰাজকুঁৱৰীয়ে তাক লৈ গুচি গ’ল। অৱশেষত উভতি আহি এদিন জাংৰেছ’ ৰজা হৈ দেশ শাসন কৰিবলৈ ধৰিলে।

(আশা কৰোঁ আপুনি  সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top