Black Hole: The Ultimate Guide in Assamese

black hole

নমস্কাৰ বন্ধুসকল। আপোনালোকৰ নিশ্চয় মনত আছেই ২০১৪ চনত পৰিচালক ক্রিষ্টোফাৰ নোলানৰ (Christopher Nolan) ডাঙৰ ব্লকবাষ্টাৰ ছবি ইন্টাৰষ্টেলাৰ মুক্তি পাইছিল। এই ছবিখনত মহাকাশ সম্পৰ্কীয় ধাৰণা, Wormholes, Black Holes, Alien Planets, এই সকলোবোৰ বৈজ্ঞানিকভাৱে সঠিকভাৱে চিত্ৰিত কৰা হৈছিল। কিন্তু হয়তো আটাইতকৈ ভয়ংকৰ দৃশ্যটো আছিল এই ছবিখনৰ শেষৰ ফালে। ক্লাইমেক্সত যেতিয়া ছবিখনৰ মূল চৰিত্ৰ কুপাৰ Black Holes ৰ ভিতৰত সোমাই পৰে। এই Black Holes ৰ নাম Gargantua বুলি ছবিখনত কোৱা হৈছে। 

কুপাৰ নিজৰ মহাকাশযানেৰে Black Hole ৰ ভিতৰত সোমাই পৰে। প্ৰথম অৱস্থাত তেওঁৰ চাৰিওফালে সকলো ক’লা আছিল— সম্পূৰ্ণ অন্ধকাৰ। কিন্তু তেওঁ আৰু অধিক ভিতৰলৈ সোমাই যোৱাৰ লগে লগে তেওঁৰ সন্মুখত কিছুমান দানা সদৃশ কণা লক্ষ্য কৰে। এই কণাবোৰ তেওঁৰ মহাকাশযানৰ ওপৰত পৰি মহাকাশযানখনত আঁচোৰ মাৰে। কিছুমান পোহৰৰ জিলিকনি ওলাই আহে, কিছুমান স্ফুলিংগ ওলায় আৰু তেওঁৰ মহাকাশযানত জুই জ্বলিবলৈ আৰম্ভ কৰে। তেতিয়া তেওঁ মহাকাশযানখনৰ পৰা বাহিৰ ওলাই যাবলৈ বাধ্য হয় আৰু তেওঁ Black Hole ৰ ভিতৰলৈ সোমাই যায়। কিন্তু তাৰ পিছত হঠাতে তেওঁ নিজকে 5 dimensional স্থানৰ ভিতৰত বিচাৰি পায়। এটা five-dimensional tesseract.

black hole

five-dimensional tesseract

এইটো এটা  মন-মগজুক জোকাৰি যোৱা কথা। এই ঠাইখন এখন এনেকুৱা এখন ঠাই য’ত তেওঁ মাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি নিজৰ অতীতৰ সৈতে যোগাযোগ কৰিব পাৰিছিল। এই সকলোবোৰ দেখি নিশ্চয় আপোনাৰ মনতো এটা ডাঙৰ প্ৰশ্নৰ উদয় ঘটিছে। এই সকলোবোৰ সচাঁকৈয়ে সম্ভৱনে? সঁচাকৈয়ে Black Hole ৰ ভিতৰত এনেকুৱা কিবা এটা ঘটে নেকি? প্ৰকৃততে Black Hole ৰ ভিতৰত পৰিলে আমি কি দেখিম? এই সকলোবোৰ প্ৰশ্ন আজিৰ এই লেখনিৰ যোগেদি বুজিবলৈ চেষ্টা কৰোঁ আহক।

Black Holes ৰ ইতিহাস

Black Hole ৰ ইতিহাস বৰ পুৰণি নহয়। এশ বছৰৰ আগতে কোনেও Black Hole ৰ কথা নাজানিছিল। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ বাবেই পিছত Black Hole ৰ আৱিষ্কাৰ হ’ল। এই তত্ত্বৰ আচলতে দুটা অংশ আছে। আপেক্ষিকতাবাদৰ বিশেষ তত্ত্ব আৰু আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্ব।

black hole

১৯০৫ চনত আইনষ্টাইনে প্ৰকাশ কৰা আপেক্ষিকতাবাদৰ বিশেষ তত্ত্বই আমাক কয় যে গতিবেগে সময়ক কেনেদৰে প্ৰভাৱিত কৰে। যদি আপুনি এখন মহাকাশযানত বহি আছে যিখন অতি বেগেৰে চলি আছে তেতিয়া মহাকাশযানৰ বাহিৰত বা পৃথিৱীত থকা লোকসকলৰ তুলনাত সময় আপোনাৰ বাবে লাহে লাহে আগবাঢ়িব। আপুনি কিন্তু মহাকাশযানখনত সময় লাহে লাহে আগবাঢ়িছে বুলি অনুভৱ নকৰিব। আপোনাৰ বাবে সময় সাধাৰণতে যি গতিৰে গতি কৰে, সেই গতিৰে গতি কৰিব। যদি আপুনি পৃথিৱীলৈ উভতি আহে তেতিয়াহে উপলব্ধি কৰিব যে সময় কিমান বেলেগকৈ চলি আছিল। এই বস্তুটোক Kinematic time dilation বোলা হয়। 

সময়ৰ প্ৰসাৰণ (Time dilation)

সময়ৰ প্ৰসাৰণ (Time dilation) কেৱল গতিৰ বাবেই নহয়, মাধ্যাকৰ্ষণৰ বাবেও হ’ব পাৰে, যিটো আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদত ব্যাখ্যা কৰিছিল। ১৯১৫ চনত তেওঁ ইয়াৰ বিকাশ ঘটায়। আপুনি যিমানেই মহাকৰ্ষণ বলৰ Experience কৰিব সিমানেই আপোনাৰ বাবে সময় লেহেমীয়া হ’ব। ইয়াক মহাকৰ্ষণীয় সময় ডায়েলেচন (gravitational time dilation) বোলা হয় আৰু ইয়াক Interstellar ছবিখনত ভালদৰে দেখুওৱা হৈছিল। যেতিয়া কুপাৰ আৰু তেওঁৰ সংগীসকলে Aqua planet ত অৱতৰণ কৰে, তেতিয়া সেই গ্ৰহত তেওঁলোকৰ বাবে এঘণ্টা পৃথিৱীত সাত বছৰৰ সমান আছিল। এই গ্ৰহত এনেকুৱা হোৱাৰ কাৰণ হ’ল এই গ্ৰহটো Gargantua Black Hole ৰ অতি ওচৰত আছিল, গতিকে Black Hole ৰ পৰা অহা মহাকৰ্ষণ বলে ইয়াৰ ওপৰত প্ৰভাৱ পেলাই। 

black hole

Space-time ৰ জাল

এতিয়া এই বস্তুটোক কল্পনা কৰিবলৈ আইনষ্টাইনে কৈছিল যে Space-time ৰ এখন কাপোৰ বা এক প্ৰকাৰৰ জাল কল্পনা কৰক, যাৰ ওপৰত সকলো Planetary object স্থাপন কৰা হৈছে। ইহঁতৰ ভৰ যিমানেই বেছি হব সিমানেই ইহঁতে Space-time ৰ জালখন তললৈ বেঁকা কৰিব আৰু যেতিয়া এই জালখন বেঁকা হ’বলৈ আৰম্ভ কৰিব, তেতিয়া কেৱল ভৌতিক বস্তুৱেই ইয়াৰ প্ৰতি আকৰ্ষিত হোৱাই নহয়, ইয়াৰ বাবে সময়ো প্ৰসাৰিত হৈ আহিব। আৰু শক্তিৰ অন্য ৰূপ যেনে- শব্দ, তাপ আৰু পোহৰো মাধ্যাকৰ্ষণৰ দ্বাৰা প্ৰভাৱিত হয়। এইটোও আছিল আইনষ্টাইনে উলিওৱা আন এক Conclusion.

মাধ্যাকৰ্ষণ শক্তিয়ে প্ৰায় সকলো বস্তুতে প্ৰভাৱ পেলায়। কেৱল ভৌতিক বস্তুকে নহয় তাপ, শব্দ আৰু পোহৰো মাধ্যাকৰ্ষণ বলে আকৰ্ষণ কৰে। গতিকে ইয়াৰ অৰ্থ এইয়াই যে বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা Object থাকিব পাৰে য’ত মহাকৰ্ষণ বল ইমান বেছি যে Light য়ো সম্পূৰ্ণৰূপে শোষণ কৰে আৰু যদি এনে বস্তু থাকে তেন্তে ইয়াৰ অৰ্থ হ’ল যে সেইবোৰ সম্পূৰ্ণ ক’লা হ’ব। আৰু আমি ইয়াক চাব নোৱাৰিম কাৰণ পোহৰো ইয়াৰ পৰা ওলাই আহিব নোৱাৰিব। ইয়াকেই Black Hole বুলি কোৱা হয়। 

কিন্তু আইনষ্টাইনে যেতিয়া তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব প্ৰকাশ কৰিছিল, তেতিয়া সেই সময়ত Black Hole ৰ ধাৰণাটো কেৱল তাত্ত্বিক আছিল। আইনষ্টাইনে জানিছিল যে মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰক প্ৰভাৱিত কৰে আৰু তাত্ত্বিকভাৱে পোহৰ পৰ্যবেক্ষণ কৰিব পৰা বস্তু থাকিব পাৰে। কিন্তু আইনষ্টাইনে নাজানিছিল যে Black Hole প্ৰকৃততে আছে। আচলতে আইনষ্টাইন জীয়াই থকালৈকে তেওঁ Black Hole ৰ ধাৰণাটো অতি আচহুৱা বুলি বিবেচনা কৰিছিল। তেওঁ ভাবিছিল যে তাত্ত্বিকভাৱে এনেবোৰ কথা হ’ব পাৰে কিন্তু বাস্তৱিকভাৱে তেওঁ বিশ্বাস কৰা নাছিল যে এনেবোৰ বস্তু প্ৰকৃততে আছে। গতিকে তেওঁৰ মৃত্যুৰ আগলৈকে Black Hole শব্দটো উদ্ভাৱন হোৱাই নাছিল। 

আইনষ্টাইনৰ তত্ত্বৰ মূল কথাটো আছিল যে পোহৰৰ গতিবেগে মাধ্যাকৰ্ষণৰ প্ৰভাৱ সীমিত কৰে। এনে নহয় যে আমি সকলোতে নিমিষতে মাধ্যাকৰ্ষণ শক্তি অনুভৱ কৰোঁ। ইয়াৰ Upper Limit হ’ল পোহৰৰ গতি। যদি মই ব্যৱহাৰিক উদাহৰণ এটাৰে বুজাই দিওঁ তেন্তে তাৰ অৰ্থ হ’ল- ধৰি লওক সূৰ্য্যটো হঠাতে নোহোৱা হৈ গৈছে। তেতিয়া আমি পৃথিৱীত আঠ মিনিটৰ পিছতহে গম পাম যে সূৰ্য্য নোহোৱা হৈ গৈছে কাৰণ পোহৰ পৃথিৱীত উপনীত হ’বলৈ আঠ মিনিট সময় লাগে। কিন্তু আইনষ্টাইনৰ মতে সূৰ্য্যৰ অন্তৰ্ধানৰ বাবে পৃথিৱীত যি Gravitational Impact পৰিব সেয়াও আঠ মিনিটৰ পিছতহে আমি অনুভৱ কৰিম। বৰ আমোদজনক কথা নহয়নে?

আইনষ্টাইনৰ পিছত আন বহু বিজ্ঞানীয়ে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ ওপৰত কাম কৰিছিল। যেনে Karl Schwarzschild, Johannes Droste, Subrahmanyam Chandrashekar. এই লোকসকলে বহুতো সমীকৰণ সমাধান কৰিলে, এই সমীকৰণবোৰৰ সমাধান উলিওৱাৰ ফলতেই তাত্ত্বিকভাৱে অনুমোদিত হ’ল যে Black Hole ৰ দৰে বস্তু আছে। ১৯৬০ চনৰ ভিতৰত গৱেষক আৰু বিজ্ঞানীসকলে অৱশেষত বিশ্বাস কৰিলে যে কেৱল তাত্ত্বিকভাৱেই নহয়, হয়তো এদিন আমি Black Hole বাস্তৱিকভাৱেও চাব পাৰিম কাৰণ এইবোৰ বস্তু প্ৰকৃততে মহাকাশত আছে। 

১৯৬৪ চনত প্ৰথমবাৰৰ বাবে এখন আলোচনীয়ে Black Hole শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু এই শব্দটো ১৯৬৭ চনৰ পিছতহে জনপ্ৰিয় হৈ উঠিছিল। যেতিয়া এজন পদাৰ্থবিজ্ঞানী জন হুইলাৰে ইয়াক জনপ্ৰিয় কৰি তুলিছিল। যদিও Black Hole শব্দটো যথেষ্ট চাঞ্চল্যকৰ যেন লাগে, তথাপিও ই অলপ বিভ্ৰান্তিকৰ। শব্দটো শুনাৰ পিছত আপুনি তাত এটা গাঁত থকা বুলি অনুভৱ কৰিব। কিন্তু এনে নহয়। মহাকাশত কোনো ফুটা নাই। 

আচলতে তৰাৰ পৰাহে Black Hole ৰ সৃষ্টি হয়। গতিকে ইহঁতৰ কেন্দ্ৰত নিশ্চিতভাৱে কিছু Material আছে। যেনেকৈ সূৰ্য্যটোও এটা তৰা, ইয়াৰ কেন্দ্ৰত পাৰমাণৱিক সংযোজন বিক্ৰিয়া (nuclear fusion reaction) ঘটি থাকে। এই বিক্ৰিয়াবোৰৰ বাবে তাপ আৰু পোহৰ উৎপন্ন হয়। উৎপন্ন হৈ থকা তাপে বাহিৰৰ ফালে এটা বল প্ৰয়োগ কৰে আৰু তৰাবোৰৰ ভিতৰৰ ফালে বলৰ সৃষ্টি হয় মহাকৰ্ষণ বলৰ বাবে যাৰ বাবে তৰাটো গোট খাই জীয়াই আছে। গতিকে এক প্ৰকাৰে প্ৰতিটো নক্ষত্ৰই নিজৰ জীৱনত এক ভাৰসাম্য বজাই ৰাখে। 

এই বিক্ৰিয়াসমূহ সংঘটিত হবলৈ ইন্ধনৰ প্ৰয়োজন হয়, সেয়া হৈছে- হাইড্ৰ’জেন বা হিলিয়াম। কিন্তু এই ইন্ধন চিৰদিনৰ বাবে নাথাকিব। এই ইন্ধন কোনোবাদিনা শেষ হৈ যাব। আৰু এই ইন্ধন শেষ হ’লে বাহিৰলৈ যোৱা শক্তিৰ অস্তিত্ব আৰু নাথাকিব। তেতিয়া ভিতৰৰ পৰা মাধ্যাকৰ্ষণ বল প্ৰতিহত কৰিব পৰা কোনো বল নাথাকিব, গতিকে নিজৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত তৰাটো নিজৰ ওপৰতেই Collapse হব। আৰু এনে হ’বলৈ বহুত সময় লাগিব। 

black hole

কিন্তু ইয়াৰ পিছত কি হ’ব সেয়া নিৰ্ভৰ কৰে সেই তৰাটোৰ ভৰ কিমান তাৰ ওপৰত। ওপৰৰ চিত্ৰত আমি এটা তৰাৰ জীৱনচক্ৰৰ এখন চাৰ্ট দেখিবলৈ পাওঁ। যদি তৰাটোৰ ভৰ বেছি নহয় আৰু গড় আকাৰত তৰাটো সৰু হয় তেন্তে ই Red Giant লৈ পৰিণত হয়।

ইয়াৰ পিছত ই Planetary nebula বা White dwarf হ’ব পাৰে। কিন্তু যদি ই ডাঙৰ বা অধিক বিশাল তৰা হয়, তেন্তে ইন্ধন শেষ হ’লে ই ঠাণ্ডা হৈ Red super giant হৈ পৰে আৰু তাৰ পিছত সেই ছুপাৰ জায়েণ্টটো বিস্ফোৰণ হৈ super nova লৈ পৰিৱৰ্তন হয়। ইয়াৰ পিছত এটা অতি সৰু Core  ৰৈ যায়। যদি Core টো অতি সৰু হয় তেন্তে ইয়াক Neutron star বোলা হয় আৰু যদি Core টো অলপ ডাঙৰ হয় তেন্তে আমি ইয়াক Black Hole বুলি কওঁ। 

মূলতঃ কোনো তৰাৰ ভৰ যদি ইয়াৰ Gravitational force ৰ বাবে সংকোচিত হয়, সৰু হয় বা ঘনীভূত হয়, তেন্তে ই Black Hole ত পৰিণত হ’ব পাৰে। বিশেষকৈ, এই material খিনি কিমান সৰু আয়তনত compress হয়? যদি আমাৰ সূৰ্য্যৰ সমান ডাঙৰ তৰা এটাৰ পৰা Black Hole ৰ সৃষ্টি হয়, তেন্তে সেই Black Hole ৰ ব্যাস মাত্ৰ ৫০ কিলোমিটাৰ হ’ব। আপুনি কল্পনা কৰকচোন ভলিউম কেনেকৈ ইমান কমি যায়।

এই কথা প্ৰমাণ কৰিলে এজন ভাৰতীয় আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী সুব্ৰমণিয়াম চন্দ্ৰ শেখৰে যিয়ে Chandrasekhar limit উদ্ভাৱন কৰিছিল। তেওঁ ক’লে যে White Dwarf ৰ সৰ্বোচ্চ ভৰ আমাৰ সূৰ্য্যৰ ভৰৰ ১.৪ গুণ হ’ব পাৰে। তাৰ ওপৰত সি Stable হৈ থাকিব নোৱাৰিব। তাৰ পিছত ই Neutron star বা Black Hole লৈ পৰিৱৰ্তন হ’ব। কিন্তু আমাৰ সূৰ্য্য এই সীমাৰ তলত থকাৰ বাবে ই Black Hole নহয়, White Dwarf হৈ পৰিব।

Black Hole ৰ প্ৰকাৰ

White Dwarf কিয় হয় বুজি পাইছেনে? এতিয়া বুজি লওঁ Black Hole কেনেকুৱা? বন্ধুসকল, মূলতঃ তিনি-চাৰি প্ৰকাৰৰ Black Hole পোৱা যায়। প্ৰথমটো হ’ল Stellar black hole. যিটো আটাইতকৈ common type ৰ Black Hole. এইবোৰ Black Hole তৰাৰ পৰা উৎপত্তি হয়। বিজ্ঞানীসকলে অনুমান কৰিছে যে আমাৰ Milky way galaxy ত কমেও এক কোটিৰ পৰা ১০ বিলিয়ন এনে Black Hole আছে।

ইয়াৰ বাহিৰেও Primordial black hole হ’ল Black Hole ৰ অন্য এক প্ৰকাৰ। এইবোৰ সেই Black Hole যিবোৰ পৰমাণুৰ দৰে সৰু। কিন্তু ইহঁতৰ ওজন আৰু ভৰ পাহাৰৰ সমান ডাঙৰ। গতিকে এইটোও এটা ধাৰণা যে ইহঁতৰ আকাৰ এটা পৰমাণুৰ দৰে সৰু হ’ব। এই Black Hole কেৱল তাত্ত্বিক, কাল্পনিক নে আমি ইয়াৰ বিষয়ে বেছি নাজানো।

তৃতীয় প্ৰকাৰৰ Black Hole হ’ল Supermassive black hole. এইবোৰ বৰ ডাঙৰ Black Hole. ইমানেই ডাঙৰ যে ইহঁতৰ ভৰ ১০ লাখ সূৰ্য্যৰ সংযুক্ত ভৰতকৈ বেছি আৰু ইমান ডাঙৰ বল এটাত ইহঁত সোমাব যে সেই বলটোৰ ব্যাস আমাৰ সৌৰজগতৰ সমান ডাঙৰ হ’ব।

বিজ্ঞানীসকলৰ মতে, প্ৰতিটো ডাঙৰ তাৰকাৰাজ্যৰ মাজত এটা Supermassive black hole থাকে। আমাৰ Milky way galaxy ৰ কেন্দ্ৰত থকা Supermassive black hole টোৰ নাম হ’ল Sagittarius A.  আনহাতে Interstellar film ত দেখুওৱা Gargantua Black Hole  টোও এটা Supermassive black hole.

ইয়াৰ বাহিৰেও বিজ্ঞানীসকলৰ মতে চতুৰ্থ প্ৰকাৰৰ ব্লেক হোল থাকিব পাৰে যদিও নিশ্চিতভাৱে ক’ব নোৱাৰি। এই চতুৰ্থ প্ৰকাৰৰ Black Hole হ’ব Intermediate black hole. যিটোৰ আকাৰ Stellar black hole আৰু Supermassive black hole ৰ মাজৰ ক’ৰবাত হ’ব। অৱশ্যে ইয়াৰ কোনো প্ৰমাণ এতিয়াও আৱিষ্কাৰ হোৱা নাই।

black hole

গতিকে এতিয়ালৈকে দেখা ফটোবোৰৰ পৰা এটা কথা নিশ্চয় বুজি পাইছে যে ব্লেকহ’ল ডাঙৰ ক’লা বল নহয়। যিয়ে নিজৰ ভিতৰলৈ সকলো বস্তু গিলি পেলাই। ব্লেক হোলবোৰ আচলতে ওপৰত দেখা ফটো খনৰ দৰে। গতিকে এই ফটোখনত আপুনি প্ৰথমে লক্ষ্য কৰিব এটা কমলা ৰঙৰ আঙঠি যিটো এই ব্লেক হোলৰ চাৰিওফালে গঠন হ’বলৈ আৰম্ভ কৰিছে। ইয়াক Accretion Disk বোলা হয় আৰু ই ব্লেক হোলৰ এক অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। 

আমি জানো যে ব্লেক হোলত মহাকৰ্ষণ বল অতি বেছি, গতিকে মাধ্যাকৰ্ষণৰ বাবে বহুতো গেছ, পদাৰ্থ আৰু অন্যান্য ধ্বংসাৱশেষ ব্লেক হোলৰ ফালে আকৰ্ষিত হৈ ইয়াৰ চাৰিওফালে ওপঙি থাকে, যেনেকৈ আন গ্ৰহসমূহো আমাৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে কাৰণ সূৰ্য্যৰ মহাকৰ্ষণ বল বহুত বেছি। ইয়াত পাৰ্থক্যটো হ’ল ব্লেক হোলত Gravitational pull ইমানেই প্ৰবল যে ইয়াৰ চাৰিওফালে ঘূৰি থকা বস্তুবোৰ অতি বেছি বেগেৰে ঘূৰি থাকে আৰু ইমানেই গৰম হৈ পৰে যে ইহঁত বৈ যোৱা তৰল পদাৰ্থৰ দৰে পদাৰ্থ হৈ পৰে।

ইহঁত জুইৰ দৰে কণা হৈ পৰে, যিবোৰ এক মিলিয়ন ডিগ্ৰী চেলছিয়াছতকৈও অধিক গৰম হয়। এই কণাবোৰ Black Hole টোৰ যিমানেই ওচৰ চাপিব সিমানেই ইয়াৰ চাৰিওফালে দ্ৰুতগতিত ঘূৰি থাকে। কণাবোৰ ইমানেই বেগেৰে ঘূৰি থাকে যে ইহঁত একেলগে ঘঁহি সংকোচিত হয়, যাৰ ফলত ইহঁত জিলিকিবলৈ আৰম্ভ কৰে। ইহঁতে বিদ্যুৎচুম্বকীয় বিকিৰণ নিৰ্গত কৰে, যিটো মূলতঃ এক্স-ৰে। 

গতিকে এই এক্ৰিচন ডিস্কটো চিনেমাখনত অতি সঠিকভাৱে দেখুওৱা হৈছে, ভুলকৈ দেখুওৱা একমাত্ৰ কথাটো হ’ল ইয়াৰ ৰং আচলতে কমলা ৰঙৰ নহয়। মানুহৰ চকুৱে প্ৰকৃততে এক্স-ৰে দেখা নাপায়। এক্স-ৰে দৃশ্যমান পোহৰৰ বৰ্ণালীৰ বাহিৰত থাকে, আমি মাত্ৰ কমলা হালধীয়া ৰং দি ইয়াক প্ৰতিনিধিত্ব কৰোঁ যাতে আমি ইয়াত কিবা এটা আছে বুলি দেখুৱাব পাৰো। এই ডিস্কৰ প্ৰকৃত ৰং নীলাৰ ওচৰত হ’ব।

black hole

২০১৯ চনত প্ৰথমবাৰৰ বাবে প্ৰকৃততে এটা Black Hole ৰ ফটো তোলা হৈছিল আৰু ইয়াতো তেওঁলোকে এই Accretion Disk ক প্ৰতিনিধিত্ব কৰিবলৈ এই হালধীয়া কমলা ৰংটো ব্যৱহাৰ কৰিছিল। প্ৰকৃত ফটোখনত আপুনি লক্ষ্য কৰিব পৰা এটা কথা যিটো আপুনি চিনেমাখনত লক্ষ্য নকৰিবও পাৰে, সেয়া হ’ল এফালে থকা কণাবোৰ আনটো ফালতকৈ উজ্জ্বল। ইয়াৰ আঁৰত এটা সহজ কাৰণ আছে। আমাৰ ফালে ঘূৰি থকা কণাবোৰ আমাৰ বাবে অধিক উজ্জ্বল যেন লাগে, আৰু আমাৰ পৰা আঁতৰি ঘূৰি থকা কণাবোৰ যেন ম্লান হৈ পৰে। ইয়াৰ কাৰণ হ’ল ডপলাৰ বিম ইফেক্ট (Doppler beam effect)।

গতিকে যেতিয়া আপুনি এই Black Hole ৰ প্ৰকৃত ফটোখন চাব, তেতিয়া ফটোখন চাই আপুনি বুজিব পাৰিব যে এই কণাবোৰ কোন দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে। উজ্জ্বল অঞ্চলটো আমাৰ ফালে আহি আছে, আৰু ম্লান অঞ্চলটো আমাৰ পৰা আঁতৰি গৈছে।

ইয়াৰ বাহিৰেও ব্লেক হোলৰ ভিতৰলৈ গ’লে last light এটা Circle হে দেখা পাব। ইয়াক Photon sphere বোলা হয়। এই অঞ্চলত মাধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰবল যে পোহৰে নিজেই Black Hole ৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে।

পোহৰ কিহৰ পৰা গঠিত? ফ’টন। গতিকে ফ’টনবোৰে Black Holes টোক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ যদি আপুনি Black Hole ৰ এই অঞ্চলত উপনীত হৈ জীয়াই থাকে, তেন্তে তাত্ত্বিকভাৱে সম্ভৱ যে আপুনি হয়তো আপোনাৰ মূৰৰ পিছফালটো চাব পাৰিব। কাৰণ পোহৰ বৃত্তৰ দৰে ঘূৰিবলৈ আৰম্ভ কৰিছে।

ইভেণ্ট হৰাইজন (Event Horizon)

ইয়াৰ পিছত আহে ব্লেক হোলৰ সীমা। ইয়াক ইভেণ্ট হৰাইজন (Event Horizon) বুলি জনা যায়। ইয়াক সীমা বুলি গণ্য কৰা হয় কাৰণ, ইয়াৰ পিছত মাধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰবল যে পোহৰও ওলাই যাব নোৱাৰে। এইখিনিৰ বাহিৰত সকলো ক’লা। যদি আপুনি ব্লেক হোলত পৰিছে আৰু আপুনি Event Horizon অতিক্ৰম কৰিছে, তেন্তে তাত্ত্বিকভাৱে আপোনাৰ পলায়নৰ কোনো সম্ভাৱনা নাই। পোহৰো যদি ইয়াৰ পৰা সাৰি যাব নোৱাৰে তেন্তে মানুহে নো কেনেকৈ সাৰি যাব?

ইন্টাৰষ্টেলাৰ ছবিখনত দেখুওৱা হৈছে যে কুপাৰৰ মহাকাশযানখন ব্লেক হোলত পৰি গৈ থাকে, এই ইভেণ্ট হৰাইজন পাৰ হৈ যায় আৰু তাৰ পিছত হঠাতে 5 dimensional space ত উপনীত হয়। চিনেমাখনৰ এই অংশটো বিশুদ্ধভাৱে কাল্পনিক। কাৰণ আমি নাজানো ইভেণ্ট হৰাইজনৰ ভিতৰত কি আছে। ইন্টাৰষ্টেলাৰৰ প্ৰযোজকসকলে বিজ্ঞানসন্মতভাৱে সকলো কথা সঠিক কৰি ৰাখিবলৈ এজন নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানীক নিযুক্তি দিছিল। কিন্তু যিবোৰ কথা এতিয়াও বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই, যিবোৰৰ বিষয়ে আমি একো নাজানো—সেই অংশবোৰৰ বাবে চিনেমাখনে কল্পনাৰ সহায় লৈছে।

কৃষ্ণগহ্বৰৰ ভিতৰত কেন্দ্ৰত কি হ’ব? আইনষ্টাইনৰ General Theory of Relativity য়ে এই কথা বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে। এই তত্ত্বই ব্লেক হোলৰ কেন্দ্ৰত থকা স্থানটোক Singularity বুলি অভিহিত কৰিছে। Singularity হৈছে ব্লেক হোলৰ এনে এটা অঞ্চল য’ত space-time ৰ বক্ৰতা infinite হৈ পৰে। মই আৰম্ভণিতে কোৱা জালখন মনত ৰাখিব যে বস্তু এটা যিমানেই গধুৰ হ’ব সিমানেই space-time ৰ জালখন বেঁকা হ’ব। ব্লেক হোলৰ ক্ষেত্ৰত এই বেণ্ডিং ইমানেই হয় যে ই অসীম বেণ্ডিং হৈ পৰে আৰু কাৰণ আমি আপেক্ষিকতাবাদৰ তত্ত্বৰ পৰা জানো যে সময় আৰু শক্তিৰ লগত জড়িত সকলো বস্তুতে মাধ্যাকৰ্ষণৰ প্ৰভাৱ পৰে। যদি মহাকৰ্ষণ বল ইমান বেছি হয় তেন্তে সময়ো অসীমভাৱে লেহেমীয়া হ’বলৈ আৰম্ভ কৰে। 

কিন্তু সময় অসীমভাৱে লেহেমীয়া হোৱাৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটো নেকি যে যদি আপুনি এটা ব্লেক হোলৰ ভিতৰলৈ যায় আৰু যদি আপুনি কেতিয়াবা তাৰ পৰা ওলাই আহিব পাৰে তেন্তে বাহিৰৰ বিশ্বব্ৰহ্মাণ্ডখন আমাৰ বাকীসকলৰ বাবে শেষ হৈ গ’লহেঁতেন? আমি নাজানো। আমি কেৱল তত্ত্বহে বনাব পাৰো। 

এইক্ষেত্ৰত কিছুমান আকৰ্ষণীয় তত্ত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। যেনেকৈ আমি ব্লেক হোলৰ ভিতৰত পোহৰ শোষিত হোৱাৰ বাবে বাহিৰৰ পৰা দেখা নাপাওঁ, এটা তত্ত্বই কয় যে Event Horizon ৰ ভিতৰত পোহৰ Singularity ত উপনীত হোৱাৰ আগতে একাধিক বিন্দুত প্ৰতিফলিত হয়। গতিকে সম্ভৱ যে ইভেণ্ট হৰাইজনৰ ভিতৰত বস্তুবোৰ দেখা যাব। 

ব্লেক হোলৰ বিষয়ে আমি নিশ্চিতভাৱে দেখা কথাটো হ’ল সেই ওপৰত উল্লেখিত একমাত্ৰ ফটোখন। এই ফটোখন ইভেণ্ট হৰাইজন টেলিস্কোপে ২০১৯ চনৰ ১০ এপ্ৰিলত তুলিছিল। ইয়াৰ দ্বাৰা ব্লেক হোলৰ অস্তিত্ব কাৰ্যকৰীভাৱে প্ৰমাণিত হৈছিল। তাত্ত্বিকভাৱে প্ৰমাণিত হোৱাৰ প্ৰায় ১০০ বছৰৰ পিছত। 

ইয়াত এটা কথা নিশ্চিত যে যদি আপুনি ব্লেক হোলত পৰে তেন্তে মহাকৰ্ষণ বলৰ বাবে আপুনি টুকুৰা টুকুৰ হোৱাৰ সম্ভাৱনা প্ৰবল। মিলিছেকেণ্ডত আপুনি মৰি যাব। কিন্তু তথাপিও, Black Holes লৈ ভয় কৰাৰ প্ৰয়োজন নাই। আগতে বহুতৰে এই ভুল ধাৰণা আছিল যে Black Holes বোৰে সকলো পদাৰ্থ টানি নিজৰ মাজত সন্মিলিত কৰি লব, ডাঙৰ হৈ থাকিব আৰু শেষত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অন্ত পেলাব। কিন্তু ইয়াৰ কাম এনে নহয়।

মই আপোনালোকক আগতেই কোৱাৰ দৰে প্ৰতিটো তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা Supermassive black hole আছে। আৰু black hole ৰ পৰিসৰৰ আন সকলো গ্ৰহ আৰু তৰা ইয়াৰ চাৰিওফালে ঘূৰি থাকে। যিদৰে আমাৰ সৌৰজগতৰ সকলো গ্ৰহ সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে। তাৰকাৰাজ্যখনৰ কেন্দ্ৰতো একেই কথা ঘটে যদিও বহুত বেছি শক্তিশালীভাৱে। সামৰণিত ব্লেক হোলৰ পৰা সঠিক দূৰত্ব বজাই ৰাখিলে আপুনি, মই, সকলো সুৰক্ষিত হৈ থাকিব পাৰিম। 

(আশা কৰোঁ আপুনি  লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top