কেনেদৰে হেকিঙৰ বলি হৈছিল Sony Company?

Sony hack

বন্ধুসকল, ২০১১ চনৰ ২০ এপ্ৰিলত Sony Playstation নেটৱৰ্ককে ধৰি Sony ৰ বহু চাৰ্ভিছ পৰৱৰ্তী ২ দিনৰ বাবে হেকাৰে সম্পূৰ্ণৰূপে লক কৰি ৰাখে। ইফালে Sony ৰ কোনো কৰ্মচাৰীৰ হাতত System ত প্ৰৱেশৰ কোনো উপায় নাছিল। আনহাতে, এই হেকাৰসকলৰ হাতত এতিয়া Sony ৰ কোটি কোটি গ্ৰাহকৰ বেংকিঙৰ তথ্য, ব্যক্তিগত তথ্য আৰু বহু ধৰণৰ তথ্য পৰিছিল। কিন্তু এই হেকিং এৰাই চলিব পৰা গ’লহেঁতেন কাৰণ এই হেকিংটো এখন কাজিয়াৰ পৰা আৰম্ভ হৈছিল। এনে এখন কাজিয়া যিয়ে পিছলৈ Sony ৰ নিজৰেই বহুখিনি ক্ষতি কৰিলে, কিন্তু কেনেকৈ? এই পোষ্টৰ যোগেদি জানো আহক এই কাহিনীটো।

Sony ৰ hack ৰ কাহিনী

Sony ৰ এই hack ৰ কাহিনী আৰম্ভ হয় Apple ৰ পৰা, চ’নীৰ পৰা নহয়। যেতিয়া এপলে প্ৰথম আইফোন লঞ্চ কৰিছিল তেতিয়া আইফোন আছিল এনে এটা ডিভাইচ যিটো আগতে কোনেও দেখা নাছিল। সেয়েহে লঞ্চ হোৱাৰ পৰাই সকলোৱে আইফোন ল’ব বিচাৰিছিল যদিও ইয়াৰ একমাত্ৰ সমস্যা আছিল যে সেই সময়ত আইফোনে AT&T নামৰ এটা নেটৱৰ্ক প্ৰভাইডাৰৰ সৈতে চুক্তি কৰিছিল, যাৰ বাবে আইফোনৰ ভিতৰত কেৱল তেওঁলোকৰ চিমহে ব্যৱহাৰ কৰিব পৰা আছিল।

সেই সময়ত এজন ১৭ বছৰীয়া ল’ৰা George Hotz, যি এজন Tech Enthusiast আৰু হেকাৰ আছিল, তেওঁ এই কথা মুঠেই ভাল নাপালে। কাৰণ তেওঁ নিজৰ T-mobile ৰ SIM কাৰ্ডখন আইফোনত ব্যৱহাৰ কৰিব বিচাৰিছিল কাৰণ ইয়াৰ Plan অধিক সুলভ আছিল। এই সময়ত জৰ্জৰ বয়স ১৭ বছৰ আছিল যদিও ইতিমধ্যে তেওঁক বহু অভিযান্ত্ৰিক আৰু টেক শ্ব’ত দেখা গৈছিল। গতিকে জৰ্জে নিজৰ বাকী মেচিনবোৰৰ দৰে আইফোনটোও খুলিবলৈ সিদ্ধান্ত ল’লে।

Sony hack

আইফোন Hack

জৰ্জে দেখিলে যে তেওঁৰ বাবে আইফোন হেক কৰাটো বৰ কঠিন নহয়। তেওঁ আইফোনত এটা অতিৰিক্ত চিপ ইনষ্টল কৰিলে যিয়ে আগৰ ব্ৰডবেণ্ড কমাণ্ডবোৰ Override কৰি জৰ্জে লিখা ক’ডটো ইনষ্টল কৰিলে। যিটো ফোন তৈয়াৰ কৰিবলৈ apple ৰ বহু বছৰ লাগিছিল সেই ফোনটো জৰ্জে মাত্ৰ ৩ মাহত সম্পূৰ্ণ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি দিলে আৰু ইয়াৰ পিছত তেওঁ এই ভিডিঅ’টো নিজৰ Geohot নামৰ ইউটিউব চেনেলত আপলোড কৰিলে।

Sony hack

এই ভিডিঅ’টো সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু ষ্টিভ জবছে এই বিষয়ে একো কোৱা নাছিল যদিও এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱ’জনিয়াকে (Steve wozniak) জৰ্জৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰিছিল। ইয়াৰ পিছত জৰ্জে আইফোন হেক কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু তেওঁ এনে কণ্টেণ্ট তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে।

দৰাচলতে কোনো কোম্পানীৰ বাবে কোনোবাই ৰাজহুৱাভাৱে তেওঁলোকৰ গেজেট এনেদৰে হেক কৰাটো ভাল কথা নহয়, কিন্তু কিছুমান মানুহৰ মতে জৰ্জে আচলতে এপলক সহায়হে কৰিছিল কাৰণ এতিয়া তেওঁলোকেও সহজেই আইফোন কিনিব পাৰিছিল। কাৰণ কোনেও আইফোনৰ বাবে চিম কাৰ্ড সলনি কৰিব বিচৰা নাছিল। এই নতুন খ্যাতিৰ বাবেই জৰ্জলৈ কিছুমান মানুহৰ পৰা Donation আহিবলৈ ধৰিলে, যাৰ বাবে তেওঁ নিউ জাৰ্চিৰ পৰা কেলিফৰ্ণিয়ালৈ যাব পৰাকৈ যথেষ্ট ধন সংগ্ৰহ কৰিলে আৰু কেলিফৰ্ণিয়ালৈ অহাৰ পিছত তেওঁ গুগলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়, য’ত তেওঁ Graduation মাজভাগতে এৰি দিয়ে আৰু গুগলত কাম কৰিবলৈ আৰম্ভ কৰে।

গুগল এটা ভাল আৰু সৃষ্টিশীল কোম্পানী। কিন্তু একে সময়তে আন যিকোনো কোম্পানীত থকাৰ দৰেই ইয়াতো কৰ্পৰেট গাঁথনি আছে আৰু ইয়াৰ বাবেই জৰ্জে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে যে হয়তো তেওঁ ইয়াৰ বাবে উপযুক্ত নহয়। এই কাৰণেই তেওঁ গুগল এৰি নিউ জাৰ্চিলৈ উভতি আহিল আৰু লগতে ছ’চিয়েল মিডিয়াত ঘোষণা কৰিলে যে এতিয়া তেওঁ পুনৰ আইফোন হেক নকৰে, কিন্তু তেওঁ আন কিবা এটা প্ৰেৰণাহে বিচাৰি আছে।

Play station 3 Hack

এনেকুৱা সময়তে তেওঁলৈ এটা পেকেজ পঠিওৱা হয় য’ত এটা Play station 3 আছিল আৰু লগতে আছিল ইয়াক হেক কৰি দেখুৱাবলৈ এটা প্ৰত্যাহ্বান। এইটোৱেই আছিল জৰ্জে বিচৰা প্ৰেৰণা, গতিকে তেওঁ ছ’চিয়েল মিডিয়াত ঘোষণা কৰে যে তেওঁ এতিয়া PS3 হেক কৰিবলৈ ওলাইছে। এয়া সেই সময় আছিল যেতিয়া গেমাৰ আৰু হেকাৰসকলে এনেধৰণৰ Gaming Consol ৰ সৈতে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। য’ত পাইৰেটেড গেম চলোৱাই হওক বা গেমৰ Mod Version বনোৱাই হওক য’ত Background পৰা আদি কৰি সকলো সলনি কৰিব পাৰি।

Sony hack

সকলো ধৰণৰ Hack আৰু Tricks ব্যৱহাৰ কৰা হৈছিল, কিন্তু PS3 এনেকুৱা এটা Equipment আছিল যাক এতিয়াও কোনেও Hack কৰিব পৰা নাছিল আৰু সেয়েহে প্ৰত্যাহ্বানটো অধিক ৰোমাঞ্চকৰ হৈ পৰিল। ইয়াৰ পিছত জৰ্জে পাঁচ সপ্তাহ ধৰি কঠোৰ পৰিশ্ৰম কৰিলে য’ত তেওঁ ৫০০ শাৰীতকৈও অধিক Code লিখিলে। অৱশেষত তেওঁৰ প্ৰচেষ্টাৰ ফল লাভ কৰিলে আৰু তেওঁ অনলাইনত ঘোষণা কৰিলে যে তেওঁ PS3 সফলতাৰে Hack কৰিছে আৰু ইণ্টাৰনেটত ইয়াৰ নিৰ্দেশনাও প্ৰকাশ কৰিলে যাতে আনসকলেও একে কাম কৰিব পাৰে।

জৰ্জৰ PS3 Hack কৰাৰ পদ্ধতিটো আছিল যথেষ্ট সহজ। তেওঁ PS3 ৰ Other Operating System ব্যৱহাৰ কৰি তেওঁ ইয়াত Linux Operating System চলাবলৈ আৰম্ভ কৰিলে। যিয়ে ব্যৱহাৰকাৰীক হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পূৰ্ণ Access দি দিয়ে আৰু এইদৰে PS3 এ এটা সাধাৰণ ডেস্কটপ কম্পিউটাৰৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত তেওঁ তাত নিজৰ প্ৰগ্ৰেমবোৰ চলাবলৈ আৰম্ভ কৰিলে।

কিন্তু এপলৰ দৰে চ’নীয়ে জৰ্জৰ পদ্ধতিটো ভাল নাপালে আৰু সেইবাবেই তেওঁলোকে এটা আপডেটৰ জৰিয়তে এটা Security Patch ইনষ্টল কৰিলে যাতে কোনেও চিষ্টেমক Exploit কৰিব নোৱাৰে। এই সিদ্ধান্ত যথেষ্ট বিতৰ্কিত আছিল আৰু ইণ্টাৰনেট সমূদায় দুটা ভাগত বিভক্ত হৈ পৰিল য’ত এটা গোট চ’নীৰ সৈতে আৰু আনটো গোট জৰ্জৰ সৈতে আছিল। ইফালে জৰ্জৰ ব্যক্তিগত তথ্যও ফাদিল কৰাৰ চেষ্টা কৰা হৈছিল।

কিন্তু জৰ্জক এই Security Patchটোৱে বাধা দিব নোৱাৰিলে আৰু তেওঁ পুনৰ নিজৰ কাম আৰম্ভ কৰিলে। পিছৰবাৰ তেওঁ নিজৰ Code ৰ জৰিয়তে PS3 চিষ্টেমৰ ভিতৰত প্ৰৱেশ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতত ল’বলৈ চেষ্টা কৰিছিল। কিন্তু এইবাৰ জৰ্জৰ হাতত এটা ভাল উপায় উপলব্ধ আছিল। এইবাৰ তেওঁ মাত্ৰ এটা Decryption Program ৰ সহায় লৈ তাৰ জৰিয়তে PS3 ৰ নতুন Security Patch ৰ Access Key বা Password Extract কৰাত সফল হ’ল আৰু তাৰ পিছত এই Access Key ৰ জৰিয়তে তেওঁ পুনৰ Consol ত ইচ্ছাকৃত পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰিলে।

য’ত পিছৰবাৰ তেওঁক PS3 Hack কৰিবলৈ পাঁচ সপ্তাহ সময় লাগিছিল, কিন্তু এইবাৰ তেওঁ মাত্ৰ ১০ মিনিটতে PS3 Hack কৰিলে। এইবাৰ জৰ্জে জানিছিল যে যদি তেওঁ ইণ্টাৰনেটত ইয়াৰ নিৰ্দেশনা ৰাজহুৱাভাৱে প্ৰকাশ কৰে তেন্তে চ’নীয়ে পুনৰ আন এটা Security Patch ৰ জৰিয়তে ইয়াক নিষ্ক্ৰিয় কৰি দিব। সেইবাবেই এইবাৰ তেওঁ নিজৰ ক’ডৰ সৈতে এটা বিশেষ বৈশিষ্ট্য যোগ কৰি দিলে, যাৰ বাবে PS3 ৰ ভিতৰত পাইৰেটেড গেম চলোৱাটো অসম্ভৱ হৈ পৰিল।

George Hotz ক Sue 

এইটো এটা ডাঙৰ পদক্ষেপ আছিল কাৰণ প্ৰতি বছৰে পাইৰেটেড গেমৰ বাবে গেমিং উদ্যোগে প্ৰায় ৮ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছিল। গতিকে কাৰিকৰীভাৱে জৰ্জে Sony ক সহায়হে কৰিছিল আৰু তেৱোঁ অনুভৱ কৰিছিল যে এই Patch ৰ পিছত ছোনীয়ে তেওঁক আমনি নকৰিব। কিন্তু চ’নীয়ে এই পদক্ষেপো ভাল নাপালে আৰু চ’নীয়ে জানিছিল যে যদি তেওঁলোকে পুনৰ কোনো Security Patch মুকলি কৰে তেন্তে জৰ্জে ইয়াকো পুনৰ হেক কৰিব। গতিকে এইবাৰ Sony এ নিজৰ Legal Team ৰ সহায় ললে আৰু ২০১৪ চনৰ ১১ জানুৱাৰীত চ’নীয়ে আনুষ্ঠানিকভাৱে George Hotz ক Computer Fraud and Abuse Act আৰু Facilitating Copyright Infringement উলংঘাৰ বাবে Sue কৰি দিলে।

এই ঘটনাটোৱে বিশ্বৰ সকলো Activist কে অতিশয় ক্ৰোধিত কৰি তুলিছিল কাৰণ তেওঁলোকৰ সহজ যুক্তি আছিল যে যদি তেওঁলোকে কোনো ডিভাইচ কিনিছে তেন্তে তেওঁলোকৰ ইয়াৰ ওপৰত ১০০% অধিকাৰ থাকিব লাগে আৰু তাৰ পিছত তেওঁলোকে ইয়াৰ সৈতে যি কৰে এই ক্ষেত্ৰত কোম্পানীৰ কোনো আপত্তি থাকিব নালাগে।

উদাহৰণস্বৰূপে আপুনি যদি মাদাৰ ডেইৰীৰ পৰা গাখীৰৰ পেকেট এটা কিনে তেতিয়া আপুনি তাৰ পৰা চাহ বনাই নতুবা জীৱ-জন্তুক খুৱাই, এই ক্ষেত্ৰত মাদাৰ ডেইৰীৰ কোনো আপত্তি নাই। তেন্তে এই বিষয়ত চ’নী কেনেকৈ পৃথক হ’ব পাৰে। এই যুক্তি আজিৰ নহয়, ই বহুত পুৰণি আৰু আমি এতিয়াও এয়া দেখিবলৈ পাওঁ। কিন্তু Sony ইয়াৰ সম্পূৰ্ণ বিৰোধী আছিল আৰু তেওঁলোকৰ Message clear আছিল যে যদি কোনোবাই PS3 কিনিছে তেন্তে তেওঁলোকে চ’নীয়ে বিচৰা ধৰণে ইয়াক ব্যৱহাৰ কৰিব লাগিব।

চ’নীয়ে লগতে এইটোও দাবী কৰিছে যে পাইৰেটেড গেম বন্ধ কৰিবলৈ জৰ্জে সন্নিৱিষ্ট কৰা ক’ডটো সহজেই আঁতৰাব পাৰি। যাৰ বাবে PS3 হেকিং কৰাটো এতিয়াও পাইৰেচিক প্ৰচাৰ কৰা বুলি গণ্য কৰা হ’ব। ইয়াৰ পিছত জৰ্জ হটজেও বহু টিভি চেনেল আৰু অন্যান্য নেটৱৰ্কত সাক্ষাৎকাৰ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ইউটিউবত ১ মিনিটৰ এটা ভিডিঅ’ও আপলোড কৰে।

কিন্তু চ’নীৰ হাতত বহুতো টকা আৰু অতি যোগ্য অধিবক্তা আছিল যিয়ে গোচৰৰ আৰম্ভণিতে Restarting Order লৈ লৈছিল। এই Order অনুসৰি যদি জৰ্জে PS3 হেক কৰি ইয়াৰ তথ্য ৰাজহুৱাকৈ প্ৰকাশ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

কিন্তু হয়তো Sony ইয়াতেই থমকি ৰ’লে এই কথাটো মানুহে পাহৰি গ’লহেঁতেন। কিন্তু তাৰ পিছত Sony এ এটা ডাঙৰ ভুল কৰিলে। চ’নীয়ে কেৱল জৰ্জক হেক কৰা বন্ধ কৰাই নহয় আদালতৰ জৰিয়তে টুইটাৰ, ফেচবুক, ইউটিউব আৰু জৰ্জৰ ইণ্টাৰনেট প্ৰভাইডাৰলৈও জাননী প্ৰেৰণ কৰিলে। লগতে এই হেকিঙৰ Instruction ডাউনলোড কৰা সকলোৰে IP Addresses ও বিচাৰিলে আৰু লগতে জৰ্জৰ Paypal একাউণ্টৰ Access ও Sony এ লাভ কৰিলে। যাৰ ফলত গম পোৱা গ’ল যে কোনে তেওঁক Donation দিছিল আৰু এতিয়া এই Donation দিয়া সকলৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন কৰা হ’ল।

আজিৰ নিয়ম অনুসৰি এই তথ্য কোনো কোম্পানীৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰে। কিন্তু তেতিয়া এই নিয়মবোৰ নাছিল। সেয়েহে তেওঁলোকে সকলো তথ্য সহজেই লাভ কৰিছিল। এই ঘটনাটোৱে এনে এটা বিপদজনক নিয়ম Set কৰিলে যে এতিয়া প্ৰতিটো হেকিঙৰ গোচৰত যিকোনো কোম্পানীয়ে আদালতলৈ যাব পাৰিছিল আৰু এই গোচৰৰ উদ্ধৃতি দি তেওঁলোকে বহু লোকৰ ব্যক্তিগত তথ্যও লাভ কৰিব পাৰিছিল।

এইটোৱেই সেই পইণ্ট আছিল যাৰ ফলত Anonymous কো ইয়াত জড়িত হ’বলগীয়া হৈছিল। কিন্তু Anonymous কি? Anonymous হ’ল এটা হেকিং গ্ৰুপ, যাৰ সদস্যসকলে কেতিয়াও ইজনে সিজনক লগ নাপায় আৰু ইজনে সিজনক চিনিও নাপায়। এই লোকসকলে কেৱল ইণ্টাৰনেটৰ জৰিয়তেহে যোগাযোগ কৰে আৰু যোৱা কেইবছৰমানৰ পৰা Anonymous ৰ সৈতে জড়িত বহু হেকাৰো ৰাজহুৱাভাৱে সন্মুখলৈ আহিছে, কিন্তু বাস্তৱত এই গোটটো কোনে কেতিয়া আৰম্ভ কৰিছিল আৰু বৰ্তমান ইয়াত কিমান সদস্য আছে, সেই বিষয়ে এতিয়াও কোনেও নাজানে।

ইয়াৰ উপৰিও সমাজত তেওঁলোকৰ ভাবমূৰ্তি ৰবিন হুডৰ দৰে হোৱাৰ বাবেও Anonymous সমগ্ৰ বিশ্বতে বিখ্যাত। এই লোকসকলে বেংকৰ পৰা ধন চুৰি নকৰে বৰঞ্চ চৰকাৰ আৰু কোম্পানীৰ গোপন ফাইল চুৰি কৰে যাতে তেওঁলোকে পৃথিৱীত চলি থকা দুৰ্নীতি আৰু যুদ্ধাপৰাধৰ দৰে কথাবোৰ উদঙাই দিব পাৰে। ডিজিটেল অধিকাৰ আৰু গোপনীয়তাৰ বিষয়েও Anonymous অতি স্পষ্ট, যাৰ বাবে তেওঁলোকে এই গোচৰত হস্তক্ষেপ কৰাৰ সিদ্ধান্ত ল’লে।

Anonymous এ প্ৰথমে ইণ্টাৰনেটত সতৰ্কবাণী জাৰি কৰি চ’নীক সকীয়াই দিলে আৰু তাৰ পিছত ২০১১ চনৰ ১১ এপ্ৰিলত Sony.com আৰু playstation.com হেক কৰি অফলাইন কৰি দিলে। ইয়াৰ পিছত তেওঁলোকে ইউটিউবত এটা ভিডিঅ’ মুকলি কৰি নিজৰ দাবী ঘোষণা কৰি কয় যে চ’নীয়ে মানুহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বন্ধ কৰিব লাগে, জৰ্জ হটজক আমনি কৰিব বন্ধ কৰিব লাগে।

কিন্তু এই সকলোবোৰ ঘটি থকা দেখি জৰ্জে অনুভৱ কৰিবলৈ ধৰিলে যে Sony ৰ হয়তো anonymous ৰ এই কাৰ্য্যত আৰু বেছি খং উঠিব আৰু তেওঁকেই এই আক্ৰমণবোৰৰ লগত জড়িত বুলি গণ্য কৰিব পাৰে। এই কাৰণতে তেওঁ এক বিবৃতি জাৰি কৰি কয় যে এই আক্ৰমণৰ লগত তেওঁ কোনো প্ৰকাৰে জড়িত নহয় আৰু তেওঁ যি হেকিং কৰে সেয়া জনসাধাৰণৰ সন্মুখতে কৰে।

কিন্তু এতিয়া বিষয়টো জৰ্জৰ হাতৰ পৰা ওলাই গৈছিল, কাৰণ anonymous এটা গোটই কিন্তু ইয়াৰ কোনো নেতা নাই আৰু anonymous ভিতৰতো আৰু বহুতো গোট আছে যিবোৰে ইজনে সিজনক চিনিও নাপায়। এই কাৰণেই anonymous ৰ এই কাৰ্য্যই চ’নীৰ কাৰ্যবাহীসকলৰ সকলো ব্যক্তিগত তথ্য ৰাজহুৱাভাৱে ফাদিল কৰি দিলে।

জৰ্জ আৰু চ’নীৰ মাজত Settlement চুক্তি

বিষয়টো হাতৰ পৰা পিছলি যোৱা দেখি জৰ্জ আৰু চ’নীৰ মাজত এটা Settlement চুক্তি কৰা হয় আৰু অৱশেষত জৰ্জেও এই কথাত সন্মত হয় যে এতিয়া তেওঁ পুনৰ কোনো PS3 বা চ’নীৰ প্ৰডাক্ট হেক নকৰে।

কিন্তু এই নিষ্পত্তিৰ পিছতো anonymous য়ে চ’নীৰ পিছ এৰা নিদিলে। ২০১১ চনৰ ১৩ এপ্ৰিলত anonymous য়ে চ’নীৰ বিৰুদ্ধে প্ৰতিবাদ আয়োজন কৰিবলৈ এটা ভিডিঅ’ জাৰি কৰে। এই প্ৰতিবাদ ১৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া আছিল, য’ত কোৱা হৈছিল যে সকলোৱে anonymous মাস্ক পৰিধান কৰি চ’নীৰ Store ৰ সন্মুখত প্ৰতিবাদ কৰিব লাগে। এই সতৰ্কবাণীৰ বাবেই সেই সপ্তাহৰ শেষৰ ফালে ব্ৰিটেইনৰ Sony ষ্ট’ৰসমূহ বন্ধ হৈ পৰে আৰু আনহাতে মানচেষ্টাৰৰ চ’নী ষ্ট’ৰততো আৰক্ষী নিয়োগ কৰা হয়। ইয়াৰ বাহিৰেও মানুহে কেলিফৰ্ণিয়াৰ চ’নী ষ্ট’ৰত পোষ্টাৰ লগাবলৈও আৰম্ভ কৰে।

কিন্তু এই প্ৰতিবাদ বিশেষ একো ফলপ্ৰসূ নহ’ল কাৰণ anonymous ৰ প্ৰকৃত শক্তি ইণ্টাৰনেটতহে আছিল, ভৌতিক জগতত নহয়, সেয়েহে anonymous য়ে পুনৰ ইণ্টাৰনেটৰ পথেই বাছি লয়।

Sony ৰ চাৰ্ভাৰ Hack

১৭ এপ্ৰিলত চ’নীৰ কৰ্মচাৰীসকলে লক্ষ্য কৰিলে যে তেওঁলোকৰ চাৰ্ভাৰত কিছু সমস্যা ধৰা পৰিছে। ইয়াৰ ফলত তাত থকা সকলো মেচিন বাৰে বাৰে Reboot হৈ আছে। এই সমস্যাটো অহা দুদিনলৈকে এনেদৰেই চলি থাকিল, আৰু Sony ৰ নিজৰ চাইবাৰ ছিকিউৰিটি টিমে ইয়াৰ সমাধানত ব্যস্ত হৈ পৰিল।

এতিয়া ১৯ এপ্ৰিলত চ’নীয়ে উপলব্ধি কৰিলে যে তেওঁলোকৰ চাৰ্ভাৰত কোনোবাই অনুপ্ৰৱেশ কৰিছে আৰু এই ব্যক্তি যিয়েই নহওক কিয়, এতিয়া তেওঁৰ হাতত Sony ৰ ৭.৭ কোটি গ্ৰাহকৰ একাউণ্টৰ Access আছে আৰু এই একাউণ্টৰ লগতে মানুহৰ ক্ৰেডিট কাৰ্ড, ঠিকনা আৰু অন্যান্য ব্যক্তিগত আৰু আৰ্থিক তথ্য সংযুক্ত হৈ আছিল। যেতিয়া এই সমস্যা তিনিদিনলৈকে সমাধান নহ’ল তেতিয়া চ’নীয়ে প্লেষ্টেচন নেটৱৰ্ক সাময়িকভাৱে বন্ধ কৰি দিলে। কিন্তু ইয়াৰ আঁৰৰ কাৰণ জনসাধাৰণক অৱগত নকৰিলেও উৰাবাতৰি আৰু বিভিন্ন খবৰৰ ভিত্তিত মানুহে অনুমান কৰিবলৈ ধৰিলে যে ইয়াৰ আঁৰত নিশ্চিতভাৱে anonymous ৰ হাত আছে।

এতিয়া পিছদিনা চোনীয়ে আকৌ এটা পোষ্টত কয় যে তেওঁলোকৰ গ্ৰাহকে ধৈৰ্য্য ধৰিব লাগে আৰু তেওঁলোকক ৪৮ ঘণ্টা সময় দিব লাগে। ২২ এপ্ৰিলত অৱশেষত চ’নীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰে যে তেওঁলোকৰ System ত কিছুমান বাহ্যিক শক্তিৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। কিন্তু এতিয়াও তেওঁলোকে প্ৰকাশ নাই যে এই সময়ত তেওঁলোকৰ গ্ৰাহকৰ তথ্য অসুৰক্ষিত হৈ আছে।

ইয়াৰ পিছত চ’নীয়ে এই সমস্যাৰ সমাধান উলিয়াবলৈ দুটা ভিন্ন চাইবাৰ ছিকিউৰিটি ফাৰ্মক নিযুক্তি দিয়ে আৰু লগতে নিজৰ অভ্যন্তৰীণ দলৰ সৈতে সমগ্ৰ আন্তঃগাঁথনি পুনৰ নিজৰ নিয়ন্ত্ৰণত আনিবলৈ অহৰহ চেষ্টা কৰি থাকে। চাৰিদিন পিছত অৱশেষত তেওঁলোকে জনসাধাৰণক জনাই দিয়ে যে বৰ্তমান তেওঁলোকৰ ব্যক্তিগত তথ্য ৰিস্কত আছে।

যেতিয়া এই বিষয়টো পোহৰলৈ আহিল, চ’নীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাবলৈ ধৰে। ইয়াত আমোদজনক কথাটো হ’ল, এই গোটেই কাহিনীটো আৰম্ভ হৈছিল যেতিয়া চ’নীয়ে জৰ্জৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাইছিল, কিন্তু এতিয়া হাজাৰ হাজাৰ লোক চ’নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰিলে কাৰণ চ’নীয়ে নিজৰ গ্ৰাহকক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল।

কিন্তু ইয়াৰ মাজতে জৰ্জে এটা ভিডিঅ’ আপলোড কৰি এই ধৰণৰ Hack ক নিন্দা কৰিছিল। আনহাতে ২ মে’লৈকেও Sony ৰ নেটৱৰ্ক বন্ধ হৈ থাকিল আৰু তাৰ পিছত সংবাদমেলত চ’নীয়ে স্পষ্টকৈ ক’লে যে এই Hack ৰ ফলত বহু লোকৰ ক্ৰেডিট কাৰ্ডৰ তথ্যৰ Access হয়তো হেকাৰসকলৰ ওচৰলৈ গৈছে। ১৪ মে’ত অৱশেষত তেওঁলোকৰ সেৱা অনলাইন হ’ল আৰু পিছৰ দুদিন ধৰি তেওঁলোকৰ চিনিয়ৰসকলে প্ৰতিখন দেশতে ইটোৰ পিছত সিটোকৈ গ্ৰাহকৰ একাউণ্ট Restore কৰি থাকিল আৰু ২৩ দিনৰ পাছত চ’নীৰ কাৰ্যালয়ৰ মানুহে সকাহৰ হুমুনিয়াহ কাঢ়িলে।

ইয়াৰ পিছত United States House of Representative এ চ’নীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে য’ত দেখা গ’ল যে আক্ৰমণৰ Warning পোৱাৰ পিছতো চ’নীয়ে গ্ৰাহকক সুৰক্ষা দিবলৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ পিছত ব্ৰিটিছ Information Commissioner এ চ’নীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিলে আৰু ব্ৰিটেইনত তেওঁলোকে ৩.৯৫ লাখ পাউণ্ড জৰিমনাও ভৰিবলগীয়া হ’ল কাৰণ ব্ৰিটেইনৰ Data Protection Act 1998 অনুসৰি এটা Technology Company হোৱাৰ বাবে এই Data সুৰক্ষিত ৰখাৰ দায়িত্বও চ’নীৰেই আছিল।

ইয়াৰ উপৰিও চ’নীয়ে এই হেকৰ পিছত ক্ৰেডিট কাৰ্ড বা পৰিচয়ৰ অপব্যৱহাৰ হোৱা প্ৰতিজন ব্যক্তিৰ বাবে এক বিলিয়ন ডলাৰ পৰ্যন্ত বীমা জাৰি কৰিছিল। ক্ষতিপূৰণ হিচাপে ইয়াৰ গ্ৰাহকসকলক দুটা বিনামূলীয়া গেম ডাউনলোড কৰিবলৈও অনুমতি দিয়া হৈছিল। এই সমগ্ৰ হেকত চ’নীয়ে ২৩ দিন ধৰি ব্যৱসায় চলাব নোৱাৰাৰ বাবে প্ৰায় ১৭ কোটি ১০ লাখ ডলাৰৰ লোকচানৰ সন্মুখীন হৈছিল আৰু এইদৰেই এজন ১৭ বছৰীয়া ল’ৰা আৰু এটা হেকাৰ গ্ৰুপে বিশ্বৰ এটা বৃহৎ কোম্পানীক অসহায় কৰি তুলিছিল।

বাৰু আপোনাৰ এইক্ষেত্ৰত মতামত কি? এই হেকটো শুদ্ধ আছিল নে ভুল? এইবিষয়ে আপোনাৰ মতামত কমেণ্টত লিখি জনাব।

(আশা কৰোঁ আপুনি  “কেনেদৰে হেকিঙৰ বলি হৈছিল Sony Company?” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “কেনেদৰে হেকিঙৰ বলি হৈছিল Sony Company?” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top