Power of Solid State Drives: A Complete Guide in Assamese

Solid State Drives (SSD)

ডিজিটেল যুগত আমাৰ ডিভাইচসমূহৰ গতি আৰু কাৰ্যক্ষমতাই আমাৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কামৰ বাবেই হওক, বা গেমিংৰ বাবেই হওক বা ব্যক্তিগত ব্যৱহাৰৰ বাবেই হওক, সকলোৱেই এটা দ্ৰুত আৰু নিৰ্ভৰযোগ্য System বিচাৰে। কম্পিউটাৰৰ performance ত যথেষ্ট প্ৰভাৱ পেলোৱা এটা প্ৰধান Component হৈছে ইয়াৰ Storage drive। পৰম্পৰাগতভাৱে আমি Hard Disk Drives (HDD)ৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, কিন্তু প্ৰযুক্তিগত উন্নতিৰ লগে লগে Solid State Drives (SSD) এটা উন্নত বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।

Solid State Drives (SSD)

SSD সমূহে আমি ডাটা Store আৰু Access কৰাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, আকৰ্ষণীয় Speed আৰু performance প্ৰদান কৰিছে। এই ব্লগ পোষ্টটোৰ উদ্দেশ্য হৈছে SSD সমূহৰ আকৰ্ষণীয় জগতখন Explore কৰা, ই কি, ই কেনেকৈ কাম কৰে, আৰু ই আপোনাৰ কম্পিউটাৰ চিষ্টেমৰ বাবে কিয় এটা গেম-চেঞ্জাৰ হ’ব পাৰে সেই বিষয়ে ব্যাখ্যা কৰা। গতিকে, যদি আপুনি কেতিয়াবা Slow boot time বা Slow File Transfer ৰ বাবে হতাশ হৈছে, তেন্তে আপুনি বিচাৰি থকা সমাধান এটা SSD য়ে নো কেনেদৰে সমাধান কৰিব পাৰে এই বিষয়ে জানিবলৈ এই পোষ্টটো পঢ়ক।

Solid State Drives (SSD) কি?

Solid State Drives (SSD) এটা ধৰণৰ Storage drive যি তথ্য স্থায়ীভাৱে সংৰক্ষণ কৰিবলৈ integrated circuit assemblies ব্যৱহাৰ কৰে। পৰম্পৰাগত Hard Disk Drive (HDD) সমূহে ঘূৰ্ণনশীল Disk আৰু read/write head ব্যৱহাৰ কৰে, আনহাতে SSD সমূহৰ কোনো চলন্ত অংশ নাই। এই মৌলিক পাৰ্থক্যই SSD ক দ্ৰুত, Silent আৰু Physical shock ৰ প্ৰতি অধিক প্ৰতিৰোধী কৰি তোলে। ইহঁতে ডাটা NAND-ভিত্তিক ফ্লেচ মেম’ৰীত সংৰক্ষণ কৰে, যিয়ে Power অবিহনেও তথ্য ধৰি ৰাখিব পাৰে। HDD ৰ তুলনাত SSD সমূহ অধিক দ্ৰুত।

HDD সমূহ ৰেকৰ্ড প্লেয়াৰৰ দৰেই য’ত ঘূৰ্ণনশীল ডিস্কত Laser ৰ দ্বাৰা তথ্য পঢ়া হয়, যাৰ ফলত ই লেহেমীয়া আৰু বাহ্যিক আঘাতৰ ফলত ক্ষতিৰ সম্ভাৱনা থাকে। আনহাতে, SSD এটা ডিজিটেল spreadsheet ৰ সৈতে তুলনা কৰিব পাৰি য’ত ডাটা ড্ৰাইভত য’তেই নাথাকক কিয় তৎক্ষণাত Access কৰিব পাৰি। প্ৰযুক্তিৰ এই অগ্ৰগতিয়ে Speed আৰু Reliability বিচৰা বহু ব্যৱহাৰকাৰীৰ বাবে SSD সমূহক প্ৰথম পছন্দৰ কৰি তুলিছে।

SSD এ কেনেকৈ কাম কৰে?

SSD বোৰে কাম কৰাৰ ধৰণটো অতি আকৰ্ষণীয়। Solid State Drives (SSD) য়ে HDD ৰ স্পিনিং ডিস্ক আৰু moving read/write head সলনি NAND-আধাৰিত ফ্লেছ মেম’ৰী ব্যৱহাৰ কৰে। NAND-আধাৰিত ফ্লেছ মেম’ৰী হৈছে এক সম্পূৰ্ণ পৃথক প্ৰযুক্তি। এই প্ৰকাৰৰ মেম’ৰীক “‘non-volatile” বুলি কোৱা হয় কিয়নো ই Power Off হ’লেও ডাটা সংৰক্ষণ কৰে।

যেতিয়া আপুনি SSD-ত ডাটা Save কৰে, তেতিয়া ই columns আৰু rows ৰ গ্ৰিডৰ মাজেৰে বৈদ্যুতিক চাৰ্জ প্ৰেৰণ কৰে, যিয়ে ‘0’ বা ‘1’ প্ৰতিনিধিত্ব কৰিবলৈ Floating gate transistor ৰ অৱস্থান সলনি কৰে। এইধৰণৰ binary data ৰ সহায়তেই ফাইল আৰু প্ৰ’গ্ৰামবোৰ তৈয়াৰ কৰা হয়। যেতিয়া আপুনি এই ডাটা Access কৰিব বিচাৰে, তেতিয়া SSD ৰ নিয়ন্ত্ৰকে সংশ্লিষ্ট Cell ত চাৰ্জৰ স্থিতি read কৰে আৰু ডাটাৰ অৰ্থ বিচাৰি উলিয়ায়। এই প্ৰক্ৰিয়াটো অতি দ্ৰুত, যাৰ বাবে SSD বোৰ High performance ৰ বাবে জনাজাত। এইটোৱেই হৈছে মৌলিক প্ৰযুক্তি যিয়ে Solid State Drives (SSD)ক পৰম্পৰাগত HDD ৰ পৰা পৃথক কৰে।

SSD-ৰ প্ৰকাৰ

Solid State Drives (SSD) বিভিন্ন প্ৰকাৰত উপলব্ধ, প্ৰতিটোৰে ইয়াৰ নিজা বৈশিষ্ট আৰু ব্যৱহাৰ আছে। সচৰাচৰ পোৱা প্ৰকাৰবোৰ হৈছে SATA, NVMe আৰু PCIe । SATA SSD বা Serial ATA SSD পুৰণি System বোৰৰ সৈতে সিহঁতৰ affordability আৰু compatibility বাবে জনাজাত। এইবোৰ HDD তকৈ দ্ৰুত কিন্তু অন্যান্য SSD প্ৰকাৰতকৈ Slow.

Solid State Drives (SSD)

NVMe, বা Non-Volatile Memory Express, হৈছে এক নতুন আৰু দ্ৰুত প্ৰটোকল যাক বিশেষভাৱে SSD-ৰ বাবে ডিজাইন কৰা হৈছে। NVMe ড্ৰাইভবোৰ PCIe (Peripheral Component Interconnect Express) Slot ৰ জৰিয়তে কম্পিউটাৰৰ মাডাৰবোৰ্ডৰ সৈতে পোনপটীয়াকৈ সংযোগ হয়, যাৰ ফলত ডাটা স্থানান্তৰৰ গতি দ্ৰুত হয়। অৱশেষত, Speed আৰু Connection ৰ ক্ষেত্ৰত PCIe SSD, NVMe ড্ৰাইভৰ দৰে একে কিন্তু ডাটা স্থানান্তৰৰ বাবে ব্যৱহৃত প্ৰটোকলত পৃথক। SSD বাছনি কৰোঁতে এই প্ৰকাৰবোৰ বুজাটো গুৰুত্বপূৰ্ণ, কিয়নো ই আপোনাক আপোনাৰ প্ৰয়োজনীয়তা আৰু System compatibility ৰ সৈতে সঠিকভাৱে খাপ খোৱা ড্ৰাইভ এটা বিচাৰি উলিওৱাত সহায় কৰে।

Form factor ৰ ভিত্তিত SSD ৰ প্ৰকাৰ:

Form factor ৰ ভিত্তিত SSD সমূহ বিভিন্ন আকাৰত পোৱা যায়। যেনে- 2.5″ SATA, M.2, mSATA, U.2. SSD বাচনি কৰাৰ সময়ত, আপুনি প্ৰথমে জানিব লাগিব যে আপোনাৰ চিস্টেমত কোনটো ফৰ্ম ফেক্টৰ ফিট হয়। 

উদাহৰণস্বৰূপে, 2.5” হৈছে আটাইতকৈ সাধাৰণ ধৰণৰ SSD আৰু ই বেছিভাগ লেপটপ বা ডেস্কটপ কম্পিউটাৰত ফিট হয়। ইয়াৰ আকৃতি এটা পৰম্পৰাগত Hard Disk Drives (HDD) ৰ সৈতে একে আৰু SATA কেবুলসমূহৰ যোগেদিয়েই ইয়াক সংযোগ কৰা হয়।

আন এটা ফৰ্ম ফেক্টৰ হ’ল, M.2, যি Slim লেপটপ আৰু নোটবুকৰ বাবে Standard Storage type লৈ পৰিণত হৈছে। ইয়াক বেছিভাগ ক্ষেত্ৰতে motherboard তে ইনষ্টল কৰা হয়। বিভিন্ন SSD Drive Capacity বাবে ই বিভিন্ন দৈৰ্ঘ্যত উপলব্ধ। ড্ৰাইভ যিমানেই দীঘল হ’ব সিমানেই ইয়াত অধিক NAND ফ্লেচ চিপ মাউণ্ট কৰিব পাৰি, যাৰ ফলত ই অধিক Capacity ড্ৰাইভলৈ পৰিবৰ্তন হয়।

Solid State Drives (SSD)

mSATA, বা mini-SATA, মূলতঃ সম্পূৰ্ণ আকাৰৰ SATA SSD ৰ এটা সৰু সংস্কৰণ। ইয়াত M.2 ৰ দৰে কমপেক্ট ফৰ্ম ফ্যাক্টৰ ব্যৱহাৰ কৰা হয়। M.2 ড্ৰাইভসমূহে SATA আৰু PCIe interface দুয়োটাই Support কৰে, য’ত mSATA এ কেৱল SATA হে Support কৰে। এই ফৰ্ম ফ্যাক্টৰটো Small size System ৰ বাবে ডিজাইন কৰা হৈছে য’ত স্থান সীমিত।

Solid State Drives (SSD)

U.2 হ’ল দেখাত 2.5″ ড্ৰাইভৰ দৰে কিন্তু অলপ ডাঠ। ই PCIe interface ৰ যোগেদি তথ্য প্ৰেৰণ কৰিবলৈ এটা বেলেগ connector ব্যৱহাৰ কৰে। U.2 SSD প্ৰযুক্তি সাধাৰণতে High-end workstation, চাৰ্ভাৰসমূহ, আৰু এণ্টাৰপ্ৰাইজ এপ্লিকেচনসমূহতহে ব্যৱহাৰ কৰা হয় য’ত অধিক storage Capacity ৰ প্ৰয়োজন হয়। 

Solid State Drives (SSD)

সঠিক SSD কেনেকৈ বাছি লব?

সঠিক Solid State Drives (SSD) বাছনি কৰাৰ সময়ত বহুতো কথা বিবেচনা কৰিব লাগে। প্ৰথমে, আপুনি প্ৰয়োজনীয় storage capacity বিবেচনা কৰক। Solid State Drives (SSD) সমূহ বিভিন্ন আকাৰত আহে, যেনে- 120GB ৰ পৰা 4TB বা তাতকৈ অধিক। সঠিক আকাৰ আপোনাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে – যদি আপুনি এজন গেমাৰ বা এজন professional যিয়ে ডাঙৰ ফাইলসমূহৰ সৈতে কাম কৰে, তেন্তে এখন ডাঙৰ SSD আপোনাৰ বাবে উপকাৰী হ’ব পাৰে।

দ্বিতীয়তে, SSD ৰ Speed বিবেচনা কৰক। সকলো Solid State Drives (SSD) দ্ৰুত যদিও কিছুমান SSD আন SSD তকৈ দ্ৰুত। উদাহৰণস্বৰূপ, NVMe SSD, SATA SSD তকৈ দ্ৰুত। তৃতীয়তে, আপোনাৰ বাজেটৰ কথা বিবেচনা কৰক। যদিও Solid State Drives (SSD) সমূহ অধিক সুলভ হৈ পৰিছে, তথাপিও HDD তকৈ ই অধিক ব্যয়বহুল। শেষত SSD ৰ ব্ৰেণ্ডটো বিবেচনা কৰক। কিছুমান ব্ৰেণ্ড reliability আৰু customer service ৰ বাবে জনাজাত। সিদ্ধান্ত লোৱাৰ আগতে reviews আৰু rating ৰ দিশটোও বিবেচনা কৰক। মনত ৰাখিব, সঠিক SSD এ আপোনাৰ কম্পিউটাৰৰ Performance যথেষ্ট উন্নত কৰিব পাৰে, গতিকে সকলো দিশ চালি-জাৰি ছাইহে SSD এখন বাচনি কৰক।

সামৰণি

সামৰণিত ক’ব পাৰি যে Solid State Drives (SSD) storage technology ৰ বাবে এটা গুৰুত্বপূৰ্ণ অৱদান। ইহঁতে পৰম্পৰাগত Hard Disk Drives (HDD) সমূহতকৈ কেইবাটাও সুবিধা প্ৰদান কৰে, যেনে- faster boot times, Fast file transfers, durability আৰু energy efficiency। Solid State Drives (SSD) বোৰ বিভিন্ন পৰিসৰৰ ব্যৱহাৰকাৰীৰ বাবে এটা ভাল বিকল্প কিয়নো SSD সমূহ বিভিন্ন ধৰণৰ আছে যি বিভিন্ন বাজেটৰ সৈতে খাপ খায়।

SSD কেনেকৈ কাম কৰে আৰু ইয়াক কেনেকৈ সঠিকভাৱে বাচনি কৰিব লাগে এইবিষয়ে জানিব পাৰিলে আপোনাৰ computer experience বহু পৰিমাণে উন্নত হব। আপুনি Faster Load Time বিচৰা এজন গেমাৰেই হওক, বা বৃহৎ ফাইলসমূহৰ সৈতে কাম কৰা এজন professional হওক, বা অধিক reliable storage solution বিচৰা কোনো ব্যক্তিয়েই হওক, এখন সঠিক SSD য়ে আপোনাৰ সমস্যা বহুখিনি সমাধান কৰিব পাৰে। মনত ৰাখিব যে SSD ৰ ওপৰত আজি কৰা initial investment য়ে আপোনাক অনাগত দিনত Fast Speed আৰু Performance ৰ ৰূপত ইয়াৰ ফল দিব। গতিকে, আপোনাৰ পুৰণা HDD খন SSD লৈ সলনি কৰাৰ কথা চিন্তা কৰক আৰু চাওক ই কি পাৰ্থক্য আনে।

কেইখনমান best SATA SSD

কেইখনমান best NVMe SSD

(আশা কৰোঁ আপুনি প্ৰবন্ধটো পঢ়ি ভাল পাইছে। যদি আপুনি প্ৰবন্ধটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  প্ৰবন্ধটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top