বাৰ্মুডা ত্ৰিভুজৰ ৰহস্য-The mystery of the Bermuda Triangle

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

Disappearance of Flight 19 (বাৰ্মুডা ত্ৰিভুজৰ ৰহস্য-The mystery of the Bermuda Triangle)

১৯৪৫ চনৰ ৫ ডিচেম্বৰত ফ্ল’ৰিডাৰ পৰা আমেৰিকাৰ নৌসেনাৰ পাঁচখন Torpedo Bomber বিমানে উৰা মাৰে। এই উৰণটোক নাম দিয়া হৈছিল ফ্লাইট-১৯। ই আছিল এটা ৰুটিন ট্ৰেইনিং মিছন, অৰ্থাৎ ই কোনো বিশেষ মিছন নাছিল; তেওঁলোকে নিজৰ ৰুটিন ট্ৰেইনিং কৰ্তব্য পালন কৰিবলৈ উৰা মাৰিছিল। বিমানকেইখনত ১৪জন ক্ৰু মেম্বাৰ আছিল। যাৰ নেতৃত্বত আছিল এজন Flight Leader, যিজন এজন অভিজ্ঞ পাইলটৰ লগতে যুদ্ধৰ প্ৰাক্তন সৈনিকো আছিল।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

এই ৫খন বিমান ফ্ল’ৰিডাৰ পৰা পূব দিশলৈ উৰা মাৰে। টেক অফৰ প্ৰায় দুঘণ্টাৰ পিছত তেওঁলোকৰ স্ক্ৱাড্ৰন লিডাৰে তেওঁৰ কম্পাছত হঠাতে সমস্যা হোৱা বুলি খবৰ দিলে। সকলো ঠিকেই চলি থকাৰ লগতে বতৰো ফৰকাল হৈ আছিল তথাপি তেওঁৰ কম্পাছে কাম কৰা নাছিল। তেওঁ নিজৰ বেকআপ কম্পাছটোও উলিয়াই ললে, কিন্তু ইও কাম কৰা নাছিল। তেওঁ জনা নাছিল যে বৰ্তমান তেওঁলোকে ক’ত আছে। তেওঁ আনকেইখন বিমানৰ পাইলটকো এই বিষয়ে সুধিলে আৰু তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁলোকৰ যন্ত্ৰপাতিও বিকল হ’বলৈ ধৰিছে।

Squadron leader জনৰ নাম আছিল লেফটেনেণ্ট Charles Taylor. কম্পাছৰ বিসংগতিৰ বাবে Radio transmission ত বিভ্ৰান্তিকৰ বাৰ্তা শুনা গৈছিল। ইয়াত টেইলৰে কয় “Both my compasses are out and I am trying to find Fort Lauderdale, FL. I am over land but it is broken. I am sure I’m in the Keys but I don’t know how far down and I don’t know how to get to Fort Lauderdale.” বতৰ এতিয়া ক্ৰমান্বয়ে বেয়া হৈ আহিছিল। বিয়লি ৪: ৫৬ বজাত টেইলৰে অনুভৱ কৰে যে তেওঁৰ বিমানখনে আচলতে মেক্সিকো উপসাগৰৰ ওপৰেৰে গৈছে, গতিকে এতিয়া তেওঁ ফ্ল’ৰিডালৈ উভতি যাবলৈ পূব দিশলৈ উৰা মাৰিব লাগিব।

সেয়েহে তেওঁ সকলো বিমানক পূব দিশত উৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু বিমানখনত উপস্থিত থকা ক্ৰু মেম্বাৰসকলে, যিসকলে অনুভৱ কৰে যে তেওঁলোক ইতিমধ্যে পূবতেই আছে, তেওঁলোকে এতিয়া পশ্চিম দিশলৈহে উৰিব লাগিব। এনেতে হঠাতে এখন বিমানৰ পৰা এটা ৰেডিঅ’ ট্ৰেন্সমিছন শুনা যায়, “Dammit, if we could just fly west we could get home; head west dammit.” অৰ্থাৎ বাকী ক্ৰু মেম্বাৰসকলে সন্দেহ কৰে যে তেওঁলোকে ঘৰলৈ উভতি যাবলৈ প্ৰকৃততে পশ্চিম দিশলৈ উৰা মাৰিব লাগে।

লাহে লাহে বতৰ বেয়া হৈ আহে, সূৰ্য্য অস্ত যায় আৰু আন্ধাৰ নামি আহে। এই সময়ত বিশ্বাস কৰা হয় যে এই বিমানবোৰ আচলতে ফ্ল’ৰিডাৰ পৰা ৩৭০ কিলোমিটাৰ পূব দিশত আছিল। সন্ধিয়া ৭: ০৪ বজাত টেইলৰৰ পৰা অন্তিমটো ৰেডিঅ’ ট্ৰেন্সমিছন আহে, “All planes close up tight … we’ll have to ditch unless landfall…when the first plane drops below 10 gallons, we all go down together.” আৰু ইয়াৰ পিছত এই পাঁচোখন বিমান চিৰদিনৰ বাবে নোহোৱা হৈ যায়। আজিলৈকে আমি এই বিমানকেইখন ক’ত আছে, ইয়াৰ লগত কি হ’ল এই বিষয়ে একো নাজানো।

Flight ১৯ নিৰুদ্দেশ হোৱাৰ পিছত এটা ১৩ জনীয়া ক্ৰুৰ সৈতে এখন Search-and-Rescue Mariner aircraft এই নিৰুদ্দেশ হোৱা বিমানকেইখনৰ সন্ধান উলিয়াবলৈ প্ৰেৰণ কৰা হয়। কিন্তু আচৰিতভাৱে এই বিমনখনো নিৰুদ্দেশ হৈ যায়। Flight ১৯ ৰ প্ৰথম ১৪জন লোক নিৰুদ্দেশ হৈছিল আৰু এতিয়া এই Search-and-Rescue Mariner বিমানৰো ১৩জন লোক নিৰুদ্দেশ হ’ল।

ইয়াৰ পিছত এই বিমান কেইখন বিচাৰি উলিওৱাৰ বাবে কেইবাদিনো ধৰি সাগৰত এক বিশাল অনুসন্ধান অভিযান চলোৱা হয়। সেই সময়ত এইটোৱেই আছিল অন্যতম বৃহৎ অনুসন্ধান অভিযান। কিন্তু ইয়াৰ পিছতো কোনো মানুহ বা বিমানখনৰ কোনো ভঙা অংশও বিচাৰি পোৱা নগ’ল, ই সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ’ল। আমোদজনক কথাটো হ’ল যে এই বিমান কেইখন নোহোৱা হোৱা অঞ্চলটোকেই আজি আমি বাৰ্মুডা ত্ৰিভুজ (Bermuda Triangle) বুলি জানো।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

Where is the Bermuda Triangle?

বাৰ্মুডা ত্ৰিভুজক সাগৰৰ এক অতি ৰহস্যময় অংশ বুলি কোৱা হয়, য’ত ১০০ ৰো অধিক বিমান আৰু জাহাজ নিৰুদ্দেশ হৈছে। যাৰ কোনো তথ্য পোৱা নগ’ল। এই অঞ্চলটোৱে আমেৰিকাত ফ্ল’ৰিডাৰ পৰা Puerto Rico আৰু বাৰ্মুডা দেশলৈকে এক প্ৰকাৰৰ ত্ৰিভুজ গঠন কৰে। ই য’ত অৱস্থিত তাত সামগ্ৰিকভাৱে ৫ লাখ বৰ্গমাইলতকৈও অধিক অঞ্চল আছে।

বাৰ্মুডা ত্ৰিভুজৰ কাহিনীবোৰ ৫০০ বছৰতকৈও অধিক পুৰণি। ১৪৯২ চনত যেতিয়া ক্ৰিষ্টোফাৰ কলম্বাছে নতুন ঠাই আৱিষ্কাৰ কৰিবলৈ ওলাইছিল, তেতিয়া তেওঁ এই অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত তেওঁৰ কম্পাছে কাম নকৰা বুলি জনাইছিল। আৰু এদিন ৰাতি যেতিয়া তেওঁ নিজৰ জাহাজৰ পৰা বাহিৰলৈ আকাশৰ ফালে চাইছিল, তেতিয়া তেওঁ এটা অতি অদ্ভুত পোহৰ দেখিছিল। জুইৰ বল যেন লগা এটা অদ্ভুত পোহৰ আৰু সেই পোহৰটো তেওঁ আকাশৰ পৰা সাগৰলৈ পৰি যোৱা যেন দেখিছিল। আৰু ইয়াৰ পৰাই আৰম্ভ হয় বাৰ্মুডা ত্ৰিভুজৰ এই ৰহস্য আৰু যাৰ বাবে আগন্তুক সময়ত এই ঠাইখনক বহু নামেৰে নামকৰণ কৰা হয় – Graveyard of the Atlantic, The Sea of Doom, Sargasso Graveyard আদি।

এইবোৰ নাম ১৮ আৰু ১৯ শতিকাত ব্যৱহাৰ কৰা হৈছিল। কিন্তু বাৰ্মুডা ত্ৰিভুজ নামটো প্ৰথমবাৰৰ বাবে ১৯৬৪ চনতহে ব্যৱহাৰ কৰা হয়। Vincent H. Gaddis নামৰ এজন ব্যক্তিয়ে ১৯৬৪ চনত Argosy নামৰ এখন আলোচনীত এটা প্ৰবন্ধ লিখিছিল, যাৰ শিৰোনাম আছিল ‘The Deadly Bermuda Triangle’। আৰু এইদৰে প্ৰথমবাৰৰ বাবে বাৰ্মুডা ত্ৰিভুজ শব্দটো ব্যৱহাৰ কৰা হয়।

এই প্ৰবন্ধটোত তেওঁ বিগত কেইবাটাও দশকত বাৰ্মুডা ত্ৰিভুজত সংঘটিত হোৱা বহুতো নিৰুদ্দেশৰ ঘটনাৰ সাৰাংশ দাঙি ধৰি সেইবোৰক সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। আৰু ইয়াত এটা ৰহস্য সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছিল যে সাগৰৰ এই অঞ্চলত কিবা এটা অতি আচহুৱা আছে যাৰ বাবে ইমানবোৰ বিমান আৰু জাহাজ নিৰুদ্দেশ হৈ যায়। কিন্তু সেই প্ৰবন্ধটোত এনে কিয় হয় তাৰ কোনো ব্যাখ্যা দিয়া হোৱা নাছিল। কিন্তু ইয়াৰ বাবেই বাৰ্মুডা ত্ৰিভুজৰ ৰহস্য সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় ৰহস্য হৈ পৰিল। এই ৰহস্যবোৰ ইমানেই জনপ্ৰিয় হৈ পৰিল যে ইয়াৰ ওপৰত ভিত্তি কৰি বহু কিতাপ লিখা হ’ল, বহু ছবি নিৰ্মাণ কৰা হ’ল, বহু কম্পিউটাৰ গেম নিৰ্মাণ কৰা হ’ল আৰু আনকি বাৰ্মুডা ত্ৰিভুজৰ বিষয়ে কিছুমান গীতো ৰচনা কৰা হ’ল।

U.S.S. Cyclops Mystery

আন কিছুমান ঘটনাৰ কথা ক’বলৈ গ’লে ১৯১৮ চনত U.S.S. Cyclops নামৰ জাহাজখনৰ সন্দৰ্ভত আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এই জাহাজখন সেই সময়ত আমেৰিকাৰ নৌসেনাই নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ আৰু দ্ৰুততম জাহাজ আছিল। এইখন আমেৰিকাৰ নৌসেনাৰ বাবে আছিল এক অতি গুৰুত্বপূৰ্ণ সম্পদ, বিশেষকৈ তেতিয়া, যেতিয়া আমেৰিকাই প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াক সৈন্য আৰু কয়লা পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

১৯৮০ চনৰ ৪ মাৰ্চত USS Cyclops জাহাজখনে ৩০৬জন যাত্ৰী লৈ ৱাশ্বিংটনৰ ওচৰৰ, West Indies Baltimore চহৰৰ পৰা ব্ৰাজিল অভিমুখে ৰাওনা হয়। মানুহৰ উপৰিও এই জাহাজখনে ১১০০০ টন মেংগানিজো লগত লৈ গৈছিল। এই দূৰত্ব অতিক্ৰম কৰিবলৈ জাহাজখনক প্ৰায় ৯ দিন সময় লাগিব লাগিছিল। জাহাজখন নিৰাপদে ৰাওনা হ’ল আৰু বতৰো ফৰকাল আছিল। ৰাওনা হোৱাৰ সময়ত জাহাজখনৰ পৰা অহা মেছেজটো আছিল “Weather Fair, All Well.” কিন্তু এই বাৰ্তাটোৱেই আছিল এই জাহাজৰ পৰা অহা অন্তিম বাৰ্তা। এই জাহাজখন এবাৰ যি ৰাওনা হ’ল, ইয়াৰ পিছতেই ইয়াৰ কোনো চিন-মোকাম নোহোৱা হৈ থাকিল। বিশাল সমুদ্ৰৰ মাজত জাহাজখন হঠাৎ নোহোৱা হৈ পৰিল। এই ঘটনাটোৱে সকলোকে আচৰিত কৰি তুলিলে। আমেৰিকাৰ নৌসেনাৰ ইমান ডাঙৰ জাহাজ এখন হঠাতে কেনেকৈ নোহোৱা হৈ যাব পাৰে?

Mystery of Ellen Austin

এতিয়া যদি এই ঘটনাটো আপোনাৰ বাবে ৰহস্যময় যেন লাগে, তেন্তে Ellen Austin ৰ ৰহস্যটো আৰু ইয়াতকৈও ভয়ংকৰ আৰু ৰাহস্যময়ী। ১৮৮১ চনত Ellen Austin নামৰ ২১০ ফুট দীঘল এখন জাহাজ আছিল। জাহাজখন লণ্ডনৰ পৰা নিউয়ৰ্কলৈ গৈ আছিল। সেই সময়ত ই এক অতি সাধাৰণ যাত্ৰা আছিল, কাৰণ সেই সময়ত বহু জাহাজে এই যাত্ৰা কৰিছিল। যাত্ৰাপথত হঠাতে এলেন অষ্টিনে বাৰ্মুডা ত্ৰিভুজৰ অঞ্চলৰ ওচৰত এখন অচিনাকি জাহাজ দেখা পালে। বাহিৰৰ পৰা চালে জাহাজখন সম্পূৰ্ণ স্বাভাৱিক যেন লাগিছিল যদিও ভিতৰত কোনো মানুহৰ চিন-মোকামেই নাছিল। এই জাহাজখনত কোনো মানুহ নথকাৰ বাবে Ellen Austin ৰ কেপ্তেইনে ভাবিলে যে এই জাহাজখনৰ ভিতৰলৈ গৈ ইয়াত কি হৈছে চোৱা যাওক।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

প্ৰথমে তেওঁ সেই জাহাজখনৰ ওচৰতে নিজৰ জাহাজখন ৰখাই দুদিন অপেক্ষা কৰিলে, যাতে তেওঁলোকে চাব পাৰে যে তাত কোনোবা আছে নেকি বা জাহাজখনৰ পৰা কোনো সঁহাৰি আহে নেকি। কিন্তু দুদিন পিছতো ইয়াৰ পৰা কোনো সঁহাৰি নাহিল। ইয়াৰ পিছত কেপ্তেইনে সেই অচিনাকি জাহাজখনত ভৰি দিলে। এই জাহাজখনৰ ভিতৰত বহুতো সামগ্ৰী ৰখা আছিল। সকলো বস্তু পৰিপাটিকৈ সজাই থোৱা আছিল। সেই সময়ত মানুহে জলদস্যুৰ প্ৰতি বৰ ভয় কৰিছিল কাৰণ জলদস্যুবোৰে জাহাজত আক্ৰমণ কৰি মূল্যবান সামগ্ৰীসমূহ কাঢ়ি লৈ গৈছিল। এই অচিনাক্ত জাহাজখন জলদস্যুৰ বলি হোৱা নাছিল। কাৰণ এই জাহাজখনৰ সকলো মূল্যৱান বস্তু অক্ষত অৱস্থাত আছিল।

এই কাৰণেই এলেন অষ্টিনৰ কেপ্তেইনে সিদ্ধান্ত লয় যে তেওঁ তেওঁৰ কেইজনমান ক্ৰু মেম্বাৰক এই নতুন জাহাজখনলৈ পঠিয়াই দুয়োখন জাহাজকে একেলগে লৈ আগবাঢ়ি যাব। প্ৰথম ২ দিন দুয়োখন জাহাজে স্বাভাৱিকভাৱে আগবাঢ়ি গৈ থাকিল। কিন্তু তাৰ পিছত হঠাতে ধুমুহা আহিল আৰু দুয়োখন জাহাজৰে বাট বিছিন্ন হৈ পৰে আৰু অজ্ঞাত জাহাজখন নোহোৱা হৈ যায়।

ধুমুহা শেষ হোৱাৰ পিছত এলেন অষ্টিনৰ কেপ্তেইনে জাহাজখন বিচাৰিবলৈ চেষ্টা কৰে আৰু তেওঁৰ Spyglass ৰ সহায়ত দূৰৈত জাহাজখন দেখা পায়। জাহাজখনৰ ওচৰলৈ যায় তেওঁ গম পায় যে সেই জাহাজখনত কোনো মানুহৰ চিন-মোকাম নাই। তেওঁ জাহাজখনত যিসকল ক্ৰু মেম্বাৰ পঠিয়াইছিল, এতিয়া হঠাতে তেওঁলোকো নোহোৱা হৈ থাকিল। তেওঁলোক ক’লৈ গ’ল, কি হ’ল তেওঁলোকৰ লগত একো গম পোৱা নগ’ল। কিন্তু জাহাজখন এতিয়াও সুৰক্ষিত অৱস্থাতেই আছিল।

ইয়াৰ পিছত এলেন অষ্টিনৰ কেপ্তেইনে অচিনাকি জাহাজখনক পুনৰ লগত লৈ যাবলৈ চেষ্টা কৰিলে। তেওঁ জাহাজখন চলাবলৈ আৰু কিছুমান নতুন ক্ৰু মেম্বাৰক তালৈ পঠিয়াই দিলে। কিন্তু আকৌ দুই-তিনি দিনৰ পাছত যেতিয়া ধুমুহা আহিল, সেই একেই কাহিনীৰ পুনৰাবৃত্তি ঘটিল। এই অজ্ঞাত জাহাজখন হঠাতে নোহোৱা হৈ যায় আৰু জাহাজত পঠোৱা নতুন ক্ৰু মেম্বাৰবোৰো হঠাতে আকৌ নোহোৱা হৈ যায়। এলেন অষ্টিন যেতিয়া নিজৰ যাত্ৰা সম্পূৰ্ণ কৰি উভতি আহিল, তেতিয়া এই কাহিনী শুনি জাহাজৰ মালিকজন ইমানেই আতংকিত হৈ পৰিল যে তেওঁ জাহাজখন জাৰ্মান কোম্পানী এটাক বিক্ৰী কৰি দিলে। পিছলৈ এই কোম্পানীটোৱে জাহাজখনৰ নাম সলনি কৰি Meta ৰাখিলে।

এয়া নহয়নে আকৰ্ষণীয় আৰু ৰহস্যময়ী কাহিনী? কিন্তু এই ঘটনাটো সম্ভৱতঃ কেৱল এটা কাহিনীহে। এই ঘটনাটো ইমান পুৰণি হোৱাৰ বাবে ইয়াক সঠিকভাৱে Verify কৰাটো সম্ভৱ নহয়। যিবোৰ কাহিনী ঐতিহাসিকভাৱে অতি জনপ্ৰিয় আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে, কিন্তু সেইবোৰক সঠিকভাৱে Verify কৰাটো সম্ভৱ নহয়, তেনে কাহিনীবোৰক আমি Legends বা Urban Legends বুলি কওঁ। আৰু বহু যুক্তিবাদী চিন্তাবিদৰ মতে বাৰ্মুডা ত্ৰিভুজটোও এটা Legends, Legends of the Bermuda Triangle.

Theories

বাৰ্মুডা ত্ৰিভুজৰ ঘটনাৰ আঁৰৰ কাৰণ সন্দৰ্ভত বহু তত্ত্বৰ সৃষ্টি হৈছে। কিছুমান মানুহে এলিয়েনক দোষ দিয়ে যে এলিয়েনে আহি এই জাহাজ আৰু বিমানবোৰ উৰুৱাই লৈ যায়। কিছুমানে কয় যে এই ঠাইত সাগৰৰ তলত এটা ডাঙৰ সাগৰীয় দানৱ আছে, যিয়ে হয়তো জাহাজ আৰু বিমানবোৰ নোহোৱা কৰি পেলাই। কিছুমানে কয় যে সাগৰৰ এই ঠাইখিনিত এনেকুৱা এটা গহ্বৰ আছে যে ইয়াৰ কাষেৰে কোনো বিমান বা জাহাজ পাৰ হলে এই বিমান আৰু জাহাজ ইয়াৰ ভিতৰত পৰি যায়। আচলতে এই তত্ত্ববোৰ অতি আচহুৱা।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

Scientific Explanations

গতিকে অলপ বেছি বৈজ্ঞানিক যেন লগা তত্ত্ববোৰৰ বিষয়ে আলোচনা কৰো আঁহক। ইয়াত চুম্বকত্বৰ ওপৰত ভিত্তি কৰি এটা তত্ত্ব ব্যাখ্যা কৰা হৈছে। আচল কথাটো হ’ল পৃথিৱীৰ North Pole আৰু Magnetic North Pole, দুটা সুকীয়া বিন্দু। গতিকে কম্পাছত উত্তৰ দিশলৈ চালে কম্পাছটোৱে Magnetic North Pole ৰ ফালে আঙুলিয়াই। কিন্তু প্ৰকৃত উত্তৰ মেৰুটো অলপ বেলেগ। ইয়াক Geographic North Pole বুলি কোৱা হয়। তলৰ ফটোখনত আপুনি দেখিব যে Geographic North Pole আৰু Magnetic North Pole ৰ মাজত আচলতে কিমান পাৰ্থক্য আছে।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

গতিকে সাধাৰণতে যেতিয়া মানুহে কম্পাছ ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে এই কথাটোৰ ওপৰত লক্ষ্য ৰাখে। কিন্তু পৃথিৱীৰ কিছুমান ঠাই আছে য’ত এই ঠাইবোৰত কম্পাছ ব্যৱহাৰ কৰিলে একে ঠাইতে Magnetic আৰু Geographic North Pole দেখা পোৱা যায়। এনেকুৱা ঠাইবোৰক Agonic Lines বোলা হয়। এই Agonic Lines বোৰ সময়ৰ লগে লগে স্থানান্তৰিত হয়। কিন্তু যোৱা ২০০-৩০০ বছৰ ধৰি এই 0° ৰেখাডাল বাৰ্মুডা ত্ৰিভুজৰ আশে পাশে বা ইয়াৰ ভিতৰতে আছে। ইয়াৰ ফলতো কম্পাছত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।

এই অঞ্চলৰ দ্বিতীয়টো বিশেষ কথা হ’ল বাৰ্মুডা ত্ৰিভুজৰ ভিতৰৰ অঞ্চলটো অতি গভীৰ অঞ্চল নহয়। যেতিয়া আপুনি ইয়াক উপগ্ৰহৰ মানচিত্ৰত চাব, তেতিয়া আপুনি দেখিব যে Bahamas আৰু Caribbean Islands ৰ চাৰিওফালে ধূসৰ সেউজীয়া ৰঙেৰে আগুৰি আছে। বহু দূৰলৈকে বিস্তৃত এইটো সাগৰৰ এনে এটা অঞ্চল য’ত পানী বৰ দ নহয়।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

আপুনি দেখিব যে ইয়াৰ চাৰিওফালে গভীৰ সাগৰখন গাঢ় নীলা ৰঙত দেখা যায় আৰু উপগ্ৰহৰ পৰা চালে এই অঞ্চলটো অলপ বেলেগকৈ দেখা যায়। ইয়াৰ বাবেই কোৱা হয় যে আগৰ দিনত জাহাজবোৰ এই অঞ্চললৈ আহিলে অগভীৰ পানীৰ বাবে তাতেই আবদ্ধ হৈ পৰিছিল। আনহাতে সাগৰৰ তলত কিছুমান এনেকুৱা স্থান আছে য’ত মাটি অলপ ওপৰলৈ উঠি থাকে, ইয়াক Shoals বোলা হয়। এইবোৰ ওপৰৰ পৰা দেখা নাযায়, কিন্তু জাহাজ ইয়াৰ ওপৰেৰে গ’লে তাত আবদ্ধ হৈ পৰে।

তৃতীয় বিশেষ কথাটো হ’ল এই অঞ্চলত হাৰিকেনৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম। আনহাতে বিশ্বৰ সৰ্বাধিক হাৰিকেন দেখা পোৱা দেশবোৰৰ ভিতৰত চালে গম পোৱা যায় যে, চীন এইক্ষেত্ৰত প্ৰথম স্থানত আছে, ইয়াৰ পিছত দ্বিতীয় স্থানত আছে আমেৰিকা আৰু তাৰ পিছত কিউবা। কিউবাও এই অঞ্চলতে অৱস্থিত। আনহাতে আমেৰিকাৰ ফ্ল’ৰিডাতেই সৰ্বাধিক হাৰিকেন দেখা পোৱা যায় আৰু এই ফ্ল’ৰিডাও এই অঞ্চলতেই অৱস্থিত। গতিকে এই অঞ্চলত হাৰিকেন আৰু Waterspouts অধিক সঘনাই আহে।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

চতুৰ্থ ব্যাখ্যাটো দিয়া হৈছে Methane Hydrates সম্পৰ্কে। সাগৰৰ তলৰ কিছুমান অঞ্চলত মিথেন হাইড্ৰাইডৰ বৃহৎ ভাণ্ডাৰ পোৱা যায়। অষ্ট্ৰেলিয়াত বিজ্ঞানীসকলে পৰীক্ষাগাৰত পৰীক্ষা কৰিছিল য’ত তেওঁলোকে দেখিলে যে যেতিয়া পানীত অত্যধিক পৰিমাণৰ মিথেনৰ Bubbles থাকে তেতিয়া পানীৰ ঘনত্ব কম হয়, যাৰ ফলত জাহাজবোৰে ইয়াৰ প্লাৱন ক্ষমতা বজাই ৰাখিব নোৱাৰে, আৰু সেয়েহে জাহাজখন ডুব যায়। ইয়াৰ যুক্তি একেই, যেনেকৈ পানীত নিমখৰ পৰিমাণ বেছি হ’লে পানীৰ ঘনত্ব বৃদ্ধি পায়, আৰু বস্তুবোৰ ওপঙিবলৈ সহজ হৈ পৰে। যেনেকৈ সাগৰত ডুব যোৱা সাধাৰণ মানুহ এজন Dead Sea ত ওপঙি উঠিব। কাৰণ ইয়াৰ পানীৰ ঘনত্ব বেছি। পানীৰ ভিতৰত মিথেন থাকিলে ইয়াতো একেই ঘটনা সংঘটিত হব, কিন্তু ইয়াৰ ওলোটাকৈ।

অনুমান কৰা হৈছে যে যদি পানীৰ তলত মিথেন বিস্ফোৰণ ঘটে তেন্তে ইয়াক Mud Volcano বুলিও কোৱা হয়। পানীৰ তলত এই Volcano বিস্ফোৰণ হ’লে মিথেন নিৰ্গত হয় আৰু যদিহে জাহাজ সেই অঞ্চলৰ ওপৰত থকাৰ সময়ত এনেকুৱা হয়, তেন্তে কোনো সতৰ্কবাণী নোহোৱাকৈয়ে জাহাজখন নিমিষতে পানীত ডুব যাব। এইটো এটা অতি আমোদজনক ব্যাখ্যা, কিন্তু বাৰ্মুডা ত্ৰিভুজত নিৰুদ্দেশ হোৱা সকলো ঘটনাৰ কোনো এটা ঘটনাও মিথেন হাইড্ৰেটৰ বাবে হোৱা বুলি কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নাই। এইটো কেৱল এটা বৈজ্ঞানিকভাৱে প্ৰমাণিত ব্যাখ্যা যাৰ অৱস্থিতি আছে। কিন্তু ইয়াৰ ফলত কোনো জাহাজ নিৰুদ্দেশ হোৱাৰ কাৰণ এতিয়াও প্ৰমাণিত হোৱা নাই।

বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা পঞ্চম ব্যাখ্যাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যাখ্যা কাৰণ ই Human Psychology ৰ সৈতে জড়িত। ইয়াৰ নাম দিয়া হৈছে Baader-Meinhof Effect বা Frequency Illusion. Baader-Meinhof Effect বা Frequency Illusion হৈছে এনে এক মানসিক প্ৰভাৱ যে যেতিয়া আমি বস্তুবোৰ অধিক লক্ষ্য কৰিবলৈ আৰম্ভ কৰো তেতিয়া আমি আমাৰ চাৰিওফালে সেইবোৰ বেছিকৈ বিচাৰিবলৈ আৰম্ভ কৰো।

মনত আছেনে যেতিয়া আপোনাৰ পৰিয়ালৰ কোনোবাই নতুন গাড়ী কিনিছিল? গাড়ীৰ মডেলটো ক্ৰয় কৰাৰ পিছত হয়তো আপুনি লক্ষ্য কৰিছে যে পিছৰ কেইদিনমান বা কেইমাহমানৰ ভিতৰত যেতিয়াই আপুনি ৰাস্তাত ক’ৰবালৈ ওলাই তেতিয়াই আপুনি ক্ৰয় কৰা গাড়ীৰ মডেলটো আৰু অধিককৈ দেখিবলৈ আৰম্ভ কৰে। আপুনি ৰাস্তাত একেই মডেলৰ বহুতো গাড়ী দেখা পাই। আপুনি এইটোও ভাবিব পাৰে যে আপুনি ক্ৰয় কৰাৰ পিছত মডেলটো আৰু অধিক লোকে ক্ৰয় কৰিছে। বাস্তৱত ৰাস্তাত গাড়ীৰ সেই মডেলটোৰ সংখ্যাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। ই আপুনি ক্ৰয় কৰাৰ পিছতো আগৰ দৰেই স্বাভাৱিক হৈ আছে। কিন্তু গাড়ীখন কিনাৰ পৰাই আপুনি ইয়াৰ প্ৰতি অধিক মনোযোগ দিবলৈ আৰম্ভ কৰাৰ কাৰণে আপুনি অধিক দেখিবলৈ আৰম্ভ কৰিছে।

একেই কথা বাৰ্মুডা ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। যদিও বাৰ্মুডা ত্ৰিভুজত কিছুমান বৃহৎ বিমান আৰু জাহাজ সঁচাকৈয়ে অন্তৰ্ধান হৈছে, তথাপি যদি আপুনি লক্ষ্য কৰিছে, বাৰ্মুডা ত্ৰিভুজৰ বাহিৰেও বিশ্বৰ সকলো মহাসাগৰৰ আন বহু অঞ্চলত, একেধৰণৰ বিমান আৰু জাহাজ নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ শেহতীয়া উদাহৰণ হ’ল মালয়েছিয়ান এয়াৰলাইন্সৰ বিমানখন। বাৰ্মুডা ত্ৰিভুজৰ আশে-পাশে ই সংঘটিত হোৱা নাছিল। আচলতে কথাটো হ’ল, যেতিয়া মানুহে বাৰ্মুডা ত্ৰিভুজৰ ৰহস্যৰ কথা জানিব পাৰিলে তেতিয়া তাত নিৰুদ্দেশ হোৱা ঘটনাবোৰৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। আৰু বাৰ্মুডা ত্ৰিভুজৰ বাহিৰত ঘটা অনুৰূপ ঘটনাবোৰৰ প্ৰতি মানুহে বিশেষ গুৰুত্ব নিদিলে।

‘The Bermuda Triangle Mystery Solved’ নামৰ গ্ৰন্থখন ৰচনা কৰা সাংবাদিক Larry Kusche ও একেটা সমাধানৰ কথা উল্লেখ কৰিছিল। তেওঁ কয় যে প্ৰথম অৱস্থাত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছিল যিবোৰ প্ৰকৃততে ঘটিছিল, কিন্তু সময়ৰ লগে লগে যেতিয়া বাৰ্মুডা ত্ৰিভুজৰ ৰহস্যটো এটা ডাঙৰ ৰহস্য হৈ পৰিল, তেতিয়া কিছুমান মানুহে নিজৰ কাহিনী সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে।

বাৰ্মুডা ত্ৰিভুজ Bermuda Triangle

ইয়াত বহুতো ৰহস্য মনে সজা আছিল আৰু কিছুমান কাহিনী অৰ্থহীন আছিল, বাস্তৱত কেতিয়াও এয়া সংঘটিত হোৱা নাছিল। আগতে উল্লেখ কৰা এলেন অষ্টিনৰ কাহিনীটোও তেনেকুৱা এটা মনে সজা কাহিনী বুলি কোৱা হয়। আমেৰিকাৰ “The National Oceanic and Atmospheric Administration” য়ে কয় যে বাৰ্মুডা ত্ৰিভুজত অন্তৰ্ধান হোৱা বিমান আৰু জাহাজসমূহ সাগৰৰ আন যিকোনো অঞ্চলতকৈ বাৰ্মুডা ত্ৰিভুজত অধিক ঘটে বুলি কোনো প্ৰমাণ পোৱা নাই। সাগৰৰ আন আন অঞ্চলতো একে ধৰণৰ ৰহস্যজনক অন্তৰ্ধানৰ ঘটনা দেখিবলৈ পোৱা যায়।

আনকি আমেৰিকাৰ ক’ষ্ট গাৰ্ডে কয় যে “The Coast Guard does not recognize the existence of the so-called Bermuda Triangle as a geographic area of specific hazard to ships or planes.” অৰ্থাৎ আমেৰিকাৰ ক’ষ্ট গাৰ্ডে ইয়াক মান্যতাও নিদিয়ে যে Bermuda Triangle বুলি কোনো ৰহস্যময়ী অঞ্চল আছে বুলি। তেওঁলোকে কয় যে “বাৰ্মুডা ত্ৰিভুজৰ অঞ্চলত জাহাজ আৰু বিমানৰ যাতায়াত বহুত বেছি; সেইবাবেই ইয়াত এনে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বেছি।” এই কথাটোৰ সৈতে এইটোও মনত ৰখা দৰকাৰ যে বাৰ্মুডা ত্ৰিভুজত প্ৰায়েই উপসাগৰীয় প্ৰবাহ আৰু ধুমুহা আহিয়েই থাকে; যাৰ ফলত ইয়াত কেতিয়াবা জাহাজ ডুব যাব পাৰেই, যাক বুজিবলৈ একেবাৰে কঠিন নহয়।

ইয়াৰ উপৰিও যদি আপুনি মনত ৰাখে যে এই অঞ্চলত অধিক হাৰিকেন আহে আৰু ইয়াৰ পানীও অধিক দ নহয়, তেন্তে আপুনি বাৰ্মুডা ত্ৰিভুজৰ ৰহস্যৰ প্ৰত্যক্ষ উত্তৰত উপনীত হ’ব পাৰে। কিন্তু সঘনাই ধুমুহা অহাৰ পিছতো ২০১৩ চনত যেতিয়া WWF-এ জাহাজ চলোৱাৰ বাবে বিশ্বৰ ১০টা বিপজ্জনক জলভাগৰ বাবে বিশদ অধ্যয়ন চলাইছিল, তেতিয়া বাৰ্মুডা ত্ৰিভুজ অঞ্চলটো শীৰ্ষ ১০টা বিপজ্জনক জলভাগৰ ভিতৰত অন্তৰ্ভুক্তই হোৱা নাছিল।

Conclusion

গতিকে সহজ ভাষাত ক’বলৈ গ’লে এই সকলোবোৰ ৰহস্যময় অন্তৰ্ধানৰ বাৰ্মুডা ত্ৰিভুজৰ লগত কোনো সম্পৰ্ক নাই। এতিয়া আপুনি হয়তো সুধিব পাৰে যে ক্ৰিষ্টোফাৰ কলম্বাছে দেখা সাগৰৰ পানীৰ ওপৰত পৰি যোৱা সেই জুইৰ বলটো কি আছিল? তেন্তে ইয়াৰো এটা সহজ বৈজ্ঞানিক উত্তৰ আছে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে আচলতে ক্ৰিষ্টোফাৰ কলম্বাছে দেখা সেই জুইৰ বলটো এটা উল্কাপিণ্ড আছিল।

(আশা কৰোঁ আপুনি  লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top