গিজাৰ পিৰামিডৰ ৰহস্য-History of Egypt in Assamese || Part-4

পিৰামিডৰ ৰহস্য

পিৰামিডৰ ৰহস্য

দীৰ্ঘদিনীয়া গৱেষণা মতে, মিচৰত প্ৰায় এশ চল্লিশটা পিৰামিড আছে। কিন্তু এই সকলোবোৰ পিৰামিডৰ তুলনাত কাহিৰাৰ গিজাত নিৰ্মিত তিনিওটা পিৰামিডে ভাল অৱস্থাত আছে। সেয়ে গিজাৰ পিৰামিডবোৰক মহান পিৰামিড বুলিও কোৱা হয়। এইবোৰ এনেকুৱা পিৰামিড, যিবোৰে সময়ৰ নানা ধৰণৰ তাণ্ডৱৰ সন্মুখীন হোৱাৰ পিছতো হাজাৰ হাজাৰ বছৰ ধৰি পূৰ্বৰ দৰেই একেবাৰে নিৰাপদে থিয় হৈ আছে। আজি আমি আমাৰ আধুনিক প্ৰযুক্তিৰ বাবে অতি গৌৰৱ অনুভৱ কৰোঁ যদিও ইতিহাসৰ এই সভ্যতাবোৰলৈ উভতি চালে এনে লাগে যেন আমি এতিয়াও তেওঁলোকৰ তুলনাত বহু পিছ পৰি আছো। আমাৰ পূৰ্বপুৰুষসকলে প্ৰযুক্তি অবিহনে এনে স্থাপত্য নিৰ্মাণ কৰিছিল যিবোৰে হাজাৰ হাজাৰ বছৰ পাছতো তেওঁলোকৰ গৌৰৱময় ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে।

তিনিটা মহান পিৰামিড

গিজাৰ পিৰামিডৰ ৰহস্য

বৰ্তমান সময়ত যিবোৰ স্থাপত্য আৰু ভাস্কৰ্য্য নিৰ্মাণ কৰি থকা হৈছে সেয়া ইমান বহনক্ষম আৰু শক্তিশালী নহয় যে এই মহান পিৰামিডৰ দৰে হাজাৰ হাজাৰ বছৰ ধৰি গৌৰৱেৰে থিয় হৈ থাকিব পাৰিব। সমগ্ৰ বিশ্বতে বহুতো পিৰামিড নিৰ্মাণ কৰা হৈছে যদিও গিজাৰ মহান পিৰামিডৰ লগত কোনোৰে তুলনা নাই। এই পিৰামিডবোৰ অগণন কাহিনী আৰু ৰহস্যৰে বুকুত সামৰি থিয় হৈ আছে। যাৰ বিষয়ে বহু কথা পোহৰলৈ আহিছে যদিও বহু কথা এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে। গিজাৰ মহান পিৰামিডৰ উচ্চতা ৪৮১ ফুট। যাক খুফুৰ পিৰামিড বুলিও কোৱা হয়।

গিজা চৌহদত থকা তিনিটা পিৰামিডৰ ভিতৰত খুফুৰ পিৰামিড আটাইতকৈ ডাঙৰ আৰু পুৰণি। এই পিৰামিডৰ উচ্চতাৰ বিষয়ে কোৱা হয় যে ৪৫ শ বছৰ ধৰি পৃথিৱীত ইয়াতকৈ ওখ কোনো অট্টালিকা নাছিল। কিন্তু এই অভিলেখ ভংগ হৈছিল ঊনবিংশ শতিকাত। যেতিয়া ১৯৮৯ চনত ফ্ৰান্সত আইফেল টাৱাৰ নিৰ্মাণ কৰা হৈছিল। আইফেল টাৱাৰৰ উচ্চতা ৯৮৪ ফুট।

গিজাৰ পিৰামিড নিৰ্মাণৰ বাবে প্ৰায় তেইশ লাখ শিল ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো শিলৰ ওজন প্ৰায় দুই টনৰ পৰা ত্ৰিশ টনলৈকে আছিল। গিজাৰ পিৰামিড নিৰ্মাণৰ বাবে ইমানবোৰ শিল ব্যৱহাৰ কৰা হৈছিল যে এই শিলবোৰ সৰু সৰুকৈ টুকুৰা কৰিলে সমগ্ৰ ফ্ৰান্সৰ চাৰিওফালে এক মিটাৰ ওখ দেৱাল নিৰ্মাণ কৰিব পৰা যাব। গৱেষক আৰু স্থাপত্যবিদসকলৰ বাবেও ইজিপ্তৰ পিৰামিডবোৰ বছৰ বছৰ ধৰি গৱেষণা কৰাৰ পিছতো এক ৰহস্যৰ আৱৰ্তত আছে। ডাঙৰ মেচিন আৰু আধুনিক প্ৰযুক্তিৰ অবিহনে ইমান প্ৰকাণ্ড শিলবোৰ কেনেকৈ ইমান উচ্চতালৈ তুলি নি ব্যৱহাৰ কৰা হ’ল সেই কথা তেওঁলোকে আজিও জানিবলৈ চেষ্টা কৰি আছে।

গিজাৰ পিৰামিডৰ নিৰ্মাণৰ সময়

গিজাৰ এই মহান পিৰামিডবোৰ মাত্ৰ তেইশ বছৰতে নিৰ্মাণ কৰা হৈছিল। গিজাৰ পিৰামিডবোৰ যি বৃহৎ অঞ্চলত বিস্তৃত হৈ আছে আৰু পিৰামিডবোৰত যি ধৰণৰ স্থাপত্য ব্যৱহাৰ কৰা হৈছে, সেইফালৰ পৰা চালে মাত্ৰ তেইশ বছৰতে এই মহান পিৰামিড নিৰ্মাণ কৰা বহুত কঠিন কাম আছিল যেন বোধ হয়। গিজাৰ পিৰামিডৰ ওপৰত বিশদ গৱেষণা কৰা বিজ্ঞানী ইভান হেডিংটনে এটা হিচাপ কৰি কৈছে যে এতিয়াৰ হিচাপত বছৰৰ 365 দিন অৰ্থ্যাৎ গোটেই বছৰ নিৰৱিচ্ছিন্নভাৱে হাজাৰ হাজাৰ শ্ৰমিকে দিনটোত প্ৰায় দহ ঘণ্টা কাম কৰিছিল আৰু প্ৰতি মিনিটতে এটাকৈ শিল স্থাপন কৰিছিল যাৰ বাবে মাত্ৰ তেইশ বছৰৰ ভিতৰতে ইমান বিশাল পিৰামিড নিৰ্মাণ কৰা সম্ভৱ হৈছিল। কিন্তু সঁচাকৈয়ে এয়া সম্ভৱনে? এই প্ৰশ্নটো সকলোৰে মনলৈ আহে।

গ্ৰেট পিৰামিডৰ ওপৰত গৱেষণা কৰা বিশেষজ্ঞসকলে কয় যে পিৰামিডৰ বাহিৰৰ অংশৰ শিলবোৰ অতি দক্ষতাৰে স্থাপন কৰা হৈছে। য’ত পাতল ব্লেড এখনো সুমুৱাই দিয়াৰ কোনো পৰিসৰ নাই। ইজিপ্তৰ পিৰামিড নিৰ্মাণৰ ক্ষেত্ৰত বহু জ্যোতিৰ্বিজ্ঞানৰ ভিত্তিও পোৱা গৈছে। গিজাৰ তিনিওটা পিৰামিড তৰাৰ সঠিক ক্ৰমত নিৰ্মাণ কৰা হৈছে, যাক কেৱল সমকালীন ঘটনা সংযোজন বুলি ক’ব নোৱাৰি। বছৰ বছৰ ধৰি বিজ্ঞানীসকলেও ইজিপ্তৰ পিৰামিডৰ এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে যদিও ইমান বছৰৰ পাছতো এতিয়াও কোনো উল্লেখযোগ্য সফলতা লাভ কৰা নাই।

মিচৰৰ লোকসকলৰ দিশৰ জ্ঞান

আনহাতে যদি আমি পৃথিৱীৰ মানচিত্ৰখন তুলি লৈ গিজাৰ মহান পিৰামিডবোৰ চাওঁ, তেন্তে দেখিম যে গিজাৰ পিৰামিড নিৰ্মাণ কৰা ঠাইখনেই পৃথিৱীৰ সঠিক কেন্দ্ৰবিন্দু। প্ৰশ্ন হয়, এয়া পৰিকল্পনা নে ঘটনা সংযোজন! এই সমকালিক ঘটনাৰ সংযোজন কাণ্ডৰ অন্ত কেৱল ইয়াতেই নহয়, গিজাৰ পিৰামিডবোৰে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ এই চাৰিটা দিশৰে প্ৰতিনিধিত্ব কৰি আমাক আৰু বেছি আচৰিত কৰি তোলে। এই তিনিটা পিৰামিডৰ ভিতৰত এটাই পোনে পোনে উত্তৰ মেৰুক Align কৰে, যি সময়ৰ লগে লগে অলপ স্থানান্তৰিত হৈছে।

পিৰামিডৰ ৰহস্য

গিজাৰ পিৰামিডৰ ৰহস্য

কিন্তু ইয়াত প্ৰশ্ন উত্থাপন হয় যে প্ৰাচীন মিচৰৰ লোকসকলৰ চাৰি দিশৰ জ্ঞান কেনেকৈ আছিল? একাংশ গৱেষক আৰু বিজ্ঞানীৰ মতে প্ৰাচীন মিচৰবাসীয়ে এই পিৰামিডবোৰ ব্যৱহাৰ কৰি কেলেণ্ডাৰ, সূৰ্য্য ঘড়ী তৈয়াৰ কৰিছিল আৰু সূৰ্য্যৰ পৰিক্ৰমাত পৃথিৱীৰ গতি আৰু পোহৰৰ গতি জানিবলৈ ব্যৱহাৰ কৰিছিল। যদি আমি পিৰামিডবোৰৰ অভ্যন্তৰীণ অংশৰ কথা কওঁ, পিৰামিডবোৰৰ বেৰত উৎকৃষ্ট চিত্ৰকলা খোদিত কৰা হৈছে। পিৰামিডৰ বেৰত থকা এখন ছৱিত প্ৰাচীন মিচৰত বিদ্যুৎ থকাৰ প্ৰমাণো পোৱা গৈছে। ইয়াক Dendera Light বুলি কোৱা হয়।

পিৰামিডৰ তলত সুৰংগৰ জাল

কোৱা হয় যে গিজাৰ গ্ৰেট পিৰামিডৰ তলত গুহা আৰু সুৰংগৰ জাল আছে। মহান পিৰামিডৰ তলত এটা ঠাই আৱিষ্কাৰ কৰা হৈছে য’ত বহুতো কোঠা আৰু সুৰংগ আছে। যেতিয়া এই সুৰংগবোৰৰ তদন্ত কৰা হ’ল, তেতিয়া আচৰিত ধৰণৰ ফলাফল ওলাই আহিল। এই সুৰংগবোৰৰ ভিতৰত অক্সিজেন আৰু বায়ু নাছিল, অৰ্থাৎ প্ৰাচীন মিচৰৰ মানুহে বিচাৰিছিল যে ইয়াৰ ভিতৰলৈ যাতে কোনেও নাযাওক বা গ’লেও জীৱিত অৱস্থাত উভতি নাহক। এনে সুৰংগ আৰু ভূ-গৰ্ভ জগতৰ কথা ইজিপ্তৰ পিৰামিডৰ সৈতে জড়িত প্ৰাচীন প্ৰবন্ধতো উল্লেখ আছে।

পিৰামিডৰ ৰহস্য

গিজাৰ পিৰামিডৰ ৰহস্য

কিন্তু এই পিৰামিডৰ ভিতৰৰ জগতখনৰ ৰহস্য উৎঘাটনৰ বাবে বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু জাপানৰ কেশ্বো বিশ্ববিদ্যালয়ৰ ৰেডিয়েচন মেট্ৰ’লজী বিভাগে এক অনন্য কৌশল আৱিষ্কাৰ কৰিছে যাৰ জৰিয়তে পিৰামিডৰ গভীৰতাত লুকাই থকা ৰহস্যসমূহ উন্মোচন কৰিব পৰা যায়। ইয়াক Muon Radiology বুলি কোৱা হয়। Muon Radiology হৈছে এটা উপ-পৰমাণু কণা, যিটো ছশ মিটাৰৰ ডাঠ শিলৰ মাজেৰেও পাৰ হ’ব পাৰে। আচলতে এইটো এক প্ৰকাৰৰ লেজাৰ ৰশ্মি যাৰ জৰিয়তে পিৰামিডৰ ভিতৰৰ গুহা আৰু সুৰংগ গঠনৰ ছৱিও ল’ব পাৰি। এই ছবিখন দেখাত এখন X-Ray ৰ দৰে আৰু এই প্ৰকল্পটোক স্কেন পিৰামিড প্ৰজেক্ট বুলি কোৱা হৈছে।

পিৰামিডৰ ৰহস্য

গিজাৰ পিৰামিডৰ ৰহস্য

গতিকে পাঠকবৃন্দ গিজাৰ এই মহান পিৰামিডবোৰ এনে ৰহস্যময় কাহিনীৰে ভৰি আছে আৰু বহুতো আকৰ্ষণীয় তথ্যও এই পিৰামিডবোৰৰ সৈতে জড়িত। গতিকে সেই আমোদজনক তথ্যবোৰনো কি জানিবলৈ লিখনিটো পঢ়ি থাকক।

(আশা কৰোঁ আপুনি  “গিজাৰ পিৰামিডৰ ৰহস্য” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “গিজাৰ পিৰামিডৰ ৰহস্য” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top