কৰহন জাংৰেছ’-কাৰ্বি সাধু

কাৰ্বি সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা “কৰহন জাংৰেছ” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

অতি পুৰণি কালত এজন মানুহৰ এহাল ল’ৰা-ছােৱালী আছিল। ডাঙৰটি সন্তান ছােৱালী আৰু সৰুটো ল’ৰা আছিল। ল’ৰাটিৰ নাম আছিল কৰহন। সিহঁতৰ দুয়ােৰে মাক সিহঁত সৰু হৈ থাকোতেই মৰিল। সিহঁতক লৈ দেউতাক ভীষণ চিন্তাত পৰিল। ল’ৰা-ছােৱালীহালৰ তদাৰক কৰিবলৈ তেওঁ আন এজনী বিয়া কৰাই আনিলে। কিন্তু হিতে বিপৰীতহে হল। মাহীমাকে সিহঁত দুয়ােকো দুচকুৰে দেখিব নােৱৰা হ’ল। বাপেকৰ অনুপস্থিতিত মাহীমাকে সিহঁতক অত্যাচাৰ কৰিবলৈ ধৰিলে।

কাৰ্বি সাধু

মাহীমাকৰ অত্যাচাৰ (কাৰ্বি সাধু)

সিহঁতৰ দেউতাক ৰাতিপুৱাই জুম-খেতিলৈ ঘৰৰ পৰা ওলাই যায়। দুপৰীয়া সময়ত মাহীমাকে ভাতৰ টোপােলা দি ল’ৰা-ছােৱালীহালক এইদৰে কয়,—“তহঁতে দেউতাৰাৰ সৈতে একেলগে ভাত নাখাবি। দেউতাক চাংঘৰৰ ওপৰত ভাত দি তহঁতে মাটিত ভাত খাবি। দেউতাৰে এমূৰত বহি ভাত খালে তহঁত জুমতলীৰ সিটো মূৰত ভাত খাবি।” মাহীমাকৰ অত্যাচাৰৰ ভয়ত সিহঁতে এইদৰেই দেউতাকক ভাত-পানী দি বেলেগ ঠাইত ভাত খাই চকুলাে টোকে।

কাৰ্বি সাধু

এইদৰেই কিছুদিন গ’ল। এদিন বাপেকে ভাবিলে, “ল’ৰা-ছােৱালীহালে কিয় মােৰ লগত ভাত নাখায়? ইয়াৰ কাৰণ কি হ’ব পাৰে?” এই ৰহস্যৰ সম্ভেদ পাবলৈ এদিন দেউতাকে টং ঘৰৰ ওপৰৰ পৰা সিহঁত দুয়ােৰাে ভাত খােৱলৈ লক্ষ্য কৰিলে।

মাহীমাকে সিহঁতলৈ বুলি বান্ধি দিয়া ভাতৰ টোপােলা মেলি বায়েক-ভায়েক হালে খাবলৈ বহিল। বাপেকে দেখি আচৰিত হ’ল- ভাতৰ পাত জাবৰ-জোঁথৰ, চৰাইৰ মল আদিৰে ভৰা। সিহঁতে চকুলাে টুকি টুকি, এটা এটাকৈ পাতৰ পৰা ভাত বুটলি খাইছে। এই ঘটনাই বাপেকৰ মনত বৰ দুখ দিলে আৰু তেওঁ বেজাৰ মনেৰে ক’লে,-“আইহঁত! তহঁতৰ বৰ কষ্ট হৈছে নহয়?” বাপেকে ভাবিলে, পৃথিৱীত থাকি লাভ নাই; বৰং মৰি যােৱাই ভাল।

এদিনাখন বাপেকে সিহঁতক ক’লে,-“আইহঁত! আজি তহঁতক ফুৰাই লৈ আহোঁ, ব’ল। এইবুলি কৈ ভাতৰ টোপােলা বান্ধি পাহাৰৰ ফালে ফুৰিবলৈ ওলাই গ’ল। গৈ গৈ তেওঁ এডােখৰ ঠাইত থিয় শিল দেখা পালে। আটায়ে জখলাৰে উঠি শিলচটাৰ ওপৰত জিৰণি ল’লে আৰু তাতে ভাত-পানী খাই বহিল।

বাপেকে দুয়ােকো হাত বুলাই মৰম কৰিবলৈ ধৰিলে। লাহে লাহে দুয়াে টোপনি গ’ল। সিহঁতহাল টোপনি যােৱাৰ পিছত বাপেকে লাহে লাহে জখলাৰে তললৈ নামি আহিল আৰু জখলাডাল আঁতৰাই দুৰৈত পেলাই থৈ কান্দি কান্দি ঘৰলৈ ঘূৰি আহিল। কিছু সময়ৰ পিছত ল’ৰাটোৱে টোপনিৰ পৰা সাৰ পাই বাপেকক বিচাৰিলে। বায়েকেও সাৰ পাই চাৰিওফালে চালে। ক’তো বাপেকক দেখা নাপাই তাই ভায়েকক সান্ত্বনা দিবলৈ ধৰিলে।

জখলাডাল নথকা বাবে সিহঁত মাটিলৈ নামি আহিব নােৱাৰিলে। সিহঁত দুয়াে বিমােৰত পৰিল। উপায় বিচাৰি চাৰিওফালে চাওঁতে বায়েকে দেখিলে, কাষৰ বাঁহজোপাৰ পৰা দুডাল বাঁহগাজ শিলচটাৰ ফালে উঠি আহিছে। তাকে দেখা পাই বায়েকে ক’লে,-“হে বাঁহগাজ! এই পৃথিৱীত যদি আমাৰ বাচি থাকিবৰ দিনকাল আছে, তেন্তে তই আজি নিশাটোৰ ভিতৰতেই শিলচটাৰ ওপৰলৈকে বাঢ়ি আহি ঢুকি পাবিহি।” সেই বাহঁগাজ দুটা নিশাটোৰ ভিতৰত বাঢ়ি শিলচটাৰ ওপৰ পালেহি। বাঁহ দুডালৰ সহায়ত দুয়াে বায়েক-ভায়েক মাটিলৈ নামি আহিল।

শিলচটাৰ ওপৰৰ পৰা নামি দুয়াে অনাইবনাই ফুৰিবলৈ ধৰিলে। এইদৰে গৈ গৈ এঠাইত দুয়াে পানী খালে। বায়েকে বাঁহৰ চুঙাৰে পানী খাওঁতে, সাপৰ কণীৰ সৈতে পানী পেটলৈ গ’ল।

ভাত খোৱা সাপ

কিছু দিনৰ পিছত সেই কণীৰ পৰা দুডাল সাপ উপজিল। তাই টোপনি গলে, মুখৰ পৰা সাপদুডাল বাহিৰলৈ ওলাই আহে। তাই দিনৌ দুপৰীয়া ৰান্ধি-বাঢ়ি জিৰণি লয় আৰু টোপনি যায়। সেই সময়ত তাইৰ মুখৰ পৰা সাপ দুডাল ওলাই আহি ৰন্ধা ভাত খাই পুনৰ তাইৰ পেটত সােমাই থাকে।

কাৰ্বি সাধু

টোপনিৰ পৰা সাৰ পাই ভাত নেদেখি তাই আচৰিত হয় আৰু ভায়েকৰ কাৰণে ভাত ৰান্ধিবলগীয়া হয়। ভায়েক কহনে খেতি কৰি আহি সদায় গৰম ভাত খাবলগীয়া হয়।

এদিন সি ৰাতি বায়েকক গৰম ভাত খাবলগীয়া হােৱাৰ কাৰণ সুধিলে। বায়েকে ক’লে, – “সদায় মই জিৰণি লওঁতে চৰুৰ ভাত কোনােবাই খাই শেষ কৰে। কোনে খায় ধৰিব পৰা নাই।”

সাপৰ মৃত্যু

এই ঘটনাৰ সম্ভেদ ল’বলৈ এদিনাখন ভায়েকে পানী-কোঠাত সােমাই লুকাই চাই থাকিল। বায়েকে ভাত-পানী ৰান্ধিলে আৰু টোপনি ধৰা দেখি শুই থাকিল। ভায়েক কহনে বায়েকৰ মুখৰ পৰা দুটা সাপ ওলাই অহা দেখি আচৰিত হ’ল। সি মনে মনে গৈ সাপ দুটা দাৰে কাটি মাৰিলে আৰু বাৰীৰ ফালে পেলাই দিলে। সাপৰ পৰা এজোপা ফুলগছ হ’ল। লাহে লাহে গছজোপা ডাঙৰ হ’ল আৰু ফুল ফুলিবলৈ ধৰিলে। ধুনীয়া ফুল ফুলি থকা দেখি এদিন বায়েকে ছিঙিবলৈ গ’ল। তাই ফুল ছিঙিবলৈ ধৰোঁতে সাপৰ বিষাক্ত দাঁতত গচক পৰিল আৰু ঠাইতে বিষত অচেতন হৈ মাটিত পৰি থাকিল। ভায়েকে উপায়হীন হৈ ঘৰ এৰি অন্য ঠাইলৈ গুচি গ’ল।

এনেতে এজন ৰজাই চিকাৰ কৰিবলৈ কৰহনহঁতৰ ফালে আহিছিল। বাৰীত এজনী ৰূপৱতী ছােৱালী অচেতন হৈ পৰি থকা দেখি তেওঁ তাইৰ ওচৰলৈ গ’ল। ৰজাই ভালদৰে চাই দেখিলে, তাইৰ ভৰিৰ তলুৱাত সাপৰ দাঁত সােমাই আছে। অচেতন হােৱাৰ কাৰণ জানিব পাৰি ৰজাই চৰাই-চিৰিকতিক মাতিলে আৰু তাইৰ ভৰিৰ তলুৱাত সােমাই থকা সাপৰ বিষদাঁত উলিয়ালে। লগে লগে তাই পুনৰ সুস্থ হ’ল। তাইৰ দুখৰ কথা ৰজাক বুজাই ক’লত ৰজাই তাইক লৈ গ’ল আৰু ৰাণী পাতিলে।

কাৰ্বি সাধু

ৰাণী হৈয়াে তাই শান্তি নাপালে। সদায় দুখ মনেৰে থাকে। তাকে দেখি ৰজাই তাৰ কাৰণ জানিব বিচাৰিলে। তেতিয়া তাই হেৰােৱা ভায়েকৰ কথা ক’লে আৰু তাৰ চিন্তাতেই তাই দুখ কৰি থাকে বুলি ৰজাক বুজাই ক’লে।

এই কথা জানিব পাৰি এদিনাখন ৰজাই এজন শিল্পীক ৰাণীৰ প্ৰতিমূর্তি এটা গঢ়িবলৈ ক’লে আৰু সেই প্রতিমূর্তিটো চাৰিআলিৰ মূৰত থবলৈ কলে। কোনােবা লােকে যদি সেই মূর্তিটোৰ কাষলৈ যায় আৰু স্পর্শ কৰে, তেন্তে তাক ধৰি আনিবলৈ চন্তৰীক আদেশ দিলে।

বাটৰ কাষত থকা মূর্তিটো বাটৰ মানুহে চাই চাই গুচি গৈছিল। এদিনাখন কৰহন জাংৰেছ’ই ধুনীয়া মূৰ্তিটো দেখি কাষলৈ গ’ল আৰু হাতত ধৰি কান্দিবলৈ ধৰিলে। ইয়াকে দেখি চন্তৰীয়ে আহি তাক ধৰিলে আৰু ৰজাৰ ওচৰলৈ লৈ গ’ল। কৰহন জাংৰেছ’ই বায়েকক দেখি আনন্দ পালে আৰু ৰজাই কৰহন জাংৰেছক বেলেগ এখন ৰাজ্য দি তাৰ ৰজা পাতিলে। এইদৰে মাউৰা ল’ৰা-ছােৱালীহালে পুনৰ সুখেৰে দিন কটাবলৈ ধৰিলে।

(আশা কৰোঁ আপুনি  সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top