অসমৰ লোকবাদ্যৰ চমু পৰিচয়- Folk musical instruments of assam

Folk musical instruments of assam

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “অসমৰ লোকবাদ্যৰ চমু পৰিচয়-Folk musical instruments of assam” লিখনিটোৰ জৰিয়তে অসমৰ লোকবাদ্যসমূহৰ বিষয়ে আলোচনা কৰিম। সেয়েহে অসমৰ লোকবাদ্য সমূহৰ বিষয়ে জানিবলৈ “অসমৰ লোকবাদ্যৰ চমু পৰিচয়-Folk musical instruments of assam” লিখনিটো শেষলৈকে পঢ়ক।

লোকবাদ্য সমূহ (Folk musical instruments of assam) লোকগীত আৰু লোকনৃত্যৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। এটা জাতি বা জনজাতিৰ সংগীত প্ৰীতি আৰু শিল্পকলাৰ চেতনাৰ অন্যতম নিদৰ্শন হ’ল বাদ্যযন্ত্ৰসমূহ। গীত তথা নৃত্যৰ তাল, মান, লয় ৰক্ষা কৰাৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ সংযোগ অপৰিহাৰ্য্য। অৰ্থ্যাৎ সংগীতৰ ক্ষেত্ৰত ধ্বনি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো উপাদানকে বাদ্যযন্ত্ৰ বোলা হয়। বাদ্যযন্ত্ৰসমূহে লোকসংগীত বা শাস্ত্ৰীয় সংগীত সকলোতে গুৰুত্বপূৰ্ণ স্হান অধিকাৰ কৰি আহিছে। উল্লেখনীয় যে ভৰত মুনিৰ নাট্যশাস্ত্ৰতো বাদ্যযন্ত্ৰৰ বৰ্ণনা পোৱা যায়। নাট্যশাস্ত্ৰৰ বৰ্ণণা অনুসৰি বাদ্যযন্ত্ৰক চাৰিটা ভাগত ভাগ কৰা হৈছে।

লোকবাদ্য সমূহৰ চাৰিটা ভাগ (4 types of musical instruments)

  1. ঘনবাদ্য
  2. ততঃবাদ্য
  3. সুষিৰ বাদ্য
  4. অনৱদ্ধ বাদ্য বা আৱদ্ধ বাদ্য

অসমৰ লোকবাদ্যসমূহকো পৰিৱেশ্য কলাৰ দিশৰ পৰা এই চাৰিটা ভাগত ভাগ কৰা হৈছে।

1. ঘনবাদ্য

পৃথিৱীৰ প্ৰাচীন লোকবাদ্য সমূহৰ ভিতৰত ঘনবাদ্যসমূহ উল্লেখযোগ্য। এই ক্ষেত্ৰত হাতৰ চাপৰিও আহে। লোক পৰিৱেশ্য কলাত হাতৰ চাপৰিৰ বিশেষ ভুমিকা থাকে। কাঠ, বাহ, কাঁহ, পিতল আদি বিভিন্ন বস্তুৰ পৰা ঘনবাদ্যসমূহ প্ৰস্তুত কৰা হয়। বিভিন্ন প্ৰকাৰৰ তাল- ঘনতাল, টকা, ঘন্টা, দগৰ, গগনা আদিবোৰ ঘনবাদ্য। অসমৰ লোকসংস্কৃতিত এইসমূহ ঘনবাদ্য হিচাপেই ব্যৱহাৰ হৈ আহিছে।

2. ততঃবাদ্য

ততঃ বা তন্ত্ৰ অৰ্থ্যাত তাঁৰেৰে প্ৰস্তুত বাদ্যসমূহক ততঃবাদ্য বোলা হয়। এনে বাদ্যত ধ্বনি সৃষ্টিত তাঁৰে বিশেষ ভূমিকা গ্ৰহণ কৰে। অসমৰ লোকসংস্কৃতিত বিভিন্ন জাতি বা জনজাতিৰ মাজত অনেক ততঃবাদ্যৰ ব্যৱহাৰ দেখা যায়। এইবোৰৰ ভিতৰত- বীণ, বীণা, টোকাৰী, একতাৰা, দোতোৰা, চাৰেণ্ডা, চেৰ্জা(বড়োৰ একতাৰ বা লাওটোকাৰীৰ নিচিনা) আদি প্ৰধান।

3. সুষিৰ বাদ্য

বায়ু প্ৰধান বাদ্যযন্ত্ৰক সুষিৰ বাদ্য বোলা হয়। সুষিৰ শব্দৰ অৰ্থ ফুটা বা বিন্ধা। বিন্ধাৰে বায়ু ভৰাই সাংগীতিক ধ্বনি প্ৰস্তুত কৰা বাদ্যযন্ত্ৰই সুষিৰ বাদ্য। এইবোৰ বাদ্য মহৰ শিং, জন্তুৰ হাড় আদিৰ পৰা প্ৰস্তুত কৰা হয়। কাঠ,বাঁহ আদিৰে তৈয়াৰী বিভিন্ন সুষিৰ বাদ্য পৃথিৱীৰ সকলো ঠাইতে আছে। অসমৰ লোকসংস্কৃতিত পেপাঁ(পেম্পা-মিচিং), শিঙা, বাঁহী, কুবুলি(মিচিংৰ বাঁহী), ব্ৰাংছি(ৰাভাৰ বাঁহী), চিফুং(বড়োৰ বাঁহী), সুতুলী, মুৰুলী, শংখ আদি সুষিৰ বাদ্যৰ প্ৰচলন অসমত আছে।

4. অনৱদ্ধ বা আৱদ্ধ বাদ্য

মানুহৰ সভ্যতাত সাংস্কৃতিক উপাদানৰ প্ৰসাৰৰ সময়ৰ পৰাই আৱনদ্ধ বাদ্যৰ প্ৰচলন আছে। জন্তুৰ ছাল আদিৰ দ্বাৰা তৈয়াৰ কৰা বাদ্যসমূহক আৱনদ্ধ বাদ্য বুলিব পাৰি। অসমৰ লোক পৰিৱেশ্য কলাত ঢোল, মাদল(চাহ-জনগোষ্ঠী), মৃদংগ, নাগাৰা, খাম বা খ্ৰাম(বড়োৰ ঢোল), দুমদুম(মিচিংৰ ঢোল), খঞ্জৰি, কৰকা,তাৰচা(নামনি অসমত বিয়াত ডগুলীয়াৰ দলত বজোৱা হয়) থাম, ঢাক, ডবা, ডম্বৰু, ঢোলক, খোল আদি উল্লেখযোগ্য আৱদ্ধ বাদ্য।

অসমৰ গাঁৱে-ভূঞে সিচঁৰিত হৈ আছে নানা বৰণীয়া লোকসংস্কৃতিৰ সম্ভাৰ। অসমৰ শিল্পীয়ে ব্যৱহাৰ কৰা বাদ্যসমূহে এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ অৰিহনা যোগাইছে। এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত- শংখ, মৃদুংগ, দুন্দুভি, পাখোজাজ আৰু ঢোল এই পাঁচটাক পঞ্চবাদ্য বোলে। ইয়াৰ সৃষ্টি কোনে কেতিয়া কৰিছিল জনা নাযায় যদিও এই বাদয়ন্ত্ৰবোৰ চহা সমাজত প্ৰচলিত। অসমত প্ৰচলিত বাদ্যযন্ত্ৰ সমূহৰ কিছুমানৰ বিষয়ে তলত আলোচনা কৰিবলৈ যত্ন কৰা হ’ল-

1. ঘনবাদ্যৰ উদাহৰণ

গগনা

Folk musical instruments of assam

গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয় বাদ্য যন্ত্ৰ। এই হাৰ্পজাতীয় বাদ্য বিলাক অতি প্ৰাচীন বুলি জনা যায়, আৰু পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায়। মুখত লৈ বজোৱাৰ বাবে ইয়াক একধৰণৰ Jaw Harp বোলাহে বেছি সমীচীন হ’ব।

গগনা অসমৰ মংগোলীয় জনগোষ্ঠীবিলাকৰ অৱদান। অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনাৰ আকাৰ লৈ ইয়াক ৰামধন গগনা (ঢুলীয়াই বজায়), লিহিৰি গগনা(নাচনীয়ে বজায়), আদি নামেৰে জনা যায়। আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়। গগনা এবিধ এক-সুৰবদ্ধ বাদ্য(Fix tuned), ইয়াৰ মাতো স্হিৰ স্বৰমানৰ(constant Ritch)। গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য।

গগনা বনাবলৈ ১ ইঞ্চি বহল ৮-৯ ইঞ্চিমান দীঘল আগলি বাঁহ এচটা লাগে। বাঁহ চটাৰ মাজৰ অংশত বাঁওফালৰ পৰা ক্ৰমে সৰুকৈ এচটা শলা কটা হয়। গগনাটোৰ শলাডালৰ মূৰত মুগা সূতা বান্ধি দিয়া হয় যাতে ভাল শব্দ আহে। গগনাৰ চাৰিটা অংশ থাকে-

  1. মেখেলা বা পাখি
  2. শলা বা পিঙ
  3. ডিঙি
  4. নখ

গগনাক মুখৰ ভিতৰত ভৰাই এখন হাতেৰে নখৰ অংশটোক টুকুৰিয়াই দিলে শলা বা পিঙক মুগা সূতাৰ সৈতে যি কম্পনৰ সৃষ্টি হয় তাক জিভাৰে নিয়ন্ত্ৰণ কৰি সুৰ দিয়া হয়।

অসমীয়া লোকবিশ্বাস মতে গগনা বনাবলৈ ব্যৱহাৰ কৰা বাঁহচটা কোনো মুখৰোচক শিপিনীৰ তাঁতশালৰ বাঁহৰ “ব” চুঙাটো চুৰি কৰি আনি তাক ফালি লৈ উলিয়ালে বজোৱাৰ সময়ত সুৰীয়া মাত ওলায়। ঠিক সেইদৰে গগনাত ব্যৱহাৰ কৰা ৰচীডাল যতঁৰৰ হ’লে ভাল হয়। গগনা কৰিবলৈ লোৱা বাঁহচটাৰ মাজ অংশত বাওঁফালৰ পৰা ক্ৰমে সৰু সৰু আৰু জোঙাকৈ কাটি এচটি জিভা তৈয়াৰ কৰা হয়। বজাবৰ সময়ত মুখৰ ভিতৰত বাদ্যটিৰ জিভাখন পথালিকৈ ৰাখি এটি মূৰত হাত এখনেৰে ধৰি আনখন হাতৰ আঙুলী এটাৰে আগটো লৰাই দিলে শব্দৰ সৃষ্টি হয়। কিছুমানে অৱশ্যে আঙুলী লগোৱা মূৰটোত এডাল মুগা সূতা বান্ধি লৈ তাক ধৰি জোকাৰি বজায়। মুখৰ ভিতৰত জিভা লৰাই বতাহ নিয়ন্ত্ৰণ কৰি বাদকজনে সুৰৰ সৃষ্টি কৰে।

বড়োসকলে ইয়াক গংগোনা, ৰাভাসকলে গমেনা আৰু মিচিংসকলে গুংগাং বোলে।

টকা

Folk musical instruments of assam

টকাৰ ব্যৱহাৰ অতি সহজ। ই বাঁহেৰে নিৰ্মিত হোৱা বাবে চহা জীৱনত ই অতি সুলভ। বিহুনামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি; আৰু কালক্ৰমত হাতচাপৰিৰ ছন্দকে ব্যৱহাৰ কৰি টকাৰ নিৰ্মান কৰা হ’ল।

আগলি বাঁহৰ এটা ২০ ইঞ্চিমান দীঘল আৰু দুয়োটা মূৰে গাঁথিযুক্ত পাব কাটি বনোবা হয়। টকা সাজিবলৈ দুয়োমূৰে গাঁথিযুক্ত বাঁহডালৰ আগৰ গাঁথিটো অক্ষত অৱস্হাত ৰাখি গুৰিৰ ফালৰ পৰা ঠিক সোঁমাজত ফালিব লাগে। নফলা মূৰটোত ৭-৮ ইঞ্চিমান ওপৰৰ পৰা দুয়োফালে কৌণিক ৰূপত কাটি এৰুৱাই পেলোৱা হয়। এনেদৰে কাটি উলিওৱা পাব দুচটাৰ এচটাই নালচটাৰ ওপৰত মাৰিলে শব্দৰ সৃষ্টি হয়। ইয়াৰ পৰা টক্ টক্ শব্দৰ সৃষ্টি হয় বাবে ইয়াৰ নাম টকা। টকা তিনি প্ৰকাৰৰ-

  1. পাতি টকা বা হাত টকা
  2. বৰ টকা বা মাটি টকা
  3. জেং টকা বা ধুতং

তাল

তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ। এই বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়। তাল বিভিন্ন প্ৰকাৰৰ থাকে। যেনে-

ভোৰতাল

অসমৰ বাদ্য সমূহৰ ভিতৰত কাঁহ ধাতুৰে তৈয়াৰী ঘন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষুদ্ৰ আকাৰৰ এডাল ৰছী লগোৱাৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ চেন্টিমিটাৰৰ পৰা ৬০ চেন্টিমিটাৰ পৰ্যন্ত থাকে।

বিভিন্ন প্ৰকাৰৰ তাল যেনে: খঞ্জৰী বা খঞ্জৰীকা; খুটিতাল; পাতিতাল; মন্দিৰা তাল; ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়। ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীত ভোৰতালৰ লেখীয়া বাদ্যৰ ব্যৱহাৰ দেখি অনুমান কৰা কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল।

মাজোতাল

মধ্যমীয়া আকাৰৰ তাল বিধক মাজোতাল বোলা হয়।

খুটি তাল বা সৰু তাল

ই আটাইতকৈ সৰু তাল।ইয়াক মঞ্জিৰা বুলিও জনা যায়। খুটিতাল ঘাইকৈ পাৰম্পৰিক, লোকগীত আৰু শাস্ত্ৰীয় সংগীতত ব্যৱহাৰ কৰা হয়। শাস্ত্ৰীয় নৃত্যতো ইয়াৰ ব্যৱহাৰ দেখা যায়। ইয়াৰ আন নাম হ’ল: তালিজ, তালম, তাল, গিনি, জালৰা আদি।

ৰাম তাল বা খৰিতাল

দুটা কাঠৰ ফ্ৰেমৰ মাজত সৰু সৰু তালেৰে ইয়াক তৈয়াৰ কৰা হয়। ইয়াক কৰতাল হিচাপেও জনা যায়। ইয়াক ঘাইকৈ ভজন-কীৰ্তনত ব্যৱহাৰ কৰা হয়।

বিহুতাল

বিহুতাল পাতিতালতকৈ কিছু সৰু বাবে ইয়াক পাতিতাল বোলা হয়। এই তালৰ বাতি বা বেটু চেপেটা ধৰণৰ। পাতিতালৰ বাটিতকৈ অলপ ডাঙৰ, পিছে পাতৰ অংশটি পাতিতালৰ পাততকৈ ঠেক। এইবিধ তাল বিহুগীত, বিহুনাচ, বিহুঢোল আদি পৰিৱেশন কৰোঁতে সংগত কৰা হয়। তদুপৰি ঢুলীয়া ওজাই ঢোল বাওঁতেও তালীয়াজনে বিহুতালকে বজায়। মূলতঃ বিহুগীত বা নাচ আৰু ওজাৰ সৈতে বিশেষভাৱে ব্যৱহৃত হোৱাৰ বাবেই এই তালক বিহুতাল বা ওজাতাল বোলা হয়। বিহুত ইয়াক ঢোলৰ চেৱে চেৱে বজোৱা হয়।

2. ততঃবাদ্যৰ উদাহৰণ

বীণ

অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য বীণ। বিহুত ব্যৱহাৰ হোৱা ৮ বিধ মূল বাদ্যৰ ভিতৰত বীণো এবিধ। ইয়াৰ উপৰিও বৈৰাগী সকলে বীণ বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়। বীণ মাথো এডাল তাঁৰেৰে ভায়োলিনৰ দৰে ৰেপি ৰেপি বজোৱা লোকবাদ্য। নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণাসমূহৰ পৰা অসমীয়া বীণ সম্পূৰ্ণ পৃথক।

টোকাৰী

Folk musical instruments of assam

অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় লোকবাদ্য সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই বহুল। এই লোকবাদ্যটো আম, জাম বা তেনে জাতীয় কাঠৰ ৬০ চেন্টিমিটাৰৰ পৰা ৯০ চেন্টিমিটাৰ মান দীঘল কাঠৰ টুকুৰা এটাৰ এপিনে খোলনি দি আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমান্বয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুইৰ(সাপ) ছালেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেই ইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়। সৌন্দৰ্য্য বৃদ্ধিৰ বাবে খোলাটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত চৰাই বা তেনে কোনো আকৃতিৰ সাঁচ কাটি দিয়া হয়।

সাধাৰণতে আয়তাকৃতিৰ খোলাটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্হা থকা ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুনাজৰী খোলাটোৰ চাউনী আৰু কাঠ ডোখৰৰ ওপৰেৰে নি খোলাটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়। বৰ্তমান মুগা সূতাৰ উপৰিও আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সেয়া যিয়েই নহওক এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা, চিত্ৰা আৰু সুষুম্না হিচাপে জনা যায়।

টোকাৰীত ছাউনীখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰ কেইডাল এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়। শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যক অনুসৰি টোকাৰীৰ সুৰ বন্ধা হয়। পহু, ছাগলী আদি জন্তুৰ শুং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰ কেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলীৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়।

3. সুষিৰ বাদ্যৰ উদাহৰণ

পেঁপা

Folk musical instruments of assam

অসমীয়া লোকসংস্কৃতিৰ পৰিচায়ক স্বৰূপ বিহুৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোকবাদ্য হ’ল- ম’হৰ শিঙৰ পেঁপা। প্ৰাচীন সংগীত বিষয়ক গ্ৰন্হত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউ সকলৰ শাসনকালত ৰাজ্যৰ শুভমুহুৰ্তত “ৰংশিঙা” আৰু অশুভ সময়ত “খংশিঙা” বজাই প্ৰজাক জাননী দিয়াৰ কথা জনা যায়। মহৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নামটো মূলতে চীন-তিব্বতীয় শব্দ। তিব্বতত ব্যৱহাৰ হোৱা পেঁপা জাতীয় বাদ্যতো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী।

ম’হৰ শিঙাৰ পেপাঁৰ সাধাৰণতে চাৰিটা ভাগ থাকে। যি ঠাইত মহৰ শিঙ থাকে সেই অংশক নলিচা বা গবনলা বোলে। এই নলিচা ডাল বাঁহেৰে বনোৱা হয় আৰু ইয়াৰ চাৰিটা বিন্ধা থাকে। বাঁহ, নল, খাগৰিৰ পৰা বনোৱা একেবাৰে ওপৰৰ অংশত থাকে এটা মুখনি থাকে ইয়াকে বেহু বা চুপহি বুলি কোৱা হয়। মুখনিখন দুই ওঁঠত লগাই ফু মাৰি দিয়া হয় আৰু নলিচা ডালত থকা চাৰিটা বিন্ধাত হাতৰ আঙুলী বোলাই সুৰ নিয়ন্ত্ৰণ কৰা হয়।

বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিছাৰি পোৱা নাযায়। জন-বিশ্বাস মতে লুইতৰ পাৰত পৰি থকা মৃত ম’হৰ শিং এটা মলয়া বতাহত আপোনা-আপুনি বাজি উঠাত ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্মপ্ৰকাশ কৰে। পৰম্পৰাগতভাৱে ম’হ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পূৰ্ণাংগ লোকবাদ্যত পৰিণয় হয়।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত। মিচিং সকলে ইয়াক “পেম্পো”; ডিমাছাসকলে “সুৰি”; ৰাভাসকলে “ছিংগ্ৰা” আৰু চাহ- জনজাতিসকলে “পেঁপাটি” বুলি কয়। ম’হৰ শিঙা দুই প্ৰকাৰৰ-

  1. গুটীয়া পেঁপা বা গোৱাল পেঁপা
  2. যুৰীয়া পেঁপা

শিঙা

অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ প্ৰচলন প্ৰাচীন। ১৪০০ শতাব্দীত ৰচিত অপ্ৰমাদী কবি মাধৱ কন্দলীৰ “ৰামায়ণ” আৰু আন আন প্ৰাচীন পদপুথিত শিঙা বাদ্যৰ উল্লেখ থকা কথাটোৱেই বাদ্যটিৰ প্ৰাচীনত্বৰ বিষয়ে ইংগিত প্ৰদান কৰে। শিঙা ব্যৱহাৰৰ ক্ষেত্ৰখনৰ পৰিধি বহল আৰু উদ্দেশ্যও বিভিন্ন আৰু সেই হিচাপেই ইয়াৰ নামাকৰণতো ভিন্নতা থকা দেখা যায়।

শিঙা সাধাৰণতে মেথুনৰ শিঙৰ পৰা বনোৱা হয়। সাধাৰণতে পাহৰীয়া জনজাতীয় লোকসকলে মেথুনৰ শিঙৰ পৰা বনোৱা পেঁপা ব্যৱহাৰ কৰে। মেথুনৰ সোঁ ফালৰ শিঙেৰে ৰং শিঙা আৰু বাওঁ ফালৰ শিঙেৰে খং শিঙা বনোৱা হয়।

বাঁহী

বাঁহীক সম্পূৰ্ণভাৱে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি অভিহিত কৰিব নোৱাৰিলেও অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পবিত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনজাতীয়ে লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে। বিহুতো বাঁহীৰ প্ৰচলন আছে। বাঁহীৰ উৎপত্তি চীন দেশত বুলি অনুমান কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন।

সুতুলি

Folk musical instruments of assam

সুতুলি মাটিৰে নিৰ্মিত এবিধ সুষিৰ বাদ্য। জনবিশ্বাস মতে, মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগিুত সৃষ্টি কৰিব খোহাৰ চেষ্টাৰে ফল সুতুলি। এনে বাদ্যত জন্তু বা পক্ষীৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়।

প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্যৰ ব্যৱহাৰ আছিল বুলি জনা যায়। যাক- সুন(xun) বোলা হয়। সুতুলীৰ মাতত বৰষুণ হয় বুলি ভবা হয়। সুতুলি চাৰি প্ৰকাৰৰ-

  1. বিহুৱতী সুতুলি
  2. পক্ষী সুতুলি
  3. পিঠা সুতুলি
  4. বাঁহ সুতুলি

চিফুং

Folk musical instruments of assam

অসমীয়া সংস্কৃতিক জিপাল কৰি ৰখা বিভিন্ন জনগোষ্ঠীৰ ভিতৰত বড়ো জনগোষ্ঠীৰ অৱদান অন্যতম। বড়োসকলৰ নৃত্য গীতৰ আনুষঙ্গিক বাদ্য হিচাপে চেৰ্জা, খাম, চিফুং, বিঙি, ৰাঙ-তাল, ওৱা, খোবাং, গগনা, জোথা আদি বাদ্যযন্ত্ৰ উল্লেখযোগ্য।

চিফুং এবিধ দীঘলীয়া বাঁহী। ইয়াত পাঁচটা বা ছয়টা বিন্ধা থাকে। চিফু্ংৰ সুৰে সুৰে নচা বিভিন্ন নৃত্যৰ ছন্দই সকলোকে আকৰ্ষিত কৰি তোলে।

4. অনৱদ্ধ বাদ্যৰ উদাহৰণ

ঢোল

ঢোল অসমৰ জনসংস্কৃতিত সকলোতকৈ গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অতি অপৰিহাৰ্য্য। সেয়ে অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ ঢোলৰ লগতে ইয়াৰ বৈশিষ্ট্যগত বাদন প্ৰণালীও আছে।

ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিৱীৰ প্ৰায়বোৰ লোকসংস্কৃতিতেই ঢোল জাতীয় বাদ্যৰ ব্যৱহাৰ কৰে। কিন্তু অসমীয়া ঢোলৰ আকাৰ সৰু আৰু তুলনামূলকভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ বিভিন্ন ব্যৱহাৰে ইয়াক আন সকলোবোৰ ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে।

এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাচনি কৰিছিল। অৰ্থ্যাত ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষত্বৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল, পাতিঢোল, ঢেপাঢোল, বিহুঢোল আদি কেইবা প্ৰকাৰৰ ঢোলৰ প্ৰচলন আছে।

বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোলৰ ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ নিৰ্মাণ প্ৰক্ৰিয়া একে হ’লেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।

মিচিংসকলে ঢোলজাতীয় বাদ্যটোক দুমদুম বোলে। তেওঁলোকৰ লোকনৃত্যত ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য্য। তিৱাসকলে ঢোলটোক খ্ৰাম বোলে। ৰাভাসকলে ঢোলটোক খাম বা হেমা বোলে। কাৰ্বিসকলৰ ঢোলক চেং বোলে। এই চেংটোৰ দৈৰ্ঘ্য প্ৰায় ১৬ ইঞ্চি আৰু ব্যাসাৰ্ধ প্ৰায় ১০ ইঞ্চি। অন্যান্য ঢোলতকৈ ইয়াৰ পাৰ্থক্য ইয়াতেই যে চেংৰ বৰতিবোৰ সেৰেঙা।

ঢোলৰ অংগসমূহ- তালি, কুবল, কাটনি ছাল, কোবনি, কনাৰি, কনাৰি জৰী, মলুৱা, কাঠৰ খোলা, বৰতি বা মাহিতা। তলত ঢোলৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা যাওঁক-

বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল

বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।

খ্ৰাম আৰু খাম

Folk musical instruments of assam

অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম। খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচা সকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম’হৰ ছালেৰে তৈয়াৰী। ইয়াক এমূৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়।

ডিমাচাসকলে ছজিনা গছৰ ছাল আৰু হৰিণাৰ ছাল ব্যৱহাৰ কৰে। এই খ্ৰাম অন্যান্য জনগোষ্ঠীৰ ঢোলতকৈ যথেষ্ট দীঘল। বৰতি(ঢোলত বন্ধা ৰচী) কেইডাল ম’হৰ ছালেৰে নিৰ্মাণ কৰা হয়।

বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় আনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়।

ঢেপাঢোল

Folk musical instruments of assam

অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলীৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমাহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন।

জয়ঢোল

বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল। সাধাৰণতে দেওধানী নৃত্যৰ লগত ইয়াক সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।

মাদল

মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদেও ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়।

মূৰজ বা মৰ্দল নামেৰেও ই পৰিচিত আৰু ই প্ৰধানকৈ কাঠেৰে নিৰ্মিত। ই প্ৰায় ৫০ চেন্টিমিটাৰৰ পৰা ৭০ চেন্টিমিটাৰমান দীঘল। মাদলৰ দুয়োটা মূৰৰ ব্যাস সমান নহয়; সোঁফালৰ মূৰটোত ব্যাস ৩০ চেন্টিমিটাৰৰ পৰা ৪০ চেন্টিমিটাৰ আৰু বাওঁফালৰ মূৰটোৰ ব্যাস ২০ চেন্টিমিটাৰৰ পৰা ৩০ চেন্টিমিটাৰমান হ’ব। দুয়োফালৰ মুখ দুখনত ছামৰাৰ তালি বা ছাউনি দি বৰটিৰ সহায়ত টানকৈ বন্ধা হয়।

মাদল সাধাৰণতে বান্দৰৰ ছালেৰে চোওৱা হয় বুলি উল্লেখ পোৱা যায়। এসময়ত পোৰা মাটিৰে তৈয়াৰী মাদলৰো প্ৰচলন থকাৰ কথা জনা যায় যদিও বৰ্তমান বিভিন্ন কাৰণবশত কাঠেৰে নিৰ্মিত মাদলৰ ব্যৱহাৰেই অধিক হোৱা দেখা যায়। মাদলৰ দুই মুৰৰ ছানৰা দুখনত খোল, মৃদংগ আৰু আউনিআটি সত্ৰত প্ৰচলিত ঢোলকৰ নিচিনাকৈ চিঞাহী বা ঘুণ বা ঘুৰ্ণৰে(লোৰ গুৰিৰ সৈতে চিৰা বা ভাতৰ আঠাৰ মিশ্ৰণ) এক বৃত্তাকাৰ লেপন দিয়া হয়। মাদলতো কাটনি ছাল, ম‍াজৰ তালি, মলুৱা আদি থাকে। খোলত ৰূপহী থকাৰ দৰে মাদলৰ খোলটোতো বৰটি মেৰিয়াই থোৱা থাকে। অৱশ্যে মাদলত দিয়া ঘুণৰ ব্যাস খোল, মৃদংগ আদিৰ ঘুণৰ ব্যাসকতৈ ডাঙৰ।

বৰঢোল

অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় ডেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰ এটা মুৰ হাতেৰে আৰু আনটো মুৰ এডাল ভাঁজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃত্য গীত অভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান অতি আকৰ্ষণীয়। পুতলা নাচতো বৰঢোল বজোৱা হয়।

কৱিঢোল

গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল।

মৃদংগ

মৃদংগ সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা হয়। মৃদংগক দুভাগ কৰি দুগি আৰু দাইনা কৰা হৈছে।

খোল

খোলক মৃদংগৰে এক আধুনিক ৰূপ বুলিব পাৰি। আজিৰ পৰা প্ৰায় পাঁচশ বছৰ আগৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ’ল। বিশেষকৈ ভাৰতৰ পূৰ্বাঞ্চলৰ অসম, বংগ, মনিপুৰ(দুঙ্গ নামে জনা যায়), উৰিষ্যাত ইয়াৰ প্ৰচলন ব্যাপক। বংগত খোলক ধৰ্মীয় বাদ্যৰূপে মানি আৰু সন্মান জনাই শ্ৰীখোল বোলে।

অসমত মৃদংগৰ প্ৰচলন পূৰ্বৰ পৰাই আছিল যদিও শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ লগে লগে নিজেই খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল, বোল আদি ৰচনা কৰি প্ৰচলন কৰে। বৰগীত তথা সত্ৰীয়া নৃত্যৰ বাবে খোল অপৰিহাৰ্য্য তালবাদ্য। অসমৰ খোলবাদন হিচাপে বিশ্বৰ দৰবাৰত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ দাঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰী ৰসেশ্বৰ শইকীয়া বায়নৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ডবা

আন এবিধ অন্যতম লোকবাদ্য হৈছে ডবা। সাধাৰণতে অসমীয়া জনজীৱনৰ লগত পৰিচিত নামঘৰত ডবাৰ প্ৰচলন ব্যাপক। ডবাৰ এটা খোলা থাকে। এই খোলাটো পূৰ্বতে বৃহৎ আকাৰৰ গছৰ পৰা নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমানে পিতল বা তেনে জাতীয় ধাতুৰ পৰাও ইয়াক তৈয়াৰ কৰা হয়।

ডবাৰ খোলাটোৰ এটা মূৰ খোলাকৈ ৰখা হয়। সেই অংশত গৰুৰ ছাল লগাই টান ৰচীৰে বান্ধি বজাবৰ উপযোগী কৰি তোলা হয়। অসমীয়া গ্ৰাম্য সমাজত নামঘৰত পুৱা গধূলি চাকি জ্বলাওতে নামঘৰীয়াই ডবা বজাই বা নামঘৰত বিশেষ আলোচনা বা মেল- মিটিঙ থাকিলে ৰাইজক জাননী দিবলৈ ডবাৰ ব্যৱহাৰ কৰা হয়।

নাগাৰা

নাম-প্ৰসংগ, থিয় নাম, দিহা নাম আদিৰ চেঁৱে- চেঁৱে নাগাৰা বজোৱা হয়। নাগাৰাৰ ডিমাটো কাঁঠেৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। নাগাৰা সাধাৰণতে একেলগে দুটা বা তাতকৈ অধিক বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিক নাগাৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।

নাগাৰাৰ দুটা অংশ। ডাঙৰটোক নাগাৰা আৰু সৰুটোক কুলকুলি বোলা হয়। ডাঙৰ নাগাৰাটোৰ বজোৱা অংশটোক কোবা বা কোবনি আৰু সৰু কুলকুলিটোৰ বজোৱা অংশক তালি বোলা হয়।

এনেদৰে চালে দেখা যায় যে অসম লোকবাদ্যৰে চহকী দেশ। এই লোকবাদ্যসমূহে অসমীয়া সংস্কৃতিক পৰম্পৰাগতভাৱে বহন কৰি আহিছে। ওপৰত কৰা আলোচনাৰ পৰা অসমৰ লোকবাদ্য সমূহৰ বিষয়ে সামৰিবলৈ যত্ন কৰা হ’ল। আলোচনাৰ পৰা দেখা গল যে- লোকবাদ্য সমূহে একোখন সমাজত পৰম্পৰাগতভাৱে ব্যৱহৃত হৈ অহা দেখা যায়।

(আশা কৰোঁ আপুনি “Folk musical instruments of assam” পোষ্টটো পঢ়ি ভাল পাইছে। যদি আপুনি পোষ্টটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “Folk musical instruments of assam” পোষ্টটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top