Ransomware কি আৰু ই কেনেদৰে ক্ষতিসাধন কৰিব পাৰে?

Ransomware

“Ransomware” এনে এটা নাম যিয়ে আজি শংকিত কৰি ৰাখিছে ইণ্টাৰনেটৰ জগতখনক। টেলিভিছন, কাকত বা Social মাধ্যমত আপুনিও হয়তো শুনিছে এই Ransomware ৰ নাম। এই Ransomware নো কি, ই কেনেদৰে ক্ষতি কৰে আহকচোন ইয়াৰ বিষয়ে আমি বিতংকৈ জানো।

Ransomware হ’ল এক ধৰণৰ Malware, যিয়ে আপোনাৰ কম্পিউটাৰত প্ৰৱেশ কৰি আপোনাৰ কম্পিউটাৰৰ সম্পূৰ্ণ ডাটা Encrypt কৰি দিব পাৰে। সহজ ভাষাত কবলৈ গ’লে Lock কৰি দিয়ে আৰু এই প্ৰক্ৰিয়াটো আপুনি নজনাকৈয়ে আপোনাৰ কম্পিউটাৰৰ বেকগ্ৰাউণ্ডত চলি থাকে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত কম্পিউটাৰ ব্যৱহাৰকাৰীজনে ডাটা খিনি Lock হৈ যোৱা বাবে Access কৰিব নোৱাৰা হয়। যি হেকাৰে এই কামটো কৰে তেওঁ এই তথ্যখিনি Unlock কৰিবলৈ উক্ত কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ পৰা টকা নাইবা অন্য কোনো বস্তুৰ ডিমাণ্ড কৰে। উক্ত Encrypted data খিনি এটা মাত্ৰ বিশেষ Key ৰ দ্বাৰাহে Unlock কৰা সম্ভৱ যিটো হেকাৰ জনৰ তাত উপলব্ধ থাকে। সহজ ভাষাত এইখিনিয়েই হ’ল Ransomware ৰ কাম।

Ransomware

সাধাৰণ ব্যবহাৰকাৰীৰ বাবে Ransomware Attack বৰ বেছি গুৰুত্বপূৰ্ণ নহয় কিন্তু ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান নাইবা কোনো সংস্থাৰ কোনো গোপনীয় তথ্য আদি থকা কম্পিউটাৰৰ ওপৰত Ransomware attack য়ে বহু ক্ষতি সাধন কৰিব পাৰে। বৰ্তমান সময়ত Ransomware attack বাঢ়ি আহিব ধৰিছে যিটো তথ্য সংৰক্ষণ ব্যৱস্থাৰ বাবে এটা সংশনীয় বিষয়।

Ransomware ৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি

ৰেনছমৱেৰ মাত্ৰ অনলাইন প্লেটফৰ্মত কাম কৰে সেয়েহে ইয়াৰ পৰা আঁতৰি থাকিবলৈ এখন External Hard-Drive থকাটো অতিকৈ প্ৰয়োজন য’ত আপুনি কম্পিউটাৰত থকা Data খিনিৰ Backup ৰাখিব পাৰে। এই Hard drive খন আপুনি তেতিয়াহে ব্যৱহাৰ কৰক যেতিয়া আপুনি Data খিনি Backup কৰে নাইবা Access কৰে। আন সময়ত Hard-Drive খন কম্পিউটাৰৰ পৰা আঁতৰাই ৰাখক কাৰণ যদি কেতিয়াবা আপোনাৰ কম্পিউটাৰত ৰেনছমৱেৰ Attack হয় তেতিয়া আপোনাৰ Data খিনিৰ প্ৰতিলিপি এটা Portable Hard-Drive খনত সংৰক্ষিত হৈ থাকিব।

Ransomware

অধিক বিশ্বাসযোগ্যতাৰ বাবে আপুনি Paid Antivirus install কৰিব পাৰে যিয়ে আপোনাৰ Data সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। (Free Antivirus install কৰাৰ পৰা বিৰত থকাই ভাল কিয়নো এনেধৰণৰ Free Antivirus ৰ পৰা কোনোধৰণৰ সুফল পোৱা নাযায় বৰঞ্চ ই System টো Slow হে কৰে)

সকলো ধৰণৰ Software ৰ শেহতীয়া সংস্কৰণ (Version) ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক লগতে Windows Operating system সময়ে সময়ে Update কৰাৰ লগতে আপুনি Windows ৰ Autoplay option টো disable কৰি ৰাখক।

ইয়াক কেনেদৰে চিনাক্ত কৰিব পাৰি

সাধাৰণতে কোনো ধৰনৰ ই-মেইলত অহা .exe attachment ডাউনলোড কৰিব নালাগে যেতিয়ালৈকে সেই ই-মেইলটোৰ বিষয়ে সম্পূৰ্ণৰূপে জনা নাজায়। সাধাৰণতে বেছিভাগে Ransomware attack ই-মেইলৰ যোগেদি হয়। বেছিভাগ সময়ত দেখিবলৈ পোৱা গৈছে যে Ransomware malware ত দুটা extension সংযুক্ত হৈ থাকে। যেন .doc.exe, .mp4.exe আদি। এনেধৰণৰ File ডাউনলোড কৰাৰ পৰা আঁতৰি থাকক।

যদি আপুনি Online কাম কৰি থকা সময়ত ৰেনছমৱেৰ attack হোৱা বুলি অনুভৱ কৰে তেতিয়া সকলো ধৰনৰ নেটৱৰ্ক সংযোগ Disable কৰি দিয়ক। কিয়নো যিকোনো ধৰনৰ Online Encryption চলি থাকিবলৈ কিছু সময় লাগে। নেটৱৰ্ক সংযোগ disable কৰি দিয়াৰ ফলত ইয়াৰ Encryption Process বন্ধ হৈ যাব।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top