নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি এই ৰচনা খনৰ জৰিয়তে অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে আলোচনা কৰিম। সেয়েহে অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক।
Table of Contents
ভূমিকা (national park in Assam):
জীৱৰ আবিৰ্ভাৱ হোৱাৰ পিছৰে পৰা বিভিন্ন সময়ত নানা প্রাকৃতিক দুর্যোগ, অনুপযুক্ত পৰিৱেশ, খাদ্যৰ অভাৱ আদিৰ বাবে বহু জীৱৰ পৃথিৱীৰ বুকুৰ পৰা বিলুপ্তি ঘটিছে। এই অৱলুপ্তিত মানুহেও অৰিহণা যোগাই আহিছে। বহু জীৱৰ বৰ্তমান যুগত বিলুপ্তৰ কাৰণ অবিৱেচক কিছু মানুহৰ অত্যাচাৰৰ পৰিণতি বুলি প্ৰমাণিত হৈছে। সেয়েহে এচাম শুভবুদ্ধিসম্পন্ন মানুহে পৃথিৱীৰ বুকুত আপুৰুগীয়া জীৱবোৰৰ সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে ।
ৰাষ্ট্ৰীয় উদ্যানবোৰ এই ব্যৱস্থাৰে অন্যতম ফল। প্রাকৃতিক পৰিৱেশ অনুসৰি পৃথিৱীৰ বেলেগ বেলেগ ঠাইত কিছুমান বেলেগ বেলেগ প্রাণী দেখা পোৱা যায়। ৰাষ্ট্ৰীয় উদ্যানসমূহত এই বিশেষ প্ৰাণীসমূহৰ নিৰাপত্তা সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ভাৰতৰ ভিতৰত অসমৰ বনাঞ্চল বিভিন্ন আপুৰুগীয়া প্রাণীৰ বাসস্থান। এই প্রাণীসমূহৰ অবাধ বিচৰণৰ কাৰণে অসমত পাঁচখন বনাঞ্চলে ৰাষ্ট্ৰীয় উদ্যানৰ সন্মান লাভ কৰিছে।
বন্যপ্রাণীৰ বিচৰণ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:
অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাই ইয়াত থকা ৰাজকীয় চেহেৰাৰ এটা খৰ্গ যুক্ত গড়ৰ বাবে বিশ্ব প্রশস্তি লাভ কৰিছে। বিবিধ বৈচিত্ৰৰ অর্কিডৰ উপৰি বিভিন্ন ধৰণৰ গছ-গছনিয়ে ইয়াৰ অৰণ্যক সম্ভাৰ সমৃদ্ধ কৰিছে। একেদৰে পক্ষীপ্ৰেমী সকলৰ বাবেও কাজিৰঙা যেন স্বৰ্গপুৰী। পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধণেশ, বাঢ়ৈটোকা, বিবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, বৰটোকোলা আদিৰে কাজিৰঙা পক্ষীকুল অতিশয় চহকী৷
কাজিৰঙাত প্রায় ৫০০ প্ৰজাতিৰ চৰাই পোৱা যায়। এনে বৃহৎপ্ৰজাতিৰ চৰাই দেশৰ কোনো বনাঞ্চলতে নাই। গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলা সংলগ্ন কাজিৰঙাৰ উত্তৰেদি বৈ গৈছে ব্রহ্মপুত্র নদী। প্রাপ্ত তথ্য অনুসৰি ১৯০৫ চনৰ ১ জুনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাৱ গৃহীত হয়। তিনি বছৰৰ পাছত, ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰি ইয়াত চিকাৰ নিষিদ্ধ কৰা হয়। সেই সময়ত ইয়াত গড়ৰ সংখ্যা আছিল মাত্র ১২ (বর্তমান এই সংখ্যা ১,৮০০)। ইয়াৰ পাছত ১৯১৬ চনৰ ১০ নৱেম্বৰত কাজিৰঙাক ‘মৃগয়া বন’ (Game Sanctuary) হিচাপে ঘোষণা কৰা হয় যদিও ‘মৃগয়া বন’ শব্দটোত চিকাৰৰ বৈধতা কথাটো সোমাই থকা বাবে ১৯৫০ চনত তদানীন্তন মুখ্য বন সংৰক্ষক পি ডি ষ্ট্ৰেচীয়ে (P D starccy) কাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি কাজিৰঙা অভয়াৰণ্যৰূপে নামকৰণ কৰে।
ইয়াৰ মাজতে ১৯৩৮ চনত কাজিৰঙাক দর্শনার্থী-পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। ১৯৭৪ চনৰ ১ জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। ৪৩০ বর্গ কিলোমিটাৰ মাটিকালিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰ ভঁৰাল। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ এক বিশেষত্ব হ’ল যে আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ই ঘন অৰণ্য নহয়। ইয়াৰ বেছিভাগ অংশই বিস্তীর্ণ তৃণভূমি (৬৬.৪৪ শতাংশ)। বাকীখিনি গভীৰ অৰণ্যভূমি (২৭.৯৮ শতাংশ) আৰু বিল তথা জলাহভূমি (৫.৫৮ শতাংশ)। কাজিৰঙাৰ বিস্তীর্ণ তৃণভূমি ঘাইকৈ কঁহুৱা, ‘এলিফেন্ট গ্ৰাছ’, খাগৰি, উলু, ইকৰা আদিৰে সমৃদ্ধ। পৃথিৱীৰ কোনো বনাঞ্চলতে একেলগে বসবাস কৰা পাঁচটাকৈ বৃহৎ প্রাণী পোৱা নাযায়।
কিন্তু কাজিৰঙাই এইফালেও এক বিৰল অভিলেখ সৃষ্টি কৰিছে। পাঁচটাকৈ বৃহৎ প্ৰজাতিৰ প্ৰাণীৰ (গড়, ম’হ, হাতী, হৰিণা আৰু বাঘ; এইকেইটা একেলগে বিগ ফাইভ’ (big five) নামে জনাজাত) বাসভূমি কাজিৰঙাই বিশ্ব বনাঞ্চলৰ মানচিত্ৰত এক অনন্য স্থান দখল কৰি আহিছে। কাজিৰঙাৰ অন্যান্য উল্লেখযোগ্য বন্যপ্রাণীসমূহ হ’ল- ভালুক, হলৌ বান্দৰ, বাইছন বা বনগৰু, বনৰীয়া গাহৰি, অজগৰ আদি। কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ আৰু ইয়াৰ আৰণ্যক সম্ভাৰৰ স্বীকৃতিস্বৰূপে ১৯৮৫ চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে। ২০০৭ চনৰ ৩ আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্র প্রকল্পৰো অন্তর্ভুক্ত কৰা হৈছে। ২০০৫ চনত কাজিৰঙাৰ সংৰক্ষণৰ শতবাৰ্ষিকী সমাৰোহেৰে পালন কৰা হয়। ২০১০ চনৰ ৩০ এপ্রিলত প্রকাশিত এক তথ্য অনুসৰি কাজিৰঙাত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক, প্রতি এশ কিলোমিটাৰত ৩২টা।
মানাহ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয়_উদ্যান হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ অসমৰ বাক্সা জিলাৰ অসম-ভূটান সীমান্তত অবস্থিত এই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায় ৫০০ বর্গকিলোমিটাৰ। ১৯২৮ চনত ইয়াক অভয়াৰন্য ৰূপে আৰু ১৯৭৩ চনত লুপ্তপ্রায় ঢেকীয়াপতিয়া বাঘৰ সংৰক্ষণৰ বাবে ‘প্রজেক্ট টাইগাৰ’ বা ‘ব্যাঘ্র প্রকল্প’ হিচাপে স্বীকৃতি দিয়া হয়। ১৯৭৯ চনত ৰাষ্ট্ৰীয় জৈৱ মণ্ডলীয় সমিতিয়ে মানাহক জীৱ মণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰে।
উল্লেখনীয় প্রাকৃতিক সম্পদ আৰু নৈসর্গিক সৌন্দৰ্যৰ বাবে ১৯৮৫ চনত ইউনেস্কোৱে মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। মানাহ ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্রাণীৰ আশ্রয়স্থল। ইয়াত ২২টা বিপদাপন্ন বন্যপ্রাণী আছে। ১৯৯০ চনত মানাহক ৰাষ্ট্ৰীয়_উদ্যান হিচাপে ঘোষণা কৰা হয়। প্রকৃতি বিজ্ঞানীসকলৰ মতে পৃথিৱীত মানাহৰ দৰে বিবিধ বৈচিত্রৰ বন্যপ্রাণীৰে সমৃদ্ধ অৰণ্যৰ সংখ্যা সেৰেঙা।
ইয়াত পোৱা বিভিন্ন বন্যপ্ৰাণীৰ ভিতৰত আছে ঢেকীয়াপতীয়া বাঘ, দঁতাল হাতী, বনৰীয়া ম’হ, ভালুক, সোণালী বান্দৰ, মেথোন, দল হৰিণ, হিছপিড হেয়াৰ নামৰ এক দুষ্প্ৰাপ্য প্ৰজাতিৰ শহা, মাৰ্বল কেট, বনৰীয়া কুকুৰ, নল-গাহৰি, খাগৰি কটা পহু, কেট লেংগুৰ, শ্লথ বিয়েৰ, বিভিন্ন প্রজাতিৰ হাঁহ আৰু অন্যান্য জল আৰু স্থলচৰ চৰাই, বিভিন্ন প্ৰজাতিৰ সাপ আদি। পৃথিৱীৰ আন কোনো ঠাইতে নথকা স্তন্যপায়ী জন্তু সোণালী বান্দৰ, নলগাহৰি আৰু খাগৰি কটা পহু মানাহতে পোৱা যায়। প্রসিদ্ধ মানাহ নদীক কেন্দ্র কৰিয়েই গঢ়ি উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। অতি মনোমোহা ইয়াৰ নৈসর্গিক শোভাই পর্যটকক সততে আকর্ষণ কৰে ।
নামেৰী ৰাষ্ট্ৰীয় উদ্যান:
শোণিতপুৰ জিলাত অৱস্থিত অসমৰ এখন ৰাষ্ট্ৰীয়_উদ্যান হ’ল নামেৰী ৰাষ্ট্ৰীয়_উদ্যান। ইয়াৰ মাটিকালি ২১২ বর্গ কিলোমিটাৰ। প্রথম অৱস্থাত নামেৰী সংৰক্ষিত বনাঞ্চলহে আছিল। ১৮৭৮ চনৰ ১৭ নৱেম্বৰত ইয়াক নদুৱাৰ বনাঞ্চল বুলি ঘোষণা কৰা হয়। পাছত এই নদুৱাৰ বনাঞ্চলৰ পৰা ১৩৭ বৰ্গ কিলোমিটাৰ ফালি আনি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত নামেৰী অভয়াৰণ্য মুকলি কৰা হয়। পুনৰ বৰডিকৰাইলৈকে ৭৫ বর্গ কিলোমিটাৰ যোগেৰে মুঠ ২১২ বর্গ কিলোমিটাৰ সামৰি ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰীত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাৰম্ভিক ঘোষণা কৰা হয়। ১৯৯৮ চনৰ ৯ ছেপ্টেম্বৰত ইয়াৰ চুড়ান্ত ঘোষণা হয় আৰু ১৯৯৮ চনৰে ১৫ নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
নামেৰী বহু আপুৰুগীয়া, বিৰল আৰু বিলুপ্তপ্রায় প্রাণীৰ বিচৰণভূমি। ইয়াৰ ভিতৰত অন্যতম হ’ল দেওহাঁহ। নামেৰীৰ আন উল্লেখযোগ্য বন্যপ্রাণীসমূহ হ’ল- ধনেশ পক্ষী, মাটিয়া ভালুক, ক’লা ভালুক, বিভিন্ন প্ৰজাতিৰ পহু, বিভিন্ন জাতৰ শিলঘৰীয়া মাছ, পখিলা, টুপীমূৰীয়া বান্দৰ, হাতী আদি। শেহতীয়াকৈ এই ৰাষ্ট্ৰীয়_উদ্যানক ভাৰতৰ ‘ব্যাঘ্র প্রকল্প’ৰো অন্তর্ভুক্ত কৰা হৈছে।
ওৰাং বাষ্ট্ৰীয় উদ্যান:
ব্রহ্মপুত্ৰৰ উত্তৰ পাৰৰ অসমৰ এখন ৰাষ্ট্ৰীয়_উদ্যান হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ৭৮৮ বর্গকিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়। ১৯৯৯ চনৰ ১৩ এপ্ৰিলৰ দিনা এই অভয়াৰণ্যক ৰাষ্ট্ৰীয়_উদ্যানৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে । ইয়াত দেখা পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল- বাঘ, বন গাহৰি, খটীয়া পহু, হাতী, বনৰীয়া মেকুৰী, বিভিন্ন প্ৰজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্থলচৰ-জলচৰ চৰাই হৰিণা আদি। ইয়াৰ উপৰি ওৰাং বৃহৎ এশিঙীয়া গড়ৰো অন্যতম প্রাকৃতিক আৱাসভূমি।
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান:
অসমৰ আন এখন ৰাষ্ট্ৰীয়_উদ্যান হ’ল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয়_উদ্যান। ইয়াৰ মাটিকালি ৩৪০ বর্গ কিলোমিটাৰ। ১৯৮৬ চনত ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰূপে ঘোষণা কৰে। আনহাতে ১৯৯৯ চনৰ ৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে। দুষ্প্ৰাপ্য দেওহাঁহৰ প্ৰধান আৱাসভূমিৰূপে এই ৰাষ্ট্ৰীয়_উদ্যান স্বীকৃত। বিভিন্ন প্ৰজাতিৰ বান্দৰ, বিভিন্ন প্ৰজাতিৰ স্থলচৰ আৰু জলচৰ চৰাই, হৰিণা, বন গাহৰি, বাঘ, বিভিন্ন প্রজাতিৰ সাপ আদি এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ডিব্ৰু-চৈখোৱাই বিশ্বৰ একমাত্র বনাঞ্চল য’ত বনৰীয়া ঘোঁৰা পোৱা যায়। বর্তমানে এই ৰাষ্ট্ৰীয় উদ্যানখনত ২৩৮ টা বনৰীয়া ঘোঁৰা আছে।
সামৰণি:
এই ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ বাহিৰেও অসমত কেইবাখনো অভয়াৰণ্য আছে। এই বিলাক বিভিন্ন আপুৰুগীয়া বন্যপ্রাণীৰ বাসস্থান। বিভিন্ন প্রজাতিৰ আপুৰুগীয়া বন্যপ্রাণীৰ বাসস্থান হিচাপে অসম বিশ্ববিখ্যাত। উল্লেখযোগ্য ১৯৯৩ চনতে তামিলনাডুৰ কোইম্বাটুৰত হোৱা এক পক্ষী সংৰক্ষণ সন্মিলনত পাঁচবিধ ভাৰতৰ পক্ষীক পৃথিৱীৰ আপুৰুগীয়া পক্ষী (Birds of Global Importance) হিচাপে ঘোষণা কৰে। উল্লেখযোগ্য যে এই ৫ বিধ ভাৰতীয় পক্ষীৰ চাৰি বিধৰে অসমত বাসস্থান। এই কেইবিধ হ’ল দেওহাঁহ, হাড়গিলা, উলুম’ৰা আৰু ভেলা চৰাই। এই আপুৰুগীয়া বন্যপ্রাণীসমূহ সংৰক্ষণ কৰাটো প্ৰতিজন অসমবাসীৰ এক পৱিত্ৰ কৰ্ত্তব্য।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)