ৰাইট ভ্রাতৃদ্বয়

চৰাইৰ দৰে আকাশত উৰাৰ আগ্রহ মানুহৰ অতি পুৰণি। তাহানি কালৰ হিন্দু আৰু গ্রীক উপকথাবিলাকত মানুহে আকাশত উৰাৰ কল্পনাৰ কথা পােৱা যায়। নাৰদৰ ঢেকীৰ কথা কোনে নাজানে? পিছৰ যুগৰ বহুতাে মানুহে আনকি পিঠিত কৃত্রিম পাখি লগাই উৰিবলৈ কৰা চেষ্টাৰো প্রমাণ আছে। এসময়ত মানুহে আকাশত উৰিবলৈ সক্ষম হ’ব বুলি ৰজাৰ বেকনে তেৰ শতিকাত ভৱিষ্যৎ বাণী কৰিছিল। মানুহে আকাশত উৰাৰ কথা বিজ্ঞানসন্মতভাৱে চিন্তা কৰা প্রথম লােকজন আছিল লিঅ’নার্দ’ দা ভিন্সি। বায়ুগতিবিজ্ঞানৰ (aeurodynamics) বিষয়ে তেওঁৰ জ্ঞান আছিল বুলি আমি তেওঁৰ জীৱনীত কৈ আহিছোঁ। তেওঁৰ পিছতাে আৰু ভালেমান লােকে আকাশত উৰাৰ চেষ্টা কৰিছিল। তেওঁলােকৰ ভিতৰত ফ্রান্সৰ মণ্টগলফিয়েৰ ভাতৃদ্বয়, জেকচ চাৰ্লছ, আঁৰি গিফার্ড আৰু বিশেষকৈ জার্মানীৰ কাউন্ট ফার্ডিনণ্ড ফন লেপেলিনৰ নাম উল্লেখযােগ্য। ডাঙৰ ডাঙৰ বেলুনত বায়ুতকৈ পাতল গেছ ভৰাই তেওঁলােকে আকাশত উৰাৰ চেষ্টা কৰিছিল। কিন্তু বায়ুতকৈ গধুৰ যন্ত্রচালিত আকাশী যানেৰে সৌ সিদিনালৈকে আকাশত সঁচাকৈয়ে উৰিব পৰা যাব বুলি সর্বসাধাৰণে ভাবিব পৰা নাছিল। মানুহৰ কল্পনা বাস্তৱত ৰূপায়িত হ’ল কুৰি শতিকাৰ প্ৰথম দশক, আৰু ইয়াক সম্ভৱ কৰি তুলিলে আমেৰিকাৰ দুজন ভ্রাতৃয়ে। তেওঁলােকৰ নাম হ’ল উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট।

উইলবাৰৰ জন্ম হয় ১৮৬৭ চনত আমেৰিকাৰ ইণ্ডিয়ানা প্ৰদেশৰ মিলভাইল নামে এখন চহৰত৷ তেওঁৰ জন্মৰ চাৰি বছৰৰ পিছত অহাইও প্ৰদেশৰ ডেইটন চহৰত অৰভিলে জন্ম লাভ কৰে। তেওঁলােকৰ দেউতাক মিল্টন ৰাইটে আমেৰিকাৰ পশ্চিম অঞ্চলত ধর্মযাজকৰ কাম কৰি ফুৰিছিল। সৰুৰে পৰাই উইলবাৰ আৰু অৰভিল দুয়ােৰে ৰাপ দেখা গৈছিল কাৰিকৰী বিজ্ঞানত। বিশেষকৈ অৰভিলে যন্ত্রপাতি আদি তৈয়াৰ কৰা কামত বেছ পাৰদর্শিতা দেখুৱাইছিল। সেই সময়ত ছপাকল আৰু চাইকেল আৱিষ্কৃত হৈছিল। তেওঁলােক দুয়াে ভাই এই দুয়ােটা আৱিষ্কাৰৰ প্ৰতি আকর্ষিত হ’ল। ১৮৮৮ চনত তেওঁলােক দুয়াে এটা ছপাকল তৈয়াৰ কৰি উলিয়ালে আৰু ‘ৱেষ্ট ছাইদ নিউজ’ (West Side News) নামৰ এখন বাতৰি কাকতো প্ৰকাশ কবিৰলৈ ল’লে। কিন্তু কাকতখন বেছিদিন নিটিকিল। গতিকে ছপা ব্যৱসায় এৰি তেওঁলােকে এইবাৰ এখন চাইকেলৰ দোকান খুলিলে। এই ব্যৱসায়ত তেওঁলােকে কিন্তু বেছি উন্নতি কৰিছিল। সাধাৰণ চাইকেল দোকানীৰ দৰে তেওঁলােকে চাইকেল অকল মেৰামতি কৰিয়েই ক্ষান্ত থকা নাছিল, তেওঁলােকে নিজে চাইকেল তৈয়াৰাে কৰিছিল।

১৮৯৬ চনত ৰাইট ভ্রাতৃদ্বয়ে প্রথমবাৰৰ বাবে আকাশত উৰাৰ কথা চিন্তা কৰে। সেইবছৰত আকাশত উৰিবলৈ কৰা চেষ্টাত অটো লিলিয়েন্থাল নামে এজন জার্মান ইঞ্জিনিয়াৰৰ মৃত্যু হৈছিল আৰু তেতিয়াই তেওঁলােকে প্রথমে উৰিব পৰা যন্ত্ৰৰ কথা শুনিবলৈ পায়। সেই সময়ৰ উৰণ যন্ত্রবিলাকত আজিকালিৰ দৰে কোনাে ইঞ্জিন নাছিল। ডাঙৰ ডাঙৰ পাখিৰে যন্ত্ৰবিলাক সাজি সেইবিলাক প্রথমে পাহাৰৰ টিলালৈ বা আন কোনাে ওখ ঠাইলৈ লৈ যােৱা হৈছিল। তাৰ পৰা সেইবিলাক এৰি দিলে সেইবিলাক অতি লাহে লাহে গৈ মাটিত পৰিছিলগৈ। এনে ধৰণৰ যন্ত্ৰবিলাকক কোৱা হৈছিল ‘গ্লাইডিং মেচিন’ (gliding machine)। সেই সময়ত লিলিয়েন্থালৰ বাহিৰেও পিলচাৰ, এভাৰ, লাংলে, মেক্সিম আদি বহুত লােকেই উন্নত ধৰণৰ গ্লাইডিং মেচিন তৈয়াৰ কৰাৰ চেষ্টাত আছিল। উৰিবলৈ কৰা যন্ত্ৰত লিলিয়েন্থালৰ দৰে পিলচাৰৰাে মৃত্যু হৈছিল আৰু মেক্সিমেও কোনােমতেহে মৃত্যু মুখৰ পৰা হাত সাৰিছিল। লাংলে বােলা জনৰ তেনে কোনাে ভয়ানক দুর্ঘটনা নহ’লেও তেওঁৰ মেচিনটোও এবাৰ পানীত পৰি নষ্ট হৈ গৈছিল।

এনে ধৰণৰ দুঃসাহসিক প্রচেষ্টাবিলাকে ৰাইট ভ্রাতৃদ্বয়ক উৰণ কাৰ্যৰ প্রতি অনুৰাগী কৰি তুলিছিল। দুর্ঘটনাবিলাকে তেওঁলােকক হতাশ কৰিব পৰা নাছিল। তেওঁলােকে প্রথমে এই বিষয়ৰ প্ৰতিজন পথ-প্রদর্শকৰে যন্ত্রপাতিবিলাক ভালদৰে পৰীক্ষা কৰি চালে। তদুপৰি বায়ুবিজ্ঞান অধ্যয়ন কৰি তেওঁলােকে বায়ুচাপ, বায়ুপ্রবাহ আদি বায়ুবিজ্ঞানৰ সকলােবিলাক কথা খৰচি মাৰি শিকি ল’লে। অৱশেষত যথেষ্ট অধ্যয়ন আৰু পৰীক্ষাৰ ফলস্বৰূপে তেওঁলােকে এটা উৰণ যন্ত্র তৈয়াৰ কৰি উলিয়ালে যিটো তেতিয়ালৈকে আৱিষ্কাৰ হােৱা উৰণ যন্ত্রবিলাকৰ ভিতৰত আটাইতকৈ উন্নত আৰু ডাঙৰ আছিল। যন্ত্ৰটোৰ ওজন আছিল আঠান্নব্বৈ পাউণ্ড আৰু ইয়াক তৈয়াৰ কৰা হৈছিল তেওঁলােকৰ ডেইটন চহৰৰ চাইকেলৰ দোকানত। তেওঁলােকে এতিয়া উৰিবৰ বাবে উত্তৰ কেৰ’লিনাৰ কিটি হক নামে এটুকুৰা ঠাই বাচি ল’লে। ১৯০১ চনৰ জুলাই মাহত কেইবাবাৰাে কৰা চেষ্টাৰ ফলত অৰভিলে ১৫ ফুট দূৰলৈকে উৰিবলৈ সক্ষম হ’ল। তেওঁলােকৰ যন্ত্ৰটোত বিজুতি আছিল অনেক। তদুপৰি কিটি হকত থকা দিন কেইটাত তেওঁলােকে ইমান কষ্ট ভুগিছিল যে এবাৰ উইলবাৰে উৰাৰ চেষ্টা ত্যাগ কৰি যাবলৈকে ওলাইছিল। ভাগ্য ভাল যে তেওঁলােকে উৰাৰ চেষ্টা এৰি নিদিলে-বৰং দুগুণ উৎসাহেৰে যন্ত্ৰটোৰ উন্নতি সাধন কৰাত লাগি গ’ল।

ৰাইট ভ্রাতৃদ্বয়ে এইবাৰ আচৰিত পৰিকল্পনা হাতত ল’লে, তেওঁলােকে যন্ত্ৰটো স্বয়ং চালিত কৰিবলৈ মন মেলিলে। তাৰ বাবে আৱশ্যক আছিল এটা পেট্রল ইঞ্জিনৰ। সুবিধাজনক পেট্রল ইঞ্জিন এটা তৈয়াৰ কৰি দিবৰ বাবে তেওঁলােকে কেইবাটাও কোম্পানিক অনুৰােধ কৰিছিল। কিন্তু তেওঁলােকৰ অদ্ভুত প্ৰচেষ্টাৰ কথা শুনি কোনেও ভাল সঁহাৰি নিদিলে। গতিকে আনৰ সহায়লৈ অপেক্ষা নকৰি তেওঁলােকে নিজেই চাইকেলৰ দোকানখনতে আৱশ্যকীয় ইঞ্জিন এটা তৈয়াৰ কৰি উলিয়ালে। ১৯০৩ চনৰ চৈধ্য ডিচেম্বৰৰ দিনা কিটি হকৰ বহল পথাৰখনত তেওঁলােকে প্রথমবাৰৰ বাবে স্বয়ংক্রিয় যানৰ সহায়েৰে উৰিবলৈ স্থিৰ কৰিলে। কিন্তু সেইদিনা কোবেৰে বতাহ বলি থকা বাবে তেওঁলােকে পুনৰ সােতৰ ডিচেম্বৰৰ দিনটো বাছি উলিয়ায়। বিশ্বৰ প্ৰথম উৰণ চাবৰ বাবে তেওঁলােকে ওচৰ পাঁজৰৰ সকলাে মানুহকে নিয়ন্ত্রণ কৰিছিল। কিন্তু আচৰিত যেন লাগিলেও এই অবিস্মৰণীয় ঘটনা চাবৰ বাবে কিটি হকত মাত্র পাঁচজন মানুহহে উপস্থিত হ’ল। সােতৰ ডিচেম্বৰৰ সেই বিশেষ দিনটো আছিল ভয়ানক ঠাণ্ডা আৰু সেই দিনাও বতাহ আছিল যথেষ্ট। ৰাইট ভ্রাতৃদ্বয়ে তেওঁলােকৰ যানখন বাহিৰলৈ উলিয়াই আনিলে। লটাৰীৰ দ্বাৰা অৰভিলেই চালক নির্বাচিত হ’ল। যন্ত্ৰটো চলাই দিয়াত সি লাহে লাহে ওপৰলৈ উঠিল আৰু এশ বিশ ফুট আঁতৰত পুনৰ নামিলগৈ। এই উৰণৰ সময় আছিল মাত্র বাৰ ছেকেণ্ড। আজিৰ দৃষ্টিৰে চাবলৈ গ’লে ইয়াক হয়তাে উৰণ বুলিবই নােৱাৰি। কিন্তু এই সামান্য ঘটনাটোৱে মানৱ ইতিহাসত এটা যুগৰ সূচনা কৰিলে। আজিৰ যি মহাকাশ যানে জগতত তােল পাৰ লগাইছে তাৰ প্রথম পদক্ষেপ আছিল এই ঘটনাটোৱেই। ভায়েকৰ পিছত উইলবাৰে যন্ত্ৰটো চলাই উনষাঠী ছেকেণ্ড আকাশত আছিল আৰু আঠশ বাৰ ফুট দূৰত্ব ভ্রমণ কৰিছিল।

এই ঘটনাৰ কিছুদিনৰ পিছত ৰাইট ভ্রাতৃদ্বয়ে আগৰটোতকৈ এটা অধিক শক্তিশালী উৰণ যন্ত্র তৈয়াৰ কৰিলে আৰু উৰিবৰ বাবে এইবাৰ তেওঁলােকে ডেইটন চহৰৰ পূবফালে থকা হফমেন প্রেইৰী নামে এখন বেলেগ পথাৰ বাছি ল’লে। তেওঁলােকৰ এই দ্বিতীয় প্রচেষ্টাৰ কথা পৃথিৱীক জনাবৰ বাবে দুয়াে ভায়ে এইবাৰ পঞ্চাশখনমান বাতৰি কাকতলৈ খবৰ দিলে। অনুসন্ধিৎসু হৈ বহুতাে কাকতৰ প্রতিনিধি নির্দিষ্ট দিনত আহি হফমেন প্রেইৰী পালেহি। কিন্তু ৰাইট ভ্রাতৃদ্বয়ৰ দুর্ভাগ্য – অসম্ভৱ বতাহৰ বাবে সেই দিনটো উৰণৰ উপযােগী নহ’ল। দ্বিতীয় দিনা আকৌ যন্ত্ৰটোৱেই বিকল হৈ পৰিল। উৰণ-কার্য প্রত্যক্ষভাৱে দেখা নাপাই আকাশত উৰণৰ কথাটো ভুৱা বুলিয়েই বহুতে ভাবিবলৈ বাধ্য হ’ল। অৱশ্যে এই দুর্ঘটনাই ৰাইট ভ্রাতৃদ্বয়ক হতাশ নকৰিলে, কিয়নাে আত্ম-প্ৰচাৰ তেওঁলােকৰ কাম্য নাছিল। ‘বেছি কথা ক’লে মই ভাটেী চৰাইৰ দৰেহে হ’ম। যি কথা কয় বেছি, কিন্তু উৰে কম। -উইলবাৰে কথা প্রসঙ্গত এবাৰ এই বুলি কৈছিল।

দুয়াে ভায়ে এতিয়া উৰণ-কার্যত ইমান একাণপতীয়াকৈ লাগিলে যে এবছৰৰ ভিতৰতে তেওঁলােকে ঘণ্টাত চৌবিশ মাইল পর্যন্ত উৰিব পৰা আকাশীযান তৈয়াৰ কৰিবলৈ সক্ষম হ’ল। ১৯০৫ চনত তেওঁলােকে উৰণ কার্য কিছুদিনৰ বাবে বন্ধ ৰাখি উৰণযন্ত্র উন্নত কৰা কাৰ্যত ব্যস্ত থাকিল। ইতিমধ্যে য়ুৰােপতাে, বিশেষকৈ ফ্রান্সত, বহুতাে বিজ্ঞানীয়ে আকাশী-যান তৈয়াৰ কৰাৰ চেষ্টা কৰি আছিল। এতেকে উৰাৰ চেষ্টাত বিজ্ঞানীসকলক আর্থিক সাহায্য দিবৰ বাবে আমেৰিকা চৰকাৰে ফৰাচী চৰকাৰৰ সৈতে লগ লাগি এটা চিণ্ডিকেট স্থাপন কৰিলে। চিণ্ডিকেটৰ সহায় পােৱাৰ আশাত ১৯০৮ চনত উইলবাৰ ফ্রান্সলৈ গ’ল। তাত তেওঁ তিনিশ ফুট ওপৰলৈকে উৰি আৰু প্রায় দুই মিনিট সময় আকাশত থাকি সকলােকে চমক খুৱালে। যানখনত আনকি এজন যাত্রীও আছিল। সেইদৰে আমেৰিকাত অৰভিলে উৰণকার্যত কৃতিত্ব দেখুৱালে। অৱশ্যে এটা দুর্ঘটনাৰ ফলত তাত এজন লােকৰ মৃত্যু হয় আৰু অৰভিলেও যথেষ্ট আঘাত পায়। সি যি কি নহওক, ভ্রাতৃদ্বয়ৰ কাৰ্যত সন্তুষ্ট হৈ চিণ্ডিকেটে তেওঁলােকলৈ আর্থিক সাহায্য আগবঢ়ালে। সকলােৰে পৰা উৎসাহ, অনুপ্ৰেৰণা পাই তেওঁলােকে এতিয়া মহাকাশ জয়ৰ চেষ্টাত আত্মনিয়ােগ কৰিলে। বহুতাে দেশৰপৰা তেওঁলােকলৈ আকাশীযান তৈয়াৰ কৰি দিবৰ বাবেও অনুৰােধ আহিল।

এইদৰে ভ্রাতৃদ্বয়ৰ চেষ্টাত কাৰিকৰী বিজ্ঞানৰ এটা নতুন অধ্যায় মুকলি হ’ল। আকাশীযানে মানুহক অধিক সক্রিয়, অধিক দ্রুতগামী কৰি তুলিলে।

জীৱনৰ শেষৰ ফালে ৰাইট ভ্রাতৃদ্বয়ে নিজে উৰিবলৈ এৰি দি আকাশীযান নির্মাণ কৰিবৰ বাবে নতুন নতুন কাৰিকৰ গঢ়ি তােলা কামতহে ব্যস্ত আছিল। কিন্তু মহাকাশ বিজয়ৰ ক্রমােন্নতি চাবলৈ উইলবাৰ বেছিদিন জীয়াই নাথাকিল; ১৯১২ চনৰ ত্রিশ মে’ৰ দিনা টাইফইড ৰােগত তেওঁৰ মৃত্যু ঘটে। অৰভিল কিন্তু ১৯৪৭ চনলৈকে জীয়াই আছিল। তেওঁৰ জীৱন কালতে আকাশীযান ঘণ্টাত আঠশ মাইল বেগেৰে যাব পৰা ক্ষমতা লাভ কৰিছিল। কিটি হকত মার্কিন চৰকাৰে সাজি দিয়া ষাঠি ফুট ওখ এটা স্তম্ভই আজিও এই বিজ্ঞানী দুগৰাকীৰ কালজয়ী স্মৃতি বহন কৰি আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top