অসমীয়া কথাছবি-assamese film

অসমীয়া কথাছবি-assamese film

ভূমিকা:

কথাছবিৰ ইতিহাস বৰ দীঘলীয়া নহয়। এটা শতিকাৰ আগতেহে আৰম্ভ হৈছিল এই আধুনিকতম শিল্প মাধ্যম। বিশ্বৰ কথাছবিৰ ইতিহাসলৈ অসমীয়া কথাছবিৰ (Assamese Film) ইতিহাস মাত্ৰ কেইটামান দশকৰহে পিছৰ। যদিও অসমীয়া কথাছবিয়ে উদ্যোগ হিচাপে আজিও সম্পূৰ্ণকৈ গঢ় লব পৰা নাই তথাপি অসমীয়া কথাছবিৰ এক গৰিমামণ্ডিত ইতিহাস আৰু বর্তমান আছে।

অসমীয়া কথাছবি-assamese film

অসমীয়া কথাছবি-assamese film

ভাৰতত সবাক ছবি ‘আলম আৰা’ ১৯৩১ চনত মুক্তি লাভ কৰাৰ পাছতেই ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া কথাছবি ‘জয়মতী’ সবাক ৰূপত নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰৰ জোনাকী বাট মুকলি কৰে। জাৰ্মানীত চলচ্চিত্ৰৰ বিষয়ে প্রশিক্ষণ লৈ আহি অশেষ কষ্টেৰে তেওঁ ‘জয়মতী’ নিৰ্মাণ কৰে। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে জ্যোতিপ্ৰসাদৰ হাতত অসমীয়া কথাছবিয়ে উপজিয়েই আধুনিক ৰূপ পৰিগ্ৰহ কৰে।

অসমীয়া কথাছবি-assamese film

‘জয়মতী’য়ে আৰম্ভ কৰা বাটেৰে আজিও কথাছবি অত্যাধুনিক সা-সুবিধাৰে অসমত নিৰ্মিত হৈ আছে। অব্যাহত আছে জ্যোতিপ্ৰসাদৰ আধুনিক মনস্কতাৰ অনুসৰণ। স্বাধীনতাৰ আগৰ সময়ছোৱাত অসমীয়া ছবিৰ ভেটি স্থাপন হৈ পৰৱৰ্তী কালত ই বিকাশ লাভ কৰে। ‘জয়মতী’ৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আর্থিক লোকচানৰহে মুখামুখি হ’ব লগা হয়।

কিন্তু তাৰ কেইবছৰমানৰ পাছতে ১৯৩৯ চনত তেওঁ নিৰ্মাণ কৰি উলিয়ালে দ্বিতীয়খন অসমীয়া ছবি ‘ইন্দ্ৰমালতী’। অতি কম খৰচতে কৰা ‘ইন্দ্ৰমালতী’ প্রথমখন অসমীয়া সামাজিক কথাছবি। ইয়াৰ পাছত ১৯৪১ চনত ‘মনোমতী’ আৰু ‘ৰূপহী’, ১৯৪৭ চনত ‘বদন বৰফুকন’ নির্মিত হয়। কেউখন ছবিয়ে আর্থিক দিশত লাভ কৰিব নোৱাৰিলে যদিও অসমীয়া কথাছবিৰ ভেটিটো সবল কৰিবলৈ সক্ষম হ’ল।

অসমীয়া কথাছবি-assamese film

এই ভেটিৰ আধাৰতে স্বাধীনতাৰ পাছত ১৯৪৮ চনত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰা ‘চিৰাজ’ কথাছবিয়ে নতুন বতৰা কঢ়িয়াই আনিলে। ইয়াৰ পাছতে লক্ষ্যধৰ চৌধুৰীৰ ‘নিমিলা অংক’, ফণী শৰ্মাৰ ‘পিয়লি ফুকন’; নিপ বৰুৱাৰ ‘স্মৃতিৰ পৰশ’, ‘মাক আৰু মৰম, ‘ৰঙা পুলিচ’; ডঃ ভূপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’ আদিয়ে অসমীয়া কথাছবিক অন্য মাত্ৰা প্ৰদান কৰে।

‘পিয়লি ফুকন’ কথাছবিয়ে ১৯৫৫ চনত আৰু ‘মাক আৰু মৰম’ কথাছবিয়ে ১৯৫৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত ‘চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰি অসমীয়া কথাছবিৰ মান বৃদ্ধি কৰে। ‘পিয়লি ফুকন’ ছবিৰ সংগীত পৰিচালনাৰে প্রতিষ্ঠা লাভ কৰা ডঃ ভূপেন হাজৰিকাই ১৯৫৬ চনত ‘এৰাবাটৰ সুৰ’ কথাছবি পৰিচালনা কৰে। কথাছবিৰ সংগীত আৰু পৰিচালনাৰ দিশত ডঃ ভূপেন হাজৰিকাই নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তীকালত তেওঁ আন ভালেকেইখন ছবি নিৰ্মাণ-পৰিচালনা কৰাৰ উপৰিও বহু সংখ্যকৰ সংগীত পৰিচালনা কৰে। তেওঁৰ কথাছবিলৈ থকা অৱদানৰ বাবে ১৯৯২ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে’ বঁটা প্ৰদান কৰা হয়।

সোণালী যুগ:

১৯৫৬ চনৰ পৰা ১৯৬৯ চনলৈ এই সময়ছোৱাক অসমীয়া কথাছবিৰ সোণালী যুগ বুলিব পাৰি। এই সময়ছোৱাত মুঠ ২৫খন কথাছবি নিৰ্মাণ হয় আৰু তাৰে ৯ খনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এইছোৱা সময়তে অসমীয়া কথাছবিয়ে আধুনিক ৰূপ লাভ কৰি চিত্ৰনাট্য, কলা-নির্দেশনা, পৰিচালনা, কাৰিকৰী আদি সকলো দিশতে বিকাশ লাভ কৰিবলৈ সক্ষম হয়। সত্তৰ দশকত ১৯৭২ চনত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ নির্মাণ হয়।

পদুম বৰুৱা, ডঃ ভবেন্দ্ৰনাথ শইকীয়া, পুলক গগৈ, সমৰেন্দ্ৰ নাৰায়ণ দেৱ আদিয়ে এই সময়ছোৱাতে আত্মপ্ৰকাশ কৰে। মুঠ সাতখন কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে এই দশকটোতে। পৰৱৰ্তীকালত অসমীয়া ভালেমান ছবিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হয়। জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিয়ে ১৯৮৭ চনত বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰূপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

জাহ্নু বৰুৱা বর্তমান অসম নহয় ভাৰতৰ এগৰাকী প্ৰতিভাশালী আগশাৰীৰ পৰিচালক। জাহ্নু বৰুৱাই ভালেকেইখন অসমীয়াৰ উপৰিও কেইবাখনো হিন্দী জনপ্রিয় ছবি পৰিচালনা কৰিছে। ডঃ ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, পুলক গগৈ, সঞ্জীৱ হাজৰিকা, শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, তৰালী শৰ্মা, মঞ্জু বৰা আদিৰ উপৰি আন ভালেমান কলা-কুশলীয়ে ৰাষ্ট্ৰীয় তথা আন আন সন্মান কঢ়িয়াই আনিছে। যোৱা শতিকাৰ শেষৰ দশকত অসমীয়া বিনোদনধৰ্মী ছবিয়ে চর্চা লাভ কৰে যদিও চলিত দশকত অসমীয়া ছবিয়ে দুখজনক অৱস্থাত ভূগিবলগীয়া হৈছে। ভালেমান চিত্ৰগৃহ ইতিমধ্যে কর্তৃপক্ষই বন্ধ কৰি দিবলগীয়া হৈছে।

সামৰণি:

টেলিভিছন, চি ডি আদিয়ে মানুহৰ বিনোদন তথা কলা উপভোগৰ স্থান দখল কৰাৰ লগে লগে ছবিৰ ওপৰত প্ৰভাৱ পৰাটো স্বাভাৱিক। কিন্তু বিপৰ্যয়ৰ মাজতো বিভিন্ন বিষয় লৈ অসমীয়া ছবি নিৰ্মিত হৈ আছে আৰু হৈ থাকিব। হাজাৰ বাধা-বিঘিনিৰ মাজতো দীর্ঘকালীন কথাছবিৰ ধাৰা-পৰম্পৰা অব্যাহত ৰাখিবলৈ হ’লে কথাছবিৰ লগত জড়িতসকলৰ লগতে জনসাধাৰণ আৰু চৰকাৰে বিশেষ উদ্যোগ লোৱাৰ প্ৰয়োজনীয়তা বর্তমান আহি পৰিছে।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “অসমীয়া কথাছবি-assamese film” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top