বুদ্ধিমতী ছোৱালী

বুদ্ধিমতী ছোৱালী

বুদ্ধিমতী ছোৱালী

এসময়ত এখন দেশত এজন দৰিদ্ৰ ব্যক্তি আছিল। এদিন তেওঁ ৰজাৰ ওচৰলৈ গৈ ক’লে, ‘মহাৰাজ, মই আপোনাৰ পৰা ঋণ বিচাৰি আহিছোঁ। অনুগ্ৰহ কৰি মোক পাঁচ হাজাৰ টকা দিয়ক। মই পাঁচ বছৰৰ ভিতৰত আপোনাৰ টকা ঘূৰাই দিম।’ ৰজাই তেওঁৰ কথাত বিশ্বাস কৰি তেওঁক পাঁচ হাজাৰ টকা দি দিলে। পাঁচ বছৰ পাৰ হোৱাৰ পাছতো মানুহজনে ৰজাক পাঁচ হাজাৰ টকা ঘূৰাই নিদিয়াত ৰজাই তেওঁৰ ঘৰলৈ যাবলৈ বাধ্য হ’ল। কিন্তু ঘৰত ৰজাই তেওঁক লগ নাপালে। যেতিয়াই ৰজা তেওঁৰ ঘৰলৈ যায়, তেওঁ এটা অজুহাত দেখুৱাই ৰজাক ঘূৰাই পঠাই। এদিন ৰজা আকৌ মানুহজনৰ ঘৰলৈ গ’ল। ঘৰত তেতিয়া আন কোনো নাছিল, এজনী সৰু ছোৱালী তাত বহি আছিল।

বুদ্ধিমতী ছোৱালী

বুদ্ধিমতী ছোৱালী

ৰজাই ছোৱালীজনীক সুধিলে, ‘তোমাৰ দেউতা ক’ত আছে?’
ছোৱালীজনীয়ে ক’লে, “দেউতা স্বৰ্গৰ পানী বাধা দিবলৈ গৈছে।”
ৰজাই তেতিয়া সুধিলে, “তোমাৰ ভায়েৰা ক’ত আছে?”
ছোৱালীজনীয়ে ক’লে, “তেওঁ যুঁজ নকৰাকৈ যুঁজিবলৈ গৈছে।”
ৰজাই এটাও কথা বুজি পোৱা নাছিল। সেয়েহে তেওঁ পুনৰ সুধিলে, “তোমাৰ মা ক’ত আছে?”
ছোৱালীজনীয়ে ক’লে, “মোৰ মায়ে এটাৰ পৰা দুটা কৰিবলৈ গৈছে।”
ৰজাই তেওঁৰ অপ্ৰত্যাশিত উত্তৰৰ দ্বাৰা বিৰক্ত হ’ল। তেওঁ খঙতে সুধিলে, “আৰু তুমি ইয়াতে বহি কি কৰি আছা?”
ছোৱালীজনীয়ে হাঁহি হাঁহি ক’লে, “মই ঘৰত বহি পৃথিৱীখন চাই আছোঁ। ‘

ৰজাই বুজি পালে যে ছোৱালীজনীয়ে তেওঁৰ কোনো কথাৰ পোনপটীয়া উত্তৰ নিদিয়ে। গতিকে তেওঁ এইবোৰ কথাৰ অৰ্থ জানিবলৈ তাইৰ লগত ভালদৰে কথা পতাত লাগিব। ৰজাই মৰমেৰে মুখত হাঁহি এটা মাৰি সুধিলে, “ছোৱালী, এইমাত্ৰ যে তুমি মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিলা, ইয়াৰ অৰ্থ কি? তুমি কি বুজাইছা মই একো বুজি নাপালোঁ। তুমি মোক পোনপটীয়াকৈ বুজাই দিয়া, তুমি কি বুজাব বিচাৰিছা।”

বুদ্ধিমতী ছোৱালী

বুদ্ধিমতী ছোৱালী

ছোৱালীজনীয়েও হাঁহি হাঁহি সুধিলে, “যদি মই সকলো কথাৰ অৰ্থ বুজাই দিওঁ, তেন্তে আপুনি মোক কি দিব?”
সকলো কথা জানিবলৈ ৰজাৰ তীব্ৰ আগ্ৰহ জন্মিছিল। তেওঁ ক’লে, “তুমি যি বিচৰা, মই তাকেই দিম।”
তেতিয়া ছোৱালীজনীয়ে ক’লে, “যদি আপুনি মোৰ দেউতাৰ সকলো ঋণ ক্ষমা কৰে, তেতিয়া মই আপোনাক সকলো কথাৰ অৰ্থ বুজাই দিম।”

ৰজাই ক’লে, “ঠিক আছে, মই তোমাৰ দেউতাৰ সকলো ঋণ ক্ষমা কৰিম। এতিয়া সকলো কথাৰ অৰ্থ মোক বুজাই কোৱা।”
ছোৱালীজনীয়ে ক’লে, “মহাৰাজ, আজি মই আপোনাক সকলো কথাৰ অৰ্থ বুজাব নোৱাৰো। অনুগ্ৰহ কৰি আপুনি কাইলৈ আহক। মই নিশ্চিতভাৱে কাইলৈ আপোনাক ক’ম।”

বুদ্ধিমতী ছোৱালী

পিছদিনা ৰজা পুনৰ মানুহজনৰ ঘৰলৈ গ’ল। সকলোৱে আজি তাত উপস্থিত আছিল। মানুহজন, তেওঁৰ পত্নী, তেওঁৰ পুত্ৰ আৰু তেওঁৰ জীয়েক। ৰজাক দেখাৰ লগে লগে ছোৱালীজনীয়ে সুধিলে, “মহাৰাজ, আপোনাৰ বচন মনত আছে নহয়?”

ৰজাই ক’লে, “হয়, মোৰ মনত আছে। যদি তুমি সকলো কথাৰ অৰ্থ ব্যাখ্যা কৰা, মই তেতিয়া তোমাৰ দেউতাৰ সকলো ঋণ ক্ষমা কৰিম।”

“প্ৰথমে মই কৈছিলো যে দেউতাই স্বৰ্গৰ পানী বন্ধ কৰিবলৈ গৈছে, ইয়াৰ অৰ্থ আছিল বৰষুণ হৈ আছিল আৰু আমাৰ ঘৰৰ চালৰ পৰা পানী পৰি আছিল। দেউতাই পানী বন্ধ কৰিবলৈ চালখন ঠিক কৰি আছিল। অৰ্থাৎ বৰষুণৰ পানী আকাশৰ পৰাই পৰে আৰু আমি বিশ্বাস কৰোঁ যে আকাশতেই স্বৰ্গ আছে। প্ৰথম কথাতোৰ অৰ্থ এইটোৱেই। দ্বিতীয় কথাটো মই কৈছিলোঁ যে ককাইয়ে যুঁজ নকৰাকৈ যুঁজিবলৈ গৈছে। ইয়াৰ অৰ্থ হ’ল যে তেওঁ কাঁইটিয়া গছ কাটিবলৈ গৈছিল। যদি কোনোবাই কাঁইটিয়া গছ কাটে, তেতিয়া তেওঁৰ শৰীৰত কাঁইটে বিন্ধিবই, অৰ্থাৎ তেওঁ যুঁজ নিদিলেও, যুঁজ হ’ব আৰু শৰীৰ ঘুনীয়া হব।’

ৰজাই তেওঁৰ সৈতে সহমত হৈছিল। তেওঁ মনতেই তেওঁৰ চতুৰতাক প্ৰশংসা কৰিলে। তেওঁ উদ্বিগ্নতাৰে সুধিলে, “আৰু তৃতীয়-চতুৰ্থ কথাটোৰ অৰ্থ কি?”

বুদ্ধিমতী ছোৱালী

ছোৱালীজনীয়ে ক’লে, “মহাৰাজ, মই তৃতীয় কথাটো কৈছিলো যে মায়ে এটাৰ পৰা দুটা কৰিবলৈ গৈছে। ইয়াৰ অৰ্থ হ’ল যে মায়ে ৰহৰ দাইল খুন্দিবলৈ গৈছিল, অৰ্থাৎ ইয়াক এটাৰ দুটা কৰিবলৈ গৈছে। যদি গোটা দাইলটো খুন্দা যায়, তেন্তে এটা ভাগৰ দুটা অংশ হৈ পৰে। এয়াই আছিল একক দুই কৰা। চতুৰ্থ কথাটো হ’ল যে সেই সময়ত মই ভাত বনাই আছিলোঁ আৰু তাৰ পৰা এটা চাউল উলিয়াই চাইছিলোঁ যে চাউলখিনি সম্পূৰ্ণকৈ সিজোৱা হৈছে নে নাই। ইয়াৰ অৰ্থ হৈছে যে মই এটা চাউল চাই গম পালোঁহেঁতেন যে গোটেই চাউলখিনি সিজোৱা হৈছে নে নাই। অৰ্থাৎ, মই ঘৰত বহিয়েই ভাতৰ পৃথিৱীখন চাই আছিলো।” ইয়াকে কৈ ছোৱালীজনী নীৰৱ হৈ গ’ল।

ৰজাই সকলো কথাৰ অৰ্থ বুজি পালে। ছোৱালীজনীৰ জ্ঞানী কথাবোৰ শুনি তেওঁ আচৰিত হ’ল। তেতিয়া ৰজাই ক’লে, “তুমি বৰ চতুৰ ছোৱালী। কিন্তু এটা কথা বুজি নেপালো যে এই সকলোবোৰ কথা তুমি তো মোক কালিয়ে কব পাৰিলা হয়, তেন্তে তুমি কিয় মোক আজি আহিব কলা?”

ছোৱালীজনীয়ে হাঁহি হাঁহি ক’লে, “মই ইতিমধ্যে আপোনাক কৈছো যে যেতিয়া আপুনি কালি আহিছিল, মই ভাত বনাই আছিলো। যদি মই আপোনাক মোৰ কথাৰ অৰ্থ বুজোৱাত লাগিলোঁ হয়, তেতিয়া নিশ্চয় চাউলবোৰ বেছিকৈ সিজি অথবা জ্বলি গ’ল হয়, তেতিয়া মোৰ মায়ে নিশ্চিতভাৱে মোক পিটিলে হয়। আনহাতে কালি ঘৰত কোনো নাছিল। যদি মই তেওঁলোকক কওঁ যে আপুনি ঋণ ক্ষমা কৰিছে, তেওঁলোকে মোক কেতিয়াও বিশ্বাস নকৰিলে হয়। আজি আপোনাৰ নিজৰ মুখৰ পৰা শুনি যে আপুনি ঋণটো ক্ষমা কৰিছে, য’ত তেওঁলোকে বিশ্বাসো কৰিব আৰু সুখীও হব।”

ছোৱালীজনীৰ কথা শুনি ৰজা বৰ প্ৰসন্ন হ’ল। তেওঁ ডিঙিৰ পৰা মুকুটাৰ মালা এডাল উলিয়াই তাইক দি ক’লে, “তোমাৰ চতুৰতাৰ বাবে এই পুৰষ্কাৰটো লোৱা! মই ইতিমধ্যে তোমাৰ দেউতাৰ ঋণ ক্ষমা কৰিছো। এতিয়া তুমি বা তোমাৰ পৰিয়ালে মোৰ বাবে অজুহাত উলিয়াব নালাগে। এতিয়া তোমালোকে নিশ্চিত হৈ থাকা। যদি আকৌ কেতিয়াবা কিবা বস্তুৰ প্ৰয়োজন হয়, তেতিয়া নিশ্চয় মোক কবা।”

এইখিনি কথা কৈ ৰজাই ছোৱালীজনীক আশীৰ্বাদ দি গুচি গ’ল। ছোৱালীজনীৰ পৰিয়ালে তাইক সুখেৰে সাৱটি ধৰিলে।

(আশা কৰোঁ আপুনি “বুদ্ধিমতী ছোৱালী” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “বুদ্ধিমতী ছোৱালী” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top