পিৰামিডৰ কিছু মনোমোহা তথ্য-History of Egypt in Assamese || Part-5

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

আপুনি জানি আচৰিত হ’ব যে, ইজিপ্তৰ গিজাত থকা পিৰামিড বিশ্বৰ ৭টা প্ৰাচীন আশ্চৰ্য্যকৰ বস্তুৰ ভিতৰত শীৰ্ষত আছে। আজিও মিচৰৰ হাজাৰ হাজাৰ বছৰ পুৰণি পিৰামিডবোৰে সমগ্ৰ বিশ্ববাসীকে মোহিত কৰি আহিছে। যিয়ে এই পিৰামিডৰ কথা এবাৰ শুনে তেওঁলোকৰ মনত এই পিৰামিডবোৰ চোৱাৰ কৌতূহল প্ৰবল হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকে মিচৰৰ এই পিৰামিডবোৰ চাবলৈ মিচৰলৈ যায়। ভাবিবলগীয়া কথা যে, গিজাৰ পিৰামিডৰ ইমান কি আকৰ্ষণীয়তা বা ৰহস্য আছে যিয়ে সমগ্ৰ বিশ্বৰ পৰা প্ৰত্নতত্ত্ববিদ, বিজ্ঞানী, গৱেষক আৰু দুঃসাহসিক কৰ্মীসকলক ইয়াৰ প্ৰতি আকৰ্ষিত কৰে?

নিৰ্মাণ পদ্ধতি

গিজাৰ মহান পিৰামিড ৪৫ শ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। তেওঁলোকৰ নিৰ্মাণ পদ্ধতি আৰু স্থাপত্য এক বুজিও নুবুজা সাঁথৰৰ দৰে। তেইশ লাখ শিলৰ ব্যৱহাৰ কৰি গিজাৰ এই মহান পিৰামিড নিৰ্মাণ কৰা হৈছিল। য’ত চূণশিল আৰু গ্ৰেণাইট শিল ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো শিলৰ ওজন দুটা টনৰ পৰা পাঁচ টনলৈকে আছিল আৰু এই ডাঙৰ ডাঙৰ শিলবোৰ গিজাৰ পিৰামিডৰ পৰা প্ৰায় পাঁচশ কিলোমিটাৰ দূৰৰ পৰা অনা হৈছিল। গিজাৰ মহান পিৰামিডৰ ভেটি 5.52 লাখ বৰ্গফুটত বিস্তৃত। এই পিৰামিডৰ প্ৰতিটো কোণ 2.18 লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। আৰু এই মহান পিৰামিডত তিনিখন দুৱাৰ আছে যাৰ ওজন প্ৰায় 20 টন। কিন্তু ইমান গধুৰ হোৱাৰ পিছতো এই দুৱাৰবোৰ মাত্ৰ এখন হাতেৰেই আৰামত খুলিব পৰা যায়।

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

গিজাৰ পিৰামিডৰ ভেটিৰ শিলবোৰ ইটোৰ লগত সিটোৰ এনেদৰে সংযোগ কৰা হৈছে যে ডাঙৰ ডাঙৰ ভূমিকম্পও এই পিৰামিডবোৰৰ দেৱাল জোকাৰি অনিষ্ট কৰিব নোৱাৰে। যোৱা ৪৫শ বছৰত ই বহু ভূমিকম্পৰ সন্মুখীন হৈছে। কিন্তু গিজাৰ এই পিৰামিডবোৰক গৰম আৰু ভূমিকম্পৰ ফলত হোৱা প্ৰসাৰণৰ পৰা ৰক্ষা কৰিবৰ বাবে পিৰামিডৰ চাৰিওফালে বল আৰু চকেট নিৰ্মাণ কৰা হৈছিল। য’ত অতি উত্তাপত শিল প্ৰসাৰিত হ’লেও পিৰামিডৰ মূল ভেটিৰ একো নহয়। একেদৰে ভূমিকম্পৰ জোকাৰণিও ইয়াৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।

ইয়াৰ লগতে যিমান ঠাণ্ডা বা গৰম হ’লে গিজাৰ পিৰামিডৰ ভিতৰৰ উষ্ণতা কেতিয়াও সলনি নহয়। আমি জানো যে ইজিপ্ত মৰুভূমি অঞ্চল। গতিকে তাত অতি গৰম। কিন্তু প্ৰচণ্ড গৰমৰ মাজতো গিজাৰ পিৰামিডৰ ভিতৰৰ উষ্ণতা সদায় 20 ডিগ্ৰী চেলছিয়াছ হৈ থাকে। অৰ্থাৎ এই শিলবোৰ এনেদৰে স্থাপন কৰা হৈছে যে পিৰামিডৰ ভিতৰৰ উষ্ণতা সদায় একেই থাকিব, যিটো কোনো যাদুতকৈ কম কথা নহয়। বৰ্তমানৰ ডাঙৰ ডাঙৰ স্থাপত্যবিদসকলেও এই প্ৰাচীন প্ৰযুক্তি দেখি আচৰিত হয়। আচলতে এইটোও মহান অভিযান্ত্ৰিকতাৰ এক অতুলনীয় নমুনা।

পিৰামিডৰ মনোমোহা তথ্য

পিৰামিডৰ দেৱাল ৫২ ডিগ্ৰী কোণত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ মিচৰৰ মানুহৰ গণিতৰ জ্ঞান যথেষ্ট আছিল, যাৰ বাবে পিৰামিডৰ চুকবোৰ সঠিক কোণত সংযোগ কৰা সম্ভৱ হৈছিল। বিশ্ববিখ্যাত বিজ্ঞানী আৰু স্থাপত্যবিদ সকলেও বিশ্বাস কৰে যে ইজিপ্তত সেই সময়ৰ প্ৰযুক্তি অতি উন্নত আছিল। এনে প্ৰতিৰূপ নিৰ্মাণ কৰাটো আজিৰ দিনতো সম্ভৱ নহয়। বৰ্তমানৰ বিজ্ঞানীয়ে ইয়াৰ সৰু ৰূপ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া সম্ভৱ নহ’ল।

ইতিহাসবিদসকলে বিশ্বাস কৰে যে গিজাৰ গ্ৰেট পিৰামিড ৰজাৰ মামি সমাধিস্থ কৰিবলৈ নিৰ্মাণ কৰা হৈছিল যদিও এতিয়ালৈকে গিজাত থকা তিনিওটা পিৰামিডৰ কোনো এটাতে কোনো মামি পোৱা হোৱা নাই। আচলতে আজিও ই এক ৰহস্যৰ আৱৰ্তত।

এতিয়াও গিজাৰ গ্ৰেট পিৰামিডৰ বিষয়ে বিজ্ঞানীসকলৰ আৰু বহু প্ৰশ্ন আছে যিবোৰ সমাধান নোহোৱাকৈয়ে ৰৈ আছে। এইবোৰ প্ৰকৃততে মামি থ’বলৈয়ে বনোৱা হৈছিল নে এয়া কোনো বৈজ্ঞানিক গৱেষণাৰ বাবে বনোৱা হৈছিল সেয়াও ৰহস্য। একাংশ বিজ্ঞানীয়ে কয় যে এই পিৰামিডবোৰ বিদ্যুৎ উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। আৰু ইয়াৰ লগত জড়িত বহুতো বস্তু আৰু চিত্ৰকলা গিজাৰ পিৰামিডৰ দেৱালত অংকিত কৰা হৈছে। পিৰামিডৰ ভিতৰত গ্ৰেণাইট বক্স আৰু Dolomite Stone পোৱা গৈছে যিবোৰ হয়তো বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। পিৰামিডৰ ভিতৰত পোৱা গ্ৰেণাইটৰ 20টা বাকচৰ ওজন প্ৰায় এক লাখ কিলোগ্ৰামতকৈও অধিক।

পিৰামিডৰ মনোমোহা তথ্য

যেতিয়া গিজাৰ পিৰামিডবোৰ সন্মুখৰ পৰা দেখা যায়, তেতিয়া ইয়াৰ মাত্ৰ চাৰিটা ফালহে দেখা যায়, কিন্তু প্ৰকৃততে গিজাৰ মহান পিৰামিডৰ আঠটা ফাল আছে যিবোৰ কেৱল আকাশৰ পৰাহে দেখা যায় আৰু মিচৰৰ এই মহান পিৰামিডটো এনে এটা ঠাইত নিৰ্মাণ কৰা হৈছে যিটো ইজৰাইলৰ পাহাৰৰ পৰাও দেখা যায়। আনকি the great wall of China ৰ দৰে ইজিপ্তৰ পিৰামিডো চন্দ্ৰৰ পৰা দেখা যায়। সেই সময়ত মিচৰবাসী পিৰামিড বনোৱাৰ সপোন দেখাই নহয় ইয়াক বাস্তৱত সম্ভৱো কৰি তুলিছিল।

মিচৰবাসীয়ে পিৰামিড নিৰ্মাণ কৰিছিল যদিও আজিৰ উন্নত প্ৰযুক্তিবিদ্যায়ো ঢুকি পোৱা নাই এই পিৰামিডবোৰ আচলতে কিদৰে বনোৱা হৈছিল! এই বিষয়ে বিভিন্ন তত্ত্ব আমাৰ সন্মুখলৈ আহিছে, যি তত্ত্বৰ বিষয়ে আমি পৰৱৰ্তী খণ্ডত জানিম।

পিৰামিডৰ নিৰ্মাণ প্ৰযুক্তি

গিজাত নিৰন্তৰ গৱেষণাৰ অন্তত গিজাৰ পিৰামিডৰ নিৰ্মাণ আৰু স্থাপত্য সম্পৰ্কে বহু তত্ত্বৰ উন্মেষ ঘটিছিল যে গিজাৰ এই মহান পিৰামিডবোৰ কেনেকৈ নিৰ্মাণ কৰা হৈছে।

এটা তত্ত্বই কয় যে বিশাল ৰেম্প নিৰ্মাণ কৰি শিলবোৰ ওপৰলৈ লৈ যোৱা হৈছিল, আনহাতে আন এটা তত্ত্বত কোৱা হৈছে যে নীল নদীৰ পানী গিজাৰ গ্ৰেট পিৰামিড নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল। পানীৰ চাপ আৰু বল ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ শিলবোৰ ইয়ালৈ লৈ অনা হৈছিল। এটা তত্ত্ব গ্ৰহ, নক্ষত্ৰ আৰু তৰাৰ সৈতে জড়িত য’ত এলিয়েনৰো উল্লেখ পোৱা যায়। একে সময়তে কিছুমান মানুহৰ মতে এই ধৰণৰ স্থাপত্য নিৰ্মাণ কৰাটো মানুহৰ বাবে কঠিন আছিল আৰু ইয়াক কোনো অন্য গ্ৰহৰ লোকে নিৰ্মাণ কৰিছিল, আৰু এই তত্ত্বৰ নাম Erich Von Daniken Theory ৰখা হৈছে।

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

Erich Von Daniken আছিল এজন গৱেষক আৰু বিজ্ঞানী যিয়ে Chariots of the Gods নামৰ এখন গ্ৰন্থ লিখিছিল। ইয়াত তেওঁ লিখিছে যে গিজাৰ মহান পিৰামিড আন এটা গ্ৰহৰ পৰা অহা এলিয়েনে নিৰ্মাণ কৰিছিল যিসকলৰ হাতত মহান আৰু উন্নত প্ৰযুক্তি আছিল। তেওঁলোকৰ হাতত ইমান আধুনিক যন্ত্ৰ আছিল যে, যাৰ ফলত ইমান ডাঙৰ শিল কাটি ইমান উচ্চতালৈ লৈ যোৱা সম্ভৱ হৈছিল। এলিয়েনবোৰে গিজাৰ এই পিৰামিডবোৰক বিজ্ঞান পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল, য’ত বহুতো পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল।

পিৰামিডৰ ভিতৰৰ দেৱালত বহু ঠাইত অতি অদ্ভুত ছবি অংকন কৰা হৈছে, ইয়াৰে কিছুমান ছবি এলিয়েনৰ দৰে দেখা গৈছে যিবোৰে আজিৰ এলিয়েনৰ প্ৰতি আমাৰ কল্পনাক চিত্ৰিত কৰিছে। কিন্তু এৰিক ভ্যানৰ এই তত্ত্ব মাথোঁ এক কল্পনাহে যিটো বহু বিজ্ঞানী আৰু পুৰাতত্ত্ববিদে বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে।

The Orion Correlation Theory (OCT)

একেদৰে গিজাৰ মহান পিৰামিডৰ ওপৰত ভিত্তি কৰি আন এটা তত্ত্ব The Orion Correlation Theory (OCT), যিটো আন গ্ৰহৰ মানুহ আৰু এলিয়েনৰ লগতেই জড়িত। মই আগতেই কোৱাৰ দৰে গিজাৰ তিনিওটা পিৰামিড এডাল ৰেখাতেই Align হৈ আছে আৰু লগতে এই তিনিটা পিৰামিড তিনিটা তৰাৰ সৈতেও এডাল ৰেখাতেই Align হৈ আছে যাক Orion Belt বুলি কোৱা হয়। এই তিনিটা তৰাক Alnitak, Alnilam আৰু Mintaka বুলি কোৱা হয়।

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক Anthony Farrell এ এই তত্ত্বৰ ওপৰত গৱেষণা কৰিছিল যে গীজাৰ এই তিনিটা পিৰামিড যদি ৰাতি দেখা যায়, তেন্তে ইহঁতে তিনিওটা তৰাৰ সৈতে এক সৰল ৰেখা গঠন কৰে, গতিকে প্ৰাচীন মিচৰৰ মানুহৰ এই তৰাৰ বিষয়ে জ্ঞান থকাটো আচৰিত কথা। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে এই তত্ত্ব জনসাধাৰণৰ মাজলৈ আহিছিল আৰু এই The Orion Correlation Theory (OCT) তত্ত্বৰ ভিত্তিত বিজ্ঞানীসকলে দাবী কৰিছে যে আন এটা গ্ৰহৰ পৰা অহা এলিয়েনে পৃথিৱীলৈ উন্নত প্ৰযুক্তি লৈ আহিছিল। এই প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকে মানুহক সহায় কৰিছিল। গৱেষকসকলৰ মতে এই এলিয়েনবোৰ Orion Belt ৰ তিনিটা তৰাৰ পৰা পৃথিৱীলৈ আহিছিল আৰু এই তিনিটা তৰাৰ নিশ্চয় মানুহৰ লগত কিবা নহয় কিবা সম্পৰ্ক আছিল।

নীল নদীৰ পানীৰ সৈতে জড়িত তত্ত্ব 

একেদৰে গিজাৰ মহান পিৰামিডৰ আন এটা তত্ত্ব নীল নদীৰ পানীৰ সৈতেও জড়িত। আচলতে এই শিলবোৰ ওজন কম হ’লেহে ইমান বিশাল শিলবোৰ উচ্চতালৈ লৈ যোৱাটো সম্ভৱ আছিল, গতিকে মিচৰবাসীসকলে শিলবোৰ পাতল কৰাৰ কৌশল এটা উলিয়াইছিল। এই কৌশল অনুসৰি নীল নদীৰ পৰা পিৰামিডলৈকে এটা খাল নিৰ্মাণ কৰা হ’ল আৰু এই খালৰ মাজেৰে ডাঙৰ ডাঙৰ শিল সহজে পিৰামিডলৈ লৈ যোৱা হ’ল। ইয়াৰ লগতে শিলবোৰ যাতে খালটোত ডুব নাযায় ইয়াৰ বাবে নিশ্চয় জন্তুৰ ছাল ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ জন্তুৰ ছালখনত বায়ু ভৰাই সম্পূৰ্ণৰূপে পেক কৰা হৈছিল যাতে ই পানীৰ ওপৰত ওপঙি থাকে আৰু শিলবোৰ ইয়াত ভৰাই বন্ধ কৰি দিয়া হৈছিল যাতে সেইবোৰ ডুব নাযায় আৰু শিলবোৰ সহজে ব্যৱহাৰ কৰিবলগীয়া ঠাইলৈ লৈ যাব পৰা যায়।

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

আনকি শিলবোৰক আকাৰ দিয়া কামো পানীৰ তলতেই কৰা হৈছিল কাৰণ পানীত থকাৰ বাবেই শিলবোৰ কোমল হৈ পৰিছিল আৰু পানীৰ পৰা উলিয়াই আনিলে পুনৰ কঠিন হৈ পৰিছিল। তাৰ পিছত এই শিলবোৰক উচ্চতালৈ নিবলৈ এটা সুৰংগ তৈয়াৰ কৰা হৈছিল, যিটো পানীৰে ভৰাই পানীৰ চাপৰ দ্বাৰা ওপৰলৈ লৈ যোৱা হৈছিল আৰু উচ্চতালৈ যোৱাৰ সময়ত শিলবোৰ আকৌ তললৈ নামি নাহিবৰ বাবে সুৰংগটোৰ বিভিন্ন ঠাইত গেট বনোৱা হৈছিল। এই গেটবোৰ শিল ওপৰত গৈ পোৱাৰ পিছত বন্ধ কৰি দিয়া হৈছিল। পিৰামিডৰ চাৰিওফালে এনে চাৰিটা সুৰংগ নিৰ্মাণ কৰা হৈছিল যিবোৰ আজিও দেখা যায়। বন্ধুসকল, এইটোও এটা তত্ত্ব। বহু বিজ্ঞানী আৰু পুৰাতত্ত্ববিদে এই তত্ত্বত বিশ্বাস কৰে কাৰণ গিজাৰ মহান পিৰামিডত এনে বহু সুৰংগ পোৱা গৈছে যিয়ে এই তত্ত্বক ন্যায্যতা প্ৰদান কৰে।

মনোমোহা তথ্য

পিৰামিডৰ মনোমোহা তথ্য

বাস্তৱত এই তত্ত্ববোৰৰ ভিতৰত কোনটো তত্ত্ব ব্যৱহাৰ কৰি গিজাৰ পিৰামিড নিৰ্মাণ কৰা হৈছিল? এই কথা কোনেও নাজানে। এইটো এনেকুৱা এটা ৰহস্য যে বিজ্ঞানীসকলে ইয়াৰ সমাধানৰ বাবে দিনে নিশাই কাম কৰি আছে।

আৰু এনে আন এটা ৰহস্য হ’ল গিজা কেম্পাছত নিৰ্মিত The Great Sphinx. আধা মানুহ আৰু আধা সিংহৰ শৰীৰৰ এই ভাস্কৰ্য্যটো কিয় নিৰ্মাণ কৰা হ’ল, আমি পৰৱৰ্তী অধ্যায়ত আলোচনা কৰিম।

পিৰামিডৰ মনোমোহা তথ্য

(আশা কৰোঁ আপুনি  “পিৰামিডৰ কিছু মনোমোহা তথ্য” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “পিৰামিডৰ কিছু মনোমোহা তথ্য” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top