১৯৮৪ চনৰ ৩ ডিচেম্বৰৰ নিশা প্ৰায় মাজনিশা ভূপালৰ ৰেল ষ্টেচন ভূপাল জংচনত ষ্টেচনৰ অধীক্ষক H.S. Bhurvey, আৰু উপ ষ্টেচন অধীক্ষক Ghulam Dastagir কৰ্তব্যত আছিল। প্ৰায় ১ বজাত গোৰখপুৰ-বম্বে এক্সপ্ৰেছ ষ্টেচনত উপস্থিত হোৱাৰ ফলত Dastagir কেবিনৰ পৰা ওলাই আহিল। হঠাতে তেওঁৰ চকু জ্বলা-পোৰা আৰু ডিঙিত বিষ হবলৈ আৰম্ভ কৰিলে। চিন্তিত হৈ তেওঁ এই বিষয়ে অৱগত কৰিবলৈ ষ্টেচন অধীক্ষক H.S. Bhurvey ক বিচাৰিলে, কিন্তু তেওঁক বিচাৰি নাপালে। কিছু মুহূৰ্তৰ পিছতে তেওঁ Bhurvey ক মাটিত পৰি থকা দেখিলে। দস্তাগীৰে যেতিয়া ভূৰভে উশাহ লৈছে নে নাই পৰীক্ষা কৰিবলৈ চেষ্টা কৰিলে তেতিয়া তেওঁ গম পালে যে ভূৰভেৰ ইতিমধ্যে মৃত্যু হৈছে। দস্তাগিৰে লগে লগে ইয়াৰ কাৰণ বুজি পালে।
ভূপাল গেছ দুৰ্ঘটনাৰ মূল কাৰণ
কাৰণটো হ’ল, ভূপাল জংচনৰ পৰা এক কিলোমিটাৰ দূৰত ইউনিয়ন কাৰ্বাইড কাৰখানাত এটা বিপজ্জনক দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত এম আই চি, হাইড্ৰ’জেন চাইনাইড, ফছজিনকে ধৰি ৫০,০০০ পাউণ্ড বিষাক্ত গেছ নিৰ্গত হৈ সমগ্ৰ চহৰখনতে দ্ৰুতগতিত বিয়পি পৰিছিল।
এতিয়া ষ্টেচনত উপস্থিত আটাইতকৈ জ্যেষ্ঠ অধিকাৰী হিচাপে দস্তাগিৰে দায়িত্ব ল’লে, আৰু সিদ্ধান্ত ল’লে যে গোৰখপুৰ অভিমুখী ৰে’লখন আৰু ২০ মিনিট ষ্টেচনত থকাৰ কথা হ’লেও নিৰ্ধাৰিত যাত্ৰাৰ আগতেই যাব লাগিব। ৰেলখনৰ যাত্ৰীসকলে খিৰিকী বন্ধ কৰি ৰাখিছিল, আৰু দস্তাগীৰেও নিবিচাৰিছিল যাত্ৰীসকলৰ কোনো ধৰণৰ ক্ষতি হোৱাটো। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দস্তাগিৰে প্ৰট’কল ভংগ কৰি ষ্টেচনৰ কৰ্মচাৰীসকলক আগতীয়াকৈ যাত্ৰাৰ বাট মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰট’কল ভংগ কৰাৰ সকলো দায়িত্ব তেওঁ গ্ৰহণ কৰিছিল।
ইফালে ষ্টেচনত ভিৰ বাঢ়ি আহিছিল। নিশাৰ ভাগত অধিকাংশ লোক ঘৰতে শুই থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱা একাংশ ব্যক্তিয়ে নিজৰ গাড়ীত আশ্ৰয় লৈ চহৰ এৰিবলৈ চেষ্টা কৰে। কিন্তু আনফালে বাহন নথকাসকলে ঘৰৰ পৰা ওলাই আহি ষ্টেচনত গোট খাইছিল, তেওঁলোকে কি কৰিব লাগে একো বুজি পোৱা নাছিল। ভূপাল জংচনলৈ অধিক সংখ্যক লোক আহি থাকিল। ষ্টেচনৰ চাৰিওফালে মানুহে কাঁহিবলৈ আৰম্ভ কৰিলে, কান্দিবলৈ ধৰিলে, আৰু বমি কৰিবলৈ আৰম্ভ কৰিলে। দস্তাগীৰে এখন প্লেটফৰ্মৰ পৰা আনখন প্লেটফৰ্মলৈ দৌৰিবলৈ আৰম্ভ কৰিলে, তেওঁ যিকোনো প্ৰকাৰে ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছিল।
তেওঁ ওচৰৰ ষ্টেচনবোৰলৈ SOS কল কৰিলে, তাৰ পিছত ৪খন এম্বুলেন্স, পেৰামেডিকেল, ৰে’লৱেৰ চিকিৎসকে মানুহক সহায় কৰিবলৈ ষ্টেচনত উপস্থিত হ’ল। সকলো প্ৰচেষ্টা সত্ত্বেও বিষাক্ত গেছৰ পৰা পলায়ন কৰাটো প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হ’ল। এফালে কিছুমানে ঘৰৰ পৰা পলায়ন কৰি ষ্টেচন পোৱাৰ বিপৰীতে আনফালে অধিক সংখ্যক লোক চিকিৎসালয়লৈ ৰাওনা হ’ল। কিন্তু প্ৰত্যাহ্বান আছিল যে ৰেলৱেৰ চিকিৎসক বা চিকিৎসালয়ৰ চিকিৎসকেও পৰিস্থিতিৰ স্বৰূপ বুজি পোৱা নাছিল। তেওঁলোকে এই লক্ষণবোৰ মানুহৰ মাজত কেতিয়াও দেখা নাছিল, আৰু তেওঁলোকে এই ৰোগটো কি বা ই কি কাৰণে হৈছে একো ধৰিব পৰা নাছিল।
ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত, ভূপালৰ Hamidia Hospital আছিল। সেই সময়ত চিকিৎসালয়খনত প্ৰায় ১২০০খন বিছনাৰ ক্ষমতা আছিল। ৰাতি প্ৰায় ১:১৫ বজাত চকু জ্বলা-পোৰাৰ অভিযোগ কৰি প্ৰথমজন ৰোগী আহি হস্পিতালত উপস্থিত হ’ল। পিছৰ পাঁচ মিনিটৰ ভিতৰতে চিকিৎসালয়খনত ১০০০ৰো অধিক লোক গোট খালে। কিছুমান চিকিৎসকে ইউনিয়ন কাৰ্বাইড কাৰখানাত কল কৰি তথ্য আহৰণৰ চেষ্টা কৰিছিল যদিও কোনো উপযোগী তথ্য প্ৰদান কৰা নহ’ল। কোম্পানীটোৰ চিকিৎসা বিষয়া L D Loya য়ে চিকিৎসকক গেছটো বিষাক্ত নহয় বুলি জনাই চকুত তিতা বেণ্ডেজ লগোৱাৰ পৰামৰ্শ দিয়ে।
ইফালে আৰক্ষী অধীক্ষক স্বৰাজ পুৰীয়ে নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ তেওঁৰ কৰ্মচাৰীসকলে অসহায়ভাৱে কাহ মাৰি চকু ঘঁহি থকা দেখিলে। তেতিয়া সময় আছিল ৰাতি ১:২৫ বজাৰ ওচৰত। তেওঁ কাৰ্বাইড ফেক্টৰীলৈ ফোন কৰিলে। প্ৰথম দুটা ফোন কলত তেওঁক সকলো ঠিকেই আছে বুলি আশ্বাস দিয়া হ’ল। কিন্তু তৃতীয়টো কল কৰাৰ পিছত ফেক্টৰীৰ কৰ্মচাৰীবোৰে জনালে যে তেওঁলোকে ইয়াত কি হৈছে একো নাজানে।
ৰাতি ২:১০ বজাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হৈছিল প্ৰায় ৪ হাজাৰ লোক, আৰু ভূপাল জংচন ষ্টেচনত বিশৃংখলতাৰ সৃষ্টি হৈছিল। দস্তাগিৰে নিশ্চিত কৰিছিল যে গোৰখপুৰ-বম্বে এক্সপ্ৰেছ ষ্টেচনৰ পৰা ওলাই গৈছে, কিন্তু মানুহক সহায় কৰাটো ক্ৰমান্বয়ে প্ৰত্যাহ্বানজনক হৈ পৰিছিল। পিছত তেওঁ গম পালে যে তেওঁৰ ছিনিয়ৰ H.S. Bhurvey, ভূপাল এৰি যাবলৈ আন এখন ট্ৰেইনক নিৰ্দেশ দিওঁতে প্ৰাণ হেৰুৱাইছিল।
গুলাম দস্তাগীৰ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ চাৰিটা সন্তান ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত থকা পুৰণি ভূপালত বাস কৰিছিল। কিন্তু দস্তাগীৰে তেওঁৰ পৰিয়ালৰ খবৰ ল’বলৈ ষ্টেচনৰ পৰা ওলাই নগ’ল। আৰ্তজনক সহায় কৰাৰ বাবে তেওঁ ষ্টেচনতে থাকিল।
ষ্টেচনত উপস্থিত হোৱা ৰেলবোৰ ষ্টেচনত ৰবলৈ বাধা দিয়া হৈছিল; তেওঁলোকক আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। ভূপাল এৰিবলৈ ষ্টেচনত উপস্থিত হোৱা ব্যক্তিসকলৰ ভিতৰত দস্তাগীৰৰ সহযোগী মনজুৰ আহমেদ খানো আছিল। প্ৰায় ৩ বজাত তেওঁলোকৰ গোটেই পৰিয়ালটো ষ্টেচনত উপস্থিত হ’ল। দস্তাগীৰক তেওঁ নিজৰ বা পৰিয়ালৰ সুৰক্ষাৰ চিন্তা নকৰাকৈ অক্লান্তভাৱে এখনৰ পৰা আনখন প্লেটফৰ্মলৈ নিস্বাৰ্থভাৱে দৌৰি মানুহক সহায় কৰা পৰ্যবেক্ষণ কৰিলে।
দুৰ্ঘটনাত আহতসকলৰ প্ৰতিকাৰ
এফালে ষ্টেচন আৰু চিকিৎসালয়ৰ চিকিৎসক আৰু পেৰামেডিকেলৰ লোকসকলে জীৱন ৰক্ষাৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। আনহাতে, তেওঁলোকে সঁচাকৈয়ে এই ৰোগৰ চিকিৎসা কেনেকৈ কৰিব লাগে নাজানিছিল। বেছিভাগ চিকিৎসকে চকুৰ জ্বলা-পোৰা কমোৱাৰ বাবে Eye Drop, Inflammation ৰ বাবে ষ্টেৰইড, Secondary infection প্ৰতিৰোধৰ বাবে এণ্টিবায়টিক, পেটৰ সমস্যাৰ চিকিৎসাৰ বাবে এণ্টাচিড আদি প্ৰয়োগ কৰিছিল।
কিন্তু প্ৰকৃত সমাধান নিৰ্ভৰ কৰিছিল গেছটো চিনাক্ত কৰাৰ ওপৰত। সেয়া এম আই চি হওক, ফছজিন হওক বা হাইড্ৰজেন চাইনাইডৰ দৰে আন গেছ হওক। প্ৰথম অৱস্থাত চিকিৎসকে ফচজিন বিষক্ৰিয়াৰ সন্দেহ কৰিছিল কাৰণ তিনি বছৰ পূৰ্বে একেটা ইউনিয়ন কাৰ্বাইড কাৰখানাতে একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ১৯৮১ চনৰ ডিচেম্বৰ মাহত এই কাৰখানাত কাম কৰা এজন ব্যক্তি আশ্ৰফ মহম্মদ খানৰ মৃত্যু হয় ফছজিন লিক হোৱাৰ বাবে।
ইয়াৰ বিপৰীতে কোম্পানীৰ ফালৰ পৰা ইয়াক এম আই চি (MIC) বুলি দাবী কৰিছিল আৰু চকু জ্বলা-পোৰাৰ বাবে তিতা বেণ্ডেজৰ দৰে সহজ প্ৰতিকাৰৰ পৰামৰ্শ দিছিল। উল্লেখযোগ্য যে এম আই চি ৩৮ ডিগ্ৰী চেলছিয়াছত বাষ্পীভৱন হয়, যিটো যথেষ্ট উচ্চ উষ্ণতা। আনহাতে ফচজিন ৮ ডিগ্ৰী চেলছিয়াছত বাষ্পীভৱন হয়। ভূপালৰ ডিচেম্বৰৰ ঠাণ্ডা জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে এই গেছ ফচজিন বুলি ধৰি লৈছিল। কোনেও এই বিষয়ে গম পোৱা নাছিল যে কাৰখানাটোত এই ঘটনা সংঘটিত হোৱাৰ সময়ত কাৰখানাটোৰ উষ্ণতা প্ৰায় ৪০০ ডিগ্ৰী চেলছিয়াছ আছিল।
ইফালে আমেৰিকাত কাৰ্বাইডৰ চিকিৎসা সঞ্চালক Bipin Avashia ই ভূপাল কৰ্তৃপক্ষক জনাইছিল যে যদি চাইনাইড বিষক্ৰিয়াৰ সন্দেহ কৰা হৈছে তেন্তে প্ৰতিষেধক হিচাপে ছডিয়াম থাইঅ’ছালফেট (Sodium Thiosulphate) প্ৰয়োগ কৰিব লাগে। পূৰ্বৰ পৰীক্ষাসমূহত দেখা গৈছিল যে MIC দহনৰ সময়ত হাইড্ৰজেন চাইনাইডলৈ ভাঙি যায় আৰু হাইড্ৰজেন চাইনাইডক ছডিয়াম থাইঅ’ছালফেটৰ দ্বাৰা ফলপ্ৰসূভাৱে প্ৰতিহত কৰিব পৰা যায়।
কিন্তু বিপিন আৱাছিয়াই ১০ দিন পিছত ভূপালত এখন সংবাদমেলৰ সময়ত নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰি চাইনাইড বিষক্ৰিয়া হোৱা নাই বুলি দৃঢ়তাৰে কয়, যাৰ ফলত প্ৰতিষেধকটো অসাৰ হৈ পৰে। কোম্পানীটোৱে এক বিবৃতি জাৰি কৰি স্পষ্ট কৰি দিয়ে যে “এম আই চি (MIC) চাইনাইড নহয়, ইয়াৰ লগত কোনো ধৰণে বিভ্ৰান্তি হ’ব নালাগে। এম আই চি প্ৰাকৃতিকভাৱে পৰিৱেশত অৱক্ষয় হৈ পানীৰ সৈতে তৎক্ষণাত বিক্ৰিয়া কৰি নিৰাপদ পদাৰ্থ হৈ পৰে আনহাতে চাইনাইডে পানীৰ সৈতে বিক্ৰিয়া নকৰে।”
অৱশ্যে কোম্পানীটোৰ পৰা এই স্পষ্টীকৰণ বহু পলমকৈ আহিছিল। তেতিয়ালৈকে অসংখ্য ৰোগী চিকিৎসাৰ বাবে অপেক্ষা কৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। দুৰ্দশাগ্ৰস্ত ৰোগীসকলক সহায় কৰিবলৈ ৮ ডিচেম্বৰত জাৰ্মান Toxicologist Max Daunderer ৫০ হাজাৰ ছডিয়াম থাইঅ’ছালফেট ড’জ লৈ ভূপালত উপস্থিত হয়। যেতিয়া চিকিৎসকে ছডিয়াম থাইঅ’ছালফেট ব্যৱহাৰ কৰিছিল, তেতিয়া ই যথেষ্ট সফল বুলি প্ৰমাণিত হৈছিল, বহু ৰোগী সুস্থ হৈ উঠিছিল। দুৰ্ভাগ্যজনকভাৱে ইয়াৰ প্ৰয়োগৰ পিছত এজন ৰোগীৰ মৃত্যু হয়।
ইয়াৰ ফলত এজন জাৰ্মান চিকিৎসকে ছডিয়াম থাইঅ’ছালফেট ঔষধেৰে এজন ৰোগীক হত্যা কৰা বুলি ব্যাপক উৰাবাতৰি প্ৰচাৰ হৈছিল। ফলস্বৰূপে চিকিৎসক আৰু তেওঁৰ এণ্টিড’টবোৰ ঘূৰাই পঠিওৱা হ’ল। গান্ধী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকসকলে ছডিয়াম থাইঅ’ছালফেটৰ ব্যৱহাৰ নাকচ কৰে।
সেই সময়ত মধ্যপ্ৰদেশৰ স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ এম এন নাগুৱে ১৩ ডিচেম্বৰত এখন বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে কোনো কাৰণতে ছডিয়াম থাইঅ’ছালফেট দিয়া নহ’ব যদিহে ইয়াক চাইনাইড বিষক্ৰিয়া বুলি পৰীক্ষাগাৰত শুদ্ধ আৰু নিৰ্ণায়কভাৱে প্ৰমাণিত নহয়।
এই স্থিতিৰ পিছতো একাংশই নিশ্চিত হৈ থাকিল যে এই ৰোগীসকল চাইনাইড বিষক্ৰিয়াত আক্ৰান্ত। ইয়াৰ কাৰণ হ’ল- প্ৰথমে যেতিয়া কিছুমান ৰোগীক ছডিয়াম থাইঅ’ছালফেট প্ৰয়োগ কৰা হৈছিল, তেতিয়া ইতিবাচক প্ৰভাৱ দেখা গৈছিল। দ্বিতীয়তে, ভূপাল মেডিকেল লিগেল ইনষ্টিটিউটৰ সঞ্চালক ডাঃ হিৰীশ চন্দ্ৰই যেতিয়া মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল তেতিয়া তেওঁ চাইনাইড বিষক্ৰিয়াৰ প্ৰমাণ পাইছিল। তেতিয়া তেওঁ কৈছিল যে ছডিয়াম থাইঅ’ছালফেট ব্যৱহাৰ কৰিব লাগে।
কেইসপ্তাহমানৰ পাছত ফেব্ৰুৱাৰী মাহত আইচিএমআৰে চিকিৎসকসকলক ছডিয়াম থাইঅ’ছালফেট ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল: ইমান বিভ্ৰান্তি কিয় হৈছিল? কাৰখানাটোৰ মালিক কোম্পানীটোৱে কিয় এম আই চি আৰু চাইনাইডক লৈ ইমান বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল? প্ৰত্যক্ষ উত্তৰটো হ’ল যে কোম্পানীটো আছিল এক বিশাল ক্ষতিপূৰণৰ দাবীৰ মাজত; তেওঁলোকে ধন ৰাহি কৰিবলৈ এম আই চিৰ পাৰ্শ্বক্ৰিয়া কম দেখুৱাব বিচাৰিছিল। চৰকাৰী কৰ্তৃপক্ষও এই বিভ্ৰান্তিৰ মাজত আবদ্ধ হৈ পৰিছিল, যাৰ ফলত বহু ব্যক্তিৰ দুৰ্ভাগ্যজনক মৃত্যু হৈছিল, যিসকলে সঠিক আৰু সময়মতে চিকিৎসা লাভ কৰিলে ৰক্ষা পৰিব পাৰিলেহেঁতেন।
এই লিখনিটোৰ আৰম্ভণিতে মই যিজন ব্যক্তিৰ কথা কৈছিলো Ghulam Dastagir এ নিজকে বচাবলৈ সক্ষম হ’ল। কিন্তু জীৱনৰ শেষৰ ১৯ বছৰ বেছিভাগেই তেওঁ হস্পিতালত কটালে; ২০০৩ চনত তেওঁৰ মৃত্যু হয়।
ভূপাল গেছ দুৰ্ঘটনাত বিশেষভাৱে আচৰিত কৰি তোলা কথাটো হ’ল এই ঘটনাৰ পূৰ্বে বিভিন্নজনৰ দ্বাৰা অসংখ্য সতৰ্কবাণী দিয়া হৈছিল। বহুতে উদ্বেগ প্ৰকাশ কৰি কৰ্তৃপক্ষক সতৰ্ক কৰি দিছিল যে সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে কাৰখানাটোৱে অহৰহ বিপদৰ সৃষ্টি কৰিছে। পৰিতাপৰ বিষয় যে কোম্পানী বা চৰকাৰী কৰ্তৃপক্ষই কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে।
১৯৮১ চনত যেতিয়া আশ্ৰফ খানে কাৰ্বাইড দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল, তেতিয়া ১৯৮২ চনৰ মে’ মাহত কোম্পানীটোৱে আমেৰিকাৰ পৰা তিনিজন বিশেষজ্ঞক প্ৰেৰণ কৰিছিল উদ্যোগটোৰ সুৰক্ষা ব্যৱস্থাৰ মূল্যায়ন কৰিবলৈ। তেওঁলোকৰ প্ৰতিবেদনত ৬০ টাতকৈও অধিক বিপদ চিনাক্ত কৰা হৈছিল, Emergency evacuation procedure ৰ দৰে বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছিল যিবোৰ কাৰখানাৰ ওচৰত বাস কৰা লোকসকলৰ সৈতে Share কৰা হোৱা নাছিল। আৰু এই প্ৰতিবেদনত এম আই চিৰ টেংকবোৰ সহজেই দূষিত হ’ব পাৰে বুলিও কয়। ইয়াত টেংকৰ চাপ গেজটোৰো বিসংগতি আছিল।
সংবাদ মাধ্যমৰ ভূমিকা
এই প্ৰতিবেদনত উত্থাপিত বিষয় আৰু সতৰ্কবাণীসমূহ স্থানীয় বাতৰি কাকত “ৰাজপাথ”তো দুসপ্তাহৰ ভিতৰতে সাংবাদিক ৰাজকুমাৰ কেছৱানী দ্বাৰা প্ৰকাশ পাইছিল। ভূপাল উদ্যোগটোৰ ওপৰত কেশ্বৱানীৰ শেষৰটো লেখা ১৯৮৪ চনৰ ১৬ জুনত ৰাষ্ট্ৰীয় বাতৰি কাকত “জনসত্তাত” প্ৰকাশ পাইছিল, য’ত ভূপালত আহিবলগীয়া দুৰ্যোগৰ সতৰ্কবাণী দিয়া হৈছিল। ইয়াৰ দ্বাৰা দেশত স্বতন্ত্ৰ আৰু মুক্ত সংবাদ মাধ্যমৰ ভূমিকা কিমান প্ৰয়োজনীয় তাক সহজেই অনুভৱ কৰিব পাৰি। সঁচা কথাটো হ’ল কেছৱানীয়ে অসাধাৰণ কাম কৰা নাছিল। তেওঁ কেৱল সততাৰে নিজৰ কৰ্তব্য কৰিছিল। আৰু সেইবাবেই তেওঁক এজন Unsung Hero হিচাপে বিবেচিত কৰিব পাৰি।
তেওঁৰ শেষৰটো লেখাত তেওঁ আন এটা ডাঙৰ সত্য প্ৰকাশ কৰিছিল যে ১৯৭৫ চনত ভূপাল পৌৰ নিগমৰ নেতৃত্বত আছিল এজন অতি সন্মানীয় আমোলা M N Buch. ভূপালৰ পৰা কাৰ্বাইড আঁতৰাবলৈ তেওঁ জাননী জাৰি কৰিছিল। ফলস্বৰূপে তেওঁক বদলি কৰা হয় আৰু কাৰ্বাইডে নিগমটোক ২৫,০০০ টকা দিয়ে ৰাজহুৱা উদ্যান নিৰ্মাণৰ কাৰণে। এই কথাখিনিৰে কেছৱানীয়ে চৰকাৰৰ ভিতৰতে কাৰ্বাইডক কাৰখানাৰ কাম-কাজ সফলতাৰে অব্যাহত ৰখাত সহায় কৰাৰ ষড়যন্ত্ৰৰ ইংগিত দিয়ে।
এয়াই হৈছে ভূপাল গেছ দুৰ্ঘটনাৰ থুলমূল কথা। আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।