Nebular Hypothesis- বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস ||Part-02

Nebular Hypothesis

আজি আমি টিভিত দেখা পোৱা আৰু কিতাপত পঢ়া সৌৰজগতখন, ৪.৩ বিলিয়ন বছৰ আগতে মাত্ৰ এটুকুৰা ডাৱৰহে আছিল, য’ত বহুতো ধূলিৰ কণা আৰু গেছ আছিল। এনে ডাৱৰক Nebula বোলা হয়। আমি ইয়াত যি তত্ত্বৰ কথা কৈছো, সেই তত্ত্বক Nebular Hypothesis বুলি কোৱা হয়। যিটো Immanuel Kant এ 1750 ত প্ৰকাশ কৰিছিল।

Nebular Hypothesis

Hypothesis

হাইপ’থেছিছ মানে হ’ল এনেকুৱা কিবা এটা ধাৰণা যিয়ে কোনো বস্তু বা পৰিঘটনাৰ সংঘটনৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰে, কিন্তু তাক প্ৰমাণিত নকৰে। Immanuel ৰ কথাও একেধৰণৰ আছিল য’ত সৌৰজগত কেনেকৈ গঠন হৈছিল এই কথা বুজাই দিয়া হৈছে যদিও ইয়াৰ কোনো প্ৰমাণ দিয়া হোৱা নাই। 

নেবুলাৰ হাইপ’থেছিছত কোৱা ডাৱৰটুকুৰাক Solar nebula বোলা হয়। এই অনুমানত কোৱা হৈছিল যে ধূলি আৰু গেছৰে নিৰ্মিত এই ডাৱৰটুকুৰা অতি সৰু যদিও ঘন আছিল, অৰ্থাৎ অলপমান ঠাইতে বহুতো কণা একেলগে Pack হৈ আছিল। এই কণাবোৰ মাধ্যাকৰ্ষণৰ বাবে ইটোৱে সিটোৰ প্ৰতি আকৰ্ষিত হৈছিল। এই ডাৱৰৰ কেন্দ্ৰটোক আপুনি Black hole বুলি ভাবিব পাৰে। য’ত সকলো পদাৰ্থ আৰু কণা এনেদৰে বান্ধ খাই আছিল যে এটাক আনটোৰ পৰা পৃথক কৰাটো সম্ভৱ নাছিল। এই ডাৱৰটুকুৰা ঠিক বলৰ দৰে আছিল। যিটোৰ ভিতৰতে চাৰিওফালৰ সকলো পদাৰ্থ, ধূলিৰ কণা আৰু গেছ একত্ৰিত হৈ আছিল। ইয়াৰ কেন্দ্ৰত চাপ অতি বেছি হোৱা বাবে বাবে হাইড্ৰজেন গেছৰ অণুবোৰে বিক্ৰিয়া কৰিবলৈ বাধ্য হৈছিল।

পাৰমাণৱিক বোমা

Nebular Hypothesis

যদি আপুনি কেতিয়াবা পাৰমাণৱিক বোমাৰ বিষয়ে পঢ়িছে, তেন্তে আপুনি জানে যে ইয়াত দুবিধ বিক্ৰিয়া সংঘটিত হয়। এটা Nuclear fusion আৰু আনটো Nuclear fission, এই দুয়োটা বিক্ৰিয়াই ইমানেই তাপ আৰু শক্তি নিৰ্গত কৰে যে ই এক বৃহৎ অঞ্চল ধ্বংস কৰিব পাৰে। পৰমাণু বোমা আৰু হাইড্ৰজেন বোমাও একে ধৰণে তৈয়াৰ কৰা হয়। Solar nebula ৰ কেন্দ্ৰত যেতিয়া হাইড্ৰজেন অণুৰ মাজত বিক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া কেন্দ্ৰত তাপ শক্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। 

কিন্তু তাৰ পিছত কিবা এটা এনেকুৱা হ’ল যিয়ে এই ডাৱৰটুকুৰাক আৰু অধিক Compact অৰ্থাৎ সৰু কৰি তুলিলে। আচলতে এই ডাৱৰৰ ওচৰত এটা Dead Star আছিল। Dead Star হৈছে এনে এটা তৰা যাৰ জীৱনকাল সম্পূৰ্ণ হৈ মৃত্যুমুখত পৰিছে। আপুনি Supernova ৰ নাম শুনিছেনে? ছুপাৰ নোভা হৈছে এনে এটা মৃত তৰা যিয়ে মৃত্যুৰ সময়ত নিজৰ আভ্যন্তৰীণ শক্তিক অতিশয় বলেৰে উজ্জ্বল পোহৰৰ ৰূপত চাৰিওফালে উলিয়াই দিয়ে। আমাৰ Solar nebula ৰ ওচৰৰ মৃত তৰাটোও আছিল এক প্ৰকাৰৰ ছুপাৰ নোভা। এই তৰাটোৰ মৃত্যুৰ সময়ত ইয়াৰ পৰা অপৰিসীম শক্তি নিৰ্গত হৈছিল যিয়ে ওচৰৰ Solar nebula ত জোৰকৈ আঘাত কৰিছিল।

Nebular Hypothesis

সৌৰজগৰ গঠন

এই আঘাতৰ প্ৰভাৱ ইমানেই বেছি আছিল যে ই Solar nebula ক Compact Disk অৰ্থাৎ CD ৰ আকৃতিলৈ সলনি কৰি পেলালে। আমি এতিয়ালৈকে যিটো Solar nebula ক বলৰ আকৃতিৰ লগত তুলনা কৰি আছিলো, সেইটোৱেই এতিয়া CD ৰ আকৃতিলৈ পৰিণত হৈছিল। ইয়াৰ কেন্দ্ৰত এটা উষ্ণ আৰু ঘনীভূত তৰা বিকশিত হৈছিল, যাক আমি সূৰ্য্য বুলি কওঁ। Nebula ৰ CD আকৃতিৰ বাবে ইয়াত উপস্থিত থকা ধূলিৰ কণা, শিল আৰু গেছবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিছিল কাৰণ সূৰ্য্যৰ মহাকৰ্ষণ বল ইয়াৰ ওপৰত ক্ৰিয়া কৰি আছিল। আৰু সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকা এই ধূলিকণা, শিল আৰু গেছবোৰৰ পৰাই গ্ৰহবোৰৰ সৃষ্টি হৈছিল।

আপুনি জানে যে গধুৰ বস্তুবোৰ সদায় লঘু বস্তুৰ তলত থাকে। যেনে, এটা শিল আৰু এটুকুৰা কাঠ পানীত পেলালে শিলটো তললৈ ডুব যাব আৰু কাঠডাল ওপঙি উঠিব। একেদৰে চৰাইৰ পাখি আৰু বল এটা ওপৰলৈ দলিয়াই দিলে বলটো সোনকালে মাটিত পৰিব, কিন্তু পাখিটো বতাহত উৰি থাকিব। ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ দ্বাৰা গধুৰ বস্তুবোৰ নিজৰ ফালে টানি আনে।

কোনো বস্তু যিমানেই গধুৰ হ’ব সিমানেই মাধ্যাকৰ্ষণ বলৰ বাবে অধিক জোৰেৰে তললৈ সৰি পৰিব। এতিয়া যদি আমি সূৰ্য্যক সৌৰজগতৰ কেন্দ্ৰ হিচাপে গণ্য কৰোঁ, যাৰ মহাকৰ্ষণ শক্তি পৃথিৱীতকৈ প্ৰায় ২৮ গুণ বেছি, তেন্তে গধুৰ কণাবোৰ সূৰ্য্যৰ আটাইতকৈ ওচৰৰ স্থানলৈ গতি কৰিব, কাৰণ সূৰ্যৰ মাধ্যাকৰ্ষণ বলে অধিক জোৰেৰে সিহঁতক নিজৰ ফালে টানি নিব। একে সময়তে লঘু গেছবোৰ সূৰ্য্যৰ পৰা অলপ আঁতৰত ঘূৰিব, কাৰণ সূৰ্য্যৰ মহাকৰ্ষণ শক্তিয়ে এইবোৰক ইমান বলেৰে টানিব নোৱাৰে।

লাখ লাখ বছৰ ধৰি এই কণাবোৰ লগ হৈ একত্ৰিত হৈ থাকিল। এই প্ৰক্ৰিয়াৰ ফলত এই কণাবোৰ উল্কাপিণ্ডলৈ পৰিৱৰ্তিত হ’ল আৰু ক্ৰমান্বয়ে এই উল্কাপিণ্ডবোৰ ইটোৱে সিটোৰ লগত সংঘৰ্ষ কৰি গ্ৰহত পৰিণত হয়। এইখিনিতে মন কৰিবলগীয়া যে আমি ইয়াত সূৰ্য্যৰ আটাইতকৈ ওচৰৰ চাৰিটা গ্ৰহ– বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহৰ কথা কৈছো। উল্কাপিণ্ড আৰু ধূলিৰ কণিকাৰ সংঘৰ্ষৰ ফলত এই চাৰিটা গ্ৰহৰ সৃষ্টি হৈছিল। ইয়াৰ বাহিৰে বাকী গ্ৰহ যেনে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহকেইটা গেছৰ দ্বাৰা গঠিত।

Nebular Hypothesis

আমি আগতেই আপোনালোকক কৈছিলো যে গেছবোৰ, লঘু ওজনৰ বাবে সূৰ্য্যৰ পৰা আঁতৰত ঘূৰি থাকে। এই গেছবোৰৰ মিশ্ৰণৰ বাবেই বৃহস্পতি, শনি আৰু ইউৰেনাছৰ দৰে গ্ৰহৰ সৃষ্টি হৈছিল। এই সকলোবোৰ গ্ৰহৰ ভিতৰত যদি আমি পৃথিৱীৰ উদাহৰণ লওঁ, তেন্তে আমি জানিব পাৰো যে উল্কাপিণ্ডৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা পৃথিৱীখন ইমানেই গৰম আছিল যে সমগ্ৰ গ্ৰহটোত কেৱল উতলি থকা লাভাহে আছিল। সেই সময়ত পৃথিৱীৰ উষ্ণতা প্ৰায় দুহাজাৰ ডিগ্ৰী চেলছিয়াছ আছিল।

যদি আপোনাৰ জ্বৰ উঠে তেতিয়া শৰীৰৰ উষ্ণতা প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছ হয়, আৰু যদি ৪০ ডিগ্ৰী চেলছিয়াছ হয় তেন্তে ইয়াক বিপজ্জনক বুলি গণ্য কৰা হয়। একে সময়তে ১০০ ডিগ্ৰী চেলছিয়াছত পানী উতলিবলৈ আৰম্ভ কৰে। গতিকে, আপুনি ইয়াক ২০০০ ডিগ্ৰী চেলছিয়াছৰ সৈতে তুলনা কৰি ভাবিব পাৰে যে সেই উষ্ণতা কিমান বেছি হ’ব। সেই সময়ত গছ-গছনি, পানী, জীৱ-জন্তু আনকি অক্সিজেনো নাছিল। আছিল মাত্ৰ চাৰিওফালে উতলি থকা লাভা।

Nebular Hypothesis

এই অধ্যায়ত আমি জানিব পাৰিলোঁ যে আমাৰ সৌৰজগত, আমাৰ পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰ কেনেকৈ গঠিত হৈছিল। আমি এইটোও বুজি পালোঁ যে প্ৰথম অৱস্থাত পৃথিৱীত জীৱন সম্ভৱ নাছিল, কিন্তু আজি আমি পৃথিৱীত বাস কৰি আছো, অৰ্থাৎ এই লাখ লাখ বছৰত নিশ্চয় পৃথিৱীত বহু পৰিবৰ্তন ঘটিছিল যাৰ ফলত পৃথিৱীত জীৱন সম্ভৱ হৈ উঠিছিল। আমাৰ পৰৱৰ্তী অধ্যায়ত আমি লাখ লাখ বছৰ ধৰি পৃথিৱীত কি পৰিৱৰ্তন হৈছে আৰু পৃথিৱীত প্ৰথমে কেনেকৈ জীৱন আৰম্ভ হৈছিল এই বিষয়ত আলোচনা কৰিম।


(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top