স্বাৱলম্বন

স্বাৱলম্বন

নিজৰ ভৰিৰ ওপৰত থিয় দি, আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজ শক্তিৰে জীয়াই থকাকে বােলে স্বাৱলম্বন। স্বাৱলম্বন শক্তি বা আত্মনির্ভৰতাৰ ভাব সৃষ্টি হয় ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ পৰা। স্বাৱলম্বী মানুহ এজনে জীৱন-সংগ্ৰামত কেতিয়াও পাছ নােহোঁহকে; অতি কঠোৰ আৰু বিপদজনক কামলৈকো আগবাঢ়ি যাবলৈ তেওঁ সংকোচ নকৰে। তাৰ ফলস্বৰপে তেওঁ অতি জ্ঞানী-গুণী বা যোগ্যবান নহ’লেও জীৱনত বহুত ওপৰলৈ উধাব পাৰে। আনহাতে, সকলাে কথাতে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা মানুহ এজনে অলস আৰু কর্মবিমুখ হৈ জীৱন কটাই অতি সােনকালেই তেওঁৰ মানসিক আৰু শাৰীৰিক শক্তি হেৰুৱাই পেলাবলগীয়া হয়।

স্বাৱলম্বন আৰু ভাগ্য

পৃথিৱীত কোনেও কাৰো ভাগ্য গঢ়ি নিদিয়ে; প্রত্যেকেই নিজৰ শক্তিৰে নিজ ভাগ্য গঢ়ি ল’ব লাগে। স্বাৱলম্বনৰ প্রয়ােজন এই কাৰণেই। জীৱনত উন্নতি কৰিবলৈ হ’লে স্বাৱলম্বনৰ বিকল্প নাই। মানুহ মাত্রেই কোনাে কোনাে কথা বা কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। যিজনে অতি কম ক্ষেত্ৰতহে আনৰ ওপৰত নিৰ্ভৰ কৰে, নিজে কৰিব পৰা কোনাে কাম আনক নেপাচে, তেওঁকেই আমি স্বাৱলম্বী বােলাে।

যিখন সমাজত সৰহভাগ লােকেই স্বাৱলম্বী সেইখন সমাজে সকলাে ক্ষেত্ৰতে দ্রুতগতিৰে উন্নতি কৰিব পাৰে। এটা, জাতিৰ অর্থনৈতিক স্বাৱলম্বিতাই দেশ এখনক প্ৰগতিৰ সর্বোচ্চ শিখৰত উপনীত কৰাব পাৰে। সৈন্যবাহিনীৰ আত্মনিৰ্ভৰতা আৰু আত্মবিশ্বাসেই যুদ্ধত এখন দেশৰ জয় সুনিশ্চিত কৰে।

ব্যক্তিয়েই হওক, বা জাতিয়েই হওক, স্বাৱলম্বনৰ সঁচাৰ কাঠিৰেহে ঐশ্বর্যৰ ভঁৰালৰ দুৱাৰ মুকলি কৰিব পাৰে। “God helps those who help themselves, কথাষাৰ শ্বাশ্বত সত্য। স্বাৱলম্বনৰ জখলাৰে দাৰিদ্ৰৰ পৰা প্ৰাচুৰ্যৰ শিখৰত আৰােহণ কৰা অজস্র লােকৰ দৃষ্টান্তৰ অভাৱ নাই। আমেৰিকাৰ এজন প্রখ্যাত সাংবাদিক আৰু গ্রন্থকাৰ আৰ্ট বাকৱাল্ডে দহবছৰ বয়সত সামান্য কমিছন লৈ চুপাৰ-বজাৰত খাদ্য সামগ্ৰীৰ টোপােলা ফেৰি কৰি ফুৰিছিল। আমেৰিকাৰে প্রকাশক গোষ্ঠীৰ অগ্রণী ডান কুৱাইলে ন বছৰ বয়সত দেউতাকৰ পামত গৰুৰ গাখীৰ খীৰাইছিল।

আমাৰ অসমৰে যােৰহাটৰ গঙ্গাধৰ বৰকটকীদেৱে এটা কাঠৰ বাকচত ভৰাই কিতাপ বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি বৰকটকী কোম্পানীৰ দৰে বিখ্যাত পুথি প্রকাশন প্রতিষ্ঠান পাতিবলৈ সক্ষম হৈছিল। ৰাধাগােবিন্দ বৰুৱাদেৱে এটা মাত্ৰ ছপাকলেৰে ছপাখানা পাতি নিজৰ অমানুষিক পৰিশ্রম, সাহস আৰু আত্মবিশ্বাসৰ গুণেৰে “দি আছাম ত্রিবিউন“, দৈনিক অসম আৰু ‘অসম বাণী’ ৰ দৰে উচ্চমানৰ বাতৰি কাকত উলিয়াই স্বাৱলম্বনৰ যি আদর্শ দেখুৱাই থৈ গ’ল, তাক পাহৰিব নােৱাৰি। এনে উদাহৰণ আৰু বহুত পােৱা যাব যিবােৰে এটা কথাই প্রমাণ কৰে যে স্বাৱলম্বিতাই মানুহক ওপৰলৈ তােলে আৰু পৰনিৰ্ভৰশীলতা, কৰ্মবিমুখতা আৰু অলসতাই ব্যক্তি আৰু জাতি উভয়কে ধ্বংস কৰে।

শৈশৱৰ পৰাই হওক স্বাৱলম্বী হোৱাৰ শিক্ষা

স্বাৱলম্বনৰ শিক্ষা শৈশৱতে আৰম্ভ হয়। এটি শিশুৱে চুঁচৰিবলৈ শিকাৰে পৰা স্বাৱলম্বী হ’বলৈ চেষ্টা কৰে। এই অৱস্থাত সিহঁতে কোলাত উঠি ফুৰিবলৈ ভাল নাপায়। হাতত ধৰি এখােজ দুখােজ দিব পৰা হ’লেই সিহঁতে হাতত নধৰাকৈ খােজ কাঢ়িবলৈ বিচাৰে আৰু অলপ ডাঙৰ হ’লেই খােৱা-বােৱা, পিন্ধা-উৰা আদি সকলাে কাম নিজে কৰিবলৈ ইচ্ছা কৰে। আমাৰ মাতৃসকলেহে সন্তানৰ প্ৰতি থকা দুর্বলতাৰ হেতুকে সিহতক স্বাৱলম্বী হ’বলৈ এৰি দিবলৈ শংকা বােধ কৰে। এইক্ষেত্ৰত পঞ্জাবৰ মহিলাসকল ব্যতিক্রম। তেওঁলােকে সন্তানক শৈশৱৰে পৰা স্বাৱলম্বী হ’বলৈ শিকায় বাবে পৰৱৰ্তী কালত সিহত সাহসী, পবিশ্রমী আৰু, স্বাৱলম্বী হৈ সুখ আৰু নিৰাপত্তাৰ মাজেৰে জীৱন অতিবাহিত কৰিব পাৰে।

স্বাৱলম্বন

কৈশােৰ আৰু যৌৱনৰ কালছােৱাত অর্থাৎ ল’ৰা-ছােৱালীৰ ছাত্ৰাৱস্থাত স্বাধীনতা আৰু স্বাৱলম্বিতাৰ স্পৃহা প্রবল হয়। ইটো সিটো কাৰণত তেওঁলােকৰ এই সময়ত অলপ পইছা-পাতিৰো প্রয়ােজন বাঢ়ে। গতিকে গঠনমূলক কামৰ যােগেদি তেওঁলােকক অর্থনৈতিক স্বাৱলম্বনৰ পথ দেখুৱাব নােৱাৰিলে আৰু লগতে উপার্জিত ধন সৎকামত ব্যৱহাৰ কৰিবলৈ শিকাব নােৱাৰিলে তেওঁলােক বিপথে গৈ অসামাজিক কামত লিপ্ত হােৱাৰ আশংকা থাকে। এনে সন্তান পিতৃ-মাতৃৰ লগতে সমাজৰ বাবেও সমস্যা হৈ পৰে।

শ্রমৰ মর্যাদা

পশ্চিমৰ উন্নত দেশবােৰত ছাত্র-ছাত্রীবােৰে আজৰি পৰত আৰু বন্ধৰ দিনত বিভিন্ন ধৰণৰ কাম কৰি ধন উপার্জন কৰে। শ্রমৰ মর্যাদা বুজা সেইবােৰ দেশত কামৰ সৰু-বৰ নাই; যি কোনাে কামেই সন্মানীয়। ছাত্র-ছাত্রীবােৰে এনেকৈ অৰ্জা ধনেৰে যে কেৱল হাত খৰচেই উলিয়ায় এনে নহয়, দেশ-ভ্ৰমণ কৰিবলৈ বা উচ্চশিক্ষা ল’বলৈ বা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিবলৈ তেওঁলােকৰ বহুতৰে চৰকাৰ বা অভিভাৱকৰ ওচৰত হাত নপতাকৈ চলি যায়। স্বাৱলম্বনৰ এনে আদৰ্শ আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও গ্ৰহণ কৰিব পাৰে। মনত ইচ্ছা থাকিলে, বাটৰ অভাৱ নহয়।

স্বাৱলম্বন

পিতৃ-মাতৃসকলে নিজৰ সন্তানক শ্ৰমৰ মর্যাদা বজাই পৰিশ্রমী আৰু কৰ্মী কৰি তুলিব পাৰিলেহে সন্তানে ভৱিষ্যৎ জীৱনত স্বাৱলম্বী হৈ চলিব পাৰিব। বিশেষকৈ ছোৱালীবিলাকক ভৱিষ্যতে উপার্জনক্ষম আৰু কর্মক্ষেত্ৰত স্বাৱলম্বী কৰিবলৈ উপযুক্ত ভাৱে গঢ় দিব লাগে। আমাৰ দেশৰ মহিলাসকল উপযুক্ত শিক্ষা আৰু স্বাৱলম্বিতাৰ অভাৱৰ কাৰণেই নানাধৰণৰ সামাজিক অন্যায়-অবিচাৰৰ বলি হ’বলগীয়া হয়।

ডেকা বয়সত পৰনিৰ্ভৰশীল হৈ চলা মানুহে বৃদ্ধ বয়সত শাৰীৰিক শক্তিৰ লগতে মানসিক শক্তিও হেৰুৱাই পেলায়। আমাৰ সমাজত যৌথ পৰিয়াল পদ্ধতি চলি থকাৰ কালত এনে বৃদ্ধ লােকে পৰিয়ালৰ বাকীবােৰৰ সহায়-সহানুভূতিৰ মাজত জীৱনটো কটাই দিব পাৰিছিল। সমাজৰ পৰিৱৰ্তনৰ লগে লগে পৰিয়ালবােৰ গাইগুটীয়া হৈ পৰিছে। গতিকে বৃদ্ধসকলেও আত্মবিশ্বাস নেহেৰৱাই নিজৰ ক্ষুদ্ৰশক্তিৰে যথাসাধ্য উপাৰ্জনৰ বাট উলিয়াই আৰু ব্যক্তিগত কাম-কাজতাে স্বনিৰ্ভৰ হােৱাৰ প্ৰয়োজন ঘটিছে। নহ’লে তেওঁলােকে সমাজৰ বোজাস্বৰূপ হৈ অসহনীয় দুখ লাঞ্ছনাৰ মাজত দিন কটাবলগীয়া হােৱাৰে সম্ভাৱনা। উন্নত দেশবােৰত বৃদ্ধ বয়সতো স্বাৱলম্বী হৈ থাকিবলৈ বিচাৰে। পৰনির্ভৰশীলতা তেওঁলােকৰ বাবে লাজ আৰু অপমানৰ কথা।

স্বাৱলম্বন

স্বাৱলম্বিতাৰ ওপৰত বিকলাঙ্গতাৰ প্ৰভাৱ

অন্ধ আৰু বিকলাঙ্গ লােকসকলে স্বাৱলম্বী জীৱন যাপন কৰাটো অসম্ভব বুলিয়েই বহুতে ভাবে। তেওঁলােকেও নিজকে অসহায় আৰু অক্ষম বুলি ভাবি প্ৰতিটো কথাতে আনৰ ওপৰত নিৰ্ভৰ কৰিব খােজে। এই অক্ষমতা আৰু পৰনিৰ্ভৰশীলতাই তেওঁলােকৰ মনত নীচাত্মিকাবােধৰ সৃষ্টি কৰে। ফলত সমস্যা সমাধান কৰা নাইবা কোনাে কামলৈ আগবাঢ়ি যােৱাৰ সাহস তেওঁলােকে হৰুৱাই পেলাই। কিন্তু পৃথিৱীত এনে বহুত মানুহ আছে, যিসকলে নিজৰ অন্ধতা আৰু শাৰীৰিক অক্ষমতা প্রত্যাহ্বানৰূপে লৈ আত্মবিশ্বাস, সাহস আৰু অভ্যাসৰ দ্বাৰা ধন উপাৰ্জনৰ বাট মুকলি কৰি, ব্যক্তিগত ক্ষেত্ৰত সম্পূর্ণ স্বাৱলম্বী হৈ অসম্ভৱকো সম্ভৱ কৰি তুলিছে।

স্বাৱলম্বিতা চৰিত্ৰৰ এটা মহৎ গুণ। প্রকৃত শিক্ষিত লােকে কোনো কামকে হীন বুলি নাভাবে। মহাপুৰুষসকলৰ জীৱনী অধ্যয়ন কৰিলে দেখা যায় যে তেওঁলােকে নিজৰ কাম নিজে কৰিবলৈ কেতিয়াও কুণ্ঠাবােধ নকৰে। প্রতিদিন অভ্যাসৰ ফলত আত্মনিৰ্ভৰশীলতা তেওঁলােকৰ স্বভাৱত পৰিণত হয়। বহুতেই সমাজত সচেতনতা আনিবলৈ আৰু জনসাধাৰণক কামত প্রবৃত্ত কৰাবলৈ নিজৰ কামৰ যােগেদি স্বাৱলম্বিতাৰ দৃষ্টান্ত ৰাখি থৈ গৈছে। এইক্ষেত্ৰত সৰ্বাত্ৰে স্মৰণীয় জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম।

সামৰণি

আমাৰ এষাৰ কথা আছে—“আপােন হাত জগন্নাথ, পৰত আশ বনবাস।” অর্থাৎ নিজৰ হাতেৰে কাম কৰিলে সকলাে কামতে সফল পােৱা যায়, কিন্তু আনৰ ওপৰত নিৰ্ভৰ কৰিলে বনবাস খটাৰ সমানেই দুখ-কষ্ট আৰু অভাৱ-অনাটন সহিব লাগে। কৰ্মৰ উচ্চতা বা নীচতাই মানুহক সন্মান বা গৰিহণাৰ পাত্ৰ কৰিব নােৱাৰে। আত্মশক্তি আৰু আত্মবিশ্বাসেৰে স্বাৱলম্বীভাৱে কৰা মহৎ কার্যইহে মানুহৰ জীৱনলৈ প্ৰশংসা, সন্মান আৰু পুৰস্কাৰ কঢ়িয়াই আনে আৰু আনে গভীৰ আত্মসন্তুষ্টি।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top