নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

নল দময়ন্তী প্ৰেম কাহিনী

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

নৈষধ দেশত বীৰসেন নামৰ এজন ৰজা আছিল। বীৰসেনৰ পিছতে তেওঁৰ পুত্ৰ নলে সেই দেশত ৰাজত্ব কৰিছিল। তেওঁ দেখাত খুব সুন্দৰ তথা গুণবান আছিল। তেওঁ সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰতে পাৰ্গত আছিল। অৱশ্যে জুৱা খেলতো তেওঁৰ কিছু পৰিমাণে নিচা আছিল। নল ৰজাৰ ৰাজত্বকালতে বিদৰ্ভ নামৰ দেশখনত ভীমক নামৰ এজন ৰজাই শাসন কৰিছিল। তেওঁও নলৰ সমানে দক্ষ আৰু গুনবান ৰজা আছিল।

তেওঁ ঋষি দমনক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদত চাৰিটা সন্তান লাভ কৰিছিল। তাৰে তিনিজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল। পুত্ৰসকলৰ নাম আছিল ক্ৰমে- দম, দান্ত আৰু দমন। কন্যাগৰাকীৰ নাম আছিল দময়ন্তী৷ দময়ন্তী দেখাত যেন স্বয়ং লক্ষ্মীৰ মানৱী ৰূপহে আছিল। তেওঁৰ চকুজুৰি খুব ধুনীয়া আৰু ডাঙৰ ডাঙৰ আছিল। সেই সময়ত, দেৱতাই হওঁক বা যক্ষই হওঁক কাৰো মাজতে ইমান সুন্দৰী কন্যাৰ জন্ম হোৱা নাছিল।

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

সেই দিনবোৰতে নানাজন লোকৰ নলৰ ৰাজ্যলৈ সঘনে আহ-যাহ চলিছিল আৰু তেওঁলোকে কথা প্ৰসংগত ৰজা নলৰ আগত ৰাজকুমাৰী দময়ন্তীৰ ৰূপ তথা গুণৰ প্ৰশংসা কৰিছিল। এদিনাখন ৰজা নলে তেওঁৰ প্ৰাসাদৰ বাগিচাত কেইটামান ৰাজহাঁহ চৰি থকা দেখিলে। খুব ধুনীয়া ৰাজহাঁহ কেইটা দেখি তেওঁ তাৰে এটা ৰাজহাঁহ ধৰিলে। তেতিয়া হাঁহটোৱে ক’লে, “প্ৰভু আপুনি যদি মোক এৰি দিয়ে, তেতিয়া আমি আটাইবোৰে সুন্দৰী দময়ন্তীৰ ওচৰলৈ যাম আৰু আপোনাৰ গুণবোৰৰ বৰ্ণনা তেওঁৰ আগত এনেদৰে দিম যাতে তেওঁ আপোনাকে স্বামী হিচাপে পোৱাৰ বাসনা কৰে।” কথাখিনি শুনি নলে খুব আনন্দ পালে আৰু হাঁহকেইটাক এৰি দিলে।

নল দময়ন্তী প্ৰেম কাহিনী

নল-দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

সেই ৰাজহাঁহবোৰে উৰি নলৰ ওচৰৰ পৰা ৰাজকুমাৰী দময়ন্তীৰ ওচৰ পালে। দময়ন্তীয়ে সিহঁতক দেখি বৰ সুখী হ’ল। দময়ন্তীয়ে হাঁহবোৰৰ পিছে পিছে খেল খেলি ধৰিবলৈ দৌৰিলে। কিন্তু দময়ন্তীয়ে যিটো ৰাজহাঁহকে ধৰে সিটোৱে কৈ উঠে- “ৰাজকুমাৰী দময়ন্তী, নৈষধ দেশত নল নামৰ এজন ৰজা আছে। সেই ৰজাজন দেখিবলৈ অত্যন্ত সুন্দৰ। মানৱৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই। তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁ কামদেৱৰে মনুষ্য ৰূপ। যদি আপুনি তেওঁৰ পত্নী হয়, তেন্তে আপোনাৰ জন্ম আৰু ৰূপ দুয়োটাই সাৰ্থক হ’ব। তেওঁ অশ্বিনী কুমাৰৰ দৰেই সুন্দৰ। মানুহৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই। যিদৰে আপুনি মহিলা সকলৰ মাজত মুকুতাৰ দৰে উজ্জ্বল ঠিক তেনেদৰে নলো পুৰুষসকলৰ মাজত এটা ৰত্নৰ দৰেই উজ্জ্বল। আপোনালোকৰ যোৰাটো বৰ ধুনীয়া যোৰা হ’ব।”

দময়ন্তীয়ে ক’লে- “হংসৰাজ আপুনি নলকো মোৰ কথা এনেদৰেই ক’ব।”

হংসৰাজে পুনৰ ঘূৰি আহি ৰজা নলৰ আগত তেওঁৰ বাৰ্তা দিলে। দময়ন্তীয়ে হংসৰ মুখে ৰজা নলৰ খ্যাতি শুনাৰ পৰাই তেওঁৰ প্ৰেমত পৰিল।

দময়ন্তীৰ আসক্তি ইমানেই বাঢ়ি গ’ল যে তাই দিন-ৰাতি নলৰ চিন্তাকে কৰিবলৈ ধৰিলে। তাইৰ শৰীৰটো ক্ৰমে দুৰ্বল আৰু ক্ষীণ হৈ আহিল। তাইক দেখাত বেমাৰী যেন লগা হ’ল। বান্ধৱীবোৰে দময়ন্তীৰ মনৰ অনুভূতি জানি ৰজাক অনুৰোধ কৰিলে যে, আপোনাৰ ছোৱালী অসুস্থ হৈ পৰিছে। ৰজাইয়ো বহুত চিন্তা কৰিলে আৰু অৱশেষত এই সিদ্ধান্তত উপনীত হ’ল যে তেওঁৰ ছোৱালী বিবাহযোগ্য হৈ উঠিছে।

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

দময়ন্তীৰ দেউতাকে সকলো দেশৰ ৰজাক স্বয়ম্বৰৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰি ছোৱালী বিবাহযোগ্যা হোৱাৰ কথাটো অৱগত কৰালে। সকলো দেশৰ ৰজাই হাতী/ঘোঁৰাৰ ৰথত উঠি তাত উপস্থিত হ’বলৈ আৰম্ভ কৰিলে। নাৰদ আদিকে কৰি স্বৰ্গৰ সকলো দেৱতায়ো দময়ন্তীৰ স্বয়ম্বৰৰ খবৰ পালে। ইন্দ্ৰ আৰু সকলো দেৱতাই তেওঁলোকৰ বাহন লৈ স্বয়ম্বৰলৈ আহিবলৈ আৰম্ভ কৰিলে। যেতিয়া ৰজা নলেও এই বাৰ্তা পালে তেওঁও দময়ন্তীৰ স্বয়ম্বৰৰ বাবে তাত উপস্থিত হ’ল। নলৰ ৰূপ দেখি ইন্দ্ৰই বিচূৰ্তি খালে আৰু বুজিলে যে স্বয়ম্বৰত নলৰ হে জয় হ’ব। সেইদেখি তেওঁ বাটতে বিমানখন ৰখাই বিমানৰ পৰা নামি নলক উদ্দেশ্য কৰি ক’লে, “ৰজা নল আপুনি বৰ সত্যবাদী। সেয়ে আপুনি আমাৰ বাবে দেৱদূতৰ কাম কৰক।”

নলেও দেৱদূত হোৱাৰ প্ৰতিজ্ঞা কৰিলে আৰু ক’লে যে তেওঁ কৰিব। তাৰ পিছত নলে সুধিলে, “কিন্তু আপুনি কোন!”

তেতিয়া ইন্দ্ৰই ক’লে, “আমি দেৱতা। আমি ইয়ালৈ দময়ন্তীৰ স্বয়ম্বৰৰ বাবে আহিছোঁ। আপুনি, আমাৰ বাৰ্তাবাহক হিচাপে দময়ন্তী ওচৰলৈ যাওক আৰু গৈ তেওঁক ক’ব যে ইন্দ্ৰ, বৰুণ, অগ্নি আৰু যমদেৱতাই তেওঁৰ ওচৰলৈ আহিছে তেওঁক বিয়া কৰোৱাৰ উদ্দেশ্যে। ইয়াৰ ভিতৰত, আপুনি যিজন দেৱতাকে আপোনাৰ স্বামী হিচাপে গ্ৰহণ কৰিব বিচাৰে তাকেই গ্ৰহণ কৰিব পাৰিব।”

নলে দুয়োখন হাত যোৰ কৰি ক’লে, “দেৱৰাজ আপোনালোক আৰু মই তালৈ যোৱাৰ কাৰণ একেটাই। গতিকে আপুনি মোক তালৈ এজন দেৱদূত হিচাপে পঠোৱাটো উচিত নহ’ব। কাৰণ যিজন ব্যক্তিয়ে সেই সুন্দৰীক পত্নী হিচাপে পাব বিচাৰিছে তেওঁ কেনেকৈ সেই আশা বাদ দি তেওঁৰ ওচৰলৈ গৈ এনেকুৱা ধৰণৰ কথা ক’ব পাৰে? আপোনালোকে অনুগ্ৰহ কৰি ইয়াৰ বাবে মোক ক্ষমা কৰক।”

দেৱতাসকলে ক’লে, “নল এই বিষয়ে আপুনি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছেই যে আপুনি আমাৰ দূত হ’ব। এতিয়া প্ৰতিশ্ৰুতি ভংগ নকৰিব। গতিকে অলপো পলম নকৰি তালৈ যোৱাটোহে উত্তম কাম হ’ব।”

নলে ক’লে- “ৰাজপ্ৰাসাদত নিৰন্তৰভাৱে কঠোৰ পহৰাৰ ব্যৱস্থা আছে, তাৰ পিছতো তালৈ মই কেনেদৰে যাব পাৰোঁ?”

ইন্দ্ৰৰ আদেশ অনুসৰি, নলে ক’তো অলপ বাধা নোপোৱাকৈ প্ৰাসাদত প্ৰৱেশ কৰিলে। দময়ন্তী আৰু তাইৰ সখীসকলে নলক দেখি ইমানে মুগ্ধ হৈ পৰিল যে লাজত একো ক’ব নোৱাৰা হ’ল। ৰাজকুমাৰীয়ে নলক ক’লে, “আপুনি দেখিবলৈ খুব ধুনীয়া! ঠিক এটা নিষ্পাপ শিশুৰ দৰে। কিন্তু ইয়ালৈ আহোতে দ্বাৰপালসকলে আপোনাক নেদেখিলে কিয়? তেওঁলোকে সাধাৰণ এটা ভুল কৰিলেও মোৰ দেউতাই তেওঁলোকক অতি কঠোৰ শাস্তি দিয়ে। এতিয়া যে তেওঁলোকৰ কি হ’ব!”

ৰাজকুমাৰীৰ চিন্তাৰসুলভ কথা শুনি নলে ক’লে- “মই নল। মই দেৱতাসকলৰ দূত হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ। সুন্দৰী, এই দেৱতাসকলে আপোনাক বিয়া কৰাব বিচাৰে। আপুনি এই দেৱতাসকলৰ মাজৰ এজনক বাছনি কৰক। এই বাৰ্তা লৈয়ে মই আপোনাৰ ওচৰলৈ আহিছোঁ। সেই দেৱতাসকলৰ প্ৰভাৱতে মই আপোনাৰ প্ৰাসাদত প্ৰৱেশ কৰিলোঁ সেয়ে কোনেও মোক দেখা নাপালে। মই আপোনাক দেৱতাসকলৰ বাৰ্তাটো দি দিলোঁ আৰু এতিয়া আপুনি কি ক’ব লগা আছে মোক কৈ দিয়ক অথবা এতিয়া আপুনি যি বিচাৰে সেয়াই কৰক।”

দময়ন্তীয়ে অতি শ্ৰদ্ধাৰে দেৱতাসকলক স্মৰণ কৰি প্ৰণাম কৰিলে আৰু সাধাৰণ হাঁহি এটি মুখত ওলোমাই ক’লে, “প্ৰভু, মইতো আপোনাকে মোৰ সৰ্বস্ব হিচাপে গ্ৰহণ কৰি নিজকে আপোনাৰ চৰণত সঁপি দিব বিচাৰোঁ। যিদিনাৰ পৰা মই ৰাজহংসৰ মুখেৰে আপোনাৰ কথা শুনিলোঁ সেই দিনৰ পৰাই মই আপোনাক পোৱাৰ বাবে উদ্বিগ্ন হৈ আছোঁ। আপোনাৰ বাবেই যে মই ৰজাসকলৰ ভিৰ কৰি স্বয়ম্বৰৰ আয়োজন কৰিছোঁ। যদি আপুনি এই দাসীৰ প্ৰাৰ্থনা প্ৰত্যাখ্যান কৰে, তেন্তে মই বিষাক্ত বিষ খাই আত্মঘাটি হম।”

ৰজা নলে তেতিয়া দময়ন্তীক ক’লে, “মহান মহান দেৱতাসকলে আপোনাক বিয়া কৰাব বিচাৰে, তাৰ পিছতো আপুনি কিয় মোৰ নিচিনা সাধাৰণ মনুষ্য এটাৰ লগত বিয়া হ’ব বিচাৰে? মই আনকি সেই দেৱতাসকলৰ ভৰিৰ ধুলিৰ সমানো নহয়। আপুনি তেওঁলোকতে আপোনাৰ মন লগোৱাতো ভাল। মানুহে দেৱতাসকলৰ বিদ্বেষ কৰিলে তেওঁলোকৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। আপুনি মোক তেওঁলোকৰ প্ৰকোপৰ পৰা ৰক্ষা কৰক আৰু তেওঁলোকৰ মাজৰে এজনক বাছনি কৰক।”

নলৰ কথা শুনি দময়ন্তী কঁপি উঠিল। তেওঁৰ চকুৰে চকুপানী ওলাই আহিল। সেই সময়ত দময়ন্তীৰ শৰীৰটো কঁপি উঠিল আৰু দুইহাত সংলগ্ন কৰি কৈ উঠিল,”মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনাকে স্বামী হিচাপে বৰণ কৰিম।”

ৰজা নলে ক’লে, “ঠিক আছে বাৰু তেনেহ’লে আপুনি তেনেই কৰক, কিন্তু মোক কওঁক যে মই তেওঁলোকৰ বাৰ্তাবাহক হিচাপেহে ইয়ালৈ আহিছোঁ। যদি মই এই সময়ত স্বাৰ্থপৰৰ দৰে মই নিজৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰোঁ, ই কিমান লজ্জাজনক কথা। মই কেৱল মোৰ নিজৰ স্বাৰ্থৰ বাবে তেতিয়াহে কাম কৰিব পাৰো যদি ই ধৰ্মৰ বিৰোধী নহয়।”

তেতিয়া দময়ন্তীয়ে দৃঢ় কণ্ঠৰে ক’লে, “ৰাজন! ইয়াৰ বাবে এটা নিৰ্দোষ সমাধান আছে। সেই অনুসৰি কাম কৰিলে এয়া আপোনাৰ বাবে দোষৰ কথা নহ’ব। এইটো এনেকুৱা এটা উপায় য’ত আপুনি সকলো দেৱতাৰ সৈতে স্বয়ম্বৰ সভাৰ মণ্ডপলৈ আহিব। তাতেই মই আপোনাক বৰণ কৰিম। তেতিয়া আপোনাকো দোষ দিয়া নহ’ব।”

ইয়াৰ পিছত ৰাজকুমাৰীৰ ওচৰৰ পৰা নলে দেৱতাসকলৰ ওচৰলৈ আহিল। তেওঁলোকে বাৰ্তাৰ কথা সোধাত তেওঁ ক’লে যে, “মই দময়ন্তীৰ ওচৰলৈ যোৱাত মোক দেখি তেওঁ আৰু তেওঁৰ সখীসকলে মোৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু আপোনালোকৰ প্ৰস্তাৱটো তেওঁৰ সন্মুখত ৰখাৰ পাছতো তেওঁ মোকে বাছনি কৰিবলৈ আগ্ৰহী হৈছে। আৰু এয়া বোলে তেওঁৰ দৃঢ় মনোভাৱ।”

নল-দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

স্বয়ম্বৰৰ সময় আহি উপস্থিত হ’ল। ৰজা ভীমকে সকলোকে মাতিলে। স্বয়ম্বৰৰ শুভ মুহুৰ্তত আয়োজন কৰা হৈছিল। সকলো ৰজাই তেওঁলোকৰ নিজ নিজ বাসস্থানৰ পৰা আহিল আৰু সেই ঠাইৰ স্বয়ম্বৰত বহিল। তেতিয়াই দময়ন্তী তালৈ আহিল। সকলো ৰজাৰ পৰিচয় হ’ল। দময়ন্তীয়ে ইজনৰ পৰা সিজনলৈ চাই আগবাঢ়ি গৈ আছিল। অলপ আগত, একেঠাইতে নলৰ দৰে একেই গঠনৰ তথা পোছাক পিন্ধা পাঁচজন ৰাজকুমাৰক থিয় হৈ থকা দেখা পাল। এয়া দেখি দময়ন্তী সন্দেহত পৰিল, তেওঁ যিজনৰ ফালেই চায় তেওঁকে ৰজা নল যেন পায়।

গতিকে তেওঁ চিন্তা কৰিবলৈ ধৰিলে মই দেৱতাসকলক কেনেকৈ চিনিম আৰু কেনেকৈ জানিম যে ৰজা নল কোনজন! তেওঁ গভীৰ দুখ আৰু চিন্তাত পৰিল। শেষত দময়ন্তীয়ে এটা সিদ্ধান্ত ল’লে যে দেৱতাসকলৰ আশ্ৰয়লৈ যোৱাটোৱে উপযুক্ত কাম হ’ব। সেয়ে তেওঁ হাত জোৰ কৰি অতি নম্ৰতাৰে দেৱতাসকলক স্তুতি কৰিলে- “প্ৰভু, ৰাজহাঁহৰ মুখে নলৰ বৰ্ণনা শুনি, মই নলকে স্বামী হিচাপে বাছনি কৰিছোঁ। মই ৰজা নলক বাছনি কৰাৰ বাবেহে এই স্বয়ম্বৰ ব্ৰতৰ পালন কৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ প্ৰকৃত ৰূপত আহক, যাতে নই ৰজা নলক চিনিব পাৰোঁ।”

দেৱতাসকলে দময়ন্তীৰ কথা শুনি তাইৰ দৃঢ়তাৰ উমান পালে আৰু তেওঁলোকে দময়ন্তীক এনে শক্তি দিলে যাৰ সহায়ত তাই মানুহ আৰু দেৱতাক চিনিব পাৰে। দময়ন্তীয়ে এজনৰ সন্মুখলৈ গৈ দেখিলে যে শৰীৰত বিন্দু মাত্ৰাও ঘাম নাই। চকু জাপ খোৱা নাই। শৰীৰটো স্থিৰ। শৰীৰত ধুলি বা ঘাম নাই। দময়ন্তীয়ে এই বৈশিষ্ট্যবোৰ দেখিয়ে ৰজা নলক চিনিব পাৰিলে।

যি সময়ত, দময়ন্তীৰ স্বয়ম্বৰৰ পৰা উভতি ইন্দ্ৰ আৰু অন্যান্য দেৱতাসকলে তেওঁলোকৰ নিজ নিজ লোকলৈ গৈ আছিল। সেই সময়ত, তেওঁলোকে বাটতে কলিযুগ আৰু দ্বাপৰক লগ পালে। ইন্দ্ৰই সুধিলে, “কলিযুগ ক’ৰবালৈ যোৱা নেকি?”

কলিযুগে কলে- “হয়। দময়ন্তীৰ স্বয়ম্বৰলৈ। তাইক বিয়া কৰোৱােৰ উদ্দেশ্যে।”

ইন্দ্ৰই অলপ দুখেৰে ক’লে, “ওহ, সেইখন স্বয়ম্বৰতো কেতিয়াবাই সম্পূৰ্ণ হৈছে? দময়ন্তীয়ে ৰজা নলক বাছনি কৰিছে। আমি মাত্ৰ চাইয়ে ৰৈ গ’লোঁ।”

কালিযুগে খঙত ক’লে – “তেতিয়া এয়াটো ডাঙৰ অপৰাধ হ’ল। তেওঁ দেৱতাসকলক অৱহেলা কৰি মানুহক বৰণ কৰি ল’লে! তেওঁতো শাস্তি পোৱাৰ যোগ্য।”

দেৱতাসকলে ক’লে, “দময়ন্তীয়ে আমাৰ অনুমতি লৈ হে নলক বৰণ কৰিছে। প্ৰকৃততে নল সৰ্বগুণসম্পন্ন আৰু দময়ন্তীৰ বাবে উপযুক্ত। তেওঁ সকলো প্ৰকাৰৰ ধৰ্মৰ বিষয়ে জ্ঞাত। তেওঁ ইতিহাসৰ সৈতে বেদবোৰো অধ্যয়ন কৰিছে। তেওঁক কোনো শাপ দিয়া মানে নিজেই নৰকৰ অগ্নিত জাঁপ দিয়াৰ সমান।” এনেদৰে কৈ দেৱতাসকল নিজ নিজ স্থানলৈ গুচি গ’ল।

ইয়াৰ পিছত কলিযুগে দ্বাপৰক ক’লে, “মই আৰু মোৰ ক্ৰোধ সম্বৰণ কৰিব নোৱাৰোঁ। সেয়ে মই নলৰ শৰীৰত নিবাস কৰিম। মই তেওঁক ৰাজ্যচ্যুত কৰিহে এৰিম। তেতিয়া তেওঁ দময়ন্তীৰ সতে থাকিব নোৱাৰিব। সেয়ে তুমিও পাশাখেলৰ গুটিত সোমাই মোক সহযোগ কৰিবা।”

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

দ্বাপৰে কলিযুগৰ কথা মানি কৰি ল’লে। দ্বাপৰ আৰু কলিযুগ দুয়োৱে নলৰ ৰাজধানীলৈ আহিল। তাতে বসতি স্থাপন কৰি বাৰ বছৰ ধৰি তেওঁলোকে নলৰ কোনো ত্ৰুটি বা ভুল দেখাৰ বাবে অপেক্ষা কৰি ৰ’ল। এদিনাখন ৰজা নলে সন্ধিয়াৰ সময়ত প্ৰস্ৰাব কৰি আহি ভৰি নোধোৱাকৈ সন্ধ্যা বন্দনা কৰিবলৈ বহিল। এই অপবিত্র অৱস্থা দেখি কলিযুগে তেওঁৰ শৰীৰত প্রবেশ কৰিবলৈ সুবিধা পালে।

আন এটা ৰূপ লৈ তেওঁ নলৰ ভাতৃ পুষ্কৰৰ ওচৰলৈ গৈ নানা চলাহী কথাৰে তেওঁৰ মন ভুলাই তেওঁক ক’লে, “আপুনি নলৰ সৈতে জুৱা খেলি মোক সহায় কৰক। জুৱাখেলত জিকি নৈষধ ৰাজ্যখন নিজৰ কৰি লওক।”

পুষ্কৰে ৰাজ্যৰ লোভত তেওঁৰ কথাবোৰ মানি লৈ ৰজা নলৰ ওচৰলৈ গ’ল। দ্বাপৰেও পাশাৰ ৰূপ লৈ তেওঁৰ সৈতে গ’ল। যেতিয়া পুষ্কৰে ৰজা নলক জুৱা খেলিবলৈ আহ্বান জনালে। তেতিয়া ৰজা নলে দময়ন্তীৰ সন্মুখত তেওঁৰ ভায়েকে বাৰে বাৰে দিয়া প্ৰত্যাহ্বান সহ্য কৰিব নোৱাৰিলে। তেওঁ পাশা খেলাৰ সিদ্ধান্ত ল’লে। সেই সময়ত নলৰ শৰীৰত কলিযুগ সোমাই আছিল, সেয়ে নলে যি বস্তুৱে খেলত লগাই সেয়াই হাৰে। প্ৰজা আৰু মন্ত্ৰীসকলে ৰজাক বাধা দিব বিচাৰিলে কিন্তু যেতিয়া তেওঁ সন্মত নহ’ল, মন্ত্ৰীসকলে ৰাণী দময়ন্তীৰ দ্বাৰা ৰজাক বাধা দিবলৈ দ্বাৰপালৰ হতুৱাই বাৰ্তা প্ৰেৰণ কৰিলে। তেতিয়া ৰাণী দময়ন্তীয়ে নলক ক’লে যে, “আপোনাৰ খেলৰ বাবে আপোনাৰ গোটেই প্ৰজাবোৰে কষ্ট পাই অধৈৰ্য হৈ পৰিছে। কিন্তু আপুনি…..।”

এইখিনি কৈয়ে দময়ন্তীয়েও কান্দিবলৈ ধৰিলে। কিন্তু ৰজা নল কলিযুগৰ প্ৰভাৱত আছিল। সেইকাৰণে কাৰো একো হাক-বচন শুনা নাছিল। ওপৰেঞ্চি যি পাশাই নিক্ষেপ কৰে তাৰ ওলোটাহে হয়। দময়ন্তীয়ে এই সকলোবোৰ দেখি ধাইক মাতিলে আৰু তেওঁৰ দ্বাৰা ৰজা নলৰ সাৰথি বাষ্পৈয়ক মাতিলে। তেওঁ ক’লে, “সাৰথি, আপুনি জানেনে যে মহাৰাজ যথেষ্ট শংকটত আছে। এই কথাটো আপোনাৰ পৰা আৰু লুকাই থকা নাই। আপুনি ৰথ তৈয়াৰ কৰক আৰু মোৰ ল’ৰা-ছোৱলীক ৰথত বহুৱাই মাৰ ঘৰলৈ লৈ যাওঁক।”

তাৰ পিছত পুষ্কৰে ৰজা নলৰ সকলো ধন লৈ ক’লে যে, “আপোনাৰ ওচৰত জুৱাত লগাবলৈ আৰু কিবা আছে নে নাই! যদি আপুনি দময়ন্তীক জুৱাত লগোৱাৰ যোগ্য বুলি বিবেচনা কৰে, তেওঁকে লগাওক।”

কলিযুগৰ প্ৰভাৱৰ বাবে নলে ৰাজ্য, ধন- সম্পদ সকলো হাৰি একেবাৰে নিঃকিন অৱস্থা পালে। কিন্তু তেওঁ দময়ন্তীক জুৱাত নলগালে। তেওঁ শৰীৰত পিন্ধি থকা এটুকুৰা কাপোৰৰ বাদে সকলো বস্তুৱে জুৱাত হাৰিল আৰু ঘৈণীয়েক দময়ন্তীৰ সৈতে বনলৈ গুচি গ’ল। তাত গৈ এখন আশ্ৰমত আশ্ৰয় ল’লে।

এদিন নলে দেখিলে যে তেওঁৰ কাষত বহুতো চৰাই বহি আছে। সিহঁতৰ পাখিবোৰ সোণৰ দৰে জিলিকি আছে। নলে ভাবিলে যে ইহঁতৰ পাখিবোৰ বেছি মই কিছু ধন পাব পাৰোঁ। এনেদৰে ভাবি সিহঁতক ধৰাৰ বাবে নলে নিজৰ পিন্ধি থকা কাপোৰখনে সিহঁতৰ গাৰ ওপৰলৈ দলিয়াই দিলে। চৰাইবোৰে তেওঁৰ কাপোৰখন লৈ উৰি গ’ল। এতিয়া ৰজা নলে নিজৰ কাপোৰখনো হেৰুৱাই কাপোৰ নিপিন্ধাকৈয়ে দুখী দুখী মনোভাৱেৰে মূৰ তল কৰি থিয় হৈ ৰ’ল।

চৰাইবোৰে ক’লে, “তই এখন বস্ত্ৰ পিন্ধি নগৰৰ পৰা ওলাই আহিছিলি। তেতিয়া আমি তোক দেখি বৰ দুখ পাইছিলোঁ, কিন্তু এতিয়া আমিয়ে তোৰ শৰীৰৰ পৰা সেই একমাত্ৰ কাপোৰখনো লৈ গলো। কিয়নো আমি চৰাই নহয়, আমি জুৱাৰ খেলৰ পাশাহে।

নলে দময়ন্তীক পাশাই চৰাই হৈ অহা কথাখিনি কৈ দিলে। আৰু ক’লে, “এই যে তুমি দেখিছা, আমাৰ সন্মুখত বহু কেইটা পথ আছে। তাৰে এটা অৱন্তীলৈ যায়। দ্বিতীয়টো পৰ্বত পাৰ হৈ দক্ষিণ দিশলৈ যায়। সন্মুখত বিন্ধ্যাচল পৰ্বত আছে। এই পয়োষ্ণী নদী সাগৰৰ সৈতে মিলিত হয়। সন্মুখৰ ৰাস্তাটো বিদৰ্ভ দেশলৈ যায়। এইটো কৌশল দেশলৈ যোৱাৰ পথ।”

এনেদৰে দুখ আৰু শোকত আতুৰ হৈ থকা ৰজা নলে দময়ন্তীক অতি সাৱধানে বিভিন্ন আশ্ৰমৰ পথবোৰৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে। যাতে দময়ন্তীৰ পথ ভুল নহয়। দময়ন্তীৰ চকু পানীৰে ভৰি পৰিল। দময়ন্তীয়ে ৰজা নলক ক’লে, “আপুনি ভাবেনে যে মই আপোনাক এৰি অকলে কৰবালৈ যাম? আপোনাৰ দুখ আঁতৰাবলৈ মই আপোনাৰ সৈতে থাকিম। দুখৰ সময়ত পত্নী এগৰাকীয়েই পুৰুষৰ বাবে ঔষধৰ দৰে হয়।” তাই ধৈৰ্য্য সহকাৰে নলৰ কষ্ট হ্ৰাস কৰাৰ চেষ্টা কৰিলে।

সেই সময়ত নলৰ শৰীৰত কোনো কাপোৰ নাছিল। মাটিত শুৱলৈও তৃণৰ কঠৰ ব্যৱস্থা কৰাৰ শক্তি নাছিল। তেওঁৰ শৰীৰটো ধুলিৰে লেতেৰা হৈ পৰিছিল। ভোক-পিয়াহত আক্ৰান্ত হৈ ৰজা নলে মাটিতে টোপনি গ’ল। দময়ন্তীয়েও তেওঁৰ সৈতে এই সকলোবোৰ শাস্তি ভুগি আছিল। দময়ন্তী টোপনি যোৱাৰ অলপ পিছতে ৰজা নলৰ টোপনি ভাঙি গ’ল। সঁচা কথাটো এয়ে যে দুখ আৰু শোকৰ বাবে তেওঁৰ টোপনিও ভালদৰে অহা নাছিল। তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে যে দময়ন্তীয়ে তেওঁক বহুত ভাল পায়। প্ৰেমৰ বাবেই তেওঁ ইমান কষ্ট পাব লগা হৈছে। যদি মই দময়ন্তীক এৰি গুচি যাওঁ সম্ভৱতঃ তেওঁৰ জীৱন বৰ্তমানতকৈ উন্নত আৰু সুখীও হ’ব পাৰে। শেষত ৰজা নলে এয়াই নিশ্চিত কৰিলে।

দময়ন্তী এগৰাকী পতিব্ৰতা তিৰোতা আছিল। সেয়ে তেওঁৰ সতীত্ব কোনেও ভংগ কৰিব নোৱাৰে। এইদৰে ভাবি ভাগ্যৰ ওচৰত হাৰ মানি আৰু সতীত্ব সম্পৰ্কে থকা শংকা দূৰ হোৱাত ৰজা নলে ভাবিলে যে, মই উলংগ আৰু দময়ন্তীৰ শৰীৰতো মাত্ৰ এখনে পোছাক আছে। তথাপিও, তেওঁৰ আধা কাপোৰ ছিঙি নিয়াটো ভাল হ’ব বুলি তেওঁ নিশ্চিত কৰিলে কিন্তু তেওঁ এয়া ফালিব কিদৰে? হয়তো এনে কৰিলে দময়ন্তীয়ে সাৰ পাব? ৰজা নলে এই কথা ভাবি দময়ন্তীক লাহেকৈ ওপৰলৈ তুলি লৈ শৰীৰৰ আধা কাপোৰ ছিঙি পেলালে আৰু নিজৰ শৰীৰটো ঢাকি ল’লে। দময়ন্তী শুইয়ে আছিল। ৰজা নলে তেওঁক এৰি গুচি গ’ল।

অলপ সময়ৰ পিছত তেওঁৰ মনটো কিছু শান্ত হ’ল আৰু পুনৰ আশ্ৰমলৈ ঘূৰি আহিল। কিছু সময় তেওঁ তাতে ঘূৰি ফুৰিলে আৰু ভাবিবলৈ ধৰিলে যে এতিয়ালৈকে দময়ন্তীয়ে ৰাজকীয় পৰিৱেশত ৰাজকীয় পৰ্দাৰ আঁৰত বাস কৰিছে যাৰ বাবে কোনেও তেওঁক স্পৰ্শ কৰিব নোৱাৰিলে। আজি তেওঁ অনাথৰ দৰে আধা পোছাক পিন্ধি ধূলিত শুই আছে। মই অবিহনে তেওঁ দুখী হৈ অকলে কেনেকৈ অৰণ্যত বাস কৰিব? কিন্তু তথাপিও মই তোমাক এৰি যাব ওলালোঁ, সকলো দেৱতাই তোমাৰ সুৰক্ষা কৰক। মই তোমাৰ লগত থাকিলে তোমাৰ অৱস্থা আৰু বেছি বেয়া হ’ব।

সেই সময়ত ৰজা নলৰ হৃদয় বিচ্ছেদৰ দুখৰ প্ৰকোপত টুকুৰা টুকুৰা কৈ বিচ্ছিন্ন হৈ পৰিছিল। শৰীৰত কলিযুগৰ প্ৰৱেশৰ ফলত তেওঁৰ বুদ্ধি ধ্বংস হৈছিল। সেয়ে তেওঁ মনটোক প্ৰবোধ দি তেওঁৰ পত্নীক অকলেই তাত এৰি অৰণ্যলৈ পুনৰ গুচি গ’ল। দময়ন্তীৰ টোপনি ভাঙি যোৱাৰ পিছত তেওঁ দেখিলে যে ৰজা নল তাত নাই। এয়া দেখি তেওঁ আচৰিত হ’ল আৰু ৰজা নলক বিচাৰি বিচাৰি মাতিবলৈ আৰম্ভ কৰিলে।

দময়ন্তীয়ে যেতিয়া ৰজা নলক বহুদেৰিলৈ দেখা নাপালে, তাই দুখতে কান্দিবলৈ ধৰিলে। তেওঁ ঘূৰি ঘূৰি অৰণ্যৰ মাজভাগ গৈ পালে। তাত অজগৰ সাপ এটাই দময়ন্তীক গিলিবলৈ খেদি আহিল। দময়ন্তীয়ে সহায়ৰ বাবে চিঞৰিলে আৰু তেওঁৰ চিঞৰ এটা ব্যাধৰ কাণত পৰিল। তেওঁ তাতে চিকাৰ বিচাৰি আছিল। তেওঁ তালৈ দৌৰি আহিল আৰু দেখিলে যে এডাল অজগৰে সুন্দৰী দময়ন্তীক গিলিব ধৰিছে। তীক্ষ্ণ অস্ত্ৰ প্ৰয়োগ কৰি তেওঁ অজগৰৰ মুখখন কাটি পেলালে। তেওঁ দময়ন্তীক উদ্ধাৰ কৰি তাইৰ গা ধুৱাই দিলে আৰু নিৰ্ভয় প্ৰদান কৰি কিছু খাদ্য খাবলৈ দিলে। দময়ন্তী কিছু সময় পিছত শান্ত হ’ল।

তেতিয়া ব্যাধে সুধিলে, “সুন্দৰী! কোন তুমি? কি সমস্যাত পৰি অথবা কি উদ্দেশ্যৰে ইয়ালৈ আহিছা?”

দময়ন্তীৰ সৌন্দৰ্য, বিনয়ী ভাৱ আৰু আকৰ্ষণীয় ৰূপে ব্যাধক আকৰ্ষিত কৰিছিল। তেওঁ দময়ন্তীৰ সৈতে মিঠা মিঠাকৈ কথা পাতি তাইৰ মন জয় কৰাৰ চেষ্টা কৰিলে। দময়ন্তীয়ে তেওঁৰ মনৰ অনুভৱক বুজি উঠিল। দময়ন্তীক সেই ব্যাধে ধৰ্ষণ কৰাৰ চেষ্টা কৰিলে। দময়ন্তীয়ে বহু সময় ধৰি তেওঁক তেনে কৰাৰ বাবে বাধা প্ৰদান কৰিলে যদিও তেওঁ আকৌ তেনে কৰিবলৈ আগবঢ়াত দময়ন্তীয়ে তেওঁক শাপ দিলে যে যদি দময়ন্তী পতিব্ৰতা নাৰী হয় আৰু ৰজা নলক বাদ দি আন পুৰুষৰ চিন্তা কৰা নাই তেন্তে এই ব্যাধৰ এতিয়াই ইয়াতে মৃত্যু হওঁক। দময়ন্তীৰ কথাখিনি শেষ হোৱাৰ লগে লগে ব্যাধৰ প্ৰাণবায়ু ওলাই গ’ল। ব্যাধৰ মৃত্যুৰ পিছত দময়ন্তী তাৰ পৰা গৈ এখন অতি ভয়ঙ্কৰ আৰু নিৰ্জন বনত উপস্থিত হ’ল।

ৰজা নলৰ ঠিকনা বিচাৰি বিচাৰি দময়ন্তী উত্তৰৰ দিশে আগবাঢ়িল। তিনিদিন আৰু তিনিৰাতি পাৰ হোৱাৰ পিছত, দময়ন্তীয়ে দেখিলে যে তেওঁৰ সন্মুখত এখন অতি ধুনীয়া তপোবন আছে। যি বহুতো ঋষিৰ নিৱাসস্থলী। তাই আশ্ৰমলৈ গৈ অতি নম্ৰতাৰে তাৰ নিৱাসীসকলক নমস্কাৰ কৰিলে আৰু হাত জোৰ কৰি থিয় হ’ল। ঋষিসকলে দময়ন্তীক আদৰণি জনালে আৰু তাইক বহিবলৈ ক’লে। দময়ন্তীয়ে এগৰাকী ভদ্ৰ মহিলাৰ আচৰণেৰে সকলোৰে খা-খবৰ সুধিলে।

তাৰ পিছত ঋষিসকলে দময়ন্তীক সুধিলে, “তুমি কোন?” তাৰ পিছত দময়ন্তীয়ে তাইৰ সম্পূৰ্ণ পৰিচয় দিলে আৰু ঋষিসকলক তাইৰ সকলো কাহিনী বৰ্ণনা কৰিলে। তেতিয়া সকলো তপস্বীয়ে তেওঁক আশীৰ্বাদ কৰিলে যে অলপ সময়ৰ ভিতৰতে নৈষধৰ ৰজাই তেওঁৰ ৰাজ্য ঘূৰাই পাব। তেওঁৰ শত্ৰুসকলে তেওঁৰ পৰাক্ৰমত ভয় খাব আৰু তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়াল আনন্দিত হ’ব। এইকথা কোৱাৰ পিছত, সকলো ঋষি অন্তৰ্ধান হৈ গ’ল।

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

এইদেখি দময়ন্তীয়ে কান্দি কান্দি তাত থকা অশোক গছৰ ওচৰলৈ আহি ক’লে, “হে দুখমোচক! আপুনি মোৰ দুখ মচি পেলাওক। হে দুখমোচক অশোক মোৰ দুখ নোহোৱা কৰক। আপুনি কেতিয়াবা ক’ৰবাত ৰজা নলক দুখেৰে ঘূৰি ফুৰা দেখিছে নেকি? আপুনি আপোনাৰ দুখমোচক নামটো অৰ্থপূৰ্ণ কৰি তোলক, মোক মোৰ প্ৰিয়তম ৰজা নলৰ বাতৰি দিয়ক।”

দময়ন্তীয়ে অশোক গছৰ পৰিক্ৰমা কৰি আগবাঢ়ি গ’ল। তাৰ পিছত, আগলৈ আৰু আগলৈ…. এনেদৰে বহুদূৰ আগবাঢ়ি গ’ল। তাত তেওঁ দেখিলে যে হাতী, ঘোঁৰা আৰু ৰথৰ সৈতে ব্যৱসায়ীৰ এটা দল ক’ৰোৱালৈ আগবাঢ়ি গৈ আছে। ব্যৱসায়ীসকলৰ মুৰব্বীৰ সৈতে কথা পতাৰ পিছত, যেতিয়া দময়ন্তীয়ে গম পালে যে তেওঁলোক সকলোৱে ছেদী দেশলৈ গৈ আছে, তেতিয়া তাইও তেওঁলোকৰ সৈতে যোগ দিলে।

কেইবাদিনো খোজ কাঢ়ি যোৱাৰ পিছত, সেই ব্যৱসায়ীসকল এখন ভয়ংকৰ অৰণ্যত উপস্থিত হ’ল। তাত এটা অতি সুন্দৰ সৰোবৰ আছিল। তেওঁলোক দীঘলীয়া যাত্ৰা কৰাৰ বাবে ভাগৰি পৰিছিল। গতিকে সেই মানুহবোৰে তাত সিদিনাৰ বাবে ৰৈ গ’ল। ৰাতি সকলো শুৱাৰ পিছত এটা বনৰীয়া হাতীৰ জাক আহিল। হাতীৰ খোজৰ শব্দত দময়ন্তীৰ টোপনি ভাঙি গ’ল। তাই দেখিলে যে হাতীবোৰে এফালৰ পৰা সকলোকে মহতিয়াই নি আছে।

সেই দৃশ্যটো দেখি তাই কি কৰিব লাগে সেয়াও পাহৰি গৈছিল। সেই সকলো ব্যৱসায়ীৰে হাতীৰ গচকত মৃত্যু হ’ল। দময়ন্তীয়ে ভয়তে তাৰ পৰা পলাই গ’ল আৰু অলপ দূৰৰে গৈ থকা কিছুসংখ্যক ব্ৰাহ্মণ পদযাত্ৰীৰ সৈতে লগ হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। গধূলিৰ সময়ত তেওঁলোক গৈ ৰজা সুবাহুৰ ৰাজ্যত উপস্থিত হ’ল। তাৰ বাসিন্দা সকলে দময়ন্তীৰ কাপোৰ-কানি তথা দেহৰ অৱস্থা দেখি তাইক পাগলী বুলি ভাবিলে আৰু সৰু ল’ৰা- ছোৱালীবোৰে তাইক আমনি কৰিবলৈ আৰম্ভ কৰিলে। দময়ন্তীয়ে বিবশ হৈ চাই থাকিল।

সেই সময়ত, ৰাজমাতাই প্ৰাসাদৰ বাহিৰফালৰ খিৰিকীৰে প্ৰজালৈ চাই আছিল। তেওঁ দাসীক ক’লে, “সেই মহিলাগৰাকী বৰ দুখী যেন অনুভৱ হৈছে। যোৱাচোন! তাইক মোৰ ওচৰলৈ লৈ আহা।”

দাসীগৰাকীয়ে দময়ন্তীক ৰাণীৰ ওচৰলৈ লৈ আহিল। ৰাণীয়ে দময়ন্তীক সুধিলে, “কোন তুমি! এইদৰে অচিনাকী ঠাইত ঘূৰি ফুৰিবলৈ ভয় নকৰা নেকি।”

তেতিয়া দময়ন্তীয়ে ক’লে, ” নাই নকৰোঁ। কিয়নো মই এগৰাকী পতিব্ৰতা তিৰোতা। মই দাসীৰ কাম কৰোঁ আৰু মই কাম বিচাৰিয়ে ঘূৰি আছোঁ।”

তেতিয়া ৰাণীয়ে ক’লে, “ঠিক আছে, তুমি মোৰ প্ৰাসাদতে দাসী হিচাপে থাকি যোৱা।”

তেতিয়া দময়ন্তীয়ে কলে, “যদি মই ইয়াতে থাকিব লাগে; মই থাকিম। কিন্তু মোৰ তিনিটা চৰ্ত আছে। সেয়া হৈছে যে, মই কাৰো এৰেহা নাখাম, ভৰি ধুৱাব নোৱাৰিম আৰু পৰপুৰুষৰ সৈতে কথা-বতৰা নাপাতো।”

ৰাণীয়ে ক’লে, “ঠিক আছে, মই তোমাৰ চৰ্তবোৰ মানি লৈছোঁ।” এইদৰে কৈ দময়ন্তীয়ে ইয়াত দাসীৰ কাম কৰি থাকিল।

আনফালে যি সময়ত ৰজা নলে দময়ন্তীক শুই থকা অৱস্থাত এৰি আগবাঢ়ি গৈছিল, সেই সময়ত অৰণ্যত জুই লাগি আছিল। তাৰ পিছত নলে এটা শব্দ শুনিবলৈ পালে। ৰজা নলে শীঘ্ৰে সেই দিশে দৌৰিল তেওঁ শুনিলে কোনোৱে কাতৰভাৱে চিঞৰিছে, “মোক সোনকালে বচোৱা। মোক ৰক্ষা কৰা।”

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

তেওঁ শব্দৰ উৎস বিচাৰি দেখিলে যে নাগৰাজে কুণ্ডলী পকাই শুই আছে। তেওঁ নলক ক’লে, “ৰাজন, মই কৰকোটাক নামৰ সাপ। মই নাৰদ মুনিক প্ৰতাৰণা কৰিছিলোঁ। যাৰফলত তেওঁ শাপ দিছিল যে ৰজা নলে মোক উঠাই নোলোৱালৈ মই ইয়াতে শুই থাকিম। আপুনি মোক উঠাই ল’লেই মই অভিশাপৰ পৰা মুক্তি পাব পাৰিম। তেওঁৰ অভিশাপৰ বাবেই মই ইয়াৰ পৰা আৰু এখোজো আগুৱাই যাব নোৱাৰোঁ। আপুনি মোক এই অভিশাপৰ পৰা মুক্ত কৰক। মই আপোনাৰ হিতৰ বিষয়ে কিছু কথা ক’ম আৰু আপোনাৰ বন্ধু হ’ম। মোৰ ওজনক লৈ ভয় নকৰিব মই এতিয়াই নিজকে পাতল কৰি লম। মোৰ ওজন এটা বুঢ়া আঙুলিৰ সমান হ’ব।”

নলে তেওঁৰ কথা শুনি তেওঁক তুলি লৈ জুইৰ প্ৰকোপৰ পৰা বাহিৰলৈ লৈ আহিল। কৰকোটাকে ক’লে, “মোক এই মুহূৰ্ততে মাটিত পেলাই নিদিব। মোক হাতত তুলিয়ে আপুনি মুখেৰে গণনা কৰি কৰি কেইটামান পদক্ষেপ আগবাঢ়ি যাওঁক।”

ৰজা নলে খোজ কাঢ়ি যোৱাৰ দহ নম্বৰ খোজ যোৱাৰ লগে লগে কৰকোটাকে তেওঁক কামুৰি দিলে। কৰকোটকৰ নিয়ম আছিল যে যেতিয়া কোনোবাই কয় যে ‘দশ’ তেতিয়া হে সি কামুৰিব পাৰে।

নল আচৰিত হৈ পৰিল। আচৰিত হৈ পৰা নলক তেওঁ ক’লে, “মহাশয়, ভয় নকৰিব। কোনেও আপোনাক চিনিব নোৱাৰা কৰিবলৈহে মই আপোনাক কামুৰি আপোনাৰ চেহেৰা সলনি কৰি দিছোঁ। কলিযুগে আপোনাক বৰ দুখ দিছে। এতিয়া তেওঁ মোৰ বিষৰ প্ৰভাৱৰ বাবে আপোনাৰ শৰীৰত বৰ দুখেৰে থাকিব। আপুনি মোক সুৰক্ষা প্ৰদান কৰিছে। সেয়ে এতিয়াৰ পৰা কোনো ধৰণৰ হিংসাত্মক জন্তু বা চৰাইৰ পৰা আপোনাৰ কোনো ধৰণৰ ভয় নাথাকিব। এতিয়াৰ পৰা আপোনাক কোনোধৰণৰ বিষে ক্ষতি কৰিব নোৱাৰিব আৰু সদায় যুদ্ধত আপোনাৰে জয় হ’ব।”

এইকথা কোৱাৰ পিছত, কৰকোটাকে দুযোৰ ঐশ্বৰিক পোছাক নলক দিলে আৰু তেওঁ অন্তৰ্ধান হৈ পৰিল। তাৰ পৰা ৰজা নল গুচি গ’ল আৰু দশম দিনা ৰজা ঋতুপৰ্ণৰ ৰাজধানী অযোধ্যাত উপস্থিত হল। তেওঁ তাত গৈ ৰাজদৰবাৰত অনুৰোধ কৰিলে, “মোৰ নাম বাহুক। মই ঘোঁৰা নিৰীক্ষণ আৰু সিহঁতক বিভিন্ন কৌশল শিকোৱাৰ বাবে কাম কৰোঁ। এই সময়ত এই কামৰ বাবে পৃথিৱীত মোৰ দৰে দক্ষ আৰু কোনো নাই। মই পাকঘৰত খাদ্য তৈয়াৰ কৰাতো অতি নিপুণ, মই হস্তশিল্প আৰু অন্যান্য কঠিন কামবোৰৰ সকলো কামতো সহায় কৰিব পাৰো।”

আপুনি মোৰ জীৱিকা নিৰ্ধাৰণ কৰি মোক ৰাখক। তেওঁৰ সকলো কথা শুনি ৰজা ঋতুপৰ্ণই ক’লে, “বাহুক, মই আপোনাক আজিৰ পৰা ঘোঁৰাৰ সকলো কাম অৰ্পণ কৰিলোঁ। কিন্তু মই কামবোৰ শীঘ্ৰে কৰা মানুহে ভাল পাওঁ। আপুনি প্ৰতি মাহে দহ হাজাৰ সোণৰ মোহৰ পাব। কিন্তু আপুনি কিবা এটা কৰক যিয়ে মোৰ ঘোঁৰাবোৰৰ গতি দ্ৰুত হৈ পৰে। ইয়াৰ বাহিৰেও আপোনাৰ সৈতে সদায় বাৰ্ষ্ণোয় আৰু জীবল উপস্থিত থাকিব।

ৰজা নলে দময়ন্তীক প্ৰতিদিনে মনত পেলায় আৰু দুখেৰে ভাবে যে দময়ন্তীয়ে ভোকে পিয়াহে বা কি অৱস্থাত আছে! এইদৰে, ৰজা নলে দময়ন্তীৰ বিষয়ে চিন্তা কৰি কৰিয়ে বহু দিন অতিবাহিত কৰিলে। তেওঁ ঋতুপৰ্ণৰ ওচৰত থাকোতে কোনেও তেওঁক চিনিব নোৱাৰিলে। যেতিয়া ৰজা ভীমকে খবৰ পালে যে মোৰ জোৱাঁই নল আৰু ছোৱালী দময়ন্তীৰ ৰাজপাট নোহোৱা হৈছে আৰু তেওঁলোক বনলৈ গুচি গৈছে।

তাৰ পিছত তেওঁ সুদেৱ নামৰ এজন ব্ৰাহ্মণক নল-দময়ন্তীৰ ঠিকনা বিচাৰি ছেদী ৰাজ্যলৈ পঠালে। সেই ব্ৰাহ্মণে এদিন দময়ন্তীক ৰাজপ্ৰাসাদত দেখা পালে। সেই সময়ত ৰজাৰ প্ৰাসাদত পুণ্যযজ্ঞৰ আয়োজন কৰা হৈছিল। দময়ন্তী- সুনন্দাই একেলগে বহি অনুষ্ঠানটো চাই আছিল। সুদেৱ ব্ৰাহ্মণে দময়ন্তীক দেখি ভাবিলে,
“এয়া সঁচাকৈয়ে ভিমক কন্যাই হয়নে! মই এইধৰণৰ চেহেৰা আগতে দেখিছোঁ যিটো মই এতিয়াও দেখিছোঁ। বৰ ভাল হ’ল এওঁক দেখাৰ বাবে মোৰ গোটেই যাত্ৰাই সফল হৈ উঠিল।”

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

সুদেৱে দময়ন্তীৰ ওচৰলৈ গ’ল আৰু তেওঁক ক’লে, “দময়ন্তী, মই তোমাৰ পিতৃৰ বন্ধু সুদেৱ। মই তোমাৰ পিতৃৰ আদেশতে তোমাক বিচাৰিবলৈ ইয়ালৈ আহিছোঁ।”

দময়ন্তীয়েও ব্ৰাহ্মণক চিনি পালে। তাই সকলোৰে কুশল-বাৰ্তা সুধিবলৈ আৰম্ভ কৰিলে আৰু তাই সোধাৰ লগে লগে কান্দিবলৈ ধৰিলে। দময়ন্তীয়ে কান্দি থকা দেখি সুনন্দাই ভয় খাই উঠিল। তাই ৰাজমাতাৰ ওচৰলৈ গৈ সকলো কথা ক’লে। ৰাজমাতাই লগে লগে তাইৰ প্ৰাসাদৰ পৰা ওলাই আহিল। তেওঁ ব্ৰাহ্মণৰ ওচৰলৈ গৈ সুধিলে, “মহাশয়, এয়া কাৰ পত্নী? এয়া কাৰ ছোৱালী? এওঁ পৰিয়ালৰ পৰা কেনেকৈ আঁতৰি আহিল?”

তেতিয়া সুদেৱে তেওঁক সম্পূৰ্ণৰূপে দময়ন্তীৰ পৰিচয়টো দি দিলে। সুনন্দাই নিজৰ হাতেৰে দময়ন্তীৰ মুখখন ধুই দিলে। যাৰ ফলত তেওঁৰ ভ্ৰূৰ মাজৰ ৰঙা চিহ্নটো চন্দ্ৰৰ দৰে দেখা গ’ল। তেওঁৰ মুখত তিল থকা দেখি সুনন্দা আৰু ৰাজমাতা দুয়ো কান্দি উঠিল। ৰাজমাতাই ক’লে, “মই এই তিলটো দেখি চিনিলোঁ যে তুমি মোৰ ভগ্নীৰ ছোৱালী।”
ইয়াৰ পিছত তেওঁলোকৰ মাজত নানান কথা বতৰা হ’ল আৰু শেষত দময়ন্তী তাইৰ দেউতাকৰ ঘৰলৈ গুচি গ’ল।

দেউতাকৰ ঘৰত এদিন জিৰণিৰ সময়ত দময়ন্তীয়ে মাকক ক’লে, “মা, মই আপোনাক সঁচা কথাটো কওঁ। যদি আপুনি মোক জীয়াই ৰাখিব বিচাৰে, আপুনি মোৰ স্বামীক বিচাৰি আনিব লাগিব।”

ৰাণীয়ে তেওঁৰ কথা শুনি নলক বিচৰাৰ বাবে ব্ৰাহ্মণসকলক নিযুক্ত কৰিলে। দময়ন্তীয়ে ব্ৰাহ্মণসকলক ক’লে, “আপুনালোকে য’লৈকে নাযাওঁক, সেই ঠাইৰ ভিৰৰ মাজলৈ যাব আৰু কব ‘হে মোৰ প্ৰিয়তম, আপুনি মোৰ শাৰীখনৰ পৰা আধা অংশ ছিঙি আপোনাৰ দাসীক যি অৱস্থাত এৰি আহিছে আৰু তেওঁ সেই আধা শাৰী পিন্ধা অৱস্থাতে আজিও আপোনাৰ বাবে অপেক্ষা কৰি আছে।’ আপোনালোকে মোৰ অৱস্থাৰ বৰ্ণনা কৰিব আৰু এনেদৰেই ক’ব। যাতে তেওঁ মোৰ ওপৰত সন্তুষ্ট হয় আৰু দয়া কৰিব পাৰে।”

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

বহুদিনৰ পিছত এজন ব্ৰাহ্মণ ঘূৰি আহিল। তেওঁ দময়ন্তীক ক’লে, “মই ৰজা ঋতুপৰ্ণৰ ওচৰলৈ গৈছিলোঁ আৰু ৰাজসভাত আপোনাৰ কথাখিনিকে পুনৰাবৃত্তি কৰিছিলোঁ, কিন্তু কোনেও একো উত্তৰ দিয়া নাছিল। যেতিয়া মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া বাহুক নামৰ ৰথীজনে মোক নিৰ্জন ঠাইলৈ মাতি নিছিল, তেওঁৰ হাত সৰু আৰু তেওঁৰ শৰীৰটো দেখাত বৰ কুৎসিত আছিল। তেওঁ দীঘলীয়া উশাহ লৈ কান্দিছিল আৰু মোক কৈছিল, “উচ্চ কুলৰ মহিলাসকলৰ স্বামীয়ে তেওঁলোকক এৰি গ’লেও, তেওঁলোকে তেওঁলোকৰ শালীনতা সুৰক্ষিত কৰি ৰাখিব পাৰে।

প্ৰতিকূল পৰিৱেশৰ বাবে ত্যাগ কৰা মানুহজন দুখী আৰু অচেতন অৱস্থাত অছিল। যাৰবাবে প্ৰকৃততে তেওঁৰ ওপৰত খং কৰাটো উচিত নহয়। কিন্তু তেওঁ সেই সময়ত বহুত বিচলিত হৈছিল। যেতিয়া তেওঁ নিজৰ জীৱনৰ বাবে জীৱিকা বিচাৰি আছিল। আৰু তেনে সময়তে চৰাইবোৰে তেওঁৰ কাপোৰ লৈ উৰি যোৱাত তেওঁ বিবশ হৈ পৰিছিল।” ব্ৰাহ্মণে এই কথাখিনি কোৱাৰ লগে লগে দময়ন্তীয়ে বুজি উঠিল যে তেওঁৱে ৰজা নল।

ব্ৰাহ্মণৰ কথা শুনি দময়ন্তীৰ চকু পানীৰে ভৰি পৰিল। তেওঁ মাকক সকলো কথা ক’লে। তাৰ পিছত তেওঁ ক’লে, “এই কথাটো আপুনি এতিয়াই দেউতাক আৰু নক’ব। মই সুদেব ব্ৰাহ্মণক এই কামৰ বাবে নিয়োগ কৰিলোঁ।”

তেতিয়া দময়ন্তীয়ে সুদেৱক ক’লে, “ব্ৰাহ্মণ দেৱ, যিমান সম্ভৱ সোনকালে অযোধ্যা চহৰত উপস্থিত হওক আৰু ৰজা ঋতুপৰ্ণক এইটো কওঁক যে দময়ন্তীয়ে পুনৰ স্বেচ্চাই স্বামীক নিৰ্বাচন কৰিব বিচাৰিছে। যাৰ বাবে স্বয়ম্বৰ পাতিছে। মহান মহান ৰজা আৰু ৰাজকুমাৰসকল গৈ আছে তালৈ। স্বয়ম্বৰৰ তাৰিখ কাইলৈয়ে। গতিকে, যদি আপুনি তালৈ শীঘ্ৰে যাব পাৰে, যাওক। কোনেও নাজানে যে নল জীয়াই আছে নে নাই, সেয়ে কাইলৈ তাই সূৰ্য্যোদয়ৰ আগতে স্বামী বাছনি কৰিব।”

দময়ন্তীৰ কথা শুনি সুদেৱে অযোধ্যালৈ গৈ ৰজা ঋতুপৰ্ণক সকলো কথা ক’লে। সুদেৱৰ কথা শুনি তেওঁ বাহুকক মাতিলে আৰু কলে “বাহুক কাইলৈ দময়ন্তীৰ স্বয়ম্বৰ আৰু আমি যিমান সম্ভৱ সোনকালে তাত উপস্থিত হ’ব লাগিব। যদি তুমি মোৰ বাবে সোনকালে তালৈ গৈ পোৱাটো সম্ভৱ কৰি তুলিব পাৰা, মই তালৈ যাম।”

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

ঋতুপৰ্ণৰ কথা শুনি নলৰ কলিজাটো যেন ফাটিবলৈ হে ধৰিলে। তেওঁ ভাবিলে যে দময়ন্তীয়ে কেৱল দুখ আৰু অজ্ঞানতাৰ বাবেহে এয়া কৰিছে। সম্ভৱতঃ তেওঁ সেইটো কৰিব বিচাৰিবও পাৰে। নলে দ্ৰুত গতিৰ ৰথখনত চাৰিটা শ্ৰেষ্ঠ ঘোঁৰা বান্ধি ল’লে। ৰজা ঋতুপৰ্ণই ৰথত উঠিল। বাটত, ঋতুপৰ্ণই তেওঁক পাশাৰ বশীকৰণ বিদ্যা শিকালে কাৰণ তেওঁ বাহুকৰ পৰা ঘোঁৰাৰ কলা শিকিবলৈ প্ৰলোভিত হৈছিল। যি সময়ত ৰজাই নলক এই বিদ্যা শিকালে সেই সময়তে, কলিযুগে ৰজা নলৰ শৰীৰৰ পৰা ওলাই আহিল।

কলিযুগে নলৰ পিছ এৰি দিলে। কিন্তু তেওঁৰ ৰূপ এতিয়াও সলনি হোৱা নাছিল। তেওঁ তেওঁৰ ৰথখন জোৰেৰে চলাইছিল আৰু সন্ধিয়ালৈ তেওঁ বিদৰ্ভ দেশ পালে। ৰজা ভীমকলৈ খৱৰ প্ৰেৰণ কৰা হ’ল। তেওঁ ঋতুপৰ্ণক নিজৰ ওচৰলৈ মাতি নিলে। ঋতুপৰ্ণৰ ৰথৰ শব্দ চাৰিওদিশে প্ৰতিধ্বনিত হ’ল। দময়ন্তীয়ে ৰথৰ শব্দৰ পৰা বুজি পালে যে এয়া নিশ্চয় মোৰ স্বামীদেৱে চলোৱা ৰথৰ শব্দ। আৰু ভাবিলে যদি তেওঁ আজি মোৰ ওচৰলৈ নাহে, মই জুইত পৰি মৰি থাকিম।

তাৰ পিছত, যেতিয়া অযোধ্যা ৰজা ঋতুপৰ্ণই ৰজা ভীমকৰ ৰাজসভাত উপস্থিত হ’ল, তেতিয়া তেওঁ যথেষ্ট সন্মান লাভ কৰিলে। ভীমক একেবাৰে অৱগত নাছিল যে তেওঁ স্বয়ম্বৰৰ আমন্ত্ৰণ পাইহে ইয়ালৈ আহিছে। যেতিয়া ঋতুপৰ্ণই স্বয়ম্বৰৰ কোনো প্ৰস্তুতি দেখা নাপালে, তেওঁ স্বয়ম্বৰৰ কথাটো বাদ দি ক’লে, “মই মাত্ৰ আপোনাক দেখা কৰিবলৈহে ইয়ালৈ আহিছোঁ।”
ভীমকে ভাবিবলৈ ধৰিলে যে এশ যোজনৰো অধিক দূৰলৈ কোনেও আৰু এনেই অভিবাদন কৰিব নাহে। কিন্তু তেওঁ এইবিষয়ে চিন্তা কৰিবলৈ বাদ দি ঋতুপৰ্ণক আদৰ সৎকাৰ কৰিলে। বাহুক বৰ্ষ্ণোয়ৰ সৈতে ঘোঁৰাশালত থাকি ঘোঁৰাবোৰৰ চোৱা চিতা কৰি থাকিল।

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

দময়ন্তীয়ে আতুৰ হৈ উঠিল যে ৰথৰ শব্দহে শুনা গৈছে, কিন্তু ক’তোৱে চোন মই মোৰ স্বামীক দেখা নাই। হয়তো বৰ্ষ্ণোয়ে নিশ্চয় তেওঁৰ পৰা ৰথ বিদ্যা শিকি আছে। তাৰ পিছত তেওঁ তেওঁৰ দাসীক ক’লে, “যোৱা, আৰু এই কথাৰ ৰহস্যটো উলিয়াই আহা যে এই কুৎসিত পুৰুষজন আচলতে কোন? সম্ভৱ হ’ব পাৰে যে এইজনে মোৰ স্বামী। মই ব্ৰাহ্মণসকলৰ দ্বাৰা যি বাৰ্তা প্ৰেৰণ কৰিছিলোঁ সেয়াই তেওঁক কবা আৰু তেওঁ যি উত্তৰ দিয়ে মোক সেয়া জনাবা।”

তাৰ পিছত দাসীগৰাকীয়ে বাহুকৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “ৰজা নল ক’ত আছে আপুনি জানে নেকি? নে আপোনাৰ ৰথী বাৰ্ষ্ণোয়ে জানে?”

বাহুকে ক’লে, “মই তেওঁৰ বিষয়ে একো নাজানো, কেৱল মই এয়াহে জানো যে বৰ্তমান সময়ত নলৰ ৰূপ সলনি হৈছে। তেওঁ আত্মগোপন কৰি আছে। তেওঁক অকল তেওঁ নিজেহে বা তেওঁৰ পত্নী দময়ন্তীয়েহে চিনিব পাৰিব কিয়নো তেওঁ তেওঁৰ গোপন চিহ্নবোৰ আনৰ ওচৰত প্ৰকাশ কৰিব নিবিচাৰে।”

এতিয়া দময়ন্তীৰ আশংকা আৰু বাঢ়ি গ’ল আৰু দৃঢ় হৈ পৰিল যে এয়াই ৰজা নল। তেওঁ দাসীগৰাকীক ক’লে, “আকৌ বাহুকৰ ওচৰলৈ যোৱা আৰু একো নোকোৱাকৈ তেওঁৰ কাষত থিয় হৈ থাকা। তেওঁৰ কামবোৰৰ প্ৰতি মনোযোগ দিবা। এতিয়া যদি তেওঁ জুই বিচাৰে নিদিবা, পানী বিচাৰিলেও পলমকৈ দিবা। আৰু লগে লগে আহি মোক তেওঁৰ আওঁ-ভাওৰ বিষয়ে ক’বা।”

তাৰ পিছত তেওঁ দেৱতা আৰু মানুহৰ মাজৰ বহু চৰিত্ৰৰ সমাহাৰ বাহুকৰ ওচৰত দেখি দময়ন্তীৰ ওচৰলৈ আহিল আৰু ক’লে “বাহুকে সকলো ধৰণে অগ্নি, জল আৰু ভূমিৰ ওপৰত জয় লাভ কৰিছে। মই আজিলৈকে এনেকুৱা পৰাক্ৰমী মানুহ দেখা নাই।” দময়ন্তী তেতিয়া নিশ্চিত হ’ল যে বাহুকে হৈছে ৰজা নল।

তেতিয়া দময়ন্তীয়ে গোটেই কথাবোৰ কৈ নিজৰ মাকক ক’লে, “এতিয়া মই নিজেই সেই বাহুকৰ পৰীক্ষা ল’ব বিচাৰোঁ। গতিকে, আপুনি বাহুকক মোৰ প্ৰাসাদলৈ আহিবলৈ অনুমতি দিয়ক। যদি আপুনি বিচাৰে দেউতাকো এই কথা কৈ দিওক।”

ৰাণীয়ে তেওঁৰ স্বামী ভীমকৰ পৰা অনুমতি ল’লে আৰু বাহুকক তেওঁক ৰাণীৰ ভৱনলৈ মাতিবলৈ আদেশ দিলে। দময়ন্তীয়ে বাহুকৰ সন্মুখত পুনৰ গোটেই কথাবোৰৰ পুনৰাবৃত্তি কৰিলে। তেতিয়া দময়ন্তীৰ চকুৰ পৰা চকুপানী ওলাবলৈ ধৰিলে ইয়াকে দেখি নলে আৰু সহ্য কৰিব নোৱাৰিলে। এনে এক আশ্চৰ্যকৰ দৃশ্য দেখি ৰজা নলে নিজৰ সন্দেহ ত্যাগ কৰিলে আৰু কাৰকোটক সৰ্পই দিয়া পোছাক পিন্ধি তেওঁক স্মৰণ কৰি নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিল।

দুয়োজনে সকলোৰে পৰা আশীৰ্বাদ ল’লে। দময়ন্তীক মাকৰ ঘৰৰ পৰা বহুতো ধন-সম্পদ দি বিদায় দিয়া হ’ল। তাৰপিছত, নল আৰু দময়ন্তী তেওঁলোকৰ ৰাজ্যত উপনীত হ’ল। ৰজা নলে পুষ্কৰক পুনৰ জুৱা খেলাৰ বাবে আহ্বান কৰিলে আৰু পুষ্কৰ লগে লগে ৰাজি হ’ল। নলে জুৱাৰ সকলো বাজিয়ে অনাসয়ে জিকিলে। এইদৰে, নল আৰু দময়ন্তীয়ে পুনৰ তেওঁলোকৰ ৰাজ্য আৰু সম্পদ লাভ কৰিলে আৰু সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।

নল দময়ন্তীৰ অমৰ প্ৰেম কাহিনী

(আশা কৰোঁ আপুনি নল দময়ন্তীৰ কাহিনীটো পঢ়ি ভাল পাইছে। যদি আপুনি পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  নল দময়ন্তীৰ কাহিনীটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top