জান আৰু মালােং-কামেং সীমান্তৰ সাধু

জান

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা “জান আৰু মালােং” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

সৃষ্টিৰ আদিকালত পৃথিৱীত কোনাে মানুহ নাছিল। তাকে দেখি ভগৱানে পৃথিৱীত আপুফুলৱা নামৰ এজন মানুহ আৰু মুইনিনি নামৰ তিৰােতা এজনী সৃষ্টি কৰি পঠাই দিলে। বহুদিন আপুফুলৱা আৰু মুইনিনিৰ মাজত দেখা-দেখি নােহােৱাকৈ থাকিল। তাকে দেখি ভগৱানে দুয়ােকে একেখন ঠাইত আনি এৰি দিলে। এদিন সেই ঠাইত দুয়ােৰে মাজত দেখা-দেখি হ’ল।

প্রথম দেখা-দেখিতে দুয়াে দুয়ােকে ভাল পালে। তাৰ পিছত পতি-পত্নী হিচাপে একেলগে থাকিবলৈ ল’লে। সময়ত সিহঁতৰ পাঁচোটা ল’ৰা আৰু এজনী ছােৱালীৰ জন্ম হ’ল। সিহঁতৰ নাম হ’ল ক্রমান্বয়ে আচংগা, আৰংগামা, জান, মালােং, ৰেই আৰু বেই। তাৰ ভিতৰত আৰংগামা আছিল ছােৱালী। ডাঙৰ হ’লত আচংগাই আৰংগামাক বিয়া কৰালে আৰু মাক-দেউতাকৰ পৰা বেলেগ হৈ থাকিল। জান, মালােং, ৰেই আৰু বেই নতুন ঠাই আৰু ছােৱালী বিচাৰি ঘৰৰ পৰা ওলাল। বাটত জান আৰু মালােঙে বেলেগ এটা বাট ললে, ৰেই অৰু বেই অন্য এটা বাট লৈ বেলেগ হৈ গ’ল।

জান আৰু মালােঙৰ নাতুন ঠাইৰ সন্ধান

জান

কিছুদিন পিছত জান আৰু মালােঙে এখন ঠাই পালেগৈ। সেই ঠাইখনত এজোপা ডাঙৰ গছ আছিল। গছজোপা ইমান ডাঙৰ আছিল যে ই দুই পর্বতৰ মাজৰ গােটেই ঠাইখিনি জুৰি গােটেই বাট ভেটি থৈছিল। সেই গছজোপা কাটি বগৰাই বাট উলিয়াবৰ বাবে তাত আগৰে পৰা বিভিন্ন জাতিৰ মানুহ গােট খাই আছিল। সিহঁতে গছজোপা আধা কাটি থৈ ভাত-পানী ৰান্ধি খাই আছিল। তাকে দেখি জানে মালােঙক ক’লে—বল, সিহঁতে ভাত-পানী ৰান্ধি খাই থাকোতে আমি গছজোপা কাটি বগৰাই দি আগবাঢ়ি যাও, যাতে আমি সকলােৰে আগত ভাল ঠাই ল’বগৈ পাৰে।

সিহঁতে গছজোপা কাটি বগৰাই দি বাট উলিয়ালে আৰু খৰখেদাকৈ আগবাঢ়ি গ’ল। বাটতে সিহঁতে বহুতো ধুনীয়া ধুনীয়া ঠাই পালে; কিন্তু সিহতৰ এখনাে ঠাইতে মন নবহিল। অৱশেষত সিহঁতে কোলাই ৱাটোং নামৰ ঠাইত উপস্থিত হ’ল। সেই ঠাইত সিহঁতৰ ভাল লগা বাবে সিহঁতে তাতে থাকিবলৈ ল’লে। অলপ পিছত ল’ৰা-তিৰােতাৰে সৈতে কিছুমান বুগুন মানুহাে আহিল। জান আৰু মালােঙে নিজৰ জাতিৰ মানুহ পাই সিহঁতকো লগত থাকিবলৈ দিলে। তাৰে আৰু কিছুদিন পিছত আঁকা আৰু ধামাইসকলাে ল’ৰা তিৰােতাসহ আহিল আৰু সিহঁতৰ কাষত থাকিবলৈ ল’লে।

কোলাই ৱাটোং দেৱতাৰ উদ্দেশি বুগুনসকলে মেথােন এটা কাটি পূজা দিলে। আঁকা আৰু ধামাইসকলে পূজা দিলে বলদ এটা কাটি। সেই উদ্দেশি এটা ডাঙৰ ভােজ হ’ল। ভােজৰ শেষত বুগুন ল’ৰা-ছােৱালীবিলাকে মেথােনৰ বোলা (জন্তুৰ ঠেং) লৈ খেলিবলৈ ধৰিলে। ধামাই আৰু আঁকা ল’ৰা-ছােৱালীয়ে বলদৰ বোলা লৈ খেলিলে। বুগুন ল’ৰা-ছােৱালীৰ বোলা দেখি আঁকা আৰু ধামাই ল’ৰা ছােৱালীবােৰে কান্দিবলৈ ধৰিলে। তাকে দেখি জানে কিয় কান্দিছে বুলি সুধিলে। আঁকা আৰু ধামাই মানুহ দুটাই একেলগে উত্তৰ দিলে- “আমাৰ ল’ৰা ছােৱালীবােৰে মেথােনৰ বোঁলা লৈ খেলিব খুজিছে। জানে ক’লে- ‘অ’ সেইটোহে কথা!’ সেই বুলি সি দুটা মেথােনৰ বোঁলা লৈ তাৰে এটা ধামাই ল’ৰা-ছােৱালীক দিলে আৰু আনটো আঁকা ল’ৰা-ছােৱালীক দিলে। বাকী দুটা নিজে ৰাখিলে।

জান

জানৰ উদাৰতাত আঁকা আৰু ধামাইসকল আনন্দিত হল। কিছুদিন তাত থকাৰ পিছত আঁকা আৰু ধামাইসকল, বােপ-ৱাটোং নামৰ ঠাইলৈ উঠি গ’ল আৰু তাত বাহৰ পাতি কিছুদিন থাকিল। এদিন আঁকা আৰু ধামাইসকলে হাবিলৈ গৈ এটা গাহৰি মাৰি আনিলে। সেইদিনা বুগুন আৰু বাংনিসকলেও আহি সেই ঠাই পালত আঁকা আৰু ধামাইসকলে সিহঁতকো লগত থাকিবলৈ দিলে। সিহঁতে বাংনিসকলক গাহৰি মঙহৰ ভাগ এটা দিলে। কিন্তু জান আৰু মালােঙক বোঁলা দুটা দি ক’লে- ‘যিহেতু তহঁতে আগতে আমাক কেৱল মেথােনৰ ঠেং দুটা দিছিলি, গতিকে আমিও তহঁতক ঠেং দুটা দিছে। ঠেং দুটা পােৱা কাৰণেই জাতত তহঁত আমাতকৈ সৰু হলি আৰু আমি এই ঠাইৰ ৰজা হলাে। এতিয়া তহঁত আমাৰ প্ৰজা হৈ থাকিব লাগিব আৰু আমাক কৰ দিব লাগিব।’

তাৰ পিছদিনা বুগুন আৰু বাংনিসকল শুই উঠাৰ আগেয়ে আঁকা আৰু ধামাইসকল শােবাৰ পৰা উঠি ভাল ঠই বিচাৰি যাত্ৰা কৰিলে। য’তেই সিহঁতে ভাল ঠাই পালে, ত’তেই হেঁদা (স্বত্ব পতাকা) মাৰি দিলে, যাতে অন্য কোনেও তাত বাস কৰিব নােৱাৰে। জান আৰু মালােঙে য’লৈকে নাযাওক সকলােতে সেইবােৰ দেখি হতাশ হ’ল। শেষত জান আৰু মালোং চাচিদা নামৰ এখন গাঁৱত ওলালগৈ। দূৰৈৰ পৰা গাঁৱৰ মানুহবিলাকক দেখি সিহঁতে ভয় খালে। সেইবাবে সিহঁতে লগত নিয়া মেথােনটো কাটি খাই গাত বল গােটাই ল’লে আৰু নির্ভয় মনেৰে গাঁৱত সােমালগৈ। কিন্তু গাঁওখনৰ বাসিন্দা আছিল সিহঁতৰে বুগুন জাতি। সিহঁতে বৰ ভাল পাই চাচিদা গাঁৱত থাকিবলৈ ল’লে।

সেই চাচিদা গাঁৱৰ কাষতে নামপ্রি নামৰ আন এখন বুগুন গাঁও আছিল। তাত খােৰো নামৰ এজনী আলৰ বুঢ়ী আছিল। বুঢ়ীৰ আবু লিং নামৰ এজনী ধুনীয়া নাতিনীয়েকৰ বাহিৰে আন কোনাে নাছিল। সেই গাঁৱৰে লাে চুজো নামৰ এজন ডেকাই তাইক বিয়া কৰাব খুজিলত বুঢ়ীয়ে সন্মতি দি থৈছিল। সেই ছােৱালীজনীৰ ৰূপ-গুণৰ কথা জান আৰু মালােঙৰ কাণত পৰিল। সিহঁতে খােৰ বুঢ়ীৰ ওচৰলৈ গ’ল আৰু আৰু লিঙক খুজিলে। জানক দেখি বুঢ়ীৰ বৰ পছন্দ হ’ল আৰু তেতিয়াই জানৰ লগত নাতিনীয়েকক বিয়া দিম বুলি সন্মতি দি সিহঁতক ভাত-পানী খুৱাই ওভতাই পঠালে। বুঢ়ীৰ কথাত সিহঁত বৰ আনন্দিত হৈ চাচিদা গাঁৱত থকা সিহঁতৰ ঘৰলৈ উভতি আহিল।

লাে চুজোৱে কথাটো জানিবলৈ পালে। তাৰ বৰ খং উঠিল। সি যেনে তেনে আবু লিঙক বিয়া কৰাবলৈ মনতে পাঙিলে। তাৰ পিছদিনা সি হাবিলৈ গৈ এটা হৰিণা মাৰি আনিলে। সি হৰিণাৰ ছালখন চেলাই ৰ’দত দি ভালদৰে শুকুৱালে। হৰিণাৰ ছালখন শুকালত সি তাক চাৰিকোণীয়াকৈ কাটি ল’লে আৰু তাকে লৈ খােৰ বুঢ়ীৰ তালৈ গ’ল। বুঢ়ীৰ চাং ঘৰৰ বাৰাণ্ডাৰ মজিয়াত ছালখন পাৰি তাৰ ওপৰত বহি সি গাবলৈ ধৰিলে।

‘মই এটা ডাঙৰ শিল
মই এটা ডাঙৰ বৃক্ষ
মােতকৈ ডাঙৰ কোনাে নাই
কোনেও নােৱাৰে মােক কৰিব জয়।

ইতিমধ্যে বেলি ডুব গৈ ৰাতি হ’ল। জান আৰু মালোঙে সেই সময়ত বুঢ়ীক লগ পাবলৈ আহি লাে চুজোক গীত গাই থকা দেখিবলৈ পালে। সিহঁতে চাং ঘৰৰ তলত সােমাল। খােৰৰ বুঢ়ী কিছুপৰৰ মূৰত বাহিৰলৈ ওলাই আহিল। তাই লাে চুজোৰ গীতৰ প্রশংসা কৰিলে। তাৰ পিছত তাক ভিতৰলৈ মাতি লৈ গ’ল। লাে চুজো ভিতৰলৈ যােৱাত চল পাই চাং ঘৰৰ তলৰ পৰা জান আৰু মালােঙে কুঠাৰেৰে হৰিণাৰ ছালখন কাটিবলৈ আৰম্ভ কৰিলে। অতি সহজে ছালখন বিন্ধি গ’ল। তাকে দেখি দুয়াে ককাই-ভায়ে ফিচিঙা-ফিচিঙি কৰি হাঁহি কথা পাতিব ধৰিলে। এইখন দেখােন কাঠো নহয় শিলাে নহয়, মাথােন সাধাৰণ এখন ছালহে। সি তাকে লৈ নিজকে বৰ ডাঙৰ বৰ বুলি ভাবিছে। তাৰ বীৰত্ব কিমান চোৱা যাওকচোন বাৰু!’

লাে চুজোক হত্যা

ভিতৰত বহি থকা লাে চুজোই বাহিৰত অস্পষ্ট শব্দ শুনিবলৈ পাই কুকুৰে তাৰ ছালখন কুটিছে বুলি ওলাই আহিল। এন্ধাৰত সি একো দেখা নাপাই কুকুৰক উদ্দেশ্য কৰি ছাঃ ছাঃ বুলি মাতিলে। মাত শুনি বাৰাণ্ডাত বহি থকা খােৰা বুঢ়ীৰ কুকুৰ আঁতৰি গ’ল। সি ঘৰৰ ভিতৰলৈ পুনৰ সােমাই গ’ল আৰু বুঢ়ীয়ে দিয়া পােৰা আলু আৰু লাউপানী খালে। সিফালে সেই সুবিধাতে জান আৰু মালােঙে তাৰ ছালখনত ডাঙৰ বিন্ধা এটা কৰি পেলালে। তাৰ লাউপানী খােৱা হ’লত লাে চুজো বাহিৰলৈ ওলাই আহিল। এন্ধাৰত সি তাৰ ছালখনৰ বিন্ধা দেখা নাপালে। গতিকে তাৰ ওপৰত বহি সি পুনৰ তাৰ গীত গাবলৈ আৰম্ভ কৰিলে। সুবিধা বুজি জান আৰু মালােঙে পিছফালৰ পৰা কুঠাৰেৰে ঘপিয়াই তাক মাৰিলে। লাে চুজো মৰিলত সিহঁতে আনন্দতে চিঞৰি চিঞৰি ক’লে—

তই আছিলি এটা ডাঙৰ শিল
তই আছিলি এডাল ডাঙৰ বৃক্ষ
কোনেও নােৱাৰিছিল তােক কৰিব জয়
কিন্তু তই নিধন হলি আমাৰ হাতত।

জান আৰু মালােঙৰ পলায়ন

গীতটো গােৱা হ’লত সিহঁতৰ জ্ঞান হ’ল। নিজৰ অপৰাধৰ বাবে সিহঁতে ভয় খালে আৰু ৰাতিয়েই সিহঁতে প্রাণ লৈ তাৰ পৰা পলাই গ’ল। গাঁওবাসীয়ে পিছদিনা পুৱা লাে চুজোক মৃত অৱস্থাত পালে। তাৰ বাবে গাঁওবাসীয়ে জান আৰু মালােঙৰ বিৰুদ্ধে ধামাইসকলৰ ওচৰত গােচৰ তৰিলে। ধামাইসকলে আগৰে পৰা জান আৰু মালােঙক মাৰিবৰ কাৰণে ছেগ বিচাৰি আছিল। গতিকে সিহঁতে দা, ধেনুকড়ি আদি লৈ জান আৰু মালােঙক বিচাৰি ওলাল। ইতিমধ্যে জান আৰু মালােঙে দোখাে নদী পাৰ হৈ গৈছিল। তাৰ পৰা কিছু দূৰ আগবাঢ়ি গৈ সিহঁতে পাহাৰৰ গাত আউজি থকা এটা ডাঙৰ শিল পালে। সিহঁতে দুডােখৰ কাঠ কাটি আনি সিহঁতৰ জোখাৰে টুকুৰা কৰি বাটত শুৱাই দি তাৰ ওপৰত কাপােৰ জাপি দিলে যাতে বাহিৰৰ পৰা দুজন মানুহ শুই থকাৰ দৰে দেখি।

তাৰ পিছত নিজে সেই শিলডোখৰৰ ওপৰত উঠিল আৰু তাৰ চাৰিওফালে ডাঙৰ ডাঙৰ শিলেৰে আঁৰ দি লুকাই থাকিল। জান আৰু মালােঙক খেদি অহা ধামাইসকলে সেই ঠাইখন পাই কাঠ দুটুকুৰা দেখা পালে। সিহঁতে তাতে জান আৰু মালােং শুই থকা বুলি ভাবি দা উলিয়াই কাটিবলৈ ধৰিলে। তেনেতে জান আৰু মালােঙে ওপৰৰ পৰা শিলবােৰ বগৰাই দিলে। বহু মানুহশিলৰ খুন্দা খাই মৰিল আৰু বাকীবােৰ ভয়তে পলাই গ’ল। তাৰ পিছত জান আৰু মালোং মানুহৰ ভয়ত গাঁৱলৈ উভতি নগ’ল। বনতেই সিহঁতে অনাই বনাই ফুৰিবলৈ ধৰিলে আৰু ক্ৰমান্বয়ে সিহঁত হিংস্ৰ হৈ পৰিল।

সেই সময়ত নিচু আৰু নিমু‌ নামৰ দুই আঁকা ভাই ককায়ে জামিৰি নামৰ এখন ঠাইত বাস কৰিছিল। এদিন নিচু আৰু নিমুৱে এক বাংচুং (বাঁহেৰে নিৰ্মিত পাত্ৰ) ভাত আৰু এচুঙা লাউপানী লৈ হাবিত চিকাৰ কৰিবলৈ গ’ল। সিহঁতে এটা গছৰ খােৰােঙত বস্তু লুকাই থৈ চিকাৰ কৰিবলৈ হাবিত সােমাল। জান আৰু মালােঙে দুৰৰ পৰা সেইবােৰ লক্ষ্য কৰি আছিল। গতিকে নিচু আৰু নিমু আঁতৰি যােৱাৰ লগে লগে সিহঁত ওলাই আহিল আৰু ভাত-পানীবােৰ খাই গুচি গ’ল। বহুদিনৰ মূৰত এনেকৈ ভাত-পানী খাবলৈ পাই সিহঁতে বৰ সােৱাদ পালে। গধূলি সময়ত ভোক আৰু ভাগৰত ক্লান্ত হৈ নিচ আৰু নিমু উভতি আহিল। সিহঁতে ভাতৰ বাংচুং আৰু লাউপানীৰ চুঙা খালি হৈ পৰি থকা দেখিবলৈ পালে। ভাত-পানী এনেদৰে খাই যােৱাত সিহঁতৰ বৰ খং উঠিল।

তাৰ পিছদিনাৰ পৰা একেটা ঘটনা সদায় হ’বলৈ ধৰিলে। নিচু আৰু নিমুৱে চিকাৰলৈ যাওঁতে ভাত-পানী সদায় সেই গছৰ খােৰাঙত লুকাই থৈ গুচি যায়। প্রত্যেক দিনে কোনেনো আহি সিহঁতৰ ভাত-পানীবােৰ খাই থৈ যায়। জানিবৰ বাবে নিচু আৰু নিমুৰ কৌতুহল উপজিল। সিহঁতে চোৰ ধৰিবৰ কাৰণে ঠিক কৰিলে। সেই উদ্দেশে চাৰিটা ডাঙৰ চিকাৰী কুকুৰ আনি সেই গছৰ পৰা অলপ দূৰত থকা জোপােহা বনৰ আঁৰত লুকাই থ’লে।

জান

তাৰ পিছতে সিহঁতে গছৰ খােৰােঙত সিহঁতৰ ভাত থৈ লুকাই থাকিল। জান আৰু মালােং সেইদিনাও অন্য দিনৰ দৰে নিৰ্ভয় মনৰে আহি ভাত-পানী চুৰ কৰি খােৱাত লাগি গ’ল। ঠিক আধা খােৱা হ’লত নিচুৱে কুকুৰবােৰ এৰি দিলে। কুকুৰৰ মাত শুনি মালােঙে পলাই গ’ল। কিন্তু জানে লাউপানী অলপ বেছিকৈ খাইছিল; গতিকে সি পলাব নােৱাৰি ধৰা পৰিল। তাৰ পিছতো নিচু আৰু নিমুৱে মালােঙক চিঞৰি মাতিলে ‘হেৰৌ আহ, ঘূৰি আহ, আমি তােক একো নকৰাে। তই উভতি আহ।’

জান আৰু মালােঙৰ নতুন ঘৰ

মালােং সিহঁতৰ কাষলৈ উভতি আহিল। নিচু আৰু নিমুৱে সিহঁতক এনেদৰে বনৰীয়া হৈ থকাৰ কাৰণ সুধিলে। সিহঁতে কলে—আমি এটা মানুহ মাৰিছিলাে। সেই কাৰণে ধামাইসকলে আমাক মাৰিবলৈ খেদি আহিল। আমি আৰু মানুহৰ মাজলৈ যাব নােৱৰা হলাে। আমাৰ কোনাে ৰজা নাই, সেই কাৰণে আমাৰ এনে অৱস্থা। যদি আমি এজন ৰজা পাওঁ, তেন্তে আমিও ঘৰ সাজি ভালদৰে থাকিব খােজে।

তাকে শুনি নিচুৱে ক’লে— ‘আমিওতাে ৰজা। তহঁত আমাৰ ৰাজ্যত ঘৰ সাজি থাকিব পাৰ। কিন্তু তাৰ বিনিময়ত তহঁতে আমাক কৰ দিব লাগিব।

জান আৰু মালােং, নিচু আৰু নিমুৰে সৈতে মানুহৰ মাজলৈ উভতি আহিল। নিচু আৰু নিমুৱে সিহঁতক নিজৰ ইচ্ছামতে এখন ঠাই বাচি ল’বলৈ ক’লে। সেইমতে জান আৰু মালােঙে গাঁও পাতিবৰ বাবে ঠাই বিচাৰিবলৈ ধৰিলে। কিন্তু এখনাে ঠাই সিহঁতৰ ভাল নালাগিল। এনেদৰে এদিন ঠাই বিচাৰি ফুৰোঁতে কুজিং চৰাই এটা উৰি আহিল আৰু কৈ গ’ল ‘ক্যাং’ নামৰ ঠাইত গাঁও পাতিবলৈ।

কুজিং চৰাইৰ কথামতে জান আৰু মালােঙে ক্যাং নামৰ ঠাইত গাঁও পাতিলে। নিচু আৰু নিমুৱে সিহঁতক লিচিনী গাঁৱৰ পৰা ছােৱালী আনি বিয়া পাতি দিলে। সিহঁতেও নিচু আৰু নিমুক ৰজা জ্ঞান কৰি কৰ-কাটল দি সুখেৰে থাকিল।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top