হৰিণীৰ জীয়েক-কামেং সীমান্তৰ সাধু

হৰিণীৰ জীয়েক

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা “হৰিণীৰ জীয়েক” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

এসময়ত এখন ৰাজ্যত এজন ডাঙৰ বেপাৰীয়ে বাস কৰিছিল। বেপাৰী যদিও তেওঁ আছিল ধার্মিক, দয়ালু আৰু বৈৰাগী ভাবৰ। সেই কাৰণেই তেওঁ সকলােৰে মাজত চংপােন ৰিনপােচে অর্থাৎ ঋষি-বেপাৰী নামেৰে জনাজাত হৈছিল। তেওঁ বিয়া বাৰু কৰােৱা নাছিল আৰু ধর্মীয় ব্রত, নিয়ম আদি পালন কৰি অকলশৰে বাস কৰিছিল। 

হৰিণীৰ জীয়েক

এদিনাখন তেওঁ পুৱা নদীত গা ধুই থাকোতে এটি হৰিণী পানী খাবলৈ আহিল। হৰিণীয়ে চংপােন ৰিনপােচেক চিনি পাই নির্ভয় মনেৰে পানী খাব পাৰিব বুলি ভাবি আশ্বস্ত হ’ল। চংপােন ৰিনপােচে গা ধুই থকা ঠাইৰ পৰা উজানত পানী খালে পানী লেতেৰা হ’ব বুলি ভাবি তাই অলপ ভাটীৰ ফালে গৈ ৰিনপােচেই গা ধুই লেতেৰা কৰা পানীকে খাই পুনৰ হাবিলৈ গুচি গ’ল। তাৰে কিছুদিনৰ পিছত হৰিণীয়ে গম পালে যে তাই গৰ্ভৱতী হৈছে। তাই বৰ আচৰিত হ’ল, কাৰণ তাই কোনাে মতা হৰিণাৰ লগত কোনাে দিনে ফুৰা-চকা কৰা নাছিল।

হৰিণী মানুহৰ কন্যা জন্ম

সময়ত তাই এজনী দীপলিপ মানুহৰ কন্যা জন্ম দিলে। কন্যাটিৰ মুখৰ গঢ় ৰিনপােচেৰ দৰে হােৱাত তাই গম পালে, ৰিনপােচেৰ দেহৰ মলি ধােৱা পানী খােৱাৰ বাবেই সন্তানটো হ’বলৈ পাইছে। তাই ছােৱালীজনী আনি চংপােন ৰিনপােচেৰ হাতত গতাই দি গ’ল। ছােৱালীজনী পাই ৰিনপােচেই বৰ ৰং পালে। অতি মৰমেৰে তেওঁ তাইক লালন-পালন কৰিবলৈ ধৰিলে। এসময়ত তাই এজনী ধুনীয়া যুৱতীত পৰিণত হল। দেউতাকৰ দৰে তাই আছিল বগা, সুঠাম আৰু মাকৰ দৰে ধুনীয়া। তদুপৰি দেউতাকৰ পৰা তাই পাইছিল সাত্ত্বিক গুণ আৰু মাকৰ পৰা পাইছিল প্ৰকৃতিৰ সহজ-সৰল ভাব। 

সেই সময়ত চংপােন টাছি নামেৰে এজন বেপাৰী ধনে-জনে প্রতাপশালী হৈ উঠিছিল। তেওঁৰ দুজনী পত্নী আছিল যদিও নিঃসন্তান আছিল। এদিন চংপােনটাছি নাৱেৰে গৈ থাকোতে নাৱত তেওঁৰ পিয়াহ লাগিল। পানী খাবলৈ বুলি তেওঁ হাত দুখন অঞ্জলি কৰি নদীত পাতি দিলে। তেনেতে দীঘল চুলি এডাল তেওঁৰ হাতত আহি লাগিল। তেওঁ মূৰ তুলি উজনিৰ ফালে চাই পঠিয়ালে। এজনী দীপলিপ গাভৰুৱে নদীত গা ধুই থকা দেখি তেওঁ আকৃষ্ট হৈ পৰিল।

ঘৰলৈ আহি খা-খবৰ লৈ তেওঁ জানিব পাৰিলে সেইজনীয়ে চংপােন ৰিনপােচেৰ জীয়েক ঝিকদিমি বুলি। তেওঁ মানুহ পঠিয়াই চংপােন ৰিনপােচেক বিয়াৰ প্ৰস্তাৱ দি পঠালে। প্রস্তাৱটো পাই চংপােন ৰিনপােচেই উত্তৰ দি পঠালে ‘মােৰ জীক আপােনাৰ ডাঙৰ পত্নীসকলে অত্যাচাৰ কৰিব, গতিকে মই বিয়া নিদিওঁ। চংপােন টাছিয়ে তেনেহ’বলৈ নিদিওঁ বুলি প্রতিশ্রুতি দি পঠিয়ালে। পুনৰ চংপােন ৰিনপােচেই কৈ পঠালে ‘মৃত্যুৰ পিছত আপােনালােকে মােৰ জন্তুৰ সন্তান বুলি অপমান কৰিব।’ চংপােন টাছিয়ে তেনে কথা মুখেৰে ওলাবলৈ নিদিওঁ বুলি প্রতিশ্রুতি দিলে।

ঝিকদিমিবিবাহ

চংপােন ৰিনপােচে এইবাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। তেওঁ মহা ধুমধামেৰে জীয়েকৰ বিবাহ চংপােন টাছিৰ সৈতে পাতি দিলে। ঝিকদিমি কন্যা হৈ পতিৰ ঘৰলৈ যাবলৈ ওলাল। জীয়েক যােৱাৰ ফালে চংপােন ৰিনপােচে একেথাৰে চাই থাকিল। দুখত তেওঁৰ দুচকুৰ পৰা ধাৰাৰে চকুলাে ব’বলৈ ধৰিলে। জীয়েক অলপ দূৰ গৈ পালত জীয়েকক ভালদৰে চাবৰ বাবে তেওঁ বাৰীৰ এডাল ওখ গছত উঠিল। যিমানে ঝিকদিমি দূৰলৈ গৈ থাকিল, সিমানে তেওঁ গছৰ ওপৰফালে উঠি যাবলৈ ধৰিলে। এসময়ত তেওঁ গৈ গৈ গছৰ আগ পালেগৈ। চাওঁতে চাওঁতে তাৰ পৰাও জীয়েকক নেদেখা হল। জীয়েকৰ অবিহনে তেওঁ জীৱনটো শূন্য বুলি অনুভৱ কৰিলে আৰু লগে লগে তাৰ পৰা জাপ মাৰি দিলে। তেওঁ মৰিল। 

ইপিনে দেউতাকৰ মৃত্যুৰ বাতৰি পাই ঝিকদিমি শােকত মর্মাহত হৈ পৰিল। তাই নদীত পৰি মৰিবৰ বাবে এদিন ঘৰৰ পৰা মনে মনে ওলাই আহিল। নদীৰ কাষৰ এডােখৰ ডাঙৰ শিলৰ ওপৰত উঠি তাৰ পৰা জাপ মাৰিবলৈ লওঁতে দূৰত হৰিণী এজনী তাইৰ ফালে লৰি অহা তাই দেখিবলৈ পালে। তাই নদীত জাপ মাৰিবলৈ পাহৰি হৰিণীজনীৰ ফালে চাই ৰ’ল। হৰিণী তাইৰ কাৰত আহি থিয় হ’ল আৰু কিছুবেলি তাইৰ মুখৰ ফালে ৰ লাগি চাই ৰ’ল। তেনেদৰে কিছু বেলি তাইৰ মুখলৈ চাই থকাৰ পিছত হৰিণীজনীয়ে মাত লগালে- ‘তুমি চংপােন ৰিনপােচেৰ ছােৱালী নহয়নে? তাই হয় বুলি কোৱাত হৰিণীয়ে নিজৰ পৰিচয় দিলে। মাক আৰু জীয়েকে, উভয়ে উভয় পাই বৰ ৰং পালে। মাকে তাইক মাজে মাজে আহি দেখা দিবৰ বাবে প্রতিশ্রুতি দি গিৰিয়েকৰ ঘৰলৈ ওভতাই পঠাই দিলে। 

হৰিণীৰ জীয়েক

গিৰিয়েকৰ ঘৰত ঝিকদিমিৰ দিনবােৰ সুখেৰে পাৰ হৈ যাবলৈ ধৰিলে। কিছুদিন তেনেদৰে যােৱাৰ পিছত চংপােন টাছিৰ মনত কোনজনী পত্নী ৰন্ধা-বঢ়াত পাকৈত জানিবৰ মন গ’ল। তেওঁ পত্নীসকলৰ মাজত ৰন্ধন প্রতিযােগিতা এটা পাতিলে। ঝিকদিমিৰ বাহিৰে কেউজন পত্নী তাৰ বাবে সাজু হ’ল। চংপোন টাছিয়ে সকলাে পত্নীকে এটা এটা দিন ধার্য কৰি দিলে। ঝিকদিমিৰ দিন পৰিল শেষত। ছজনী পত্নীয়ে নিজৰ নিজৰ দিনা নানাধৰণৰ শাক-পাচলি, মাছ-মাংস আদি কাটি বাছি বিবিধ ধৰণৰ সুগন্ধি মা-মছলা আদি দি নানাধৰণৰ খাদ্য-সম্ভাৰ ৰান্ধি গিৰিয়েকক খুৱালে।

ঝিকদিমি আছিল সৰুকালৰ পৰা আলাসত ডাঙৰ-দীঘল হােৱা ছােৱালী। গতিকে ৰন্ধাবঢ়াৰ বিষয়ে তাই একো নাজানিছিল। সেইবাবে স্বাভাৱিকতে তাই ভয় খালে। একো উপায় নােপােৱাত তাই মাকক গৈ কথাটো জনােৱা উচিত হ’ব বুলি ভাবিলে। ভবামতে নদীৰ কাষত গৈ তাই মাকক লগ ধৰিলে আৰু সকলাে কথা ভাঙি-পাতি কৈ উপায় বিচাৰিলে। মাক হৰিণীয়ে জীয়েকক এটা কণীক সমানে দুভাগকৈ ভাঙি তাৰ খােলা দুটাৰ এটাত আধা খুদ চাউল আৰু আনটোত অকণমান শাক দি ক’লে—ইয়াত পানী দি জুইত বহাই দিবি। ইয়াৰ পৰাই পৃথিৱীৰ সকলােকে খুৱাব পৰা ভাত-আঞ্জা ওলাব।

তাই সেইকেইটা বস্তু অতি যতনেৰে হাতত লৈ আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। তাইৰ ৰান্ধি খুৱাৰ পাল পৰিলত তাই কণী খােলা দুটিত থকা খুদ চাউল আৰু শাক খিনিত অলপমান পানী দি জুইত বহাই দিলে। তাৰ পৰাই তাই সুস্বাদু ভাত-আঞ্জা উলিয়াই ঘৰৰ সকলােকে খুওৱাৰ উপৰি গাঁৱৰ সকলাে মানুহক খুৱালে। সকলােৱে তাইৰ ভাত-আজাৰ প্রশংসা কৰিলে। চংপোন টাছিয়ে তাইৰ ভাত-আঞ্জা খাই বৰ তৃপ্তি পালে আৰু তাইকে ৰন্ধন প্রতিযােগিতাত প্ৰথম হােৱা বুলি ঘােষণা কৰিলে। 

চংপােন টাছিবাণিজ্যলৈ যাত্ৰা

হৰিণীৰ জীয়েক

আৰু এবাৰ চংপােন টাছিয়ে আটাইকেইজনী পত্নীক কাষলৈ মাতি আনি কলে—‘শুনা, আজিৰ পৰা সাত দিনৰ মূৰত মই বেহা-বেপাৰ কৰিবলৈ যাম। তােমালােকে এইকেইদিনৰ ভিতৰত মােক একোখন কার্পেট বৈ দিব লাগিব। যাৰ কাৰ্পেট আটাইতকৈ ধুনীয়া হ’ব, তাইৰ কার্পেট মই বাণিজ্যলৈ নিম।’ 

গিৰিয়েকৰ কথা শুনি ঝিকদিমিৰ বাহিৰে আটাইকেইজনী পত্নীয়ে কাৰ্পেট বােৱাত ব্যস্ত হৈ পৰিল। ঝিকদিমিয়ে উপায় নাপাই আকৌ নৈৰ পাৰলৈ গৈ মাকক লগ ধৰিলে। মাক হৰিণীয়ে সকলাে কথা কাণ পাতি শুনাৰ পিছত তাইক এটা চুঙাৰ ভিতৰত সাত ৰঙৰ চুটি চুটি টুকুৰা সূতা ভৰাই তাইক চুঙাটো দি ক’লে- ‘আজিৰ পৰা সাত দিনৰ মূৰত তােমাৰ গিৰিয়েৰা যেতিয়া বেহা কৰিবলৈ যাবলৈ ওলাব, তেতিয়া তুমি এই চুঙাটো খুলি চাবা। ইয়াতেই তুমি কার্পেট এখন পাবা আৰু তাকে নি তােমাৰ গিৰিয়েৰাক দিবা। তাই চুঙাটো লৈ আনি ঘৰৰ এচুকত লুকাই থৈ দিলে।

অৱশেষত সেইদিন আহিল। চংপোন টাছিয়ে পত্নীসকলক নিজৰ নিজৰ কার্পেট আনিবলৈ ক’লে। আটাইকেইজনী পত্নীয়ে নিজৰ নিজৰ কার্পেট আনি গিৰিয়েকৰ হাতত দিলে। ঝিকদিমিয়ে তাইৰ চুঙাটো লুকাই থােৱা ঠাইৰ পৰা উলিয়াই আনি খুলি চাই দেখিলে এখন ধুনীয়া কার্পেট তাৰ মাজত মেৰ খাই পৰি আছে। তাই সেই কাৰ্পেটখন আনি গিৰিয়েকৰ হাতত দিলে। কার্পেটখন মেলি চাই তাৰ সৌন্দর্য দেখি সকলােৰে চকু থৰ হৈ গ’ল। চংপোন টাছিয়ে কার্পেটখনৰ ভূৰি ভূৰি প্রশংসা কৰিলে। তেওঁ বাকী কার্পেটবােৰ এৰি তাইৰ কাৰ্পেটখন লৈ বেহা কৰিবৰ বাবে ঘৰৰ পৰা বিদায় লৈ ওলাই গ’ল। 

ঝিকদিমিক সতিনীঅত্যাচাৰ

সতিনীহঁতে আগৰে পৰা ঝিকদিমিক চকু-পাৰি দেখিব নােৱাৰিছিল। এনেই আগৰে পৰা তাইৰ ৰূপ-গুণ দেখি তেওঁলােকে ঈর্ষাতে জ্বলি-পুৰি মৰিছিল। তাতে ৰন্ধা-বঢ়া আৰু কার্পেট বােৱাত তাই প্রথম হােৱাত যেন জ্বলা জুইত ঘিউহে ঢালিলে। তেওঁলােকে গিৰিয়েক বাহিৰলৈ যােৱাৰ বাবে বাট চাই আছিল। গিৰিয়েকে যি মুহুর্তত পদুলিমুখ পাৰ হ’ল, সেই মুহুৰ্তৰ পৰাই ছয়ােজনী সতিনীয়ে লগ লাগি তাইৰ ওপৰত অকথ্য অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে।

তাইক ইতৰ জন্তুৰ জীয়েক বুলি গালি পৰিবলৈ আৰম্ভ কৰিলে। সকলােৱে মিলি তাইক ঘৰৰ জাৱৰ-জোখৰ পেলােৱা ঠাইত থাকিবলৈ দিলে। তাইক বাৰ বছৰৰ পচা ভাত আৰু পচা লাউপানী খাবলৈ দিলে। হাতুৰীৰে কোবাই তাইৰ আগদাঁত এটা ভাঙি দিলে। গিৰিয়েকে এৰি যাবৰ সময়ত তাই আছিল গৰ্ভৱতী। গিৰিয়েক নথকা অৱস্থাতে তাইৰ পুত্র সন্তান এটাও হ’ল। সতিনীয়েকহঁতে তাইৰ পৰা কেঁচুৱাটো কাঢ়ি নি মাৰি পেলালে। দুখ আৰু বেজাৰত তাই শুকাই-ক্ষিণাই গৈ দেখিবলৈ অতি কুৰূপা আৰু জকা এটাৰ নিচিনা হৈ পৰিল। 

বহুদিনৰ মূৰত চংপােন টাছি বেপাৰৰপৰা উভতি আহিল। গিৰিয়েক উভতি আহিলত বাকী পত্নীসকলে ঝিকদিমিৰ বিৰুদ্ধে নানাধৰণৰ কথা গিৰিয়েকৰ আগত ৰহণ সানি বর্ণনা কৰিলে। তাইৰ পুত্র সন্তান হােৱাৰ কথাও গিৰিয়েকক জনালে আৰু লগতে ক’লে— ‘ল’ৰাটো দেখিবলৈ বৰ ধুনীয়া আছিল, কিন্তু তাই আমাক লৰাটো চুবলৈকে নিদিলে। তাক লৈ এদিন তাই নদীৰ পাৰলৈ গ’ল আৰু তাতে শিলত ঠেকেচা মাৰি কেঁচুৱাটো মাৰি পেলালে। অকল ইমানেই নহয়, তাই যেতিয়াই তেতিয়াই আমাক দাঁতেৰে কামুৰিবলৈ খেদি আহে, আমাক নােৱাৰিলে তাই শিল, লো, কাঠ আদি য’তে সি বস্তু পায় তাকে কামুৰি ফুৰে। তেনেকৈ কামুৰি ফুৰাৰ বাবে তাইৰ আগদাঁত এটা বহি গ’ল। নেদেখিছা তাইৰ ৰূপ, ঠিক এজনী ৰাক্ষসীহে যেন! এনে যখিনীক ৰাখি থ’লে এদিন আপােনাৰ গােটেই ঘৰ-সংসাৰ ধ্বংস হ’ব। 

পত্নীসকলৰ কথা শুনি চংপােন টাছি পতিয়ন গ’ল। বিশেষকৈ পুত্র সন্তান মাৰি পেলােৱা শুনি তেওঁৰ কনিষ্ঠা পত্নী ঝিকদিমিৰ ওপৰত বৰ খং উঠিল। তেওঁ ঝিকদিমিক তেতিয়াই ধৰি বৰ নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিলে আৰু অৱশেষত ডিঙিত ধৰি গটা মাৰি ঘৰৰ পৰা উলিয়াই দিলে। দুখ আৰু বেজাৰত ঝিকদিমি ঘৰৰ পৰা পােনে পােনে মাক থকা হাবিৰ ফালে খােজ ল’লে। 

ঝিকদিমিয়ে হাবিলৈ গৈ চিঞৰি চিঞৰি মাকক মাতিলে। কিন্তু মাক হলে ওলাই নাহিল। এইবাৰ তাই সঁচাকৈয়ে নিৰাশ হ’ল। দিনতেই তাই চাৰিওফালে এন্ধাৰ দেখিলে। এজোপা ডাঙৰ গছৰ তলত বহি তাই কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি হাবিৰ পৰা বাঘ, ভালুক, হাতী, মেথােন, মহ, উট, ঘোঁৰা, গৰু, হৰিণা, গাধ, ঘৰিয়াল, শহা, বান্দৰ, ধনেশ, মৰা, কুলি, কেতেকী, টুনী আদি নানাধৰণৰ জীৱ-জন্তু আৰু চৰাই-চিৰকতি আহি তাইৰ চাৰিওফালে গােট খালে। তাই জীৱ-জন্তুবােৰৰ ওপৰত এবাৰ চকু ফুৰাই চাই মাকক নেদেখি পুনৰ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি ভালুকে দয়া আৰু মৰমেৰে সুধিলে- “আই, তুমি কেলেই কান্দিছা ? 

‘মােৰ আইক বিচাৰি আহিছিলাে, কিন্তু আয়ে আহি আজি মােক দেখা দিয়া নাই।’—তাই উত্তৰ দিলে। 

এটা হৰিণাই আগবাঢ়ি আহি দুখেৰে ক’লে- ‘তােমাৰ আই আজি কিছুদিন আগতে ঢুকাল।’

মাকৰ মৃত্যুৰ বাতৰি শুনি তাই আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। তেতিয়া হাতী এটাই কাষলৈ আহি শুঁৰডাল তাইৰ মূৰত আলফুলে বুলাই দি ক’লে— ‘নাকান্দিবা আই, যােৱা, তুমি ঘৰলৈ উভতি যােৱা। 

তাই তেতিয়া তাইৰ সকলাে দুখৰ কাহিনী ভাঙি-পাতি জীৱ-জন্তুবােৰক শুনালে। তাইৰ কাহিনী শুনি জীৱ-জন্তুবোৰেও কান্দিবলৈ ধৰিলে। বাঘে চকুপানী মচি মচি কলে— তুমি তেতিয়াহ’লে উভতি যাব নালাগে আই! তুমি আমাৰ লগতে থাকিবা। আমি জীৱ-জন্তু, চৰাই-চিৰকতি আদি সকলােৱে মিলি তােমাক থাকিবলৈ ঘৰ সাজি দিম, খাবলৈ ফল-মূল আনি দিম। আজিৰ পৰা তুমি আমাৰ সকলােৰে বাইদেউ হ’বা। 

হৰিণীৰ জীয়েক

বাঘৰ কথাত সকলােৱে হয়ভৰ দিলে। ঝিকদিমিয়ে অলপ সান্তনা পাই তাতেই মান্তি হ’ল। তাই মান্তি হােৱা দেখি জীৱ-জন্তু, চৰাই-চিৰিকতিবােৰ আনন্দত উত্ৰাৱল হৈ পৰিল। ভালুক, বান্দৰ, মেথােন, ঘোঁৰা, হাতী, বাঘ আদিয়ে আনন্দত নাচিবলৈ ধৰিলে, কুলিয়ে সুললিত সুৰত গীত জুৰিলে, মৰা চৰাইবােৰে পেখম ধৰি নাচিবলৈ ধৰিলে। ঝিকদিমিয়ে মনৰ দুখ-বেজাৰ পাহৰি গ’ল আৰু হাঁহিবলৈ ধৰিলে। এতিয়া তাই এটা নতুন জীৱন লাভ কৰা যেন অনুভৱ কৰিলে। 

তাৰ পিছদিনাৰ পৰাই জীৱ-জন্তু, চৰাই-চিৰিকতি সকলােৱে ঝিকদিমিৰ বাবে ঘৰ সজা কামত লাগি গ’ল। সিহঁতে ঝিকদিমিৰ দেউতাক চংপােন ৰিনপোচেৰ হাড় আৰু মাক ঝিক উমুৰ হাড় গােটাই আনি তাৰে ডাঙৰ, শুধ বগা মন্দিৰ এটা সাজি উলিয়ালে। 

ঝিকদিমিয়ে পঢ়িবৰ বাবে ডাঙৰ ডাঙৰ ধৰ্মপুথি গােটাই আনি দিলে। পিন্ধিবলৈ গেৰুৱা বসন আনি দিলে। সেই তেতিয়াৰ পৰা হাবিখনত এক শান্তিয়ে বিৰাজ কৰিলে। বাঘে-ছাগে একে ঘাটতে পানী খােৱা হ’ল, মেকুৰীয়ে-নিগনিয়ে একেলগে শােৱা হ’ল। পুৱা-গধূলি সেই হাবিখনত সমস্বৰত গােৱা প্রার্থনা সংগীত আৰু জালিং (এবিধ বাদ্যযন্ত্ৰ), ঢােল, ডম্বৰু, কাঁহ, ঘন্টা আদিৰ শব্দ শুনা হ’ল। 

এদিন গাঁৱৰ কেইজনমান চিকাৰীয়ে চিকাৰ কৰিবলৈ গৈ গধুলি গাঁৱলৈ উভতি আহি এটা আচৰিত বাতৰি দিলে। তেওঁলােকে কেনেকৈ হৰিণা এটা খেদি নিলে আৰু হৰিণাৰ পিছে পিছে লৰি গৈ হৰিণাৰ লগত এটা মন্দিৰত প্ৰৱেশ কৰিলে, তাত থকা সাম্য, সৌম্য মূৰ্তিৰ আনেমু (বৌদ্ধ সন্যাসিনী) এজনীয়ে কেনেকৈ সিহঁতক জীৱ-জন্তু বধ নকৰিবলৈ উপদেশ দিলে আদি নানান কথা গাঁওবাসীক বিৱৰি ক’লে। এই কথা শুনি দলে দলে গাঁওবাসী মন্দিৰ দৰ্শন কৰিবলৈ আৰু আনেমুৰ ৱাং (আশীৰ্বাদ) ল’বলৈ হাবিলৈ যাবলৈ আৰম্ভ কৰিলে।

অলপ দিনৰ ভিতৰতে আনেমুৰ খ্যাতি আৰু যশ কীর্তি চাৰিওফালে বিয়পি পৰিল। চংপােন টাছিয়েও কথাটো শুনিলে। তেৱে মন্দিৰ দৰ্শন কৰাৰ লগতে আনেমুৰ ৱাং লােৱাৰ কথা ভাবিলে। তেওঁ এদিন শুভদিন চাই ছয়ােজনী পত্নীক লগত লৈ মন্দিৰ দর্শন কৰিবলৈ গ’ল। চংপোন টাছিয়ে মন্দিৰলৈ গৈ আগতে পত্নীসকলক ৱাং ল’বলৈ দিলে। অৱশেষত নিজে ৱাং ল’বৰ বাবে আনেমুৰ আগত মূৰ দোঁৱালে। কিন্তু আনেমুৱে চংপোন টাছিক ৱাং দিবলৈ অমাত্তি হ’ল। চংপােন টাছিয়ে তাৰ কাৰণ সােধাত তেওঁ লাজতে এবাৰ মিচিকিয়াই হাঁহি দিলে। চংপােন টাছিয়ে দেখিলে, আনেমুৰ আগদাঁত নাই। তেওঁৰ মনত প্রবল কৌতুহল উপজিল। তেওঁ তেওঁৰ পৰিচয় জানিবলৈ বিচাৰিলে, কিন্তু তেওঁ নিজৰ পৰিচয় দিবলৈ মান্তি নহ’ল। এটা গধুৰ মন লৈ চংপােন টাছি নিজৰ ঘৰলৈ উভতি আহিল।

ঘৰলৈ উভতি আহি চংপােন টাছিয়ে মনে মনে আনেমুৰ পৰিচয়ৰ অনুসন্ধান চলালে। এটা এটাকৈ তেওঁ তেতিয়া তেওঁৰ সৰু পত্নী ঝিকদিমিৰ প্ৰতি কৰা বাকী পত্নীসকলৰ অত্যাচাৰৰ কথা জানিব পাৰিলে। আনেমুয়েই যে তেওঁৰ কনিষ্ঠা পত্নী ঝিকদিমি সেই কথা বুজিবলৈ বাকী নাথাকিল। তেওঁ ঝিকদিমিৰ প্রতি কৰা তেওঁৰ নিষ্ঠুৰ ব্যৱহাৰৰ কথা ভাবি অনুতপ্ত হ’ল। পত্নীসকলক তেওঁ তাৰ বাবে মাৰধৰ কৰিলে। তাৰ পিছত গৈ আনেমুক পুনৰ তেওঁৰ লগত গৈ ঘৰ সংসাৰ কৰিবলৈ অনুৰােধ জনালে। আনেমু এই প্রস্তাৱত মান্তি নহ’ল।

চংপােন টাছি আৰু ঝিকদিমিৰ পুনৰ মিলন

কিন্তু জীৱ-জন্তুবােৰে আনেমুক সংসাৰলৈ উভতি গৈ জীৱনৰ বাকী দিনকেইটা আনন্দেৰে কটাবলৈ অনুৰােধ জনালে। তেওঁ জীৱ-জন্তুবােৰৰ অনুৰােধ উপেক্ষা কৰিব নােৱাৰিলে আৰু সিহঁতৰ অবিহনে থাকিব নােৱাৰিম বুলি কোৱাত কিছুমান জন্তু আৰু চৰাই তেওঁৰ লগত আহিবলৈ ওলাল। চংপােন টাছি আৰু ঝিকদিমিৰ পুনৰ মিলন হ’ল। হেৰােৱা পত্নীক পুনৰ পাই চংপােন টাছি মন আনন্দেৰে ভৰি পৰিল। তেও বাকীকেইজনী পত্নীক ঝিকদিমিৰ বান্দী কৰি দি কেৱল ঝিকদিমিক পত্নী হিচাপে গ্ৰহণ কৰিলে। যিকেইটা জন্তু ঝিকদিমিৰ লগত আহিছিল, সেইবােৰ ঘৰচীয়া হৈ মানুহৰ মাজত থাকিল। তেতিয়াৰ পৰাই জন্তু ঘৰচীয়া হ’ল বুলি চেৰদুকপেন জনজাতিৰ মানুহে বিশ্বাস কৰে। 

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top