mahatma gandhi essay in assamese | মহাত্মা গান্ধী

mahatma gandhi essay in assamese

ইতিহাসৰ বুৰঞ্জীত এক চিনাকি ব্যক্তি মহাত্মা গান্ধী শান্তি আৰু ন্যায়ৰ প্ৰতি প্ৰেৰণা আৰু অটল দায়বদ্ধতাৰ প্ৰতীক হৈয়েই আছে। ১৮৬৯ চনত জন্মগ্ৰহণ কৰা এই অসাধাৰণ নেতাই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। “মহাত্মা গান্ধী– mahatma gandhi essay in assamese”এই ৰচনাখনত আমি মহাত্মা গান্ধীৰ জীৱন, ইতিহাসৰ গতিপথ গঢ় দিয়াত তেওঁৰ গভীৰ প্ৰভাৱ আৰু আজিৰ পৃথিৱীত তেওঁৰ চিৰস্থায়ী প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰিম।

আৰম্ভণিঃ

“মােৰ জীৱনেই মােৰ বাণী” মুক্ত জাগ্রত মানৱ সমাজলৈ এয়ে যাৰ শ্রেষ্ঠতম বাণী; সত্য, অহিংসা আৰু মানৱপ্ৰেমৰ প্রতিমূর্তি সেইজন মহাত্মা গান্ধীজীৰ সত্য, অহিংসা আৰু স্বাধীনতাৰ জীৱন-জোৰা সাধনাক উপলব্ধি কৰিব নােৱাৰি, সুসভ্য সাম্রাজ্যবাদী পশ্চিমীয়া মুনি-পুংগৱৰসকলে তেওঁক নঙঠা ফকীৰ আখ্যা দি বিদ্রুপ কৰিছিল। অথচ যাৰ নিৰস্ত্ৰ দুৰ্বাৰ শক্তিৰ সন্মুখত তিষ্ঠিব নােৱাৰি নতশিৰে হাৰ মানি সেইসকল মুনি-পুংগৱেই মুক্তকণ্ঠে স্বীকাৰ কৰিছিল— গান্ধীজী বিশ্বৰ এজন শ্রেষ্ঠ ৰাজনীতিবিদ। সত্যান্বেষী, মানৱ-প্রেমিক, স্বাধীনতা সংগ্রামী এই মহা মনীষীগৰাকীক ভাৰতীয় জাতিয়ে বাপুজী অর্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছে।

জন্ম আৰু বংশ পৰিচয়ঃ

যি সময়ত বৃটিছ সাম্রাজ্যত বেলি মাৰ নগৈছিল, যি সময়ত বৃটিছে দুর্দমনীয় শক্তিৰে পৃথিৱীৰ বুকুত প্রভুত্বৰ অপ্রতিহত ৰাজত্ব চলাই নির্মম শাসন আৰু শােষণ জিঞ্জিৰিৰে ভাৰতকে আদি কৰি, সমগ্র বিশ্বৰ সম্পদশালী দেশসমূহক গৰকি ৰাখিছিল, নিঃসহায়, দুর্বল জাতিসমূহে অত্যাচাৰ আৰু নির্যাতনত আর্তনাদ কৰি উঠিছিল, সেই সময়তে ১৮৬৯ চনৰ ২ অক্টোবৰ, শুক্রবাৰে গুজৰাটৰ পােৰবন্দৰ নামে ঠাইত দুর্গতৰ ত্রাণকর্তা স্বৰূপে আৱিৰ্ভাৱ হৈছিল গান্ধীজীৰ- যাৰ সম্পূর্ণ নাম আছিল মােহনদাস কৰমচাঁদ গান্ধী। পিতৃ কৰমচাঁদ গান্ধী আৰু মাতৃ পুতলীবাঈ আছিল পৰম ধার্মিক বৈষ্ণৱ সম্প্রদায়ৰ।

শৈশৱ আৰু শিক্ষাঃ

গান্ধীজীয়ে পিতৃৰপৰা সত্যপৰায়ণতা আৰু তেজস্বিতা মাতৃৰপৰা ধৰ্ম-পৰায়ণতা, দয়া, ক্ষমা আদি সজগুণবােৰ লাভ কৰিছিল। শৈশৱত তেওঁ বৰ লাজুক আৰু ভয়াতুৰ আছিল। পােৰবন্দৰতে তেওঁ প্রাথমিক শিক্ষা আৰু ৰাজকোটত হাইস্কুলীয়া শিক্ষা লাভ কৰে। ছাত্ৰাৱস্থাতে গান্ধীজীয়ে অসৎ সংগৰ প্ৰভাৱত পৰি কু-অভ্যাস আহৰণ কৰিছিল। কিন্তু দোষ উপলব্ধি কৰাৰ পাছত পিতৃৰ ওচৰত তেওঁ স্বীকাৰােক্তি কৰি তাৰ প্রায়শ্চিত্ত কৰে আৰু ভৱিষ্যতে তেনে দোষ নকৰিবলৈ দৃঢ়প্রতিজ্ঞ হয়।

গান্ধীজী মধ্যমীয়া ছাত্র আছিল; কিন্তু তেওঁৰ হাতৰ আখৰ সমূলি ভাল নাছিল আৰু তাৰ কাৰণে তেওঁ অনুতাপ কৰিছিল। তেৰ বছৰ বয়সতে গান্ধীজী কস্তুৰীবাঈৰ সৈতে বিবাহ-পাশত আবদ্ধ হয়। প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত বেৰিষ্টাৰী পঢ়িবৰ কাৰণে তেওঁ বিলাতলৈ যাত্রা কৰে। বিলাতত থকা কালত তেওঁ নিজৰ আহাৰ নিজে ৰান্ধি খাইছিল; মাতৃৰ ওচৰত কৰি যােৱা প্রতিজ্ঞা তেওঁ দৃঢ়তাৰে পালন কৰিছিল। তেওঁ বিলাতত থকা কালতে পিতৃ বিয়ােগ ঘটে। ১৮৯১ চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহে।

কর্মজীৱন আৰম্ভঃ

গান্ধীজীয়ে প্রথমে বােম্বাই হাইকোর্টত আইন ব্যৱসায়ৰ দ্বাৰা কৰ্ম-জীৱনৰ পাতনি মেলে। কিন্তু তেওঁ লাজকুৰীয়া স্বভাৱ আৰু মিছা কথা কোৱাত অপাৰগতাৰ কাৰণে আৰম্ভণিতেই তেওঁ বিফলতাৰ সন্মুখীন হয়। এই সময়তে তেওঁ ভাৰতৰ দুজন বিখ্যাত ৰাজনীতিবিদ গােপালকৃষ্ণ গােখলে আৰু দাদাভাই নৌৰজীৰ সংস্ৰৱলৈ আহিবলৈ সুবিধা পায় আৰু গান্ধীজীৰ জীৱনত তেওঁলােকৰ যি প্ৰভাৱ পৰিল, সিয়ে গান্ধীজীক পৰৱর্তী জীৱনৰ কর্মপন্থা কৃতকার্যতাৰে মহীয়ান কৰিবলৈ সমৰ্থবান কৰি তােলে।

দক্ষিণ আফ্রিকাৰ নাটালত অহিংস সংগ্রামঃ

সুপ্ত প্রতিভাই বিকাশৰ পথ বিচাৰি থাকে। পথ যেতিয়া প্রশস্ত হয়, প্রতিভাই তেতিয়াই স্রোতস্বিনীৰ তীব্রগতিৰে ধাৱমান হয় বিকাশৰ পথত। গান্ধীজীৰ প্ৰতিভাৰ বিকাশৰ পথ মাতৃভূমিত নাছিল; আছিল সুদূৰ দক্ষিণ আফ্রিকাৰ নাটাল ৰাজ্যত। সেই সময়ত নাটালত প্রবাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত বৃটিছ প্রভুসকলৰ অমানুষিক অত্যাচাৰ, নির্যাতন চৰম সীমাত উপনীত হৈছিল।

ভাৰতীয় ব্যৱসায়ী, শ্ৰমিকসকলে মুক্তিৰ পথ বিচাৰি ডেকা বেৰিষ্টাৰ গান্ধীজীৰ ওচৰ চাপে। গান্ধীজীয়ে এই আমন্ত্রণ সাদৰেৰে গ্ৰহণ কৰি নাটালকেই জীৱনৰ সংগ্রামস্থল হিচাপে বাছি লয়। ১৮৯৩ চনত তেওঁ নাটাললৈ যাত্ৰা কৰে ভাৰতীয় নির্যাতিতসকলৰ মুক্তিৰ পণ লৈ। বৃটিছ চৰকাৰৰ এখনি অন্যায় আৰু সর্বধ্বংসী বিলৰ বিৰুদ্ধে গান্ধীজীৰ প্রথম সংগ্ৰাম আৰম্ভ হ’ল; সেই সংগ্রাম অহিংসা আৰু আপােচহীন সংগ্রাম। পাছত সেয়ে সত্যাগ্রহ আন্দোলন নামে অভিহিত হয়। এফালে উপনিৱেশবাদী দুর্দান্ত ইংৰাজসকলৰ অস্ত্রে-শস্ত্রে সুসর্জিত সৈন্যদল, আনফালে অজস্ৰ নিৰাশ্রয়, নিৰপৰাধ, বেদনা জৰ্জৰিত মানুহৰ একমাত্র নিৰস্ত্র নায়ক গান্ধীজী।

হাজাৰ অপমান, লাঞ্ছনা, গঞ্জনা শিৰ পাতি লৈ গান্ধীজীয়ে চলাই গ’ল অসহযােগ, সত্যাগ্রহ আন্দোলন। গান্ধীজীৰ জয় হ’ল। ইংৰাজ শাসকসকলে ভাৰতীয়সকলৰ দাবী মানিবলৈ বাধ্য হ’ল। গান্ধীজীয়ে ২০ বছৰতকৈও অধিককাল নাটালত থাকি “নাটাল ভাৰতীয় কংগ্রেছ” প্রতিষ্ঠা কৰে আৰু নানা সাংগঠনিক কাম সম্পাদনা কৰি ১৯১৪ চনত ভাৰতলৈ ঘূৰি আহে।

ভাৰতত কাৰ্যক্ৰমণিকাঃ

গান্ধীজী ভাৰতলৈ ঘূৰি অহাৰ আগতেই নাটালত তেওঁ কৰা কামৰ খ্যাতি ভাৰতত বিয়পি পৰে। ভাৰতলৈ আহি তেওঁ প্ৰথম ৰাজনীতিত প্রৱেশ নকৰি সবৰমতী নামে ঠাইত এখন আশ্রম প্রতিষ্ঠা কৰি জন-কল্যাণমূলক কামত আত্মনিয়ােগ কৰে। ১৯১৪ চনৰ আগষ্ট মাহত ইউৰােপত বিশ্বযুদ্ধৰ জুই জ্বলি উঠে।

 

বিপন্ন ইংৰাজ চৰকাৰে ভাৰতবাসীৰ ওচৰত সাহায্যৰ আবেদন জনায় আৰু তাৰ বিনিময়ত ভাৰতত স্বায়ত্ত শাসনৰ অধিকাৰ প্ৰৱৰ্তন কৰিবলৈ প্রতিশ্রুতিবদ্ধ হয়। প্ৰতাৰক ইংৰাজৰ কূট-কৌশল বুজি নাপাই গান্ধীজীৰ নেতৃত্বত সদৌ ভাৰতবাসীয়ে ইংৰাজসকলক নানা প্রকাৰে সহায় কৰে। কিন্তু যুদ্ধৰ অন্তত অকৃতজ্ঞ ইংৰাজ চৰকাৰে স্বায়ত্ত শাসনৰ পৰিৱর্তে ভাৰতক উপহাৰ দিয়ে ৰাওলাট আইন।

ইংৰাজ চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষই আন্দোলন আৰম্ভ কৰে। ইতিমধ্যে ১৯১৯ চনত জালিয়ানৱালাবাগত ইংৰাজ চৰকাৰে নিৰস্ত্র লোকৰ ওপৰত অমানুষিক হত্যাকাণ্ড চলায়। ফলস্বৰূপে সদৌ ভাৰত জুৰি আন্দোলনৰ ধুম উঠে।

স্বাধীনতা সংগ্রাম আৰম্ভঃ

১৯২০ চনত কলিকতা কংগ্ৰেছত গান্ধীজীয়ে স্বাধীনতা সংগ্ৰামৰ পশুপাত অস্ত্র অসহযােগ আন্দোলন ৰাইজৰ হাতত তুলি দিয়ে। গান্ধীজীয়ে ভাৰতবাসীৰ অন্তৰত জাতীয় ভাৱ জগাই তুলিবৰ কাৰণে বিদেশী বস্তু বর্জন, খদ্দৰৰ প্ৰচলন আদি আন্দোলন গঢ়ি তােলে। ১৯২০ চনত হিন্দু-মুছলমানৰ সাম্প্রদায়িক সংঘর্ষ আৰম্ভ হােৱাত গান্ধীজীয়ে তাৰ প্ৰতিবাদত অনশন ব্রত গ্রহণ কৰে।

জাতীয় শক্তিক সুসংহত কৰিবৰ কাৰণে গান্ধীজীয়ে ১৯৩০ চনত লােণ আইনৰ বিৰুদ্ধে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। এই আইন ভংগৰ কাৰণে তেওঁ বােম্বাইৰ ডাণ্ডি অভিমুখে পদযাত্রা কৰে। বুৰঞ্জীত ই ডাণ্ডি যাত্রা নামে খ্যাত। সমগ্র ভাৰত সংগ্ৰামত জঁপিয়াই পৰিল। ইংৰাজ চৰকাৰে নিৰুপায় হৈ ভাৰতক স্বায়ত্ত শাসন দিয়াৰ উদ্দেশ্য আলাপ-আলােচনা কৰিবলৈ বিলাতত ঘূৰণীয়া মেজমেলৰ আয়ােজন কৰে।

তিনিবাৰকৈ ঘূৰণীয়া মেজমেল বহে; কিন্তু প্রতিবাৰেই ই ব্যর্থ হয়। ১৯৩৫ চনত জাতীয় কংগ্ৰেছে পূর্ণ স্বৰাজ ঘােষণা কৰে আৰু আইন অমান্য আন্দোলন আৰম্ভ হয়। চম্পাৰণ সত্যাগ্রহ, যাৰবেদা জেলৰ অনশন, পুৰ্ণ চুক্তি আদি বহুতাে ঐতিহাসিক ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জী ৰঞ্জিত হৈ আছে। গান্ধীজীৰ নেতৃত্বত দেশবাসী উদ্বুদ্ধ হৈ স্বাধীনতাৰ বাবে দুর্ধর্ষ সংগ্ৰামত লিপ্ত হৈ পৰে।

ভাৰত ত্যাগ আন্দোলনঃ

১৯৩৯ চনত পৃথিৱীব্যাপী আৰম্ভ হয় সর্বধ্বংসী দ্বিতীয় মহাসমৰ। তাৰ প্ৰৱল ঢৌৱে ভাৰতৰ বুকুতাে প্রচণ্ড খুন্দা মাৰিলেহি। বৃটিছৰ কূট ছলনাত প্রলুব্ধ নহৈ এইবাৰ গান্ধীজীয়ে আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে কংগ্ৰেছৰ বােম্বাই অধিবেশনত ভাৰতৰ পূর্ণ স্বাধীনতা আৰু ইংৰাজৰ ভাৰত ত্যাগ প্রস্তাৱ গৃহীত হ’ল।

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

কোটি কণ্ঠ জিনি প্রতিধ্বনিত হ’ল ইংৰাজৰ ভাৰত ত্যাগ দাবী। গান্ধীজী আৰু হাজাৰ হাজাৰ নেতা কাৰাৰুদ্ধ হ’ল। হাজাৰজনে প্রাণ বলিদান দিলে। বহুজন ফাঁচীকাঠত ওলমিল। কিন্তু ভাৰতবাসী আন্দোলনত অচল-অটল হিমাচল হৈ ৰ’ল। ফলত ইংৰাজৰ ভাৰত-ত্যাগ আসন্ন হৈ পৰিল। এনেতে ১৯৪৬ চনত কলকাতা আৰু নােৱাখালীত হিন্দু মুছলমানৰ মাজত সৃষ্টি হ’ল সাম্প্রদায়িক সংঘর্ষ।

হাজাৰ হাজাৰ হিন্দু-মুছলমানৰ ৰঙা তেজেৰে প্লাৱনৰ সৃষ্টি হ’ল। অহিংসা আৰু ভ্রাতৃপ্রেমৰ মহাবাণী লৈ গান্ধীজীয়ে কলিকতা আৰু নােৱাখালীত শান্তি যাত্ৰা আৰম্ভ কৰিলে। দেশলৈ শান্তি ঘূৰি আহিল। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে হৃত স্বাধীনতা ঘূৰাই পালে। কিন্তু ভাৰত চিৰদিনৰ বাবে ভাৰত আৰু পাকিস্তান দুই খণ্ডত বিভক্ত হৈ পৰিল। তাৰ বেদনাই গান্ধীজীক অসীম আঘাত দিলে।

গান্ধীজীৰ সপােনৰ ৰামৰাজ্যঃ

এসময়ৰ সমৃদ্ধিশালী ভাৰত দাৰিদ্ৰৰ মহাকবলত জৰ্জৰিত হােৱা দৃশ্যই গান্ধীজীক বেদনাবিধুৰ কৰি তুলিছিল। সেয়েহে জনগণৰ দৰিদ্রতা দূৰ কৰি, জাতীয় সংহতি সুদৃঢ় কৰি সাম্প্রদায়িক সম্প্ৰীতিৰ মহামেলা ৰচনা কৰি সুবিশাল ভাৰতভূমিত সুখ শান্তি আৰু সমৃদ্ধিৰ এখনি মনােৰম ৰামৰাজ্য গঢ়ি তােলাৰ সপােন দেখিছিল গান্ধীজীয়ে।

তাৰেই পদক্ষেপ হিচাপে দেশক স্বাৱলম্বী কৰি তুলিবলৈ খদ্দৰৰ প্ৰচলন, কুটীৰ শিল্পৰ উন্নয়ন, গ্রাম্য জন-স্বাস্থ্যৰ উন্নয়ন, সামাজিক উন্নয়নৰ বাবে সাম্প্রদায়িক সম্প্রীতি গঢ়ি তােলা, অস্পৃশ্যতা দূৰীকৰণ, মাদকদ্রব্য নিবাৰণ আদি বিভিন্ন সাংগঠনিক কার্যসূচী গান্ধীজীয়ে দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল। হৰিজনসকলৰ উন্নয়নৰ বাবে যৎপৰােনাস্তি চেষ্টা চলাইছিল।

দেশৰ নিৰক্ষৰ জনসাধাৰণক শিক্ষাৰ পােহৰলৈ আনি সামগ্রিক উন্নয়নৰ অংশীদাৰ কৰিবৰ কাৰণে প্রাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আৰু শিক্ষা জাতীয়কৰণৰ উদ্দেশ্য বুনিয়াদী শিক্ষা আঁচনিৰ উদ্ভাৱন শিক্ষাবিদসকলৰ বিফলতাৰ বাবেই সকলােবােৰ ব্যৰ্থ হৈ গ’ল। গান্ধীজীয়ে ভাৰতীয় নেতৃবৃন্দৰ নাড়ী-নক্ষত্র বুজি পায়েই নিজে আঁচনি প্রয়ােগ কৰাৰ মানসেৰে আৰু ভাৰতক নিজ হাতে গঢ়াৰ উদ্দেশ্যে ১২০ বছৰ জীয়াই থকাৰ কামনা কৰিছিল। কিন্তু নিয়তিৰ হাতৰ পুতলা, দুর্বল মানুহৰ আকাংক্ষা, কামনা সকলাে মিছা। নিয়তিয়ে গান্ধীজীৰ কামনা দেখি অট্টহাস্য কৰি উঠিল।

মহাপ্রয়াণঃ

যিজন মহামানৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে বহুবাৰ কাৰাবৰণ কৰিলে, নির্যাতন ভােগ কৰিলে; যিজনে স্বাধীনতা ভাৰতৰ বুকুত ৰামৰাজ্য প্রতিষ্ঠাৰ আঁচনি তৈয়াৰ কৰিছিল, সেইজন মহা-মানৱে স্বাধীনতাৰ ৰেহৰূপ চাবলৈ নৌ-পাওঁতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্রার্থনা সভালৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত প্রাণ এৰিব লগা হ’ল।

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

সামৰণিঃ

সত্য, অহিংসা আৰু বিশ্বপ্রেমৰ প্রতীক, জাতিৰ জনকৰূপে সার্বজনীনভাৱে অভিহিত গান্ধীজীয়ে আততায়ীৰ হাতত প্রাণ দিব লগীয়া হােৱাটো জাতিৰ ইতিহাসৰ এক কলংকিত অধ্যায়। মানৱ প্রেম, মানৱ-সেৱা আৰু ঈশ্বৰ পৰায়ণতাত গান্ধীজীৰ তুলনা পাবলৈ টান। সেয়েহে তেওঁ বিশ্বৰ সর্বশ্রেষ্ঠ মনীষীৰূপে অভিহিত হৈছে। অস্পৃশ্য আৰু পতিতসকলক উদ্ধাৰ কৰা আৰু তেওঁলােকৰ মংগলৰ বাবে জীৱনৰ সমস্ত সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰি আগবঢ়োৱা সেৱাৰ ফলশ্রুতিয়েই হৈছে হৰিজন আন্দোলন।

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

mahatma gandhi essay in assamese / মহাত্মা গান্ধী

তেওঁলােকো ভগৱানৰ সন্তান বাবেই গান্ধীজীয়েই তেওঁলােকক আখ্যা দিছিল হৰিজন। তেওঁলােকৰ উন্নয়নেই গান্ধীজীৰ শেষ ছােৱা জীৱনৰ আছিল একমাত্র ব্রত। জীৱনৰ প্রতি স্তৰতে সত্যৰ অন্বেষণ আছিল তেওঁৰ জীৱন-সাধনা। “মােৰ সত্য অন্বেষণৰ কাহিনী” গান্ধীজীৰ জীৱন-দর্শন। প্রতিটো কাম, প্রতিটো চিন্তা, প্ৰতিটো পদক্ষেপ সত্যৰ ওপৰত প্রতিষ্ঠিত হয়নে নহয়, পৰীক্ষা কৰিহে গান্ধীজী সেই পথেৰে আগ বাঢ়িছিল। গতিকে তেওঁৰ সত্যৰ পৰীক্ষা আৰু আন্দোলনৰ সমস্ত জীৱনটোৱেই আছিল তেওঁৰ বাণী।

 

(আশা কৰোঁ আপুনি “মহাত্মা গান্ধী- mahatma gandhi essay in assamese” ৰচনাখন ভাল পাইছে। যদি আপুনি আমাৰ লিখনিটো ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top